ঊনবিংশ শতিকাঃ অসমৰ অৰ্থনৈতিক ব্যৱস্থাৰ বিবৰ্তন

শৈলেন বৰকটকী

প্ৰাক্-ঔপনিৱেশিক যুগ

আহোম শাসন ব্যৱস্থাৰ মূল কাঠামোটোৱেই আছিল পাইক ব্যৱস্থা। প্ৰথমাৱস্থাত প্ৰতি চাৰিগৰাকী (পিছলৈ তিনিগৰাকী) বয়স্ক মুনিহ ব্যক্তিক লৈ একগোট পাইক হৈছিল। প্ৰতিজন পাইকে খেতি কৰিবলৈ দুপুৰাকৈ মাটি পাইছিল আৰু তাৰ বিনিময়ত তেওঁলোকে ৰজা বা ডা-ডাঙৰীয়াৰ ঘৰত বাধ্যতামূলক শ্ৰমদান কৰিব লাগিছিল। কিন্তু পাইকসকলে যি দুপুৰা মাটি পাইছিল সি বংশানুক্ৰমিকভাৱে উত্তৰাধিকাৰী নাছিল। কাৰণ, মাটিৰ সাৰ্বভৌম অধিকাৰী আছিল ৰজা বা স্বৰ্গদেউসকল। কোনো কাৰণত পাইকজনৰ মৃত্যু হ’লে সেই মাটি যি খেলত তেওঁ অন্তৰ্ভুক্ত আছিল সেই খেলৰ হাতলৈ গুছি গৈছিল আৰু খেলে তেনে মাটি আন পাইকক খেতি কৰিবলৈ দিছিল। মাটি যেনেকৈ ৰজাৰ সম্পত্তি আছিল তেনেকৈ পাইকবিলাকো ৰজাৰ সম্পত্তি হৈ পৰিছিল।

   আহোম প্ৰশাসনত চমুৱা বা ৰাজবিষয়াসকলক দৰ্মহা বা নগদ ধনৰ পৰিৱৰ্তে বিশাল এলেকাৰ ভূমিদান কৰা হৈছিল৷ এইবিলাকক খাত বা বিলাত বোলা হৈছিল৷ আহোম প্ৰশাসনৰ পৰা তেনে বিলাত লাভ কৰা বিষয়াসকল আছিলঃ বুঢ়াগোহাঁই, বৰগোহাঁই, বৰপাত্ৰগোহাঁই, সলাল গোহাঁই, দৰঙী ৰজা, বৰফুকন, মৰঙিখোৱা গোহাঁই, বৰবৰুৱা, চাৰিঙীয়া ৰজা, টিপমীয়া ৰজা, নামৰূপীয়া ৰজা, সদিয়াখোৱা গোহাঁই, বৰসেনাপতি আদি৷ এই খেতি-পামবিলাকৰ ওপৰত ৰাজবিষয়াসকলৰ পূৰ্ণ ক্ষমতা আছিল আৰু তেওঁলোকৰ বাবে নিৰ্ধাৰিত পাইকৰ দ্বাৰা এইবিলাকত খেতি-বাতি কৰাই ল’ব পাৰিছিল৷

খাজনাৰ ওপৰত ভিত্তি কৰি আহোম প্ৰশাসনে মাটিক লাখেৰাজ, নিষ্পিখেৰাজ ৰূপত বিভক্ত কৰিছিল৷ কৰবিহীন মাটিক লাখেৰাজ মাটি বোলা হৈছিল৷ সেই মাটি ৰজাই ব্ৰাহ্মণ-পুৰোহিত বা ধৰ্মগুৰুসকলক আৰু মঠ-মন্দিৰৰ নামত দান দিছিল৷আনহাতে কোঁচ ৰাজ্যত চাৰিজন পাইকেৰে ‘এপোৱা’ হৈছিল আৰু সৈন্যদলক নগদ ধন দিয়াৰ পৰিৱৰ্তে তিনিপুৰা অৰ্থাৎ বাৰবিঘা কৰবিহীন মাটি ভোগ কৰিবলৈ দিয়া হৈছিল। অৱশ্যে কামৰূপখন কিছু বছৰলৈ মোগলৰ অধীনলৈ অহাৰ পিছত মোগলৰ ভূমি বন্দোৱস্তি কামৰূপতো প্ৰয়োগ কৰা হৈছিল। দিল্লীৰ চুলতান জাহাঙ্গীৰে অসমৰ ৰাজহ সংগ্ৰাহক হিচাপে পঠিওৱা শ্বেইখ ইব্ৰাহিমে কামৰূপত মোগলৰ চৰকাৰ আৰু পৰগণা প্ৰথা প্ৰবৰ্তন কৰিছিল।

পাইক ব্যৱস্থাই আহোম আৰু কোঁচ সামন্ততন্ত্ৰত গঢ়ি তুলিছিল সুশৃংখলিত বাধ্যতামূলক শ্ৰম শোষণ। ৰাষ্ট্ৰই যিমানেই ভূমিদান কৰি ৰাজবিষয়া আৰু ধৰ্মাধিকাৰীসকলৰ ক্ষমতা আৰু ধনসম্পদ বৃদ্ধি কৰিছিল সিমানেই মাত্ৰ দুপুৰা মাটিৰেই জীৱন নিৰ্বাহ কৰা সাধাৰণ প্ৰজা বা পাইকৰ অৱস্থা কাহিল হৈ পৰিছিল। ৰাষ্ট্ৰৰ সম্পত্তি হোৱা বাবে পাইকসকল এফালে যেনেকৈ ভূমিদাস হৈ পৰিছিল ঠিক তেনেকৈ সৈনিক হিচাপেও দেশৰ বাবে প্ৰাণ দিব লাগিছিল। তেওঁলোকৰ এই শ্ৰম আৰু ত্যাগ আছিল বাধ্যতামূলক। ৰাষ্ট্ৰই আৰু ধৰ্মাধিকাৰীসকলে তেওঁলোকৰ স্বাধীনতা বলপূৰ্বকভাৱে হৰণ কৰিছিল।

পিছলৈ আহোম সামন্ততন্ত্ৰত সৃষ্টি হোৱা নানা আভ্যন্তৰীণ দ্বন্দ্বৰ ফলত সুশৃংখলিত পাইক ব্যৱস্থা ভাঙি পৰিছিল৷ অষ্টাদশ শতিকাৰ শেষ ভাগৰ পৰা ঊনবিংশ শতিকাৰ প্ৰাৰম্ভিক কাললৈকে আহোম সামন্ততন্ত্ৰৰ অৰ্থনীতি অত্যন্ত দুৰ্বল হৈ পৰিছিল। স্বৰ্গদেউ গৌৰীনাথ সিংহ (খ্ৰীঃ১৭৮০-১৭৯৪), কমলেশ্বৰ সিংহ (খ্ৰীঃ১৭৯৫-১৮১১) আৰু চন্দ্ৰকান্ত সিংহৰ (খ্ৰীঃ১৮১১-১৮১৮) দিনত দেশৰ আৰ্থ-ৰাজনৈতিক ব্যৱস্থা একেবাৰে ভাঙি পৰিছিল। ৰাষ্ট্ৰই যিমানেই নিষ্কৰ ভূমিদান বেছিকৈ কৰিবলৈ লৈছিল সিমানেই ৰাজকোষলৈ আহিবলগীয়া ৰাজহৰ পৰিমাণ কমি আহিবলৈ ধৰিছিল আৰু কেন্দ্ৰীয় শাসনৰো জোৰদাৰ কমি আহিছিল। ৰাজ অনুদান হিচাপে পোৱা শ শ বিঘা মাটিত দান গ্ৰহীতাৱে কিন্তু ব্যৱসায়িক ভিত্তিত খেতি কৰিবলৈ যত্ন কৰা নাছিল। ভূমিদানৰ ফলত সম্পদশালী আৰু ক্ষমতাশালী হৈ পৰা সামন্ত শ্ৰেণীটোৱে এটা সময়ত ৰাজশক্তিৰ প্ৰধান প্ৰতিদ্বন্দ্বী হৈ পৰিছিল আৰু অৱশেষত সামন্ততন্ত্ৰৰ ভেঁটি থৰক-বৰক কৰি তুলিছিল৷ ভূমিদানৰ যোগেদি ৰজাই ৰাজবিষয়া আৰু ধৰ্মগুৰুসকলক সন্তুষ্ট কৰি নিজৰ ফলীয়া কৰি ৰাখিবলৈ আৰু সামন্ততন্ত্ৰৰ ভেঁটি সবল কৰিবলৈ যত্ন কৰিলেও ইতিহাসৰ নিয়মানুযায়ী সামন্তবাদৰ ধ্বংসৰ বীজ তাতেই নিহিত আছিল৷

আহোম ৰাষ্ট্ৰযন্ত্ৰই পাইক প্ৰথাৰ যোগেদি কৰা তীব্ৰ শ্ৰম শোষণৰ ভয়ানক পৰিণতিয়েই আছিল আহোম ৰাজতন্ত্ৰৰ ভেঁটি কঁপাই দিয়া মোৱামৰীয়া গণ-অভ্যুত্থান৷ নিঃসন্দেহে এই গণবিপ্লৱ আছিল শ্ৰেণীসংগ্ৰামৰেই নামান্তৰ৷ ধৰ্মীয় অনুভূতিয়ে এই বিপ্লৱত অনুঘটকৰ দৰে কাম কৰিছিল৷ এই সন্দৰ্ভত ড° অমলেন্দু গুহই লিখিছে : “মোৱামৰীয়া বিদ্ৰোহ আছিল প্ৰথমবিধৰ শ্ৰেণীসংগ্ৰাম, ধৰ্মৰ ধ্বজা হাতত লৈ অনুষ্ঠিত শ্ৰেণীসংগ্ৰাম৷ ই ধৰ্মীয় প্ৰতিক্ৰিয়ামাত্ৰ নাছিল৷ আটাইবোৰ বিদ্ৰোহী মোৱামৰা সত্ৰৰ অনুগামীও নাছিল৷ দেখিছিল ধৰ্ম আৰু অধৰ্মৰ ৰণ হিচাপে৷”

আহোম ৰাজতন্ত্ৰৰ বাধ্যতামূলক শ্ৰমদান নীতিত জুৰুলা হৈ কৃষকসকলে পাইক লুকুৱাবলৈ বাধ্য হৈছিল৷ বহুতে এই শ্ৰমশোষণৰ পৰা ৰক্ষা পাবলৈ বিভিন্ন সত্ৰত শিষ্যত্ব গ্ৰহণ কৰিছিল৷ ফলত দেশৰ হকে গা-খাটি দিবলৈ মানুহ নোহোৱা হৈছিল৷ লাহে লাহে ৰাজতন্ত্ৰ আৰু বৈষ্ণৱী সত্ৰসমূহৰ মাজত সংঘাত বাঢ়ি আহিছিল আৰু অৱশেষত ৰাজতন্ত্ৰই সেই সত্ৰসমূহৰ ওপৰত নিৰ্যাতন চলাবলৈ আৰম্ভ কৰিছিল৷ লক্ষ্য কৰিবলগীয়া যে আহোম ৰাজতন্ত্ৰৰ শেষলৈকে কৃষি-ব্যৱস্থাৰ আমূল পৰিৱৰ্তন ঘটা নাছিল৷ অৰ্থাৎ উৎপাদন পদ্ধতিৰ বিশেষ উন্নতি ঘটা নাছিল৷ বেপাৰ-বাণিজ্যও ব্যাপক ৰূপত বিস্তাৰ ঘটা নাছিল৷ ইয়াৰ অন্যতম প্ৰধান কাৰণ আছিল কঠোৰ পাইক ব্যৱস্থা৷ বাধ্যতামূলক শ্ৰমদান কৰিবলগীয়া হোৱা বাবে সাধাৰণ কাঁড়ী-পাইকে বেপাৰ-বাণিজ্য কৰিবলৈ সুযোগ পোৱা নাছিল৷ এই সন্দৰ্ভত ড° অমলেন্দু গুহৰ মন্তব্য প্ৰণিধানযোগ্য: “গা-খাটনি বা পালসেৱা, অৰ্থাৎ শ্ৰম-কৰ, সকলো খেতিয়কৰ বাবেই আপদীয়া হৈ পৰিছিল৷ বৰ্ধিষ্ণু খেতিয়ক আৰু উঠি অহা বেপাৰী-কাৰিকৰসকলৰ ক্ষেত্ৰত ই বিশেষকৈ আছিল সম্ভাৱ্য বৈষয়িক উন্নতিৰ অন্তৰায়৷ গা-খাটনিৰ সলনি বস্তুৰে ৰাজকৰ দিব পাৰিলে তেওঁলোকৰ সুবিধা হ’লহেঁতেন৷ কিছুমানৰ বাবে তাতকৈও বেছি কাম্য আছিল টকাৰে খাজনা দিয়াৰ সুযোগ৷”৩

দ্বিতীয়তে,আহোম শাসনকালত মুদ্ৰা অৰ্থনীতিৰ যথেষ্ট বিকাশ নঘটাৰ ফলত পণ্যৰ উৎপাদন আৰু তাৰ বজাৰ সীমিত হৈ পৰিছিল৷ আদি মধ্যযুগৰ অসমত মুদ্ৰাৰ প্ৰচলন নাছিল৷ পিছলৈ স্বৰ্গদেউসকলে নিয়মীয়াকৈ মুদ্ৰাৰ প্ৰচলন কৰিবলৈ ল’লেও সেই মুদ্ৰাৰ প্ৰচলন ডা-ডাঙৰীয়া, অভিজাতসকলৰ মাজতেই সীমাবদ্ধ আছিল৷ অভিজাত শ্ৰেণীয়ে গা-খাটি দিয়াৰ সলনি নগদ ধন দি গা-খাটনিৰ পৰা ৰেহাই পাইছিল৷ বস্তু কিনা-বেচাৰ প্ৰধান মাধ্যম বিনিময় প্ৰথাৰ (Barter) যোগেদিয়েই হৈছিল৷

 সোতৰ-ওঠৰ শতিকাৰ পৰা অসমত বেপাৰ-বাণিজ্য সংক্ৰান্তীয় ক্ষেত্ৰত মুদ্ৰাৰ প্ৰচলন বৃদ্ধি পাবলৈ ধৰিলেও পণ্যৰ উৎপাদন বৃদ্ধি পোৱা নাছিল৷ ড০ গুহই কৈছে ঃ “এইটো ঠিক যে সবৰ্স্তৰত (on a national scale) নগদ কৰ লোৱাৰ ব্যৱস্থা ওঠৰ শতিকাতে পূৰঠ হৈ উঠা নাছিল৷ তাৰ বাবে পণ্যোৎপাদনৰ আৰু বেছি বিকাশৰ প্ৰয়োজন আছিল৷” প্ৰত্যেক পণ্য উৎপাদন আৰু বিনিময়ৰ উচ্চতম ফল হৈছে মুদ্ৰা৷ অনুন্নত পণ্য উৎপাদনৰ পৰা পুঁজিবাদৰ পণ্য উৎপাদনৰ বিৱৰ্তনত মুদ্ৰাই এক গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে৷ পুঁজিৰ প্ৰথম উৎপত্তি হৈছে মুদ্ৰাৰূপে৷ মুদ্ৰা অৰ্থনীতিৰ ব্যাপক প্ৰচলনৰ ফলত পণ্য-উৎপাদনৰ মাত্ৰা আৰু তাৰ চাহিদা বৃদ্ধি পোৱাত সুচল কৰি তোলে আৰু অৱশেষত পুঁজি সঞ্চয়ৰ পথ প্ৰশস্ত কৰি তোলে৷ সমাজৰ নেতৃত্ব বহন কৰাসকলে পণ্য উৎপাদনৰ জৰিয়তে আত্মসাৎ কৰা উদ্বৃত্ত মূল্যৰ অন্তৰালতেই আছে পুঁজিবাদৰ বিকাশৰ মূলমন্ত্ৰ৷

এনে ক্ষেত্ৰত প্ৰাক্-ঔপনিৱেশিক অসমত দেখা যায় যে মুদ্ৰা অৰ্থনীতি আৰু পণ্য উৎপাদন ব্যাপকভাৱে প্ৰচলিত নোহোৱাৰ ফলত অৰ্থনৈতিকভাৱে অসম অনুন্নত হৈ থাকিল৷ উৎপাদনৰ পদ্ধতি অৰ্ধ-জনজাতীয় আৰু অৰ্ধ-সামন্তীয় স্তৰতেই ৰৈ যোৱাত তথা উৎপাদনৰ উন্নত সঁজুলি সৃষ্টিত ৰাজতন্ত্ৰই মনোযোগ নিদিয়াত পুঁজিবাদী অৰ্থনীতিৰ বিকাশ অসমত সম্ভৱ হৈ নুঠিল৷ ইতিমধ্যে ১৮০০ খ্ৰীষ্টাব্দত কোচবিহাৰত আৰু ১৮২১ খ্ৰীষ্টাব্দৰ পাছত অসমত টাঁকশাল বন্ধ হৈ পৰিছিল৷ গতিকে ঊনবিংশ শতিকাৰ প্ৰথমাৰ্ধত অসমত তীব্ৰ মুদ্ৰা সংকটে দেখা দিছিল৷ এনে অৱস্থাত ঊনবিংশ শতিকাৰ প্ৰাৰম্ভিক কালতেই বেলি মাৰ যাবলৈ ধৰা আহোম ৰাজ্যত পুঁজিবাদী অৰ্থনীতি ভূমিষ্ঠ নোহোৱাটোৱেই স্বাভাৱিক আছিল৷

ঔপনিৱেশিক যুগ

পুঁজিবাদৰ জন্ম হয় সামন্তবাদী সমাজৰ গৰ্ভত। পিছে অস্তগামী আহোম সামন্ততন্ত্ৰত পুঁজিবাদৰ উদ্ভৱ ঘটাৰ কোনো পৰিৱেশ নাছিল। আহোম সামন্ততন্ত্ৰত জনজাতীয় সমাজৰ বহু উপাদান অৱশেষ হিচাপে ৰৈ যোৱাৰ ফলত সি পুঁজিবাদী স্তৰলৈ উত্তৰণ নঘটিল। আনহাতে, পাইক প্ৰথা হৈ পৰিছিল পুঁজিবাদী অৰ্থনীতি বিকাশৰ অন্যতম অন্তৰায়।

পুঁজিবাদী অৰ্থনৈতিক ব্যৱস্থাৰ ধাৰণাটো অসমলৈ আমদানি কৰি আনিছিল ঔপনিৱেশিক ব্ৰিটিছসকলেহে৷ ১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ পাছৰ পৰা অসমত ব্ৰিটিছ শাসন আৰম্ভ হয়৷ শাসনভাৰ লৈয়েই ব্ৰিটিছ প্ৰশাসকসকলে অসমৰ অৰ্থনৈতিক-ৰাজনৈতিক ক্ষেত্ৰখনত আমূল পৰিৱৰ্তন ঘটালে৷ অসমৰ ভৌগোলিক পৰিসীমা আহোমৰ দিনৰ অসমতকৈ যথেষ্ট বৃদ্ধি কৰা হ’ল; ব্ৰিটিছ-অধিকৃত উত্তৰ-পূৰ্বাঞ্চলৰ সমগ্ৰ অঞ্চল অসমত অন্তৰ্ভুক্ত কৰা হ’ল৷ প্ৰাৰম্ভিক অৱস্থাত ঔপনিৱেশিক বিদেশী শাসকসকলে আহোমৰ প্ৰশাসনীয় ব্যৱস্থা নবগঠিত অসমত কিছুদিনলৈ চালু কৰি ৰাখিলেও পাছলৈ পাইক ব্যৱস্থা সম্পূৰ্ণৰূপে উঠাই দি ৰায়তৱাৰী ব্যৱস্থা প্ৰবৰ্তন কৰিলে৷ মাটি হৈ পৰিল ব্যক্তিগত সম্পত্তি আৰু তাক পণ্যলৈ ৰূপান্তৰ ঘটোৱা হ’ল৷ কিন্তু কৃষক-প্ৰজাই মাটিৰ মালিকীস্বত্ব (land owner) লাভ নকৰি প্ৰকৃততে মাটিৰ অধিকাৰীহে (land holder) হৈ পৰিছিল৷ অৱশ্যে অবিভক্ত গোৱালপাৰা জিলাত পূৰ্বৰ জমিদাৰী প্ৰথা বিলোপ কৰি ব্ৰিটিছ-প্ৰবৰ্তিত ‘চিৰস্থায়ী বন্দবস্ত’ আইনৰ আধাৰত নতুন জমিদাৰী প্ৰথা প্ৰবৰ্তন কৰা হ’ল৷ ১৮৩৮ চনত ব্ৰিটিছ শাসকসকলে প্ৰজাৰ পৰা ৰাজহ সংগ্ৰহ কৰিবলৈ অসমত মৌজাদাৰী ব্যৱস্থা আৰম্ভ কৰে৷ ইফালে প্ৰজাক মুদ্ৰাৰে অৰ্থাৎ নগদ ধনেৰে খাজনা বা ৰাজহ দিবলৈ বাধ্য কৰোৱা হ’ল৷ কিন্তু মুদ্ৰাৰ প্ৰচলন তেতিয়াও সীমিত হৈ থকাত কৃষক-প্ৰজাই দুৰ্ভোগ ভুগিবলৈ ধৰিলে৷

  ঔপনিৱেশিক শাসকসকলে প্ৰায়েই কৰৰ পৰিমাণ বৃদ্ধি কৰিবলৈ লোৱাত কৃষক-ৰাইজে কৰৰ বোজাত কোঙা হৈ পৰিবলৈ ধৰিছিল৷ কৰৰ বোজা পাতলাবলৈ ঘৰৰ মাটি-ভেঁটি, সা-সম্পদ বন্ধকত থৈ জমিদাৰ বা সুদখোৰ মহাজনৰ পৰা ধন ধাৰে লৈ কৰ পৰিশোধ কৰিবলগীয়া হৈছিল৷ কেতিয়াবা কেতিয়াবা মুদ্ৰাৰ অভাৱত বস্তুৰেই খাজনা আদায় দিবলগীয়া হৈছিল৷ আনকি এই ক্ষেত্ৰত কোনো উপান্ত কৃষক-প্ৰজাই নিজৰ সন্তানৰ উপৰি নিজকে বিক্ৰী কৰি দাসত্ব বৰণো কৰিবলগীয়া হৈছিল৷ এই সন্দৰ্ভত ড° অমলেন্দু গুহই তথ্যসহকাৰে লিখিছে ঃ ‘The general shortage of cash forced the administration to receive in kind the revenue dues of such articles as command a certain market and are not of a perishable nature as gold, ivory, mooga, silk, munjit and cotton cloth…at many places. ‘Cloth of certain fixed dimensions, salt, iron-hoes and other articles in general use’ circulated as money and were accepted in settlement of land revenue demand….The defaulting farmers therefore fled their homestead in hundreds to squat on wastelands in remote areas and evade taxation. In many cases they sold themselves and their children into slavery for a trifle.” ১৮৪২ চনৰ পৰা ১৮৫৩ চনৰ ভিতৰত ৰুপিত আৰু অৰুপিত মাটিৰ প্ৰতি পুৰাত কেনেদৰে খাজনা বৃদ্ধি কৰা হৈছিল তলৰ ১ নং তালিকাখন চালেই বুজিব পাৰি৷

১৮৩৫-১৮৩৬ চনত কলেৰা মহামাৰীৰ প্ৰাদুৰ্ভাৱে অসমৰ আৰ্থিক-সামাজিক পৰিস্থিতি অধিক ভয়াবহ আৰু সংকটাপন্ন কৰি তুলিছিল৷ এনে পৰিস্থিতিত কৰ-কাটল বৃদ্ধিয়ে অসমৰ ৰাইজক নাজল-নাস্থল অৱস্থাত পেলাইছিল৷

  আহোম ৰাজত্বৰ সময়ৰ পৰাই অসমীয়া মানুহে কানি খোৱাৰ কথা বিভিন্ন সূত্ৰৰ পৰা জানিব পাৰি৷ বঙ্গৰ পৰা কোনো বণিকে অনা কানি অসমীয়া মানুহে ঔষধ হিচাপে ব্যৱহাৰ কৰিছিল৷ কিন্তু ব্যৱসায় ভিত্তিত তেওঁলোকে তেতিয়া কানিখেতি কৰা নাছিল৷ মোৱামৰীয়াকে ধৰি অন্যান্য বিদ্ৰোহীসকলক দমন কৰিবলৈ স্বৰ্গদেউ গৌৰীনাথ সিংহৰ অনুৰোধ মৰ্মে ব্ৰিটিছ সেনাধ্যক্ষ কেপ্তেইন ওৱেলছ্ অসমলৈ আহিছিল৷ তেওঁ আঘাতপ্ৰাপ্ত সৈনিকক আৰোগ্য কৰিবলৈ লগত আনিছিল আফু (পপি) আৰু তাৰ গুটি৷ এই কথাৰ সম্ভেদ দি বুৰঞ্জীবিদ গুণাভিৰাম বৰুৱাই লিখিছে ঃ “এনে কথা কোৱা আছে বোলে ১৭১৫ শঁকত যেতিয়া কাপ্তেন ওৱেলছ্ সাহাব এই দেশলৈ আহে তেতিয়াৰ পৰা কানিৰ খেতি ইয়াত হ’ব ধৰিলে৷ ইয়াৰ প্ৰথম খেতি বেলতলাত হয়৷ সেই সময়ত জহনী আৰু গ্ৰহণীত অনেক লোকৰ প্ৰাণ নষ্ট পালে৷ ব্ৰিটিছ সৈন্যৰ কাৰো কাৰো লগত আফিং থকাত তাৰ দ্বাৰা অনেক ৰোগ আৰোগ্য পালে৷ তাতে সেই কানি বৰ উপকাৰী বুলি সেই সৈন্যৰ কাৰো পৰা গুটি লৈ প্ৰথমে তাৰ খেতি কৰা হয়৷ তেতিয়াৰে পৰা কানিৰ ব্যৱহাৰ কৰিবলৈ ধৰিলে৷”

  লাহে লাহে সমগ্ৰ অসমত আফিং সেৱনৰ মাত্ৰা বৃদ্ধি পাবলৈ ধৰিলে৷ ল’ৰাৰ পৰা বুঢ়ালৈকে, তিৰোতাৰ পৰা বৃদ্ধালৈকে সকলোৱে কম-বেছি পৰিমাণে কানি খাবলৈ ধৰিলে৷ আফিঙৰ এই জনপ্ৰিয়তা দেখি ধূৰ্ত ইংৰাজ আমোলাসকলে ৰাজহৰ আশাত ব্যৱসায়িক ভিত্তিত অসমত আফু খেতি বিস্তাৰিতভাৱে কৰিবলৈ ল’লে৷ ১৮৫১ চনৰ পৰা অসমত ঔপনিৱেশিক শাসকসকলৰ উদ্যোগত ৰাজহৰ নতুন উৎস হিচাপে আবকাৰী কানি (excise opium) প্ৰচলন হয়৷ ড° সুভাষ চন্দ্ৰ সাহাই এঠাইত উল্লেখ কৰিছেঃ “পিছলৈ কোম্পানী চৰকাৰৰ নিৰ্দেশত তিনি-চাৰি দশকৰ ভিতৰত কানিৰ ব্যাপক প্ৰচলন আৰম্ভ হয়৷ নগাঁও জিলাৰ কলঙৰ পাৰৰ পৰা আৰম্ভ কৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিস্তীৰ্ণ অঞ্চলত শালি ধানৰ সলনি কানি খেতি কৰা হৈছিল৷” ১৮৫২ চনত কেৱল নগাঁও জিলাতে ৭৯৭০ বিঘা মাটিত আফু খেতি কৰি তাৰ পৰা প্ৰায় ৪০০ মোন কানি লাভ কৰিছিল৷ অভাৱনীয় হাৰত কানিৰ বিক্ৰী আৰু ৰাজহৰ পৰিমাণ যে বাঢ়িছিল তাৰ প্ৰমাণ তলৰ (২ নং তালিকা) পৰিসংখ্যাই প্ৰমাণ কৰে৷

১৮৫৮-৫৯ বৰ্ষত অসমৰ দৰিদ্ৰ কৃষকসকলৰ পৰা আফিংৰ নামত ৪,৪১,৭৫০ টকা আবকাৰী শুল্ক চৰকাৰে সংগ্ৰহ কৰে৷ আনহাতে কানিৰ মূল্য চৰকাৰে ক্ৰমাৎ বৃদ্ধি কৰিবলৈ ধৰিছিল৷ ড° অমলেন্দু গুহই দিয়া তথ্যৰ ভিত্তিত কানিৰ মূল্যবৃদ্ধিৰ স্বৰূপ বুজিব পাৰি৷ ১৮৬০, ১৮৬২ আৰু ১৮৭৩ চনত এসেৰ কানিৰ মূল্য আছিল যথাক্ৰমে ১৪ টকা, ২০ টকা আৰু ২৩ টকা৷১২  আনহাতে, ১৮৯৭-৯৮ বৰ্ষৰ পৰা ১৯০৪-০৫ বৰ্ষলৈকে ইংৰাজ চৰকাৰে কানি বিক্ৰী কৰিছিল প্ৰতি সেৰত ৩৭ টকাকৈ৷ কিন্তু মধ্যভোগীয়ে খুচুৰাকৈ তাক বিক্ৰী কৰিছিল ৪৫-৫০ টকা পৰ্যন্ত৷১৩ ১৮৭৩-৭৪ বৰ্ষত অসম উপত্যকাৰ প্ৰায় ৭০০০ খন গাঁও আৰু নগৰত অনুজ্ঞাপ্ৰাপ্ত কানি বিক্ৰী কৰা দোকান আছিল ৫১৩৭খন৷১৪ ১৮৬০ চনত ব্ৰিটিছ চৰকাৰে বিভিন্ন কাৰণত কানি খেতিৰ উৎপাদন বন্ধ কৰিলেও কানিৰ চাহিদালৈ লক্ষ্য কৰি উত্তৰ ভাৰতৰ পৰা কানি আমদানিৰ জৰিয়তে অসমত চৰা দামত বিক্ৰী কৰি ৰাজভঁৰাল পূৰ কৰিছিল৷

  মন কৰিবলগীয়া যে চৰকাৰৰ উদ্যোগত আফিং খেতিৰ বিস্তৃত উৎপাদনে চাপৰি আৰু খেতি-পথাৰত ধানৰ উৎপাদন কমাই কৃষকসকলক এফালে যেনেকৈ লাওলোৱা অৱস্থাত পেলাইছিল, আনফালে সিয়েই অসমীয়া মানুহক সোৰোপা, এলেহুৱা আৰু ৰুগীয়া কৰি তুলিছিল৷ কোৱা বাহুল্য যে ঔপনিৱেশিক শোষণৰ লক্ষ্য আগত ৰাখিয়েই ব্ৰিটিছ চৰকাৰে স্বাধীনতাৰ আগমুহুৰ্তলৈকে অসমত কানিৰ প্ৰচলন চলাই ৰাখিছিল৷ এই সন্দৰ্ভত ইতিহাসবিদ লক্ষ্মীনাথ তামুলীয়ে এঠাইত লিখিছে : “চৰকাৰী উদ্যোগতে ১৮৫১-৫২ চনৰে পৰা উত্তৰ ভাৰতত উৎপাদিত কানি অসমত প্ৰচলন কৰা হৈছিল৷ এই ব্যৱসায়ে চৰকাৰৰ ৰাজকোষলৈ শকত বৰঙণি আগবঢ়াইছিল৷ কানি ব্যৱসায়ক সাম্ৰাজ্যবাদী চৰকাৰে চৰকাৰী ৰাজহৰ সোণৰ খনি হেন জ্ঞান কৰিছিল৷ কিন্তু স্থানীয়ভাৱে উৎপন্ন হ’লে চৰকাৰী ব্যৱসায়ে আশা কৰা মতে মুনাফা লুটিব নোৱাৰিব৷ সর্ব্বপৰি কানি ব্যৱহাৰত অভ্যস্ত প্ৰজাই অধিক মূল্যতো কানি ক্ৰয় কৰিবলৈ নেৰিব৷ কিন্তু তাৰ বাবে নগদ ধনৰ প্ৰয়োজন হ’ব৷ ইতিমধ্যে কানি ব্যৱহাৰৰ কাৰণে আৰ্থিক অৱস্থা পৰি অহা অসমীয়া কৃষকে ব্ৰিটিছৰ চাহ-বাগিছাৰ শ্ৰমিকৰ চাহিদা পূৰাবলৈ বুলিয়ো দীৰ্ঘম্যাদী পৰিকল্পনা কৰ্তৃপক্ষই পাঙিছিল৷ সেয়ে স্থানীয়ভাৱে কানিৰ উৎপাদন বন্ধ কৰি দি উত্তৰ ভাৰতৰ পৰা আমদানিৰ পৰিমাণ বৃদ্ধি কৰা হৈছিল অথচ বিক্ৰী মূল্যও ক্ৰমান্বয়ে বঢ়াই নিয়া হৈছিল৷”১৫

   ইতিমধ্যে ভাৰতৰ গৱৰ্ণৰ জেনেৰেলৰ ৰাজনৈতিক প্ৰতিনিধি হিচাপে অহা ডেভিদ স্কট আৰু পিছলৈ অসমৰ কমিছনাৰ হোৱা ফ্ৰাঞ্চিছ জেনকিন্স চাহাবে অসমত ঔপনিৱেশিক শোষণৰ বাট মোকলাবলৈ কিছু আঁচনি আৰু নীতি-নিৰ্দেশনা হাতত লয়৷ ডেভিদ স্কটে আফিঙৰ উপৰিও এৰী, মুগা, নুনী আদিকে ধৰি অসমৰ ৰেচম শিল্প (sericulture)-ক আধুনিকীকৰণ আৰু তাৰ বহল বজাৰ এখনৰ বাবে অনুসন্ধান কৰিবলৈ আৰম্ভ কৰি দিলে৷ ইউৰোপ আৰু চীনত ৰেচম আৰু আফিঙৰ বহল বজাৰ থকা কথাটো ডেভিদ স্কটৰ জ্ঞাত আছিল৷ ১৬ ইতিমধ্যে ইউৰোপৰ পৰা কলিকতালৈ আমদানি কৰি অনা নতুন সূতা কটা যন্ত্ৰৰ পৰা ৰেচমী কাপোৰ কৃতকাৰ্যতাৰে উৎপাদন হ’বলৈ ধৰে আৰু ১৭৭০-১৮২৩ চনৰ ভিতৰত ই কলিকতাত প্ৰসাৰিত হৈ পৰে৷ ১৭ এইবোৰ কথা স্কটে প্ৰত্যক্ষ নকৰাকৈ থকা নাছিল আৰু সেয়েহে এই সম্পৰ্কে ভাৰত চৰকাৰলৈ তেওঁ কেইবাটাও প্ৰস্তাৱ আগবঢ়াইছিল৷ যদিও ভাৰত চৰকাৰে ডেভিদ স্কটৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰিছিল, তথাপি তেওঁ সাহ কৰি ১৮৩১ চনত দৰঙত ১২ বিঘাৰো অধিক মাটিত নুনী খেতি কৰিবলৈ আগবাঢ়ি আহিছিল৷ ড০ অমলেন্দু গুহই লিখিছে : ‘Undaunted, he commenced a twelve-acre mulberry plantation in Darrang in ১৮৩১ through the utilisation of convict labour.’ তেওঁ ৰংপুৰৰ (বংগত) পৰা নিপুণ ৰিলাৰ আনি দৰঙ আৰু নগাঁৱৰ মানুহক ৰেচম সূতা কটাৰ উন্নত পদ্ধতি শিকাইছিল৷

  ইতিমধ্যে ব্ৰিটিছ চৰকাৰে চাহখেতি প্ৰচলনৰ যোগেদি অসমত পুঁজিবাদী অৰ্থনীতিৰ বিকাশ ঘটাবলৈ ধৰিলে৷ স্কট চাহাবৰ পিছত জেনকিন্স চাহাবে এই পুঁজিবাদী-ঔপনিৱেশিক ব্যৱস্থা বিকাশ ঘটোৱাত পূৰ্ণ উদ্যোগ লয়৷ এই উদ্দেশ্যে ১৮৩৪ চনত চাহ কমিটি গঠন কৰা হয় আৰু ১৮৩৬ চনত চৰকাৰীভাৱে পৰীক্ষামূলক চাহ-বাগান আৰম্ভ কৰা হয়৷ ১৮৩৭ চনত সফলতাৰে চাহ উৎপন্ন কৰি ১২ বাকচ চাহ ইংলণ্ডলৈ পঠিওৱা হয়৷ ড০ হেৰম্বকান্ত বৰপূজাৰীয়ে তথ্যসহ উল্লেখ কৰিছে : ‘The operation of the first year resulted in the manufacture of twelve boxes of tea, which he despatched in December ১৮৩৭ to Calcutta for onward transmission to England. Next year’s produce consisted of ৯৫ chests of black tea. On examination, the specimen was found ‘equally as good as that produced in China’.

   অসমৰ চাহ চীনত উৎপাদিত চাহৰ দৰে ভাল বুলি প্ৰমাণপত্ৰ পোৱাৰ পিছতেই ব্ৰিটিছ শাসক-পুঁজিপতিসকল উৎফুল্লিত হৈ উঠিল৷ ১৮৩৮ চনত ইউৰোপীয়ান আৰু ভাৰতীয়সকলৰ এটি পুঁজিপতি গোটে ১০ লাখ টকাৰ মূলধন লৈ কলিকতাত ‘বেঙ্গল টি-এছোচিয়েচন’ নামৰ এটি কোম্পানী গঠন কৰে৷ অসমৰ মাটিত চাহখেতি কৰাৰ উদ্দেশ্যে জেনকিন্সে শ শ বিঘা পতিত মাটি (wasteland) ইউৰোপীয়ান চাহ খেতিয়কসকলক লীজত দিবলৈ আইন প্ৰয়োগ কৰিলে৷ এই আইনখনক ১৮৩৮ চনৰ পতিত ভূমি আইনৰূপে জনাজাত৷ বহু বছৰলৈ চাহ খেতিয়কসকলক লীজত দিয়া এই পতিত ভূমি আইনখন ১৮৫৪ চনত কিছু সংশোধন কৰা হৈছিল৷ চাহ খেতিয়কসকলক লীজত দিয়া এই ভূমিৰ পৰিমাণ বছৰি বছৰি বাঢ়ি গৈছিল৷ ১৮৫৪ চনত এই ভূমিৰ পৰিমাণ ২৩১ একৰৰ পৰা বাঢ়ি গৈ ১৮৫৯ চনত ১,০০০ একৰ হৈছিলগৈ৷ চাহৰ উৎপাদন ১৮৪১ চনত ২৯,২৬৭ পাউণ্ডৰ পৰা ১৮৫৯ চনত এক নিযুত পাউণ্ডলৈ বৃদ্ধি পাইছিল৷ চাহৰ উৎপাদন দ্ৰুত গতিত বঢ়াৰ লগে লগে ইংলণ্ডলৈ চাহৰ ৰপ্তানিও দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰে৷ ব্ৰিটিছ মূলধনেৰে প্ৰতিষ্ঠিত চাহবাগানসমূহৰ ওপৰত ভিত্তি কৰি অসমত ঔপনিৱেশিক শোষণ গজগজীয়া হৈ পৰিল৷

  মন কৰিবলগীয়া যে ইউৰোপীয় চাহখেতিয়কসকলে শ শ বিঘা মাটি লাভ কৰিলেও সেই সকলোবিলাক মাটিত চাহখেতি কৰা নাছিল; দুখীয়া খেতিয়কক বঞ্চিত কৰা তেনে বহু মাটি চাহমালিকসকলে শাসকবৰ্গৰ সৈতে লগ হৈ ছন পেলাই থৈছিল৷ তদুপৰি কেৱল ইউৰোপীয় চাহখেতিয়কসকলেহে ৰেহাই দৰত এই ভূমি অনুদান লাভ কৰিছিল৷ উপৰি-উক্ত ভূমি আইনদুখনৰ সন্দৰ্ভত ড০ গুহই কৈছে যে আইনকেইখনে দেখাত অসমৰ থলুৱা লোকসকলৰ প্ৰতি বৈষম্য দেখুৱা নাছিল যদিও, বাস্তৱত আইনকেইখনে তেওঁলোকক সকলোবোৰ ৰেহাইৰ পৰা বঞ্চিত কৰিছিল : ‘These rules, providing for long-term leases of land to applicants, did not discriminate against indigenous inhabitants as such, but were apparently framed in such a manner as to exclude them from all concessional grants in practice.’ অৰ্থাৎ কৃষি কাৰ্যৰ বাবে কৰা অনুদান এখন এক শ একৰতকৈ কম মাটিৰ হ’ব পাৰে আৰু যি কোনো আবেদনকাৰীক দিব পাৰি যাৰ প্ৰতি একৰত তিনিটা টকাৰ মূল্যৰ মূলধন বা মাল-বস্তু নাই৷ এই চৰ্তসমূহৰ অধীনত, কেৱল ইউৰোপীয়সকলেহে ৰেহাই সুবিধা লাভ কৰিব পাৰিছিল৷ ড০ গুহৰ এই বস্তুনিষ্ঠ বিশ্লেষণে ব্ৰিটিছ ঔপনিৱেশিক শাসক-শোষক শ্ৰেণীৰ শ্ৰেণী স্বাৰ্থৰ কথা স্পষ্টভাৱে উদঙাই দেখুৱাইছে৷

   সি যি কি নহওক, চাহ বাগিচাৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে তাৰ বজাৰৰ বাবে ৰাস্তা-ঘাট নিৰ্মাণ, পৰিবহণ আদি ব্যৱস্থা চৰকাৰে কৰিবলৈ বাধ্য হ’ল৷ ব্ৰহ্মপুত্ৰৰ বুকুৱেদি জাহাজ চলাচলৰ লগতে ৰে’ল চলাচলো ব্যৱস্থা কৰা হ’ল৷ অসমৰ আধুনিক পৰিবহণ ব্যৱস্থাৰ আৰম্ভণি চাহশিল্পৰ অবদান বুলি ক’ব পৰা যায়৷ ক্ৰমান্বয়ে চাহ বাগিচাবিলাকৰ লগত স্থানীয় সাপ্তাহিক বজাৰবিলাক আৰু ফেৰীৱালাবোৰৰ সংযোগ স্থাপন হ’বলৈ ধৰিলে৷ মাৰোৱাৰী ব্যৱসায়ীসকল এই চাহ উদ্যোগটোৰ লগত জড়িত হৈ পৰিল৷ চাহ উদ্যোগক ভিত্তি কৰি অসম কোম্পানীৰ উপৰি ১৮৫৮ চনত অসমত যোৰহাট টি কোম্পানী নামৰ অন্য এটা কোম্পানী স্থাপন কৰা হয়৷

  চাহ শিল্পৰ এই লাভজনক ব্যৱসায় দেখি ঊনবিংশ শতিকাৰ অসমৰ আঢ্যৱন্ত শ্ৰেণীটোৱেও চাহ বাগান খুলিবলৈ ধৰিলে৷ এই ক্ষেত্ৰত মণিৰাম দেৱানৰেই নাম সৰ্বপ্ৰথমে ল’ব লাগিব৷ ১৮৩৯ চনত অসমত গঠন কৰা আছাম কোম্পানীত মণিৰাম বৰভাণ্ডাৰ বৰুৱাই ‘দেৱান’ হৈ চাহ কোম্পানীৰ বিষয়ে বিস্তৰ অভিজ্ঞতা লাভ কৰে আৰু পিছলৈ চিনামৰা, চেংলুং আদিত নিজাকৈ চাহ বাগান খুলি ব্ৰিটিছ চাহ খেতিয়কসকলৰ লগত ফেৰ মাৰিবলৈ গ’ল৷ মণিৰাম দেৱানৰ পিছত ৰোষেশ্বৰ বৰুৱা, হেমধৰ বৰুৱা, জগন্নাথ বৰুৱা, ৰাধাকান্ত সন্দিকৈ আদি এমুঠিমান অসমীয়া মধ্যশ্ৰেণীয়ে সফল চাহ-উদ্যোগী হিচাপে খ্যাতি লাভ কৰিছিল৷

   চাহ উদ্যোগৰ যোগেদি অসমত পুঁজিবাদী অৰ্থনীতি প্ৰৱৰ্তন হোৱাৰ লগে লগে সি অৱধাৰিতভাৱে সৃষ্টি কৰিছিল শ্ৰমিক সমস্যা৷ অসমলৈ চাহ বনুৱাৰ আমদানি আৰু তেওঁলোকৰ বিলাই-বিপত্তি এক কৰুণ গাথাৰে সিক্ত৷ তাৰ বিস্তাৰিত বিৱৰণ দিবলৈ এই প্ৰবন্ধত ঠাইৰ অভাৱ৷ প্ৰথমাৱস্থাত এমুঠিমান থলুৱা অসমীয়া চাহ মজদুৰ হিচাপে কাম কৰিলেও পাছলৈ তেওঁলোকে দৰমহা বৃদ্ধিত বিদ্ৰোহ কৰিবলৈ লোৱাত চৰকাৰে তেওঁলোকক বাদ দি অসমৰ বাহিৰৰ পৰা বনুৱা আনিবলৈ ধৰে৷ জীৱ-জন্তুৰ দৰে জাহাজত কঢ়িয়াই অনা আৰু অস্বাস্থ্যকৰ পৰিৱেশত থাকিবলৈ দিয়া এই চাহ বনুৱাসকলৰ মজুৰি আছিল অতি নিম্ন মানৰ৷ এই সন্দৰ্ভত অঞ্জন বৰুৱাই লিখিছে : “১৮৬০ চনত এজন চাহ বনুৱাক মাহিলি দৰমহা দিছিল ২ টকা ৫০ পইচা, পিচত ৫ টকালৈ বৃদ্ধি কৰে৷ এজন দক্ষ বনুৱাই মাহেকত ১০ টকাকৈ পাইছিল৷ সেই সময়ত চাউলৰ দাম মোনে ২ টকা আছিল৷ কিন্তু বনুৱাসকলক মোনে ৮ টকাকৈ বাগানে চাউল যোগান ধৰিছিল৷ ১৮৬৫ চনত এজন পুৰুষৰ দৰমহা ৫ টকা, মাইকী মানুহৰ দৰমহা ৪ টকা আৰু ১২ বছৰৰ তলৰ কাম কৰা ল’ৰা-ছোৱালীৰ দৰমহা আছিল ৩ টকা৷ দিনটোত ১০ ঘণ্টা কাম কৰিব লাগিছিল৷ আইন মতে সপ্তাহত এদিন ছুটী দিব লাগে বুলি যদিও নিয়ম আছিল, তথাপি বহু বাগানত ছুটী দিয়া নহৈছিল৷ দেওবাৰেও কাম কৰিব লাগিছিল৷”২১

  চাহ উদ্যোগৰ বিকাশৰ লগে লগে অসমত সামন্তৰালকৈ দুই ধৰণৰ শাসন চলিবলৈ ধৰে৷ এফালে ইউৰোপীয়ান চাহ মালিকসকলৰ শাসন যি প্লেণ্টাৰ ৰাজ (Planter Raj) বুলি জনাজাত৷ আনফালে ভাৰতৰ গৱৰ্ণৰ জেনেৰেলৰ দ্বাৰা নিয়ন্ত্ৰিত ৰাজনৈতিক-প্ৰশাসনিক শাসন৷ দুৰ্ভগীয়া চাহ বনুৱাসকলৰ ওপৰত ইউৰোপীয়ান মালিকসকলৰ অত্যাচাৰ-উৎপীড়ন ইমানেই বাঢ়ি গৈছিল যে অসমৰ তদানীন্তন চীফ কমিচনাৰ চাৰ্লছ ইলিয়ট আৰু তেওঁৰ পৰৱৰ্তী কমিচনাৰ হেন্‌ৰি কটনৰ দৰে প্ৰশাসনিক বিষয়াসকলে তাক প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছিল৷ কটনে অতিষ্ঠহৈ এটা সময়ত “… মই আৰু সত্য ঘটনা লুকাই নাৰাখোঁ” বুলি বিস্ফোৰণ ঘটোৱাত তেওঁ ‘প্লেণ্টাৰ্ছ গ্ৰুপ’ৰ ৰোষত পৰিবলগীয়া হৈছিল আৰু অৱশেষত তেওঁলোকৰ তীব্ৰ হেঁচাতেই কটনে চীফ কমিচনাৰ পদৰ পৰা অব্যাহতি ল’বলগীয়া হৈছিল৷

   চাহ উদ্যোগৰ লগে লগে ঔপনিৱেশিক শাসকগোষ্ঠীয়ে আন কেতবোৰ উদ্যোগ অসমত স্থাপন কৰিবলৈ বাধ্য হৈছিল৷ চাহ ফেক্টৰি আৰু ৰেল চলাচল কৰিবৰ বাবে কয়লাৰ প্ৰয়োজন অৱশ্যম্ভাৱী হৈ পৰিল৷ সেয়েহে সাম্ৰাজ্যবাদী ইংৰাজসকলে অনুসন্ধান কৰি ‘লিডু’ অঞ্চলত কয়লাৰ খনি আৱিষ্কাৰ কৰে৷ ১৮৭২ চনত কয়লাৰ উৎপাদন আছিল ৫০ টন৷ আনহাতে ১৮৮২ চনত অসমৰ বুকুত ডিব্ৰুগড়ৰ পৰা শদিয়ালৈ ৰেলপথ গঢ়ি লৈ উঠে৷ ঠিক সেইদৰে চাহ বাগানসমূহৰ সুবিধাৰ বাবে ১৮৮৫ চনত ককিলামুখ-মৰিয়নিৰ মাজত, ১৮৯৫ চনত তেজপুৰ-বালিপাৰাৰ মাজত ৰেলপথ বহুওৱা হয়৷ ইয়াৰ পিছতে ব্ৰিটিছসকলে অসমত তেলৰ পুং আৱিষ্কাৰ কৰে আৰু ১৮৯০ চনত ব্ৰিটিছ মূলধনৰ সহায়ত ডিগবৈত অসমৰ প্ৰথমটো তেল শোধনাগাৰ স্থাপন কৰে৷

   ১৮৮১-১৯০১ বৰ্ষৰ ভিতৰত অসমত ব্ৰিটিছ পুঁজিৰ বিনিয়োগৰ সন্দৰ্ভত ড° অমলেন্দু গুহই তথ্যসহ উল্লেখ কৰি কৈছে:’British investments in coal (about Rs.৪ crore approximately), petroleum (about Rs. ৬ million approximately) and saw mills (about Rs. 1 million approximately) were also newly made in these two decades. Some one hundred or so new telegraph signalling offices and several hundred miles of telecommunications and pebbled roads were built by the Government. The total investments in the organized economic sector of Assam Proper during the period, ১৮৮১-১৯০১, appears to have been around Rs. ২০০ million, even at a conservative estimate.’২৫ পিছে অসমত ঔদ্যোগীকৰণৰ ক্ষেত্ৰত অকল ব্ৰিটিছ পুঁজিয়েই বিনিয়োগ হোৱা নাছিল, আনকি ৰাজহুৱা ধনো যে ব্যৱহাৰ হৈছিল সেই কথাও ড° গুহই লক্ষ্য নকৰাকৈ থকা নাই৷ চৰকাৰী ৰাজকোষৰ পৰা ব্যয় কৰা এই বিপুল পুঁজি যে বৰ্ধিত কৰৰ পৰা দিয়া হৈছিল তাৰ ইঙ্গিতো ড° গুহই দিছে৷ উদাহৰণস্বৰূপে তেখেতে লিখিছে : ‘Similarly, a total subsidy of Rs. ১.২ million was paid by the Assam Government to the Dibru-Sadia Railway over the period ১৮৮৪-১৯০৩. The Jorhat State Railways was a project of the Government of Assam ‘for the convenience of numerous tea gardens in the neighbourhood of Jorhat’, involving public investment of nearly rupees one million and an accumulated loss of Rs. ৪ lakh upto ১৯০১. Even Local Government funds were utilized for the railways construction. For example, in the case of the Tezpur-Balipara Light Railways, while tea gardens subscribed to ৪৫ per cent of its paid-up capital of Rs. ৪ lakh, the Government supplied timber free of royalty, and the local Board of Tezpur paid a total subsidy of Rs. ১ lakh in ২০ annual instalments. From these facts it appears that the role of public funds realized from increased taxation was not inconsiderable in railway-building in Assam.’

   িব্ৰটিছ ঔপনিৱেশিক অসমত ক্ৰমান্বয়ে নগৰীকৰণ আৰু উদ্যোগীকৰণে অসমৰ থলুৱা লোকসকলৰ মাজত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে। যন্ত্ৰ উদ্যোগত উৎপাদিত আমদানিকৃত সামগ্ৰীয়ে থলুৱা কাৰিকৰ আৰু হস্তশিল্পীসকলৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিলে। পৰম্পৰাগতভাৱে চলি অহা থলুৱা কাৰিকৰী প্ৰতিষ্ঠানবোৰ চৰকাৰৰ অৱহেলাৰ বাবে মৰহি যাবলৈ ধৰিলে। বৰপেটাৰ সোণ, আৰু ৰূপৰ কাৰুকাৰ্য, শুৱালকুছীৰ এৰী-মুগাৰ ৰেচম শিল্প, সৰ্থেবাৰীৰ কাঁহ শিল্পৰ প্ৰতি ব্ৰিটিছ প্ৰশাসনে প্ৰয়োজনীয় উৎসাহ যোগোৱা নাছিল। এই সন্দৰ্ভত ড° হীৰেন গোহাঁইয়ে ঠিকেই লক্ষ্য কৰিছে: “কুটিৰ শিল্পৰ অনুন্নত নিৰ্মাণ কৌশল আৰু দ্ৰব্য পৰিবেশনৰ প্ৰাচীন, গতিহীন পদ্ধতিৰ বাবে বজাৰ অলপ অলপকৈ বহলি যোৱা সত্ত্বেও তাৰ সুযোগ অসমীয়া কুটিৰ শিল্পীয়ে গ্ৰহণ কৰিব নোৱাৰিলে। বৰং বাহিৰৰ অধিক উন্নত শিল্প আৰু পণ্যৰ প্ৰতিযোগিতাই স্থানীয় কুটিৰ শিল্পক কোঙা কৰি পেলালে। প্ৰাচীন সামন্ত শ্ৰেণীৰ হীনবল হোৱাত বিলাসী দেশীয় দ্ৰব্যৰ চাহিদা কমি গৈছিল। সাধাৰণ প্ৰজাৰ ক্ৰয় ক্ষমতাও শিল্পৰ উৎপাদন প্ৰচুৰ পৰিমাণে কিনিব পৰাকৈ উন্নত হোৱা নাছিল। এই সন্ধিক্ষণতে বাহিৰৰ পুঁজিবাদী শিল্পৰ সস্তা অপৰ্য্যাপ্ত পণ্য উপচি পৰি স্থানীয় কুটিৰ শিল্পক হেঁচা মাৰি ধৰিলেহি। …১৮৯৭ চনত সূতা কটাৰ কৌশল অসমৰ মানুহে পাহৰি গৈছিল: বাহিৰৰ সস্তীয়া সূতাৰ আমদানিৰ কোবত।“২৭

    ১৮৮০ চনৰ পিছত অসমত যন্ত্ৰৰ দ্বাৰা উৎপাদিত সামগ্ৰীসমূহৰ প্ৰচলন দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰে৷ উদাহৰণস্বৰূপে ব্ৰহ্মপুত্ৰ উপত্যকালৈ কপাহী আৰু ঊণ সূতাৰ আমদানি [ইয়াৰে তিনি ভাগৰ দুই ভাগ ইউৰোপীয় উৎপাদন] ১৮৮৩-৮৪ চনত ৭,১৬০ মোনৰ পৰা ১৮৮৯-৯০ চনত ১৭,২৩০ মোনলৈ আৰু ১৮৯৫-৯৬ চনত ২১,১৪৮ মোনলৈ বৃদ্ধি পাইছিল৷ আনহাতে ১৮৮৯-৯০ চনত এই উপত্যকালৈ বিলাতী পোছাক ১২ লাখ টকাৰ পৰা ৩০ লাখ টকালৈ আৰু ১৮৯৫-৯৬ চনত ৪৯ লাখ টকালৈ বৃদ্ধি পাইছিল৷২৮

   লক্ষ্য কৰিবলগীয়া যে অসমত ঔদ্যোগিক খণ্ডৰ বিকাশৰ বাবে ব্ৰিটিছ শাসক-পুঁজিপতি শ্ৰেণী যিমান মনোযোগী আৰু উদ্যোগী আছিল, কৃষি খণ্ডৰ উন্নতিৰ বাবে কিন্তু তেওঁলোক সিমান আগ্ৰহী আৰু উদ্যোগী হোৱা দেখা নগৈছিল৷ পৰম্পৰাগত কৃষি পদ্ধতিক আধুনিকীকৰণৰ বাবে চৰকাৰে প্ৰচেষ্টা হাতত লোৱাৰ পৰিৱৰ্তে শ শ বিঘা খেতি-মাটি ব্ৰিটিছ চাহ মালিকসকলৰ হাততহে গতাই দিছিল৷ তদুপৰি সবৰ্সাধাৰণ কৃষক-ৰাইজে যিখিনি মাটি খেতি-বাতি কৰি জীৱন নিৰ্বাহ কৰি আছিল তেনে মাটিত উৎপন্ন হোৱা শস্যৰ ওপৰত অত্যধিক কৰ বহোৱাত কৃষক-ৰাইজ সবৰ্স্বান্ত হৈ পৰিছিল৷ ফলত পৰম্পৰাগত কৃষি পদ্ধতি ভাঙি পৰিছিল৷ এই সন্দৰ্ভত ডাঙৰ শ্ৰুতিদেৱ গোস্বামীয়ে ‘ঊনবিংশ শতিকাৰ অসমৰ কৃষক বিদ্ৰোহ’ নামৰ প্ৰবন্ধটোত ঠিকেই উল্লেখ কৰিছেঃ “আচৰিত যেন লাগিলেও সত্য যে ঊনবিংশ শতিকাত কৃষি প্ৰধান অসমত যেনেকৈ কৃষিৰ কোনো উল্লেখনীয় উন্নতি সাধন কৰা নহ’ল তেনেকৈ অসমৰ প্ৰাকৃতিক সম্পদবোৰো থলুৱা লোকৰ সুবিধাৰ অৰ্থে প্ৰয়োগ নকৰি এচাম অভাৰতীয় উদ্যোগপতিৰ আয়ৰ উৎস হিচাবেহে ব্যৱহাৰ কৰা হয়৷ কালক্ৰমে অসম এখন কেঁচামাল যোগানকাৰী ৰাজ্যলৈ ৰূপান্তৰিত হৈ পৰে৷”২৯

ঊনবিংশ শতিকাৰ মধ্যভাগত ধান খেতিৰ উৎপাদন হ্ৰাস পোৱাত বাহিৰৰ পৰা চাউল আমদানি কৰিবলগীয়া হৈছিল৷ ড° অমলেন্দু গুহই দিয়া তথ্যই কয়: ‘ঊনবিংশ শতিকাৰ মধ্যভাগত অসম proper শস্যক্ষেত্ৰত ঘাটিত পৰিণত হৈছিল৷ বাৰ্ষিক চাউল আমদানি ১৮৭৩ চনত কমেও তিনি লাখ মণ বুলি অনুমান কৰা হৈছিল৷ আঠৰ দশক আৰু নব্বৈ দশকৰ আৰম্ভণিলৈ ব্ৰহ্মপুত্ৰ উপত্যকাত বংগৰ পৰা চাউল আমদানি চাৰিৰ পৰা পাঁচ লাখ মণৰ ভিতৰত আছিল৷ ইয়াৰ পিছত বাৰ্ষিক নিকা চাউল আমদানি সাত লাখ মণ অতিক্ৰম কৰিছিল৷ ৩০

   সাম্ৰাজ্যবাদী শাসকশ্ৰেণীৰ অমনোযোগিতাই ঊনবিংশ শতিকাৰ অসমত এফালে যেনেকৈ কৃষি অৰ্থনীতি আৰু কুটিৰ শিল্পৰ অবনতি ঘটাইছিল ঠিক আনফালে এই কৃষিনিৰ্ভৰ দুখীয়া কৃষক-খেতিয়ক আৰু কাৰিকৰ শ্ৰেণীটোৰ ওপৰত চৰকাৰে জাপি দিয়া বৰ্দ্ধিত কৰৰ হেঁচাই তেওঁলোকৰ জীৱন অসহনীয় কৰি তুলিছিল৷

কৃষক ৰাইজৰ মৰ্মবেদনা বুজিবলৈ অনিচ্ছুক সাম্ৰাজ্যবাদী চৰকাৰে ১৮৬৫ চনত পুনৰ কৰ বৃদ্ধিৰ প্ৰস্তাৱ ল’লে৷ ওপৰৰ ৩ নং তালিকাখনত কৰৰ চলিত আৰু প্ৰস্তাৱিত নিৰিখ দাঙি ধৰা হ’ল৷ ৩১ চৰকাৰে শোষণৰ স্বাৰ্থত ঘনে ঘনে এইদৰে কৰ বৃদ্ধি কৰিবলৈ লোৱাত ৰাইজৰ মাজত ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিবলৈ ধৰে৷ সঘনাই ৰাইজমেলৰ যোগেদি সাম্ৰাজ্যবাদী শাসকৰ শোষণৰ বিৰুদ্ধে কৃষক-প্ৰজাসকল সংগঠিত হ’বলৈ ধৰিলে৷ ইয়াৰে বৃহৎ আৰু সৰ্বপ্ৰথম কৃষক বিদ্ৰোহটো সংঘটিত হৈছিল ১৮৬১ চনৰ ১৮ অক্টোবৰত নগাঁও জিলাৰ ফুলগুৰিত, যাক ‘ফুলগুৰি ধোৱা’ বুলি জনাজাত৷ ঠিক সেইদৰে ১৮৯৪ চনত খাজনা বৃদ্ধিৰ বিৰুদ্ধে মঙ্গলদৈ অঞ্চলৰ পথৰুঘাটতো কৃষক বিদ্ৰোহে ব্যাপক ৰূপ ধাৰণ কৰিছিল৷ এনে বৰ্ধিত খাজনা আদায়ৰ বিৰুদ্ধে কামৰূপ জিলাৰ ৰঙিয়া, লাচিমা আৰু সৰুক্ষেত্ৰীৰ দুখীয়া খেতিয়ক ৰাইজেও ৰাইজমেলৰ জৰিয়তে ১৮৯৩-৯৪ চনত প্ৰকাশ্যভাৱে বিদ্ৰোহ ঘোষণা কৰিছিল৷ ব্ৰিটিছ শাসকশ্ৰেণী আৰু সিহঁতৰ লগৰীয়া ইউৰোপীয় পুঁজিপতি চাহ-মালিক গোষ্ঠীৰ নিৰ্মম শোষণ-লুণ্ঠন আৰু দমন চৰিত্ৰৰ বাবেই এই কৃষক বিদ্ৰোহবোৰে অসমত মূৰ দাঙি উঠিবলৈ সুবিধা পাইছিল৷

উপসংহাৰ

ওপৰৰ আলোচনাৰ পৰা ঊনবিংশ শতিকাৰ ঔপনিৱেশিক অসমত আহোম পাইক ব্যৱস্থাৰ পৰা উদ্ভুত সামন্তীয় অৰ্থনীতিৰ পৰা ব্ৰিটিছে প্ৰবৰ্তন কৰা পুঁজিবাদী অৰ্থনীতিলৈ কেনেকৈ বিৱৰ্তন ঘটিছিল তাৰ এটি চমু আভাস পাঠকসমাজে অনুধাৱন কৰিব পাৰিব৷ পুঁজিবাদী অৰ্থনীতি আৰু আধুনিক শিক্ষাই অসমীয়া সমাজ জীৱনৰ গাঁথনিলৈও আনিলে এক বিৰাট পৰিৱৰ্তন৷ এনে নতুন অৰ্থনীতি আৰু আধুনিক শিক্ষাৰ প্ৰসাৰৰ ফলত অসমত আৱিৰ্ভাব ঘটিল এটি অসমীয়া মধ্যশ্ৰেণী যিটো শ্ৰেণী বহু পৰিমাণে ব্ৰিটিছ শাসকশ্ৰেণীৰ অনুৰক্ত হৈ পৰিছিল৷ পূবৰ্ৰ সzান্ত আৰু আঢ্যৱন্ত শ্ৰেণীটো এই মধ্যশ্ৰেণীত অন্তৰ্ভুক্ত হৈ পৰিল৷ব্ৰিটিছ শাসকে নতুনকৈ প্ৰৱৰ্তন কৰা জমিদাৰীতন্ত্ৰত এওঁলোক অংশীদাৰী হৈ পৰিল৷ এনে মধ্যশ্ৰেণীৰ বহুতেই চাহ-বাগানো প্ৰতিষ্ঠা কৰিছিল৷ মন কৰিবলগীয়া কথাটো হ’ল যে ইংৰাজ শাসক শ্ৰেণীয়ে অসমীয়া মধ্যশ্ৰেণীক আমোলা হিচাপে গিI. তুলি তেওঁলোকৰ শাসন-শোষণৰ সহযাত্ৰী কৰি ল’বলৈ বিচাৰিছিল৷ অসমীয়া মধ্যবিত্তই ব্ৰিটিছ পুঁজিপতি শ্ৰেণীটোৰ প্ৰতিদ্বন্দ্বী হোৱাটো ঔপনিৱেশিক শাসক-শোষক গোষ্ঠীয়ে কস্মিনকালেও বিচৰা নাছিল৷ কিন্তু ঊনবিংশ শতিকাতে পুঁজিবাদী অৰ্থনীতিৰ প্ৰতি মণিৰাম দেৱান আকৰ্ষিত হৈ পৰিছিল৷ এই সন্দৰ্ভত আমি এঠাইত লিখিছোঁ : “দেৱানে যদিও সামন্তবাদী সংস্কৃতিৰ মোহ বৰ্জন কৰিব পৰা নাছিল আৰু সামন্তবাদী তথা সম্ভ্ৰান্ত শ্ৰেণীয়ে ভোগ কৰা লগুৱা-লিক্চৌৰ পৰা আৰম্ভ কৰি অন্যান্য বিষয়সমূহ ব্ৰিটিছ চৰকাৰে বিলোপ কৰাত তেওঁ যদিও ক্ষুণ্ণ হৈ অভিযোগ কৰিছিল তথাপি ব্ৰিটিছ চৰকাৰৰ তলত কাম কৰি তেওঁ এই কথা বিI.য়াকৈ বুজি পাইছিল যে সামন্ততন্ত্ৰলৈ পুনৰ উভতি যোৱাটো আৰু কেতিয়াও সম্ভৱ নহয়৷ সেয়েহে তেওঁ পুঁজিবাদী অৰ্থনীতিক শুভাগমন জনাবলৈ  বাধ্য হৈছিল৷ অসমত ব্ৰিটিছ পুঁজিৰ প্ৰচলন, চাহ শিল্পৰ প্ৰতিষ্ঠা, উৎপাদনক্ষম উন্নত যন্ত্ৰ-পাতিৰ প্ৰচলন আৰু সেইবোৰৰ অভিনৱ কাণ্ড-কাৰখানাই  মণিৰাম দেৱানক যথেষ্ট চমৎকৃত কৰি তুলিছিল আৰু তাৰ প্ৰভাৱতেই শেহলৈ তেওঁ নিজেও চিংলৌ আৰু চেনিমৰাত দুখন চাহ বাগিচা খুলি প্ৰথম অসমীয়া চাহ খেতিয়ক আৰু থলুৱা পুঁজিপতিৰূপে পৰিচয় দিছিল৷ অকল সেয়ে নহয় দেৱানে ব্যৱসায়-বাণিজ্যৰ সুবিধাৰ্থে বিভিন্ন ঠাইত হাট বহুৱাৰ উপৰি অসমত লোৰ পুং, সোণ কমোৱা আদি ব্যৱসায়ো কৰিবলৈ লৈছিল৷”৩২

  মণিৰামৰ উপৰিও ঊনবিংশ শতিকাৰে আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱা, বলিনাৰায়ণ বৰা আদিয়েও পুঁজিবাদী অৰ্থনীতিক আদৰণি জনাইছিল৷ লাহে লাহে অসমীয়া মধ্যশ্ৰেণীয়ে চাহ ব্যৱসায়ৰ পৰা আৰম্ভ কৰি মৰাপাট, কপাহ, সৰিয়হ, ছাপাখানা, কাঠ আদিৰ ব্যৱসায় কৰিবলৈ ধৰিলে৷ নামনি অসমত অসমীয়া মধ্যশ্ৰেণীয়ে

কৰা ব্যৱসায়-বাণিজ্যৰ সম্পৰ্কত বিশিষ্ট মাক্সৰ্বাদী চিন্তাবিদ-গৱেষক অনিল ৰায় চৌধুৰীদেৱে উল্লেখ কৰিছে : “চাহ বাগিছা খোলৰ প্ৰচেষ্টা, কপাহৰ গুটি গুচোৱা কল স্থাপনৰ প্ৰচেষ্টা আদি নামনি অসমত কিছুসংখ্যক উদীয়মান নিম্ন মধ্যবিত্তই উনৈশ শতিকাৰ শেষাদ্ধৰ্ত কৰা দেখা যায়৷ গাৰোপাহাৰ, খাচীপাহাৰ এলেকাত তথা কামৰূপ আৰু গোৱালপাৰাৰ দক্ষিণ সীমাৰ বনাঞ্চলত কাঠ কাটি কাঠৰ ব্যৱসায় কৰাৰ বাবেও বহুতে চেষ্টা কৰিছিল; কিন্তু তেওঁলোকৰ মূলধন কম, পাকৈত থলুৱা বনুৱা শ্ৰেণীৰ অভাৱ, সেইবোৰ অঞ্চলৰ অতি অস্বাস্থ্যকৰ পৰিবেশ, কলাজ্বৰ আদিৰ প্ৰকোপত লোকচান ভৰি সেইবোৰ এৰিবলগীয়া হয়৷ অৱশ্যে অতি কম পৰিসৰত কাঠৰ ব্যৱসায় দক্ষিণ কামৰূপ অঞ্চলত কিছুমানে কৰি আছিল৷ জংঘলী হাতী ধৰা ব্যৱসায়তো গৌৰীপুৰৰ জমিদাৰকে ধৰি অলপ সংখ্যক লোকে লিপ্ত আছিল৷”৩৩

  কিন্তু এইখিনিতে এটা কথা লক্ষ্য কৰাটো ভাল যে ব্ৰিটিছ পুঁজিপতি বণিকসকলৰ আগত অসমৰ দুবৰ্ল ব্যৱসায়ীসকল তিষ্ঠি থাকিব নোৱাৰিছিল৷ব্ৰিটিছ শাসক আৰু পুঁজিপতি শ্ৰেণীৰ উভয়ে ক্ৰমাৎ উন্নতি হ’বলৈ ধৰা অসমৰ ব্যৱসায়ীসকলক জোৰজবৰদস্তি কৰি হয় তেওঁলোকৰ তলতীয়া কৰি ৰাখিব বিচাৰিছিল নহয় নানা ছল চাতুৰী কৰি অসমীয়া ব্যৱসায়ীসকলৰ ব্যৱসায়ক নিজৰ হাতৰ মুঠিলৈ লৈ গৈছিল৷  উদীয়মান ব্যৱসায়ীৰূপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ বিচৰা মণিৰাম দেৱানৰ শেষ পৰিণতিয়েই ইয়াৰ প্ৰমাণ দাঙি ধৰে৷ আচৰিত কথা এইটোহে যে সাম্ৰাজ্যবাদীৰ এনে ববৰ্ৰ ঔপনিৱেশিক শোষণ-লুণ্ঠন আৰু ছল-চাতুৰীৰ প্ৰতি অসমীয়া মধ্যশ্ৰেণী বৰ বেছি মনোযোগী নাছিল; বৰং বহুতেইতো ঔপনিৱেশিক শাসনৰ সুফলক প্ৰশংসাহে কৰিছিল৷ সি যি কি নহওক, ব্যৱসায়-বাণিজ্য কৰি অসমীয়া মধ্যশ্ৰেণীটো কিছু পৰিমাণে সম্পদশালী হ’লেও, কৃষি-নিৰ্ভৰ অসমৰ গ্ৰাম্য সমাজখনৰ অৰ্থনৈতিক জীৱন বিশেষ পৰিৱৰ্তন হোৱা পৰিলক্ষিত নহ’ল৷ অসমীয়া মধ্যশ্ৰেণী এই ক্ষেত্ৰত নিৰুদ্বেগ আৰু নিৰুত্তাপ হৈ থাকিল৷ আনকি সংগত কাৰণত হোৱা বিভিন্ন কৃষক-বিদ্ৰোহতো তেওঁলোকৰ ভূমিকা আছিল অনুৎসাহজনক৷ তদুপৰি পুঁজিবাদী অৰ্থনীতিয়ে  অসমীয়া সমাজখনক এক বহল পৰিসৰলৈ লৈ গ’লেও তাত বহু সামন্তীয় উপাদান ৰৈ গ’ল৷ সামন্তীয় জাতিভেদ প্ৰথা কেৱল ঊনবিংশ শতিকাতেই নহয়, বিংশ শতিকাতো অসমত দপ্দপাই থাকিল৷ ঊনবিংশ শতিকাত ইংৰাজ শাসকশ্ৰেণীয়ে অসমৰ হৈ যি উন্নতি সাধন কৰিছিল সি তেওঁলোকৰ শোষণ-শাসনৰ স্বাৰ্থতহে কৰিছিল; অসমৰ জনগণৰ স্বাৰ্থৰ কথা চিন্তা কৰি যে কৰা নাছিলঃ সেই কথা বুজি উঠিবলৈ বহু অসমীয়া মধ্যবিত্তৰ এতিয়াও বাকী!

  পৰিশেষত ইয়াকে ক’ব পাৰি যে সাম্ৰাজ্যবাদী শ্ৰেণীৰ নতুন প্ৰশাসন যন্ত্ৰৰ তলত অসমে বাট বুলিবলৈ ল’লেও, অন্তিম বিচাৰত সেই প্ৰশাসনে আৰ্থ-সামাজিক দিশত সৃষ্টি কৰা নানা দ্বন্দ্ব-সংঘাতৰ বিশেষকৈ কৃষিকেন্দ্ৰিক সংকটৰ (agrarian crisis) মাজেৰে ঊনবিংশ শতিকাটোৰ পৰিসমাপ্তি ঘটিল৷

সূত্ৰ নিৰ্দেশ

১]   হিৰণ্ময় বৰপূজাৰী (ড° হিৰণ্ময় বৰপূজাৰী): The Comprehensive History of Assam, VOL- II; পৃ. ৮৭; Publication Board    Assam, Guwahati; ২০০৩।

২]   ড°অমলেন্দু গুহ:বৈষ্ণৱবাদৰ পৰা মায়ামৰীয়া বিদ্ৰোহলৈ; পৃ.৮১; ষ্টুডেণ্টচ্    ষ্ট’ৰচ্, গুৱাহাটী; ১৯৯৩।

৩]   ড°অমলেন্দু গুহৰ উপৰি-উক্ত গ্ৰন্থ; পৃ.৮৮।

৪]   ড° অমলেন্দু গুহৰ উপৰি-উক্ত গ্ৰন্থ; পৃ.৮৪।

৫]   ড° অমলেন্দু গুহৰ উপৰি-উক্ত গ্ৰন্থ; পৃ.৮৭।

৬]   Amalendu Guha: Medieval and Early Colonial Assam; PP. ১৪৪-১৪৫; K.P. Bagchi এণ্ড কোম্পানী, কলিকতা; ১৯৯১।

৭]   হিৰণ্ময় বৰপূজাৰী: Assam in the days of the company;

পৃ. ২২৬; North-Eastern Hill University Publication, শ্বিলং; ১৯৯৬।

৮]   গুণাভিৰাম বৰুৱা: আসাম বুৰঞ্জী, পৃ.১২০-১২১; অসম প্ৰকাশন পৰিষদ, গুৱাহাটী; ১৯৭২।

৯]   সুভাষ সাহা [সম্পাদনা]: অসমৰ স্বাধীনতা সংগ্ৰাম, প্ৰথম ভাগ [১৮৫৭-১৯০০]; পৃ.১২৫; জাগীৰোড মহাবিদ্যালয়, ১৯৯১।

১০]  টি.এম. মফাট মিল্ছ: Reports on the province of Assam; পৃ. ৪৫৬; Publication Board, Assam, Guwahati; ১৯৮৪।

১১]  হিৰণ্ময় বৰপূজাৰী: Assam in the days of the company; পৃ. ২৩০।

১২]  Amalendu Guha: Medieval and Early Colonial Assam; পৃ.২৮৫।

১৩]  Amalendu Guha: Planter Raj to Swaraj; PP.৪৫-৪৬; Tulika Books; New Delhi; ২০১৪।

১৪]  ড° অমলেন্দু গুহ: মেডিয়েল এণ্ড আৰ্লী কলোনিয়েল আছাম, পৃ.২৮৫।

১৫]  লক্ষ্মীনাথ তামুলী: ভাৰতৰ স্বাধীনতা সংগ্ৰামত অসমৰ অৱদান, পৃ.৫৫; ৰূপহী প্ৰকাশন, যোৰহাট; ১৯৮৮।

১৬]   ড° অমলেন্দু গুহ: মেডিয়েল এণ্ড আৰ্লী কলোনিয়েল আছাম, পৃ.১৪৬।

১৭]   ইবিড, পৃ.১৪৭।

১৮]   ইবিড, পৃ.১৪৮।

১৯]   কে.বৰপুজাৰী: আছাম ইন দ্য ডেজ অৱ দ্য কোম্পানী, পৃ.২৪৪।

২০]   অমলেন্দু গুহ:মেডিয়েল এণ্ড আৰ্লী কলোনিয়েল আছাম, পৃ.১৫৪।

২১]   ড° অঞ্জন বৰুৱা: বিশ্ববন্দিত চাহশিল্প; পৃ.১৯৭-৯৮; যোৰহাট; ১৯৯১।

২২]   উপৰি-উক্ত গ্ৰন্থ; পৃ.১৭৯।

২৩]   উপৰি-উক্ত গ্ৰন্থ; পৃ.১৪০।

২৪]   উপৰি-উক্ত গ্ৰন্থ; পৃ.২২৪।

২৫]   অমলেন্দু গুহ: মেডিয়েল এণ্ড আৰ্লী কলোনিয়েল আছাম, পৃ.১৮৯।

২৬]   ইবিড, পৃ.১৯২-৯৩।

২৭]   ড°হীৰেন গোহাঁই: সাহিত্য আৰু চেতনা; পৃ.৪২; লয়াৰ্ছ বুক ষ্টল, গুৱাহাটী, ১৯৯১।

২৮]   অমলেন্দু গুহ: মেডিয়েল এণ্ড আৰ্লী কলোনিয়েল আছাম, পৃ.২৬৩।

২৯]   সুভাষ সাহা (সম্পাদনা): অসমৰ স্বাধীনতা সংগ্ৰাম, প্ৰথম খণ্ড; পৃ.১০৯।

৩০]   অমলেন্দু গুহ: মেডিয়েল এণ্ড আৰ্লী কলোনিয়েল আছাম, পৃ.১৯৩।

৩১]   এছ. কে. বৰপুজাৰী (ড॰ এছ.): দ্য কম্প্ৰিহেনচিভ হিষ্ট্ৰী অৱ আছাম, খণ্ড-৫, পৃ.২০; পাব্লিকেশ্বন বৰ্ড আছাম, গুৱাহাটী, ২০০৪।

৩২]   শৈলেন বৰকটকী: অসমীয়া মধ্যশ্ৰেণী; পৃ.১৪১; নৱজীৱন প্ৰকাশ, গুৱাহাটী, ২০০০ চন।

৩৩]  অনিল ৰায়চৌধুৰী: নামনি অসমৰ মধ্যশ্ৰেণী; পৃ.১২০; বৰুৱা এজেঞ্চী, গুৱাহাটী, ১৯৯৮ চন

শৈলেন বৰকটকী

ফোন: ৯৮৬৪০২৬৩৯১

অন্যান্য

THE ESSENCE OF MANAGEMENT SYSTEM STANDARDS

The purpose of existence of any organization is to satisfy the requirements of its customers and stakeholders. Customers are anyone who receives product(s) and/or service(s). They accept product(s) and/or service(s) because they have need(s). The organization can…

From Muscat to Baku

From Muscat to Baku

Azerbaijan a country where mountains, desert and sea coexists having its borders with four countries and the sea. From cobblestone streets, fortress walls, Zoroastrian fire temples to Islamic architectures, from streets once passed by the Silk Road traders to the…