জ্যোতিস্মৰণ: অসমীয়া আধুনিক সংগীত আৰু জ্যোতি প্ৰসাদ: লোকনাথ গোস্বামীৰ দৃষ্টিৰে

(সঞ্জীৱ সভাপণ্ডিতৰ লগত হোৱা কথোপকথনৰ ভিত্তিত)

(সঞ্জীৱ সভাপণ্ডিতৰ লগত হোৱা কথোপকথনৰ ভিত্তিত)

   ১৮৮৮ চনৰ আগলৈকে অসমীয়া গানৰ অস্তিত্ব নাছিল বুলিয়েই ধৰিব লাগে। অসমীয়া গানৰ ৰচনাৰ কথা ওলালেই অনেক কৃতবিদ্য ভদ্ৰলোকে ইতিকিং কৰি কৈছিল- চিপৰাং,খাস্তাং, টুক্ৰং লাৱৰিং আদি শব্দৰ দ্বাৰা যি ভাষা গঠিত, সেই ভাষাৰে গান নহয়। সেই দেখি সেই সময়ত বঙলুৱা খেমতা গান, বাটে-বজাৰে সাধাৰণ মানুহৰ মুখতো শুনিবলৈ পোৱা গৈছিল।
১৮৮৮ চনত সত্যনাথ বৰাই যিখন গীতৰ পুথি লিখিছিল-গীতাৱলী নামেৰে-তাতো তেওঁৰ নিজৰ নাম দিবলৈ সাহ কৰা নাছিল, বৰং এজন অসমীয়াৰ দ্বাৰা প্ৰণীত বুলিহে লিখিছিল। তেওঁ গীতৰ আৰ্হিও আছিল এনেকুৱাহে-

আজি মজাৰচে পেটুৱা,পেটভৰি খা
পেটভৰি পেটভৰি পেটভৰি খা
ঔ থেকেৰা টেঙা
ৰহৰ দি দাল
আলু ভজা খাব মজা পকা খৰিচা।

ৰংগমঞ্চৰ নাটৰ বিৰতিৰ সময়ছোৱাত এজন বহুৱাই নানান অংগী-ভংগীৰে দৰ্শকৰ মনৰ খোৰাক যোগাবলৈ এনে গানৰ আশ্ৰয় হৈছিল।
এইবিলাক গানৰ কোনো সাহিত্যিক মূল্য নাই, আছে ঐতিহাসিক মূল্যহে কাৰণ অসমীয়া ভাষাত গানক সুৰত তুলি মঞ্চত পৰিৱেশনৰ ক্ষেত্ৰত থকা দ্বিধা-সংকোচ এনেদৰেই প্ৰথমে আঁতৰ হৈছিল।
১৮৬৫ চনত জন্ম লাভ কৰা লক্ষ্মীৰাম বৰুৱা, বান থিয়েটাৰ তেজপুৰৰ কলিবাৰীত জন্ম হোৱা সময়তে, তাৰ গান মাষ্টৰ হিচাপে নিযুক্ত হয়। তাৰ আগলৈকে তেজপুৰৰ অসমীয়া আৰু বাঙালী মিলি মানুহবিলাকে বাঙালী নাটককে তেজপুৰত কৰিছিল কিন্ত অসমীয়া মানুহ কেইজনে অতি নিকৃষ্ট গুৰত্বহীন চৰিত্ৰ কিছুমান পাইছিল। সেই খঙতেই কলিবাৰীত বাণ ৰংগমঞ্চৰ(পৰৰ্ৱতী সময়ত বাণ থিয়েটাৰ) জন্ম হৈছিল। টকা-পইচাৰ যোগান ধাৰিছিল আসমীয়া ভাষা উন্নতি সাধিনী সভাই। এফালে পূজা হৈছিল, এফালে নাটক হৈছিল। লক্ষ্মীৰাম বৰুৱাই দায়িত্ব লৈয়েই চাৰিওফালে প্ৰচাৰ কৰি দিলে আৰু লগতে বিজ্ঞপ্তিও দিলে যে কোনোবাই যদি কিবা গীত লিখিছে, কাৰোবাৰ হাতত যদি কিবা গান আছে, তেওঁক দিব পাৰে।
বহুত গান গোট খালে সেইবোৰ অধ্যয়ন কৰি আৰু বহুত অন্য জ্ঞানৰ সহায়ত তেওঁ ১৯০৯ চনত সংগীত কোষ (৪০০পৃষ্ঠাৰ) নামৰ এখন গ্ৰন্থ প্ৰকাশ কৰে ৪২২টা গীতৰ সৈতে। পদ্মনাথ গোঁহাঞি বৰুৱাই আসাম বন্তিত লিখিলে যে ‘ইশ্বৰৰ ইচ্ছাত অসমীয়া সংগীতৰ নাম ল'বলৈ অন্তত: কিবা এটা হ'ল’।
১৯১৬ চনত সূৰ্যকুমাৰ ভূঞাই লিখিলে যে অন্তত: এতিয়া ‘তুমি কাদেৰ কুলেৰ বৌ’নামৰ বাঙালী গানটো ‘তুমি কাৰনো জীয়াৰী হৈ’ অসমীয়া গানৰ মজিয়াত থিয় হ'লহি।কিন্তু সেই ১৯১৬চনতে জ্যোতি প্ৰসাদে কৈ পেলালে যে ‘আৰ ছিগা চুলি, তাৰ ছিগা চুলিৰে বান্ধি থোৱা নেঘেৰী খোপা’ মোক নালাগে। এনেকে নহ'ব । নতুন ঘৰ সাজিবলৈ হ'লে মই এডাল মাৰলি, এটা খুঁটা সলালে নহ'ব, মই লাইখুটাকে সলাব লাগিব। মেঘনাদ বধ, নৰকাসুৰ,বেউলা-লক্ষীন্দৰ চলিছে চলক- কোনোবাই কৰিছে কৰক ।কিন্তু মই অতীত সন্ধানীহে হ’ম অতীতমুখী নহওঁ ।পৰম্পৰা মই মন্থন কৰি নাথাকোঁ। যিকণ ৰাখিব লাগে ৰাখিম বাৰু: কিন্তু তাতকৈ এক ইঞ্চিও বেছিকৈ নহয় ।মানুহে ভাওনাৰ বচন মতি আছে মাতি থাকক,বনগীত- বৰগীত দেহ-বিচাৰৰ গীত, নিচুকণি গীত, টোকাৰি গীত, পল্লী গীত গাইছে, গাই থাকক।মই তাত সোমাবলৈ নাযাওঁ, সেইটো মোৰ কামো নহয়। পুৰণিক মই পুনৰ গঢ়িবলৈকো নাযাওঁ; মই নতুন সৃষ্টিহে কৰিম। অমিতাক্ষৰ ছন্দ নহ'লে গান নচলে বুলি মোক কোনোবাই কৈছে, কিন্তু মই জানো যে আধুনিকতাই সেই দাবী নকৰে।
তেওঁ ঘৰৰ পেডেল অর্গেনটোত হাত থ'লে-চকু মুদিলে-শুনিলে অতীতৰ পৰা বৈ অহা শব্দমঞ্জৰী-তেওঁৰ আঙুলিয়ে নাচিবলৈ ল'লে নতুনৰ আৱাহনত চাৰেগামা, ড'ৰেমি লৈ উজান-ভাটি কৰিবলৈ ধৰিলে। আৰু এপাহ এপাহকৈ নৱ প্ৰজন্মৰ গানৰ সাতসৰী ভূমিষ্ঠ হ'ল। তেওঁৰ নাটকে প্ৰাণ পালে, তেওঁৰ চৰিত্ৰ উজ্জীৱিত হ'ল- তেওঁৰ শিল্পীৰ পৃথিৱীৰ সৃষ্টি হ'ল, ৰৈ বৈ গ'ল তাৰ অমিয়া ঝংকাৰ। সৃষ্টি হ'ল জ্যোতি সংগীত-একক, স্বকীয় আৰু বেলেগ।

গানৰ যোগেদি জ্যোতিপ্ৰসাদ হৈ পৰিল মহাপুৰুষ দুজনাৰ পিছতে আটাইতকৈ শক্তিশালী Social Entrepreneur। নতুন সমাজ গঢ়াৰ অংগীকাৰেৰে যুৱক-যুৱতী উদ্বুদ্ধ হ'ল । তেওঁলোকৰ বুকুৰ ধপধপনিৰ লগত জ্যোতিপ্ৰসাদৰ গানৰ Rhythm মিলি গ'ল-
তই সাজু হ সাজু হ নৱজোৱান,
তই কৰিব লাগিব অগ্নিস্নান।
He transferred the responsibility to change the society to the new generation in no uncertain words. তেওঁ ৰণাংগন দেখুৱাই দিলে, সতীৰ্থ চিনাকি কৰি দিলে, শক্তিৰ উৎস যে জনতা সেইটোও বুজাই দিলে, যুদ্ধৰ কৱচ যে মনৰ সুন্দৰতা সেইটোও শিকাই দিলে।
তেওঁ আগলৈকে কোনো অসমীয়া লেখক-কবি-সাহিত্যিক-নাট্যকাৰে এনেকে মানুহক আৱাহন কৰা নাছিল- ‘সুন্দৰে যে ফুলাৰ মন্ত্ৰ, অহোৰাত্ৰি মাতে-সেযেহে ইমান ফুল প্ৰভাতে প্ৰভাতে’ বুলি।
চোৱা আৰু দেখাৰ মাজত থকা পাৰ্থক্যকো তেওঁ ফঁহিয়াই দিলে- কোন শত্ৰু, কোন মিত্ৰ, কি লক্ষ্য, কি উদ্দেশ্য, কি দেশ, কি মানুহ তেওঁৰ নিচিনা স্পষ্ট মানৱীয়তা আন কাৰ সাধ্য আছিল?

বিদেশলৈ গৈ-অজস্ৰ মানুহৰ সান্নিধ্যলৈ আহি-দুখুনী অসম মাতৃৰ বুকুলৈ ৰূপান্তৰৰ বীজমন্ত্ৰ কেনেকৈ আনিব পাৰি তেওঁৰ মনে অস্থিৰ হৈ দেদাউৰি পাৰি ফুৰিছিল। সেয়ে তেওঁ নিজে সুৰ্যোদয়-সূৰ্যাস্তৰ খবৰ ৰখাতকৈ-ঘড়ীৰ কাঁটাৰ অলস গতি চাই থকাতকৈ, দিনে-ৰাতিয়ে কামৰ মাজতে নিজক বুৰাই ৰাখিছিল।
আনকি কৰ্কট ৰোগাক্রান্ত হৈ ডিব্ৰুগড়ৰ তামোলবাৰী বাগিচাত জিৰণি লৈ থকাৰ সময়তো তেওঁ জীৱনটোৰ কৰ্মৰাজি জুকিয়াবলৈকে কাম কৰি আছিল।শাৰিৰীক অসুস্থতাৰ বাবে তেওঁ বহুত গানৰ (তামোল বাৰীত লিখা) স্বৰলিপিতো বাদেই সুৰো দিব পৰা নাছিল। সেয়ে শ্বিলঙৰ পৰা চিঠি লিখিও, নিৰ্মল চক্ৰবৰ্তীক সেইবিলাকৰ যাতে আলৈ-আথানি নহয় তাৰ দায়িত্ব দিছিল। ‘মোৰ বুকুৰ তেজেৰে লিখা গান, চকুৰ পানীৰে নমচিবি, চকুৰ পানীৰে লিখা গান মোৰ,আলৈ-আথানি নকৰিবি’। ভৰত বৰপূজাৰীৰ লগত জয়মতী আৰু ইন্দ্ৰমালতীৰ নতুন সংস্কৰণৰ বাকী থকা কাম কৰিছিল। আনজন বন্ধু নগেন কাকতিৰ লগত তেওঁ পাতিছিল IPTAৰ পৰা প্ৰাপ্ত Christopher Caudwellৰ Illusion and Reality আৰু Studies in a Dying Cultureৰ কথা। এই মানুহ সলনি কৰা কিতাপ দুখন তেওঁ মৃত্যুৰ সময়লৈকে লগত ৰাখিছিল।
সেইবিলাকৰ মাজতো তেওঁ নাম সৃষ্টি কৰিছিল আকাশবাণীৰ বাবে-‘আইদেউৰ বুলনি’ বা ‘জোনাকী বাট’। অৱশ্যে যিকোনো বস্তু বা কথাৰ সুন্দৰ নামকৰণ তেওঁৰ সৰু কালৰে পৰা বৈশিষ্ট্য আছিল।
তেওঁ মন কৰিছিল যে সংগীত অসমৰ মানুহৰ জীৱনত যেনেদৰে থাকিব লাগিছিল তেনেদৰে নাই। গীৰ্জাবিলাকত থকা পিয়ান'খনৰ কথা তেওঁৰ সদায় ভাবিছিল। সেয়েহে তেওঁৰ ঐতিহ্য কিন্তু সন্ধানী পুনৰুত্থান বিৰোধী মনে গীতি কবিতাকে মানুহৰ মাজলৈ সবলভাৱে প্ৰবেশ কৰোৱাটোত গুৰুত্ব দিছিল। সাধাৰণ ধৰণে এনেয়ে বজাই থকা-চৰ্চা কৰিব লগা ধৰণে চৰ্চা নকৰা কথাবোৰ তেওঁ একেবাৰে পচন্দ নকৰিছিল। ঢোল বাদ্যটোও উত্তৰণৰ বাটৰ পথিক হ'ব পাৰে-তেওঁ বিশ্বাস কৰিছিল।
তেওঁৰ গান হিন্দুস্থানী ঠুংৰী, খেয়াল, আলাপ আদিৰ পৰা যেনেকে দূৰত আছিল তেনেকৈ পুৰণা অসমীয়া গান (যেনে কীৰ্তিনাথ শৰ্মা বৰদলৈ, আনন্দিৰাম দাস, পদ্মধৰ চলিহা আদিৰ) পৰাও দূৰৈত আছিল। কিন্তু তাকে কৰিবলৈ যাওঁতে তেওঁ পূৰ্বসুৰীসকলক যথাযথ সন্মান আৰু স্বীকৃতি দিবলৈ পাহৰা নাছিল। সেয়ে তেওঁ শোণিত কুঁৱৰীৰ পাতনিত তেখেতসকলক শ্ৰদ্ধাৰে সুঁৱৰিছে।সেইকাৰণে তেওঁৰ দেশপ্ৰেমমূলক গানবিলাক অম্বিকাগিৰী, নলিনীবালা দেৱী, নবীন চন্দ্ৰ বৰদলৈ, আদিৰ গানবিলাকতকৈ বহুত বেলেগ আছিল। সেইবিলাক গান ওঠত লাগি নাথাকে: কিন্তু ‘জননীৰ সন্তান’, ‘বিশ্ববিজয়ী নজোৱান' আদি গানবোৰ দিনে ৰাতিয়ে মনলৈ আহিয়ে থাকে। কাৰণ জ্যোতিপ্ৰসাদে মানুহৰ মৰ্ম স্পৰ্শ কৰিব পাৰিছিল।
জ্যোতিপ্ৰসাদে বৰ সঘনাই বিভিন্ন ঠাইলৈ গৈছিল-ফুৰিবলৈ বা ব্যৱসায়ৰ কামত বা সম্পৰ্ক পুনৰুৰ্জীৱিত কৰাৰ খাতিৰত। য'লৈকে গৈছিল, তেওঁ তাতে কিবা নহয় কিবা বিচাৰি পাইছিল বা তাৰ পৰা কিবা বুটলিবলৈ চেষ্টা কৰিছিল। তেওঁৰ সংগীতত (কথা আৰু সুৰত) তাৰ অলেখ অযুত উদাহৰণ পোৱা যায়। মাটিৰ গোন্ধ ল'বলৈ, তেওঁ য'লৈকে পাৰে, পৰাপক্ষত খোজকাঢ়ি গৈছিল। এবাৰ তেজপুৰৰ ওচৰৰ বেছেৰিয়া, ডেকাৰগাঁও,ডিপোটা আদিত ৰাস চাবলৈ যাওঁতে কৃষ্ণৰ ভাও লোৱা হলেশ্বৰ দেৱালয়ৰ পূৰ্ণ বৰঠাকুৰৰ নাক-মুখ-চকু দেখি মাতি আনি কাৰেঙৰ লিগিৰী নাটকত শেৱালীৰ চৰিত্ৰত অভিনয় কৰিবলৈ দিছিল। ব্ৰজ শৰ্মাই অসমত সহ অভিনয়ৰ পাতনি মেলিলেও, ছোৱালী বা মহিলাবিলাকে খুব এটা ভাল অভিনয় কৰিব পৰা নাছিল। Perfectionist জ্যোতিপ্ৰসাদে সেয়েহে এইজন মানুহক বাছনি কৰিছিল।
জ্যোতিপ্ৰসাদে তেওঁৰ নাটকবিলাকত যেনেদৰে সকলোবোৰ খুটি-নাটি মাৰি Detailed description সহ সকলো নিৰ্দেশনা দিছিল, তেওঁৰ গানতো সকলোবোৰ Notation যাতে শুদ্ধ ৰূপত উপস্থাপিত হয়, সেইবিলাকলৈ তেওঁ বৰ চকু দিছিল। ভূপেন হাজৰিকাৰ শব্দ উচ্চাৰণ, শব্দ প্ৰক্ষেপন, সুৰৰ মান- তাল-ধ্বনি ইমান শুদ্ধ হোৱাৰ অন্তৰালত জ্যোতিপ্ৰসাদৰ অৱদান নিঃসন্দেহে অনস্বীকাৰ্য্য।
অতবোৰ সাহিত্যিক সৃষ্টি কৰাৰ পিছতো কূপমুণ্ডক অসমৰ সুধীসমাজে জ্যোতিপ্ৰসাদক সাহিত্যিক বুলিয়েই স্বীকৃতি দিয়া নাছিল, যিটো পৰিস্থিতি তেওঁক IPTAৰ সভাপতি পাতিবলৈ প্ৰস্তাৱ লওঁতেও হৈছিল যে Indian People's Theatre Association এতিয়া Indian Tea Planters Association (ITPA)হ'বগৈ নেকি বুলি কটাক্ষ মাৰি। সেই একে পৰিস্থিতি হৈছিল অসম সাহিত্য সভাৰ মজিয়াত স্থান নোপোৱা কথাত।
সেয়ে জীৱন্ত কিংবদন্তী হৈয়ো জ্যোতিপ্ৰসাদ অসমৰ সাহিত্য জগতত অবহেলিত হৈয়েই থাকি গৈছিল। তদুপৰি IPTAৰ হেমাঙ্গ বিশ্বাস, বলৰাজ সাহানী আদি বামপন্থী ভাবধাৰাৰ মানুহ থকাৰ কাৰণেও শুচিবায়ুগ্ৰস্থ অসমৰ সাহিত্য সমাজে জ্যোতিপ্ৰসাদক Communist বুলিও তেওঁক প্ৰাপ্য অধিকাৰৰ পৰা বঞ্ছিত কৰিলে।
এই কথাৰ বিৰুদ্ধে, এটা বিস্ফোৰণ ঘটিছিল ১৯৮৩ চনত অসম সাহিত্য সভাৰ বঙাইগাঁও অধিৱেশনৰ সময়ত। মূল অধিৱেশনৰ সভাপতি আছিল বীৰেন্দ্ৰ কুমাৰ ভটাচাৰ্য্য আৰু সাংস্কৃতিক সন্ধিয়াৰ উদ্বোধন কৰাৰ দায়িত্ব আছিল ভূপেন হাজৰিকাৰ।
যথা সময়ত ফুলেৰে-চৰাইৰে সজ্জিত বাহন আহিল সভাপতিক নিবলৈ। দুজনী দিপলীপ গাভৰুৱে চোঁৱৰেৰে সভাপতিক দুয়োফালৰ পৰা বিচি থাকিল। ভূপেন হাজৰিকালৈ কাৰো খবৰ নাই। তেওঁক নিবলৈ কোনো নহা দেখি সভাপতিৰ গাড়ীখনৰ ড্ৰাইভাৰৰ কাষতে তেওঁ গৈ বহি ল'লেগৈ।আচলতে নিহাৰ চৰকাৰ নামৰ এজন ব্যক্তিয়ে BRPL অতিথিশালাৰ পৰা ভূপেন হাজৰিকাক মটৰ চাইকেলত বহুৱাই নিজে ড্ৰাইভাৰৰ কাষত বহুৱাই দিছিল।
সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিবলৈ উঠি মঞ্চৰ পৰা ভূপেন হাজৰিকাই কৈ উঠিল-শ্ৰদ্ধেয় ৰাইজ, এটা কথা মই আজি বহুদিনৰ পৰা ক'ম ক'ম বুলি ভাবি আছিলো— সেইটো হ'ল গীত লিখা মানুহবোৰক সাহিত্যিক বুলি গণ্য কৰা নহয়। অসমীয়া সাহিত্যৰ বুৰঞ্জীত জ্যোতি প্ৰসাদ-বিষ্ণু ৰাভাৰ নাম নাই। মনত ৰাখিব ৰবীন্দ্ৰনাথে গীত লিখিয়েই ন'বেল পুৰস্কাৰ পাইছিল।... গতিকে উন্নাসিক আত্মম্ভৰী সাহিত্যিকসকল, আপোনালোক মাটিলৈ নামক আৰু মাটিলৈ নামি আহি সৰু সৰু মানুহৰ সাহিত্য কৰক। গীতি সাহিত্যক সাহিত্য হিচাপে স্বীকৃতি নিদিয়াৰ কাৰণেই আজি জ্যোতি প্ৰসাদ এলাগী হৈ থাকিল। মই এলাগী হৈ আছোঁ। লক্ষ্মীনাথে অন্য একো নিলিখি এই গানকেইটা লিখা হ'লেও অমৰ হৈ থাকিলেহেঁতেন (প্রেম প্ৰেম বুলি জগত বলিয়া, মোৰ একেটি সুৰত বাঁহীটি বন্ধা, অ' মোৰ আপোনাৰ দেশ, সখীহে কি ক'মে দুখৰে কথা) অসমত বুজা মানুহ নাই-কোৱা মানুহ নাই-শুনা মানুহ নাই।
জ্যোতি প্ৰসাদ গীতি সাহিত্যিক হিচাপে অমৰ; কিন্তু বৃহত্তৰ পৰিসৰলৈ আমি তেওঁক আজিও নিব পৰা নাই। ভূপেন হাজৰিকাকো নোৱাৰিলো- জ্যোতি প্ৰসাদকো নোৱাৰিলো।

অন্যান্য

মধ্যৰাত্ৰে বেণু বাজে: অনুপম জীৱন-কথা অথবা সামাজিক দাপোন

মধ্যৰাত্ৰে বেণু বাজে: অনুপম জীৱন-কথা অথবা সামাজিক দাপোন

গতানুগতিক, নিৰাপদ আৰু প্ৰচলিত জীৱন ধাৰণৰ বিপৰীতে প্ৰগতিশীল, দূৰদৰ্শী, প্ৰত্যাহ্বানমূলক আৰু সৰ্বদা উৎসৰ্গীকৃত জীৱনশৈলীৰে ভীৰৰ মাজত অনুপম আদৰ্শৰ চানেকি প্ৰতিষ্ঠা কৰা মানৱীয় চৰিত্ৰসমূহে, কেতিয়াবা জীৱন কালতেই অথবা কেতিয়াবা হয়তো মৃত্যুৰ পিছত হ’লেও, সমাজত চৰ্চিত-বন্দিত আৰু…

জ্যোতিস্মৰণ: এজন নাট্যকাৰ হিচাপে জ্যোতি প্ৰসাদ-মোৰ দৃষ্টিত -নাট্যকাৰ-নাট পৰিচালক অবিনাশ শৰ্মাই যেনেকৈ ক’লে

জ্যোতিস্মৰণ: এজন নাট্যকাৰ হিচাপে জ্যোতি প্ৰসাদ-মোৰ দৃষ্টিত -নাট্যকাৰ-নাট পৰিচালক অবিনাশ শৰ্মাই যেনেকৈ ক’লে

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৰাম বিজয় নাটকৰ বহুদিন বিৰতিৰ পিছত গুণাভিৰাম বৰুৱাৰ ৰাম নৱমী আৰু ৰুদ্ৰৰাম বৰদলৈৰ কানীয়া কীৰ্তনেই অসমৰ ন্যট্য জগতৰ দুখন প্ৰথম উল্লেখযোগ্য নাটক।গুণাভিৰাম বৰুৱাই কলিকতাত থাকিয়েই পঢ়-শুনা কৰিছিল। সেই সময়ত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে বংগীয়…