জ্যোতিস্মৰণ: সাহিত্য সমালোচক আনন্দ বৰমুদৈৰ দৃষ্টিত জ্যোতি প্ৰসাদৰ সাহিত্য

(সঞ্জীৱ সভাপণ্ডিতৰ লগত হোৱা কথোপকথনৰ ভিত্তিত)

জ্যোতি প্ৰসাদৰ ক্ষেত্ৰত কিছুমান বিশেষ কথা মন কৰিবলগীয়া। প্ৰথমতে চাওঁ, তেওঁৰ নাটকবিলাকৰ নামবিলাকলৈ। শোণিত কুঁৱৰী, কাৰেঙৰ লিগিৰী, ৰূপালীম, লভিতা, সোণপখিলী, নিমাতী কইনা আদি নামবিলাকৰ যোগেদি তেওঁৰ নাৰী সচেতনতা ব্যাখ্যাতীত ভাবে প্ৰকাশ পাইছে। কিন্তু আমাৰ বহু সমালোচকে এই নাটকবিলাকত থকা পুৰুষ চৰিত্ৰবিলাকহে বেছি প্ৰাধান্য দিছে। 
পুৰুষৰ আত্মম্ভৰীতা-অহংকাৰ-দমনৰ মনোভাব-যিটো শাসকৰ বা সামন্তশ্ৰেণীৰ মানুহৰ চৰিত্ৰ সেইটো তেওঁ মণিমুগ্ধ আৰু সুন্দৰ কোঁৱৰৰ মাজেৰে যথেষ্ঠ সৱলভাৱে দেখুৱাই দিছে। তাতে তেঁওৰ চৰিত্ৰৰ নামকৰণো মন কৰিবলগীয়া । মণিমুগ্ধ, সুন্দৰ কোঁৱৰ- কেনে সুন্দৰ নাম; কিন্তু সুন্দৰতাৰ আঁৰত লুকাই থকা বীভৎসতা প্ৰকাশৰ যোগেদি তেওঁ বুজাবলৈ বিচাৰিছে যে ধনী-জমিদাৰ-সামন্ত-শোষকে জাক-জমক আৰু বাহ্যিক সুন্দৰতাৰ প্ৰলেপনৰ আঁৰতে থাকি বেয়া কামবোৰ কৰে। পুৰুষ চৰিত্ৰৰ নিষ্ঠুৰতা আৰু জিঘাংসা তেওঁ আঁৰ বেৰ নোহোৱাকৈয়ে দেখুৱাই দিছিল।
আধুনিক সময়ৰ পৰিপেক্ষিতত তেওঁ চৰিত্ৰবোৰ অংকন কৰা নাই। কোনো নিৰ্দিষ্ট স্থানক লৈয়ো তেওঁ ব্যতিব্যস্ত নহয়। তেওঁৰ সময়ত অসমৰ সমাজে আধুনিকতাৰ ফেঁহুজালি দেখাই নাছিল। তাৰ আভাসহে মাত্ৰ পাবলৈ আৰম্ভ কৰিছিল। গতিকে তেওঁ ৰজা ৰাজ্যৰ কথাৰেই প্ৰায়ভাগ নাটক লিখিছিল।
এইটো বিশেষভাৱে মন কৰিবলগীয়া এটা কথা যে তেওঁ বা তেওঁৰ পৰিয়ালে ইতিমধ্যে বহু ঠাই দেখিছিল, বহু মানুহ লগ পাইছিল। কলিকতাই ইতিমধ্যে ফৰাচী-পর্তুগীজ-ডাচ্চ-ব্ৰিটিছৰ সংস্পৰ্শলৈ আহি এক সামাজিক-সাংস্কৃতিক-সাহিত্যিক নবজাগৰণৰ বতাহ অনুভৱ কৰিছিল। কিন্তু অসমে যদিও ৰেললাইন-ৰেলগাড়ী-জাহাজ দুই এখন মটৰগাড়ী, চাহ বাগিছাৰ ফেক্টৰী দেখিছিল, সেইবোৰ সাধাৰণ মানুহৰ স্পৰ্শৰ পৰা বাহিৰত আছিল। সৰ্বসাধাৰণ মানুহে সেইবিলাকলৈ মুখকে নকৰিছিল। অসমীয়া মানুহ 'ভাওনা কেন্দ্ৰিকে'ই হৈ আছিল-ৰজা,ভগৱান,দেৱতা, অসুৰ, দৈত্য আদিয়েই, ধৰ্মৰ সৈতে একেলগে উপজীৱ্য আছিল। ভাৰতৰ নাটক-চিনেমাও তাৰ পিছতো বহুদিনলৈকে ধৰ্মীয় আখ্যান আদিৰেই(ৰজা হৰিচন্দ্ৰ, নল দময়ন্তী, শকুন্তলা, শকুনি, সতী বেউলা আদি) নিৰ্মাণ হৈছিল। সেইবিলাকেই মানুহক আকৰ্ষণ কৰিছিল।
জ্যোতি প্ৰসাদৰ বৈশিষ্ট্য এইখিনিতে আছিল যে পৃষ্ঠভূমি ৰজা-ৰাজকাৰেং হ'লেও তেওঁ তাৰ মাজত সাধাৰণ মানুহৰ আশা-আকাংক্ষা,দুখ-বেদনা,প্ৰেম-বিৰহ,যুক্তি-মুক্তিৰ কথাহে কৈছিল। ভগৱান বা দেৱত্বৰ ফালে তেওঁ যোৱা নাছিল।
আন এটা অতি সংবেদনশীল দিশ হ'ল-তেওঁৰ নাৰী চৰিত্ৰবোৰ extremely clear-headed আছিল। কাৰেঙৰ লিগিৰী নাটকত সুদৰ্শনে, লিগিৰী শেৱালিৰ কথা সুন্দৰ কোঁৱৰক কৈছে-‘তাই তোমাক ভাল পায়, জোনটোক যেনেকৈ মানুহে ভাল পায়; কিন্তু জোনটোক যেনেকৈ কোনেও পাবলৈ নিবিচাৰে, তোমাকো তাই তেনেকৈ পাবলৈ আকাঙ্ক্ষা নকৰে।’
সুন্দৰে কৈছে-তিৰোতাই ভাল নাপায়,তিৰোতাৰ ভালপোৱা এটা মিছা কথা। আকৌ এঠাইত কৈছে,-‘তিৰোতাই স্বাৰ্থৰ অগণিত ভাল পোৱা পুৰি ছাইসোপা আনি ক'ব-‘এয়া মোৰ ভালপোৱা।’
পুৰুষতান্ত্ৰিক সামন্তীয় সমাজে নাৰীক যে একমাত্ৰ ভোগৰ সামগ্ৰী বুলিহে ভাবে-মানৱীয় মৰ্যাদা দিবলৈ নিবিচাৰে, তাৰ প্ৰকৃষ্ট উদাহৰণ হৈছে সুন্দৰ কোঁৱৰ, যাৰ মুখত শুনা গৈছে-‘তিৰোতাৰ বুদ্ধি মূৰৰ পৰা নোলায়, পেটৰ পৰাহে ওলায়।’
আকৌ শুনিছোঁ- ‘তিৰোতা আৰু খোঁচৰা ব্যাধি একে বস্তু। তাৰ এবাৰ সংস্পৰ্শত আহিলেও, সি তোমাক জুৰি ল'ব। সেইকাৰণে মুক্তি আৰু শান্তি পিয়াসী মুনি- ঋষিসকলে, আমাৰ ধৰ্মৰ বহু শাস্ত্ৰই কামিনী কাঞ্চন ত্যাগ কৰি তাক দূৰতে বিদূৰ কৰিবলৈ কৈছে। তেওঁলোকৰ বহু গৱেষণা, চিন্তা আৰু অভিজ্ঞতাৰ ফলত আমি এনে এটা পন্থাৰ উদ্দেশ্য আমি পাইছোঁ যে, সেই পন্থা মোৰ মন:পুত যেতিয়া হৈছে, তোমালোকে বলেৰে মোক কিয় আন বাটেদি নিব খুজিছা?'
আকৌ কোনোবা এঠাইত কৈছে, 'কোনো নাৰীয়ে মোৰ জীৱন স্পৰ্শ কৰা নাই। মোৰ বাবে নাৰী পদুম পাতৰ পানীৰ দৰে।'
তাৰ বিপৰীতে নাৰী চৰিত্ৰৰ অভিমান-সমাজৰ প্ৰতি বিদ্ৰুপ, মনৰ গভীৰতা- সম্পৰ্কৰ সংবেদনশীলতাৰ ক্ষেত্ৰত জ্যোতিপ্ৰসাদ অনন্যভাৱে পৰিপক্ক আৰু Aristocratic।

কাঞ্চনমতীয়ে, অনংগই প্ৰেম নিবেদন কৰোঁতে কৈছে- আমাৰ দেশৰ ছোৱালীয়ে যাকেই ইচ্ছা অৱশ্যে তাকেই ভাল পাব পাৰে, কিন্তু যাকে ইচ্ছা তাকে বিয়া কৰাব নোৱাৰে।
...আই বোপাইৰ ইচ্ছাৰ ভিতৰেদিহে ইচ্ছা কৰিব পাৰোঁ। আপোনাৰ পাটীৰ তিৰোতা নোহোৱাকৈয়ে জানো আপোনাক মই ভাল পাব নোৱাৰে ?
প্ৰেম, ভালপোৱা, নৰ-নাৰী মাজৰ সম্পৰ্ক বিয়া বাৰুৰ ক্ষেত্ৰত সমাজৰ পৰম্পৰা তথা নীতি নিয়মৰ কঠোৰতা, বিভিন্ন মানুহৰ বিভিন্ন জীৱন বীক্ষা, ভুলৰ শুধৰণি, আত্মজাহ্ দিয়ো সত্য আৰু শুদ্ধতা প্ৰতিষ্ঠাৰ সংগ্ৰাম আৰু তাৰ অৱশ্যম্ভাবী পৰিণতিৰ কাৰুণ্য-বিষাদ আদিয়ে জ্যোতিপ্ৰসাদৰ নাটকক চিৰনতুন আৰু জীৱন্ত কৰি ৰাখিছে।
সেই কাৰণেই ‘to be or not to be, that is the question.’ বা ‘all the world is a stage, and we are mere actors’ লিখা শেক্সপীয়াৰ যেনেকৈ আধুনিক, ঠিক তেনেকৈ লভিতা নাটকত লভিতাই কোৱা-'আজি উপজিলেই আজিকালিৰ ল'ৰা হ'ব নোৱাৰি' সংলাপ,চিৰন্তন আধুনিকতাৰ প্ৰতিবিম্ব।
জ্যোতি প্ৰসাদে নৱম শ্ৰেণীত থাকোঁতেই শোণিত কুঁৱৰীৰ নাটকখন লিখিছিল। সেইটো বোধহয় ১৯১৬ চন আছিল। কিন্তু নাটকখন প্ৰকাশ হৈছিল ১৯২৫ চনতহে। ইয়াৰ কাৰণ হ'ল, নাটকখন দেউতাকে বাণীকান্ত কাকতিক চাবলৈ দিছিল ।সেই সময়ত অসমৰ শিক্ষিত সমাজৰ লগত অভিজাত আঢ্যৱন্ত পৰিয়ালবিলাকৰ আহ-যাহ আছিল। নৱৰংগ আগৰৱালা হাৰে হিমজুৱে ব্যৱসায়ী আছিল যদিও তেওঁ পুত্ৰ হৰিবিলাস আগৰৱাৰ পুত্ৰ পৰমানন্দ অগৰৱালা অসমীয়া সমাজ সাহিত্য-সংস্কৃতিৰ প্ৰতি সংবেদনশীল আছিল।' ‘ল'ৰাটোৱেনো কি লিখিছে' চাবলৈ সেইকাৰণে বাণীকান্ত কাকতিয়েই প্ৰথম পঢ়ুৱৈ হোৱাৰ সুযোগ পাইছিল। পণ্ডিত প্রৱৰ কাকতিয়ে গোটেই নাটকখনৰ প্ৰতিটো পৃষ্ঠাত অসংখ্য কটা কুটা কৰি শুধৰণিৰ আৰু উন্নতিকৰণৰ বাট দেখুৱাই দিছিল। তাতে লিখি দিছিল-‘এইকণ ঠিক নকৰিলে, ভাওনাগৃহৰ পৰা দৰ্শক উঠি যাবগৈ!’
মনত বৰ দুখ পালেও জ্যোতিপ্ৰসাদে তাৰ পিছত নাটকখনত বহুত সালসলনি ঘটাইছিল। কিন্তু ভিতৰি ভিতৰি বেছি শিক্ষিত-বেছি জ্ঞানী-বেছি পণ্ডিত মানুহৰ প্ৰতি তেওঁৰ মনত এটা বীতশ্ৰব্ধ ভাব সোমাই পৰিছিল, যিটো আমি তেওঁ নিমাতী কইনা নাটকত দেখিবলৈ পাওঁ।
ৰতনপুৰৰ ৰাজপ্ৰসাদত নিমাওমাও পৰিবেশ-ৰাজকুঁৱৰীয়ে মাত নামাতে। ৰত্নাৱলী, চন্দ্ৰাৱলী, ৰূপাৱলী, মুক্তাৱলী, চিত্ৰাৱলী, নিদ্ৰাৱলী আদি সখীসকলে বিভিন্ন গান গাই কথা কৈ চেষ্টা কৰিছেহে কৰিছে,একো ফল ধৰা নাই। বিমোৰত পৰি ৰজাই দেশ দেশান্তৰৰ মানুহক আহ্বান কৰি আনিছে। ৰজা আহিছে, ৰাজকোঁৱৰ আহিছে, সদাগৰ আহিছে, সুদৰ্শন যুৱক আহিছে। কোনেও পৰা নাই। এইখিনিতে জ্যোতিপ্ৰসাদে এক সাংঘাটিক বিচক্ষণতাৰ পৰিচয় দি সমাজৰ ‘গুণী মানুহৰ জকা দেখুৱাবলৈ বুলি’ এজন পণ্ডিতৰ অৱতৰণা কৰিছে আৰু তেঁওৰ চিনাকি কৰি দিছে এনেদৰে-সকলো শাস্ত্ৰৰে তত্ব-তথ্য পাই যাৰ মস্তিষ্ক উৰ্বৰ; কবি, কাব্যলেখক সকলোকে যি দেখুৱাই দিব পাৰে সুগুণ-দুৰ্গুণ; সৰ্ব দ্ৰষ্টাসকলক যি অঁহিয়াই ফঁহিয়াই কৰি দিব পাৰে চালি-জাৰি, ভোঁহাৰি, বিদাৰি ধুনাধুন; আলোচনা-বিলোচনা-সমালোচনাৰে কবিকো অকবি এৱেঁই কৰি দিব পাৰে; মূৰ্খয়ো কবিতা লিখি যদি তুষ্ট কৰে, টীকা-ব্যাখ্যা অন্বয়ৰে কৰি সমন্বয়, তাকো মহাকবি পাতি ওপজাৱ পাৰে এওঁ মহা বিস্ময়, গুণীক অগুণী পাতি, সাহিত্যৰ ৰাজ্য থাকে তুলা ধুনাদি ধুনি ধুনি; প্ৰবীণ লেখকবোৰে এওঁক কৰে ভয়, ন-লিখাৰুৰ যম জানিবা নিশ্চয়... সাহিত্য প্ৰস্তুত কৰা এওঁ মহাযন্ত্ৰ।
নোহোৱাক হোৱা কৰিব পৰা-হোৱাক নোহোৱা কৰিব পৰা এই তথাকথিত অহংকাৰী বিদ্যাবাগীশসকলক বৰ্ণনাৰ আতিশয্যৰে ডাঙৰ কৰি, চাল ছিগা ভিকহু বীণব'ৰাগী জনৰ ওচৰত খৰ্ব কৰি দিছে- এটা বৈপৰীত্য সৃষ্টিৰ দ্বাৰা বেছি impactful হোৱাকৈ। সমাজৰ কাৰণে এইটো বৰ ডাঙৰ শিক্ষা।
তেওঁ ভালদৰে বুজিছিল যে এটা ভাল সৃষ্টিক লৈ কৰা এটা ভাল সমালোচনাৰ বাবে যেনেকৈ এটা ভাল ভিত্তি লাগে, ঠিক তেনেকৈ এখন সুস্থ ভাল সমাজ গঢ়িবৰ বাবেও এক সঠিক মূল্যবোধ লাগে।নিমাতী কইনা অৰ্থাৎ সমাজত সুপ্ত হৈ থকা প্ৰতিভা-সম্ভাৱনা -বিপ্লৱ-জাগি উঠিবৰ বাবে সৰ্বপ্ৰথম প্ৰয়োজনীয় চৰ্তটো হ'ল মনৰ সুন্দৰতা। প্ৰকাৰান্তৰে তেওঁ গ্ৰীক দাৰ্শনিক প্লেট'ৰ Philospher Kingৰ ধাৰণাটোৰ কথাকে কৈছিল। শাসক গুণী জ্ঞানী সুন্দৰ মনৰ নহ'লে ৰজা তথা দেশ তথা মানুহৰ জীৱন ভাল হ'বই নোৱাৰে।
তেওঁৰ লিখনিত আন এটা গুৰুত্বপূৰ্ণ কথা অনুভৱ কৰা যায় আৰু সেইটো হ'ল দুখীয়া নি:স্ব-অৱহেলিত চাকৰ-বাকৰ-খেতিয়ক-জনজাতীয় সকলো মানুহৰ মুখত তেওঁ কথা দিছে, ভাল সংলাপ দিছে, কাকো তেওঁ বক্তব্যহীন কৰি ৰখা নাই। এইবিলাক যুগান্তকাৰী চিন্তা।
অনংগৰাম আৰু সুন্দৰ কোঁৱৰৰ মাজত এটা ভুল বুজাবুজি আঁতৰাবলৈ তেওঁ কাজিৰঙাৰ হাবিখনক পটভূমি হিচাপে অংকণ কৰিছে। মানুহৰ মন যেন প্ৰকৃতিৰ কোলাতহে ভয়হীন, শংকাহীন, স্পষ্ট আৰু নিৰ্মল হয়! এইবিলাকো বৰ উন্নত চিন্তা।
ঠিক তেনেকৈ তেওঁ সুন্দৰ কোঁৱৰৰ সমগ্ৰ জীৱনৰ নাৰীৰ প্ৰতি থকা বিদ্বেষ ঘৃণা মাতব্বৰীতাৰ, নগাপাহাৰৰ বুকুত সমাপ্তি ঘটাইছে। পাহাৰীয়া প্ৰাণঞ্চল জুৰিৰ কলকলনিয়ে তেওঁৰ মনৰ পংকিলতা ধুই নিছে। পাহাৰ অৰ্থাৎ জনজাতিৰ সৰলতাৰ বুকুতহে যেন সমতুল্য শাশ্বত জীৱন অংকুৰিত হয়।কিন্তু শেৱালিক বিচাৰি তেওঁ পাহাৰলৈ যাওঁতে পাহাৰে তেওঁক প্ৰশ্ন কৰিছে-তুমি ভৈয়ামৰ কলুষতা পাহাৰলৈ কিয় আনিছা? এইটো অৱাঞ্চনীয়।
ৰূপক সৃষ্টিত জ্যোতিপ্ৰসাদ অসমীয়া সাহিত্যত অদ্বিতীয় ।সাহিত্যৰ তত্ত্ব (Theory) অসমত শূন্য বুলি তেওঁ জানিছিলেই। সেয়েহে তেওঁ কল্পনা আৰু বাস্তৱৰ মাজত পৰিৱেশ সৃষ্টি কৰিছিল। যাতে তৰ্ক-য়ুক্তি-তত্বৰ পৰা আঁতৰি মানুহৰ হৃদয়ত তেওঁ প্ৰৱেশ কৰিব পাৰে। Realism, surrealism, imagination সকলো তেওঁ একাকাৰ কৰি পেলাব পাৰিছিল।
তেওঁৰ প্ৰতিটো বাক্যতে, প্ৰতিটো শব্দতে আমি এজন আজন্ম শিল্পীৰ অস্তিত্ব বিচাৰি পাওঁ যি অনবৰতে Relationship between life and literatureৰ সন্ধান কৰি থাকে। মানুহক তেওঁ প্ৰিয়তম বিষয় হিচাপেও লৈছে-জনতা মোৰ প্রাণৰো প্ৰাণৰ বুলি কৈ। আকৌ মানুহক তেওঁ প্ৰিয়তম বুলি কৈছে-জনতা তোক শত্ৰু বুলিও চাওঁ ওচৰত পাবলৈ।
লক্ষ্মীনাথ বেজবৰুৱাৰ লগত-এবাৰ কথোপকথনত-তেওঁৰ সমাজ ভাঙি, সমাজ গঢ়াৰ কথা প্ৰসংগত, লক্ষ্মীনাথে কৈছিল-সাহিত্য কাপুৰুষৰ কথা নহয়, সাহীয়াল মানুহেহে সাহিত্য সৃষ্টি কৰিব পাৰে।
জ্যোতিপ্ৰসাদে এই ‘সাহ’ বিশ্বসাহিত্যৰ বিশ্ব প্ৰেক্ষাপটৰ পৰাও পাইছিল। মিছ জুলি নামৰ এখন কিতাপত জুলি এজন ড্ৰাইভাৰৰ লগত পলাই যোৱা বুলি লিখিছিল। সেইটো সেই সময়ৰ অকল্পনীয় কথা আছিল। জ্যোতিপ্ৰসাদে মন কৰিছিল যে তাৰ পাছতো সমাজখন বা দেশখন ভাগি পৰা নাছিল।
গতিকে জ্যোতিপসাদে নতুন সমাজ গঢ়াৰ কথা কওঁতে আগৰ ভেটিটোতে গঢ়াৰ কথা কোৱা নাছিল। নতুন ভিত্তি নিৰ্মাণৰ কথাহে কৈছিল।
সেয়েহে জ্যোতিপ্ৰসাদ চিৰনতুন, চিৰতৰুণ, সদা চিন্তক, সদা সক্রিয়।

অন্যান্য

মধ্যৰাত্ৰে বেণু বাজে: অনুপম জীৱন-কথা অথবা সামাজিক দাপোন

মধ্যৰাত্ৰে বেণু বাজে: অনুপম জীৱন-কথা অথবা সামাজিক দাপোন

গতানুগতিক, নিৰাপদ আৰু প্ৰচলিত জীৱন ধাৰণৰ বিপৰীতে প্ৰগতিশীল, দূৰদৰ্শী, প্ৰত্যাহ্বানমূলক আৰু সৰ্বদা উৎসৰ্গীকৃত জীৱনশৈলীৰে ভীৰৰ মাজত অনুপম আদৰ্শৰ চানেকি প্ৰতিষ্ঠা কৰা মানৱীয় চৰিত্ৰসমূহে, কেতিয়াবা জীৱন কালতেই অথবা কেতিয়াবা হয়তো মৃত্যুৰ পিছত হ’লেও, সমাজত চৰ্চিত-বন্দিত আৰু…

জ্যোতিস্মৰণ: এজন নাট্যকাৰ হিচাপে জ্যোতি প্ৰসাদ-মোৰ দৃষ্টিত -নাট্যকাৰ-নাট পৰিচালক অবিনাশ শৰ্মাই যেনেকৈ ক’লে

জ্যোতিস্মৰণ: এজন নাট্যকাৰ হিচাপে জ্যোতি প্ৰসাদ-মোৰ দৃষ্টিত -নাট্যকাৰ-নাট পৰিচালক অবিনাশ শৰ্মাই যেনেকৈ ক’লে

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৰাম বিজয় নাটকৰ বহুদিন বিৰতিৰ পিছত গুণাভিৰাম বৰুৱাৰ ৰাম নৱমী আৰু ৰুদ্ৰৰাম বৰদলৈৰ কানীয়া কীৰ্তনেই অসমৰ ন্যট্য জগতৰ দুখন প্ৰথম উল্লেখযোগ্য নাটক।গুণাভিৰাম বৰুৱাই কলিকতাত থাকিয়েই পঢ়-শুনা কৰিছিল। সেই সময়ত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে বংগীয়…