কোনোবা এজন ডাঙৰ লিখকে কৈ গল পৃথিৱীত একো নতুন কথা নাই ৷ পুৰণা কথাকে নতুন সময়ত নতুন দৃষ্টিৰে চাই নতুন পৰীক্ষা-নিৰীক্ষাৰে নতুন (permutation-combination-analysis) বিন্যাস-সংবন্ধন-বিশ্লেষণেৰে নতুনকৈ উপস্থাপন কৰি তাকে নতুন বুলি কোৱা হয় ৷
কথাটো আধা সঁচা আৰু আধা মিছা ৷ ডাঙৰ মানুহে কোৱা কথা একেষাৰেই দলিয়াই পেলাবও নোৱাৰি আৰু অত মানুহে অতবোৰ নতুন নতুন আৱিস্কাৰো কৰি আছে, সেইবোৰৰ সোপাকে পুৰণা বস্তুৰে নতুন ৰূপ বুলি অভিহিত কৰিবও নোৱাৰি ৷ তদুপৰি কোৱাজনে নিশ্চয় বহুত বিস্তৃত অধ্যয়ন অভিজ্ঞতা আৰু প্ৰত্যয়ৰ মূৰতহে তেনে কথা কৈছে ৷ মইতো সিমান একো পঢ়াশুনা কৰাও নাই, সিমান অভিজ্ঞতাও আহৰণ কৰা নাই আৰু নিজৰ ওপৰত সিমান বিশ্বাসো নাই যে সেইকথা নস্যাৎ কৰি দিম ৷
গতিকে সঁচা বুলিয়েই মানি লবৰ মন গৈছিল ৷ তদুপৰি আজি ইমান দিনে দেখি আহিছো যে পৃথিৱীখনত থকা আৰু পোৱা বস্তুবিলাকক অলপ লৰক-ফৰক কৰিয়েই দেখোন মানুহ চলি আছে ৷ বতাহীযান, মহাকাশযান, জলযান, স্থলযান, খাদ্য, পোছাক, ঘৰ আদি সকলোবোৰ পৃথিৱীৰ দান ৷ যন্ত্ৰপাতি, ইন্ধন আৰু যিকোনো সামগ্ৰী দেখোন মাটিত পোৱা বা মাটিৰ তলত পোৱা বা পানীত পোৱা বস্তুৰেই তৈয়াৰ হৈছে৷ আনকি মানুহ আৰু অন্যান্য জীৱ-জন্তু, চৰাই-চিৰিকতি, কীট-পতংগও পৃথিৱীৰ পদাৰ্থৰেই সৃষ্টি হৈছে ৷ মানুহৰ মনবিলাকো দেখোন পৃথিৱীখনেই সৃষ্টি কৰিছে ৷
তাৰ মানে সকলোবোৰ থকা বস্তুৱেই অলপমান ইফাল সিফাল কৰিয়ে মানৱ সভ্যতা আগবাঢ়ি আহিছে ৷ এই কথাটো আচলতে এজন প্ৰখ্যাত সাহিত্যিকে কৈছিল ৷ তেওঁ সাহিত্য জগতৰ কথাৰেই জেৰ টানিছিল এই কথাটোলৈ৷ কবিতা, মানুহৰ আৱেগ-অনুভূতি, গল্প, উপন্যাস, চৰিত্ৰ, পটভূমি আদিত তেওঁ সকলোবোৰ পৰিচিত কথাকেই পাইছিল ৷ সেয়ে চাগে তেওঁ সেই কথাষাৰ কৈছিল ৷
কিন্তু তেওঁ চাগে মনেই কৰা নাছিল যে তেওঁৰ আগলৈকে সেই কথা কোনেও কোৱা নাছিল ৷ তেওঁৰ আগলৈকে তেওঁৰ নিচিনাকৈ কোনেও লিখা নাছিল ৷ মানুহৰ মনৰ ভাব সৃষ্টিৰ লগত পৃথিৱীত থকা কথা বা বস্তুৰ একো মিল বা সম্পৰ্ক নাথাকিবও পাৰে ৷ একেবাৰে উদ্ভট চিন্তাৰেও বহুত মানুহে বহুত কাম কৰিছে ৷ এই কামবোৰ আৰু কথাবোৰ কাহানিও কোনেও নভবা নুশুনা বুলি এতিয়া প্ৰতীয়মান হৈছে ৷ দুইয়ে দুইয়ে চাৰি হোৱাৰ সাধাৰণ অংকটো আৰু তাৰ নেপথ্যত থকা যুক্তি (logic) টো এতিয়া সাংঘাটিক Algorithm লৈ এনেকৈ ৰূপান্তৰিত (metamorphosis) হৈ পৰিছে যে তাক আৰু এতিয়া পুৰণা যোগ অংকৰে উন্নত সংস্কৰণ বুলি ভবাৰ বা কোৱাৰ আজি আৰু অৱকাশ নাই ৷
আজি ভৌতিক পৃথিৱীখনৰ সমান্তৰালভাৱে এখন Virtual পৃথিৱী মানুহে সৃষ্টি কৰিছে, যিখন আগতে নাছিল ৷ এই নতুন পৃথিৱীখনক কৃত্ৰিম বুলিও কব নোৱাৰি, অবাস্তৱ বুলিও কব নোৱাৰি, কেৱল কাল্পনিক বুলিও কব নোৱাৰি, ইন্দ্ৰিয়ানুভূত নহয় বুলিও কব নোৱাৰি, সপোনৰ নিচিনা Transient বুলিও কব নোৱাৰি বা এনেয়ে মানুহৰ খেয়ালী মনৰ বিলাস কিন্তু কোনো কামৰ নহয় বুলিও ক’ব নোৱাৰি ৷
বৰং ভৌতিক পৃথিৱীখন যিমান বাস্তৱ আৰু কামত অহা, এইখন পৃথিৱীও সমানেই বাস্তৱ আৰু কামত অহা৷ এইখন পৃথিৱী নহলে ভৌতিক পৃথিৱীখন আজি এক মুহূৰ্ত্ততে ৰৈ যাব আৰু মানৱ সভ্যতাই এখোজো দিব নোৱাৰিব ৷ সেইকাৰণেই এইবাৰৰ সাহিত্যৰ নবেল বঁটা পোৱা হাঙ্গেৰীৰ লিখক László Krasznahorkai এ সিদিনা কৈছে যে মানুহে আৰু এই Virtual পৃথিৱীখনৰ লগত আৰু লগতে যন্ত্ৰৰ লগত সহাৱস্থান কৰিবলৈ শিকাৰ কোনো বিকল্প নাই ৷ পৃথিৱী আকৌ আদিম জগতলৈ বা আদৰ্শ জগতলৈ ঘূৰি নাযায় ৷ এই জগতেই এতিয়া আদৰ্শ জগত ৷
গতিকে সেই লিখকজনৰ সেই কথাষাৰ আধা মিছা বুলি কবলৈ মই সাহস পাইছো ৷
পৃথিৱীখনত অহৰ্নিশে অনেক ঘটনা ঘটি আছে৷ জন্ম-মৃত্যু-সৃষ্টি-ধবংস-হত্যা-উৎপাদন-অৱক্ষয়-উত্থান-পতন-খং-বিক্ষোভ-গান-নাটক-চিনেমা-দুৰ্ঘটনা প্ৰতিমুহূৰ্ত্ততে ঘটি আছে৷ এই প্ৰতিটো ঘটনাই একোটা একোটা সময়ক চিহ্নিত কৰিছে ৷ আমি সকলোৱে জানো যে সময়ৰ কোনো নিজা চিনাকি নাই৷ ঘটনাইহে সময় চিনাক্ত কৰে ৷
এতিয়া এই Virtual পৃথিৱীখনে আমাৰ আধুনিক সময়ক চিনাকি দিছে ৷ আগতে যান্ত্ৰিক মানৱতাৰ পৰা মানুহক আঁতৰাই ৰাখিবলৈ অনবৰতে চেষ্টা কৰি থকা কবি-সাহিত্যিক-সমাজ দাৰ্শনিকে আমাক আজি যন্ত্ৰৰ লগত মিলা মিছা কৰি জীয়াই থকাৰ কথা কৈছে ৷ এই কথা কেৱল Laszlo ই কোৱা নাই; জাপানী নবেল বঁটা বিজয়ী সাহিত্যিক Kazuo Ishiguro ইও কৈছে ৷
অৰ্থাৎ প্ৰাচ্য আৰু পাশ্চাত্য দুয়োটা আধুনিক মানসিকতাই মানৱ জাতিকূলৰ এই অৱশ্যম্ভৱী আৰু অৱধাৰিত দশা (destiny) ৰ কথা কৈছে, কোনো শংকা বা দ্বিধাবোধ নকৰাকৈয়ে ৷
অৰ্থাৎ পৃথিৱীত আগতে নথকা এখন মানসিক পৃথিৱীৰ বাসিন্দা আমি আচলতে হৈয়েই পৰিছো ইতিমধ্যেই৷ যন্ত্ৰটো পৃথিৱীতে পোৱা ধাতু বা কিবা কিবি পদাৰ্থৰেই নিৰ্মাণ হৈছে; কিন্তু মানুহ পৰিৱৰ্ত্তিত হৈছে কেতিয়াও নোহোৱা এক মানুহলৈ যি মানুহৰ চিনাকি হয়তো গৰৈ-চেঙেলীত নাই বা দেশপ্ৰেমত নাই বা ৰাজনৈতিক মতবাদত নাই বা ধৰ্মত নাই বা…৷
অসম একাডেমিত এটা কৃত্ৰিম বুদ্ধিমত্তাৰ শিক্ষা প্ৰতিস্থান আৰম্ভ কৰাৰ প্ৰাকক্ষণত পৃথিৱীৰ দিগগজ চিন্তানায়কৰ কথাৰেই এই সংখ্যাৰ জাংফাইৰ পাতনি মেলিছো ৷
অসম একাডেমিয়ে অসমৰ শিল্পকৰ্ম লগতে (বিশেষকৈ পেইণ্টিং আৰু ভাস্কৰ্য্য) জনসাধাৰণৰ ওচৰলৈ নিয়াৰ এক প্ৰচেষ্টা হাতত লৈছে ৷ গুৱাহাটী আৰ্টিষ্ট গীল্ডৰ সহযোগত হাতত লোৱা এই প্ৰকল্পত ১৫ টা বিষয় সামৰি প্ৰতিটো বিষয়ৰে ওপৰত ৩০ মিনিটৰ একোটা Audio-visual প্ৰগেম বা কথোপকথন তথা প্ৰদৰ্শন তথা ব্যাখ্যা ৰেকৰ্ড কৰা হ’ব ৷ এইবিলাক স্থানীয় টিভি চেনেল, You tube Channel, একাডেমিৰ Website, Facebook, Instagram আদিৰ যোগেদি প্ৰচাৰ কৰা হ’ব৷
লগতে আন এটা কাৰ্যসূচী হাতত লোৱা হৈছে যে AREDA (Assam Real Estate Development Agency) ৰ সহযোগত প্ৰতিজন নিৰ্মাণকাৰীয়ে অসমৰ শিল্পীৰ শিল্পকৰ্ম, ঘৰ ক্ৰয় কৰা গ্ৰাহকৰ সমুখত উপস্থাপন কৰিব ৷ ৪০ বা ৫০ লাখ টকা ব্যয় কৰি এটা ফ্লেট কিনা এটা পৰিয়ালে নিশ্চয় ১০ বা ২০০০০ টকা, এখন সুন্দৰ পেইণ্টিঙৰ বাবে খৰচ কৰিব পাৰে ৷ হয়তো কৰিবও, হয়তো সেই option টো তেওঁলোকক দিয়া হোৱা নাই ৷
পাঠক সমাজৰ কিবা পৰামৰ্শ থাকিলে জনাবলৈ অনুৰোধ থাকিল ৷
সঞ্জীৱ সভাপণ্ডিত
ফোনঃ ৯৮৬৪০ ৪৪৪৭০



