বাটচ’ৰা

সঞ্জীৱ সভাপণ্ডিত

জ্যোতিপ্ৰসাদে সদায় কৈ আছিল—এটা ভাবীকালৰ কথা, যেতিয়া তেওঁৰ ‘সুন্দৰৰ পৃথিৱীখন’ সৃষ্টি হ’ব, প্ৰতিজন মানুহ একোজন একোজন শিল্পী হ’ব—যেতিয়া অসম, প্ৰতি জাতি-জনজাতিৰ মিলনভূমি হ’ব। 

   বছৰৰ লেখেৰে, জ্যোতিপ্ৰসাদ কায়িক ৰূপে অদৃশ্য হোৱাৰ ৭০ বছৰৰো অধিক কাল হ’ল, বা তেওঁ তেনে কথা লিখাৰ এশ বছৰ হ’ল। অৰ্থাৎ আমি বৰ্তমানত, জ্যোতিপ্ৰসাদৰ ভাবীকালত আছোঁ। 

যদিও আজিৰ বৰ্তমান, আমাৰ ৯০ শতাংশ মানুহে দেখা নাই বা দেখিছে যদিও বুজা নাই, আৰু জ্যোতিপ্ৰসাদে কেনেকুৱা এখন সমাজৰ কথা কৈছিল, আমাৰ ৯০ শতাংশ মানুহে সেইবোৰ পঢ়া নাই; তথাপি পঢ়া মানুহ হিচাপে আমি ক’ব পাৰোঁ যে আজিৰ ‘বৰ্তমান’ তেওঁৰ ‘ভাবীকাল’ নহয়। 

ইতিহাসৰ গতি-পথ বুজা ইমান সহজ কথা নহয়। কল্পনাৰে ভৱিষ্যতৰ ৰূপৰেখা আঁকিব নোৱাৰি। তেওঁৰ মানস-চকুৱে অসমৰ নক্সা সলনি কৰি দিয়া পূৰ্ববংগীয় মানুহৰ প্ৰব্ৰজন তথা মাটিৰ আগ্ৰাসন নেদেখিলে। তেওঁৰ লিখনিয়ে অসমলৈ খেতি কৰি খাদ্য শস্যৰ উৎপাদন বৃদ্ধি কৰিবলৈ মানুহ আমদানি কৰা কথাটোত ‘অসমীয়া মানুহক লাজ’ লগাব নোৱাৰিলে। তেওঁৰ লিখনিয়ে ৰেলগাড়ী-জাহাজ-কল-কাৰখানাত কাম কৰাৰ বিদ্যা শিকিবলৈ অসমীয়া যুৱক-যুৱতীক দৌৰাব নোৱাৰিলে। তেওঁৰ উপদেশে (ব্ৰিটিছৰ) গুলী খাই শ্বহীদ হোৱাতকৈ গুলী নাখাই কাম হাচিল কৰিবলৈ কাকো টেঙৰ কৰিব নোৱাৰিলে। গাৰো-খাচী-নগা-মিজো-অকা-ডফলা যে দুদিন পিছতে আমাৰ লগত নাথাকে, তেওঁ বুজিব নোৱাৰিলে। তেওঁ কৰিব নোৱৰা কাম কৰিবলৈ তেওঁ কাকো গঢ়ি থৈয়ো যাব নোৱাৰিলে। তেওঁৰ ল’ৰা-ছোৱালীয়ে, তেওঁ বুকুৰ আপোন কৰি গঢ়ি তোলা অসমীয়া ভাষাটো নিজৰ নিজৰ ল’ৰা-ছোৱালীৰ ওচৰত জানো ৰাখিব পাৰিলে- তেওঁৰ পৰা আঁতৰাই আনিলে, তেওঁৰ দুৰ্বলতাৰ বাবেই নে অন্য কাৰকৰ বাবে, সেইটো বুজা নগ’ল। যুগনায়কে পৰিয়াল নগঢ়ে,সমাজহে সৃষ্টি কৰে। অথচ পৰিয়ালো সমাজৰে ভিতৰৰ। কি যে এটা ভাঙিব নোৱাৰা সাঁথৰ!

কিন্তু তেওঁ চিঞৰি গ’ল—”মোৰ বুকুৰ তেজেৰে লিখা গানবোৰ চকুৰ পানীৰে নমচিবি; মোৰ চকুৰ পানীৰে লিখা গানবোৰ আলাই-আথানি নকৰিবি।” 

সেইটোৱেই হৈ আছে। এটা বাটিত, পুখুৰী এটাৰ পৰা আনিলেও যিমান পানী আহে, প্ৰশান্ত মহাসাগৰৰ পৰা আনিলেও সিমান পানীয়েই আহিব। সামৰ্থ্য, উৎসৰ ওপৰত নিৰ্ভৰ নকৰে; কৰে পাত্ৰৰ সামৰ্থ্যৰ ওপৰতহে। 

আমাৰ অসমীয়া মানুহৰ সমস্যা এই সামৰ্থ্যৰ ওপৰতহে। legacy পৰিয়ালে নাৰাখে, সমাজেহে ৰাখে। বিষ্ণু ৰাভা, ভূপেন হাজৰিকা আৰু আন সকলোলৈকে চাওক।

ফোন নং: ৯৮৬৪০৪৪৪৭০

অন্যান্য

মধ্যৰাত্ৰে বেণু বাজে: অনুপম জীৱন-কথা অথবা সামাজিক দাপোন

মধ্যৰাত্ৰে বেণু বাজে: অনুপম জীৱন-কথা অথবা সামাজিক দাপোন

গতানুগতিক, নিৰাপদ আৰু প্ৰচলিত জীৱন ধাৰণৰ বিপৰীতে প্ৰগতিশীল, দূৰদৰ্শী, প্ৰত্যাহ্বানমূলক আৰু সৰ্বদা উৎসৰ্গীকৃত জীৱনশৈলীৰে ভীৰৰ মাজত অনুপম আদৰ্শৰ চানেকি প্ৰতিষ্ঠা কৰা মানৱীয় চৰিত্ৰসমূহে, কেতিয়াবা জীৱন কালতেই অথবা কেতিয়াবা হয়তো মৃত্যুৰ পিছত হ’লেও, সমাজত চৰ্চিত-বন্দিত আৰু…

জ্যোতিস্মৰণ: এজন নাট্যকাৰ হিচাপে জ্যোতি প্ৰসাদ-মোৰ দৃষ্টিত -নাট্যকাৰ-নাট পৰিচালক অবিনাশ শৰ্মাই যেনেকৈ ক’লে

জ্যোতিস্মৰণ: এজন নাট্যকাৰ হিচাপে জ্যোতি প্ৰসাদ-মোৰ দৃষ্টিত -নাট্যকাৰ-নাট পৰিচালক অবিনাশ শৰ্মাই যেনেকৈ ক’লে

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৰাম বিজয় নাটকৰ বহুদিন বিৰতিৰ পিছত গুণাভিৰাম বৰুৱাৰ ৰাম নৱমী আৰু ৰুদ্ৰৰাম বৰদলৈৰ কানীয়া কীৰ্তনেই অসমৰ ন্যট্য জগতৰ দুখন প্ৰথম উল্লেখযোগ্য নাটক।গুণাভিৰাম বৰুৱাই কলিকতাত থাকিয়েই পঢ়-শুনা কৰিছিল। সেই সময়ত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে বংগীয়…