বিনিৰ্মাণ

সঞ্জীৱ সভাপণ্ডিত

আমাৰ প্ৰায় সকলোৰে প্ৰায়ে এটা অত্যন্ত বিৰক্তিকৰ অভিজ্ঞতা হয়, যেতিয়া আমি কোনো সভালৈ যাওঁ,য’ত আদৰণি ভাষণ দিওঁতাৰ পৰা আৰম্ভ কৰি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰোঁতা, নিৰ্দিষ্ট বক্তা, বিশিষ্ট অতিথি, আমন্ত্ৰিত অতিথি, সভাপতি, সমজুৱাৰ দুআষাৰতো দুজনমানে মঞ্চত উপবিষ্ট সকলোকে পুনৰ পুনৰ সম্বোধন কৰি নিজৰ নিজৰ কথা আৰম্ভ কৰে৷ এই পৰম্পৰা দুই-এজনে দুই-এঠাইত ভংগ কৰিছে যদিও অন্য হাজাৰ-লাখজনে এই আমনিদায়ক–সময় খৰচী-অদৰকাৰী-অবিবেচক কাৰ্য্যৰ পৰা মুক্তি লোৱা নাই ৷

সাহিত্যত কিন্তু এনে ধৰণৰ ধ্ৰুপদী পৰম্পৰা কেতিয়াবাই ভংগ হৈছে৷ আধুনিক সাহিত্যত বিনিৰ্মাণ ধাৰণা আৰম্ভ হোৱাৰ ফলত আমি সৌৰভ কুমাৰ চলিহা-গেব্ৰিয়াল মাৰ্কুৱেজ-কাজুঅ’ ইশ্বিগুৰ’ বা জেক ডেৰিদাৰ দৰে লিখক পাইছোঁ, য’ত অলেখ পাশ্বৰ্ৱৰ্তী কথা সমান্তৰালভাৱে বিবৰিত হয়৷ এতিয়া আৰু আগৰ দৰে আৰম্ভণি-বিস্তাৰ-সমাপ্তিৰে এখন উপন্যাস লিখা নহয়৷ ভাৰ্জিনিয়া উল্ফৰ Stream of Consciousness’ ধাৰণাৰে পোনপটীয়া প্ৰভাৱ এই বিনিৰ্মাণত পৰিছে বুলিও ক’ব পাৰি ৷

জাপানী চলচ্ছিত্ৰ পৰিচালক আকিৰা কুৰোশ্বোৱাই ‘ৰশ্ব’মন’ চিনেমাখনত একেটা ঘটনাকে কেইবাটাও চৰিত্ৰৰ যোগেদি বেলেগ বেলেগ ঘটনা সজাই কোৱাইছিল৷ প্ৰতিটো কথাই প্ৰতি মানুহৰ মনত বেলেগ ধৰণে ৰেখাপাত কৰে–প্ৰত্যেকে কথাটো নিজৰ সুবিধামতে বেলেগ ধৰণে বুজে ৷ এইটো মানৱ চৰিত্ৰৰ চিৰন্তন বৈশিষ্ট্য ৷ কিন্তু আধুনিক মানুহ তাতো সন্তুষ্ট নহয়৷ তেওঁক লাগে শব্দৰ আঁৰৰ অৰ্থ-বাক্যৰ আঁৰৰ কাহিনী৷ আধুনিক মানুহ একে সময়তে বহুত বেলেগ স্থানত আৰু বেলেগ সময়ত থাকিবলৈ বিচাৰে৷ এটা অস্থিৰ চঞ্চলতা আধুনিক মানুহৰ মাজত স্বতঃস্ফূৰ্তভাৱে বিদ্যমান ৷

এই মানুহ ইমানেই অশান্ত-ইমানেই আত্মবৈৰী-ইমানেই অসন্তুষ্ট যে ই নিজকো অস্বীকাৰ কৰে ৷ অসংযত ড্ৰাগচৰ দ্বাৰা এই মানুহে নিজকে হেৰুৱাই পেলাবলৈ বিচাৰে ৷ উন্মাদ যুদ্ধৰ দ্বাৰা এই মানুহে প্ৰহেলিকা সৃষ্টি কৰিবলৈ বিচাৰে৷ নিজকে খুচি বিন্ধি এই মানুহে বিচিত্ৰ সন্তুষ্টি পাবলৈ বিচাৰে৷ আনকি এই মানুহ, সৃষ্টিৰ উন্মাদনাত ইমানেই বিহ্বল হৈ পৰিছে বা প্ৰগতিৰ সীমাৰেখা ইমানেই প্ৰসাৰিত কৰিবলৈ বিচাৰিছে যে ই এতিয়া নিজকেই ভাঙি পেলাবলৈ বিচাৰিছে–বিনিৰ্মাণ কৰিবলৈ বিচাৰিছে৷

এই মানুহে এতিয়া মেচিনক শিঁকাবলৈ লৈছে কেনেকৈ মানুহৰ দৰে চিন্তা কৰিব লাগে৷ অৰ্থাৎ এই মানুহে আজি বিকল্প মানুহ সৃষ্টি কৰিবলৈ উঠি-পৰি লাগিছে৷ প্ৰত্যেকে প্ৰত্যেকৰ লগত এনে প্ৰতিদ্বন্দ্বিতাত নামিছে যে যিয়ে যিমান সোনকালে মানুহক স্থানচ্যুত কৰিব পাৰে সিয়েই যেন এই মাৰাথন দৌৰত বিজয়ী হ’ব!কথাটো এনেকুৱা পৰ্য্যায় পাইছেগৈ যে মানুহৰ নিজৰ মগজুৰ ক্ষমতা, মানুহে সৃষ্টি কৰা কম্পিউটাৰৰ ক্ষমতা সকলোবোৰ চেৰাই গৈ মানুহে ভৱিষ্যৎ দৰ্শন কৰিব পৰা হৈছেগৈ৷ CPU বাদ দি GPU হৈ কৃত্ৰিম বুদ্ধিমত্তাই এতিয়া নিজকো বিভিন্ন অকল্পনীয় অৱতাৰত দেখা দিছেহি৷ পৃথিৱীত ইমান দিনে মানুহে সমাধা কৰিব নোৱাৰা বহুত কামতো কৰিছেই, আনকি অনাগত সমস্যা সমাধানৰ দিশতো ই তীব্ৰ বেগত খোজ দিছে৷ আগৰ মানুহক কৃত্ৰিম বুদ্ধিমত্তাই ভাঙি-ছিঙি বেলেগ মানুহ কৰি পেলাইছে৷

অতীতকো একেবাৰে ধূলিৰ লগতহে যেন মিলাই দিব ! সাতামপুৰুষীয়া সকলো মূল্যবোধ যেন একে গোৰে অৰ্থহীন কৰি পেলাব! সেই গুহা মানৱৰ দিনৰে পৰা বৰ কষ্টৰে–চৰ্চা কৰি কৰি–শিকি শিকি–চিকুণ কৰি কৰি, গঢ়ি তোলা আখৰ লিখা বিদ্যাটোকে আজি সকলোৱে যেন ইতিহাসৰ ডাষ্টবিনত পেলাই দিব !

পৰম্পৰাগত সমাজৰ বিনিৰ্মাণ–সাহিত্যৰ বিনিৰ্মাণ–মানুহৰ বিনিৰ্মাণ–এতিয়া হৈ পৰিছে মানৱ সভ্যতাৰ নিয়তি(destiny) ৷

আমি এতিয়া কেনেকৈ আমাৰ হিয়াৰ আমঠু ‘পুৰণা’ক ধৰি ৰাখো ? পুৰণিক নতুনে বাট এৰি দিবই লাগিব বুলি জ্যোতিপ্ৰসাদে কৈ যোৱা কথাষাৰ কেনেকৈ মানি লওঁ ? কিমান দূৰলৈকে মানি লওঁ ? মই মানি লওঁনে নলওঁ তাৰ লগত মানুহৰ প্ৰগতিৰ অশ্বমেধ ঘোঁৰাটোৰ কি সম্বন্ধ ?এটা সমতুল্য অৱস্থা কেনেকৈ আহিব? মোৰ ভূমিকা আৰু দায়িত্ব কি ?

হে পাঠক আপুনি কি ভাবে ?

সঞ্জীৱ সভাপণ্ডিত

ফোনঃ ৯৮৬৪০৪৪৪৭০

অন্যান্য

বাৰ্চিলোনাৰ বিকল্প স্বতন্ত্ৰ চলচ্চিত্র মহোৎসৱ

বাৰ্চিলোনাৰ বিকল্প স্বতন্ত্ৰ চলচ্চিত্র মহোৎসৱ

স্পেইনৰ বাৰ্চিলোনা চহৰত যোৱা ১২ৰ পৰা ১৮ নৱেম্বৰ, ২০১৮ তাৰিখলৈ অনুষ্ঠিত হোৱা L ‘Alternativa 25 Festival de Cinema Independent de Barcelona আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰৰ বিচাৰক হিচাপে আমন্ত্ৰিত হোৱাটো মোৰ বাবে আছিল আনন্দদায়ক ৷…

পূৰ্বোত্তৰ ৰাজ্যৰ প্ৰথমখন পুথি প্ৰদৰ্শনী

পূৰ্বোত্তৰ ৰাজ্যৰ প্ৰথমখন পুথি প্ৰদৰ্শনী

আমাৰ ৰাজ্যৰ প্ৰথমখন পুথি প্ৰদৰ্শনী আৰু সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত দ্বিতীয়খন পুথি প্ৰদৰ্শনী বা আজিৰ ভাষাত গ্ৰন্থমেলা অনুষ্ঠিত হৈছিল ১৯৫৮ চনত, গুৱাহাটীৰ যশোবন্ত ৰ’ডত৷ ভাৰতবৰ্ষৰ দ্বিতীয়খন পুথি প্ৰদৰ্শনী বুলি এই কাৰণেই কোৱা হৈছে যে ১৯০৫ চনত কেৱল মাত্ৰ কলিকতা (কলকাতা)…

শিল্প চেতনা

শিল্পীয়ে যেতিয়া ৰং, ৰেখা, ছাঁ-পোহৰৰ সহায়ত নিজৰ মনৰ ভাব কোনো মাধ্যমৰ দ্বাৰা চিত্ৰপটত প্ৰকাশ কৰে তাকে চিত্ৰ বা ছবি বুলি কোৱা হয়৷ ইংৰাজীৰ আৰ্ট (Art)শব্দটো আহিছে লেটিন ভাষাৰ আৰ্হি (Ars) বা আৰ্টেম (Artem) শব্দৰ পৰা৷ ইয়াৰ অৰ্থ হল সৃষ্টি (Create) কৰা৷ মানুহে নান্দনিকতা…