গতানুগতিক, নিৰাপদ আৰু প্ৰচলিত জীৱন ধাৰণৰ বিপৰীতে প্ৰগতিশীল, দূৰদৰ্শী, প্ৰত্যাহ্বানমূলক আৰু সৰ্বদা উৎসৰ্গীকৃত জীৱনশৈলীৰে ভীৰৰ মাজত অনুপম আদৰ্শৰ চানেকি প্ৰতিষ্ঠা কৰা মানৱীয় চৰিত্ৰসমূহে কেতিয়াবা জীৱন কালতেই অথবা কেতিয়াবা হয়তো মৃত্যুৰ পিছত হ’লেও সমাজত চৰ্চিত-বন্দিত আৰু সঘন আলোচনা-বিলোচনাৰ বিষয় হৈ আহিছে। জাতীয় জীৱনৰ ঐতিহাসিক পটভূমিত প্ৰতিষ্ঠিত কেতবোৰ চৰিত্ৰৰ সমান্তৰালভাৱে ঔপনিৱেশিক সময়ৰ অসমৰ ৰজাঘৰীয়া-প্ৰজাঘৰীয়া আৰু প্ৰান্তীয় স্তৰৰ শোষিত-নিষ্পেষিত চৰিত্ৰ বিশেষে সততে মানুহৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে। অসমীয়া জীৱনীমূলক উপন্যাসৰ ধাৰাটোত তেনেকুৱা বহু চৰিত্ৰ উপন্যাসৰ কেন্দ্ৰীয় বিষয়বস্তু হোৱাত স্বাভাৱিকতেই সমৃদ্ধ হৈছে অসমীয়া উপন্যাস সাহিত্যৰ ভঁৰাল। এইক্ষেত্ৰত ঔপন্যাসিক চৈয়দ আব্দুল মালিক, চন্দ্ৰপ্ৰসাদ শইকীয়া, মেদিনী চৌধুৰী, লক্ষ্মীনন্দন বৰা, বীৰেন বৰকটকী, শুচিব্ৰতা ৰায়চৌধুৰী, নিৰুপমা বৰগোহাঞি, তিলোত্তমা মিশ্ৰ, অনুৰাধা শৰ্মা পূজাৰী, সন্তোষ কুমাৰ কৰ্মকাৰ, আৰাধনা পটংগীয়া গোস্বামী, জুৰি বৰা বৰগোহাঞিৰ পৰা শেহতীয়া মিতালী ফুকন, গোবিন্দ কুমাৰ খাউণ্ডলৈকে আদি অনেকৰ নাম সংযোজিত হ’ব। ’ধন্য নৰ তনু ভাল’, ‘বণ্ডুকা বেহাৰ’, ‘সেহি গুণনিধি’, ‘ৰূপতীৰ্থৰ যাত্ৰী’, ‘অভিযাত্ৰী’, ‘স্বৰ্ণলতা’ আদি উপন্যাসসমূহ যেন এই ধাৰাৰ অন্যতম উজ্জ্বল নিদৰ্শন।
একবিংশ শতিকাৰ সূচনা বৰ্ষতে ’কল্লোলিনী’ উপন্যাসেৰে ঔপন্যাসিক হিচাপে বলিষ্ঠ আত্মপ্ৰকাশৰ দীঘলীয়া পৰিক্ৰমাত আৰাধনা পটংগীয়া গোস্বামীয়ে ’নেপথ্য সংগীত’, ’আগবাৰীত ফুলিলে সোণে মোৰ চম্পা’, ’দুৰ্গী’ আদি উপন্যাসেৰে সৃষ্টিশীলতাৰ ধাৰা অব্যাহত ৰাখিছে। ইয়াৰে ’আগবাৰীত ফুলিলে সোণে মোৰ চম্পা’ সংগীত শিল্পী সুদক্ষিণা শৰ্মা আৰু ’দুৰ্গী’ এগৰাকী লাঞ্চিতা-বঞ্চিতা-অৱহেলিতা শ্ৰমিক কন্যাৰ সংঘাতপূৰ্ণ বিচিত্ৰ-বৰ্ণাঢ্য জীৱন আধাৰিত উপন্যাস। প্ৰসংগক্ৰমে উল্লেখ কৰা সমীচীন হ’ব যে “দুৰ্গী” প্ৰকাশৰ পিছত অৰূপা পটংগীয়া কলিতায়ো একেগৰাকী শ্ৰমিক নাৰীৰ জীৱনকাহিনীৰে ’জছনাৰ ঝিটাছ’ নামৰ আন এখন বৃহৎ কলেৱৰ উপন্যাস লিখিছে। চলিত বৰ্ষৰ প্ৰথম সপ্তাহত প্ৰকাশিত আৰাধনা পটংগীয়া গোস্বামীৰ নৱতম উপন্যাস ’মধ্যৰাত্ৰে বেণু বাজে’ৰ পটভূমি নিৰ্মাণ হৈছে এগৰাকী ব্যতিক্ৰমী বৈষ্ণৱ সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্ত আতাৰ জীৱনক কেন্দ্ৰ কৰি। পুৰণি দৰং জিলাৰ আৰু বৰ্তমানৰ ওদালগুৰি জিলাৰ অন্তৰ্গত ডিমাকুছিৰ অটব্য অৰণ্যৰ মাজত হৰেকৃষ্ণ মহন্ত আতাই প্ৰতিষ্ঠা কৰা ’শ্ৰীমন্ত শংকৰদেৱ সত্ৰ, বৰঙাজুলি’ৰ কথা-কাহিনীৰে সমৃদ্ধ উপন্যাসখনৰ যোগেদি বৈষ্ণৱ দৰ্শনত বিশ্বাসী উদাৰ মনৰ সত্ৰাধিকাৰগৰাকীৰ সমগ্ৰ জীৱন পৰিক্ৰমাৰ সমাহিত আৰু ধ্ৰুপদী ৰূপ-তৰংগৰ সাংগীতিক সুৰধ্বনিৰ প্ৰতিফলন ঘটিছে। উপন্যাসখনৰ পাতে পাতে লিপিবদ্ধ হৈছে এগৰাকী সত্ৰাধিকাৰৰ সৰল, উদাৰনৈতিক, মানৱতাবাদী চিন্তা-দৰ্শন-কৰ্ম আৰু সাংগঠনিক তৎপৰতাৰ হেতু উৎসৰ্গিত প্ৰাণৰ আগ্ৰহ আৰু আকুতি। শংকৰদেৱৰ চিন্তা-দৰ্শনক গভীৰতাৰে হৃদয়ংগম কৰা এই গৰাকী হৰেকৃষ্ণ মহন্ত আতাৰ জীৱন পৰিক্ৰমাত যেন বিপ্লৱী ধৰ্মগুৰু প্ৰয়াত পীতাম্বৰ দেৱগোস্বামীৰো প্ৰভাৱ দেখিবলৈ পোৱা যায়। বৰ্ণবাদী চেতনাৰ বিপৰীতে আৰু সত্ৰাধিকাৰৰ আৰোপিত অহমিকাৰ পৰা আঁতৰি বিভিন্ন জাতি-জনজাতি আৰু সকলো শ্ৰেণীৰ নাৰী-পুৰুষৰ মাজত সৰল-সূত্ৰেৰে বৈষ্ণৱ ভাৱাদৰ্শ প্ৰচাৰ-প্ৰসাৰত সমগ্ৰ জীৱন সমৰ্পণ কৰা হৰেকৃষ্ণ মহন্ত আতাৰ জীৱন আধাৰিত উপন্যাসখনক নিঃসন্দেহে এইসময়ৰ বিশেষ সৃষ্টি বুলিব পাৰি।
জীৱনীমূলক উপন্যাস হিচাপে ’মধ্যৰাত্ৰে বেণু বাজে’ৰ কাহিনী-বিন্যাসত আমি সত্ৰাধিকাৰ গৰাকীৰ সামগ্ৰিক জীৱনচৰ্যাৰ সমান্তৰালভাৱে তেওঁৰ পূৰ্বপুৰুষৰ বংশলতিকা , জীৱন-জীৱিকাৰ সংগ্ৰাম-সংঘৰ্ষৰ জীয়া ছবি আৰু বৰঙাজুলি সত্ৰক কেন্দ্ৰ কৰি গঢ়ি উঠা সমাজখনৰ এছোৱা দীঘলীয়া সময়ৰ সামাজিক-ৰাজনৈতিক উত্থান-পতনৰ বহু ঘটনা-পৰিঘটনাৰ সবিশেষ তথ্য পাওঁ ৷ এই তথ্য সংগ্ৰহত ঔপন্যাসিকে যথেষ্ট কষ্ট কৰিছে আৰু এইশ্ৰেণী উপন্যাসে সততে দাবী কৰা ক্ষেত্ৰভিত্তিক অধ্যয়নত তেওঁ পূৰামাত্ৰাই গুৰুত্ব দিছে ৷
বাৰাদিৰ পৰা বৰপেটা সত্ৰ, তাৰপাছত পদব্ৰজে-ৰেলেৰে আহি খৈৰাবাৰীৰ পৰা ডিমাকুছি, বৰঙাজুলিত সত্ৰ স্থাপন কৰালৈকে আৰু তৎপৰৱৰ্তী সেই সত্ৰানুষ্ঠানৰ আওতাৰে গঢ়ি উঠা সাংস্কৃতিক-আধ্যাত্মিক পৰিমণ্ডলত ৰাভা-বড়ো-আদিবাসী-নেপালী আদি বৃহত্তৰ অসমীয়া সমাজখনত বাধা নিষেধ আৰু সহযোগিতাৰ যুগপৎ সমন্বয়ত নতুন চিন্তা-চেতনাৰে উজ্জীৱিত কৰাৰ মহতী আয়োজনত বিলীন কৰি দিয়া হৰেকৃষ্ণ মহন্ত আতাৰ বৰ্ণাঢ্য জীৱনটোক উপন্যাসখনত স্বাভাৱিক সম্ভ্ৰমেৰে অংকন কৰা হৈছে ৷ বিয়াল্লিছৰ গণ আন্দোলন, বিষ্ণুৰাভাৰ যাযাবৰী যাত্ৰা আৰু শংকৰদেৱৰ আদৰ্শৰ প্ৰতি থকা তেওঁৰ গভীৰ আস্থা, গোষ্ঠী সংঘৰ্ষ, ছাত্ৰ আন্দোলন, বড়ো আন্দোলন, আলফাৰ উত্থান ইত্যাদি অসমীয়া সমাজ জীৱনৰ বহু কথাই উপন্যাসখনে ফঁহিয়াই গৈছে৷ এই দীঘলীয়া পৰিক্ৰমাৰ সাক্ষী হৰেকৃষ্ণ মহন্ত আতাৰ ব্যক্তিত্বত প্ৰতিফলিত সৰলতা, উদাৰতা, দায়বদ্ধতা আৰু সৰ্বোপৰি একনিষ্ঠ বৈষ্ণৱ অনুৰাগী গুণৰ প্ৰতিফলনত ক’তো যেন অতিৰঞ্জিত হোৱা নাই ৷ তেওঁ সকলোকে আদৰি লৈ শুভবোধ আৰু সৰ্বমংগল কামনাৰে সামাজিক সমন্বয়ৰ এজোপা বটবৃক্ষ যেন স্থাপন কৰি থৈ গ’ল বৰঙাজুলিত ৷
উপন্যাসখনৰ পৰিবেশ চিত্ৰণত , জীয়া চৰিত্ৰসমূহৰ কথা-বতৰা, ভাবভংগীত ঔপন্যাসিকে যথাবিহিত শব্দ-বাক্য প্ৰয়োগ কৰি বিষয়বস্তুৰ গাম্ভীৰ্যতাক বিশ্বাসযোগ্য পোতন দিব পাৰিছে৷ বৰঙাজুলি আৰু ইয়াৰ চৌপাশৰ ঠাইসমূহৰ পৰিৱেশৰ যথাবিহিত বৰ্ণনাই উপন্যাসখনৰ জেউতি চৰাইছে ৷ সমগ্ৰ উপন্যাসখনৰ অধ্যায় বিভাজনৰ যি বৈষ্ণৱী লয়লাস সেই লয়লাসেই উপন্যাসখনৰ গতিৰ গভীৰতাকো ইংগিত কৰে ৷ উপন্যাসখনৰ নটা অধ্যায়ৰ বিভাজন এনেধৰণৰ— ‘সুভদ্ৰা আইৰ সাধু’, ‘বৰপেটা সত্ৰত বাৰাদি বালক’, ‘খৈৰাবাৰীৰ পৰা বৰঙাজুলি সত্ৰলৈ’, ‘তোৰে ঘৰে আসি পুত্ৰ উপজিলোঁ’, ‘ময়ি মুঢ়মতি’, ‘কিমতে ভকতি কৰিবোঁ তোমাত’, ‘পাৰ ভাঙি দিলে’.. ‘তুমি মোৰ অন্তৰ্য্যামী’, ‘কেৱল আনন্দ অনুভৱ’ আদি ৷ সমগ্ৰ উপন্যাসখনত হৰেকৃষ্ণ মহন্ত আতাৰ লগতে অন্যান্য চৰিত্ৰ বিশেষ য়েনে মাতৃ সুভদ্ৰা, আতাক খৰ্গেশ্বৰ মহন্ত, ইষ্টদেৱ নবীশ, বৰ্তমানৰ সত্ৰাধিকাৰ নিৰঞ্জন বড়ো, সত্ৰৰ সংগী-ভকত, আইমাতৃ আদি সকলো চৰিত্ৰই স্বকীয় মহিমাৰে উজ্জ্বলি উঠিছে ৷শাস্ত্ৰ-ভাগৱত, নাম-প্ৰসংগৰ সহজ ব্যাখ্যা বিশ্লেষণেৰে অসমীয়া বৈষ্ণৱী পৰম্পৰাৰ জীৱন প্ৰবাহক তুলি ধৰা ’মধ্যৰাত্ৰে বেণু বাজে ‘ কেৱল এখন জীৱনীমূলক উপন্যাসেই নহয় জাতীয় জীৱনৰ এখন স্বচ্ছ দাপোন অথবা পোহৰ ছবিও ৷
ধৰণী লাহন
ফোন নং:৮৬৩৮৩৩৬৬১৪

