শিল্প চেতনা

কিশোৰ কুমাৰ দাস

শিল্পীয়ে যেতিয়া ৰং, ৰেখা, ছাঁ-পোহৰৰ সহায়ত নিজৰ মনৰ ভাব কোনো মাধ্যমৰ দ্বাৰা চিত্ৰপটত প্ৰকাশ কৰে তাকে চিত্ৰ বা ছবি বুলি কোৱা হয়৷ ইংৰাজীৰ আৰ্ট (Art)শব্দটো আহিছে লেটিন ভাষাৰ আৰ্হি (Ars) বা আৰ্টেম (Artem) শব্দৰ পৰা৷ ইয়াৰ অৰ্থ হল সৃষ্টি (Create) কৰা৷ মানুহে নান্দনিকতা প্ৰকাশ কৰাকে শিল্প আখ্যা দিব পাৰি৷ চমুকৈ কবলৈ হলে সৃষ্টিৰ পিছতে শিল্পৰ জন্ম হয়৷ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে কৈছিল যে মানুহৰ মনৰ এই সুন্দৰতাৰ প্ৰতি থকা আগ্ৰহ বা সৌন্দৰ্যপ্ৰীতিৰ বাবেই মানুহে বহিবলৈ সজা পীৰাখনতো নক্সা অংকন কৰি লয়, খাবলৈ বুলি বনোৱা নাৰিকলৰ লাড়ুটোকো সুন্দৰকৈ গোল গোল কৰি ৰূপ দিয়ে অথবা মানুহৰ ঘৰৰ আলহী কোঠাটো সু-সজ্জিত কৰি তোলে৷ এয়া মানৱ মনৰ এক স্বাভাৱিক প্ৰবৃত্তি আৰু কলাৰ প্ৰাথমিক আধাৰ৷ শিল্পকলাৰ চৰ্চাৰ ক্ষেত্ৰত আমি বিখ্যাত কলা সমালোচক হাৰ্বাট ৰীডৰ ‘যি সুন্দৰ, সেয়াই হ’ল শিল্প, অথবা সমস্ত শিল্পকৰ্মই সুন্দৰ, আৰু যি সুন্দৰ নহয় সি শিল্পও নহয়৷’

যেতিয়া মানুহে অঘৰী জীৱন-যাপন কৰিছিল, তেতিয়া পৰস্পৰে যোগাযোগ বা ভাব বিনিময়ৰ বাবে চিত্ৰশিল্পকে আধাৰ হিচাপে লৈছিল ৷ তেতিয়াৰ পৰা বৰ্তমানলৈকে চিত্ৰশিল্পই নানা পৰিবৰ্তনৰ মাজেৰে সৌন্দৰ্য আৰু নান্দনিকতাৰ সৃষ্টি কৰি আহিছে ৷ শিল্পীয়ে সমাজক নানা দুখ-যন্ত্ৰণাৰ মাজতো সৌন্দৰ্যৰ কথা কয় ৷ সাৰ্থক শিল্পদৰ্শনে সমাজক সৌন্দৰ্যৰ জগতত বাস কৰিবলৈ অনুপ্ৰাণিত কৰে ৷ সেয়ে শিল্পীৰ শিল্প প্ৰতিভাৰ প্ৰতিফলন ঘটে তেওঁৰ সমাজৰ প্ৰতি থকা দায়িত্ববোধ, দৃষ্টিভংগী, আচাৰ, ব্যৱহাৰত ৷ সমাজ তথা সমাজত ঘটি থকা বিশৃংখলতা আৰু সমগ্ৰ প্ৰকৃতিয়েই হৈছে শিল্প সৃষ্টিৰ মূল উৎস ৷ ভাষা আৱিষ্কাৰৰ আগতে শিল্পৰ সৃষ্টি হৈছিল, কিন্ত তথাপিও চিত্ৰশিল্পই মানুহক আকৰ্ষিত কৰিব পৰা নাই ৷ এতিয়াও মানুহৰ মুখে মুখে এটাযে কথা মই ছবি বুজি নাপাওঁ ৷ মই ব্যক্তিগতভাৱে বহু কেইজন অসমৰ বুদ্ধিজীৱীৰ লগত ছবিৰ বিষয়ে যেতিয়া আলোচনা হয়, তেতিয়া তেখেতসকলৰ মুখৰ পৰা শুনা পাওঁ ছবিখনকে ফটো বুলি কয় ৷ ছবি আৰু ফটোৰ পাৰ্থক্যটোও বহু জ্ঞানী-গুণী ব্যক্তিৰ মুখতো শুদ্ধকৈ শুনা নায়ায ৷ চিত্ৰকলাই কিয় এতিয়াও সাধাৰণ মানুহক আকৰ্ষিত কৰিব পৰা নাই ৷ এইটো এটা ডাঙৰ প্ৰশ্ন ৷ হয়তো ইয়াৰ বাবে কিছু পৰিমাণে আমি শিল্পীসকলো জগৰীয়া হ’ব পাৰোঁ ৷ চিত্ৰশিল্পীসকল হয় মানুহৰ মাজত সোমাব পৰা নাই আৰু নতুবা শিল্পৰ ভাষাটো হয়তো আমিও ভালকৈ বুজি উঠা নাই ৷ বৰ্তমানৰ চিত্ৰশিল্পীসকল তেখেতসকলৰ সমাজখনৰ কাৰণে কিমান দায়বদ্ধ ? বৰ্তমানৰ সমাজখনৰ কথা আমি কেইজন শিল্পীয়ে কিমান চিন্তা কৰিছো ? অসমৰ শিল্পীসকলৰ দৃষ্টিত নিশ্চয় সমাজখনলৈ কি ধৰণে জাগৰণ তথা পৰিবৰ্তন আনিব পাৰে, তাৰ উপলব্ধি মোৰ দৃষ্টিত বহুত কম যেন লাগে৷ মই জানো, শিল্পীসকলে অকলশৰীয়াভাৱে কাম কৰি ভাল পায় ৷ প্ৰত্যেকজন শিল্পীয়ে নিজৰ নিজৰ ষ্টুডিঅত বা কোঠাত অকলে চিন্তা-চৰ্চা কৰি ভাল পায় ৷ সমাজখনক বাদ দি শিল্পীৰ দায়বদ্ধতা কেতিয়াও সম্পূৰ্ণ হব নোৱাৰে ৷

বৰ্তমানৰ বহু শিল্পীয়ে নিজৰ ষ্টুডিঅ’বা কলা বীথিকা পৰিত্যাগ কৰি ৰাইজৰ মাজত গৈ এটা পৰিৱেশ সৃষ্টি কৰি কৰ্মত মনোযোগ দিয়া দেখা যায় ৷ আগৰ ধাৰণা মতে ৰাইজ বা শিল্পী ভাল পোৱা ব্যক্তিসকলে শিল্পীৰ ওচৰত গৈ শিল্প-কৰ্ম উপভোগ কৰিছিল বা শিল্পীজনৰ লগত কিছু সময় কথা পাতি আমেজ লৈছিল কিন্ত এতিয়া শিল্পীয়ে নিজে মানুহৰ মাজলৈ গৈ শিল্প চৰ্চা কৰা হল ৷ এতিয়া ছবিৰ ধাৰাৰ পৰিবৰ্তন হল, শিল্পীৰ মনৰ চিন্তা-চৰ্চাৰ পৰিবৰ্তন এতিয়াও যিমান পৰ্যায়ত হ’ব লাগিছিল সিমান হোৱা নাই, যেন কিবা কম যেন অনুভৱ হয় ৷ বৰ্তমানৰ বহু শিল্পীয়ে সমাজ বা শিল্প জাগৰণতকৈ শিল্পকৰ্ম কেনেকৈ বজাৰত বিক্ৰী কৰি দুপইচা পাব পাৰি তাৰ ওপৰত বেছি গুৰুত্ব দিয়া দেখা যায় ৷ শিল্পৰ বজাৰ আগৰ পৰাই আছে; তাক নুই কৰিব নোৱাৰি, কিন্ত বৰ্তমানৰ কিছুমান শিল্পীক দেখা যায়, ৰাইজ বা ক্ৰেতাই বিচৰা অনুযায়ী শিল্পীয়ে ছবি আঁকিবলৈ আৰম্ভ কৰে ৷ বহু শিল্পীয়ে শিল্পৰ ভাষাটো বুজি নাপায় বুলি মই আৰম্ভণিতে কৈছো, কাৰণ এতিয়া কিছুমান শিল্পীক দেখা যায় শিল্পকলা চৰ্চাটো যাদুবিদ্যাৰ নিচিনাকৈ ব্যৱহাৰ কৰে ৷ দুখন হাত, দুখন ভৰিৰে ৰং সানিব পৰিলেই এজন শিল্পী হ’ব নোৱাৰে ৷ বিশেষকৈ এইখন অসমত এজন শিল্পী হোৱাও বহুত সহজ হৈ পৰিছে৷ কলা বীথিকাত এখন প্ৰদৰ্শনী পাতিলে বা ব্যতিক্ৰমভাৱে এখন ছবি আঁকিলে তেওঁ ৰাতিৰ ভিতৰতে প্ৰচাৰ মাধ্যমৰ দ্বাৰা এজন ৰাষ্ট্ৰীয় শিল্পীও হোৱাও দেখা পাওঁ ৷

প্ৰাচীন কালৰে পৰা মানুহে দলবান্ধি থাকিবলৈ শিকিছিল আৰু দলীয়ভাৱে চিকাৰ কৰিবলৈ গৈছিল ৷ তাৰ পিছত লাহে লাহে গাঁৱৰ সৃষ্টি হ’ল আৰু পিছত সমাজ৷ প্ৰাচীন কালৰ পৰায়ে আমি দেখি আহিছো সমাজপ্ৰিয়তা মানুহৰ সমূহীয়া নিৰাপত্তা ৷ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদে কৈছে- ‘সুন্দৰৰ আৰাধনা জীৱনৰ খেল’৷ সমাজক লৈ বা সমাজৰ পৰা বিভিন্ন সমল সমূহ আহৰণ কৰি শিল্পকলা সৃষ্টি কৰাৰ বাবে সৰ্বসাধাৰণ ব্যক্তিতকৈ এজন শিল্পীৰ গুৰুত্ব অধিক ৷ কিন্তু মই এজন শিল্পী হিচাপে মোৰ মনত কেতিয়াবা বহু ধৰণৰ প্ৰশ্নই ক্ৰিয়া কৰে ৷ আমাৰ চিত্ৰশিল্পীবোৰে কিমানখিনি সমাজক দিছে আৰু কিমানখিনি সমাজৰ পৰা লৈছে ৷ আমি আমাৰ সমাজখনক এজন শিল্পী হিচাপে কিবা দিবলৈ পাৰিছো নে ? নে সমাজৰ পৰা আমি শিল্পীৰ মোহৰটো নিজৰ গাত লগাই সমাজৰ পৰা গামোচা বুটলিছো ৷ বৰ্তমান সমাজত ‘Hobby আৰ্টিষ্ট বহু বাঢ়ি গৈছে যাৰ ফলত শিল্পকলাৰ জগতত কিছু পৰিমানে বিশৃংখলতা দেখা দিছে ৷ ছবি আৰু শিল্পীৰ অৰ্থই সমাজৰ জনসাধাৰণক মাজে মাজে বিভ্ৰান্তত পেলোৱা দেখা যায় ৷ ফুল টাইম প্ৰেক্টিচিং বা যিজন শিল্পীয়ে নিজৰ সৃষ্টিৰ দ্বাৰা জীৱিকা আৰ্জন কৰি ৰং আৰু কেনভাছ কিনিবলৈ দুপইচা আৰ্জন কৰিছে, তেনে শিল্পী অসমত অন্য ৰাজ্যৰ তুলনাত বহু কম ৷ বহু শিল্পী অসমত দেখিছো তেওঁলোকৰ জীৱিকাৰ ৰাস্তা বেলেগ অৰ্থাৎ ৰাতিপুৱাৰ পৰা গধূলিলৈকে ছবিৰ বাদে বিভিন্ন চৰকাৰী কামত ব্যস্ত হৈ থাকে কেতিয়াবা সময় অনুযায়ী প্ৰদৰ্শনীৰ আমন্ত্ৰণ ক্ৰমে বছৰত দুই-এখন ছবি আঁকি তেখেতসকলৰ সৃষ্টি-কৰ্মৰ অন্ত পেলায় ৷ অসমত আৰু এটা নতুন সমস্যা হৈছে আন্তৰাষ্ট্ৰীয় শিল্পী৷ এখন সভা বা কোনোবা শিল্পীক যদি প্ৰদৰ্শনীৰ দুৱাৰ মুকলি কৰিবলৈ আমন্ত্ৰণ কৰে, সেই শিল্পীজনক ৰাইজৰ ওচৰত চিনাকী কৰোৱাই দিয়ে বিশিষ্ট চিত্ৰশিল্পী তথা আন্তৰাষ্ট্ৰীয় শিল্পী বুলি ৷ তেওঁ আচলতে সঁচা অৰ্থত ৰাষ্ট্ৰীয় বা আন্তৰাষ্ট্ৰীয় শিল্পী হয় নে নহয় ?

ৰাষ্ট্ৰীয় বা আন্তৰাষ্ট্ৰীয়পৰ্যায়ত এখন প্ৰদৰ্শনীত ভাগ ল’লেই তেওঁ আন্তৰাষ্ট্ৰীয় হ’ব পাৰে নেকি ? বা কিবা এটা সুবিধা পাই জীৱন কালত এবাৰ বিদেশলৈ যাব পাৰিলে তেওঁকে আন্তৰাষ্ট্ৰীয় বুলি ক’ব পাৰে নেকি ? অসমত এজন বিখ্যাত শিল্পী হ’বলৈ বেছি কষ্ট কৰিব নালাগে৷ দুই এখনি ৰাষ্ট্ৰীয় পৰ্যায়ত ছবিৰ প্ৰদৰ্শনীত ভাগ ল’লে বা দুই-এবাৰ বিদেশলৈ গ’লেই সেই শিল্পীজন ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় শিল্পী হোৱা দেখা যায়৷ অসমৰ জনসাধাৰণ তথা অসমৰ সঁচা অৰ্থত যিসকল চিত্ৰ তথা ভাস্কর্য শিল্পী আছে, সকলোৱে সাৱধান হোৱাৰ সময় হল ৷

পৃথিৱীত বহুতো শিল্পী আছে, যিয়ে শিল্পীৰ কৰ্মজীৱনটোৰ কাৰণে তপস্যা কৰিছিল ৷ ইউৰোপীয় ৰেনেছাঁ বা নৱজাগৰণৰ এক সাৰ্থক প্ৰতিনিধি আছিল লিওনাৰ্দো দা ভিঞ্চি৷ ইয়াৰ পিছত দ্বিতীয় পৰ্বৰ অন্যতম শ্ৰেষ্ঠ চিত্ৰকৰ আৰু ভাস্কৰ আছিল মাইকেল এঞ্জেলো ৷ ভাৰতবৰ্ষতো এনেকুৱা বহু শিল্পী আছে, যিয়ে নিজৰ শিল্পকৰ্মৰে দেশত জাগৰণ আনিব পাৰিছিল ৷ ছবি আঁকি থাকোঁতে কেতিয়াওৰ নিজৰ কথা ভাবি অঁকা নাছিল ৷ এতিয়াৰ বহু শিল্পী আছে ছবি আঁকি থাকোতে প্ৰথমে গ্ৰাহকৰ কথা বেছি চিন্তা কৰে- গ্ৰাহকে কেনেকুৱা ধৰণৰ ছবি ভাল পায় ৷

অসমৰ শিল্পীসকলৰ কাৰণে আৰু এটা জলন্ত সমস্যা হৈছে- অসমত কলাসমালোচকৰ অভাৱ৷ শিল্পীৰ সৃষ্টিকৰ্ম ৰাইজৰ ওচৰত নিবলৈ কলাসমালোচকৰ দৰকাৰ হয় ৷ সাধাৰণ মানুহে ছবি বুজি নোপোৱাৰ প্ৰধান কাৰণ হ’ল সমালোচকৰ অভাৱ ৷ অসমত যদি কেইজনমান সমালোচক থাকিলেহেঁতেন, তেতিয়াহ’লে শিল্পীয়ে অঁকা ছবিখনৰ বিৱৰণ সমালোচকে জনসাধাৰণক দিব পাৰিলেহেঁতেন ৷ অসমৰ শিল্পীসকল সকলো ফালৰ পৰাই বঞ্চিত বুলি মই ভাবোঁ৷ কম-বেছি পৰিমাণে প্ৰচাৰ মাধ্যমবোৰকো মই জগৰীয়া কৰিবলৈ বিচাৰো ৷ কাৰণ, প্ৰচাৰ মাধ্যমেও দৃশ্যকলাৰ শিল্পসকলক সঠিকভাৱে আগুৱাই নিবলৈ পৰা নাই৷ পৰিবেশ্য কলা অৰ্থাৎ গান-গোৱা শিল্পীসকলৰ কথাকে ক’বলৈ বিচাৰিছো- টি.ভি.টো খুলিলেই কোনোবা নহয় কোনোবা এজন গায়কৰ ইণ্টাৰভিউ দেখা পাওঁ বা তেওঁলোকক প্ৰাধান্য কৰি প্ৰায়ে টি.ভি.ত প্ৰ’গ্ৰামবোৰো হৈ থাকে৷ কিন্ত যদি কোনোবা এটা কলাবীথিকাত কোনোবা শিল্পীৰ চিত্ৰৰ প্ৰদৰ্শনী এখন হৈ থাকে, তালৈ কিন্ত প্ৰচাৰ মাধ্যমৰ যাবলৈ সময় নহয়৷ বহুবাৰ ফোন কৰাৰ পিছত হয়তো কোনোবা এটা চেনেল আহি দুটামান ফুটেজ লৈ যায়৷ কিন্ত শিল্পীজনে কি ক’বলৈ বিচাৰিছে, কি পৰিস্থিতিত ছবিবোৰ আঁকিছে, সেইবোৰ জানিবলৈ কাৰো সময় নাই৷ বাতৰি কাকতবোৰতো শিল্পীৰ কাৰণে স্থান বহুতো কম দেখা পাওঁ৷ বহু নেদেখুৱাব লগা বাতৰিও প্ৰচাৰ কৰা আমি দেখা পাওঁ, কিন্ত শিল্পীজনৰ মনৰ কথা শুনিবলৈ যেন কাৰো সময় নাই৷ শিল্পীবোৰক ৰাইজৰ ওচৰলৈ নিয়াৰ প্ৰধান দায়িত্ব থাকে প্ৰচাৰ মাধ্যমৰ ৷ গতিকে মই আশা কৰিছো, দৃশ্যকলাৰ শিল্পীসকলৰ কাৰণে আপোনালোকেও অলপ বেছিকৈ চিন্তা কৰক আৰু আপোনালোকৰো প্ৰধান দায়িত্ব আছে, নহ’লে ভবিষ্যতে শিল্পী হৈ জন্ম ল’বলৈ বহুতে ভয় কৰিব ৷

শিল্পী কিশোৰ কুমাৰ দাসৰ নিৰ্বাচিত কিছু শিল্পীকৰ্ম:

(‘শিল্পী আৰু শিল্পৰ এখন বিচিত্ৰ আৰু বৰ্ণময় পৃথিৱী থাকে ! এই পৃথিৱীখনৰ ওচৰলৈ আৰু এখোজ আপোনাক আগবঢ়ায় লৈ যোৱাৰ উদ্দেশ্যৰে এই ‘শিল্পীৰ পৃথিৱী’ শিতানটো ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে । প্ৰতি সংখ্যাতে আমি এজন শিল্পীৰ মনৰ কথা আৰু তেওঁলোকৰ নিৰ্বাচিত কিছু শিল্পীকৰ্ম ইয়াত প্ৰদৰ্শনৰ ব্যৱস্থা কৰিবলৈ প্ৰয়াস কৰিম । ইচ্ছুক শিল্পৰসিক বা প্ৰেমীয়ে তেখেতৰ শিল্পকৰ্ম বা পেইন্টিং সংগ্ৰহ কৰিব বিচাৰিলে পোনপটীয়াকৈ ইয়াত উল্লেখ থকা শিল্পীজনৰ নম্বৰত যোগাযোগ কৰিব পাৰিব’ । – সম্পাদনা সমিতি )

কিশোৰ কুমাৰ দাস

ফোন: ৯৪৩৫৩ ৬৫৮৩১

অন্যান্য

বাৰ্চিলোনাৰ বিকল্প স্বতন্ত্ৰ চলচ্চিত্র মহোৎসৱ

বাৰ্চিলোনাৰ বিকল্প স্বতন্ত্ৰ চলচ্চিত্র মহোৎসৱ

স্পেইনৰ বাৰ্চিলোনা চহৰত যোৱা ১২ৰ পৰা ১৮ নৱেম্বৰ, ২০১৮ তাৰিখলৈ অনুষ্ঠিত হোৱা L ‘Alternativa 25 Festival de Cinema Independent de Barcelona আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰৰ বিচাৰক হিচাপে আমন্ত্ৰিত হোৱাটো মোৰ বাবে আছিল আনন্দদায়ক ৷…

পূৰ্বোত্তৰ ৰাজ্যৰ প্ৰথমখন পুথি প্ৰদৰ্শনী

পূৰ্বোত্তৰ ৰাজ্যৰ প্ৰথমখন পুথি প্ৰদৰ্শনী

আমাৰ ৰাজ্যৰ প্ৰথমখন পুথি প্ৰদৰ্শনী আৰু সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত দ্বিতীয়খন পুথি প্ৰদৰ্শনী বা আজিৰ ভাষাত গ্ৰন্থমেলা অনুষ্ঠিত হৈছিল ১৯৫৮ চনত, গুৱাহাটীৰ যশোবন্ত ৰ’ডত৷ ভাৰতবৰ্ষৰ দ্বিতীয়খন পুথি প্ৰদৰ্শনী বুলি এই কাৰণেই কোৱা হৈছে যে ১৯০৫ চনত কেৱল মাত্ৰ কলিকতা (কলকাতা)…

বিনিৰ্মাণ

বিনিৰ্মাণ

আমাৰ প্ৰায় সকলোৰে প্ৰায়ে এটা অত্যন্ত বিৰক্তিকৰ অভিজ্ঞতা হয়, যেতিয়া আমি কোনো সভালৈ যাওঁ,য’ত আদৰণি ভাষণ দিওঁতাৰ পৰা আৰম্ভ কৰি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰোঁতা, নিৰ্দিষ্ট বক্তা, বিশিষ্ট অতিথি, আমন্ত্ৰিত অতিথি, সভাপতি, সমজুৱাৰ দুআষাৰতো দুজনমানে মঞ্চত উপবিষ্ট সকলোকে পুনৰ…