নাজিৰা হাইস্কুলত, আমাৰ ইংৰাজী বিষয়ৰ শিক্ষক প্ৰদীপ বৰঠাকুৰ ছাৰে শ্ৰেণীত আমাক এদিন সুধিছিল, দ্য টেম্পেস্ট নামৰ পাঠটোৰ কথা আলোচনা কৰোঁতে শ্বেক্সপীয়াৰ কিয় বিশ্ববিখ্যাত?
আমি কোনেও একো উত্তৰ দিব পৰা নাছিলোঁ। কাৰণ আমাৰ কোনো বিষয়ৰে জ্ঞান সেই স্কুলীয়া দিনত ৰবাব-টেঙা-জাকৈ-জাল-বৰশী-কেৰাচিন তেলৰ হাৰিকেন লেম্প- এদিনত দেখা দুখন বা তিনিখন গাড়ীৰ সীমাবদ্ধতাৰ মাজত ঘন চিৰিকা চৰাইৰ পাখিৰ সমানো বিস্তৃত হোৱা নাছিল।
চাৰে সবেমাত্ৰ যোৰহাটৰ বি এড কলেজত প্ৰশিক্ষণ সমাপ্ত কৰি আহিছিল। বিভিন্ন নতুন দৃষ্টিভংগীৰে চাৰ উদ্ভাসিত হৈ আহিছিল আৰু তাৰ পোহৰেৰে আমাকো আলোকিত কৰিবলৈ বিচাৰিছিল। গতিকে নতুন ধৰণৰ প্ৰশ্ন চাৰেই কৰিছিল আৰু বুৰ্বক-বোবা আমাৰ চাৱনিবোৰৰ ওপৰত উত্তৰবোৰো চাৰেই বাকি দিছিল।
এই প্ৰশ্নৰ উত্তৰ আছিল যে শেক্সপীয়েৰে মানৱ চৰিত্রৰ এনে কোনো দিশ নাই প্ৰেম, হিংসা, হত্যা, প্ৰতিশোধ, লোভ, অসহায়তা, ষড়যন্ত্ৰ, বিশ্বাসঘাতকতা, ঠগবাজি, বন্ধুত্ব, নিয়তি, অভিশাপ, অভিনয়, লুকাভাকু, ৰাজনীতি, কূটনীতি, যুদ্ধ আদি- যিটো তেওঁ নাটক বা লিখনিত প্ৰতিভাত কৰা নাই । ক্লাছ নাইনৰ ছাত্ৰ হ’লেও চাৰে আমাক সেই পাঠটোতে আৱদ্ধ নাৰাখি Romeo and Juliet, King Lear, Othello, The Merchant of Venice, Hamlet, Macbeth, A Midsummer Night’s Dream, Julius Caesar আদি অসংখ্য শেক্সপীয়াৰৰ নাটকৰ কথা কৈছিল ।
বহুত শিক্ষক মই পাইছো আৰু বহুতেই পাইছে, যে নিজৰ বিষয়টো পঢ়াওঁতে এনেদৰে বিভোৰ হৈ পৰে যে সময়-পাঠ-সমুখৰ দৰ্শক শ্ৰোতাৰ সকলো সীমা পাৰ হৈ যায়। চাৰো তেনেকুৱা আছিল। মোক ঘৰলৈ মাতি নি এই নাটকবিলাকৰ কাহিনীবিলাক কৈছিল আৰু সেইবিলাকৰ abridged versionৰ সৰু সৰু কিতাপ কিনিবলৈ মোক প্ৰলুব্ধ কৰিছিল। মই কিনিছিলোঁ শিমলুগুৰিৰ ৰে’লষ্টেশ্যনৰ Mikian News Agency বা W H Wheelersৰ দোকানত বা মৰাণৰ চৰকাৰী বাছ ষ্টেণ্ডৰ দোকানত।
চাৰে আৰু কৈছিল যে শেক্সপীয়াৰ ইংলেণ্ডৰ মানুহ আছিল, তেওঁ ভেনিছ বা ডেনমাৰ্কলৈ হয়তো যোৱাই নাছিল, Merchant of Venice বা Macbeth লিখিবৰ কাৰণে। চাৰে বাৰে প্ৰতি এটা কথা কৈছিল, মৌলিক সৃষ্টি মানে কেতিয়াও কোনেও নভবা-নিচিন্তা-নোকোৱা-নিলিখা কথা হ’ব নালাগে। পৃথিৱীত থকা বস্তুবিলাকেই লিখাৰ সমল। হয়তো আনে লিখা কথাৰ পৰাও মানুহ প্ৰভাৱিত হ’ব পাৰে। কিন্তু প্ৰভাৱ পৰা মানে নকল কৰা নুবুজায়। কেতিয়াবা কাৰোবাৰ লিখাৰ অন্য কাৰোবাৰ লেখাৰ লগতো বহুলাংশে মিলি যাব পাৰে। এই প্ৰসংগত চাৰে ক্ৰিষ্টফাৰ মাৰ্ল’ নামৰ এজন লিখকৰ লেখাৰ লগত শ্বেক্সপীয়াৰৰ লিখাৰ বহুত মিলৰ কথা কৈছিল।
চাৰৰ সেই কথাবোৰৰ বহুত কথা মনত থাকিল আৰু বহুত মনত নাথাকিল।
আজি বৰ্তমান সময়ৰ মানুহৰ আচাৰ-ব্যৱহাৰ স্বভাৱ চৰিত্ৰ, কাৰ্য গতি-গোত্ৰ দেখি মই সেই শিক্ষাৰ আলমতে ভাবিবলৈ চেষ্টা কৰোঁ-কিজানি শেক্সপীয়াৰে মানুহৰ চৰিত্ৰৰ সকলো দিশ আচলতে সামৰিব নোৱাৰিলে। আৰু কিজানি বহুত বাকি থাকি গ’ল। বৰ্তমান মানুহৰ নাৰকীয়তা, বীভৎসতা, কদৰ্য্যতা, আত্মহত্যাসূচক কামকাজ, দুৰ্নীতি, ব্যভিচাৰ আদি দেখা হ’লে শেক্সপিয়াৰ কিজানি আৰু ১০০খন বেলেগ ধৰণৰ নাটক লিখিলহেঁতেন। পৃথিৱীত শক্তিমন্ত সকলৰ প্ৰকোপ-প্ৰতাপ আৰু গুণ্ডাগিৰি-দমনৰ প্ৰৱণতা, সাধাৰণ নিমাখিত মানুহক পেংলাই কৰাৰ ধৃষ্টতা, বায়ু-পানী-মানুহ-প্ৰেম-যৌনতা-সন্তান আদি সকলোবোৰকে পণ্য সামগ্ৰী কৰাৰ কথা শেক্সপীয়ৰে নেদেখিলে । তেওঁ আৰু নেদেখিলে অসমীয়া জাতিক, যি এক অতি সুন্দৰ সামাজিক ব্যৱস্থা দলিয়াই পেলাই, নিজৰ গৌৰৱোজ্জল অতীত ইচ্ছাকৃতভাবে ভৰিৰে মোহাৰি, নিজৰ ৰমক জমক প্ৰকৃতি-ইতিহাস যাকে তাকে লুণ্ঠন-ধৰ্ষণ কৰিবলৈ এৰি দি নিচাসক্তিৰে নিজৰ জীৱন বৰবাদ কৰিবলৈ এৰি দিব পাৰে। তেওঁ আৰু নেদেখিলে কেনেকৈ এটা জাতিয়ে কেৱল নাচ-গান-আৱেগ আৰু অতীতৰ ‘আনে কোৱা কিবা ভাল কথাৰ’ মাজতে সমগ্ৰ জীৱন মজি থাকিব পাৰে- বর্তমান আৰু ভৱিষ্যতৰ বাবে একো কাম নকৰাকৈ। তেওঁ আৰু নেদেখিলে কেনেকৈ এটা জাতিয়ে কেৱল চৰকাৰ আৰু ব্যৱসায়ীৰ ওচৰত আত্মসমৰ্পণ কৰিব পাৰে।
আমাৰ এই উদ্ভট চৰিত্ৰ দেখি শ্বেক্স্পীয়াৰে পাগল হৈ পৰিলেহেঁতেন; কিন্তু তেওঁৰ কলম, অসমে অসীমলৈকে বোৱাই নিলেহেঁতেন! তেওঁ লিখাত আত্মমগ্ন হৈ থকা দেখি অসমীয়া জাতি হাত সাৱটি বহি থাকিলহেঁতেন-শ্বেক্স্পীয়াৰৰ লিখনীয়ে অসমীয়া জাতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ আশাত- অসমীয়া ভাষা জগত সভালৈ নিয়াৰা আশাত। ঘৰতে কৰা, উৎসৱ পাৰ্বণে এঢোক পান কৰা-চাউলৰ পৰা প্ৰস্তুত কৰা পানীয়কণ যে গৈ ঘৰুৱা তথা সামাজিক পৰম্পৰাৰ দুৱাৰডলি অতিক্ৰম কৰি-লাখ কোটী গুণে বিস্তাৰিত হৈ এক সৰ্বগ্ৰাসী সামাজিক ব্যাধিত পৰিণত হ’বহি পাৰে-সেইটো দেখি তেওঁৰ কলম হয়তো ৰৈ গ’লহেতেন ! তেতিয়া চৰকাৰী ভাষ্য গ’লহেতেন যে ৰাজ্যৰ ৰাজহ বৃদ্ধিৰ বাবে ই এক আমোঘ অব্যৰ্থ বিধান-ৰাস্তা পদূলি নহ’লে কেনেকৈ নিৰ্মাণ হ’ব? তেওঁ যদি কেতিয়াও নকৰা কাম এটা কৰি চৰকাৰক-মানুহক প্ৰশ্ন কৰি দিলেহেতেন যে মদৰ প্ৰকোপত আচলতে যুৱকসকলৰ অকাল মৃত্যু হৈছে, যুৱতী সকল তীব্ৰ গতিত স্খলিত হৈছে, ৰাস্তাই ঘাটে দুৰ্ঘটনা বাঢ়িছে, এটা বেমাৰী ঘূণীয়া প্ৰজন্মৰ সৃষ্টি হৈছে, খেল ধেমালি নাটক নিভাঁজ-নিৰ্দোষ কথাত মানুহে আনন্দ নোপোৱা হৈছে, আনন্দ মানেই কেৱল সুৰাপান- জন্মদিন-বিয়া-অন্নপ্ৰাসন-বিহু-পূজা-উৎসৱ সকলোতে যেন একমাত্ৰ আনন্দদায়ক কাৰক হৈছে সুৰা। কিতাপ, কবিতা, গল্প, উপন্যাস সকলো বাৰীৰ চুকলৈ ঠেলি পঠিওৱা হৈছে কিবা এটা কৰা !
শেক্সপীয়াৰে সুৰাৰ এনে প্ৰয়োগ আৰু সৰ্বাত্মক প্ৰভাৱত উদ্বেলিত হৈ উঠিব আৰু এখন মহানাটক সৃষ্টি হ’ব-এই আশাত ময়ো বন্দী হৈ ৰ’লোঁ।…
মই তেওঁকে আমাৰ ওপৰত ১০০খন নাটক লিখিবলৈ কিয় দায়িত্ব দিলোঁ বাৰু?
কাৰণ, তেওঁক সময়ে জন্ম দিছিল। এক বিস্তৃত বিশ্ববীক্ষাৰে তেওঁ সংবর্ধিত হৈছিল। ১৫৬৪ চনৰ পৰা ১৬১৬চনলৈকে তেওঁৰ সময়ৰ পৃথিৱীত কি ঘটিছিল-
দুদিনমান আগতে আমাৰ অসমত শংকৰদেৱে বৈষ্ণৱ ধৰ্মক নৱবৈষ্ণৱ ধৰ্মৰ ৰূপ দিছিল। তেওঁৰ ৰচনা অনুবাদ সাহিত্য আছিল। তেওঁৰ গীত নৃত্য সকলো অৱশ্যে ধৰ্মকেন্দ্ৰিক-ভক্তিকেন্দ্ৰিক আছিল। কিন্তু চিহ্ণ যাত্ৰা, নৃসিংহ চৰিত্ৰ,ৰাম বিজয় আদি সচাঁ অৰ্থত নাটকেই আছিল-সকলো ধৰ্ম-ভক্তি ভিত্তিক হ’লেও মানৱ চৰিত্ৰৰ বিশ্বজনীনতাৰ দিশত ধাৱমান শ্বেক্সপীয়াৰৰ ৰচনাতকৈ বহুত বেলেগ আছিল।
শেক্সপীয়াৰে পাইছিল ১০০০-১২০০চনৰ ভিতৰত স্থাপিত কেম্ব্ৰিজ-অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ দ্বাৰা সৃষ্টি হোৱা বৌদ্ধিক বাতাবৰণ-খ্ৰীষ্টধৰ্মৰ আগৰে পৰা বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰে জিলিকি উঠা গ্রীক নাটকৰ উপাদান তথা পৰিৱেশন শৈলী। পাইছিল এদল দক্ষ নাট্যপ্ৰেমী যি তেওঁৰ ঘৰতে নিৰ্মাণ কৰি দিছিল গ্ল’ব থিয়েটাৰৰ দৰে মঞ্চ- নাটকৰ স্থায়ী পৰিৱেশনৰ বাবে এক অটুত ব্যৱস্থা। সৃষ্টি হৈছিল নাট সমালোচক।
১৬০০চনত গঠন হৈছিল ইষ্ট ইণ্ডিয়া কোম্পানী য’ত ইংলেণ্ডৰ ধনী-মানী মানুহে আৰু ব্যৱসায়ী লাভখোৰ মানুহে টকা বিনিয়োগ কৰিছিল-বিস্তৰ লাভৰ আশাত ।শেক্সপীয়াৰে নিজেই লাভখোৰ ব্যৱসায়ী আছিল। কোম্পানীয়ে তেওঁ নাটকৰ পৰা এক আত্মিক শক্তি আহৰণ কৰিছিল যি পৃথিৱীৰ চুকে-কোণে বিয়পি পৰিছিল।
তেনে সময়তে ভাৰতবৰ্ষই মোগলৰ মাজেৰে বিদেশী শাসকৰ শাসন-যুদ্ধ-ক্ষমতা সাংস্কৃতিক উপাদানৰ সোৱাদ পাবলৈ আৰম্ভ কৰিছিল।
আমেৰিকা ভালকৈ আৱিষ্কাৰ হোৱাই নাছিল- ইউৰোপে আমেৰিকাক চিনি পোৱাৰ এশ বছৰেই হোৱা নাছিল (কলম্বাছ ১৪৯২ চন) ।
অষ্ট্ৰেলিয়া তেতিয়াও বাকী পৃথিৱীৰ পৰা বহুত নিলগত।
চীনত যিং ডাইনেষ্টিৰ শাসন চলিছিল। চীনৰ প্ৰাচীৰ নিৰ্মাণ চলিয়েই আছিল। দুখীয়া কৃষকৰ সন্তান বৃদ্ধি বহুগুণে হৈছিল। মানুহবোৰ দুখীয়া আছিল। ৰজা শোষক আছিল। মানুহবিলাকে কানি খাইছিল। এই কানিৰ কাৰণেই ওলণ্ডাছ-ফৰাচী-ব্রিটিছ আদি গৈ তি্ববত হৈ বা হংকং হৈ চীন ওলাইছিল গৈ। কিন্তু সেই বতৰা ইংলেণ্ডে বিশেষভাৱে একো পোৱাগৈ নাছিল বুলিও ক’ব নোৱাৰি কাৰণ মাৰ্ক প’ল’,চেংগিজ খান তেতিয়া বাতৰি আছিল ।
পুৰণা pagan সাম্ৰাজ্যবিলাকৰ পৰা মধ্য প্ৰচ্য তেতিয়া ইছলাম ধৰ্মলৈ ৰ্ধমান্তৰিত হৈ সংঘাতৰ মাজত ধ্বংসস্তূপত পৰিণত হৈছিল।
আফ্ৰিকা তেতিয়াও মানুহৰ বুলি কোৱাৰ লায়েকেই হোৱা নাছিল।
ফ্ৰান্স, পৰ্তুগাল, স্পেইন, জাৰ্মানী, ৰাছিয়া আৰু ইংলেণ্ডেই পৃথিৱীৰ সৰ্বময় কৰ্তা যেন আছিল। বেছি প্ৰসাৰ ইষ্ট ইণ্ডিয়া কোম্পানীয়েই কৰিছিল,। গতিকে ইংৰাজী ভাষাৰ প্ৰসাৰো বেছিকেই হৈছিল। তাতে শ্বেক্সপীয়াৰৰ নাটক-ছনেট বিলাকৰ বক্তব্য আৰু আঢ্যবন্ত-ৰাজকীয় প্ৰেক্ষাপটৰ কথাই এক সামাজিক আকৰ্ষণৰো সৃষ্টি কৰিছিল। তেওঁ চৰ্চালৈ আহি গৈছিল। লাহে লাহে তেওঁ আমাৰ ভাৰত-অসমো আহি পালেহি। আনকি মণিপুৰৰ বিশ্ববিখ্যাত নাট পৰিচালক ৰতন থিয়ামে, লণ্ডনৰ টেমছ নদীৰ বুকুতো শ্বেক্সপীয়াৰৰ নাটক যিমান দক্ষতাৰে কৰিব পৰা হ’ল একেই দক্ষতাৰে মাছখোৱাৰ প্ৰেক্ষাগৃহৰ মঞ্চতো Movning Mountains সৃষ্টি কৰিবলৈ সক্ষম হ’ল । শ্বেক্সপীয়াৰৰ ইমানেই শক্তি !
শেক্সপীয়াৰৰ নাটকে সৃষ্টিশীল যিকোনো নাট্যকৰ্মী বা চলচ্চিত্ৰ কৰ্মীক ইমান flexibility দিব পাৰে যে ই সময় আৰু স্থানৰ সীমা অতিক্ৰমি যাব পাৰে। তেওঁৰ নাটকে যিকোনো নাট্যকর্মীক তেওঁৰ নাটকৰ ওপৰত যিমান ভৱা চিন্তা তথা কাম কৰোৱাই যে তাৰ তুলনাত আমাৰ লক্ষ্মী শৰ্মাৰ চিৰাজ বা আলী হাইদৰৰ জৰৌ ৰৌৱা পৰজা বা অবিনাশ শর্মাৰ অদিতিৰ আত্মকথা বা জ্যোতিপ্ৰসাদৰ আগৰৱালাৰ ল’ভিতাই সিমান কৰোৱা চকুত পৰা নাই।
কাৰণ কেনভাছ ডাঙৰ হ’লেহে সেই নাটকৰ ছবি আৰু বক্তব্য বিশাল হয়। অসমৰ নাট্যকাৰ সকলে শেক্সপীয়াৰে নিলিখা বিলাক লিখিব পাৰে
(এই লেখা এজন অনাট্যকৰ্মীৰ ধৃ্ষ্টতা; স্পৰ্ধা মাৰ্জনীয় বুলি নিবেদন কৰিলো।)
সঞ্জীৱ সভাপণ্ডিত
ফোন নং:৯৮৬৪০৪৪৪৭০


