জ্যোতিস্মৰণ: এজন চলচ্চিত্ৰ সমালোচক তথা অধ্যয়নকাৰী অপূৰ্ব শৰ্মাৰ দৃষ্টিত চলচ্চিত্ৰ নিৰ্মাতা জ্যোতি প্ৰসাদ

(সঞ্জীৱ সভাপণ্ডিতৰ লগত হোৱা কথোপকথনৰ ভিত্তিত)

এটা সাংঘাটিকভাৱে অনাঅসমীয়া ব্যৱসায়ী পৰিয়ালৰ তৃতীয়-চতুৰ্থ প্ৰজন্মৰ ব্যক্তি হিচাপে নতুন ঠাইৰ ভাষাত সাহিত্য সৃষ্টি কৰাটোৱেই দূৰহ, তাতে সেই ভাষাত চিনেমা নিৰ্মাণ কৰা কথাটো, বিশেষকৈ যেতিয়া চিনেমা সৰ্বসাধাৰণৰ মনোৰঞ্জনৰ আহিলা হোৱাই নাছিল, তেতিয়াই, মনোৰঞ্জন বাদেই, ইংৰাজী নিৰ্বাক চিনেমা বা এখন-দুখন নিৰ্বাক হিন্দী-বাংলা চিনেমা গুৱাহাটী-শ্বিলং আদিতহে কিছুমান বাঙালী ধনী মানুহ আৰু ব্ৰিটিছৰ বাবে চলোৱা হৈছিল-হাতত নগদ ধন নথকা, পঢ়া-শুনা নথকা অসমীয়া মানুহৰ বাবে সেইবোৰ গছত গৰু উঠা কথা আছিল-তেতিয়াই তেনে এটা কামত হাত দিয়াটোৱেই জ্যোতিপ্ৰসাদক genius বুলি প্ৰমাণ কৰে।
জ্যোতিপ্ৰসাদৰ আজুককাক নৱৰংগ আগৰাৱালা সাংঘাটিক চতুৰ ব্যৱসায়ী আছিল। তেওঁ ব্ৰিটিছৰ এজেণ্ট হিচাপে ধান, মৰাপাট, কয়লা, চাহপাত, ৰবৰ, লা আদি কিনা-বেচা কৰিছিল। আনকি নৱৰংগে সুদত টকা ধাৰে দিয়া ব্যৱসায়ো কৰিছিল। সুদখোৰ বেপাৰীৰ যি শোষক চৰিত্ৰ নবৰংগৰ গাত সেইটো ষোলঅনাই আছিল। মানুহে এনেকে কৈছিল-
দক্ষিণে মাৰিলে মানে মৰাণে,
উত্তৰে মাৰিলে ভোটে,
গমিৰি ঘাটতে নৱৰংগ কেঞাই মাৰিলে
সুদত ধন ধাৰলৈ দি।
মাৰোৱাৰীৰ ব্যৱসায়ীৰ চকুৰে তেওঁ অসমত সকলো বস্তুতে টকা দেখিছিল। সেই চকু-মন পুত্ৰ হৰিবিলাস আগৰৱালাৰো আছিল। কিন্তু ইতিমধ্যে অসমীয়া নাৰীৰ পাণি গ্ৰহণ কৰি তেওঁ অসমীয়া সত্বাত বিলীন হ’বলৈ আৰম্ভ কৰিছিল। সেয়ে তেওঁ কীৰ্তন, ভাগৱত আদি ছপাই হাটে-বজাৰে বিক্ৰী কৰিছিল। তাৰ আগলৈকে নামঘৰত থ’বলৈকে অসমীয়াৰ একো এপদ সামগ্রী নাছিল।
নৱৰংগ আৰু হৰিবিলাস আগৰৱালাই আকৌ অঁকা-ডফলাৰ লগত ব্ৰিটিছৰ সংঘাতবিলাকত মধ্যস্থতা কৰিও চাহ-বাগিচাকে ধৰি বহুত সম্প্ত্তিৰ মালিক হৈছিল। তেনেকৈ টকা-পইচা ঘটা নৱৰংগ বিশাল জমিদাৰীতুল্য মাটিবাৰীৰ মালিক হৈছিল । পৰিয়ালটোৱে এফালে ডিব্ৰুগড়ৰ তামোলবাৰীত চাহ-বাগিচা পাতিছিল; আকৌ বিশ্বনাথৰ ওচৰৰ ভোলাগুৰিতো চাহ বাগিচা পাতিছিল। পৰিয়ালটো সেই সময়ত আটাইতকৈ ধনী অসমীয়া পৰিয়াল আছিল ।
পৰমানন্দই বিয়া কৰাইছিল গমিৰীঘাটৰ অসমীয়া ছোৱালী, যাৰ প্ৰভাৱত জ্যোতিপ্ৰসাদ ঠন ধৰি উঠি আহিছিল আইনাম-বিয়ানাম-বিহুগীত-নিচুকনি গীত-নামঘোষা-কীৰ্তন-ভাগৱতৰ কথা-সুৰ-মূৰ্চনা আৰু আত্মিক শক্তিৰে। লগতে তেওঁ পাইছিল খুৰাক চন্দ্ৰকুমাৰ আগৰৱালাৰ পৰা সাহিত্যিক সৌন্দৰ্য।

ধনীৰ দুলাল। পঢ়ে তেজপুৰ চৰকাৰী হাইস্কুলত। ঘৰত চাহ বাগিচাৰ বনুৱাৰ ঘৰৰ কাম বন-কৰা মানুহ। অজস্ৰ আলহী-দুলহীৰ পয়োভৰ। বিভিন্ন কথাৰ সমাহাৰ। মাকৰ সাৰ্বিক প্ৰভাৱ পুৱা-সন্ধিয়া নামঘৰত কৰা প্ৰাৰ্থনাৰ পৰা নিশা বিচনালৈকে। ঘৰত ভাৰতীয় পুৰুষকেন্দ্ৰিক সমাজ ব্যৱস্থাৰ মাজতো মাকৰ মমতাময়ী অস্তিত্বৰ উপৰিও তেওঁ অনুভৱ কৰিছিল এক সাত্বিক শক্তি, যি শক্তি তেওঁৰ পৰৱৰ্তী জীৱনৰ মূল চালিকা শক্তি হৈ থাকিল-তেওঁৰ মাক সকলোৰে মাক, মানুহৰ মাক দেশৰো মাক হৈ তেওঁৰ অৱচেতন মনত জীয়াই থাকিল ।
বোধকৰো এই কথাই তেওঁক এটা ব্যৱসায়িক legacyৰ পৰা আঁতৰাই এটা cultural mindset গঢ়ি তোলাত মূল কাৰক হৈ পৰিল।
তেজপুৰত মেট্ৰিক পাছ কৰাৰ পিছতে দেউতাকে তেওঁক কলিকতাত পঢ়িবলৈ পঠালে। কিন্তু কলেজত নাম লগালে যদিও তেওঁ পঢ়াশুনা বিশেষ একো নকৰিলে। শিৱসাগৰৰ প্ৰফুল্ল বৰুৱাৰ লগ লাগি তেওঁ কেৱল বাংলা নাটক আৰু হিন্দী বা ইংৰাজী যি চিনেমাকে পালে, সেইবোৰ চায়েই সময় কটাই দিলে। মাজে মাজে প্ৰফুল্ল বৰুৱাক মাঁথো ক’লে- মোৰ এই ‘আন্ধাৰে আলো’ৰ দৰে এখন চিনেমা কৰাৰ মন গৈছে।

সেয়ে কলেজত তেওঁ পৰীক্ষা দিয়াৰ বা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ কোনো ৰেকৰ্ড নাথাকিল।

ঘৰলৈ ঘূৰি আহি তেওঁ ইংলণ্ডলৈ পঢ়িবলৈ যাওঁ যাওঁ লগালে। ইফালে দেউতাকৰ মন নাই। ইমানবোৰ ব্যৱসায়ৰ কাম চম্ভালে কোনে ! জ্যোতিপ্ৰসাদে মাকক কুটুৰি থাকিল আৰু শেষত ৰণ জয় হ’ল। মাকে ক’লে, ‘মোৰ ল’ৰাই আকাশলৈ পাখি মেলিছে তাক উৰিবলৈ দিয়ক।‘
জ্যোতিপ্ৰসাদে ক’লে- ‘কোনে ক’লে, আই তোক শকতি বিহীন বুলি। তোৰ পুত্ৰ তোৰ দৰেই হ’ব শক্তিমন্ত।’
ইংলণ্ডৰ এডিনবৰাত কলেজত নাম লগালে গৈ তেজপুৰ হাইস্কুলৰ পৰা মেট্ৰিক পাছ কৰা চাৰ্টিফিকেটখন দিয়েই। নাম লগালে হয়,কিন্তু তেওঁ তাতো পঢ়া-শুনা বিশেষ একো নকৰিলে। তেওঁ থকা ঘৰৰ সমুখতে এগৰাকী আইৰিছ মহিলা আছিল-অকলে । তেখেতৰ এখন পিয়ানো আছিল। জ্যোতিপ্ৰসাদে সেই পিয়ানো’তে মত্ত হৈ পৰিল আৰু পশ্চিমীয়া সংগীতৰ ধ্ৰুপদী কথাবোৰ-Rhythm,Beat,Notation সোনকালেই আয়ত্ত কৰি পেলালে। এই কামত তেওঁ ইমানেই পাৰ্গত হৈ উঠিল যে তেতিয়া তেজপুৰত অনুষ্ঠিত হোৱা সদৌ অসম ছাত্ৰ সন্মিলনীৰ বাবে দুটা গীত তেওঁ তাতে লিখি সুৰ দি Notationবিলাকো লিখি পঠাই দিলে- তাৰে এটা গীত আছিল ‘গছে গছে পাতি দিলে ফুলৰে শৰাই’। যিটো গীত শুনাত নিভাঁজ অসমীয়া বনগীতৰ সুৰ যেন লাগে। কিন্তু আচলতে ই আছিল পাশ্চাত্য সংগীতৰ ঠাঁচত সৃষ্টি কৰা। বিষ্ণু ৰাভাও তবধ মানিছিল এই কথাত।
তাতো নাটক চিনেমায় তেওঁৰ দিন বিলাক লৈ থ’লে। আইজেনষ্টাইন, চার্লি চেপলিন, পেডডকিনৰ চিনেমা চাই চাই তেওঁ বিভোৰ হ’ল ।(পেডডকিনে মেক্সিম গর্কীৰ Motherউপন্যাসখনৰ ওপৰত ভিত্তি কৰি একে নামৰ এখন চিনেমা কৰিছিল।)
সেইখিনি সময়তে তেওঁ আন এখন চিনেমা চালে The passion of Joan of Arc। পঞ্চদশ শতিকাত ইংলণ্ড আৰু ফ্ৰান্সৰ মাজত এশ বছৰীয়া যুদ্ধ এলানি চলি আছিল। ইংৰাজ সৈন্যই যুদ্ধক্ষেত্ৰৰ এক গুৰুপ্তপূর্ণ স্থান অৰলেন্স, অৱৰোধ কৰি ৰাখিছিল। জোৱানৰ কোনো সামৰিক অভিজ্ঞতা নাছিল, কিন্তু তেওঁক যুদ্ধলৈ যাবলৈ দিবলৈ ফৰাচী সেনাপতিজনক তেওঁ মান্তি কৰালে। এখন unconventional যুদ্ধত ইংৰাজ পৰাস্ত হ’ল আৰু Charles VII ফ্ৰান্সৰ সম্ৰাট হ’ল। কিন্তু নিজৰ দেশৰ হকে যুঁজা এইগৰাকী মহীয়সী নাৰীক ইংৰাজবিলাকে আন কাৰোবাৰ হতুৱাই ধৰাই, জীয়াই জীয়াই পুৰি মাৰে। পিছত তেওঁক Sainthood অৰ্পণ কৰা হয়। তেতিয়া জোৱানৰ বয়স হৈছিল মাত্ৰ ১৯ বছৰ।
এই চিনেমাখনে জ্যোতিপ্ৰসাদক নাৰীৰ মহত্ব আৰু দেশপ্ৰেমৰ গভীৰতা তীব্ৰভাৱে অনুভৱ কৰালে।
ইতিমধ্যে ১৯০০চনত পদ্মনাথ গোঁহাঞিবৰুৱাই জয়মতী নামৰ এখন নাটক লিখিছিল। তাৰ ১৫বছৰৰ পিছত লক্ষ্মীনাথ বেজবৰুৱাই জয়মতীক লৈ নাটক এখন লিখিছিল য’ত ডালিমী নামৰ এটা চৰিত্ৰৰ সংযোজন ঘটোৱা হৈছিল। ৰত্নেশ্বৰ মহন্তৰ জয়মতী আখ্যানেই এই দুয়োখন নাটকৰ ভেটি; লগতে সুৰ্যকুমাৰ ভূঞাৰ তুংখুঙীয়া বুৰঞ্জীৰো অৱদান আছে।
এইগৰাকী জয়মতীক লৈ এখন চিনেমা কৰিবলৈ তেওঁ ব্যাকুল হৈ পৰিল।
কিন্তু ইংলণ্ডত চিনেমা নিৰ্মাণৰ কথা জানিবলৈ বা শিকিবলৈ তেওঁ একো সুবিধা কৰিব নোৱাৰিলে। বৰং জাৰ্মানিৰ Fox Studio’ আৰু UFA Studio দুটাহে অধিক সুবিধাজনক হ’ব বুলি তেওঁক ঠাৱৰ কৰিলে।
তেওঁ গৈ জাৰ্মানী পালেগৈ। তাত গৈ তেওঁ গম পালে যে UFA Studio’ত হিমাংশু ৰায় কাম কৰি আছে-তেওঁৰ কিবা চিনেমাৰ।
কলিকতাত থাকোঁতে খুব সম্ভৱ লক্ষ্মীনাথ আৰু চন্দ্ৰকুমাৰে, জ্যোতিপ্ৰসাদক ৰবি ঠাকুৰৰ ঘৰলৈ লৈ গৈছিল। হিমাংশু ৰায়, ৰবি ঠাকুৰৰ পৰিয়ালৰ খুব ঘনিষ্ঠ আছিল। সেই সুত্ৰেই হিমাংশু ৰায়ৰ লগত জ্যোতিপ্ৰসাদৰ চিনাকি হৈছিল। সেই চিনাকি সুত্ৰেই তেওঁ হিমাংশু ৰায়ক লগ ধৰিছিল। ষ্টুডিঅ’ৰ ভিতৰলৈ সোমাব পাৰিছিল। খাটিৰ-বাটিৰ কৰি ষ্টুডিঅতে এটা সৰু কাম যোগাৰ কৰিছিল। আৰু এক প্ৰবল মানসিক দৃঢ়তাৰে মাত্ৰ সাত মাহৰ ভিতৰতে তেওঁ চিনেমা নিৰ্মাণৰ যাবতীয় জ্ঞান আহৰণ কৰি ল’বলৈ সক্ষম হৈছিল।
ইতিমধ্যে ঘৰলৈ ঘূৰি আহিবলৈ তেওঁৰ ওপৰত ঘৰৰ হেঁচা বাঢ়ি গৈছিল। কিন্তু ইতিমধ্যে জয়মতী চিনেমাৰ –তেওঁ মানস কন্যা হিচাপে- জন্ম হৈছিল। ঘূৰি আহিয়েই তেওঁ জয়মতীকে শয়নে-সপোনে দেখিবলৈ ল’লে। Like a man possessed, he embarked on that mission.
জয়মতী চিনেমাত জ্যোতিপ্ৰসাদে যি আচৰিত সৃষ্টিশীলতাৰ পৰিচয় দিছিল সি আজিও আমাক অনুপ্ৰাণিত কৰে-
ক) ডালিমীয়ে গদাপাণিক ভৈয়ামলৈ ঘূৰিবলৈ লওঁতে বিদায় দিবলৈ আহিছে-কৈছে-‘কেঁচা সোণ, যাগৈ যা’। গদাপাণিয়ে, প্ৰেমিকা হ’লেও-বিচ্ছেদৰ দুখে বুকু বিদীৰ্ণ কৰিলেও, ঘূৰি চোৱা নাই। চাই আছে সমুখলৈ-ভৱিষ্যতলৈ-নিজৰ দায়িত্বলৈ-অসমৰ মাটিলৈ। Next cut shot ডালিমী পাহাৰৰ এঢলিয়াইদি ঘূৰি গৈছে, গদাপাণিৰ জীৱনৰ পৰা আঁতৰি গৈছে-গদাপাণিয়ে নাই চোৱা যদিও চাইছে-দৰ্শকে দেখিছে- ডালিমী হেৰাই গৈছে-ইতিহাসৰ বুকুৰ পৰাও।
খ) জয়মতীক ল’ৰা ৰজাই ৰাজ সভালৈ মতাই আনিছে-জয়মতী আহিছে দেশ ৰক্ষাৰ সংকল্পৰে শক্তিশালী দৃঢ় পদক্ষেপেৰে-সাধাৰণ নাৰীৰ দৰে অৱগুণ্ঠিতা নহৈ, বৰং উচ্চ শিৰে নিৰ্ভীকভাৱে ৰজালৈ পোনপটীয়াকৈ চাই।
গ) এটা জলাশয়ৰ পাৰেদি মানুহ গৈছে-জ্যোতিপ্ৰসাদৰ কেমেৰাই inverted image record কৰিছে। এনে দৃশ্যগ্ৰহণ সত্যজিত ৰায়ে ২০ বছৰৰ পিছত ১৯৫৫ চনতহে ‘পথেৰ পাঁচালিত’ কৰিছিল।
ঘ) গদাপাণি বগা ঘোঁৰাত উঠি নগা পাহাৰ পাইছেগৈ-ওখ গৰাটোত উঠি ঘূৰি চাইছে- দূৰৈত হাবি-জংঘলেৰে আবৰা নগা পৰ্বত-মাতৃভূমিৰপৰা আঁতৰি মাতৃভূমি উদ্ধাৰ কৰিবলৈ যোৱা মানুহৰ বিশাল বুকু-দেহভংগীমাই কথা কৈছে ।
ঙ) জয়মতীক ৰাজসভালৈ বুলি বুঢ়ী কেইগৰাকীয়ে উলিয়াই দিয়াৰ সময়ত অসমীয়া সমাজত ছোৱালী বিয়া দি উলিয়াই দিয়াৰ সময়ত গোৱা বিয়ানামৰ সুৰৰ ব্যৱহাৰ- ডালিমীৰ লগত বিচ্ছেদৰ ক্ষণটোত।

কাজিৰঙাৰ Wild Grassৰ স্বত্বাধিকাৰ প্ৰয়াত মঞ্জু বৰুৱাই(অচিন্ত্য) এটা সময়ত কাঠৰ কাৰবাৰ কৰিছিল। ১৯৭০ৰ দশকৰ কোনোবা এটা দিনত তেওঁ গৈছিল কাঠ লৈ। বৰষুণৰ বতৰ। ৰাস্তাইনে-গাঁতেইনে-পথাৰেইনে একো ধৰিব নোৱাৰি। গাড়ী গৈ ভোলাগুৰি বাগানৰ ওচৰত বেয়া হ’ল । তেওঁৰ মুখেৰে ওলাই গৈছিল ‘পাগলটো কৰ’বাৰ। এই ঠাইত ষ্টুডিঅ’ পাতি চিনেমা কৰে’। মোক কোৱা ক্থা।
Madness আৰু Genius আচলতে একেটা মুদ্ৰাৰে দুপিঠি। জ্যোতিপ্ৰসাদৰ জয়মতীৰ চেট সজা কাঠ মিস্ত্ৰীজন মোৰ শিক্ষক আছিল। নাম ভৱানন্দ বৰুৱা। তেতিয়া তেজপুৰৰ পৰা গমিৰিঘাটলৈ RSN & IGN steamer কোম্পানীৰ জাহাজ চলিছিল। জাহাজত কেইদিনমানৰ মূৰে মূৰে একোটা একোটা কাঠৰ বাকচ আহিছিল। জ্যোতিপ্ৰসাদে ছাৰক সেই বাকচবোৰ আনিবলৈ পঠাইছিল। তাত তেখেতৰ সুৰাৰ বটল গৈছিল। চিনেমাৰ ভুতে লম্ভাৰ সময়ত সুৰাই তেখেতৰ আশ্ৰয় আছিল আৰু তেতিয়া শ্বুটিং চাবলৈ যোৱা ওচৰ পাজৰৰ ব্ৰিটিছ চাহাবকো তেখেতে দেখা নাছিল- কাকো দেখা নাছিল। তেওঁকো আনে দেখাতো তেওঁ বিচৰা নাছিল। তেওঁক দেখা মানুহকো তেওঁ উপেক্ষা কৰিছিল, কাৰণ তেওঁ তেতিয়া এই পৃথিৱীত নাছিলেই-সৃষ্টিশীলতাৰ মহাসাগৰত তেওঁ তেতিয়া বিচৰণ কৰিছিল। মন কৰিব-সময় ১৯৩৫ চন, স্থান অসম !

অন্যান্য

মধ্যৰাত্ৰে বেণু বাজে: অনুপম জীৱন-কথা অথবা সামাজিক দাপোন

মধ্যৰাত্ৰে বেণু বাজে: অনুপম জীৱন-কথা অথবা সামাজিক দাপোন

গতানুগতিক, নিৰাপদ আৰু প্ৰচলিত জীৱন ধাৰণৰ বিপৰীতে প্ৰগতিশীল, দূৰদৰ্শী, প্ৰত্যাহ্বানমূলক আৰু সৰ্বদা উৎসৰ্গীকৃত জীৱনশৈলীৰে ভীৰৰ মাজত অনুপম আদৰ্শৰ চানেকি প্ৰতিষ্ঠা কৰা মানৱীয় চৰিত্ৰসমূহে, কেতিয়াবা জীৱন কালতেই অথবা কেতিয়াবা হয়তো মৃত্যুৰ পিছত হ’লেও, সমাজত চৰ্চিত-বন্দিত আৰু…

জ্যোতিস্মৰণ: এজন নাট্যকাৰ হিচাপে জ্যোতি প্ৰসাদ-মোৰ দৃষ্টিত -নাট্যকাৰ-নাট পৰিচালক অবিনাশ শৰ্মাই যেনেকৈ ক’লে

জ্যোতিস্মৰণ: এজন নাট্যকাৰ হিচাপে জ্যোতি প্ৰসাদ-মোৰ দৃষ্টিত -নাট্যকাৰ-নাট পৰিচালক অবিনাশ শৰ্মাই যেনেকৈ ক’লে

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৰাম বিজয় নাটকৰ বহুদিন বিৰতিৰ পিছত গুণাভিৰাম বৰুৱাৰ ৰাম নৱমী আৰু ৰুদ্ৰৰাম বৰদলৈৰ কানীয়া কীৰ্তনেই অসমৰ ন্যট্য জগতৰ দুখন প্ৰথম উল্লেখযোগ্য নাটক।গুণাভিৰাম বৰুৱাই কলিকতাত থাকিয়েই পঢ়-শুনা কৰিছিল। সেই সময়ত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে বংগীয়…