অসমীয়া সাহ বনাম অসমীয়া শাহ

সঞ্জীৱ সভাপণ্ডিত

 অসম মানেই ইয়াৰ ভৌগোলিক পৰিসীমাৰ ভিতৰৰ আৰু কিছু পৰিমাণে বাহিৰৰ জনগোষ্ঠীসমূহৰ সংস্কৃতিয়ে সৃষ্টি কৰা এটা সত্বাক বুজায়৷ এই জনগোষ্ঠীসমূহ ইমান বেছি মিশ্ৰিত হৈ আছে যে ইয়াক বৰ বেছিকৈ পৃথকে চাব নোৱাৰি৷ যদিও বড়োবিলাকেই আটাইতকৈ আখজাকৈ ‘divide Assam 50:50’ ধৰণৰ কথা কয়, কিন্তু তেওঁলোকো অসমীয়া সংজ্ঞাৰ পৰিকাঠামোৰ বাহিৰৰ নহয়৷

আপাত দৃষ্টিত কোনো সচেতন জাতি গঠন প্ৰক্ৰিয়াৰে অসমৰ সৃষ্টি হোৱা নাই৷ হৈছে এনেয়ে অৱধাৰিতভাৱে৷ তেনেই নৰম কিছুমান সামাজিক আৰু ৰাজনৈতিক প্ৰক্ৰিয়াৰেহে৷ যুদ্ধৰ ভূমিকা প্ৰায় নাই বুলিয়ে ক’ব পাৰি৷

সেয়ে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতিসকলৰ লগতে অসমৰো জনজাতিসকলৰ কোনো বিশেষ কায়িক শক্তি–ৰাজনৈতিক সাধনা-বৌদ্ধিক প্ৰখৰতা আৰু অৰ্থনৈতিক জিজ্ঞাসা নাই৷ সেয়ে প্ৰায় সকলোবোৰেই সময়ৰ লগত আগবাঢ়িব পৰা নাই৷ ফলত প্ৰায় সকলোবোৰেই বাস্তৱ জ্ঞান বিবৰ্জিত–চিন্তা ৰহিত ক্ষোভত আক্ৰান্ত৷ প্ৰায় সকলোবোৰেই বহিঃৰাষ্ট্ৰৰ–তাতে শত্ৰুভাবাপন্নৰে পৰিবেষ্টিত৷ সকলোৱে জানে অসমেই সিবিলাকৰ জীৱন ৰেখা৷ অসম নহ’লে তেওঁলোকে কোনেও বহিৰ্বিশ্বৰ মুখ দেখিব নোৱাৰে৷ এটা সময়ত অসমেই এই সকলোকে শিক্ষা-প্ৰশাসন-চিকিৎসাৰো পোহৰ বিলাইছিল আৰু ৰাস্তা-পদূলিও নিৰ্মাণ কৰি দিছিল৷

কিন্তু এতিয়া এই সকলোবোৰ অসমৰ বৈৰী হৈ পৰিছে৷ অসমে বা অসমীয়াই তেওঁলোকৰ কি এনে ক্ষতি কৰিলে সেই বিষয়ে কোনো বিশ্লেষণ-পৰ্যালোচনা, ৰাজহুৱা মঞ্চত স্পষ্টকৈ কৰা দেখা পোৱা নাই৷

প্ৰতিটো জনগোষ্ঠীৰ এনে আক্ৰমণাত্মক আৰু অসহনশীল প্ৰকাশ্য মনোভাৱে অসমীয়া মানুহক কম চিন্তাত পেলোৱা নাই৷ অসমীয়া মানুহৰ খং উঠাটোও একো অস্বাভাৱিক কথা হোৱা নাই৷

আগৰ কেন্দ্ৰীয় চৰকাৰবোৰৰ অৱহেলা, উত্তৰ ভাৰতীয় বণিক গোষ্ঠীৰ লুণ্ঠন, বাঙালী সম্প্ৰসাৰণবাদীৰ বৌদ্ধিক আৰু প্ৰশাসনীয় চেপা, ইছলামীয় মৌলবাদীৰ ষড়যন্ত্ৰ আৰু আগ্ৰাসন, আজিৰ তাৰিখত চলি থকা লোকপিয়লে উন্মুক্ত কৰিবলৈ ৰৈ থকা আশংকা যে অসমত অসমীয়া ভাষীৰ সংখ্যা ৪০ শতাংশ হৈ যাব আৰু তাৰ বিপৰীতে বাঙালীৰ সংখ্যাও ৪০ শতাংশ হ’ব–এই সকলোবোৰৰ লগতে এফালে বানপানী, আনফালে তিৱা-বড়ো আদি সকলোৱে নিজকে অসমীয়া বুলি চিনাকি নিদিবলৈ লোৱা সিদ্ধান্ত–এই সকলোবোৰ মিলি অসমীয়াবিলাকক সঁচাকৈয়ে ক’বলৈ হ’লে বিৰক্ত আৰু সমমৰ্মিতাহীন কৰি তুলিছে৷ (অসমত থকা প্ৰায়বিলাক বাঙালী হিন্দুৱেতো নিজকে অসমীয়া বুলি নকয়েই আৰু এইবাৰ বহুত বাঙালী মুছলমানেও নিজৰ ভাষিক পৰিচয় বাঙালী বুলিয়েই লিখিব৷)

একবিংশ শতিকাৰ এই তীব্ৰবেগী জীৱন যাত্ৰাৰ মাজত কাৰো আজি ৰ’বলৈ-ভাবিবলৈ অৱকাশ নাই যে কোনোবা বৰপেটীয়া মহাজনে কোনোবা ওদালগুৰিৰ কোনোবা বড়ো মানুহক সুদত দিয়া টকা ঘূৰাই নিদিয়াৰ কাৰণে কিবা মাটি লৈ লৈছিল৷ অসমৰ মুঠ জনসংখ্যাৰ ৭ শতাংশ বড়ো মানুহক কি যুক্তিত অসমখনৰ ৫০ শতাংশ মাটিৰ অধিকাৰ দি দিয়া যায়, সেই কথা পাতিবলৈকো কাৰো মন নাই৷ বড়োৰ সংখ্যা বঢ়াবলৈ গহপুৰ-বিহালীৰ ফালে হাজাৰ হাজাৰ বিঘাৰ বনভূমি তহিলং কৰি গোসাঁইগাঁও-বাসুগাঁও অঞ্চলৰ পৰা বাছে বাছে মানুহ নি বহুওৱাৰ কথাও ইচ্ছা কৰি লুকুৱাই থ’ব নোৱাৰি৷ অসমীয়া মানুহে বহুত বড়ো এলেকাত কৰ (tax) দিহে যে বাচি আছে, সেইবোৰ কথা জনাই জানে৷

তথাপিও অসমীয়াৰ অস্তিত্বৰ লগতহে এই জনগোষ্ঠীসমূহৰ অস্তিত্ব সম্ভৱ; কাৰণ সকলোবোৰৰ মাজত তেজ-মঙহৰ সম্পৰ্ক আছে৷ কথাই কথাই অসমীয়াক গোৰ মাৰি গালি পাৰি সামান্য কথাতে বেলেগ ৰাজ্য দাবী কৰি ব্লেকমেইলিং কৰি থকাটো আজি আৰু সহ্য কৰি থকাৰ কথা নহয়৷

অসমে এৰি দিয়কচোন–তেওঁলোকৰ অৱস্থা পানীত হাঁহ নচৰা হ’ব৷ গোটেইবোৰ মিলিয়েই বাংলাদেশীৰ আক্ৰমণ-আগ্ৰাসন প্ৰতিহত কৰিব পৰা নাই৷ ২০০ লাখ বাঙালীৰ আগত ৫ লাখ-১০ লাখ-২০ লাখৰ একোটা জনগোষ্ঠীয়ে কি যুদ্ধ দিব! বুদ্ধি-সামৰ্থ্য-ঢাল-তৰোাৱল-শক্তি কি আছে?

মোক এবাৰ ABSUৰ এখন অধিবেশনলৈ নিমন্ত্ৰণ কৰিছিল৷ প্ৰমোদ বড়ো তেতিয়া আবছুৰ মুৰব্বী আছিল৷ মেঘালয়ৰ ৰাজ্যপাল ৰঞ্জিত শেখৰ মুছাহাৰি আছিল মোৰ লগত মঞ্চত৷ মই ৰামায়ণৰ বাল্মীকিৰ উদাহৰণ দি কৈছিলো যে মোৰ কোনোবা পূৰ্বপুৰুষে যদি কাৰোবাৰ কিবা অপকাৰ কৰিছিলো, তেন্তে মই তাৰ বাবে জগৰীয়া নহয়৷ নতুন দিনৰ কথা পাতিবলৈ হ’লে পুৰণা দিনৰ কথা বাদ দিব লাগিব৷ ভূপেন হাজৰিকাই কোৱাৰ দৰে যে মই পিছলৈ ঘূৰি চাই চাই সমুখলৈ খোজ দিব নোৱাৰো নহয়!

আজি কেইদিনমানৰ আগতে ১৫ দিনৰ কাৰণে অষ্ট্ৰেলিয়াত থাকি আহিলো৷ তাৰ প্ৰতিটো ৰাজহুৱা অনুষ্ঠানত (নাটক, চিনেমা, বাছ যাত্ৰা, ফেৰী যাত্ৰা, সভা-সমিতি সকলোতে) প্ৰথমেই কোৱা হয় যে ‘আমি আমাৰ পূৰ্বজসকলক অৰ্থাৎ(aboriginসকলক) শ্ৰদ্ধাৰে স্মৰণ কৰিছো৷ এই মাটি আমি তেখেতসকলৰ পৰা পাইছোঁ; গতিকে এই মাটি আমি সংৰক্ষণ কৰি ৰাখিম৷’

এনেকুৱা ৰাজহুৱা কৃতজ্ঞতাবোধ একোটা জাতিৰ জীৱন দৰ্শন হ’ব লাগে৷ কোনো মানুহ বা জাতি আকাশৰ পৰা থলথলকৈ সৰি পৰা নাই৷ সকলোৰে সাহচৰ্য্যতহে সকলোৰে সৃষ্টি হৈছে৷

মই বহুদিনৰ আগতে লিখিছিলোঁ যে আমাৰ সাংস্কৃতিক বৈচিত্ৰ্য অৰ্থাৎ আমাৰ সম্পদবিলাকেই আমাৰ বিপদ৷ ইমান ‘অসম’ মানুহক লৈ ৰাজ্য শাসন কৰা অত্যন্ত জটিল কাম৷ এটাৰ ফালে চালে আনটো জাঙুৰ খাই উঠে৷ ইফালে কথাই কথাই জগৰ৷ আনফালে আধুনিক জীৱনৰ বাবে প্ৰয়োজনীয় একো বিদ্যা(skill-expertise-knowledge) কাৰো নাই, প্ৰতিটো কামৰ কাৰণে বাঙালী-পাঞ্জাবী-বিহাৰী-বাংলাদেশীৰ মুখলৈ চাব লাগে৷ ওচৰতে পায় কাৰণে অসমীয়াবিলাকৰ ওপৰতেই খং! ঠিক কচাইখানালৈ নিয়া ছাগলীকেইটাই নিজৰ ভিতৰতে খোচা-খুচি কৰাৰ নিচিনা৷

এফালে অসম নিজেই শোষিত-নিষ্পেষিত-বঞ্চিত-আক্ৰান্ত৷ অথচ অসমেই সকলোকে দিব লাগে৷ কিবা এটা বিপদ হ’লে আমি ওচৰৰ কাৰো পৰা একো উল্লেখযোগ্য সহায়-সঁহাৰি নাপাওঁ৷

গতিকে সংখ্যাত কম হ’লেও অসম আৰু অসমীয়াই এতিয়া অলপ উষ্মা-শক্তি আৰু সাহস দেখুওৱাৰ সময় আহি পৰিছে৷ অৰুণাচলী, নগা, খাচী, মিজোৰ লগত অসমীয়াই দৈহিক শক্তি দেখুৱাব লাগে আৰু নিজৰ জনগোষ্ঠীৰ মাজত অসমীয়াই ন’বেল পুৰস্কাৰ পোৱাৰ–বিশ্ব বিজয় কৰাৰ সামৰ্থ্য প্ৰকাশ কৰিব লাগে৷ অনবৰতে ‘খালে ঔ-নিলে ঔ-মাৰিলে ঔ’ বুলি চিঞৰি থকা অসমীয়াৰ লগত কোনো নাথাকে৷ বিশ্বজয় কৰা অসমীয়াৰ লগতহে অসমীয়া হ’বলৈ সকলোৱে বিচাৰিব৷ চিঠি লিখি টকা দাবী কৰা ধন ঘটা বিপ্লৱীৰ সাহেৰে অসমীয়া জাতীয়তাবাদ জীয়াই ৰখাৰ দিন নাই আৰু৷ জাতীয়তাবাদ অসমীয়াক নালাগেই, জাতীয়তাবোধহে লাগে৷

অসমৰ সকলো জনগোষ্ঠীয়ে নিজৰ নিজৰ মুখ আয়নাত চোৱাৰ এইটো সময়৷


ফোন: ৯৮৬৪০৪৪৪৭০

অন্যান্য

ভীমবৰ দেউৰী আৰু অসমৰ জাতীয় সমস্যাত এভুমুকি

ভীমবৰ দেউৰী আৰু অসমৰ জাতীয় সমস্যাত এভুমুকি

ভীমবৰ দেউৰীক অসমৰ আজিৰ প্ৰজন্মই নাজানে। ১৯০৩ চনৰ পৰা ১৯৪৭ চনলৈ মাথোঁ ৪৪টা বসন্তৰ নাতিদীৰ্ঘ তেওঁৰ জীৱনকালত তেওঁ লোৱা ভূমিকাই অসমীয়া জাতিৰ কলিজাক স্পৰ্শ কৰি গৈছিল। কিন্তু অসমীয়া মধ্যবিত্তৰ প্ৰভাৱশালী অংশই তেওঁক কোনোদিনে স্বীকৃতি দিব নেজানিলে। তেওঁৰ মৃত্যুৰ পিছত আঠটা…

বড়ো জাতীয় চেতনা জাগৰণৰ প্ৰথম স্তৰঃ এটি দৃষ্টিপাত

বড়ো জাতীয় চেতনা জাগৰণৰ প্ৰথম স্তৰঃ এটি দৃষ্টিপাত

বিংশ শতিকাৰ (১৯২০-২৯)ৰ দশকটোকেই সাধাৰণতে বড়ো চেতনা জাগৰণৰ প্ৰাৰম্ভ বুলি গণ্য কৰা হয় ৷ কাৰণ ঘটনাপূৰ্ণ এই দশকতেই বড়ো জাতিৰ ব্যাপক জাগৰণ প্ৰতিফলন কৰা বহুতো সুদূৰপ্ৰসাৰী ঐতিহাসিক মহত্ত্ব-ঘটনাৰ স্বাক্ষৰ আছে৷ বিভিন্ন লিখক-গৱেষকৰ, বিশেষকৈ বড়ো লিখক-গৱেষকৰ প্ৰয়াসত এই…

সময়

সময়

বৈ থকা নদীখন ৰৈ যোৱাৰ আতংকইনিশাৰ মেদিনী কঁপায়নিজৰাপাৰত যিজোপা কৃষ্ণচূড়ালৈখিৰিকীৰে মই ডিঙি মেলি চাওঁআৰু কিছুদিন পিছতেই অদৃশ্য হৈ পৰিবসেই তেজৰঙী আকাশ শীতৰ শুভ্ৰতাই শিৰৰ সেন্দুৰ মচিমেৰিয়াই দিবহি যেনশোক আৰু শান্তনাৰ এখনি চাদৰ এনেকৈয়ে এদিন কাণত বাজিবহিবেজেৰুৱা ব’হাগৰ…