আমাৰ স্কুলীয়া দিনৰ সাধাৰণ জ্ঞানৰ কিতাপত পোৱা মনত আছে কেনেকৈ জে.জে. থমছনে ১৮৯৭ চনত ভেকুৱাম টিউবত কেথ’ড ৰশ্মিৰ ওপৰত কৰা অধ্যয়নৰ জৰিয়তে ইলেকট্ৰনৰ আৱিষ্কাৰ কৰিবলৈ সম্ভৱ হৈছিল ৷ ইয়াৰ আগলৈকে ভবা হৈছিল যে এই বিশ্বৰ সকলো বস্তুৰে নিম্নতম অংশ হৈছে পৰমাণু (Atom) ৷ তেওঁ প্ৰমাণ কৰিলে যে কেথ’ড ৰশ্মি পৰমাণুতকৈ বহু সৰু ঋণাত্মক আধানযুক্ত কণাৰে (Negatively Charged Particles) গঠিত৷ এই আৱিষ্কাৰৰ পৰাই ইলেকট্ৰনিকছক বিজ্ঞানৰ এটা সুকীয়া বিষয় হিচাপে গণ্য কৰা হয় আৰু সোনকালেই ইয়াৰ দ্ৰুত বিকাশ ঘটিবলৈ আৰম্ভ হয় ৷ এই একে বিষয়তেই ১৯৪৭ চনত হোৱা ট্ৰেঞ্জিষ্টৰৰ আৱিষ্কাৰ আছিল মানব জাতিৰ প্ৰগতিৰ ক্ষেত্ৰত হোৱা আন এটা মহত্বপূৰ্ণ ঘটনা ৷ গতিকে কোনো সন্দেহ নাছিল যে এই দুই উল্লেখযোগ্য আৱিস্কাৰকক নবেল বটা দি সন্মান জনোৱা হব ৷
আমাৰ কৈশোৰ কালত,ইলেকট্ৰনিকছ ফৰ ইউ(EFY) নামৰ এখন মাহেকীয়া আলোচনী আই আই টি, চেন্নাইৰ উদ্যোগত প্ৰকাশ পাইছিল ৷ উল্লেখযোগ্য যে এই আলোচনীখন আজি ৫৫-বছৰে ধৰি এতিয়ালৈকে সফলতাৰে চলি আহিছে ৷ ইয়াত ইলেকট্ৰনিকছ, গেজেট (Gadget) DIY প্ৰকল্প, আৰু উদ্যোগৰ বাতৰিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল ৷ ইয়াৰ আগতে কলেজৰ উচচ শ্ৰেণীৰ পাঠ্যপুথিৰ বাহিৰে ইলেকট্ৰনিকছ সম্বন্ধে সহজ ভাষাত জনা বুজাৰ অন্য কোনো মাধ্যম নাছিল ৷ ফলত, এই আলোচনীৰ দ্বাৰা চখী (Hobbyists), পেছাদাৰী (Professionals) আৰু শিক্ষাবিদ (educationists) – সকলোৱেই বিভিন্ন ধৰণেৰে উপকৃত হ’ব পাৰিছিল ৷ অৱশ্যে, আমাৰ দৰে স্কুলীয়া ছাত্ৰছাত্ৰীৰ বাবে ইয়াত দিয়া লিখাবোৰ বুজা ইমান সহজ সাধ্য কাম নাছিল৷ কিন্তু প্ৰতিটো সংখ্যাতে প্ৰকাশিত একো একোটা Do It Yourself (DIY) প্ৰকল্পই আমাক বিশেষ ভাবে আকৰ্ষিত কৰিছিল ৷ মনত পৰে, এবাৰ ট্ৰেঞ্জিষ্টৰ ৰেডিঅ’ সজাৰ এটা প্ৰকল্প ইয়াত দিয়া হৈছিলে ঠিক আমাৰ দশম শ্ৰেণীৰ উত্তীৰ্ণমূলক ম্যাট্ৰিকুলেশন পৰীক্ষাৰ শেষৰ ফালে ৷ আমি ইয়াক তৈয়াৰ কৰিবলৈ উৎসাহিত হৈছিলো, যদিও, ইয়াৰ চাৰ্কিটৰ বাবে প্ৰয়োজনীয় বিভিন্ন উপাদান (components)-ৰ লিষ্টখনত দেখিবলৈ পালোঁ বহু ৰেজিষ্টৰ (Resistor),কেপাচিটৰ (Capacitor),ডাঅ’ড (diode) আদিৰ লগতে কেইটামান ট্ৰেঞ্জিষ্টৰৰো প্ৰয়োজন৷ আমি হতাশ হৈ পৰিলোঁ, কাৰণ এটা ট্ৰেঞ্জিষ্টৰ তৈয়াৰ কৰিবলৈ আকৌ কিয় বহু সংখ্যক ট্ৰেঞ্জিষ্টৰৰ প্ৰয়োজন সেই সময়ত আমি ঠিক বুজিব পৰা নাছিলোঁ ৷ কাৰণটো হয়তো আপোনালোকে ইতিমধ্যে ধৰিব পাৰিছেই; সেই সময়ত আমি ট্ৰেঞ্জিষ্টৰ ৰেডিঅ’ৰ নামটো যে ইয়াৰ চাৰ্কিটত থকা ট্ৰেঞ্জিষ্টৰ উপাদানৰ পৰা আহিছে, সেই কথা জনা নাছিলোঁ ৷
সেই একে কথা প্ৰসঙ্গতেই, আমাৰ সেই সময় চোৱাৰ আৰু এটা ঘটনা ইয়াত উল্লেখ নকৰাকৈ থাকিব নোৱাৰিলোঁ ৷ ঠিক কলেজত ভৰ্ত্তি হোৱাৰ পাছতেই দুই-এজন সহপাঠীৰ সৈতে এবাৰ আমি এটা ‘প্ৰেতাত্মাৰ কথা শুনা’ ইলেকট্ৰনিক চাৰ্কিটৰ মডেল বনাই ওচৰ-চুবুৰীয়াৰ মাজত এক আলোড়নৰ সৃষ্টি কৰিছিলোঁ ৷ এই মডেলটোৰ এফালে এক মাইক্ৰোফোন সংযোজিত কৰা আছিল যাতে যিকোনো শব্দ ইয়াৰ দ্বাৰা অধিগ্ৰহণ কৰিব পৰা যায়, আৰু ইয়াক ঘৰৰ সন্মুখৰ বাগিছাত-ঘাহঁৰ ওপৰত পেলাই ৰখা হৈছিল৷ আনটো দিশত এটা ট্ৰেঞ্জিষ্টৰযুক্ত ইলেকট্ৰনিক চাৰ্কিটৰ সৈতে এটা স্পীকাৰ লগোৱা আছিল আৰু ইয়াক আমাৰ বহা কোঠাত ৰখা হৈছিল ৷ ইয়াৰ দ্বাৰা ৰাতি গভীৰ হোৱাৰ লগে লগে বিভিন্ন ধৰণৰ ফিচফিচনি আমি শুনিবলৈ পাইছিলোঁ ৷ ফলত, কোঠালীত উপস্থিত আমি সকলোৱে উত্তেজিত হৈ পৰিছিলোঁ ৷ আমাৰ মাজৰ উৎসাহী দুই-এজনে এই ফিচফিচনিৰ অৰ্থও বাহিৰ কৰি উলিয়াইছিল ৷ মোৰ আইতাই এদিন মডেলটো বহুসময় একান্ত মনে চাই থাকি লাহেকৈ গহীন ভাৱে কবলৈ ধৰিলে, “ভালেই হ’ল, মই মৰিলে মোৰ আত্মাটো এই ঘৰৰ চাৰিও দিশেইতো ঘূৰা-ফিৰা কৰি থাকিব, গতিকে ময়ো সকলোৰে খবৰ লৈ থাকিব পাৰিম ৷”
‘আত্মাৰ বক্তব্য’ শুনা সেই চাৰ্কিটতো তৈয়াৰ কৰাৰ সময়ত আমাৰ ইলেকট্ৰনিকছ বিষয়টোৰ সম্বন্ধে কোনো ধৰণৰ সম্যক জ্ঞান নাছিল৷ গতিকে সেই চাৰ্কিটৰ মডেল কি হিচাবে কাৰ্য্যকৰী হৈছিল, সেইটো আমাৰ বোধাতীত আছিল৷ পাছত যেতিয়া অভিযান্ত্ৰিক কলেজত ভৰ্তি হলোঁ, তেতিয়া ইলেকট্ৰনিকছ বিষয়ত পঢ়োঁতে গম পালোঁ যে আমাৰ সেই ট্ৰেঞ্জিষ্টৰ যুক্ত চাৰ্কিটটো আচলতে এটা শব্দ পৰিবদ্ধৰ্কৰ (Amplifier) হে আছিল ৷ গতিকে, ৰাতিৰ অন্ধকাৰ বাঢ়ি অহাৰ লগে লগে আহি পৰা, বাহিৰৰ নিৰ্জনতাৰ ফল স্বৰূপে, সৰু সৰু শব্দবোৰৰ আমি ঘৰৰ ভিতৰত শুনিব পৰাকৈ পৰিৱৰ্ধন ঘটিছিল, আৰু কোনো অৰ্থ নথকা সেই ধ্বনিবোৰক আমি সঁচাকৈয়ে আত্মাৰ ফিচফিচনি বুলি ভাবিছিলোঁ ৷
ওপৰত কৰা আলোচনাৰ পৰা আমি গম পালোঁ, ট্ৰেঞ্জিষ্টৰ যুক্ত চাৰ্কিটৰ সহায়ত ৰেডিঅ’ আৰু অডিঅ’ সঁজুলিত দুৰ্বল সংকেতক বৃদ্ধি কৰিব পৰা যায় ৷ পিচলৈ আমি এইটোও গম পালোঁ, আৰু বহু অন্যান্য ক্ষেত্ৰতেই ট্ৰেঞ্জিষ্টৰৰ প্ৰয়োগ হয়, যেনে সুইটচিং (Switching) চাৰ্কিটৰ তৈয়াৰী, যাৰ সহায়ত কম্পিউটাৰ আদিৰ বাবে লগা নিয়মীয়া নিয়ন্ত্ৰিত শক্তি, নিৰ্ভৰযোগ্য ভাবে আৰু অতি সহজে পাব কৰিব পৰা যায়৷ ইয়াৰ উপৰিও ট্ৰেঞ্জিষ্টৰৰ মাধ্যমেৰে সকলো ইলেকট্ৰনিক টাইমাৰ আৰু ঘড়ীৰ বাবে দোলন (Oscillation)-ৰ চাৰ্কিট সৃষ্টি কৰা হয় ৷ অৰ্থাৎ, এই ক্ষুদ্ৰ, অৰ্ধপৰিবাহী (Semi-conductor) ট্ৰেঞ্জিষ্টৰ এনে এটা সক্ৰিয় (Active) ইলেকট্ৰনিক উপাদান যিয়ে বৈদ্যুতিক সংকেত আৰু শক্তিৰ বৃদ্ধি বা সলনি কৰিব পাৰে ৷ আমি দেখিছিলোঁ, ইয়াত অন্ততঃ তিনিটা টাৰ্মিনেল থাকে, আৰু এটা টাৰ্মিনেলত এটা সৰু সংকেত (Signal) প্ৰয়োগ কৰি আন দুটা টাৰ্মিনেলৰ মাজত প্ৰবাহিত হোৱা বহুত ডাঙৰ কাৰেণ্ট নিয়ন্ত্ৰণ কৰিব পৰা যায় ৷
আমি জানো, আজিকালিৰ মোবাইল ফোন, কম্পিউটাৰ আদি সকলো ডিজিটেল ডিভাইচে গণিতৰ ‘বুলিয়ান ফাংচন’ অনুসৰি কাম কৰে ৷ ইয়াৰ বাবে কিছুমান যুক্তিসঙ্গত গেট (logical gate) যেনে ANR OR, NOR, ইত্যাদি ব্যৱহাৰ কৰা হয় আৰু এনে গেটৰ চাৰ্কিট ট্ৰেঞ্জিষ্টৰৰ সহায়ত সহজে তৈয়াৰ কৰিব পৰা যায় ৷ এনে বহুতো গেটৰ সংযুক্তকৰণৰ দ্বাৰা বৰ্তমানে সকলো আধুনিক ইলেকট্ৰনিক ডিজিটেল ডিভাইচৰ প্ৰচেছৰ (processor), মেম’ৰি চিপ আৰু নিয়ন্ত্ৰণ চাৰ্কিটৰ মৌলিক বিল্ডিং ব্লক গঠন কৰা হয় ৷ ট্ৰেঞ্জিষ্টৰৰ ব্যৱহাৰ বঢ়াৰ লগে লগে, বিশেষকৈ সৰু কিন্তু শক্তিশালী কম্পিউটাৰ তৈয়াৰ কৰাৰ ক্ষেত্ৰত আহি পৰিল ইয়াৰ বাবে প্ৰয়োজনীয় চাৰ্কিটৰ জটিলতা ৷ গতিকে, বহু এনে সৰু সৰু গেটৰ ট্ৰেঞ্জিষ্টৰ চাৰ্কিটক সংলগ্ন কৰা একো একোটা সমন্বিত (Integrated) চাৰ্কিট চিপ, চমুকৈ IC, তৈয়াৰ কৰা হ’ল, য’ত হয়তো একোটা চিপত ১০-ৰ পৰা ১০০-টা অথবা তাতোকৈ অধিক বিভিন্ন ট্ৰেঞ্জিষ্টৰৰ চাৰ্কিট সংযুক্ত থাকিব পাৰে ৷
মই যেতিয়া যোৱা শতিকাৰ আশীৰ দশকত অভিযন্ত্ৰা পাঠ্যক্ৰম পাছ কৰি এটা কম্পিউটাৰ তৈয়াৰ কৰা কোম্পানীত কামত যোগ দিলোঁ, তেতিয়া দেখিবলৈ পাইছিলোঁ যে এনে কম্পিউটাৰবোৰ, শ শ বিভিন্ন IC-ৰ সংযুক্তকৰণৰ দ্বাৰা তৈয়াৰ কৰা হৈছিল আৰু এনে কম্পিউটাৰৰ বাবে ডাঙৰ একোটা কক্ষৰ প্ৰয়োজন হৈছিল, যাৰ তাপমাত্ৰা ২০-২২ ডিগ্ৰী কৰি ৰখাটো বাধ্যতামূলক আছিল ৷ ইয়াৰ আগতে ষাঠীৰ দশকত যেতিয়া প্ৰথম কম্পিউটাৰ ওলাবলৈ ধৰে, সেইবোৰ ইলেকট্ৰনিক ভালভেৰে তৈয়াৰী বিশাল আকাৰৰ আছিল আৰু প্ৰতিস্থাপনৰ বাবে প্ৰায় একোটা অট্টালিকাৰ প্ৰয়োজন হৈছিল আৰু লগতে উপযুক্ত তাপমান নিয়ন্ত্ৰণৰ ব্যৱস্থা ৷ অৱশ্যে, সেইবোৰৰ নিৰ্ভৰযোগ্যতা (reliability) বৰ কম আছিল আৰু ভালেখিনি বৈদ্যুতিক শক্তিৰ যোগানৰ প্ৰয়োজন হৈছিল৷ তাৰোপৰি সেইবোৰৰ উষ্ণতা সোনকালে বাঢ়ি গৈছিল আৰু ফলত, সময়ে সময়ে বিভিন্ন সমস্যাই দেখা দিছিলে ৷
সেই একেই আশীৰ দশকৰ মাজ ভাগৰ পৰা বহুখিনি IC-ক সমন্বিত কৰি আৰু অধিক জটিলতাৰ চাৰ্কিট তৈয়াৰ কৰাৰ প্ৰযুক্তি আৰম্ভ হয় আৰু একোটা চিপৰ ভিতৰত কেইবাহাজাৰ ট্ৰেঞ্জিষ্টৰ সংযুক্ত কৰিবলৈ বিজ্ঞান সমৰ্থ হ’ল ৷ ইয়াক LSI (large scale integration) বুলি কোৱা হৈছিল ৷ ফলত, একোটা কম্পিউটাৰৰ CPU (Central processing unit) মাথোঁ এটা চিপত সন্নিবিষ্ট কৰিব পৰা হৈছিল আৰু লগে লগে কম্পিউটাৰ একোটাৰ আকাৰ এখন টেবুলত ৰাখিব পৰা অৱস্থালৈ পৰিবৰ্তিত হৈছিল ৷ বৰ্তমানে এনে চিপত বহুত নিযুত ট্ৰেঞ্জিষ্টৰ সংযুক্ত কৰি একোটা একোটা VLSI (very large scale integration) সৃষ্টি কৰিব পৰা হৈছে, যাৰ ফলত আমি বৰ্তমানৰ মোবাইল ফোন, কম্পিউটাৰ আৰু অন্যান্য ডিজিটেল ডিভাইচত অফুৰন্ত গণনাৰ ক্ষমতা কম খৰচতে পাব পৰা হৈছোঁ ৷
গতিকে প্ৰশ্ন আহি পৰিছে আমি আৰু কিমান দিনলৈকে এনে VLSI চিপৰ আকাৰ কমাই আনি ইয়াৰ ভিতৰৰ ট্ৰেঞ্জিষ্টৰৰ ঘনত্ব বঢ়াই থাকিব
পাৰিম ? এই প্ৰসংগত আমেৰিকাৰ INTELনামৰ প্ৰতিস্থানৰ প্ৰতিস্থাপক গৰ্ডন মূৰে ১৯৬৫-চনতে কৰা ভবিষ্যবাণী এনে ধৰণৰ আছিলঃ প্ৰতিটো সমন্বিত (integrated) চাৰ্কিটত ট্ৰেঞ্জিষ্টৰৰ সংখ্যা প্ৰায় প্ৰতি দুবছৰৰ মূৰে মূৰে দুগুণ বৃদ্ধি পাব, যিটো এতিয়ালৈকে সত্য প্ৰমাণিত হৈ আহিছে ৷ ফলত, এই ধাৰাই চিপ ডিজাইন, উৎপাদন আৰু পৰিৱেশনৰ ক্ষেত্ৰত নিৰন্তৰ উদ্ভাৱনৰ সূচনা কৰিলে, যাৰ ফলত ব্যক্তিগত ট্ৰেঞ্জিষ্টৰৰ আকাৰ সংকুচিত হোৱাৰ লগে লগে হোৱা ট্ৰেঞ্জিষ্টৰৰ ঘনত্ব বৃদ্ধিয়ে অধিক শক্তিশালী, দ্ৰুত মোবাইল ফোন আৰু কম্পিউটাৰৰ বিকাশ হোৱাত সহায়ক হৈ পৰিছে ৷ অৱশ্যে, মূৰৰ এই ভবিষ্যবাণী কিমান দিনলৈকে ফলিয়াব, এই মূহুৰ্তত কোৱা মস্কিল কাৰণ, এনে চিপৰ বাবে ব্যবহৃত অৰ্ধপৰিবাহী সামগ্ৰী মূলতঃ বিশুদ্ধ চিলিকনৰ পৰা তৈয়াৰী (ৱেফাৰ) হয় আৰু ইয়াৰ সূক্ষ্মকৰণৰ প্ৰায় এক সংপৃক্তি (saturation) স্তৰলৈ আহি পৰিছে ৷
দিলীপ চক্ৰৱৰ্ত্তী
ফোনঃ ৮৮০০৯ ৮৩১৩১




