কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত গৱেষণাৰ বিষয়বস্তু আছিল দৰ্শন শাস্ত্ৰ, পিছে প্ৰাণী বিজ্ঞানীৰূপেই বিশ্বত খ্যাতি লাভ কৰিলে জে’ন গুডঅলে ৷ আফ্ৰিকাৰ গহন অৰণ্যৰ বুকুলৈ সোমাই গৈ তেওঁ আৰম্ভ কৰিছিল চিম্পাঞ্জী বোলা বনমানুহবিধৰ জীৱন যাত্ৰা আৰু স্বভাৱ সম্পৰ্কে গভীৰ অধ্যয়ন ৷ সেয়ে আজি মানুহৰ নিকট আত্মীয়স্বৰূপ চিম্পাঞ্জীৰ বিচিত্ৰ স্বভাৱ আৰু বুদ্ধি বৃত্তিৰ বিষয়ে বিশ্ববাসীক বহুতো নতুন তথ্য জনোৱাৰ কৃতিত্বৰ সন্মান যঁচা হয় এইগৰাকী অসীম সাহসী আৰু প্ৰকৃতিপ্ৰেমী নাৰীকেই ৷ তেওঁ লিখা ইন দা শ্বেডো অব মেন গ্ৰন্থখন মানুহৰ বন্যপ্ৰাণী সম্পৰ্কে অনুসন্ধিৎসা আৰু অধ্যয়নৰ এখন মূল্যবান দলিল ৷
চিম্পাঞ্জীক কোৱা হয় মানুহৰ অতি ওচৰ সম্পৰ্কীয় বন্যপ্ৰাণী বুলি ৷ অথচ ষাঠিৰ দশকৰ আগলৈকে এই প্ৰাণীবিধ সম্পৰ্কে মানুহৰ জ্ঞান আছিল সীমিত ৷ বিশ্বৰ চাৰিবিধ ‘এইপ’ অৰ্থাৎ বনমানুহ হ’ল গৰিলা, ওৰাং ওটাং, গিবন আৰু চিম্পাঞ্জী ৷ ইহঁতৰ ভিতৰত চিম্পাঞ্জীয়েই হ’ল বুদ্ধি বৃত্তিৰ দিশৰ পৰা মানুহৰ সকলোতকৈ ওচৰৰ ৷ জে’ন গুডঅলৰ এই গৱেষণাৰ আগতে প্ৰাণীবিজ্ঞানীসকলে পোহনীয়া নাইবা চিৰিয়াখানাত বন্দী চিম্পাঞ্জীৰ স্বভাৱ অধ্যয়ন কৰিয়েই জ্ঞান আহৰণ কৰিছিল ৷ কিন্তু চিম্পাঞ্জীৰ বাসস্থান অৰ্থাৎ আফ্ৰিকাৰ গভীৰ অৰণ্যৰ মাজত দিনৰ পিছত দিন কটাই ইয়াৰ জীৱন–যাত্ৰা অধ্যয়ন কৰাৰ কামটো তেতিয়ালৈকে কোনেও কৰা নাছিল ৷ অথচ বন্যপ্ৰাণী এটাৰ সম্পৰ্কে প্ৰকৃত তথ্য জনাটো কেৱল প্ৰাকৃতিক পৰিৱেশত কৰা অধ্যয়নৰ যোগেদিহে সম্ভৱ ৷ এই কামটোৱেই কৰি বিশ্ববাসীক বিস্মিত, চমৎকৃত আৰু উপকৃত কৰিছিল জে’ন গুডঅলে ৷

জাতিত ইংৰাজ, এই প্ৰাণীবিজ্ঞানী গৰাকীৰ সম্পূৰ্ণ নাম জে’ন মৰিচ গুডঅল ৷ সৰুৰে পৰাই আফ্ৰিকাৰ অৰণ্যৰ প্ৰতি অপাৰ কৌতূহল আৰু আকৰ্ষণ অনুভৱ কৰিছিল জে’নে ৷ পঁচিছ কি ছাব্বিছ বছৰ বয়সত চহৰ–নগৰৰ জাকজমকতাক বিদায় দি তেওঁ আহি হাজিৰ হ’ল আফ্ৰিকাত ৷ লগ পালে বিখ্যাত নৃতত্ত্ববিদ ড॰ লুই লীকিক ৷ ড॰ লীকিয়ে ইতিমধ্যে পূব আফ্ৰিকাত মানুহৰ আদিমতম পূৰ্বপুৰুষ সম্পৰ্কীয় তথ্য পাতি আৱিষ্কাৰৰ যোগেদি বিশ্বত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জে’নে কিছুদিন ড॰ লীকিৰ লগতো কাম কৰিলে ৷ এদিন ড॰ লীকিয়েই ক’লে যে চিম্পাঞ্জী সম্পৰ্কে মানুহৰ জানিবলগীয়া যথেষ্টখিনিয়েই আছে ৷ সেয়ে অৰণ্যৰ পৰিৱেশতে জে’নে এই বনমানুহবিধৰ অধ্যয়ন চলালে প্ৰাণীবিজ্ঞানৰ বহুত উপকাৰ কৰা হ’ব ৷ জে’ন লগে লগে মান্তি হ’ল আৰু ডেৰ বছৰ পিছতে আমেৰিকাৰ ‘উইল্কি ফাউণ্ডেশ্যন’ৰ আৰ্থিক সাহায্য লাভ কৰি তেওঁ মধ্য আফ্ৰিকাত আহি উপস্থিত হ’ল ৷ তাত টাংগানিকা হ্ৰদৰ পূবত আছে চিম্পাঞ্জীৰ অন্যতম প্ৰধান বাসস্থলী গোম্বে ষ্ট্ৰীম অভয়াৰণ্য ৷ ষাঠি বৰ্গমাইল এলেকাৰ এই অভয়াৰণ্যৰ চিম্পাঞ্জীখিনিক লৈয়েই আৰম্ভ হ’ব তেওঁৰ গৱেষণা ৷ সেয়া আছিল ১৯৬০ চনৰ কথা ৷
গোম্বে অভয়াৰণ্যত এটুকুৰা সুবিধাজনক ঠাই চাই চিতি লৈ জে’নে তেওঁৰ অৰণ্য শিবিৰ পাতিলে ৷ লগ পালে বন বিষয়া ডেভিড এন্ষ্টিক ৷ কথা প্ৰসংগত এন্ষ্টিয়ে চিম্পাঞ্জীৰ হিংস্ৰ স্বভাৱৰো আভাস দিলে এটি ঘটনাৰ উল্লেখ কৰি ৷ এজন স্থানীয় লোকে বাদামজাতীয় এবিধ ফলৰ গছত উঠিছিল ফল সংগ্ৰহৰ উদ্দেশ্যে ৷ এই ফলৰ পৰা ৰন্ধন তেল তৈয়াৰী হয় ৷ গছজোপাৰ একেবাৰে ওপৰৰ ফালে যে চিম্পাঞ্জী এটা বহি ফল খাই আছিল এই কথা মানুহজনে নাজানিছিল ৷ সম্ভৱ তেওঁক উঠা দেখি চিম্পাঞ্জীটো নামি আহিল কিন্তু মানুহজনৰ মুখত থপৰিয়াই তেওঁৰ গালৰ ভালেখিনি মাংসৰ লগতে চকু এটাও বখলিয়াই আনিলে ৷ এন্ষ্টিৰ এই কাহিনী শুনি জে’নে বুজিলে তেওঁৰ গৱেষণাৰ বিষয়বস্তু কি পৰিমাণে বিপজ্জনক হ’ব পাৰে ৷
যিহওক জে’নৰ চিম্পাঞ্জী অধ্যয়নৰ কাম আৰম্ভ হ’ল ৷ উইল্কি ফাউণ্ডেশ্যনে তেওঁক তিনিমাহৰ বাবে আৰ্থিক সহযোগিতা আগবঢ়াইছিল ৷ কিন্তু প্ৰথম দুমাহ কাম কৰি জে’ন প্ৰায় হতাশ হৈয়েই পৰিছিল ৷ চিম্পাজীৰ হ’লে দেখাদেখিয়েই নাই ৷ মাজে সময়ে দূৰৰ পৰা সিহঁতৰ মাত শুনা যায় যদিও সেই দিশে আগুৱাই গ’লেই সাৰ সুৰ নোহোৱা হৈ পৰে ৷ সদায় পুৱা অকলে অকলেই চিম্পাঞ্জীৰ সন্ধানত ওলাই পৰে তেওঁ ৷ সৰু সৰু জোপোহা জংঘলৰ মাজেদি কোনোমতে বাট উলিয়াই লৈ শিবিৰৰ ওচৰ পাজৰৰ এলেকাবোৰত ভূমুকি মাৰে কিন্তু নিষ্ফল প্ৰচেষ্টা ৷ গোটেই দিনটো এইদৰে কটাই আবেলি ক্লান্ত হৈ শিবিৰলৈ উভতি অহাটোৱেই যেন দৈনন্দিন ৰুটিনত পৰিণত হৈছিল জে’নৰ ৷ অৱশ্যে এটা লাভ হৈছিল ৷ এই দুটা মাহত অন্ততঃ জংঘলৰ মাজেদি চলা ফুৰা কৰাত অভ্যস্ত হৈ পৰিছিল তেওঁ ৷ বাটত কেতিয়াবা অন্য জীৱ জন্তুৰো দৰ্শন লাভ ঘটিছিল ৷ এদিন লে’পাৰ্ড অৰ্থাৎ নাহৰফুটুকী বাঘ এটা তেওঁৰ মাত্ৰ কেইহাতমান আঁতৰেদিয়ে গুচি গৈছিল আৰু এদিন গছত উঠি কোনোমতে দুটা বনৰীয়া ম’হৰ আক্ৰমণৰ পৰা সাৰিছিল তেওঁ ৷ ড॰ লীকিৰ মুখতেই জে’নে শুনিছিল যে আফ্ৰিকাৰ অৰণ্যত বনৰীয়া ম’হৰ সমান ভয়ংকৰ জীৱ দ্বিতীয়টো নাই ৷

অৱশেষত এদিন চিম্পাঞ্জীৰ দৰ্শন মিলিল ৷ সৰু ডাঙৰ নানা বয়সৰ চিম্পাঞ্জীৰ এটা দল; কিন্তু প্ৰথমৰ পিনে সিহঁতৰ ৫০০ গজৰ ভিতৰলৈ গ’লেই বনমানুহৰ দলটোৱে ওভতামুৱা হৈ অন্য দিশে গুচি গৈছিল ৷ ছমাহ ধৰি বহু প্ৰচেষ্টাৰ অন্ততহে সিহঁতৰ এশ গজৰ ভিতৰত সোমাবলৈ সক্ষম হৈছিল জে’ন৷ ইতিমধ্যে অৱশ্যে উইল্কি ফাউণ্ডেশ্যনৰ সাহায্যৰ সময়সীমা পাৰ হৈ গৈছিল কিন্তু নেশ্যনেল জিয়গ্ৰাফিক ছ’চাইটিয়ে আৰু ডেৰ বছৰৰ বাবে জে’নক অৰ্থ সাহায্য দিয়াৰ দায়িত্ব গ্ৰহণ কৰিছিল ৷
এদিন জে’নে গছ-গছনি নোহোৱা পাহাৰৰ টিং এটা আৱিষ্কাৰ কৰিলে ৷ ইয়াৰ পৰা বাইনোকুলাৰেৰে চিম্পাঞ্জীৰ দল এটাৰ কাৰ্যকলাপ ভালদৰেই নিৰীক্ষণ কৰিব পাৰি ৷ সন্ধিয়া হোৱাৰ লগে লগে চিম্পাঞ্জীবোৰে যেতিয়া গছৰ ডালত বিছনা সাজি শুলে, ঠিক তেতিয়াই জে’নে অতি সন্তৰ্পণে সিহঁতৰ আৰু কাষ চাপি গৈ নিৰীক্ষণ কাৰ্য চলালে ৷ এনেদৰে অধ্যয়ন চলাই তেওঁ দেখিলে চিম্পাঞ্জীয়ে কেতিয়াও মাটিত নোশোৱে৷ সন্ধিয়াৰ ঠিক আগে আগে সিহঁত গছত উঠি পাতেৰে ভৰা ফেৰেঙণি ডাল বাছি লয়৷ পাতবোৰ হেঁচি হেঁচি ডালৰ ওপৰত গোটাই লৈ বিছনা সাজে চিম্পাঞ্জীয়ে ৷ এই বিছনাত শুই যদি যথেষ্ট আৰাম অনুভৱ নকৰে তেন্তে শুই থকা অৱস্থাতে দীঘল দীঘল হাতেৰে আৰু কিছু পাত ছিঙি লৈ মূৰ আৰু পিঠিৰ তলত গুজি দিয়ে ৷ জেনে লক্ষ্য কৰিছিল পোৱালি চিম্পাঞ্জীয়ে মাকৰ লগত একেখন বিছনাতেই শোৱে ৷ এই বিছনা চিম্পাঞ্জীয়ে এৰাতিতকৈ বেছি ব্যৱহাৰ নকৰে ৷ আচলতে এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰা স্বভাৱৰ বাবেই প্ৰতিদিনেই সিহঁতে নতুন ঠাইত নতুন বিছনা সাজিব লগা হয় ৷
যদিও বয়সৰ তাৰতম্যৰ কথা বাদ দিলে সকলো চিম্পাঞ্জীকেই দেখাত একে যেন লাগে, তথাপি জে’নে দিনৰ পাছত দিন ধৰি সূক্ষ্ম পৰ্যৱেক্ষণ কৰি ইহঁতৰ চেহেৰাৰ মাজত থকা পাৰ্থক্যবোৰ উলিয়াবলৈ সক্ষম হ’ল আৰু সেইমতে প্ৰত্যেকৰে একোটা নামকৰণ কৰি নোট লিখাৰ কাম আৰম্ভ কৰিলে ৷ তেওঁ দেখিলে এটা দলত সাধাৰণতে মতা-মাইকী, পোৱালিকে ধৰি সাত বা আঠটাৰ বেছি চিম্পাঞ্জী নাথাকে কিন্তু কেতিয়াবা দেখা যায় নতুন এটা দল আহিও যোগ দিছে আগৰ চিনাকি দলটোৰ লগত ৷ এনে ঘটনা ঘটাৰ লগে লগে আৰম্ভ হৈ যায় কাণ তাল মৰা চিঞৰ, লম্ফ-জম্ফ মাটিত জোৰে জোৰে গোৰ মৰা, গছৰ ডালত ধৰি জোঁকাৰি দিয়াৰ দৰে কাৰ্যকলাপ ৷ প্ৰথমতে এইবোৰক লংকাকাণ্ড আৰম্ভ হোৱা বুলিয়েই ভাব হয় যদিও ভালদৰে লক্ষ্য কৰিলে বুজা যায় যে এই হুলস্থুল প্ৰকৃততে আনন্দৰহে প্ৰকাশ ৷ হয়তো পূৰ্বৰ পৰিচিত কোনো দলৰ লগত পুনৰ সাক্ষাৎ হোৱাৰ বাবেই এই উচ্ছাস ৷ দ্বিতীয় দলটোৱে প্ৰথম দলটোৰ লগত কিছুদিন একেলগে থাকি আকৌ গুচি যায় কিন্তু যোৱাৰ সময়ত নিজৰ দলৰ কেইটামানক ৰাখি প্ৰথম দলৰ কেইটামানক লগত লৈ যায় ৷ এনে বিনিময়ৰ ঘটনা ঘটিলে জে’নে আকৌ নতুনবোৰৰ নামকৰণ কৰি সিহঁতৰ বিষয়ে নতুনকৈ নোট লিখিব লগা হয় ৷

বহুদিনলৈকে জে’নে চিম্পাঞ্জীবোৰৰ পঞ্চাছ গজতকৈও বেছি ওচৰ চাপিব পৰা নাছিল; কিন্তু সূক্ষ্ম নিৰীক্ষণ আৰু পৰ্যৱেক্ষণৰ দ্বাৰা সিহঁতৰ স্বভাৱ সম্পৰ্কে বহু কথাই জানিবলৈ সক্ষম হৈছিল ৷ তেওঁ দেখিছিল পৰস্পৰৰ সৈতে ভাব বিনিময়ৰ বাবে চিম্পাঞ্জীৰ নিজস্ব ভাষা আছে ৷ অসংখ্য ধৰণৰ মাতেৰে ভাব প্ৰকাশ কৰে সিহঁতে ৷ সম্ভাষণসূচক শব্দ, আনন্দ বা পৰিতৃপ্তিৰ ভাব প্ৰকাশক শব্দ, খং দেখুৱাবলৈ কৰা শব্দ আটাইবোৰেই চিনাক্ত কৰিবলৈ সক্ষম হৈছিল তেওঁ ৷ ক্ৰুব্ধ চিম্পাঞ্জীৰ এবিধ হুংকাৰ আছে, যিটোক জে’নে আফ্ৰিকাৰ হাবিৰ আটাইতকৈ বুকু কঁপাই দিয়া শব্দবোৰৰ অন্যতম ৰূপে গণ্য কৰিছে ৷ আকৌ মুখেৰে একো শব্দ নকৰাকৈয়ো চিম্পাঞ্জীয়ে অংগ–ভংগী সহায়েৰেও মনৰ ভাব প্ৰকাশ কৰে ৷ মাকে পোৱালিৰ পিঠিত টুকুৰিয়াই তাক দূৰলৈ নগৈ কাষ চাপি অহাৰ ইংগিত দিয়ে ৷ মাটিত চাপৰ মাৰিও এটাই আনটোক কাষত বহিবলৈ কয় ৷ খোৱাৰ ভাগ বিচাৰি এটা চিম্পাঞ্জীয়ে আন এটাৰ ওচৰত সাইলাখ ভিক্ষাৰীৰ দৰে হাত পাতি থকাও জে’নে দেখিছিল ৷ তেওঁ দেখিছিল কোনো অজ্ঞাত বিপদৰ আশংকা অনুভৱ কৰিলে চিম্পাঞ্জীয়ে সম্পূৰ্ণ নীৰৱতা অৱলম্বন কৰি ওলোটামুৱা হৈ প্ৰস্থান কৰা ৷ আৰম্ভণিতে জে’নৰ লগত সিহঁতে এনে আচৰণেই কৰিছিল ৷ স্বাভাৱিকতেই সম্পূৰ্ণ অচিনাকি প্ৰাণী এটাৰ পৰা বিপদ আহিব পাৰে বুলি ভাবিয়েই সিহঁত জে’নৰ পৰা তৎক্ষণাৎ আঁতৰি পৰিছিল কিন্তু জে’নৰ অক্লান্ত অধ্যৱসায়ৰ ফলত সিহঁতৰ ভয়ৰ ভাব যেন ক্ৰমান্বয়ে কৌতূহলত পৰিণত হ’ল ৷ এই কৌতূহল আকৌ কিছুদিনৰ ভিতৰতে ডাবি ধমকিত পৰিণত হ’ল ৷ সেয়ে জে’নক দেখিলেই গছৰ ওপৰৰ পৰা চিম্পাঞ্জীবোৰে বিৰক্তিৰ ভাবেৰে তেওঁলৈ চাই গছৰ ডালপাত জোঁকাৰি বুজাই দিছিল যে তেওঁৰ উপস্থিতি সিহঁতে পছন্দ কৰা নাই ৷ এনে আচৰণত সামান্য হ’লেও অৱশ্যে ভয়ৰ ভাব এটা আছিল; কিন্তু কিছুদিন পিছতে এই ডাবি ধমকিৰ স্থান ল’লে সম্পূৰ্ণ হিংস্ৰ আৰু আক্ৰোশমূলক আচৰণে ৷ এদিন জে’ন চিম্পাঞ্জীৰ দল এটাৰ পিছে পিছে গৈ আছিল ৷ সিহঁতে জে’নৰ উপস্থিতি গম পোৱা নাছিল বাবেই নিজৰ মাজত যথেষ্ট চিঞৰ বাখৰ কৰি আছিল; কিন্তু কোনোবাই সিহঁতক অনুসৰণ কৰি আছে বুলি বুজি পোৱাৰ লগে লগে আটাইবোৰ একেলগে চুপ হৈ পৰিল৷ জে’নেও থমকি ৰৈ সিহঁত ক’ত লুকালে আন্দাজ কৰাৰ চেষ্টা কৰিলে ৷ এনেতে জোপোহা এটাৰ মাজত ঠাল ভাঙি পৰাৰ শব্দ শুনি ঘূৰি চাই দেখে সৰু চিম্পাঞ্জী এটা প্ৰায় তেওঁৰ মূৰৰ ওপৰতে গছৰ ডাল এটাত বহি আছে আৰু তাৰ ওচৰতে বহি আছে আৰু দুটা ডাঙৰ মাইকী চিম্পাঞ্জী ৷ জে’নে ভাবিবই পৰা নাছিল চিম্পাঞ্জীবোৰৰ ইমান ওচৰত তেওঁ আহি পৰিব বুলি ৷ চাৰিওফালে যে জোপোহাৰ আঁৰে আঁৰে আৰু বহুতো চিম্পাঞ্জী আছে সেই কথাও তেওঁ বুজি পালে ৷ তেওঁ মাটিত বহি পৰিল ৷ এনেতে কাষৰ লতাৰে ভৰা জোপোহাৰ পৰা ‘হাঃ’ জাতীয় গহীন মাত এটা শুনা গ’ল৷ লগে লগে চাৰিওফালৰ পৰা এনে শব্দ ধ্বনিত প্ৰতিধ্বনিত হ’ব ধৰিলে ৷

প্ৰায় দহ মিনিট সময় এইদৰেই পাৰ হ’ল ৷ মাজে মাজে জোপোহাৰ মাজত ক’লা বৰণীয়া নোমাল শৰীৰ একোটা দেখা পাইছিল জে’নে ৷ কেতিয়াবা দেখিছিল একোযোৰ খঙাল চকু ৷ ক্ৰমান্বয়ে চিম্পাঞ্জীৰ মাতবোৰ পৰিণত হ’ল উন্মত্ত হুংকাৰত ৷ জে’নৰ সৰ্বশৰীৰৰ তেজ যেন চেঁচা পৰাৰ উপক্ৰম হ’ল ৷ তেওঁ দেখিলে ছটা প্ৰকাণ্ড মতা চিম্পাঞ্জীয়ে ভীষণ উত্তেজিত হৈ গছৰ ডাল জোঁকাৰিছে, ভাঙিছেও ৷ এটাই আকৌ তেওঁৰ কাষতে থকা চাপৰ গছ এজোপাত উঠি বহিল ৷ খঙত তাৰ সৰ্বশৰীৰৰ নোম থিয় হৈ গৈছে ৷ সি গছজোপাক এনেদৰে জোঁকাৰিব ধৰিলে যে জে’নৰ ভাব হ’ল সেইজোপা যেন ভাঙি তেওঁৰ গাৰ ওপৰতেই পৰিব ৷ চৰমতম এক বিপদৰ আশংকাত তেওঁ ক্ষণ গণি থাকোঁতেই হঠাতে যাদুমন্ত্ৰৰ নিচিনাকৈ চাৰিওদিশ নিশ্চুপ হৈ পৰিল আৰু তেওঁ আচৰিত হৈ দেখিলে চিম্পাঞ্জীবোৰে পুনৰ গছৰ ফলমূল খোৱাৰ কামত মনোনিৱেশ কৰিছে ৷ আৰু এদিন জে’নে চিম্পাঞ্জীৰ চৰ খাবলগীয়া হৈছিল ৷ তেওঁ ফলেৰে ভৰা গছ এজোপাৰ তলত থিয় হৈ আছিল ৷ এনেতে পিছফালৰ পৰা ভৰিৰ খোজৰ শব্দ শুনি বুজিলে চিম্পাঞ্জী এটা আহি আছে ৷ চিম্পাঞ্জীটোৱে যাতে তেওঁক দেখা নাপায় সেইবাবে ঘাঁহৰ ওপৰতে শুই দিলে তেওঁ ৷ লগে লগে খোজৰ শব্দও বন্ধ হ’ল ৷ পিছ মুহূৰ্ততেই ‘হু হু’ ধৰণৰ শব্দ শুনি তেওঁ বুজিলে চিম্পাঞ্জীয়ে তেওঁক দেখি অস্বস্তি পাইছে৷ জে’ন মৰাশৰ দৰে চুপচাপ পৰি ৰ’ল; কিন্তু তেওঁ অনুভৱ কৰিলে এটা নহয় কেবাটাও চিম্পাঞ্জী আহি তেওঁৰ ওচৰে পাজৰে গোট খাইছেহি ৷ হঠাতে সিহঁতৰ এটাই একেজাঁপে জে’নৰ মূৰৰ ওপৰত থকা গছজোপাৰ ডালত উঠি বহিল আৰু তেওঁক চাবলৈ ধৰিলে ৷ তেতিয়া কিনকিনিয়া বৰষুণ দি আছিল আৰু জে’নৰ মূৰৰ পৰা ভৰিলৈকে ঢাকখাই আছিল এখন পলিথিনৰ চাদৰেৰে ৷ গতিকে চিম্পাঞ্জীবোৰৰ চকুত নিঃসন্দেহে তেওঁ এটা অদ্ভুত বস্তু হৈ পৰিছিল ৷ গছত উঠা চিম্পাঞ্জীটোৰ খং যেন ক্ৰমান্বয়ে বৃদ্ধি পাইছিল ৷ সি গছৰ ডালত জোৰে জোৰে চাপৰ মাৰিছিল, ঠাল-ঠেঙুলি ধৰি জোঁকাৰিছিল আৰু জে’নলৈ চাই দাঁত নিকটাইছিল ৷ জে’নে তথাপি মৰাশৰ দৰে নিঃশব্দে পৰি ৰ’ল আৰু আধামুদা চকুৰেই তাৰ কাণ্ড কাৰখানা চাবলৈ ধৰিলে ৷ হঠাতে চিম্পাঞ্জীটো যেন উধাও হ’ল৷ তাৰ পিছতেই জে’নে তাৰ ভৰিৰ শব্দ শুনিলে ঠিক মূৰৰ পিছফালেই ৷ এইবাৰ বেগাই লৰি আহি তেওঁৰ মূৰে গালে চৰ এটা মাৰি চিম্পাঞ্জীটোৱে তাৰ বন্ধুবোৰৰ লগত গছে গছে থপৰিয়াই মুখেৰে বিৰক্তিসূচক শব্দ কৰি কৰি বনৰ মাজত অদৃশ্য হৈ গ’ল ৷ পিছত জে’নে এই ঘটনাটোৰ বিষয়ে যেতিয়া ড॰ লীকিক জনাইছিল তেতিয়া তেওঁ কৈছিল, ‘তুমি সেইদিনা কোনো ধৰণৰ খঙৰ ভাব দেখুওৱা হ’লে নাইবা লৰচৰ কৰিলেও চিম্পাঞ্জীবোৰে তোমাক নিৰ্ঘাট মাৰি পেলালেহেঁতেন ৷’

কেইমাহমান এনেদৰে কাটিল ৷ অৱশেষত এদিন জে’নে আৱিষ্কাৰ কৰিলে যে চিম্পাঞ্জীবোৰে তেওঁক দেখি আৰু কোনো ধৰণৰ বিৰক্তি বা ক্ৰোধৰ ভাব প্ৰকাশ কৰিবলৈ ধৰা নাই ৷ আনকি এনেকুৱা দিনো আহিল যেতিয়া তেওঁক দেখিলে সিহঁতে পৰিচিতজনক দেখাৰ দৰেই নানা সম্ভাষণসূচক মাতেৰে স্বাগত জনাবলৈ আৰম্ভ কৰিলে ৷ আঠমাহ পিছত আৰু আচৰিত ঘটনা ঘটিল ৷ জে’নে তপামূৰীয়া বুঢ়া চিম্পাঞ্জী এটাৰ নাম দিছিল ডেভিড গ্ৰেহেড ৷ এদিন শিবিৰৰ ৰান্ধনি ডমিনিকেই খবৰটো দিলে যে জে’ন নথকা অৱস্থাত বুঢ়া ডেভিডে আহি শিবিৰত থকা অইল পাম গছজোপাৰ ফল খাই গৈছে ৷ পিছদিনা জে’ন শিবিৰ এৰি নগ’ল আৰু ডেভিড অহাৰ লগে লগেই তাক চিনি পালে ৷ এইদৰে অইল পাম গছজোপাত যিমান দিন ফল আছিল প্ৰতিদিনেই ডেভিডে আহি ফলাহাৰ পৰ্ব সমাধা কৰি গৈছিল ৷ তাৰ পিছত জে’নে শিবিৰৰ আশে-পাশে কল থ’বলৈ আৰম্ভ কৰিলে ৷ দেখা গ’ল ডেভিডে নিশংকচিত্তে আহি কলবোৰ লৈ যায় ৷ জে’নে উপলব্ধি কৰিছিল মানুহ আৰু বনমানুহৰ মাজত থকা দূৰত্বখিনি যেন ক্ৰমান্বয়ে চমু চাপি আহিছে ৷
অৱশেষত জে’নৰ আটাইতকৈ আনন্দৰ দিনটো আহিল যিদিনা ডেভিডে হঠাতে হাতখন আগবঢ়াই দি তেওঁৰ হাতৰ পৰাই কল লৈ গ’ল ৷ জে’নৰ ইমান দিনৰ পৰি শ্ৰম যেন সাৰ্থক হ’ল ৷ আফ্ৰিকাৰ গভীৰ অৰণ্যৰ বনৰীয়া চিম্পাঞ্জীৰ সৈতে যে মানুহৰ মিতিৰালি হ’ব পাৰে এই কথা প্ৰথমবাৰৰ কাৰণে প্ৰমাণ কৰিলে ইউৰোপৰ এইগৰাকী নাৰীয়ে ৷
এই ঘটনাৰ পিছৰ পৰা অৰণ্য ভ্ৰমণৰ সময়ত জে’নে সদায় লগত কল নিবলৈ আৰম্ভ কৰিলে ৷ তেওঁক দেখিলেই দূৰৰ পৰা ডেভিডে দল এৰি তেওঁৰ কাষলৈ আহি কল লৈ গৈছিল ৷ আনবোৰ চিম্পাঞ্জীয়ে তেতিয়া অবাক দৃষ্টিৰে চাই ৰৈছিল ৷ পিছত ডেভিডে আৰু দুটা চিম্পাঞ্জীক লগত লৈ জে’নৰ শিবিৰত ভূমুকি মাৰিবলৈ আৰম্ভ কৰিলে ৷ এটা সময়ত সৌহাৰ্দ্য ইমানেই বৃদ্ধি পালে যে ডেভিড আৰু তাৰ সংগীবৃন্দই শিবিৰৰ ভিতৰত সোমাই ফুৰা-চকা কৰাৰ লগতে কাপোৰ-কানি, বাচন-বৰ্তন আদিও মনৰ আনন্দত লণ্ড-ভণ্ড কৰাৰ দৰে কাৰ্যত লিপ্ত হৈ পৰিল ৷ এইদৰেই বনৰীয়া চিম্পাঞ্জীক প্ৰাকৃতিক পৰিৱেশতে মানুহৰ বন্ধুত পৰিণত কৰাৰ কামটো সম্পন্ন কৰিছিল জে’ন গুডঅলে ৷
.জে’নৰ মতে চিম্পাঞ্জী বিষয়ক তিনিটা অতি গুৰুত্বপূৰ্ণ আৱিষ্কাৰ তেওঁ কৰিছে, যিকেইটা ইতিপূৰ্বে মানুহৰ সম্পূৰ্ণ অজ্ঞাত আছিল ৷ প্ৰথমটো হ’ল ধুমুহা বৰষুণৰ সময়ত চিম্পাঞ্জীয়ে কৰা অদ্ভুত আচৰণ ৷ জে’নে দেখিছিল আকাশ ক’লা কৰি ধুমুহা বৰষুণ অহা দেখি চিম্পাঞ্জীৰ দলে মনৰ আনন্দত উন্মত্তপ্ৰায় হৈ নচাৰ দৃশ্য ৷ তেওঁৰ মতে ইয়াক ‘ৰেইন ডেন্স’ৰ বাহিৰে আন একোৱে ক’ব পৰা নাযায় ৷ মাথোঁ নাচেই নহয়, বাৰে বাৰে গছত উঠি ওপৰৰ পৰা জঁপিয়াই পাহাৰৰ এঢলীয়া গাৰে বাগৰি বাগৰি নামি অহাটোও এনে নৃত্য কাৰ্যসূচীৰ অংশবিশেষ আছিল ৷ জে’নৰ গৱেষণাৰ আগতে চিৰিয়াখানাত চিম্পাঞ্জীৰ আচৰণ অধ্যয়ন কৰা কোনোৱেই বনমানুহবিধৰ এনে অদ্ভুত নৃত্যৰ কথা কল্পনাও কৰিব পৰা নাছিল ৷
দ্বিতীয়তে, বান্দৰজাতীয় সকলো প্ৰাণী উদ্ভিদভোজী বুলিয়েই মানুহৰ বিশ্বাস আছিল ৷ চিম্পাঞ্জীয়ে কাচিৎ কেতিয়াবা জেঠি বা এন্দুৰজাতীয় সৰু জীৱ ধৰি খোৱাৰ কথা অৱশ্যে বিজ্ঞজনে কৈছিল ৷ কিন্তু জে’নে নিজ চকুৰে ইহঁতক পোৱালি বেবুন, বুশ্ব্বাক্, হৰিণা, বনৰীয়া গাহৰি আদি চিকাৰ কৰি পৰম তৃপ্তিৰে খোৱা দেখিছিল৷ এবাৰ তেওঁ পাঁচটা চিম্পাঞ্জীয়ে ‘কলোবাছ’ নামৰ (এবিধ ডাঙৰ বান্দৰ) এটা মাৰি ভোজন পৰ্ব সমাধা কৰাৰ কথাও বৰ্ণনা কৰিছে ৷
জে’নৰ মতে আৰু বিশ্বৰ সকলোৱেই আজি জানে তেওঁৰ সবাতোকৈ চাঞ্চল্যকৰ আৰু গুৰুত্বপূৰ্ণ আৱিষ্কাৰ আছিল, চিম্পাঞ্জীয়ে মানুহৰ দৰে সঁজুলি ব্যৱহাৰ কৰাৰ কথা জানিব পৰাটো ৷ মানুহৰ লগত জন্তুৰ অন্যতম প্ৰধান পাৰ্থক্যটো হ’ল কেৱল মানুহেই উদ্ভাৱনী শক্তিৰ দ্বাৰা নিজৰ সুবিধাৰ বাবে যন্ত্ৰপাতি বা সা-সঁজুলি তৈয়াৰ কৰিব পাৰে; কিন্তু জন্তুৱে কেৱল হাত, ঠেং বা মুখৰ দৰে অংগ-প্ৰত্যংগৰ সহায়েৰেই সকলো কাম কৰে ৷ ইয়াৰ মানুহৰ দৰে সঁজুলি নিৰ্মাণৰ উদ্ভাৱনী ক্ষমতা নাই বুলিয়েই জনা যায়; কিন্তু জে’নৰ আৱিষ্কাৰে প্ৰমাণ কৰি দেখুৱাইছে উদ্ভাৱনী শক্তিৰ দিশত চিম্পাঞ্জী অন্য জীৱজন্তুৰ পৰা পৃথক মানুহ ওচৰ ৷ উঁই পৰুৱা হ’ল চিম্পাঞ্জীৰ প্ৰিয় খাদ্য ৷ জে’নে লক্ষ্য কৰিছিল এইবিধ পৰুৱাক উঁই হাফলুৰ পৰা বাহিৰলৈ উলিয়াই আনি খোৱাৰ অদ্ভুত উপায় চিম্পাঞ্জীয়ে জানে, যিটোক গছত বাহ সজাৰ দৰে জন্মগত বিদ্যা বুলিব নোৱাৰি, বৰঞ্চ মানুহৰ দৰেই উদ্ভাৱনী ক্ষমতাৰ পৰিচায়ক বুলিহে ক’ব পাৰি ৷ চিম্পাঞ্জীয়ে দীঘলীয়া টান খেৰৰ টুকুৰা নাইবা গছৰ সৰু ডাল ভাঙি লৈ পাতবোৰ ছিঙি মাৰিৰ দৰে কৰি লয় ৷ মাৰিডালৰ পিছ অংশ উঁই হাফলুৰ ভিতৰত সুমুৱাই দি অলপ সময় ৰৈ থাকে ৷ স্বাভাৱিকতেই অসংখ্য উঁই পৰুৱাই মাৰিডাল কামুৰি ধৰে ৷ তেতিয়া উঁইৰে ভৰি থকা মাৰিডাল লাহেকৈ উলিয়াই আনি চিম্পাঞ্জীয়ে সেইবোৰ চেলেকি চেলেকি খায় ৷ সাধাৰণতে একেডাল মাৰি চিম্পাঞ্জীয়ে বহুবাৰ ব্যৱহাৰ কৰা জে’নে দেখিছে ৷ মাৰিডাল ভাঙি গ’লে বা নৰম হৈ পৰিলে আকৌ নতুন এডাল বনাই লয় ৷
জে’ন গুডঅলৰ মন্তব্য — এনে উদ্ভাৱনী বুদ্ধিসম্পন্ন প্ৰাণী এটাক মাথোঁ জন্তুৰ শাৰীতেই থ’ব পাৰিনে ?
(অসমীয়া ভাষাত ড॰ জেন গুডঅলৰ জীৱন তথা কৰ্মৰাজী সম্পৰ্কে এইটোৱেই প্ৰথম লেখা ৷ এই প্ৰবন্ধটোৰ লেখক হৈছে পৰ্বতাৰোহী, সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক, লেখক, প্ৰকৃতিপ্ৰেমী শ্ৰীৰূপম বৰুৱা ৷ এই লেখাটো পূৰ্বতে ফেব্ৰুৱাৰী ২০০২ত প্ৰিয় সখী নামৰ আলোচনী আৰু পিছলৈ প্ৰসংগ প্ৰকৃতি কিতাপখনত সংযোজিত কৰা হৈছিল ৷)
ৰূপম বৰুৱা
ফোনঃ ৯৯৫৭১ ৪৮৯১৩,
৮১৩৫০ ৯৭৩৮৭




