শিল্পৰ জন্মদিন, এটা বিৰল অভিজ্ঞতা

ননী বৰপূজাৰী

১৯৯১ চনৰ কথা৷ কানাডাৰ বাঁফ চেণ্টাৰলৈ মোৰ যোৱাৰ সৌভাগ্য ঘটিছিল ৷ আধুনিক শিল্পকলাৰ ক্ষেত্ৰখনলৈ বাঁফ চেণ্টাৰৰ অৱদান অপৰিসীম ৷ কাল্পনিকতাৰ এটা তিনিমহীয়া কৰ্মশালাত ভাগ ল’বলৈ বিশ্বৰ বিভিন্ন দেশৰ বিশ গৰাকী সাহিত্যিক, সংগীত:, আলোকচিত্ৰ শিল্পী, কবি আৰু চিত্ৰশিল্পীৰ স’তে ভাৰতবৰ্ষৰ পৰা মই গৈছিলোঁ ৷ ঠেঁটুৱৈ ধৰা জাৰৰ দেশ কানাডা ৷ তাতে বাঁফ চেণ্টাৰ একেবাৰে সুমেৰুৰ কাষত৷ কাষৰ পাহাৰখনৰ শৃঙ্গবোৰ বৰফেৰে বগা হৈ থাকে ৷ একেবাৰে যেন সপোনপুৰীহে ৷ বৰফৰ দেশত কটোৱা সেই তিনিটা মাহৰ স্মৃতি আজিও মোৰ মনত সজীৱ হৈয়েই আছে ৷ সেই তিনিটা মাহতে মোৰ কিছু বিৰল অভিজ্ঞতা হ’ল ৷ চিত্ৰশিল্পীৰ স’তে জড়িত হিচাপে, শিল্পৰসিক হিচাপে সেই অভিজ্ঞতা অভূতপূৰ্ব ৷

শিল্পকলাই বিভিন্ন পৰিক্ৰমাৰ মাজেৰে আহি আজিৰ এই আধুনিক অবস্থা পোৱাৰ প্ৰথম বীজটো কোনেনো বাৰু ৰোপণ কৰিছিল ? ক’ৰ পৰা শিল্পী আৰু শিল্পকলাৰ ক্ৰমবিকাশ হৈ বিভিন্ন ধাৰাৰ সমন্বয়ত আজিৰ এই ধাৰাৰ অৱস্থা পালেহি- এবাৰলৈও আমাৰ জানিবৰ মন নাযায়নে ? বাঁফ চেপ্টাৰ গৈ পোৱাৰ আগতে সঁচাকৈয়ে ময়ো ভবা নাছিলোঁ, আন দহজনৰ দৰে৷ ১৯৭৩ চনত ফৰাচী শিল্পী ৰবাৰ্ট ফিলিয়নে প্ৰথমবাৰৰ বাবে আৱিষ্কাৰ কৰিলে যে ধৰাৰ বুকুত প্ৰথম শিল্পৰ জন্ম এজন অখ্যাত শিল্পীয়ে দিছিল, ৰোপণ কৰিছিল শিল্প সৃষ্টিব প্ৰথম বীজ ৷ সেই তাহানিতে যেতিয়া মানুহে আনকি লজ্জা নিবাৰণ কৰিবলৈ কাপোৰেই ব্যৱহাৰ কৰিবলৈ শিকা নাই ৷ তেওঁৰ এই আবিষ্কাৰৰ ভিত্তি আছিল এটা পৌৰাণিক লোকগাঁথা ৷ অখ্যাত সেই মানুহজনে স্পঞ্জ এটুকুৰা লৈ লিৰিকি-বিদাৰি থাকোঁতে হঠাতে পানীৰ পাত্ৰত স্পঞ্জ পেলাই দিয়া সেই প্ৰক্ৰিয়াটোৰ পৰাই হেনো শিল্পৰ জন্ম হ’ল ৷ এইখিনিকেই সমল হিচাপে লৈ ফৰাচী শিল্পীজনে ঘোষণা কৰিলে যে শিল্প সৃষ্টিৰ এই ঘটনাটো ঘটিছিল এক নিযুত বছৰ আগতে ৷ কিংবদন্তি মতে, সাঙোৰ খাই থকা সাধু এটাকে আধাৰ হিচাপে লৈ শিল্প সৃষ্টিৰ সেই মুহূৰ্তৰ কথা চিন্তা কৰাটোৱেই কম কথা নহয়৷ আৱিষ্কাৰ কৰিয়েই ৰবাৰ্ট ফিলিয়ন হ’লে বহি নাথাকিল ৷ তেওঁ ঘোষণা কৰিয়েই দিলে জানুৱাৰী মাহৰ এটা দিন ‘শিল্পৰ জন্মদিন’ হিচাপে পাতিবলৈ ৷ দিনটো আমাৰ মাঘ বিহুৰ ঠিক পিছতেই ৷ তেওঁ সেই হিচাপে প্ৰস্তুতিও চলালে৷ জাৰ্মানীৰ এচেন মহানগৰীয়ে এই দিনটো চৰকাৰী বন্ধৰ দিন হিচাপে ঘোষণা কৰিলে ৷ এই দিনটো সকলোৱে আনন্দেৰে উপভোগ কৰে এক সংগীত মধুৰ পৰিৱেশ সৃষ্টিৰে ৷ চৰাকাৰী এই বন্ধৰ দিনটো ছাত্ৰ-ছাত্ৰীসকলে নাচি নাচিয়েই পাৰ কৰি দিয়ে ৷ দিনটোৰ আৰম্ভণি হয় বেণ্ডবাদনেৰে ৷ বেণ্ডবাদনৰ সেই সময়কণত এচেন মহানগৰীত মাত্ৰ দুটা বস্তুৱেই হেনো চলি থাকে – ঘড়ী আৰু হৃৎপিণ্ড ৷ তাৰ বাহিৰে সকলো স্তব্ধ হৈ পৰে ৷ চলি থকা গাড়ীবোৰ ৰৈ যায়, খোজকঢ়াজনো বৈ যায়৷ শিল্পৰ প্ৰতি জাৰ্মানসকলৰ কি যে সম্মান, কি যে ভালপোৱা ৷ ভাবিলেই অবাক লাগে ৷

বাঁফ চেন্টাৰলৈ বুলি গুৱাহাটী এৰাৰ কেইদিনমান আগতে এখন চিঠি পালোঁ যে কানাডালৈ গৈয়েই শিল্পৰ জন্মদিন উদযাপনত ভাগ ল’ব লাগিব ৷ তেওঁলোকে মোক অনুৰোধ জনালে ৷ তেওঁলোকে সেই দিনটো পাৰফৰ্মেন্স ৰূমত কেক কাটি উদযাপন কৰিব ৷ তালৈ মোকো আমন্ত্ৰণ জনাইছে ৷ তেতিয়ালৈকে আমি অসমৰ-অসমৰ কিয়, ভাৰতৰে কোনো শিল্পীয়ে শুনাই নাই যে বিশ্বৰ কোনোবা এটা প্ৰান্তত শিল্পৰো জন্মদিন পাতে; তাকো কেক কাটি ৷ কেতিয়াও নুশুনা কথাটোৰ বিষয়ে একো আও-ভাও নোপোৱাকৈৰে ওলালোঁ কানাডালৈ বুলি ৷ কানাডাতো শিল্পৰ জন্মদিন পতা বেছি দিন হোৱা নাই ৷ ১৯৯০ চনৰ পৰাহে তেওঁলোকে পাতিবলৈ লৈছে ৷ প্ৰথমবাৰৰ বাবে কানাডাত পতা শিল্পৰ জন্মদিনটো আছিল ১নিযুত ২৭তম ৷ ১৯৯১ চনত বাঁফ চেণ্টাৰত১ নিযুত ২৮তম শিল্পৰ জন্মদিনত মই ভাগ ল’লোঁ ৷ ১নিযুত ২৭তম জন্ম দিৱস প্ৰথমবাৰলৈ বাঁফ চেণ্টাৰত উদযাপন কৰাৰ বেলিকা দুপৰীয়া ১২ বজাৰ পৰা মাজনিশা ১২ বজালৈকে তেওঁলোকে বিভিন্ন অনুষ্ঠান পাতিছিল ৷ দুপৰীয়া ১২ বজাৰ লগে লগে এটা অৰ্কেষ্ট্ৰাৰে অনুষ্ঠানৰ আৰম্ভণি কৰি সময় ঘড়ীৰ কাঁটাডাল যেন ওলোটাকৈ ঘূৰালে ৷ মাৰ্চিং বেণ্ড বজালে ওলোটাকৈ, মাৰ্চ কৰিলে ওলোটাকৈ আৰু পানীত স্পঞ্জ পেলাই দিয়াৰ সেই মুহূৰ্তলৈকে সকলো দেখুৱালে ৷ ১২ ঘণ্টীয়া সেই অনুষ্ঠানটো তেওঁলোকে সামৰিলে ঠিক নিশা ১২ বজাৰ লগে লগে ৷ মই গ্ৰহণ কৰা, অৰ্থাৎ ১৯৯১ চনত বাঁফ চেপ্টাৰত উদযাপিত শিল্পৰ ১ নিযুত ২৮তম শিল্পৰ জন্মদিনত জাৰ্মানীত আন্তৰ্জাতিক ফেক্স চিত্ৰ প্ৰদৰ্শনী পাতিলে ৷ বাঁফ চেণ্টাৰৰ পৰা আমি নিজৰ নিজৰ চিত্ৰকৰ্ম ফেক্সৰ জৰিয়তে জাৰ্মানীলৈ পঠিয়াই দিলোঁ ৷ জাৰ্মানীত তেওঁলোকে ফেক্স পোৱাৰ লগে লগে শিল্পৰ জন্মদিনৰে প্ৰদৰ্শনীত আঁৰি দিলে ৷ অসমৰ পৰা কানাডালৈ গৈ একেবাবে সুমেৰুৰ কাষত থাকি মুহূৰ্ততে ইউৰোপৰ জাৰ্মানীত চলি থকা এখন প্ৰদৰ্শনীত ভাগ লোৱাৰ শিহৰণ মই আজিও অনুভৱ কৰোঁ ৷ সেই দিনটোৰ কথা ভাবিলে মই আজিও ৰোমাঞ্চিত হওঁ ৷ স্বয়ংক্ৰিয়ভাৱে মোৰ শিৰ নত হৈ যায় ফৰাচী শিল্পী ৰবাৰ্ট ফিলিয়নৰ প্ৰতি ৷ আচৰিত কথা কি জানে, শিল্পৰ জন্মদিনৰ মাঘমহীয়া সেই দিনটো আমাৰ বাবে, মানে অসম আৰু অসমীয়াৰ বাবে অতিকৈ চিনাকি ৷ ৰবাৰ্ট ফিলিয়নে শিল্পৰ ১নিযুততম জন্মদিন বুলি ঠাৱৰ কৰা দিনটো আছিল ১৯৬৩ চনৰ ১৭ জানুৱাৰী ৷ এই বিশেষ দিনটোতে অসমতো ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ সোঁৱৰণ ‘শিল্পী দিৱস’ হিচাপে উদযাপন কৰা হয় ৷ কি অদ্ভুত যোগসূত্ৰ ৷ ভাবিলেই আচৰিত লাগে ৷



‘শিল্পী আৰু শিল্পৰ এখন বিচিত্ৰ আৰু বৰ্ণময় পৃথিৱী থাকে ! এই পৃথিৱীখনৰ ওচৰলৈ আৰু এখোজ আপোনাক আগবঢ়ায় লৈ যোৱাৰ উদ্দেশ্যৰে এই ‘শিল্পীৰ পৃথিৱী’ শিতানটো ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে । প্ৰতি সংখ্যাতে আমি এজন শিল্পীৰ মনৰ কথা আৰু তেওঁলোকৰ নিৰ্বাচিত কিছু শিল্পীকৰ্ম ইয়াত প্ৰদৰ্শনৰ ব্যৱস্থা কৰিবলৈ প্ৰয়াস কৰিম । ইচ্ছুক শিল্পৰসিক বা প্ৰেমীয়ে তেখেতৰ শিল্পকৰ্ম বা পেইন্টিং ক্ৰয় কৰিব বিচাৰিলে পোনপটীয়াকৈ ইয়াত উল্লেখ থকা শিল্পীজনৰ নম্বৰত যোগাযোগ কৰিব পাৰিব’ । – সম্পাদনা সমিতি ।

ননী বৰপূজাৰী
ফোনঃ ৯৪৩৫১১৬৬১৫
৯৮৬৪০১১৯৬৪

অন্যান্য

THE ESSENCE OF MANAGEMENT SYSTEM STANDARDS

The purpose of existence of any organization is to satisfy the requirements of its customers and stakeholders. Customers are anyone who receives product(s) and/or service(s). They accept product(s) and/or service(s) because they have need(s). The organization can…

From Muscat to Baku

From Muscat to Baku

Azerbaijan a country where mountains, desert and sea coexists having its borders with four countries and the sea. From cobblestone streets, fortress walls, Zoroastrian fire temples to Islamic architectures, from streets once passed by the Silk Road traders to the…