১৯৯১ চনৰ কথা৷ কানাডাৰ বাঁফ চেণ্টাৰলৈ মোৰ যোৱাৰ সৌভাগ্য ঘটিছিল ৷ আধুনিক শিল্পকলাৰ ক্ষেত্ৰখনলৈ বাঁফ চেণ্টাৰৰ অৱদান অপৰিসীম ৷ কাল্পনিকতাৰ এটা তিনিমহীয়া কৰ্মশালাত ভাগ ল’বলৈ বিশ্বৰ বিভিন্ন দেশৰ বিশ গৰাকী সাহিত্যিক, সংগীত:, আলোকচিত্ৰ শিল্পী, কবি আৰু চিত্ৰশিল্পীৰ স’তে ভাৰতবৰ্ষৰ পৰা মই গৈছিলোঁ ৷ ঠেঁটুৱৈ ধৰা জাৰৰ দেশ কানাডা ৷ তাতে বাঁফ চেণ্টাৰ একেবাৰে সুমেৰুৰ কাষত৷ কাষৰ পাহাৰখনৰ শৃঙ্গবোৰ বৰফেৰে বগা হৈ থাকে ৷ একেবাৰে যেন সপোনপুৰীহে ৷ বৰফৰ দেশত কটোৱা সেই তিনিটা মাহৰ স্মৃতি আজিও মোৰ মনত সজীৱ হৈয়েই আছে ৷ সেই তিনিটা মাহতে মোৰ কিছু বিৰল অভিজ্ঞতা হ’ল ৷ চিত্ৰশিল্পীৰ স’তে জড়িত হিচাপে, শিল্পৰসিক হিচাপে সেই অভিজ্ঞতা অভূতপূৰ্ব ৷
শিল্পকলাই বিভিন্ন পৰিক্ৰমাৰ মাজেৰে আহি আজিৰ এই আধুনিক অবস্থা পোৱাৰ প্ৰথম বীজটো কোনেনো বাৰু ৰোপণ কৰিছিল ? ক’ৰ পৰা শিল্পী আৰু শিল্পকলাৰ ক্ৰমবিকাশ হৈ বিভিন্ন ধাৰাৰ সমন্বয়ত আজিৰ এই ধাৰাৰ অৱস্থা পালেহি- এবাৰলৈও আমাৰ জানিবৰ মন নাযায়নে ? বাঁফ চেপ্টাৰ গৈ পোৱাৰ আগতে সঁচাকৈয়ে ময়ো ভবা নাছিলোঁ, আন দহজনৰ দৰে৷ ১৯৭৩ চনত ফৰাচী শিল্পী ৰবাৰ্ট ফিলিয়নে প্ৰথমবাৰৰ বাবে আৱিষ্কাৰ কৰিলে যে ধৰাৰ বুকুত প্ৰথম শিল্পৰ জন্ম এজন অখ্যাত শিল্পীয়ে দিছিল, ৰোপণ কৰিছিল শিল্প সৃষ্টিব প্ৰথম বীজ ৷ সেই তাহানিতে যেতিয়া মানুহে আনকি লজ্জা নিবাৰণ কৰিবলৈ কাপোৰেই ব্যৱহাৰ কৰিবলৈ শিকা নাই ৷ তেওঁৰ এই আবিষ্কাৰৰ ভিত্তি আছিল এটা পৌৰাণিক লোকগাঁথা ৷ অখ্যাত সেই মানুহজনে স্পঞ্জ এটুকুৰা লৈ লিৰিকি-বিদাৰি থাকোঁতে হঠাতে পানীৰ পাত্ৰত স্পঞ্জ পেলাই দিয়া সেই প্ৰক্ৰিয়াটোৰ পৰাই হেনো শিল্পৰ জন্ম হ’ল ৷ এইখিনিকেই সমল হিচাপে লৈ ফৰাচী শিল্পীজনে ঘোষণা কৰিলে যে শিল্প সৃষ্টিৰ এই ঘটনাটো ঘটিছিল এক নিযুত বছৰ আগতে ৷ কিংবদন্তি মতে, সাঙোৰ খাই থকা সাধু এটাকে আধাৰ হিচাপে লৈ শিল্প সৃষ্টিৰ সেই মুহূৰ্তৰ কথা চিন্তা কৰাটোৱেই কম কথা নহয়৷ আৱিষ্কাৰ কৰিয়েই ৰবাৰ্ট ফিলিয়ন হ’লে বহি নাথাকিল ৷ তেওঁ ঘোষণা কৰিয়েই দিলে জানুৱাৰী মাহৰ এটা দিন ‘শিল্পৰ জন্মদিন’ হিচাপে পাতিবলৈ ৷ দিনটো আমাৰ মাঘ বিহুৰ ঠিক পিছতেই ৷ তেওঁ সেই হিচাপে প্ৰস্তুতিও চলালে৷ জাৰ্মানীৰ এচেন মহানগৰীয়ে এই দিনটো চৰকাৰী বন্ধৰ দিন হিচাপে ঘোষণা কৰিলে ৷ এই দিনটো সকলোৱে আনন্দেৰে উপভোগ কৰে এক সংগীত মধুৰ পৰিৱেশ সৃষ্টিৰে ৷ চৰাকাৰী এই বন্ধৰ দিনটো ছাত্ৰ-ছাত্ৰীসকলে নাচি নাচিয়েই পাৰ কৰি দিয়ে ৷ দিনটোৰ আৰম্ভণি হয় বেণ্ডবাদনেৰে ৷ বেণ্ডবাদনৰ সেই সময়কণত এচেন মহানগৰীত মাত্ৰ দুটা বস্তুৱেই হেনো চলি থাকে – ঘড়ী আৰু হৃৎপিণ্ড ৷ তাৰ বাহিৰে সকলো স্তব্ধ হৈ পৰে ৷ চলি থকা গাড়ীবোৰ ৰৈ যায়, খোজকঢ়াজনো বৈ যায়৷ শিল্পৰ প্ৰতি জাৰ্মানসকলৰ কি যে সম্মান, কি যে ভালপোৱা ৷ ভাবিলেই অবাক লাগে ৷
বাঁফ চেন্টাৰলৈ বুলি গুৱাহাটী এৰাৰ কেইদিনমান আগতে এখন চিঠি পালোঁ যে কানাডালৈ গৈয়েই শিল্পৰ জন্মদিন উদযাপনত ভাগ ল’ব লাগিব ৷ তেওঁলোকে মোক অনুৰোধ জনালে ৷ তেওঁলোকে সেই দিনটো পাৰফৰ্মেন্স ৰূমত কেক কাটি উদযাপন কৰিব ৷ তালৈ মোকো আমন্ত্ৰণ জনাইছে ৷ তেতিয়ালৈকে আমি অসমৰ-অসমৰ কিয়, ভাৰতৰে কোনো শিল্পীয়ে শুনাই নাই যে বিশ্বৰ কোনোবা এটা প্ৰান্তত শিল্পৰো জন্মদিন পাতে; তাকো কেক কাটি ৷ কেতিয়াও নুশুনা কথাটোৰ বিষয়ে একো আও-ভাও নোপোৱাকৈৰে ওলালোঁ কানাডালৈ বুলি ৷ কানাডাতো শিল্পৰ জন্মদিন পতা বেছি দিন হোৱা নাই ৷ ১৯৯০ চনৰ পৰাহে তেওঁলোকে পাতিবলৈ লৈছে ৷ প্ৰথমবাৰৰ বাবে কানাডাত পতা শিল্পৰ জন্মদিনটো আছিল ১নিযুত ২৭তম ৷ ১৯৯১ চনত বাঁফ চেণ্টাৰত১ নিযুত ২৮তম শিল্পৰ জন্মদিনত মই ভাগ ল’লোঁ ৷ ১নিযুত ২৭তম জন্ম দিৱস প্ৰথমবাৰলৈ বাঁফ চেণ্টাৰত উদযাপন কৰাৰ বেলিকা দুপৰীয়া ১২ বজাৰ পৰা মাজনিশা ১২ বজালৈকে তেওঁলোকে বিভিন্ন অনুষ্ঠান পাতিছিল ৷ দুপৰীয়া ১২ বজাৰ লগে লগে এটা অৰ্কেষ্ট্ৰাৰে অনুষ্ঠানৰ আৰম্ভণি কৰি সময় ঘড়ীৰ কাঁটাডাল যেন ওলোটাকৈ ঘূৰালে ৷ মাৰ্চিং বেণ্ড বজালে ওলোটাকৈ, মাৰ্চ কৰিলে ওলোটাকৈ আৰু পানীত স্পঞ্জ পেলাই দিয়াৰ সেই মুহূৰ্তলৈকে সকলো দেখুৱালে ৷ ১২ ঘণ্টীয়া সেই অনুষ্ঠানটো তেওঁলোকে সামৰিলে ঠিক নিশা ১২ বজাৰ লগে লগে ৷ মই গ্ৰহণ কৰা, অৰ্থাৎ ১৯৯১ চনত বাঁফ চেপ্টাৰত উদযাপিত শিল্পৰ ১ নিযুত ২৮তম শিল্পৰ জন্মদিনত জাৰ্মানীত আন্তৰ্জাতিক ফেক্স চিত্ৰ প্ৰদৰ্শনী পাতিলে ৷ বাঁফ চেণ্টাৰৰ পৰা আমি নিজৰ নিজৰ চিত্ৰকৰ্ম ফেক্সৰ জৰিয়তে জাৰ্মানীলৈ পঠিয়াই দিলোঁ ৷ জাৰ্মানীত তেওঁলোকে ফেক্স পোৱাৰ লগে লগে শিল্পৰ জন্মদিনৰে প্ৰদৰ্শনীত আঁৰি দিলে ৷ অসমৰ পৰা কানাডালৈ গৈ একেবাবে সুমেৰুৰ কাষত থাকি মুহূৰ্ততে ইউৰোপৰ জাৰ্মানীত চলি থকা এখন প্ৰদৰ্শনীত ভাগ লোৱাৰ শিহৰণ মই আজিও অনুভৱ কৰোঁ ৷ সেই দিনটোৰ কথা ভাবিলে মই আজিও ৰোমাঞ্চিত হওঁ ৷ স্বয়ংক্ৰিয়ভাৱে মোৰ শিৰ নত হৈ যায় ফৰাচী শিল্পী ৰবাৰ্ট ফিলিয়নৰ প্ৰতি ৷ আচৰিত কথা কি জানে, শিল্পৰ জন্মদিনৰ মাঘমহীয়া সেই দিনটো আমাৰ বাবে, মানে অসম আৰু অসমীয়াৰ বাবে অতিকৈ চিনাকি ৷ ৰবাৰ্ট ফিলিয়নে শিল্পৰ ১নিযুততম জন্মদিন বুলি ঠাৱৰ কৰা দিনটো আছিল ১৯৬৩ চনৰ ১৭ জানুৱাৰী ৷ এই বিশেষ দিনটোতে অসমতো ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ সোঁৱৰণ ‘শিল্পী দিৱস’ হিচাপে উদযাপন কৰা হয় ৷ কি অদ্ভুত যোগসূত্ৰ ৷ ভাবিলেই আচৰিত লাগে ৷





‘শিল্পী আৰু শিল্পৰ এখন বিচিত্ৰ আৰু বৰ্ণময় পৃথিৱী থাকে ! এই পৃথিৱীখনৰ ওচৰলৈ আৰু এখোজ আপোনাক আগবঢ়ায় লৈ যোৱাৰ উদ্দেশ্যৰে এই ‘শিল্পীৰ পৃথিৱী’ শিতানটো ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে । প্ৰতি সংখ্যাতে আমি এজন শিল্পীৰ মনৰ কথা আৰু তেওঁলোকৰ নিৰ্বাচিত কিছু শিল্পীকৰ্ম ইয়াত প্ৰদৰ্শনৰ ব্যৱস্থা কৰিবলৈ প্ৰয়াস কৰিম । ইচ্ছুক শিল্পৰসিক বা প্ৰেমীয়ে তেখেতৰ শিল্পকৰ্ম বা পেইন্টিং ক্ৰয় কৰিব বিচাৰিলে পোনপটীয়াকৈ ইয়াত উল্লেখ থকা শিল্পীজনৰ নম্বৰত যোগাযোগ কৰিব পাৰিব’ । – সম্পাদনা সমিতি ।
ননী বৰপূজাৰী
ফোনঃ ৯৪৩৫১১৬৬১৫
৯৮৬৪০১১৯৬৪




