১৯৭৩ চনৰ কথা ৷ মই ঘৰৰ ওচৰৰ জোঙাঁল বলহু গড়, এম.ই. স্কুলৰ পৰা এম.ই. বৃত্তি লাভ কৰি ৫ কিঃমিঃ দূৰৰ ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নামভৰ্তি কৰিছোঁ ৷ সেই সময়ত নতুন শিক্ষানীতি আৰম্ভ হোৱা বাবে আমাক ষষ্ঠ শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণী নপঢ়াকৈ অষ্টম শ্ৰেণীত পঢ়িবলৈ দিয়া হ’ল ৷ নতুন স্কুললৈ গৈ নতুন বন্ধু-বান্ধবৰ লগত চা-চিনাকি হোৱাৰ লগতে শিক্ষকসকলৰ লগত পৰিচয় হৈ উঠাৰ অলপ দিনৰ পাচতে হঠাৎ এদিন আমাৰ সময়ত নতুনকৈ আৰম্ভ কৰা বিষয় Co-curricular activity ক্লাছত মোৰ মূৰত যেন আকাশী সৰগ ভাঙি পৰিল ৷ আমাৰ Co-curricular activity ৰ শিক্ষক কেংগাৰু চাৰে এদিন ক্লাছতে ঘোষণা কৰিলে যে নতুনকৈ প্ৰকাশ হ’ব লগা বিদ্যালয়ৰ বছৰেকীয়া আলোচনী সঞ্জীৱনীত আমাৰ শ্ৰেণীৰ পৰা এটা অসমীয়াত আৰু এটা ইংৰাজীত লেখনি জমা দিব লাগিব আৰু মোক ইংৰাজীত লেখনি দিবৰ বাবে নিৰ্বাচিত কৰিলে আৰু আন এজনক অসমীয়াত লেখনি দিবৰ বাবে নিৰ্বাচিত কৰি দুসপ্তাহৰ ভিতৰত জমা দিবলৈ ক’লে ৷ সেই সময়ত আমাৰ প্ৰায়বোৰ শিক্ষককে আমি তেওঁলোকৰ নিক নেম বা ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰচলিত নামেৰেহে মনত ৰাখিছিলো ৷ তাৰ ভিতৰতে জনপ্ৰিয় আছিল কেংগেৰু চাৰ, ভালুক চাৰ, আলেকজেণ্ডাৰ চাৰ, বাংকা চাৰ, কটীয়া চাৰ, বি.এচ.চি চাৰ ইত্যাদি ইত্যাদি ৷ ঘৰলৈ ঘূৰি আহি থাকোঁতে চাৰক, লগৰ বন্ধু বৰ্গৰ আগত, কুকুৰ পিটা গালি পাৰি আহিলো ৷ কিন্তু উপায় একো নাই মুক্তি পোৱাৰ ৷ চাৰে এবাৰ নিৰ্দেশ দিলে যেতিয়া কিবা এটা লিখি জমা দিবই লাগিব ৷ লিখিব লাগিব আকৌ ইংৰাজীত ৷ ঘৰলৈ আহি হুলস্থূল লগাই, চাৰক গালি পাৰি হুলস্থূল কৰা সময়ত দেউতাই ক’লে যে তই দেখোন আমাৰ দেউতাহতঁৰ পুৰণি ঘৰ মোলানকটাৰ ড॰ হিৰণ্য ভূঞাৰ বিষয়ে লিখিব পাৰ ৷

সেই সময়ৰ কিছুদিন আগতে তেখেতৰ মৃত্যু হৈছিল আৰু কাগজে পত্ৰই তেখেতৰ নাম অতিকৈ চৰ্চিত হৈছিল ৷ দেউতাই লগতে ক’লে যে অহা কাইলৈ আমাৰ সৰু খুড়া আহিব আৰু সৰু খুড়া এসময়ত ইংৰাজী শিক্ষক আছিল ৷ গতিকে খুড়াৰক শুধি কথাখিনি লিখি ল’লেই হ’ল ৷’ দেউতাৰ কথাত মনলৈ সাহ আহিল ৷ সাহেই সিদ্ধি ৷ গতিকে ভাবিলো যে পানীলৈ ঠেলি দিলেই যেতিয়া সাঁতোৰাৰ বাহিৰে উপায় নাই ৷ সৰু খুড়া অহাৰ পাছত খুড়াক কথাটো কোৱাত খুড়াই ড॰ হিৰণ্য ভূঞাৰ বিষয়ে সকলো কথা বিবৰি ক’লে ৷ খুড়াঁহতে সৰুৰে পৰা লগ পোৱা আৰু আমাৰ একে বংশৰ নহয় যদিও খুড়াহতঁৰ ওচৰ চুবুৰীয়া আছিল ৷ তাৰ পাচত খুড়াই ক’লে কাগজ আৰু পেন আন ৷ মই হাতত সৰগ ঢুকি পালো আক কাগজ কলম লৈ উপস্থিত হ’লো ৷ খুড়াই কোৱা আৰম্ভ কৰিলে- ‘It is said that a genius is born and never be made. So, also Dr. Hiranya Bhuyan…’’ এই লাইনটো এতিয়াও মনত আছে, কিন্তু বাকী সকলো পাহৰি গ’লো ৷ তাৰ পাছত গোটেই খিনি জুকিয়াই এদিনৰ ভিতৰত লিখি খুড়াক চাবলৈ দিলো ৷ খুড়াই কাটি-কুটি শুদ্ধ কৰি দিলে ৷ পুনৰ ফেয়াৰ কপি কৰি এসপ্তাহৰ পাছত চাৰৰ হাতত জমা দিলো ৷ এসময়ত আমাৰ স্কুলৰ আলোচনীখন ওলাল আৰু মোৰ লিখনিটোৰ লগতে সকলোকে দেখুওৱাৰ লগে লগে মাজে মাজে নিজেও চাই আনন্দ লাভ কৰিলো ৷ তেতিয়া ছপা আখৰত নিজৰ নাম দেখাটো ডাঙৰ কথা ৷ প্ৰথম এল.পি. স্কুলত বৃত্তি পাওতে ‘দৈনিক অসম’ বাতৰি কাকতত ‘এওঁলোকে বৃত্তি পাইছে’ ফটো এখনৰ তলত সৰুকৈ দিয়া নামটো থকা পৃষ্ঠাটো বহুদিন লগত ৰাখিছিলো ৷ ইংৰাজীত প্ৰথম ছপা আখৰত নাম আৰু লিখনি দেখাৰ আনন্দ যে কেনে আছিল বুজাব নেৱাৰি ৷ দেউতাই ক’লে ‘চাৰক দেখোন খুব গালি দিছিলি, এতিয়া ইমান আনন্দ যে,’ সেয়াই মোৰ লেখক জীৱনৰ প্ৰথম আৰম্ভণি ৷
ইয়াৰ পাচত ১৯৭৩ চনৰ পৰা ১৯৭৯ চনলৈ মই কোনো ধৰণৰ প্ৰৱন্ধ, গল্প, কবিতা আদি লিখাৰ প্ৰচেষ্টা হাতত লোৱা নাছিলো ৷ কাৰণ ভালকৈ মেট্ৰিক, হায়াৰ চেকেণ্ডেৰী পাছ কৰি ইঞ্জিনিয়াৰিং পঢ়িবলৈ যাব লাগিব ৷ গতিকে Physics, Chemistry, Mathematicsৰ বাহিৰে অন্য চিন্তা কৰাৰ সময়ো কম ৷ ১৯৭৮ চনত হায়াৰ চেকেণ্ডাৰী পাছ কৰাৰ পাচত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত নামভৰ্তি কৰি এটা বছৰ যোৱাৰ পাছতে আৰম্ভ হ’ল ‘অসম অন্দোলন’৷ ‘অসম আন্দোলন’ত স্কুল, কলেজ সকলো বন্ধ৷ লগতে সঘনাই অসম বন্ধ, পথ বন্ধ, জনতা কাৰ্ফিউ, ৰেল বন্ধ, সত্যাগ্ৰহ ৷ আন্দোলন কৰাৰ বাহিৰে একো কাম নাই ৷ গতিকে ভাবিলো এনেয়ে সময় পাৰ কৰাতকৈ কিবা কিবি লেখাৰ চেষ্টা কৰাই ভাল ৷ সেই সময়ত আমাৰ মাজত জনপ্ৰিয় আলোচনী বিস্ময় ৷ গতিকে ভাবিলো কিবা এটা লিখি বিস্ময়লৈকে পঠাওঁ ৷ বাতৰি কাকত বুলিবলৈ সেই সময়ত মাত্ৰ আছিল ‘দৈনিক অসম’ আৰুAssam Tribune. তাতে সেই সময়ত প্ৰকাশ পাড়ুকোনে All England Badminton Championshipত বিজয়ী হোৱাৰ কথা ওলাইছিল আৰু দেশ নামৰ বাঙালী পত্ৰিকা খনতো এটা দীঘল Article ওলাইছিল ৷ সকলোখিনি পঢ়ি মই ‘বিশ্ব বিজয়ী প্ৰকাশ’ বুলি এটা লেখনি লিখি ৰহা পোষ্ট অফিচত খামত ভৰাই, টিকট লগাই লেটাৰ বক্সত পেলাই দিলো ৷ এমাহ দুমাহকে তিনিমাহ গ’ল আৰুবিস্ময়’ত নিজৰ লিখনি নেদেখি ভাবিলো শশী ফুকন ডাঙৰীয়াই অগ্ৰাহ্য কৰিলে ৷ ইতিমধ্যে খবৰটো পুৰণি হ’বলৈ ধৰিছেই ৷ কিন্তু চতুৰ্থ মাহত বিস্ময়খন দেখি মনটো পুলকিত হৈ উঠিল ৷ মোৰ লিখনি সুন্দৰকৈ প্ৰকাশ হৈছে আক লগতে প্ৰকাশ পাড়ুকোনৰ ক’লা বগা দুই তিনিখনমান ফটোও লগাই দিছে ৷ আনন্দিত হৈ ড॰ ভবেন্দ্ৰ নাথ শইকীয়াই আৰম্ভ কৰা সফুঁৰা নামৰ আলোচনীখনলৈও লেখনি পাঠোৱা আৰম্ভ কৰিলো আৰু¸ তাতো দুটামান প্ৰকাশ হ’ল ৷ ইতিমধ্যে আকৌ স্কুল কলেজ খুলিলে আৰু মই পুনৰ¸ Assam Engineering College ৰ হোষ্টেললৈ প্ৰত্যাৱৰ্ত্তন কৰিলো ৷ ১৯৮১ চনৰ পাছত আৰু মোৰ কোনো ধৰণৰ লিখা-মেলা ন’হল ৷ ইঞ্জিনিয়াৰিং পাছ কৰি¸ ১৯৮৪ চনত বঙাইগাঁও শোধনাগাৰত অভিযন্তা হিচাবে যোগদান কৰিলো ৷ ১৯৮১ চনৰ পৰা ১৯৮৬ চনলৈ৫ বছৰ পাৰ হ’ল; কিন্তু মোৰ কলমত কোনো লিখনি নোলাল ৷ ১৯৮৬ চনত বঙাইগাঁওৰ শোধনাগাৰত কাম কৰি থকাৰ সময়তে, অসম বিজ্ঞান সমিতিৰ¸ বছৰেকীয়া অধিবেশন বঙাইগাঁৱত নতুনকৈ স্থাপন হোৱা বীৰঝৰা মহাবিদ্যালয়ত অনুস্থিত হৈছিল ৷ মহাবিদ্যালয়খনৰ অধ্যাপক মৃগেন দাসৰ অনুৰোধত মই আকৌ লিখিব লগা হ’ল ৷ এইবাৰ অধিবেশনৰ স্মৃতি গ্ৰন্থৰ¸ বাবে ৷ সেই সময়ত নতুনকৈ অসম গণ পৰিষদৰ চৰকাৰে দায়িত্ব লৈছিল আৰু বৃন্দাবন গোস্বামী আছিল অসমৰ শিক্ষামন্ত্ৰী ৷ লগতে বিধায়ক ফণীভূষণ চৌধুৰী, বৰ্তমানৰ লোকসভাৰ¸ সদস্য আছিল অভ্যৰ্থনা সমিতিৰ সভাপতি ৷ অধিবেশনৰ¸ সফল পৰিসমাপ্তিৰ পাছত এদিন মৃগেন দাস ডাঙৰীয়াই বি.আৰ.পি. এললৈ আহি মোৰ¸ ‘বছ’ বীৰেণ গগৈৰ হাতত মোলৈ বুলি এটা এনভেলপত ২০০ টকাৰ মাননি দি থৈ গ’লহি ৷ সেই সময়ত বীৰঝৰা মহাবিদ্যালয় স্থাপন কৰিবৰ বাবে বঙাইগাঁও শোধনাগাৰে ৫ লাখ টকাৰ¸ এক অনুদান আগবঢ়াইছিল ৷ ‘বছে’ মোক তেওঁৰ ৰুমলৈ মাতি এনভেলপটো দিলে আৰু যিহেতু মৃগেন দাসে মোক বহুতো প্ৰশংসা কৰি গ’ল, তেতিয়াৰ পৰা মোৰ প্ৰতি এক ভাল ধাৰণা পোষণ কৰা আৰম্ভ কৰিলে ৷
মনতে ভাবিলো যে আকৌ এবাৰ লিখা-মেলাত হাত দিব লাগিব ৷ কিন্তু ভাঁবোতে ভাঁবোতে ৯বছৰ পাৰ হৈ ১৯৯৫ চন পালেগৈ ৷ ৰিফাইনেৰীৰ কৰ্মব্যস্ত জীৱনত আৰু লিখা পিছপৰি ৰ’ল ৷ ১৯৯৫ চনত মই বৰপেটা আইন মহাবিদ্যালয়ৰ পৰা নতুনকৈ LL.B. ডিগ্ৰী লৈ উঠিছো ৷ সেয়ে ভাবিলো যে এইবাৰ আইনৰ এটা বিষয়ৰ ওপৰত এটা article লিখো ৷ ভবামতে কামটো কৰি Public Interest Litigation ৰ ওপৰত articleটো সম্পূৰ্ণ কৰিলো ৷ সেই সময়তে বঙাইগাঁৱৰ শোধনাগাৰৰ বছৰেকীয়া মুখপত্ৰখনৰ বাবে লিখনি আহ্বান কৰাত মই সম্পাদকৰ হাতত জমা দিলো ৷ কিন্তু শোধনাগাৰৰ বন্ধ পৰিবেশত সকলো ভালপোৱা, বেয়াপোৱা, আদিৰ ওপৰতহে নিৰ্ভৰ কৰে ৷ আনকি প্ৰমোচন আদিও কামৰ পৰিৱৰ্তে ‘বছ’ৰ প্ৰতি লয়েলিটি, তৈলমৰ্দন আদিৰ ওপৰত নিৰ্ভৰ কৰে৷ যিহেতু সম্পাদক গৰাকীয়ে মোক বৰ এটা ভাল নাপাইছিল, গতিকে তেও মোৰ লিখনিটো নুলিয়ালে অথচ মোৰ¸ লিখনিটোতকৈ নিম্ন মানদণ্ডৰ বহুতো লিখনি ওলাল ৷ মনটো বেয়া লাগিল বাবে এটা এনভেলপ কিনি লিখনিটোৰ কপিটো ৫ টকাৰ ষ্টাম্প লগাই Assam Tribune লৈ পঠাই দিলো ৷ আচৰিত কথা যে দুসপ্তাহ পাছতে মোৰ লিখনিটো প্ৰকাশ হৈ ওলাল আৰু কিছুদিন পাছতে এখন ২০০ টকাৰ চেক মোলৈ আহিল ৷ এয়া মোৰ¸ লেখক হিচাবে এক স্বীকৃতি আৰু মটিভেচন হ’ল আৰু তাৰ পাছত মই The Assam Tribune, The Sentinel, The North East Times আদি বাতৰি কাকতত স্তম্ভ লিখক হিচাবে আত্মপ্ৰকাশ কৰিলো ৷ কাকতত লিখনিটো ওলোৱাৰ লগতে ১০০/১৫০/২০০ টকাৰ মাননীটোৱেও উৎসাহিত কৰিছিল কাৰণ সেই সময়ৰ ২০০ টকা আজিৰ ২০০০ টকাৰ সমান ৷ আসাম ট্ৰিবিউনে ২০০ টকা দিয়া সমপৰ্য্যায়ৰ এটা লিখনিত The Sentinel এ মাত্ৰ ৭৫/১০০ টকা দিয়ে ৷ এদিন গুৱাহাটীলৈ যাঁওতে ধীৰেন্দ্ৰ নাথ বেজবৰুৱা চাৰক লগ ধৰি কথাটো কওঁতে তেওঁ ক’লে, The Assam Tribune ধনী মানুহৰ ৷ আমি কোনোমতে চলি আছো ৷ তেওঁলোকৰ সমান আশা নকৰিবা ৷’ ময়ো বকেয়া ৮০০ টকাৰ চেকখন চাৰৰ হাতৰ পৰা লৈ বঙাইগাঁৱলৈ ঘূৰি আহিলো ৷
সেয়ে যি বাতৰি কাকতৰ লগত আৰম্ভণি হ’ল তাৰপিছত অসমীয়া প্ৰতিদিন, আমাৰ অসম, নিয়মীয়া বাৰ্তা আদিতো বহুতো লিখিলো যদিও কোনো দিনে মাননি নপঠালে ৷ আনহাতে Women’s Era, Employment News, The Oil Field Times, First Post, Career Guide আদি মাহেকীয়া, সাদিনীয়া কাকত আলোচনীত একোটা Articleৰ বাবে ৫০০ পৰা ২০০০টকা পৰ্যন্ত মাননি দিছিল ৷ সেয়ে অসমীয়াৰ পৰিৱৰ্তে ইংৰাজীত লিখাত অধিক মনোনিবেশ কৰিলো ৷ বাতৰি¸ কাকত, কিতাপৰ পৰা Audio Bookলৈ অবিৰত যাত্ৰা চলিল আৰু এতিয়াও চলি আছে ৷
এতিয়ালৈকে অনুবাদ গ্ৰন্থকে ধৰি বিশ্বৰ¸ ৪৫টা ভাষাত মোৰ সৰ্বমুঠ ২৬৬ খন গ্ৰন্থ প্ৰকাশ হৈ ওলাইছে ৷ তাৰে দিল্লীৰ পুস্তক মহলে প্ৰকাশ কৰা Multiple Career Choices নামৰ গ্ৰন্থখন আৰু 21st Century Rhymes নামৰ শিশুৰ বাবে ৰচিত Rhymes খনৰ ১,০০,০০০ তকৈও অধিক কপি বিক্ৰী হৈছে ৷ গ্ৰন্থ লিখক হিচাবেও মোৰ পৰিক্ৰমা কষ্টকৰ আছিল আৰু ভৱিষ্যতে সেই বিষয়ে লিখাৰ আশা ৰাখিছো ৷

মোৰ শিক্ষাগত অৰ্হতা সম্পৰ্কে মই সদায় আত্মসন্তুষ্টি লাভ কৰো আৰু সদায়ে উল্লেখ কঁৰো ৷ Electrical Engineering ত B.E.. হোৱাৰ লগতে মই LL.B. ডিগ্ৰী, Diploma in Management (IGNOU), Certified Energy Auditor (BEE) আদি পৰীক্ষাতো অৱতীৰ্ণ হৈ বিভিন্ন ডিগ্ৰী, ডিপ্লমা লাভ কৰিছো ৷ মোৰ জীৱনৰ আন এটা সংযোগ যে মই মেট্ৰিকৰ পৰা আৰম্ভ কৰি Higher Secondary, B.E. Diploma examination সকলোতে সদায় ৬৮ শতাংশ নম্বৰ লাভ কৰি আহিছো ৷ দশমিকত সলনি হ’লেও মই ওপৰলৈ যাব পৰা নাই, তললৈও যোৱা নাই ৷ কিন্তু মোৰ কোনো দিনে প্ৰগতি বা Advancement ন’হল ৷ এই ৬৮ শতাংশৰ কেৰিয়াৰ মই পাৰ হ’ব নোৱাৰিলো ৷ কিন্তু কিতাপ প্ৰকাশৰ ক্ষেত্ৰত ৬৮ৰ কেৰিয়াৰ কাহানিবাই পাৰ হৈ আহিলো ৷
দেৱজিৎ ভূঞা
ফোনঃ ৯৪৬৫০১০৮৫৯




