সাহিত্যই জীৱনৰ সন্ধান কৰে, জগতৰ সন্ধান কৰে,
জগত আৰু জীৱনৰ লগত এক সম্পৰ্ক স্থাপন কৰে,
মঙ্গলময়, কল্যাণময় এখন পৃথিৱীৰ কল্পনা কৰে ৷
সাহিত্য মনৰ এক কোমল অথবা বজ্ৰ কঠিন অনুভৱ ৷ প্ৰত্যেক সাহিত্যিকৰ অন্তৰ হয়তো ফুলৰ দৰে কোমল আৰু হয়তো বজ্ৰতকৈয়ো কঠিন৷ সাহিত্যই সত্যৰ সন্ধান কৰে, মানুহৰ মহা মহত্বৰ সন্ধান কৰে আৰু যুগে যুগে তাৰ সাধনাতে যেন মানুহ ন-ন সৃষ্টি কৰি আহিছে ৷ সৃষ্টিশীল সাহিত্যই সাধাৰণতে উপন্যাস, চুটিগল্প,নাটক আৰু কবিতাক সামৰি লয়৷ ইয়াৰ বিপৰীতে তত্বগত পাঠ্যপুথি অথবা বাতৰি কাকতৰ বাতৰিসমূহ সাহিত্যৰ ভিতৰত সামৰি লোৱা নহয়৷ সাম্প্ৰতিক সময়ত লিখিতৰূপ পোৱা মৌখিক গীতমাত,সাধুকথা আদিকো সাহিত্যৰ ভিতৰত অন্তৰ্ভূত কৰা হৈছে ৷ কাৰণ,শ্ৰেষ্ঠ আৰু বাচকবনীয়া শব্দৰে শ্ৰেষ্ঠ শৈলীত ৰচনা কৰা যি কোনো কলাত্মক সৃষ্টিয়ে সাহিত্য ৷ লোকসাহিত্যত অনেক কলাত্মক ৰচনা বিধৌত হৈ আছে৷
সৃষ্টিৰ ৰথখন তাহানিৰ পৰা নিৰৱছিন্ন ভাৱে চলি আহিছে ৷ এতিয়া সৃষ্টিৰ বুকুতে নতুন সৃষ্টি অংকুৰিত হৈছে ৷ নতুন সাহিত্য সৃষ্টি কৰিবৰ বাবে আমাৰ সাতামপুৰুষীয়া লোক-সাহিত্য, মহাকাব্য, ইতিহাসৰ পাতে পাতে যেন অলেখ সৃষ্টিশীল সাহিত্যৰ সমল সিঁচৰতি হৈ আছে ৷
০) কল্পনা,মৌলিক কাহিনী –
সৃষ্টিশীল লিখনীৰ প্ৰথম চৰ্তটোৱেই হৈছে- ‘নিজৰ কল্পনাৰে বা অনুভৱেৰে বা উদ্ভাবনেৰে কিবা এটা কাহিনী সৃষ্টি কৰা৷ আৰু সেই সৃষ্টিক গল্প,উপন্যাস,নাটক বা কবিতাৰ মাধ্যমৰে প্ৰকাশ কৰা৷ ‘গুগ’ল’ৰ পৃষ্ঠাত সৃষ্টিশীল সাহিত্যৰ ব্যাখ্যাত কোৱা হৈছে-‘Creative writing is a form of writing where creativity is the forefront of its purpose through using imagination, creativity and innovation in order to tell a story through strong written visual with an emotional impact, like in poetry writing, short story writing and more.’একে প্ৰসংঙ্গতে কোৱা হৈছে-‘Creative writing uses senses and emotions in order to create a strong visual in the reader’s mind whereas other form of writing typically only leave the reader with fact and information instead of emotional intrigue. The purpose of creative writing is both to entertain and to share human experience like love or loss.’ সৃষ্টিশীল লিখনিয়ে কাহিনী এটিৰ চৰিত্ৰসমূহৰ মানসিক অৱস্থাসমূহ যেনে- শোক,দুখ,ক্ৰোধ,উদ্বেগ,প্ৰেম-বিৰহ, আশা-নিৰাশা, সন্দেহ-ঈৰ্ষা, জয়-পৰাজয়, ক্ৰোধ-অহংকাৰ আদিৰ এখন সজীৱ, জীৱন্ত ,স্পষ্ট, উজ্জল, ফটফটীয়া ছবি পাঠকৰ সন্মুখত অতি শক্তিশালীভাবে দাঙি ধৰে ৷ ইয়াৰ বিপৰীতে যি লিখনিত কেৱল তথ্য আৰু খবৰেহে প্ৰাধান্য লাভ কৰে সেয়া সৃষ্টিশীল লিখনি নহয় ৷ সৃষ্টিশীল লিখনিৰ লক্ষ্য হ’ল কাহিনী কোৱাৰ চলেৰে পাঠকক বিনোদন দিয়া আৰু এটা নিৰ্দিষ্ট সামাজিক পটভূমিত জীৱনৰ ভিন্ন-স্বাদৰ অভিজ্ঞতাসমূহৰ জীৱন্ত বিৱৰণ দাঙি ধৰা ৷ বিশিষ্ট সাহিত্যিক ৰেবেকা ওৱেষ্টৰ (Rabacca West) মতে ‘সাহিত্যত, অভিজ্ঞতাৰ বিশ্লেষণ আৰু সিদ্ধান্তৰ সংশ্লেষণ হয় ৷ (Literature must be an analysis of experience and synthesis of findings)
লেখকে কাহিনী কয় ৷ কাহিনীত থাকে চৰিত্ৰ৷ প্ৰতেকটি চৰিত্ৰৰ নিজা নিজা চাৰিত্ৰিক বৈশিষ্ট্য থাকে ৷ চাৰিত্ৰিক বৈশিষ্ট্য অনুযায়ী নিজা নিজা আচৰণ থাকে৷ চৰিত্ৰৰ আচৰণসমূহ কেতিয়াও ‘স্থায়ী’ নহয় ৷ কিছুমান চৰিত্ৰই অৱশ্যে সকলো পৰিবেশ-পৰিস্থিতি তে নিজৰ আচৰণ আৰু চাৰিত্ৰিক বৈশিষ্ট একেই ৰাখিব পাৰে ৷ বেচিভাগ চৰিত্ৰই কিন্তু পৰিবেশ-পৰিস্থিতি অনুযায়ী আচৰণ সলনি কৰে ৷ কেতিয়াবা একেটা পৰিবেশতে চৰিত্ৰই ভিন ভিন আচৰণ প্ৰদৰ্শণ কৰে ৷ তদুপৰি মানুহৰ প্ৰবৃত্তি আনুযায়ীও আচৰণ-বিধি বেলেগ হ’ব পাৰে ৷ লেখক এগৰাকীৰ বাবে ইয়াতকৈ আমোদজনক কথা আন একো হ’ব নোৱাৰে ৷
লেখকে যি-কোনো উৎসৰ পৰা কাহিনী সংগ্ৰহ কৰিব পাৰে৷ প্ৰথমে সেই উৎসসমূহ এবাৰ চোৱা হওক ৷
১) লোক সাহিত্যঃ
লোকসাহিত্যসমূহ সৃষ্টিৰ এক বিশাল ভাণ্ডাৰ,য’ত এনে কিছু নজহা নপমা উপাদান আছে যে সেইসমূহৰ পৰা নিৰন্তৰ সাহিত্য ৰচনা কৰিব পাৰি ৷ অসমৰ কাহিনী গীতসমূহত আছে অলেখ কাহিনী, উপমা, পটন্তৰ আৰু সেই সেই সময়ৰ জনজীৱনৰ প্ৰতিচ্ছবি ৷ মণি কোঁৱৰৰ গীত, ফুল কোঁৱৰৰ গীত, জনা গাভৰুৰ গীত, মণিৰাম দেৱানৰ গীত, হাইদৰ গাজীৰ গীত, কমলা কুঁৱৰীৰ গীত, হলকম্ব চাহাবৰ গীত ….. প্ৰভৃতি গীতসমূহত আছে একো একোটা নিটোল কাহিনী৷ বুঢ়ী আইৰ সাধুৰ প্ৰত্যেকটো গল্পৰ পৰা নাটক হ’ব পাৰে৷ ইতিমধ্যে হৈছেই ৷ উপন্যাস হ’ব পাৰে ৷ (তেজীমলা সাধুটিৰ পৰা ৰত্না দত্তই প্ৰণয়ন কৰিছে, ‘দ্বিতীয়া’ নামৰ এখনি উপন্যাস ), লোক সাহিত্যৰ সমলৰ পৰা অনেক সাহিত্যৰ সৃষ্টি হৈছে৷ পদ্মনাথ গোহাঞি বৰুৱাৰ ‘টেটোন তামুলী’, লক্ষ্মীনাথ বেজবৰুৱাৰ ‘নিমাতী কইনা’ কবিতা আৰু তাৰ আধাৰত জ্যোতি আগৰৱালাই ৰচনা কৰিছে ‘নিমাতী কইনা’ নাটক ৷ কমলা কুৱঁৰীৰ গীতৰ আধাৰতো পৰমানন্দ ৰাজবংশীয়ে ‘কমলা কুঁৱৰীৰ সাধু’ নাটক ৰচনা কৰিছে৷ ৰজনীকান্ত বৰদলৈয়ে মনিপুৰত প্ৰচলিত এটি লোককথাৰ আলমত ৰচনা কৰিছিল ‘থাম্বা-থোইবীৰ সাধু ’ নামৰ এখন উপন্যাস৷ উদাহৰণ অলেখ আছে ৷
এতিয়া অজস্ৰ লোক সাহিত্য, ছপা আখৰত প্ৰকাশ হৈছে ৷ কিন্তু এটা সময়ত মানুহে ৰচনা কৰা সৃষ্টিসমূহ কেৱল মনৰ মণিকোঠতে সঞ্চয় কৰি ৰাখিছিল৷ নিজে সৃষ্টি কৰা ৰচনাও কেতিয়াবা নিজেই পাহৰি গৈছিল ৷ কিন্তু সেই সৃষ্টিসমূহ কেতিয়াবা আন মানুহে মনত ৰাখিছিল ৷ সেইদৰে এজনৰ পৰা আন এজনলৈ গৈছিল ৷ তেনেকৈয়ে কণ্ঠে কণ্ঠে গৈ গৈ সহস্ৰ কণ্ঠৰে প্ৰবাহিত হৈছিল ৷ ইজনৰ কণ্ঠৰ পৰা সিজনলৈ যাওঁতে প্ৰত্যেক বাৰতে হয়তো পৰিশোধন হৈছিল ৷ হৈ হৈ এক নতুন ৰূপ পৰিগ্ৰহ কৰিছিল ৷ সেইবোৰ কোনে ক’ত কেনেকৈ ৰচিছিল সেই কথা কালক্ৰমত মানুহে পাহৰি গৈছিল৷ কিন্তু হৈ পৰিছিল মানুহৰ বুকুৰ সম্পদ, বুকুৰ সংবাদ, জাতিৰ উমৈহতীয়া সম্পদ৷ সেইবোৰ মানুহে আঁওৰাইছিল ৷ সেইদৰেই সৃষ্টিৰ পথাৰখন বিশাল হৈছিল ৷ সৃষ্টি হৈছিল অলেখ কাহিনী, অলেখ লোকগাঁথা, অনেক গীত, ….. সেইদৰে অলেখ বাদ্য, বাদ্যৰ ছন্দ, অলেখ নাচ, নাচোন ভঙ্গীমা৷ নীতিকথা, অলৌকিক কথা৷ লাহে লাহে সৃষ্টিৰ পথাৰখন আৰু বিশাল হ’ল ৷ এটা কথাৰ লগত দুটা কথা যোগ হ’ল৷ দুটা কথাৰ লগত চাৰিটা কথা যোগ হ’ল৷ জাৰকালি জুহালৰ গুৰিত, গৰম কালি মুকলি আকাশৰ তলত নিজৰ নিজৰ কাহিনীসমূহ, নিজৰ কল্প কাহিনীসমূহ ইজনে সিজনক শুনাইছিল৷ গীত গাই শুনাইছিল৷ সেইখিনি মুখে মুখে বাগৰি বাগৰি এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ প্ৰবাহিত হৈছিল৷ সেইখিনিয়ে এটা প্ৰজন্মক অতীতৰ লগত বত্তৰ্মানৰ সংযোগ ঘটালে৷ সেইখিনিয়ে অতীতক জুমি চাবলৈ এটি সেউজীয়া পথ নিৰ্মাণ কৰিলে৷ সেইখিনি ক্ৰমান্বয়ে পুনৰ শোধন হ’ল৷ কালক্ৰমত সিবোৰৰ কিছুমান হেৰাই গ’ল আৰু কিছুমানে এক বিশিষ্ট ৰূপ পৰিগ্ৰহ কৰিলে৷ অৱশেষত মৌখিক সাহিত্যৰ সেই পৰিশোধিত ৰূপটো হৈ পৰিল আমাৰ ঐতিহ্য ৷ য’ত আছে বিচিত্ৰ আৰু বৈচিত্ৰময় কাহিনী আৰু হূদয় আকুলিত কৰা সুৰ ৷
আমাৰ পৰম্পৰাগত লোকসাহিত্যসমূহ এতিয়া ‘সৃষ্টিশীল গদ্য’ ৰচনা কৰাৰ অদ্বিতীয় সমল ৷ লোক সাহিত্যৰ কাহিনীসমূহ ইমানেই মনোৰঞ্জকৰ আৰু কেতিয়াবা কেতিয়াবা ইমানেই শক্তিশালী যে সেইসমূহৰ আধাৰত যুগে যুগে অলেখ সৃষ্টিশীল গদ্য সৃষ্টি হ’ব ৷ সৃষ্টি হ’ব উপন্যাস, গল্প, কবিতা নাটক আৰু অনেক ৷
২] মহাকাব্য, ভাগৱত, পুৰাণ ইত্যাদিঃ
ৰামায়ণ, মহাভাৰত, মহাভাগৱত, পুৰাণসমূহত অলেখ কাহিনী আছে ৷ আছে অলেখ চৰিত্ৰ, দৰ্শন, মীমাংসা, সংঘাত, বিৰোধ, চক্ৰান্ত, কুট কৌশল, চল-চাতুৰী, কুটনীতি, ৰাজনীতি, প্ৰেম, সন্দেহ, ঈৰ্ষা আৰু হূদয়ৰ বিৰহ বেদনা; য’ত ন্যায় আৰু সত্য প্ৰতিষ্ঠাৰ বাবে বিভিন্ন কাহিনী অৱতাৰণা কৰা হৈছে৷ য’ত কাহিনী কোৱাৰ চলেৰে মহাকবিয়ে জীৱনলৈ অহা বাধা, বিঘিনি, বিপৰ্যয়সমূহৰ কথা কৈছে আৰু যিবোৰৰ মাজত জিলিকি উঠিছে জীৱনৰ বিচিত্ৰ ৰূপ৷ য’ত কপট মানুহৰ নীচ মনোবৃত্তিৰ কথা কৈছে, য’ত মানুহৰ ত্যাগৰ মহত্ব দেখুৱা হৈছে৷ সবাৰোপৰি সত্যৰ মহিমা আৰু কপটালিৰ ভীষণ পৰিণাম দেখুৱা হৈছে৷ য’ত দেখুৱা হৈছে ভুলৰো সীমা থাকে, পাপৰো বিচাৰ থাকে, অহংকাৰৰো পতন থাকে ৷
শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীমন্ত মাধৱদেৱৰ ৰচনাৱলীৰ মূল উৎস আছিল ভাগৱত আৰু পুৰাণসমূহ ৷ সেইখিনি বহলাই কোৱাৰ প্ৰয়োজন নাই ৷ বিশ্ববিখ্যাত নাট্যকাৰ,কবি উইলিয়াম শ্বেইক্সপীয়েৰৰ অথেল’, কিংলীয়েৰ, হেমলেট,জুলিয়াচ চিজাৰ আদি ভালে কেইখন নাটকৰ মূল উৎস আছিল হলিনশ্ব’ডৰ বুৰঞ্জী বা পূবৰ্ৰ অপ্ৰমাদী কবি সাহিতি্যকৰ ৰচনাসমূহ ৷
মহাকাব্যসমূহৰ কাহিনীসমূহ আৰু চৰিত্ৰসমূহৰ সাম্প্ৰতিক কালত বেলেগ বেলেগ ব্যাখ্যা আৰু বিশ্লেষণ আবগঢ়োৱা হৈছে৷ শ্ৰীকৃষ্ণ, কৰ্ণ, দূযোৰ্ধন, গান্ধাৰী, দ্ৰৌপদী প্ৰভৃতি চৰিত্ৰসমূহ নিজা নিজা দৃষ্টিৰে অৱলোকন কৰি অনেক উপন্যাস ৰচনা কৰা হৈছে৷ চন্দ্ৰপ্ৰসাদ শইকীয়াই কৰ্ণ চৰিত্ৰৰ আধাৰত ৰচনা কৰা ‘মহাৰথী’ উপন্যাসে সাহিত্য অকাডেমীৰ বঁটা লাভ কৰিছে ৷
মহাকাব্যসমূহ আৰু পুৰাণৰ কাহিনীৰ পৰা যিমানখিনি কৰা হৈছে নাটক, উপন্যাস, কাব্য ৰচনা কৰা হৈছে , উদাহৰণ দি শেষ কৰিব নোৱাৰি ৷ জ্যোতিপ্ৰসাদ আগৰৱালাই চৈধ্য বছৰৰ পৰা সোতৰ বছৰ বয়সলৈকে লিখা ‘শোণিত কুঁৱৰী’ অন্য এক অপূৰ্ব উদাহৰণ ৷ একে কাহিনীৰ আধাৰতে ৰচনা কৰা পদ্মনাথ গোহাঞিবৰুৱাৰ ‘বাণ ৰজা’ নাটকখনিও উল্লেখযোগ্য ৷
আমাৰ নৱ প্ৰজন্মই মহাভাৰতৰ চৰিত্ৰ সমূহৰ হাতত বাইক, মোবাইল ফোন, কম্পিউটাৰ, উৰাজাহাজ আদিৰ কল্পনাৰে নিজাববীয়াকৈ অন্যান্য কাহিনীৰে সৃষ্টি কৰিব পাৰে ৷ বাচি ল’ব পাৰে মহাকাব্যসমূহৰ অনেক অনুক্ষণ ৷ উদাহৰণ স্বৰূপে- অৰ্জুনে যেতিয়া লক্ষ্যভেদ কৰি সয়ম্বৰ সভাৰ পৰা দ্ৰৌপদীক গ্ৰহন কৰি পাঁচ ভাতৃসহ মাতৃৰ ওচৰলৈ আহিছিল,আহি দুৱাৰ মুখৰ পৰা যেতিয়া মাতৃক (কুন্তী) জনাইছিল, একো নজনাকৈ যেতিয়া কুন্তীয়ে পাঁচজন ভাতৃক, যি আনিছে, ভাগ কৰি লবলৈ কৈছিল, তেতিয়া অৰ্জুনে প্ৰতিক্ৰিয়া কি হৈছিল; বা দ্ৰৌপদীৰ মনৰ অৱস্থা কি হৈছিল? পৰৱতীৰ্ সময়ত যেতিয়া এটা নিদিষ্ট সময়ৰ বাবে এজন এজন ভাতৃৰ লগত এটা নিদিষ্ট সময় অতিবাহিত কৰিছিল, তেতিয়া অৰ্জুন আৰু দ্ৰৌপদীয়ে কি বাতাৰ্লাপ কৰিছিল ? কোনোবা সন্ধিয়াৰ নিৰ্জন ক্ষণত কি কৈছিল দ্ৰৌপদীয়ে অৰ্জুনক ? অৰ্জুনৰ প্ৰতি দ্ৰৌপদীৰ কেনেকুৱা আসক্তি আছিল বা অৰ্জুন-দ্ৰৌপদীৰ প্ৰেম-গাথাঁ,জীৱন-লিপি…. অনেক কল্পনা কৰিব পাৰি ৷
৩] ইতিহাসঃ
ইতিহাসৰ কাহিনী যি কোনো কাল্পনিক কাহিনীতকৈ অধিক মনোৰম৷ মহাকাব্যসমূহৰ কাহিনীত আছে অলৌকিকতা ৷ কিন্তু ইতিহাস হ’ল নিৰ্মম বাস্তৱ, ইতিহাসত প্ৰতিফলিত হয় মানুহৰ অতীত৷ অতীত বিশ্লেষণে সোঁৱৰায় – ক’ত ভুল হ’ল ৷ সেই ভুলৰ পৰিণাম কি হ’ল ৷ সেই ভুলৰ পুনৰাবৃত্তি নহ’বলৈ ইতিহাস ৰ্চ্চাৰ প্ৰয়োজন ৷ ইতিহাস কোনো এটা জাতিৰ অতীত শৌৰ্য-বীৰ্যৰ প্ৰতিফলন ৷ ইতিহাস মানে কেৱল ৰজা মহাৰজাৰ কাহিনী নহয়, ইতিহাসত থুপ খাই থাকে সমাজ এখনৰ সামগ্ৰিক প্ৰতিচ্ছবি ৷ ইতিহাস মানৱ সভ্যতাৰ এখনি নিটোল দলিল ৷ সাম্প্ৰতিক কালৰ মন্ত্ৰী সভা ভঙা পতা খেলো ইতিহাস ৷ সাম্প্ৰতিক কালৰ ইতিহাসৰ কাহিনীৰেও সৃষ্টিশীল ৰচনা হ’ব পাৰে ৷
অসমীয়া সাহিত্যত লক্ষ্মীনাথ বেজবৰুৱা (গদাধৰ ৰজা,চক্ৰধ্বজ সিংহ, জয়মতী কুঁৱৰী, বেলিমাৰ) পদ্মনাথ গোহাঞি বৰুৱা, (সাধনী, জয়মতী, গদাধৰ, লাচিত বৰফুকন) অতুল চন্দ্ৰ হাজৰিকা, (টিকেন্দ্ৰজিত….) ৰ পৰা মুনীন ভূঞা (জৰৌৰোৱা পৰজা) ইত্যাদি বহুতো নাট্যকাৰে বহুতো বিখ্যাত বুৰঞ্জীমুলক নাটক ৰচনা কৰিছে৷ ৰজনীকান্ত বৰদলৈয়ে কেৱল ইতিহাসৰ সমলেৰে ‘মনোমতী’, ‘ৰঙ্গিলী’,‘দন্দুৱাদ্ৰোহ’,‘নিৰ্মল ভকত’,‘তাম্ৰেশ্বৰী মন্দিৰ’,‘ৰাধা-ৰুক্মিণীৰ ৰণ’,‘ৰহদৈ-লিগিৰী’ প্ৰভৃতি উপন্যাস লিখি ‘উপন্যাস সম্ৰাট’ খ্যাতি লভি আছে ৷ ইতিহাসৰ যিকোনো কাহিনীৰ ওপৰত আৰু সৃষ্টিশীল গদ্য হ’ব পাৰে ৷ পদ্মনাথ গোহাঞিবৰুৱা আৰু লক্ষ্মীনাথ বেজবৰুৱাই ইতিহাসত জিলিকি থকা জয়মতীৰ কাহিনীৰে ‘জয়মতী’ আৰু ‘জয়মতী কুঁৱৰী’ শীৰ্ষনামেৰে দুখন নাটক লিখিছিল ৷ দুয়োখন নাটক আজিও সমানেই উল্লেখযোগ্য ৷ উদাহৰণ আৰু অলেখ আছে ৷
৪) ৰূপান্তকৰণঃ
সময় আগবাঢ়িল৷ ন-ন সাহিত্যসম্ভাৰেৰে পৃথিৱীখন ভৰি পৰিল৷ ছপা আখৰেৰে নানান সাহিত্য প্ৰকাশ হ’ল ৷ এতিয়াৰ গ্ৰন্থৰ বুকুৰ পৰাই গ্ৰন্থৰ সৃষ্টি হয়৷ গল্পৰ পৰা নাটক৷ নাটকৰ পৰা উপন্যাস, উপন্যাসৰ পৰা চিনেমাৰ চিত্ৰ নাট্য৷ চিনেমাৰ চিত্ৰ নাট্যৰ পৰা উপন্যাস ৷ (‘সাগৰলৈ বহু দূৰ’ ছবিখন চাই উপন্যাস কৰিলে মনোৰম গগৈয়ে) ৷ কবিতাৰ পৰা নাটক (মমতাৰ চিঠি) ৷ গীতৰ পৰা নাটক (শৈশৱৰ ধেমালিতে) এতিয়া চকুৰ আগতে সাহিত্য সৃষ্টিৰ বাবে সহস্ৰ হাজাৰ পৃষ্ঠাৰ সমল আছে ৷ উৎস আছে ৷ এতিয়া হাতত কলম লৈ কিবা এটা লিখিব পাৰি ৷ এতিয়া লিখিবৰ বাবে প্লট বিচাৰি, কাহিনী বিচাৰি হাবাথুৰি খাব নালাগে ৷ বোলে নাটক লিখো – হাজাৰ হাজাৰ সুন্দৰ সুন্দৰ চুটিগল্প আছে ৷ আব্দুল মালিক, ভবেন্দ্ৰনাথ শইকীয়া, শীলভদ্ৰ, নগেন শইকীয়া, হোমেন বৰগোহাঞি, লক্ষ্মীনন্দন বৰা, মামনি ৰয়চম গোস্বামী,ৰীতা চৌধুৰী, অৰূপা পটংগীয়া কলিতা,অনুৰাধা শমাৰ্পূজাৰী, শামিষ্ঠা প্ৰীতম,অনামিকা বৰা, পংকজ দত্ত, সঞ্জীৱপল ডেকা …..আৰু বহুতৰ কিমানযে গল্প উপন্যাস আছে ৷ এতিয়া মাথো ভাবিলেই হ’ল ৷ হাতত থকা গল্প এটাক নিজৰ মতে এখন নাটক কৰিব পাৰি, নাটক এখনক উপন্যাস কৰিব পাৰি, উপন্যাস এখনক চিত্ৰনাট্য কৰিব পাৰি ৷
জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘ৰূপালীম’ নাটকৰ ৰূপালীম আৰু ইতিভেন চৰিত্ৰৰ আধাৰত অথবা ‘কাৰেঙৰ লিগিৰী’ নাটকৰ ‘শেৱালী’ চৰিত্ৰ আধাৰতো উপন্যাস লিখিব পাৰি৷ কবিতা লিখিবও পাৰি ৷ নতুনকৈ ভাবি নতুন সৃষ্টি কৰিবলৈ অসমীয়া সাহিত্য তথা বিশ্ব সাহিত্যত তেনেকুৱা অলেখ চৰিত্ৰ আছে৷ মাথো ভাবিব লাগে ৷
৫) অনুবাদকৰণঃ
অনুবাদো এক মহান সাহিত্য কৰ্ম ৷ বিশ্বৰ যিকোনো ভাষাৰ শ্ৰেষ্ঠ গ্ৰন্থ এখন নিজৰ ভাষালৈ অনুবাদ কৰাটো এক মহান সাহিত্য কৰ্ম ৷ একেদৰে আপোন ভাষাৰ শ্ৰেষ্ঠ গ্ৰন্থ এখনো বিশ্বৰ কোনোবা এটা ভাষালৈ অনুবাদ কৰাটোত একেধৰণেই মহৎ সাহিত্য কৰ্ম৷ সাহিত্য অকাডেমীয়েও অনুবাদক গুৰুত্ব প্ৰদান কৰিছে ৷ অসমৰ কেইবাগৰাকী অনুবাদকে ইতিমধ্যে সাহিত্য অকাডেমীৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ৷ ৰামায়ণ,মহাভাৰত,পুৰাণ,ভাগৱত আদিও অনুবাদ সাহিত্য ৷ ইতিমধ্যে অসমীয়া ভাষালৈ বিশ্বৰ বিভিন্ন ভাষাৰ বহুতো গ্ৰন্থ অনুবাদ হৈছে ৷ সেইদৰে অসমীয়া ভাষাৰ বহুতো গ্ৰন্থ বিভিন্ন ভাষালৈ অনুবাদ হৈছে ৷
৬) সংক্ষিপ্তকৰণঃ
সংক্ষিপ্তকৰণো অন্য এক সাহিত্য সৃষ্টি ৷ বিশাল আকাৰৰ বহুত গ্ৰন্থ এতিয়া সংক্ষিপ্ত ৰূপত প্ৰকাশ পাইছে ৷ বিশাল আকাৰৰ মহাভাৰত, ৰামায়ণৰ কাহিনী যেনেকৈ সংক্ষিপ্ত কৰি প্ৰকাশ কৰা হৈছে, ঠিক তেনেকৈয়ে বিশ্বৰ নানান উপন্যাস সংক্ষিপ্ত ৰূপত প্ৰকাশ হৈছে ৷ লিঅ’ টলষ্টয়ৰ ‘ৱাৰ এণ্ড পিছ’ (১৮৬৭-৬৯) উপন্যাসখন ৩৬৫ টা খণ্ডত ১২২৫ (১৩০০) পৃষ্ঠাত সম্পূৰ্ণ হৈছে ৷ য’ত ৯৬০৯০০০ টা চৰিত্ৰ আছে ৷ উপন্যাসখনৰ সংক্ষিপ্তকৰণ হৈছে ৷ সংক্ষিপ্তকৰণো এতিয়া সৃষ্টিশীল সাহিত্যৰ অন্য এক সমল ৰূপে স্বীকৃত হৈছে ৷ পৃথিৱীৰ বহুতো বিশাল আকাৰৰ উপন্যাস সংক্ষিপ্ত কৰি প্ৰকাশ কৰা হৈছে৷ সাম্প্ৰতিক সময়ৰ অসমীয়া ভাষাত থকা বৃহৎ কলেবৰৰ উপন্যাস যেনে- জয়ন্ত মাধৱ বৰাৰ ‘মৰিয়াহোলা’, ৰীতা চৌধুৰীৰ ‘মাকাম’, ধ্ৰুৱজ্যোতি বৰাৰ ‘আজাৰ’, জুৰী বৰা বৰগোহাঞিৰ ‘লিড’লাম’ প্ৰভৃতি লেখকৰ অনুমতি সাপেক্ষে সংক্ষিপ্ত কৰিব পাৰি ৷
৭) অভিনৱকৰণ বা গ্ৰন্থৰ সিদ্ধান্তৰে গ্ৰন্থঃ
প্ৰচলিত গল্প এটা বা প্ৰচলিত নাটক এখনক ইচ্ছা কৰিলে নতুন ৰূপত সজাব পাৰি ৷ উদাহৰণ স্বৰূপে- শ্বেক্সপীয়েৰৰ ‘অথেল”(Othello) নাটকখনকে লোৱা হওক৷ নাটকখনৰ মূল প্ৰতিপাদ্য বিষয়- প্ৰেম, ঈৰ্ষা, সন্দেহ আৰু তাৰ লগতে যোগ হৈছে প্ৰতাৰণা,প্ৰতিশোধ, ¸অনুশোচনা ইত্যাদি৷ নাটকখনি মূল চৰিত্ৰ তিনিটা-অথেল’ (Othello), ডেচডিমনা (Desdemona) আৰু ইয়াগ’ (Roderigo)৷ অথেলৰ ভাৰ্যা ডেচডিম’না ৷ ইয়াগ’ই কু অভিপ্ৰায়েৰে আৰু পৰিকল্পিতভাবে অথেলৰ মনত ডেচডিম’নাৰ প্ৰতি সন্দেহৰ ভাব জগাই তুলিলে ৷ অথেল’-এ সন্দেহৰ বশবতীৰ্ হৈ নিদোৰ্ষ ডেচডিম’নাক হত্যা কৰিলে ৷ নিদোৰ্ষ নিষ্পাপ ডেচডিম’নাৰ মৃত্যুত দৰ্শক-পাঠকৰ হৃদয় বিগলিত হয় ৷ চকু বাস্প ব্যাকুল হয় ৷
উইলিয়াম শ্বেক্সপীয়েৰৰ অথেল’ৰ কেইবাটাও আধুনিক অভিযোজন আৰু অভিনৱ (ইম্প্ৰভাইজড) সংস্কৰণ আছে৷ ইয়াৰে এটা অভিযোজন হৈছে প’লা ভ’গেলৰ (Paula Vogel) ‘ডেছডিম’না : এ প্লে এবাউট এ হেণ্ডকাৰৰ্চিফ’, (Desdemona: A play About a Handkerchief ) যিখন নাটকত ডেচডিম’নাক এগৰাকী জটিল আৰু আত্মবিশ্বাসী নাৰী হিচাপে উপস্থাপন কৰা হৈছে ৷ নাটকখন তিনিটা নাৰী চৰিত্ৰক লৈ ৰচনা কৰা হৈছে৷ য’ত নাৰী আৰু সামাজিক প্ৰত্যাশা, বৈবাহিক সম্পৰ্কৰ জটিলতা আদি বিষয়সমূহে আগস্থান পাইছে৷ উল্লেখ্য যে অথেল নাটকৰ কাহিনীৰ লগত ‘ৰুমাল’ৰ প্ৰসংঙ্গ জড়িত হৈ আছে ৷
‘অথেল’ৰ কাহিনীৰ মূল দৰ্শনকলৈ অৰ্ণা মুখোপাধ্যায়ৰ পৰিচালনাৰে নিৰ্মিত হৈছে ‘আথো’ (Athho) নামৰ বাংলা কথাছবি ৷ ‘আথো’ এক কথাত অথেলোৰ সমসাময়িক বাংলা অভিযোজন৷ ছবিখনে ক্লাছিক কাহিনীটোক আধুনিক পৰিৱেশলৈ স্থানান্তৰিত কৰিছে ৷ য’ত কাহিনীয়ে সমসাময়িক বাংলা সমাজৰ বিশ্বাস, আনুগত্য আৰু বিশ্বাসঘাতকতাৰ বিষয়বস্তুসমূহ অন্বেষণ কৰিছে ৷ ছবিখনত ঈৰ্ষা, সন্দেহ আদি বিষয়সমূহ কাহিনীৰ মাজত প্ৰতিফলিত হৈছে ৷ তাৰ মাজেৰেই শ্বেক্সপীয়েৰৰ মৌলিক ৰচনাৰ সাৰমৰ্মৰ সত্যতা ৰক্ষা কৰিছে ৷
‘অথেল’ৰ নাটকৰ ভিত্তিত কেনি লিঅ’নৰ (Kenny Leon) নাট্য অভিযোজনাই সম্প্ৰতি আড়োলন সৃষ্টি কৰিছে ৷ টনি বঁটা বিজয়ী কেনি লিঅ’নে শ্বেইক্সপীয়েৰৰ ‘অথেল’ নাটকখনিৰ সকলো বৈশিষ্ট্য আৰু যুগজয়ী সংলাপসমূহ একে ৰাখি সাম্প্ৰতিক যুগৰ লগত খাপ খোৱাকৈ সজাইছে ৷ নাটকখনে দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিছে ৷ যোৱা চাৰিটা দশক জুৰি নাটকখন মঞ্চস্থ হৈ আছে৷ সম্প্ৰতি ৱাছিংটনত (Washington) ব্ৰডৱে প্ৰডাকচন (Broadway Production] বেনাৰত ২০২৫ বৰ্ষৰ বাবে ২৫ ফেব্ৰুৱাৰীৰ পৰা ১৫ সপ্তাহলৈ পুনৰ মঞ্চস্থৰ সকলো ব্যৱস্থা পূৰ্ণ হৈছে ৷
অভিনৱকৰণৰ আন এটি উল্লেখযোগা উদাহৰণ হ’ল- ইবচেনৰ ‘এ ডলছ্ হাউচ’ ( A Doll’s House) নাটক ৷ হেনৰিক ইবচেনে (Henrik Ibsen) ‘এ ডলছ হাউচ’ নাটকখনি ১৮৭৯ চনত লিখিছিল ৷ নাটকখনি ডেনমাৰ্কৰ ক’পেনহাগেনত (Copenhagen) অৱস্থিত ৰয়েল থিয়েটাৰ হলত (Royal Theatre) ১৮৭৯ চনৰ ২১ ডিচেম্বৰত প্ৰথম মঞ্চস্থ হৈছিল ৷ নাটকখনিৰ মূল চৰিত্ৰ হৈছে- ন’ৰা হেলমাৰ (Nora Helmer) ৷ তেওঁৰ স্বামী টৰভাল্ড হেলমাৰ (Thorvald Helmer) আৰু খলনায়ক ক্ৰ’গষ্টাড (Krogstad) ৷ ন’ৰাই পৰিয়ালৰ সুবিধাৰ বাবে বেংকৰ পৰা গোপনীয় ঋণ লৈছিল৷ সেই গোপনীয় ঋণৰ কথা ক্ৰ’গষ্টাডে জানিছিল ৷ ক্ৰ’গষ্টাডে ন’ৰাৰ পৰিয়ালক তাৰে আলম লৈ অশান্তি কৰিবলৈ ধৰিলে ৷ ন’ৰাৰ স্বামীয়েও তেওঁক ভৰ্ৎসনা কৰিলে ৷ ন’ৰাই স্বামীৰ পৰা তেনে ব্যৱহাৰ আশা কৰা নাছিল ৷ বিবাহিত জীৱনৰ আৰম্ভণিৰে পৰা ন’ৰাই স্বামীৰ পৰা পাব লগা কোনো সদাচাৰ পোৱা নাছিল ৷ অৱশেষত ন’ৰাই দাম্পত্য-জীৱনৰ ওপৰত বীতশ্ৰদ্ধ হৈ নিজৰ সন্তান আৰু স্বামীক পৰিত্যাগ কৰি গৃহ-ত্যাগ কৰিলে ৷ এয়া নাটকৰ চমু কাহিনী ৷ সেই সময়ত বিবাহিত পত্নীয়ে স্বামীৰ গৃহ এৰি যোৱাৰ দৰে প্ৰত্যাহ্বান, প্ৰচলিত সমাজ ব্যৱস্থাত গ্ৰহনযোগ্য নাছিল ৷ ‘এ ডলছ হাউচ’ নাটকৰ নায়িকা নোৰাই স্বাধীন মনেৰে ভাগ্যৰ সন্ধানত ওলাই যোৱাতেই নাটকৰ যৱনিকা পৰিছে ৷ কিন্তু ‘নোৰাই নিজৰ স্বামীক এৰি যোৱাৰ পিছত কি হ’ল’ তাৰ ওপৰত ভিত্তি কৰি অষ্ট্ৰিয়াৰ নাট্যকাৰ এলফ্ৰিড জেলিনেকৰ (Elfried Jelinek) ‘নোৰাই নিজৰ স্বামীক এৰি যোৱাৰ পিছত কি হ’ল; বা, ‘সমাজৰ স্তম্ভ’ নাটক নাটক ৰচনা কৰিছে ৷ সেই নাটকখনত নোৰাৰ ঘৰ এৰাৰ পাছত তেওঁ সন্মুখীন হোৱা সমাজিক আৰু ব্যক্তিগত প্ৰত্যাহ্বান সমূহ স্থান পাইছে৷ ইয়াৰ উপৰি চীনা লেখক লু ছুনে (Lu Xun) ১৯২৩ চনত ‘নোৰা ঘৰ এৰি যোৱাৰ পিছত কি হ’ল ? শীৰ্ষক এটি ভাষণ প্ৰদান কৰিছিল, য’ত তেওঁ নোৰাৰ গৃহ ত্যাগৰ সিদ্ধান্ত আৰু চীনা সমাজৰ ইয়াৰ প্ৰভাৱ কি হ’ব পাৰে তাৰ এটি নিৰ্মোহ বিশ্লেষণ আগবঢ়াইছে ৷
হেনৰিক ইবচেনৰ ‘ডলছ হাউছ’ নাটকখন পৃথিৱী I বিখ্যাত লেখিকা ৱেনডে ছ্যাল’য়ে (Wendy Swallow) ২০০৭ চনত ৰচনা কৰে Searching for Nora: A Novel After the Doll’s House নামৰ বিশ্ব-বিখ্যাত উপন্যাস ৷ অথাৰ্ৎ গ্ৰন্থ অধ্যয়নৰ সিদ্ধান্তৰেও গ্ৰন্থ লিখিব পাৰি ৷ সেয়াও হ’ব সৃষ্টিমূলক লেখা ৷ শেহতীয়াকৈ পেনেলোপ কাৰ্টিছে (Penelope Curtis) ২০২৪ চনৰ এপ্ৰিল মাহত প্ৰকাশিত ‘আফটাৰ নোৰা’ (After Nora) নামৰ এখন উপন্যাস লিখিছে ৷ এই গ্ৰন্থখনে তিনিটা প্ৰজন্মক সামৰি লৈছে, য’ত নোৰা হেলমাৰে প্ৰথম স্বামীৰ সৈতে বিবাহ বিচ্ছেদ কৰাৰ পিছত কলাত্মকভাবে ৰাজনৈতিক অভিজাত শ্ৰেণীৰ মাজত জীৱনৰ সন্ধান কৰিছে তাৰ আলমতে কাহিনী আগবাঢ়িছে ৷ এই ৰচনাসমূহে স্বামী গৃহ ত্যগ কৰা নোৰাৰ বৈচিত্ৰ্যপূৰ্ণ জীৱন-যাত্ৰাৰ সৰস বৰ্ণনা কৰিছে৷ প্ৰত্যেক ৰচনাই কিন্তু ইবচেনৰ মূল নোৰাক কেন্দ্ৰ কৰিয়ে সৃষ্টি হৈছে ৷
ইচ্ছা কৰিলে ‘বুঢ়ী আইৰ সাধু’ৰ সাধুসমূহ নতুন দৃষ্টিৰে নতুন ৰূপত সজাব পাৰি ৷ সেই যে ‘কাউৰী আৰু শিয়ালৰ সাধু’টো – শিয়ালে বোলে ‘কাউৰীবাই তোমাৰ মাতটো বৰ ধুনীয়া, গান এটা গোৱাচোন’ ৷ কাউৰীয়ে কা কৰি দিওঁতে মুখৰ মঙহ টুকুৰা সৰি পৰিল ৷ ধূৰ্ত শিয়ালে নিজৰ আহাৰ কৰিলে ৷ এতিয়া কিন্তু কাউৰীক শিয়ালে গান এটা গাবলৈ কোৱাত কাউৰীয়ে মুখৰ মঙহটুকুৰা গছৰ ডাল এটাত থৈ ক’লে – ‘মই আগৰ গল্পটো জানো নহয় ৷’
খৰিকটিয়া আৰু সোণৰ কুঠাৰ সাধুটোৰো অভিনৱকৰণ কৰা হৈছে ৷
জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘ৰূপালীম’ নাটকৰ কেৱল ‘ৰূপালীম’, ‘ইতিভেন’,‘মায়াব’আৰু ‘মণিমুগ্ধ’ ¸ চৰিত্ৰৰ আধাৰত নতুন এখন নাটক সৃষ্টি কৰিব পাৰি ৷ ‘কাৰেঙৰ লিগিৰী’ নাটকৰ ‘শেৱালী’ চৰিত্ৰ আধাৰতো বা ‘শোণিত কুঁৱৰী’ নাটকৰ ‘চিত্ৰলেখা’ চৰিত্ৰক আনধৰণে সজাব পাৰি ৷
৮) জীৱনীভিত্তিক সাহিত্যঃ (জীৱনীমূলক উপন্যাস)
পৃথিৱীৰ বিভিন্ন ক্ষেত্ৰত শ্ৰেষ্ঠ মহান পুৰুষসকলৰ জীৱনীৰ আধাৰত নাটক, উপন্যাস সৃষ্টি হ’ব পাৰে৷ বীৰেন্দ্ৰ কুমাৰ ভট্টাচায্যৰ্ৰ কবিতা ‘বিষ্ণুৰাভা এতিয়া কিমান ৰাতি’ দৰে কবিতাও সৃষ্টি হ’ব পাৰে বা যিকোনো ৰচনা সৃষ্টি হ’ব পাৰে ৷ ইতিমধ্যে অসমত শংকৰদেৱ, মাধৱদেৱ, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনীৰ আধাৰত উপন্যাস সৃষ্টি হৈছে ৷ শংকৰদেৱ আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনীৰ আধাৰত নাটক লিখা হৈছে ৷ চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জীৱনৰ আধাৰত নিৰুপমা বৰগোহাঞিয়ে ‘অভিযাত্ৰী’ উপন্যাস ৰচনা কৰিছে ৷ ভূপেন হাজৰিকাৰ জীৱনক লৈ বেলেগ বেলেগ দৃষ্টিভংগীৰে কেইবাখনো উপন্যাস হ’ব পাৰে৷ ইতিমধ্যে ভূপেন হাজৰিকাৰ জীৱনৰ ওপৰত উপন্যাস ৰচনা হৈছে ৷ ৰচনাও হৈছে ৷ তাৰ বাবে কল্পনা ল’জমীৰ ২৮০ পৃষ্ঠাৰ ‘ভূপেন হাজৰিকা এজ আই নিউ হিম’ বা স্তুতি পেটেলৰ ৬৪৬ পৃষ্ঠাৰ ‘যাযাবৰী ভূপেন হাজৰিকা’ বা সূয্য হাজৰিকা অনুলিখিত ৫৩০ পৃষ্ঠাৰ ‘মই এটি যাযাবৰ’ আদি গ্ৰন্থসমূহ প্ৰাথমিক সমল গ্ৰন্থ হ’ব পাৰে ৷ জীৱনীভিত্তিক সাহিত্যৰ আন এটি ব্যতিক্ৰম উদাহৰণ হ’ল নাট্যকাৰ নাট-পৰিচালৰ শুক্ৰাচাৰ্য ৰাভাৰ আত্মজীৱনী লিখিছে নীলোৎপল বৰুৱাই ৷ য’ত নীলোৎপল বৰুৱাই ‘প্ৰথম-পুৰুষ’¸ত শুক্ৰাচাৰ্য ৰাভাৰ জীৱন কথা কৈছে ৷ পঢ়িলে এনেকুৱা লাগে যেন জীৱনীখন শুক্ৰাচৰ্য ৰাভাইহে লিখিছে ৷ গ্ৰন্থখনৰ নাম ‘শুক্ৰাচাৰ্য ৰাভাঃ যাত্ৰা আৰু মাত্ৰা’ ৷
৯)মহৎলোকৰ জীৱনী বা জীৱনৰ বিভিন্ন অভিজ্ঞতাৰ দুখৰীয়া ছবি বা জীৱন পথত লগ পোৱা মানুহকলৈ
সৃষ্টিশীল লিখনিঃ
কেতিয়াবা মহৎ মানুহৰ জীৱনীও সৃষ্টিশীল লিখনি হ’ব পাৰে৷ যুগল দাসৰ ‘বিষ্ণুৰাভা এতিয়া কিমান ৰাতি’ তেনে সাহিত্যৰ এটি সাৰ্থক উদাহৰণ ৷ কেতিয়াবা নিজৰ জীৱন কাহিনীৰ ভিত্তিত গল্প-উপন্যাসো লিখা হয় ৷ কেতিয়াবা জীৱনৰ খলাবমাত সন্মুখীন হোৱা অভিজ্ঞতাসমূহো সাহিত্য হ’ব পাৰে ৷ কেতিয়াবা জীৱন পথত লগ পোৱা মানুহক লৈয়ো অলেখ কাহিনীৰ সৃষ্টি হয় ৷ উদাহৰণ – লক্ষ্যধৰ চৌধুৰীৰ ‘মানুহ বিচাৰি’ নামৰ গ্ৰন্থখন য’ত লক্ষ্যধৰ চৌধুৰীয়ে জীৱন পথত লগ পোৱা অলেখ অখ্যাত মানুহৰ কাহিনী দাঙি ধৰিছে ৷ কেতিয়াবা মহৎলোকৰ বা কোনো অখ্যাতলোকৰ জীৱনীও উপন্যাস হ’ব পাৰে ৷ মানুহৰ জীৱনটো কেইবাখনো নিলিখা উপন্যাস বা বহুতো নিলিখা গল্পৰ সমষ্টি ৷
১০) বাতৰি কাকতত প্ৰকাশিত কাহিনীঃ
বাতৰি কাকতৰ প্ৰকাশিত বিভিন্ন কিছুমান হূদয় বিদাৰক খবৰ সৃষ্টিশীল সাহিত্যৰ উৎস হ’ব পাৰে ৷ সেই যে ‘প্ৰিয়া বসুমতাৰী ’৷ সেই যে মানুহক নিমন্ত্ৰণ কৰি আনি মানুহৰ সন্মুখতে সন্ত্ৰাসবাদীয়ে ‘প্ৰিয়া বসুমতাৰী’ক হত্যা কৰিছিল ৷ সেই যে সন্ত্ৰাসবাদীৰ ছবি আৰু প্ৰিয়া বসুমতাৰীৰ ছবি বাতৰি কাকতত ওলাইছিল ৷ সেই যে দুদিনৰ পাচত প্ৰতিবাদী কণ্ঠেৰে মানুহ ৰাজপথলৈ ওলাই আহিছিল ৷ সেয়াও সৃষ্টিশীল সাহিত্যৰ বাবে সমল হ’ব পাৰে ৷ এই যে মাজুলীৰ অতি দুখীয়া পৰিয়াল এটিৰ ন.ৱদ্বীপ নামৰ সাত বছৰীয়া অসুখীয়া ল’ৰাজন ৷ ডিব্ৰুগড়,গুৱাহাটীত চিকিৎসাৰ সুবিধা নোহোৱাৰ বাবে ঘৰৰ হালবোৱা গৰু বিক্ৰী কৰি, মাটি বন্ধকত দি, ককাই ভাইৰ পৰাও টকা গোটাই মুঠতে দুইলাখৰ অধিক টকা সংগ্ৰহ কৰি লকডাউনৰ আগে আগে চেন্নাইলৈ গৈছিল ৷ এইযে অপাৰেশ্বনৰ দিন-বাৰো যে ঠিক হৈছিল ৷ কিন্তু হঠাৎ লকডাউন হোৱাৰ বাবে সকলো ওলট-পালট হ’ল ৷ অপাৰেশ্বন নহ’ল ৷ ৰেল যাত্ৰ বন্ধ হ’ল ৷ অ’ত ত‘ত থাকোতে হাতত নিয়া টকা শেষ ৷ কোনোমতে মাজুলী পালেহি ৷ এই বাতৰিটোৰ লগত কিমান যে আবেগ, অনুভূতি, দুখ-ভাগৰ, অনিশ্বয়তাত জড়িত হৈ আছে ৷ সিবোৰ কোনো সৃষ্টিশীল লিখনিৰ সমল হ’ব পাৰে ৷ আৰু এটা মনোৰম খবৰ ৷ ‘দাম্পত্য জীৱনৰ মনোমালিন্যৰ এক অদ্ভূত ব্যতিক্ৰমী খবৰ ৷ ঘটনাটো উত্তৰ প্ৰদেশৰ চম্বল জিলাৰ ৷ কিছুদিনৰ পূবেৰ্ পত্নীয়ে বিবাহ বিচ্চেদ বিচাৰি ছৰিয়ত আদালতত গোচৰ তৰে ৷ ডেৰ বছৰৰ আগতে বিবাহ পাশত আবদ্ধ হোৱা পত্নীৰ অভিযোগ হ’ল স্বামীয়ে হেনো তেওঁক অত্যন্ত মৰম কৰে ৷ স্বামীয়ে তেওঁৰ প্ৰতিটো কথাই মানি লয় ৷ স্বামীৰ বিৰোদ্ধে কোনো কথাতে অভিযোগ কৰাৰ সুযোগ নাপায় ৷ পত্নীয়ে ভাবে- স্বামীয়ে তেওঁৰ লগত কাজিয়া-পেছাল কৰক ৷ পত্নীৰ অভিযোগ, তেওঁ কিবা ভুল কৰিলেও স্বামীয়ে লগে লগে ক্ষমা কৰি দিয়ে ৷ সেইকাৰণে পত্নীৰ অভিমান বা তকা-তৰ্কি কৰাৰ কোনো সুযোগ নাথাকে ৷ সেইকাৰণে তেওঁ বিৰক্ত আৰু অতীষ্ঠ হৈছে ৷ ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ বাবে পত্নীয়ে প্ৰথমে পঞ্চায়তত গোচৰ দিয়ে ৷ পঞ্চয়তে একো সমাধান দিব নোৱাৰাৰ বাবে ছৰিয়ত আদালতৰ ওচৰ চাপে ৷ আদালতত স্বমীয়ে কয়-‘তেওঁ এজন আদৰ্শ স্বামী হোৱাৰ স্বাৰ্থতেই সদায় পত্নীক মধুৰ ব্যৱহাৰ কৰে ’ ৷ আদালতে আপোচ মীমাংসাৰে বিষয়টো সমাধান কৰি বিবাহ বিচ্চেদ খাৰিজ কৰে ৷ ( প্ৰান্তিকঃ প্ৰান্তীয় সংবাদঃ ১৬-২০ ছেপ্তেম্বৰ ২০২০)
১১) ক্ষেত্ৰ অধ্যয়নঃ
কোনো এখন বিশেষ ঠাইত কেইদিনমান থাকিলে, সেই ঠাইখনৰ মানুহৰ লগত কথা পাতিলে, লিখাৰ অলেখ সমল পোৱা যায়৷ চাইকেল ভাল কৰা দোকান, মটৰ চাইকেল ভাল কৰা গেৰেজ, নাচিংহোম বা হাস্পাতালৰ বাৰান্দা, কলেজ কেন্টিনৰ ফেৰীঘাট, মাছৰ বজাৰ, ৰেলৱে ষ্টেশ্বন, বাচ-আস্থান, হাইৱে-ধাবা,আৰক্ষী-থানা,ক’ৰ্ট-কাছাৰীৰ বাৰান্দা , যিকোনো চৰকাৰী কাযাৰ্লয়ৰ বাহিৰ-ভিতৰ (যেনে- শিক্ষা বিভাগ,গড়কাপ্তানি বিভাগ,জলসম্পদ বিভাগ, সচিবালয়,পাৰপত্ৰ বিভাগ, চক্ৰ বিষয়াৰ কাৰ্যালয় ইত্যাদি), বিহুতলী বা তেনেকুৱা জনাসমাবেশৰ ঠাইসমূহত বহি কথা পাতিলে বা মানুহবোৰৰ আলেখ-লেখ চাই থাকিলে লিখিবলৈ অলেখ সমল পোৱা যায় ৷ লক্ষ্মীনন্দন বৰাৰ ‘গণেশগুৰি’ বা ৰীতা চৌধুৰীৰ ‘মাকাম’ উপন্যাস ক্ষেত্ৰ অধ্যয়নৰ অন্য এক শ্ৰেষ্ঠ উদাহৰণ ৷ উদাহৰণ অলেখ আছে ৷
১২] জীৱনৰ উপলব্ধি ঃ ৷ ‘আত্ম-উপলব্ধিৰ প্ৰথম বিন্দু কোনো এটা ঘটনাৰ পৰিসমাপ্তি; অথবা ঘটনা অনুক্ৰমৰ কোনো এটা বিশেষ বিন্দু ৷’ যদি এক নম্বৰ বিন্দুত ঘটনা এটা আৰম্ভ হৈ দহ নম্বৰ বিন্দুত শেষ হয়, তেন্তে আত্ম-উপলব্ধি হ’ব দহ নম্বৰ বিন্দুত ৷ তেতিয়া কিন্তু প্ৰথম বিন্দুলৈ ঘূৰি যোৱাৰ সুযোগ থাকিব নালাগিব বা নোৱাৰে ৷ যদি পাৰে আত্ম-উপলব্ধি নহয় ৷ ধৰাহওক-দুজন প্ৰেমিক-প্ৰেমিকাই জীৱনত দহবাৰ সান্নিধ্য লভাৰ সুযোগ লাভ কৰিলে…৷ সেই যে দহবাৰ লগ পালে, সেই দহটা বিন্দু ৷ ঘটনাৰ পৰিসমাপ্তি দহ নম্বৰ বিন্দুত ৷ দহ নম্বৰ বিন্দুত প্ৰেমিকে অনুভৱ কৰিলে – ক’ৰবাত সিহঁতৰ অংক ভুল হ’ল ৷ বিচ্ছেদ অনিবাৰ্য ৷ প্ৰেমিক যদি প্ৰথম বিন্দুলৈ ঘূৰি যাব নোৱাৰে, তেন্তে আত্ম-উপলব্ধি নহ’ব ৷ ঘটনা এটাৰ শেষ বিন্দুতহে আত্ম-উপলব্ধি হয়, অনুশোচনা হয় ৷ কোনো এটা ঘটনাৰ পৰিসমাপ্তিত জীৱনে কিবা এটা শিকে, কিবা এটা বুজে ৷ শিকি বুজি উপলদ্ধি কৰে ৷ সেই উপলদ্ধিকে অভিজ্ঞতা বোলা হয় ৷ মানুহে জীৱনত বহু ঘাত-প্ৰতিঘাতৰ সন্মুখিন হয় ৷ বহুতো অভিজ্ঞতা লাভ কৰে ৷ নানা ধৰণে উপলব্ধি কৰে ৷ সেই অভিজ্ঞতাসমূহ সৃষ্টিশীল লিখনিৰ একোটা সমল হ’ব পাৰে ৷
১৩] ছাট জিপিটি (CHAT GPT) ঃ সম্প্ৰতি ছাট জিপিটি নামটো কাৰো বাবে আচহুৱা নহয় যেন অনুভৱ হয় ৷ মোবাইল ফোন বা কম্পিউটাৰত এই চফ্টৱেৰটোৰ ব্যৱস্থা কৰি ল’ব পাৰি ৷ ছাট জিপিটিয়ে যি কোনো প্ৰশ্নৰ উত্তৰ দিব পাৰে ৷ এয়া কৃত্ৰিম বুদ্ধিমত্তাৰ (Artificial Intelligence) (AI) বাহাদুৰি ৷ যাক চমুকৈ এ আই. বোলা হয় ৷ আমি এদিন ছাট জিপিটিক ক’লো-‘মোক এখন উপন্যাস লিখিবলৈ এটা প্লট লাগে’ ৷ আধা মিনিট হ’ল কি নহ’ল প্লট আহি চকুৰ আগত জিলিকি উঠিল ৷ চাওকচোন কাহিনীটো-
উপন্যাসৰ নামঃ প্ৰত্যাৱৰ্তনঃ
ৰিয়া এগৰাকী শিক্ষিত ছোৱালী ৷ তেওঁৰ অভিজিতৰ লগত আন্তৰিকতা গঢ়ি. উঠিছিল ৷ দুয়ো কলেজত একেলগে পঢ়িছিল ৷ কলেজৰ শিক্ষা শেষ কৰাৰ পাছত অভিজিতে বেংকত চাকৰি পালে ৷ এদিন অভিজিতৰ লগত ৰিয়াৰ বিয়া হয় ৷ ৰিয়া হৈ পৰে এখন সৰু গাঁৱৰ এগৰাকী সাধাৰণ গৃহিণী ৷ বিবাহৰ পাছত তেওঁ নিজৰ জীৱনটোক সম্পূৰ্ণভাৱে নিজৰ পতি অভিজিত আৰু পৰিয়ালৰ বাবে উছৰ্গা কৰিছিল ৷ কিন্তু সময়ৰ লগে লগে ৰিয়াই লক্ষ্য কৰে যে অভিজিতৰ আচৰণ পৰিৱৰ্তিত হৈছে ৷ তেওঁ প্ৰথম অৱস্থাত একো বুজিব পৰা নাছিল ৷ কিন্তু এটা সময়ত গম পায় যে অভিজিতে তেওঁৰ সকলো বিশ্বাস ভাঙি আন এগৰাকী গাভৰুৰ সৈতে সম্পৰ্ক গঢ়ি তুলিছে৷
এদিন ৰিয়াই গম পোৱা খবৰটোৰ প্ৰমাণো পালে ৷ ৰিয়া কিন্তু দুখত ভাগি নপৰিল ৷ তেওঁৰ আত্মসন্মান আৰু মানসিক দৃঢ়তাই তেওঁক কান্দিবলৈ বা প্ৰতিশোধ ল’বলৈ উৎসাহিত নকৰিলে, বৰঞ্চ তেওঁ এই ঘটনাক নিজৰ জীৱনৰ এটি প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিবলৈ সংকল্প কৰিলে ৷ তেওঁ সিদ্ধান্ত ল’লে যে- তেওঁ অভিজিতক এৰি যাব ৷ জীৱনটো নতুনকৈ আৰম্ভ কৰিব৷ নিজৰবাবে কিবা এটা উপাৰ্জনৰ পথ উলিয়াব ৷ সুবিধা পালে আৰু অধ্যয়ন কৰিব ৷ জীৱনৰ এই জটিল সন্ধিক্ষণত ৰিয়াই তেওঁৰ অতি বিশ্বস্ত বান্ধবী মমতালৈ মনত পৰিল ৷ বহুতৰ লগত কথা পাতি মমতাৰ ঠিকনা বিচাৰি উলিয়ালে ৷ মমতা নগৰত থাকে ৷ মমতাৰ ঘৰলৈ ৰিয়াৰ ঘৰৰ পৰা মাথো দুঘন্টাৰ বাট ৷
গাঁৱৰ বহুতো লোকে ৰিয়াক সমাজৰ নিয়ম-নীতিৰ কথা কৈ, পতিৰ ঘৰ এৰি নাযাবলৈ উপদেশ দিযে; কিন্তু তেওঁ নিজৰ ওপৰত বিশ্বাস ৰাখি, তেওঁৰ বান্ধবী মমতাই বাস কৰা নগৰখনলৈ গুছি যায় ৷ মমতাক ৰিয়াই সকলো কথা মুকলিকৈ ক’লে ৷ মমতাই অতি আন্তৰিকতাৰে ৰিয়াৰ মৰ্মকথা শুনিলে ৷ মমতাৰ সহায়ত প্ৰথমে তেওঁ মানুহৰ ঘৰে ঘৰে কাম কৰি উপাৰ্জনৰ পথ উলিয়াল ৷ তাৰ পাছত পুৱাবেলা পদপথত চাহ-ৰুটিৰ দোকান দি স্বাবলম্বী হৈ পৰি নিজৰ বাবে এটি ভাড়াঘৰো ঠিক কৰিলে ৷ ইতিমধ্যে অভিজিতে দ্বিতীয় বিবাহ কৰালে ৷ আইন মতে ৰিয়াৰ লগত বিবাহ-বিচ্চেদো কৰিলে ৷
ৰিয়াই এজন উকীলৰ ঘৰত কাম কৰিছিল ৷ তেওঁ তাতে ওকালতি পIঢ়ৰ সিদ্ধান্ত লয় ৷ উকীল গৰাকীৰ সহায়ত তেওঁ আইন মহাবিদ্যালয়ত নাম লিখায় ৷ এদিন ‘আইন’ৰ ডিগ্ৰী লয় ৷ দুই তিনি বছৰ কঠোৰ পৰিশ্ৰমৰ পাছত, তেওঁ এগৰাকী প্ৰসিদ্ধ উকীল হয় আৰু সমাজিক ন্যায় আৰু নাৰীৰ অধিকাৰৰ বাবে কাম কৰিবলৈ লয় ৷ তাৰ মাজতে তেওঁ সমাজৰ নানান কামত নিজকে আত্ম নিয়োগ কৰে ৷ য’ত তেওঁ নিজৰ পৰিচয় নতুনকৈ গঢ়িবলৈ সক্ষম হ’ল ৷
এদিন, অভিজিত এটি আইনী সমস্যাত পৰে আৰু ঘটনাক্ৰমে সহায় বিচাৰি ৰিয়াৰ ওচৰলৈ আহিব লগা হয় ৷ কিন্তু এতিয়া ৰিয়া আগৰ দুখীয়া, অবলা গৃহিণী নহয় ৷ তেওঁ আত্মবিশ্বাসেৰে অভিজিতৰ চকুত চকু মিলাই কয়, ‘তুমি মোৰ জীৱনত থকা এটি কঠিন পাঠ আছিলা, কিন্তু মই সেই পাঠটো শিকি আগবািঢ়িছোঁ ৷ আজি মই কেৱল এগৰাকী উকীল নহয়, মই মোৰ নিজৰ জীৱন আৰু ন্যায়ৰ বাবে লোৱা সিদ্ধান্তৰ গৌৰৱান্বিত প্ৰতীক’৷
ৰিয়াক অভিজিতে কৰা প্ৰতাৰণাৰ প্ৰতিশোধ তেওঁ নল’লে ৷ বৰঞ্চ অভিজিতক ন্যায় প্ৰদান কৰাত সহায় কৰিলে ৷
মূলভাবঃ
কাহিনীটো সামাজিক উপন্যাসৰ ধাৰাত পৰে, য’ত উপন্যাসৰ ‘নায়িকা’ই প্ৰতাৰণা বা সামাজিক বঞ্চনাক এটা প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰি শিক্ষাৰ জৰিয়তে নিজকে প্ৰতিষ্ঠা কৰিলে আৰু সমাজৰ বাবে এগৰাকী আদৰ্শৰ প্ৰতীক হৈ ৰ’ল ৷
এনে ধৰণৰ কাহিনী ক’ৰবাত আছে যদিও নাজানো ৷ কিন্তু আধা মিনিটত মোৰ চকুৰ আগত জিলিকি উঠিল ৷ কাহিনীটো নিচেই সাধাৰণ ৷ মই পিছে ব্যক্তিগতভাবে ছাট-জিপিটিৰ আশ্ৰয় লোৱাৰ পক্ষপাতি নহয় ৷
লেখকৰ জীৱন দৰ্শনঃ
লেখকসকলে শব্দৰ মালা গাঁঠি সাধাৰণ কথা এটিকে অসাধাৰণভাবে সজাই তুলিব পাৰে ৷ কাহিনী কোৱাৰ চলেৰে লেখকে জীৱনৰ অনেক দৰ্শন, অনেক লুকাভাকু, অনেক সাঁথৰ, অলেখ মেৰপেচৰ এখন অনিবৰ্চনীয় মায়াজাল পাতে ৷ লেখকে কাহিনীৰ মাজৰে জীৱনৰ অনেক জটিল সন্ধিক্ষণৰ আৰু পোৱা-নোপোৱাৰ দোমোজাৰ, অনেক বিশ্লেষণ আৰু ব্যখ্যা আগবঢ়য় ৷ লেখকে এটা ঘটনাৰ আঁৰত থকা সম্ভৱপৰ সকলো কাৰক ফঁহিয়াই চাব জানে ৷ আচলতে কিছুমান ঘটনা বহুমাত্ৰিক কাৰণত ঘটে ৷ নিচেই সামান্য আৰু সৰু উদাহৰণ এটি দিওঁ ৷ ধৰক- আপোনাৰ ওচৰলৈ কোনোবা এগৰাকী তিনি বজাত পোৱাকৈ অহাৰ কথা আছিল ৷ আপুনি বাট চাই আছে ৷ পিছে নাহিল ৷ আপুনি চাৰি বজালৈকে বাট চালে ৷ বন্ধ³জন নাহে বুলি ফোন এটাও নাপালে ৷ তাৰ পাছত মুখৰ পৰা ওলাই আহিল-‘ধেৎ, কি মানুহ হে, এনেকৈ ঠগিব লাগেনে’ ৷ লেখকে কিন্তু কেৱল তেনেকৈ নাভাবে ৷ তেওঁ বন্ধ³জন নহাৰ কি কি সাম্ভাব্য কাৰণ হ’ব পাৰে, মনৰ মাজত আওঁৰাব ৷ এক- কিবা এটা দিগদাৰ হ’ল চাগে৷ ঘৰলৈ কোনোবা বিশেষ আলহীও আহিব পাৰে ৷ ঘৰত কাৰোবাৰ অসুখ-বিসুখ হ’লনেকি ? নে ওচৰৰ কাৰোবাৰ লগত হাস্পাতাললৈ যাব লগা হ’ল ৷ আহি থাকোতে বাটত কিবা ঘটনা-টটনা ঘটিল নেকি ? ক’ৰবাত যদি পৰি আছে ৷ ছেহ্, ভাল কথাবোৰ হ’ল ৷ নে তেওঁ নিজেই কিবা কাৰণত হাস্পাতাললৈ যাব লগা হ’ল ৷ আজিকালি কাৰ কেতিয়া ক’ত কি হয় কোনে জানে, ফোন এটাটো কৰিব পাৰে, নাই ফোনটো এৰি তেওঁ হাস্পাতাললৈ যাব লগা হ’ল, নহয়, ফোনটোত বেটাৰী নাইকিয়া হ’ল ৷ আনৰ ফোনৰ পৰাটো কৰিব পাৰে ৷ নাই, আজিকালি ফোন নম্বৰ মুখস্থ নাথাকে, নে ফোনটো বেয়া হৈ গ’ল, ইমানবোৰ ভাবি থকাতকৈ দেখোন মই নিজেই ফোন এটা কৰিব পাৰো, কি দৰকাৰ ইমানবোৰ চিন্তা কৰি থকাৰ,ফোনৰ ডায়েল কৰে৷ উউউউ ফোনৰ চুইটছ অফ্, সেয়া মই জানিছিলোৱে তেওঁৰ ফোনটো বেয়া হৈছে , নিৰাশাবাদী বা কোনো কথা গভীৰ ভাবে চিন্তা নকৰা মানুহে ভাবিব-‘ছাল্লা, গাদ্দাৰি দেখিছা ৷ কোনটোকে অফ কৰি থৈছে , ইয়াৰ লগত ৰিস্তা খটম’ ৷ এই গোটেই কথাবোৰ (মানে ‘আশাবাদী মানুহ বা নিৰাশাবাদী মানুহ’ৰ কেনেকুৱা চিন্তা) কেৱল লেখকেহে শৃংখলিতভাবে ভাবিব পাৰে ৷ সেই কাৰণে কাহিনী এটা যিমান গুৰুত্বপূৰ্ণ তাৰ উপস্থাপন শৈলীও সিমান গুৰুত্বপূৰ্ণ ৷ মাটিৰ প্ৰতিমা এখন শিল্পীৰ হাতৰ ৰং আৰু তুলিকাৰ পৰশত যেনেকৈ প্ৰাণ পায় উঠে তেনেকৈ কাহিনী এটিয়েও লেখকৰ অভিজ্ঞতা, অধ্যযন, জীৱনক ওচৰৰ পৰা জুমি চোৱাৰ সামৰ্থ্য ইত্যাদিৰ ভেটিত প্ৰাণ পাই উঠে ৷ কিন্তু তাতো এটি কথা, গেলা মাংসত যেনেকৈ অনেক সুস্বাদু ব্যঞ্জনেও সোৱাদ সৃষ্টি কৰিব নোৱাৰে, তেনেকৈ অন্ধবিশ্বাস, কুসংস্কাৰক প্ৰাধান্য দিয়া কাহিনীত লেখকে হাজাৰ চেষ্টা কৰলেও মহৎ কথাবস্তু হয়তো সৃষ্টি কৰিব নোৱাৰে ৷
এতিয়া লিখো বুলি ভাবিলেই হ’ল৷ নিজে কোনো কাহিনী সৃষ্টি কৰিব নোৱাৰিলেও আনে লিখা হাজাৰ-বিজাৰ কাহিনী আছে৷ ফণী শৰ্মাই লক্ষীধৰ শৰ্মাৰ ‘চিৰাজ’ গল্পৰ আধাৰত নিৰ্মাণ কৰা বোলছবিয়ে অসমত এক আলোড়নৰ সৃষ্টি কৰিছিল৷ ‘চিৰাজ’ গল্পৰ বতৰা যুগে যুগে প্ৰাসঙ্গিক ৷
সবাৰোপৰি কোনো এটা দৃশ্য দেখিলে বা কিবা এটা দৃশ্য দেখিলে মনৰ মাজত যি আৱেগ আৰু সংবেদন সৃষ্টি হয়, সেয়া সৃষ্টিশীল সাহিত্যৰ প্ৰাৰম্ভিক সমল ৷ মানুহৰ প্ৰত্যেকটো আৱেগৰ লগত একো-একোটি মানবীয় প্ৰবৃত্তি সংপৃক্ত হৈ থাকে ৷ সৃষ্টিশীল সাহিত্যৰ লেখকে হয়তো নিজে গম নোপোৱাকৈয়ে সিবোৰৰো অনুসন্ধান কৰে ৷ কেইটিমান মানবীয় প্ৰবৃত্তি আৰু ইয়াৰ লগত সংপৃক্ত থকা আবেগ অনুভৱ কৰা হওক –
প্ৰবৃত্তি
আত্মৰক্ষা বা পলায়নৰ মনোভাবৰ পৰা
যুঁজকৰা বা আক্ৰমণ কৰা মনোভাবৰ পৰা
প্ৰতিহিংসাৰ পৰা
অনুসন্ধিৎসাৰ পৰা
আবেদনৰ পৰা
অপত্য বা বাৎসল্যপ্ৰেমৰ পৰা
আত্মসমপৰ্ণৰ পৰা
আত্মপ্ৰতিস্থাৰ পৰা
গঠনমূলক কামৰ পৰা
খাদ্য অনুসন্ধানৰ পৰা
সৌন্দৰ্যবোধ বা নান্দনিক চেতনাৰ পৰা
সৌজন্যবোধৰ পৰা
প্ৰতিজ্ঞা বা প্ৰতিশ্ৰুতিৰ পৰা
প্ৰতিশোধৰ ইচ্ছাৰ পৰা
জ্ঞান লাভৰ প্ৰবল হেঁপাহৰ পৰা
কৃতজ্ঞতাবোধৰ পৰা
আবেগ
ভয়
খং বা ক্ৰোধ
পলায়ন
কৌতুহল
দুখ,হেঁপাহ,আশা,
স্নেহ
হীনমন্যতা
আত্মগৌৰৱ,অহংকাৰ,দম্ভ
সৃষ্টিৰ আনন্দ
ক্ষুধা
সৌন্দৰ্যৰ প্ৰশংসা
আদৰ-সাদৰ
দৃঢ়তা
উত্তেজনা
আকৃষ্ট হোৱা,মনোযোগ দিয়া
শলাগ জ্ঞাপন
ইত্যাদি অনেক মানবীয় প্ৰবৃত্তিৰ পৰা অনেক আবেগৰ সৃষ্টি হয় ৷ প্ৰবৃত্তিৰ অৰ্থ হ’ল ইচ্ছা বা বাসনা৷ বয়স অনুপাতে প্ৰত্যেক জীৱৰে কিছুমান জন্মগত জটিল আচৰণবিধি আপোনা আপুনি উদয় হয় ৷ মানুহৰ বাহিৰে জীৱ-জগতৰ প্ৰাণীসমূহে জন্মসুত্ৰে লাভ কৰা প্ৰবৃত্তিসমূহৰ দ্বাৰা আচৰণ কৰে ৷ মানুহ জীৱ শ্ৰেষ্ঠ৷ মানুহে স্ব-আহৰিত গুণেৰে নিজৰ প্ৰবৃত্তিসমূহক ( ইচ্ছা বা বাসনা) নিয়ন্ত্ৰণ কৰিব পাৰে বা জানে ৷ তথাপিও মানুহৰ জীৱনৰ বিভিন্ন ক্ষণ-অনুক্ষণত-খং,ভয়,আতংক, দুখ, উৎকণ্ঠা, উদ্বেগ,উত্তেজনা, খেলিমেলি, খু-দুৱনি, বিৰক্তি, হতাশ, খেলিমেলি,ৰঙত উত্তাৱল হোৱা, লাজলগা, অপৰাধবোধ, আচৰিত হোৱা,অপামানিত অনুভৱ কৰা, অস্বস্তি বা অশান্তি অনুভৱ কৰা, অমাৰ্জিত ব্যৱহাৰ কৰা, স্মৃতিকাতৰ, গভীৰ প্ৰশান্তি, উপশমৰ আনন্দ আদি অলেখ আৱেগ উশাহ-নিশাহৰ দৰে প্ৰবাহিত হৈ থাকে৷ মানুহ বিভিন্ন পৰিবেশত, বিভিন্ন মানসিক অৱস্থাত বা মানুহৰ লগত বিভিন্ন সম্পৰ্কৰ অৱস্থানত স্বাভাৱিক কাৰণতে বিভিন্ন ধৰণে আবেগিত হয় ৷ মনোবিজ্ঞানীসকলে মানুহৰ মনৰ অলেখ আৱেগৰ পৰা দহোটি প্ৰধান আৱেগ বাচি উলিয়াইছে৷ সেয়া হৈছে- আনন্দ (Joy), উত্তেজনা (Excitement), আচৰিত হোৱা (Surprise), দুখ (Sadness), ক্ৰোধ (Anger), বিৰক্তি (Disgust),অপমানিত অনুভৱ (Contempt), ভয় (Fear), লাজ (Shame) আৰু অপৰাধ অনুভৱ (Guilt) ৷
সৃষ্টিশীল লেখকে কাহিনী বা লিখাৰ সমল য’ৰ পৰাই সংগ্ৰহ নকৰক লাগে লেখকৰ প্ৰাৰম্ভিক দায়িত্ব হ’ব অতি সংবেদনশীলতাৰে এটি পটভূমি ৰচনা কৰা আৰু চৰিত্ৰসমূহৰ বিভিন্ন অনুক্ষণৰ আৱেগ-অনুভুতিসমূহৰ ব্যাখ্যা যথাযথভাবে দাঙি ধৰা ৷ তাৰবাবে লেখকক লাগে- বাস্তব দৃষ্টিভংগী,সংযত প্ৰকাশভংগী, আৱেগ-অনুভূতি বিশ্লেষণ ক্ষমতা,পৰিবেশ আৰু পটভূমিৰ বিশ্লেষণ আৰু তাৰ প্ৰয়োগ,ভাৱ প্ৰৱণতা, মনোবিশ্লেষণ ক্ষমতা, ভাবৰ স্নিগ্ধতা, ভাষাৰ শুদ্ধতা আৰু সাৱলীলতা,হাস্যৰস,সংকীৰ্ণ আৰু গোড়ামীৰ ভাৱ পৰিহাৰ আৰু ব্যাপক শব্দ ভাণ্ডাৰ ৷
(দুই)
সাহিত্যৰ বিভিন্ন বিভাগ
লিখিবলৈ ইমান সমল থকাৰ পাছতো, চেষ্টা কৰিলে যি কোনো মানুহেই লেখক হ’ব পাৰেনে নোৱাৰে একেষাৰে ক’ব নোৱাৰি ৷ কিন্তু কোনোবাই নিজৰ ওপৰত বিশ্বাস ৰাখি দৃঢ় প্ৰতিজ্ঞ হ’ব পাৰে যে- ‘মই এগৰাকী লেখক হ’মেই ’৷ ছাত্ৰ-ছাত্ৰীয়ে যেনেকৈ এটা বয়সৰ পৰা, নিজৰ বিচাৰ বুদ্ধিৰে ভবিষ্যতে শিক্ষক হ’ম, অধ্যাপক হ’ম, চৰকাৰী প্ৰশাসনীয় বিষয়া হ’ম, চিত্ৰ নিৰ্মাতা হ’ম, গায়ক হ’ম, ডাক্তৰ হ’ম, অভিযন্তা হ’ম ইত্যাদি কিছুমান লক্ষ্য স্থিৰ কৰে, তেনেকৈ ‘এগৰাকী সাহিত্যিক’ হ’ম বুলিও লক্ষ্য স্থিৰ কৰিব পাৰে ৷ সেই লক্ষ্য যি দিনাই স্থিৰ হ’ব তাৰ পাছৰ পৰাই লক্ষ্যত উপনীত হ’বৰ বাবে সাজু হ’ব লাগিব ৷ ডাক্তৰী পঢ়িবলৈ যেনেকৈ ছাত্ৰ-ছাত্ৰীসকলে সেই বিষয়ৰ কিতাপ পত্ৰ পঢ়িবলৈ আৰম্ভ কৰে, সাহিত্যিক’ হ’বলৈও তেনেকৈ সাজু হ’ব লাগিব ৷ তাৰ বাবে লাগে এটি অনুসন্ধিৎসু মন ৷ মানুহে মনৰ মাজত লৈ নিজেও গম নোপোৱাকৈ এটি কেমেৰা লৈ ফুৰে ৷ মানুহে গম নোপোৱাকৈয়ে মনৰ কেমেৰাত অজস্ৰ দৃশ্যপট বন্দী হয় ৷ মনৰ কেমেৰাটো অকণমান আগ – পিছ কৰিলেই অলপ আগতে দেখা মানুহ এজনৰ সাজপাৰ, কথনভঙ্গী, খোজ কঢ়াৰ ধৰণ-কৰণ, চকুৰ চাৱনি, হাত দুখনৰ অংগী-ভংগী আদি সকলো চকুৰ আগত জিলিকি উঠে ৷ তেনেকৈ মনৰ কেমেৰাত বন্দী হয় পদুূলি মুখত নাচি থকা চৰাইজনীৰ বৰণ,সন্ধিয়াৰ আকাশত পাখিত পাখি লগাই উৰি যোৱা বগলী জাক, বাৰিষাৰ আকাশৰ কলীয়া ডাৱৰ, শৰতৰ শুকুলা মেঘ, নদীৰ পাৰৰ কঁহুৱা বন আদি সকলো ৷ সেইখিনিকে লিপিবদ্ধ কৰিব লাগে প্ৰথমে ৷ সেই প্ৰথম বাক্য কেইটাই হ’ব সাহিত্যিক হ’বলৈ আৰম্ভ কৰা প্ৰথম পদক্ষেপ ৷ সেই পদক্ষেপে এজন মানুহক এনে স্তৰত উপনীত কৰিব পাৰে যে তেওঁ লিখা উপন্যাস এখন এদিন হৈ যাব পাৰে সবৰ্শ্ৰেষ্ঠ বিক্ৰী হোৱা উপন্যাস ৷ পৃথিৱীৰ বেছিভাগ মানুহেই কিন্তু মনৰ মাজত বন্দী হোৱা চলন্ত দৃশ্যসমূহ লিখিবলৈ চেষ্টা নকৰে৷ কেতিয়াবা কিন্তু ঘটনাক্ৰমেও শ্ৰেষ্ঠ সাহিত্যৰ সৃষ্টি হয় ৷ লাখৰ ভিতৰত এজনে হয়তো চেষ্টা কৰে ৷ যিসকলে চেষ্টা কৰে তেওঁলোকেই হৈ পৰে সাহিত্যিক মানুহে বহুত ধৰণে মনৰ ভাব প্ৰকাশ কৰিব পাৰে ৷ সেই নামবোৰ এবাৰ চোৱা হওক –
১) কবিতা (Poetry)
কবিতা পৃথিৱীৰ প্ৰথম সাহিত্য ৷ ভাৰতবৰ্ষত সকলো কাহিনী কবিতাৰ মাধ্যমেৰেই কোৱা হৈছিল ৷ ৰামায়ণ, মহাভাৰত ইয়াৰ উৎকৃষ্ট উদাহৰণ ৷ হৃদয়ৰ পৰা নিগৰি অহা উপমাৰে বিধৌত অলংকাৰখচিত শব্দৰাজিয়ে কবিতা ৷ সাম্প্ৰতিক কালৰ কবিতাত হৃদয়ত দোলা দিয়া ভাৱৰাশি বা এটি বতৰা শব্দৰ মায়াৰে বন্দী কৰে ৷ ই কিমান দীঘল হ’ব পাৰে বা কিমান চুটি হ’ব পাৰে তাৰ কোনো সীমা নাই ৷
২) নাটক (Play)
সংলাপ, গীত, সংগীতৰ ব্যঞ্জনাৰে ৰচনা কৰা কাহিনীয়ে নাটক৷ নাটকত বিভিন্ন বৈশিষ্ট্যৰ চৰিত্ৰৰ সমাবেশ ঘটে ৷ নাটকৰ কাহিনীত সাধাৰণতে কোনো এটা মীমাংসা থাকে ৷ কেতিয়াবা অমীমাংসিতভাবে নাটকৰ যৱনিকা পৰে ৷
৩) গীত (Songs/Lyrics)
গীত ছন্দোময় কবিতা ৷ যাক স্থায়ী, অন্তৰা আদি ভাগত ভাগ কৰা হয় ৷ গীতৰ প্ৰথম অংশ স্থায়ী ৷ স্থায়ী অংশৰ প্ৰথম শাৰীৰ বা শেষৰ শাৰীৰ ছন্দৰ লগত অন্তৰাৰ শেষৰ শাৰীৰ ছন্দৰ মিলন হয় ৷ তেনে মিলনৰ বাবেই গীত এটিৰ স্থায়ী অংশ দোহাৰিবৰ বাবে সুবিধা হয় ৷ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ বৰগীতত অৱশ্যে প্ৰথম ধ্ৰুব অংশৰ লগত পাছৰ পদসমূহৰ তেনে মিল দেখা নাযায় ৷ তাথাপি গীত পৰিবেশন কৰোঁতে স্থায়ী অংশ অলপো খোকোজা নলগাকৈ দোহাৰিব পাৰি ৷ ইয়াৰ মূল কাৰণ হ’ল বৰগীতত এনে ধৰণে সুৰাৰোপিত কৰা হৈছে যে বৰগীতৰ পদ এফাঁকি গোৱাৰ অন্তত প্ৰথমৰ শাৰীকেইটি স্বতঃষ্ফূ ৰ্তভাবে কণ্ঠলৈ প্ৰবাহিত হয় ৷
৪) উপন্যাস (Novel)
উপন্যাস কলাসন্মতভাবে ৰচিত বাস্তৱ জীৱনৰ মহাকাব্য৷ য’ত সমাজ আৰু সকলো বতৰা মূৰ্তমান হয় ৷ উপন্যাসৰ পৰিধি বিশাল, য’ত বহুতো চৰিত্ৰৰ সমাবেশ ঘটে ৷ চৰিত্ৰসমূহ দুটা বা তিনিটা কেন্দ্ৰীয় চৰিত্ৰৰ চৌদিশে মূৰ্তমান হৈ থাকে ৷ কেতিয়াবা কোনো উপন্যাসত কেন্দ্ৰীয় চৰিত্ৰ বুলি কোনো কথা নাথাকিব পাৰে ৷ উপন্যাসত কল্পনা,অনুভূতি আৰু বাস্তৱ চেতনাৰ সমন্বয় ঘটে ৷ উপন্যাসত কাহিনী কোৱাৰ চলেৰে লেখকে সমাজ-জীৱন আৰু ব্যক্তিগত-জীৱনৰ ছবি আঁকে ৷
৫) চুটিগল্প (Short story)
চুটিগল্প জীৱনৰ খণ্ড চিত্ৰ ৷ যি আকস্মিকভাবে আৰম্ভ হয় আৰু আকস্মিকভাবে শেষ হয় ৷ সামৰণি অমীমাংসিত হ’ব পাৰে বা পাঠকক মনলৈ দোধোৰ-মোধোৰ বা অতৃপ্তি আহিব পাৰে ৷ যি কোনো বিষয়েই চুটিগল্পৰ বিষয় বস্তু হ’ব পাৰে ৷ এই সন্দৰ্ভত এইচ.ই. ব্যাটচে এ ( H.E.Battes) কৈছে – ‘এটাঘোঁৰাৰ মৃত্যুৰ পৰা আৰম্ভ কৰি এগৰাকী গাভৰুৰ প্ৰথম প্ৰেমলৈকে বা এপাহ ফুলৰ পাপৰি মেল খোৱাৰ পৰা এটা প্ৰবল ভূমিকম্পলৈকে প্ৰতিটো বস্তুৱে চুটিগল্পৰ বিষয় হ’ব পাৰে ৷ ব্ৰাণ্ডাৰ মেথিউৱে (Brander Matthew) আৰু এখোজ আগবাঢ়ি কৈছে – ‘চুটিগল্পত বৰ্ণনাত -জীৱনৰ একাঁজলী ৰঙিয়াল হাঁহি, এটোপাল চকুপানী, এমুঠি বিস্ময়ৰ জিলিঙনি, এচেৰেঙা সপোনৰ আভা আৰু অলপমান দোধোৰ-মোধোৰে টগবগাই থাকে৷
৬) উপন্যাসিকা (Novella)
উপন্যাসৰ বৈশিষ্ট্যৰে সমূজ্জ্বল অথচ উপন্যাসত কৈ চুটি কাহিনীয়ে উপন্যাসিকা ৷ ই উপন্যাসতকৈ সৰল আৰু পঞ্চাছৰ পৰা সত্তৰ [৫০-৭০] পৃষ্ঠা মানতে আবদ্ধ ৷ পুলিটঝাৰ আৰু নবেল বঁটা লাভ কৰা আমেৰিকান ঔপন্যাসিক আৰণেষ্ট হেমিংৱেৰ (Ernest Hemingway) বিশ্ববিখ্যাত উপন্যাস ‘অল্ড মেন এণ্ড দ্য ছি’ (Old Man and the Sea) মাত্ৰ ২৬৫৩১ টা শব্দত ৰচনা কৰা হৈছে ৷ হেমিংৱে-এদিনে এহেজাৰটাকৈ শব্দ লিখিছিল ৷ কিতাপখন ছয় সপ্তাহত লিখি সম্পূৰ্ণ কৰিছিল ৷
৭) অনুগল্প (Flash fiction)
প্ৰায় পঞ্চাছ (৫০) টাৰ পৰা সাতশ পঞ্চাছ (৭৫০) টা শব্দৰ ভিতৰত লিখা (কোনো কোনোৰ মতে তিনিশ 3০০) শব্দৰ ভিতৰত, গল্পৰ সকলো লক্ষণ যুক্ত, কাহিনীয়ে অনুগল্প ৷ শব্দৰ সীমাৰে বান্ধি নাৰাখি এনেকৈয়ো ক’ব পাৰি যে অনুগল্প প্ৰায় একেটা উশাহতে পঢ়ি শেষ কৰিব পাৰি ৷
৮) ভ্ৰমণ কাহিনী (Travelogue) কেৱল আমেৰিকা, ইংলেণ্ড, ফান্স, জাৰ্মেনী ভ্ৰমণ বুলিলে নহয,কোনোবা এখন গাঁৱলৈ গৈ তিনিদিন থকা, কোনোবা এখন নগৰত কেম্প কৰা আদি যি কোনো ঠাইৰ ভ্ৰমণ কাহিনী সাহিত্য হ’ব পাৰে ৷
৯) কল্পকাহিনী (Fiction)
ৰাতিপুৱাই ঘৰৰ পৰা এখন মহাকাশ যানত উঠি চন্দ্ৰ পৃষ্ঠত অৱতৰণ কৰি তাতে বন্ধু এজনক লগ কৰি আন এখন মহাকাশ যানত উঠি মঙ্গল গ্ৰহ পালেগৈ,তাত বিহু ফাংশ্ব্যন এখন চাই আপুনি অন্য এখন মহাকাশ যানত উঠি ধৰক পৃথিৱী পালেহি ৷ তেনেকুৱা কল্পনাৰেও সাহিত্য হ’ব পাৰে৷ কল্প কাহিনীয়ে এখনি কল্পনাৰ পৃথিৱী সৃষ্টি কৰে ৷
১০) নৃত্য নাটিকা (Dance drama)
গীত,নৃত্য আৰু সংলাপৰ আশ্ৰয়ত বৰ্ণনা কৰা ‘কাহিনী’য়ে নৃত্য নাটিকা ৷ নৃত্য নাটিকাত সাধাৰণতে এটি কাহিনী থাকে ৷
১১) সংগীতালেক্ষ্য (Musical feature)
কোনো ‘প্ৰতিপাদ্য বিষয়ক’ গীত আৰু নৃত্যৰে ব্যাখ্যা কৰাই সংগীতালেক্ষ্য ৷ বানপানী, খৰাং বতৰ, শ্ৰীমন্ত শংকৰদেৱ, শ্ৰীমন্ত মাধৱদেৱ, মহত্মা গান্ধী, জ্যোতিপ্ৰসাদ,ভূপেন হাজৰিকা, জন্ম নিয়ন্ত্ৰণ আদি যি কোনো বিষয়ৰে সংগীতালেক্ষ্য হ’ব পাৰে ৷
১২) চিনেমা,টিভি চিৰিয়েল আদিৰ চিত্ৰনাট্য (Cinema T.V. serials, script)
উপন্যাস এখনক বা গল্প এটিক বা নিজৰ কাহিনী এটিক চিনেমা বা টি.ভি. চিৰিয়েল কৰিব খুজিলে প্ৰথম কাম হ’ল কাহিনী ভাগক সংলাপলৈ ৰূপান্তৰিত কৰা ৷ দ্বিতীয় কাম হ’ল- চিনেমা নিমাৰ্ণৰ বাবে স্থানসমূহ নিৰূপণ কৰা, তৃতীয় কাম হ’ল- যি যি স্থানত দৃশ্য গ্ৰহন হ’ব সেই সেই স্থানত ক’ব লগা সংলাপখিনি একেলগে সজোৱা ৷ ধৰা হ’ল এটা চ’ৰা ঘৰত পাঁচ বাৰ দৃশ্যগ্ৰহন আছে ৷ সেই পাঁচবাৰত যিমানবোৰ সংলাপ আছে সেই সকলোখিনি একেলগ কৰিব লাগিব ৷ যদি কোনো এখন নাটক চিনেমা বা টি.ভি. চিৰিয়েল কৰা হয় তেন্তে সংলাপ লিখাৰ হয়তো কোনো প্ৰয়োজন নাথাকে ৷ কিন্তু চিনেমাৰ পৰিচালকৰ হাতত কাহিনী এটিক দ্বিতীয়বাৰৰ বাবে লিখা হয় ৷ চিত্ৰনাট্য এখন সৃষ্টিশীল সাহিত্য নহয়৷ কিন্তু জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জয়মতী’ চিনেমাৰ ‘চিত্ৰনাট্য’ সুখপাঠ্য হ’ব পাৰে ৷
১৩) আত্মকথা বা আত্ম জীৱনী (Memoir or auto-biography)
নিজৰ জীৱনীও সাহিত্য হিচাপে স্বীকৃত হৈছে ৷ জীৱনীত নিজৰ জীৱন কথাৰ লগতে সমসাময়িক সমাজ জীৱনৰ ছবি আৰু সেই সময়ৰ ইতিহাসো প্ৰতিফলিত হয় ৷ বিশ্ব সাহিত্যত অনেক আত্মজীৱনী সাহিত্য হিচাপে স্বীকৃত হৈছে ৷ অসমৰ পদ্মনাথ গোহাঞি বৰুৱাৰ ‘মোৰ সোঁৱৰণী’ লক্ষ্মীনাথ বেজবৰুৱাৰ ‘মোৰ জীৱন সোঁৱৰণ’, হোমেন বৰগোহাঞিৰ ‘আত্মানুসন্ধান’ প্ৰভৃতি আত্মজীৱনীসমূহে সাহিত্য হিচাপে স্বকৃতি লাভ কৰিছে ৷ সম্প্ৰতি ৰুবুল মাউতৰ ‘মোৰো এটা সপোন আছে’ নামৰ আত্মজীৱনীমূলক গ্ৰন্থখনেও সাহিত্য হিচাপে স্বীকৃতি লাভ কৰিছে ৷
১৪) ভাষণ (Speech)
বহু ব্যক্তিয়ে সভা সমিতিৰ ভাষণ আগতীয়াকৈ লিখি লয় ৷ তেনে বহু ভাষণে পাছত সাহিত্য হিচাবে স্বীকৃতি লাভ কৰে৷ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘আইদেউৰ জোনাকী বাট’, ‘ডিব্ৰুগড় কলেজৰ বছেৰেকীয়া সংগীত সন্মিলনৰ সভাপতিৰ অভিভাষণ’ আদি অনেক ভাষণ সাহিত্য হিচাবে স্বীকৃত হৈছে ৷
(১৫) গ্ৰন্থৰ পাতনি (Preface of book)
বহু গ্ৰন্থৰ এনে কিছু পাতনি আছে যিবোৰ সাহিত্যৰ অমূল্য সম্পদ ৷ সূৰ্য্য কুমাৰ ভূঞাৰ ‘বৰফুকনৰ গীত’ৰ পাতনি, অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰা ‘অৰুনোদয়’ আলোচনীত মহেশ্বৰ নেওগৰ পাতনি, ‘জ্যোতি ৰচনাৱলী’ত হীৰেন গোহাঁইৰ পাতনি, ‘ দেশে দেশে গল্প’ আৰু ভূপেন হাজৰিকাৰ ‘গীতাৱলী’ত মহেন্দ্ৰ বৰাৰ পাতনি, বিভিন্ন প্ৰকাশকে প্ৰকাশ কৰা শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ ‘কীৰ্ত্তন আৰু নামঘোষাৰ পাতনিসমূহ ইত্যাদি অসমীয়া সাহিত্যৰ অমূল্য সম্পদ ৷
১৬) আপদীয়া পদ্য বা লিমাৰিক (limerick)
লিমাৰিক বা আপদীয়া পদ্য পাঁচশাৰীত লিখা ব্যংগাত্মক কবিতা ৷ ইয়াৰ প্ৰথম দুশাৰী দীঘলীয়া আৰু এটা ছন্দত আবদ্ধ ৷ তৃতীয় আৰু চতুৰ্থ শাৰী চুটি আৰু অন্য এটি ছন্দত আবদ্ধ ৷ শেষৰ শাৰীৰ দৈৰ্ঘ্য প্ৰথম শাৰীৰ সমান আৰু প্ৰথম দুশাৰীৰ ছন্দৰ লগত মিলিযোৱা ৷
১৭) শুভেচ্ছাবাণী আৰু অভিনন্দন পত্ৰ (Greetings),
নতুন বছৰৰ শুভেচ্ছা, বিহুৰ ওলগনি, পূজাৰ শুভেচ্ছা, পৰীক্ষাত ভাল খবৰ কৰাৰ বাবে বা কিবা সন্মানেৰে বিভূষিত হোৱাৰ বাবে আন কোনো কৃতকাৰ্যতাৰ বাবে লিখা শুভেচ্ছা বাণীসমূহো সাহিত্য হ’ব পাৰে ৷ তাৰো কেইবাখন গ্ৰন্থ হ’ব পাৰে ৷ অসমীয়া ভাষাত তেনে গ্ৰন্থ হয়তো বিৰল ৷ বিহুৰ ওলগনি জনাবলৈ বহুতেই সাধাৰণতে আনৰ লিখা ধাৰ কৰে ৷
১৮) অনলাইন দিনলিপি, (Blogs),
য’ত নিজৰ ভাব, চিন্তা, অভিজ্ঞতা, ৰুচি, ৰাপ আদি প্ৰকাশ কৰিব কৰে ৷ সেইখিনি নান্দনিক ভাবে প্ৰকাশ কৰিলে সাহিত্য হ’ব পাৰে ৷
১৯) বিৱৰণমূলক সংবাদ (Feature Journalism)
বাতৰি কাকতৰ সংবাদসমূহত ঘটনা এটিৰ সক্ষিপ্ত বিৱৰণহৈ থাকে ৷ ধৰাহওক, ফুটবল খেলৰ বাতৰি ৷ য’ত কোন কোন দলে খেলিছিল,কোনটো দল জিকিল তাৰ বাতৰিহে থাকে ৷ কিন্তু নব্বৈ মিনিটৰ খেল এখনত অনেক কাহিনীয়ে থাকে ৷ তাৰ বিৱৰণ বেলেগ হ’ব পাৰে ৷ ধৰা হওক – এটা বাতৰিত লিখা হ’ল ২০২১ বৰ্ষত অসমত ৩২৬২ জন লোকে আত্মহত্যা কৰিলে ৷ ইয়াৰে ২৩৫১ গৰাকী পুৰুষ আৰু ৯১১ গৰাকী মহিলা ৷ তাৰ ভিতৰতে ৬৫৯ গৰাকী শ্ৰমিক ৷ এই সকলৰ ভিতৰতো আকৌ কম বয়সৰ ৬৪ জন ল’ৰা আৰু ১৫১ জনী ছোৱালীয়ে আত্মহত্যা কৰিছে ৷ এই বাতৰিটোত কিন্তু আত্মহত্যাৰ কাৰণসমূহৰ উল্লেখ নাই ৷ থাকিবও নোৱাৰে কাৰণ ই এটা বাতৰিহে ৷ বিৱৰণমূলক সম্বাদত কিন্তু মানুহে কিয় আত্মহত্যা কৰে, কোনবোৰ সামাজিক, অৰ্থনৈতিক কাৰক ইয়াৰ বাবে জগৰীয়া, ইয়াৰ প্ৰতিকাৰৰ উপায় কি, সেইবোৰ কথাৰ বিশ্লেষণ আৰু ব্যাখ্যা হ’ব ৷ তেনে বিশ্লেষণ আৰু ব্যাখ্যাই হ’ব বিৱৰণমূলক সংবাদ ৷
২০) স্তম্ভ লিখন (Column Writing)
বাতৰি কাকতৰ বাতৰিত কেৱল কি ঘটিল, কেতিয়া ঘটিল,কোন কোন জড়িত আছিল তাৰ বিবৰণ থাকে ৷ স্তম্ভ লিখকে বাতৰি কাকতত পোৱা ঘটনা এটিত বা সমাজত সচৰাচৰ ঘটি থকা ঘটনাসমূহৰ বিষয়ে নিজৰ মতামত আৰু মতাদৰ্শ প্ৰকাশ কৰে ৷ স্তম্ভ লেখকৰ লিখনিত ঘটনাৰ বিৱৰণ গৌণনিজৰ মতামত হে মুখ্য ৷
২১) ৰেপ-বক্তব্যধৰ্মী ছন্দোময় কথকতা (Rap)
২২) বিশেষ ব্যক্তিৰ লগত সাক্ষাৎকাৰ ভিত্তিক ৰচনা (Interview based writing with a renowned person),
২৩) জটিল বিষয়ৰ সৰস ৰচনা (Popular essay),যেনে- বিজ্ঞানৰ জটিল বিষয় সবৰ্সাধাৰণে বুজাকৈ লিখা৷ দীনেশ গোস্বামীৰ গ্ৰন্থসমূহৰ পাত লুটিয়ালেই ইয়াৰ আভাস পাব পাৰি ৷
২৪) ডায়েৰী (Diary)- ইয়াৰ শ্ৰেষ্ঠ উদাহৰণ এন.ফাংকৰ ডায়েৰী ৷
২৫) মিতভাষ- এই ধাৰাটো অসমৰ চিন্তানায়ক নগেন শইকীয়াই উদ্ভাৱন কৰিছে ৷ গ্ৰন্থও প্ৰকাশ হৈছে ৷ মিতভাষ গদ্য আৰু কবিতাৰ সীমাৰেখাত দোদুল্যমান এটি সাহিত্যৰ নৱ্য ধাৰা ৷ আনন্দ বৰমুদৈৰ ভাষাত ‘মিতভাষসমূহ আত্ম একোক্তি বা স্বগতোক্তি’ ৷এটি উদাহৰণ চোৱা হওক –
‘তুমি স্বপ্ন নে গীত ? তুমি ফুল নে সুৰভি ? তুমি কেনেকৈ আহি অদৃশ্য হৈ যোৱা ?
সকলো আৱৰণৰ আঁৰত বিচৰি ফুৰিছোঁ তোমাক অবিৰাম ৷
ক’ত আছা- ক’ত আছা তুমি ৷’
উল্লেখ্য যে মিতভাষত কবিতাৰ দৰে কোনো শাৰীত শেষত খালীঠাই (স্পেছ) নাই ৷ দেখাত নিটোল গদ্য কিন্তু ইয়াৰ প্ৰাণটো কবিতাৰ দৰে উচ্ছল ৷
জন্ৰা লিখনি (Genre writing) –
জন্ৰা শব্দটিয়ে কোনো লিখনি বা সাহিত্যৰ শৈলী, বিষয়বস্তু আৰু গঠন অনুযায়ী শ্ৰেণীবদ্ধ কৰা বুজায় ৷ জন্ৰা সাহিত্য, সংগীত, চিনেমা আনকি ভি.ডি.অ.গেইমৰ গল্প আৰু অন্যান্য সৃষ্টি কৰ্মৰ ধাৰা বা ধৰণবা প্ৰকাৰৰ সন্ধান দিয়ে৷ জন্ৰা শব্দটোৰ শিপা প্ৰাচীন গ্ৰীক ভাষাৰ পৰাই আহিছে ৷ বিখ্যাত গ্ৰীক দাৰ্শনিক এৰিষ্টটল আৰু প্লেটোৱে সাহিত্যৰ শ্ৰেণীবিভাজনৰ বাবে এটি ব্যৱস্থা উদ্ভাৱন কৰিছিল ৷ তেখেতসকলে অনুভৱ কৰিছিল যে সাহিত্যৰ বিভিন্ন বিভাগসমূহক একো একোটা ‘ধাৰা’ত ভাগ কৰাটো অতি প্ৰয়োজনীয় যাতে সকলোবোৰ সৰল কৰি ৰাখিব পাৰি আৰু তাৰ হিচাপ ৰাখিব পাৰি ৷ সাহিত্যৰ প্ৰথমে মাত্ৰ তিনিটা ধাৰা আছিল: কবিতা, নাটক আৰু গদ্য ৷ সম্প্ৰতি কিন্তু সাহিত্যত বহুতো ধাৰাৰ সৃষ্টি হ’ল ৷ লেখকভেদে আৰু যুগ ভেদে সাহিত্যলৈ নিত্য-নতুন সৃষ্টি কৰ্ম আহিবলৈ ধৰিলে ৷ অকল সাহিত্যলৈ বুলিয়ে নহয়, সংগীত শিল্প, ভাস্কৰ্য, কথাছবি সকলোতে অনেক ধৰণৰ পৰিবৰ্ত্তন আহিল৷ সাহিত্যলৈ আহিল সুক্ষ্ম-সুক্ষ্ম বিষয়বস্তু, বিবিধ ৰচনা শৈলী আৰু নতুন নতুন শব্দ সংযোজন৷ সেইকাৰণে অধিক ধাৰা প্ৰৱৰ্তনৰ প্ৰয়োজনীয়তা আহি পৰিল ৷
প্লেটো আৰু এৰিষ্ট’টলে ভাগ কৰা, কবিতা, গদ্য আৰু নাটকৰ সাহিত্যত¸ নতুন নতুন ধাৰা সৃষ্টি হ’বলৈ ধৰিলে৷ এই ধাৰাসমূহৰ বিষয়ে যথেষ্ট অধ্যয়ন হৈছে ৷ সম্প্ৰতি সাহিত্যত অনেক বিভাগ সৃষ্টি হৈছে- যেনে- কবিতা, কিংবদন্তী, সাধুকথা, পৌৰাণিক কাহিনী, লোককথা, উপকথা, নাটক, চুটিগল্প, উপন্যাস, কথা কবিতা ইত্যাদি ৷ লাহে লাহে তালিকাখন দীঘলীয়া হৈ আহিল ৷ লগত যোগ হ’ল- কল্পবিজ্ঞান, বাস্তৱ জীৱন, ৰহস্য, দুঃসাহসিক কাহিনী, কল্পনা (ফেন্টাচি),ৰোমাঞ্চ, আতংক, ঐতিহাসিক কল্পকাহিনী,¸ লোমহৰ্ষক কাহিনী (থ্ৰিলাৰ) ইত্যাদি ৷
জন্ৰা (জন্ৰ) শব্দটোৰ শুৱলা অসমীয়া প্ৰতিশব্দ বিচাৰিলে হয়তো ওলাব ৷ অভিধানৰ মতে-ৰকম,প্ৰকাৰ,ধৰণ,তৰহ,বিধ,বৈবিধ্য,বিবিধতা,কিচিম, হৰেক, গত ইত্যাদি ৷ সাধাৰণতে জন্ৰা শব্দটোৱে সাহিত্যৰ এটি ধাৰা বা শৈলীক বুজায় ৷ সম্প্ৰতি কোনো বিষয়-বস্তুৰ ‘ধাৰণা’ক স্পষ্ট কৰিবলৈ গুগলৰ (Google) পৃষ্ঠাসমূহ চোৱা হয় ৷ গুগলৰ ভাষাত- A particular type of or style of literature or film or music that one can recognize because of its characteristics. Genre is a particular form or style of literature or art or music. A portrayal of scenes of ordinary life. গুগল পৃষ্ঠাত লিখা ধাৰণা মতে ‘জন্ৰা হৈছে এটা নিদিষ্ট ধাৰাৰ সাহিত্য বা চিনেমা বা সংগীত ৷ যিটো ধাৰাৰ বৈশিষ্ট্যসমূহ আপোনা-আপুনি জিলিকি থাকে ৷ অসমীয়া সাহিত্যত এটা সময়ৰ পৰা ডিটেকটিভ উপন্যাস জনপ্ৰিয় হৈছিল ৷ সেই ধাৰৰ দুগৰাকী বিখ্যাত লেখক আছিল প্ৰেম নাৰায়ণ আৰু ৰংমন ৷ প্ৰেমনাৰায়ণৰ (প্ৰেমনাৰায়ণ দত্ত) ‘পাফু চিৰিজ’ আৰু ৰংমনৰ (ৰবীন দে) ‘দস্যু ভাস্কৰ চিৰিজ’ ডিটেকটিভ উপন্যাসসমূহ সেইসময়ৰ বাবে এটি নতুন ধৰণৰ লিখনি আছিল ৷ মনত প্ৰশ্ন হয় সেয়াই বাৰু ‘জন্ৰা’ বা এটা নিদিষ্ট ‘ধাৰা লিখনি’ত অন্তৰ্ভূক্ত কৰিব পাৰিনেকি ? পাফু চিৰিজৰ প্ৰথমখন উপন্যাস আছিল ‘দিন ডকাইত’ ৷ প্ৰকাশ হৈছিল ১৯৪৬ চনত ৷ প্ৰেমনাৰায়ণে ‘পাফু চিৰিজ’ শিতানত বাইছখন (২২) উপন্যাস লিখিছিল ৷ পাফু চিৰিজৰ কাহিনীসমূহৰ মূল চৰিত্ৰ আছিল ‘পাফু’ (পাঁচ ফুকন) নামৰ এটা দল ৷ যি দুখীয়া আৰু শোষিত-বঞ্চিত মানুহৰ বঞ্চিত আছিল আৰু সমাজৰ অপৰাধীসমূহৰ শত্ৰু আছিল ৷ ৰংমন (১৮ মাৰ্চ ১৯২২, মৃতু্য ২২ জুলাই ১৯৮০) অসমৰ এগৰাকী প্ৰসিদ্ধ ৰহস্য ঔপন্যাসিক ৷ ৰংমন ছদ্মনামত তেখেতে‘পৱন চিৰিজ’ নামৰ আন এলানি গ্ৰন্থ প্ৰকাশ কৰিছিল ৷ দস্যু ভাস্কৰ চিৰিজত মুঠতে ৬১ খন উপন্যাস প্ৰকাশ হৈছিল আৰু ইয়াৰ প্ৰথমখন গ্ৰন্থৰ শিৰোনাম আছিল ‘দস্যু ভাস্কৰৰ আবিৰ্ভাৱ’ ৷ এই চিৰিজটোৱে ৭০ আৰু ৮০ দশকৰ পঢ়ুৱৈৰ মাজত প্ৰভূত জনপ্ৰিয়তা অৰ্জন কৰিছিল ৷ সম্প্ৰতি ৰঞ্জু হাজৰিকাই সাত শতাধিক ৰহস্য-উপন্যাস ৰচনা কৰি এটি ৰেকৰ্ড গঢ়িছে ৷
সাম্প্ৰতিক সময়ত বিশ্বত বহুতো ধৰণৰ শিৰোনামৰ সাহিত্য প্ৰকাশ হৈছে ৷ সেই শিৰোনামসমূহ এবাৰ চোৱা হওক –
১) দুঃসাহসিক অভিযান [Adventure]- য’ত দুৰ্দান্ত অভিযান, বিপদসংকুল পৰিস্থিতি, আৰু অতি সাহসী কামৰ শিহৰণকাৰী বৰ্ণনা পোৱা যায় ৷ (উদাহৰণ: জুল ভাৰ্ণৰ ‘২০,০০০ লীগ আন্দাৰ দ্য চি’ ; ‘এৰাউণ্ড দ্য ৱল্ডৰ্ ইন এইটি দেইজচ ’৷ (Jules Verne- ২০,০০০ leagues Under the Sea, Around the World in Eighty Days) ৷
২) ৰহস্য (Mystery) – য’ত গোপন ৰহস্য উদ্ধাৰ, আইনৰ মেৰপেচ, বিভিন্নগোচৰ সমাধান আদিৰ বৰ্ণনা পোৱা যায়৷ (উদাহৰণ: আগাথা ক্ৰিষ্টিৰ ‘মাৰ্ডাৰ অন দ্য অ’ৰিয়েণ্ট এক্সপ্ৰেছ’; ডেথ অন দ্য নাইল’৷ Agatha Christie- Murder on the Orient Express, Death on the Nile)
৩) ভয়াবহ (Horror) – এনে গ্ৰন্থত কাহিনীৰ মাজত ভয়, আতংক, আৰু উদ্বেগ সৃষ্টি কৰা অনেক শিহৰণকাৰী বৰ্ণনা থাকে৷ (উদাহৰণ: ষ্টিফেন কিঙৰ ‘ইট’ (Stephen King, ‘It’) এই ধাৰাৰ জনপ্ৰিয় লেখক: ষ্টিফেন কিং (Stephen King), এইচ.পি. লাভক্ৰাফট ( H.P. Lovecraft), শ্বাৰলী জেকচন (Shirley Jackson), আৰু ক্লাইভ বাৰ্কাৰ (Clive Barker.) ৷
৪) বৈজ্ঞানিক কল্পকাহিনী বা কল্পবিজ্ঞান (Science fiction) – বিজ্ঞানৰ ন-ন আবিস্কাৰৰ তথা উন্নত প্ৰযুক্তিৰ লগত সংগতি ৰাখি তথা ভবিষ্যতে বিজ্ঞানে আৰু কি চমক সৃষ্টি কৰিব পাৰে তাৰ আলমত কাল্পনিক ঘটনাৰে এনে গ্ৰন্থ ৰচনা কৰা হয় ৷ উদাহৰণ: আইজেক এছিমভৰ ‘ফাউণ্ডেশন’, দ্য লাষ্ট কুৱেশ্ব্যন (Isaac Asimov- Foundation, ‘The last Question’) ৷ জনপ্ৰিয় লেখক: আইজাক আছিমভ (Isaac Asimov), ফিলিপ কে ডিক, (Philip K. Dick), উৰ্চুলা কে লে গুইন (Ursula K. Le Guin ), আৰু আৰ্থাৰ চি ক্লাৰ্ক (Arthur C. Clarke) ৷
৫) যাদু-বাস্তৱতা বা কল্পনা (Fantasy) – যাদু, অতি প্ৰাকৃতিক শক্তি,পৌৰাণিক জীৱৰ আলমত এনে গ্ৰন্থ ৰচনা কৰা হৈছে৷ (উদাহৰণ: জে.কে. ৰ’লিঙৰ ‘হেৰী প’টাৰ’ চিৰিজ) ৷ জনপ্ৰিয় লেখক: জে.আৰ.আৰ. টল্কিন (J.R.R. Tolkien), চি.এছ.লুইছ (C.S. Lewis), জে.কে.ৰাউলিং (J.K. Rowling), আৰু জৰ্জ আৰ আৰ মাৰ্টিন (George R.R.. Martin.) ৷
৬) ৰোমাণ্টিক (Romance) – প্ৰেমৰ কাহিনী, সম্পৰ্কৰ অনুভূতি, আৰু মানসিক সংঘাত (উদাহৰণ: নিক’লাছ স্পাৰ্কছৰ ‘দ্য ন’টবুক’ Nicholas Sparks ‘Notebook’) ৷ জনপ্ৰিয় লেখক: জেন অষ্টেন (Jane Austen), নিকোলাছ স্পাৰ্কছ (Nicholas Sparks), নোৰা ৰবাৰ্টছ (Nora Roberts), আৰু জুলিয়া কুইন (Julia Quinn) ৷
৭) ব্যংগ-বিদ্ৰূপ (Satire) – সমাজ, ৰাজনীতি, বা সংস্কাৰক ব্যঙ্গ কৰি লিখা গ্ৰন্থ৷ (উদাহৰণ: জ’ৰ্জ অ’ৰৱেলৰ ‘এনিমেল ফাৰ্ম’৷ (George Orwell’s ‘Animal Farm’)
৮) ৰহস্য অপৰাধ: (Mystery/Crime) এনে গ্ৰন্থ কেৱল অপৰাধ সমাধান বা অপৰাধৰ ৰহস্য উন্মোচন কৰাৰ লগত জড়িত ৷
জনপ্ৰিয় লেখক: আগাথা ক্ৰীষ্টি (Agatha Christie), আৰ্থাৰ কনন ডয়েল (Arthur Conan Doyle), ৰেমণ্ড চেণ্ডলাৰ (Raymond Chandler), আৰু জিলিয়ান ফ্লিন (Gillian Flynn) ৷
৯) ঐতিহাসিক কল্পকাহিনী:(Historical Fiction). এটা নিৰ্দিষ্ট ঐতিহাসিক যুগত পৰিৱেশিত, কাল্পনিক আখ্যানৰ সৈতে বাস্তৱিক পৰিঘটনাৰ মিশ্ৰণৰে এনে গ্ৰন্থ ৰচনা কৰিছে৷ জনপ্ৰিয় লেখক: হিলাৰী মেণ্টেল (Hilary Mantel), কেন ফলেট (Ken Follett), ফিলিপা গ্ৰেগৰী ( Philihpa Gregory), আৰু কলছন হোৱাইটহেড (Colson Whitehead) ৷
১০) থ্ৰিলাৰ (লোমহৰ্ষক) ছাচপেন্স (কৌতুহল) (Thriller/Suspense): এনে গ্ৰন্থত কেৱল উত্তেজনা, আতংক, আৰু কৌতুহলৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ জনপ্ৰিয় লেখক: জন গ্ৰীশ্বাম (John Grisham),ডেন ব্ৰাউন (Dan Brown), লি চাইল্ড (Lee Child), আৰু জিলিয়ান ফ্লিন (Gillian Flynn.)
বহুত দিনৰ আগৰ পৰাই কিতাপ এখনৰ পৰিচয় প্ৰদান পৃষ্ঠাত Genre শব্দটো এনেকৈয়ো লিখা থাকে Genre-Literary fiction ৷ ইয়াৰ পৰাই Genre শব্দটোৰ এটি ধাৰণা ল’ব পাৰি ৷লিখাটো এটা খেল আৰু অভ্যাস ৷ ডায়েৰী লিখাৰ পৰাই লিখা-লিখা খেলটো আৰম্ভ কৰিব পাৰি ৷ আৰু অনুভৱ ?
চাহত চেনি মিহলাই থাকোতে কি ভাব মনলৈ আহিছিল, অসময়ত লগৰ কোনোবা এজনে ফোন কৰোতে কি ভাব মনলৈ আহিছিল,খং উঠোতে কি কৰিছিলো, কাৰোবাৰ পৰা নুশুনিব লগা কথা শুনিলত কি কি ভাব মনলৈ আহিছিল ৷ ফাগুনৰ প্ৰথম বতাহচাটি গাত লাগিলত কেনেকুৱা লাগিছিল ৷ ব’হাগত নাচনীৰ খোপাৰ তগৰফুল গোন্ধ এটি কেনেবাকৈ অনুভৱ কৰাত মনলৈ কি ভাব আহিছিল ৷ তেনেকুৱা প্ৰত্যেকটো অনুভৱৰ পৰাই কিবা এটা সৃষ্টি হ’ব পাৰে ৷

লেখকতকৈ স্বাধীন কোনো হ’ব নোৱাৰে ৷ তেওঁ সৃষ্টি কৰা চৰিত্ৰসমূহ তেওঁ ইচ্ছামতে সজাব পাৰে ৷ বাস্তব জীৱনত জঘন্য অপৰাধী এজন আইনৰ চকুত সাৰি গ’লেও লেখকৰ কলমৰ আগৰ পৰা সাৰি যাব নোৱাৰে ৷ বাস্তব জীৱনত বিভিন্ন কাৰণত সমাজৰ এজন কলুসিত মানুহক একো কৰিব নোৱাৰিলেও উপন্যাস বা গল্প বা নাটকৰ যোগেদি তেনে চৰিত্ৰক লেখকে ইচ্ছামতে নান্দনিকতা ৰক্ষা কৰি কাহিনী কোৱাৰ চলেৰে সংযত ভাষাৰে সমূচিত শিক্ষাও দিব পাৰে ৷
ড॰ অনিল শইকীয়া
ফোনঃ ৮৬৩৮৮৩৩২৮৭




