অৱতৰণিকা
অম্বিকাগিৰী ৰায়চৌধুৰী অসমীয়া সাহিত্যৰ কেৱল এটি বিশিষ্ট প্ৰতিভাই নহয়, তেওঁ অসমৰ জাতীয় জীৱনৰ এটি অবিস্মৰণীয় ব্যক্তিত্ব, যাৰ স্মৰণে প্ৰাক স্বাধীনতা কালৰ অসমীয়া জাতিটোৱে মুখামুখি হোৱা সংকটৰ পটভূমিলৈ মনত পেলাই দিয়ে৷ জাতিটোৰ বাবে তেওঁ কি কৰা নাছিল? জাতিটোৰ বাবে তেওঁৰ ত্যাগ আছিল তুলনাবিহীন৷ পৰম আগ্ৰহ, অপৰিসীম কষ্ট স্বীকাৰ আৰু একান্ত নিষ্ঠাৰে তেওঁ ১৯১৮ চনত গুৱাহাটীত এটি ছপাশাল বহুৱাইছিল৷ ১৯১৯ চনত তাৰ পৰাই উলিয়াইছিল ‘চেতনা’ নামৰ মাহেকীয়া আলোচনী, যিখনৰ লক্ষ্য আছিল অসমীয়াৰ জাতীয়তা প্ৰতিষ্ঠা কৰা–সকলো দুৰ্বলতা বিনাশি এটা সুস্থ সবল জাতি গঢ়া৷ জাতিটোৰ সতেজতা আনিবলৈ ১৯২৬ চনত তেওঁ গঠন কৰিছিল অসমীয়া সংৰক্ষণী সভা ৷ কংগ্ৰেছৰ পাণ্ডু অধিৱেশন স্থলীতে পীতাম্বৰ দেৱগোস্বামীৰ সভাপতিত্বত বহিছিল সংৰক্ষিণী সভাৰ প্ৰথম অধিৱেশন আৰু তাতেই সভাৰ নীতি আৰু লক্ষ্য প্ৰস্তুত কৰা হৈছিল৷ বিভিন্ন অঞ্চলত সভাৰ সাংগঠনিক ভিত্তি গঢ়ি তোলাৰ পিছত ১৯৩৫ চনত তেওঁ এই সংগঠনৰ সাদিনীয়া মুখপত্ৰ ‘ডেকা-অসম’ উলিয়ালে একমাত্ৰ জাতিটোৰ প্ৰতি থকা দায়িত্ববোধৰ বাবেই৷ তেওঁৰ উশাহ নিশাহত আছিল জাতিটো৷ স্বাধীনতাৰ আন্দোলনত জাতিটোৰ অংশগ্ৰহণ যাতে সবল আৰু সুদৃঢ় হয় আৰু জাতিটোৱে সকলো দুৰ্বলতা মষিমূৰ কৰি যাতে ভাৰতীয় জাতি সত্তাৰ ওচৰত থিয় হ’ব পাৰে ‘ডেকা-অসম’ৰ পৃষ্ঠাই পৃষ্ঠাই সেয়াই মুখৰিত হৈছিল ৷
ব্ৰিটিছ বিৰোধী আন্দোলনৰ এজন ক্লান্তিহীন ৰণুৱা, দেশৰ স্বাধীনতাৰ বাবে নাট লিখি মঞ্চস্থ কৰি ব্ৰিটিছ চৰকাৰৰ নজৰ বন্দী হৈ থাকিব লগা হোৱা বিৰল প্ৰতিভাৰ কবি-গীতিকাৰ অম্বিকাগিৰীয়ে কিয় অসমীয়াৰ জাতীয়তাৰ প্ৰতি নিজকে নিয়োজিত কৰিব কৰিব লগা হ’ল? কিয় তেওঁৰ চিন্তা-ভাবনাত অসমীয়া জাতিটোৰ সংৰক্ষণ, সংবদ্ধৰ্ন আৰু শক্তিসঞ্চাৰৰ কথাই ঘাইকৈ ঠাই পালে ? তাৰ ঐতিহাসিক পটভূমি কি ? তেওঁৰ সমসাময়িক কিছু লোকে ভবাৰ দৰে তেওঁ বৰ আঁকোৰগোজ মনোভাৱৰ লোক আছিল নেকি? অথবা সংকীৰ্ণ প্ৰাদেশিকতাই তেওঁক গ্ৰাস কৰিছিল নেকি ? ইত্যাদি কথা নি:সন্দেহে চালি জাৰি চাবলগীয়া বিষয়৷ এই লেখাত তাৰ কিছু আভাস দিবলৈ যত্ন কৰা হ’ব ৷
(১)
জাতি সম্পৰ্কে অম্বিকাগিৰীৰ ধাৰণা অস্পষ্ট নাছিল৷ প্ৰাদেশিক জাতি আৰু ভাৰতীয় জাতি সত্তাৰ সম্পৰ্ক কি, তাক তেওঁ সুন্দৰকৈ বুজিছিল ৷ প্ৰাদেশিক জাতি সত্তাৰ সমৃদ্ধিয়ে যে ভাৰতীয় সত্তাৰো সমৃদ্ধি আৰু বিকাশৰ পথ প্ৰশস্ত কৰে সেয়া তেওঁৰ ধাৰণাত আছিল ৷ সেয়ে অসমীয়া জাতিক কৰিব খুজিছিল সকলো দিশৰ পৰা কৰ্মঠ আৰু তেজাল ৷ তেওঁ দেখিছিল অসমীয়া এটা দুৰ্বল জাতি৷ দুৰ্বল
শৰীৰেৰে জাতিটোৱে ভাৰতীয় মহাজাতিলৈ গতি কৰিব নোৱাৰিব ৷ ব্ৰিটিছ বিৰোধী স্বাধীনতা আন্দোলনৰ এজন আপোচহীন যোদ্ধা হৈয়ো এটা সময়ত অসমীয়া জাতিৰ চিন্তা-ভাবনাই তেওঁক সেয়ে উৎকণ্ঠিত কৰি তুলিলে ৷ এই চিন্তাক তেওঁ সাম্ৰাজ্যবাদ বিৰোধী ৰণনীতিৰ ভিতৰুৱা কথা বুলি গণ্য কৰিছিল ৷ কাৰণ ব্ৰিটিছ সাম্ৰাজ্যবাদে জাতিটো নিশকতীয়া কৰিবলগীয়া আটাইবোৰ কামেই কৰিছিল ৷ পোনতে ভাষাটো হৰণ কৰিছিল ৷ যেতিয়া ভাষা দিবলগীয়া হ’ল আৰু বংগৰ পৰা আঁতৰাই আনি ব্ৰিটিছ শাসনে অসমকো সুকীয়া শাসনৰ আওতালৈ আনিলে, তেতিয়াও বাংলাভাষী পূৰ্ব বংগৰ শ্ৰীহট্ট জিলাখন অসমৰ লগত সাঙুৰি থ’লে যাতে বাংলাভাষীসকলৰ সৈতে অসমীয়াৰ সংঘাত চিৰদিনীয়া হয়৷ চাকৰি-বাকৰি আৰু অন্যান্য ক্ষেত্ৰতো বহিৰাগত সকলক ব্ৰিটিছ চৰকাৰে বিশেষ সুযোগ-সুবিধা দি স্বাধীনতাৰ আগলৈকে অসমীয়া মানসক সংকুচিত কৰি ৰখাৰ সকলো ব্যৱস্থা কৰিলে আৰু নানা সংঘাতৰ সূত্ৰ ৰচিলে৷ অম্বিকাগিৰীৰ সৰব কণ্ঠৰ প্ৰেক্ষাপট আছিল এইটোৱেই৷ তেওঁ দেখিছিল অসমীয়া জাতিৰ এই সুকীয়া সংকটক লৈ বহু কংগ্ৰেছ নেতাৰ মনোভাব আছিল আওকণীয়া ৷ শ্ৰীহট্ট বিচ্ছেদৰ প্ৰস্তাৱ দিয়েই তেওঁলোক ক্ষান্ত আছিল ৷ অম্বিকাগিৰীয়ে ভাবিলে এই লৈ যদি সময় থাকোঁতে সতৰ্ক আৰু মুখৰ হোৱা নাযায়, তেন্তে জাতিটোৰ গতিপথ সদায়ে বিপদ সংকুল হৈয়ে থাকিব৷সেয়ে সকলো বিঘিনিৰ আঁতৰাই এটা সংহত জাতি নিৰ্মাণ তেওঁৰ লক্ষ্য হৈ পৰিল ৷
‘চেতনা’ৰ পাততে অম্বিকাগিৰীয়ে প্ৰাদেশিক চেতনাৰ কথা বিশেষভাৱে আলোচনা কৰিছিল৷ তেওঁৰ মানত প্ৰাদেশিক চেতনা হৈছে খণ্ড চেতনা৷ তেওঁ কৈছিল, খণ্ড-চেতনা নহ’লে বিশ্ব-চেতনাও প্ৰকৃততে গঢ় নলয়৷ খণ্ড-চেতনা ঘঁহি পিঁহি স্বচ্ছ কৰি নললে বিশ্ব-চেতনা প্ৰতিফলিত হ’বলৈ বাট বিচাৰি নাপাব৷ তেওঁ দেখুৱাই দিলে, জাতি এটা সুস্থ-সবল হোৱাৰ মূল হ’ল অৰ্থনীতি৷ অৰ্থনৈতিক ভেটি সবল কৰাৰ চাবি কাঠি যদি জাতিটোৰ হাতত নাথাকে জাতি সবল হ’ব কেনেকৈ? খেতি আৰু বেপাৰ বাণিজ্য সকলোতে অসমীয়াৰ সবল অংশগ্ৰহণৰ কথা তেওঁ ‘চেতনা’ত দঢ়াই কৈছিল ৷ [‘চেতনা, ১ম বছৰ, ১ম সংখ্যা, ১৮৪০ শক]৷
‘চেতনা’ৰ প্ৰথম সংখ্যাতে অম্বিকাগিৰীয়ে লিখিছিল— অসমীয়া জাতিয়ে বুজিব লাগিব, জাতীয় মংগলৰ নিমিত্তে ৰাজনীতিৰ আৱশ্যক; জাতিৰ মেৰুদণ্ড সবল ৰাখিবলৈ কৃষি, শিক্ষা, বাণিজ্য আদি প্ৰধান অস্ত্ৰ, জাতিৰ সম্মান বঢ়াবলৈ দৰ্শন, বিজ্ঞান, সাহিত্য, জ্যোতিষ ইত্যাদি মূল্যবান অলংকাৰ৷ সেইবাবে আমি সমাজনীতি, ৰাজনীতি, কৃষি, শিল্প, বাণিজ্য ইত্যাদিৰ সহায়েৰেই জাতীয়তাৰ ডাঙৰ দীঘল আৰু বহল ৰাজ-আলি বান্ধিবলৈ আগবাঢ়িব৷ কাৰণ, জাতীয়তা যেতিয়া শকত আৱত হৈ বীৰ দৰ্পেৰে আদৰ্শৰ ফালে লক্ষ্য ৰাখি চলিবলৈ সময় আহিব, তেতিয়া এই ৰাজ-আলি ঠেক বুলি যেন সি পিছল খাই বাগৰি পৰিব নোৱাৰে৷ এই মহাসত্যৰ সৌন্দৰ্য বঢ়াটোৱে চেতনাৰ ঘাই উদ্দেশ্য আছিল ৷
চেতনা’ই তুলি ধৰিছিল এই কথাঃ জাতিৰ ভেটি হৈছে অৰ্থনীতি ৷ অসমীয়াৰ আৰ্থিক দিশলৈ ‘চেতনা’ সজাগ আছিল, সেয়ে উদ্বিগ্নও হৈছিল ৷ অসমীয়াৰ কৃষি আৰু ব্যৱসায়ক সঠিক বাটেৰে নিবলৈও ‘চেতনা’ই প্ৰয়াস কৰাৰ কথা প্ৰথম সংখ্যাতে স্পষ্ট ৷ চেতনাই লিখিছিল, কৃষকসকলেই আমাৰ দেশৰ আৰু সমাজৰ মেৰুদণ্ড ৷ তেওঁলোকৰ অৱস্থা দুৰ্বল হ’লেই সমাজ ভাঙি পৰে৷ অকল ধান খেতিৰ ওপৰত নিৰ্ভৰ নকৰিবলৈ আবেদন জনাই আলোচনীখনৰ সম্পাদকীয়ত লিখা হৈছিল যে যিবোৰ খেতি আৰু ব্যৱসায় লুপ্ত হৈছে সেইবোৰৰ উদ্ধাৰ আৰু উন্নত ধৰণেৰে তাক পৰিচালনা কৰাটো আৱশ্যক ৷ অসমৰ গৌৰৱ সম্পদ এড়ী, মুগা, পাট, কপাহ আদিৰ আদৰ সকলো দেশতে হৈছে; কিন্তু এইবোৰৰ ব্যৱসায় বিদেশীৰ [অসমৰ বাহিৰৰ লোককেই তেতিয়া বিদেশী বোলা হৈছিল] হাতলৈ যোৱাত খেদ কৰিছিল ‘চেতনা’ই ৷ সেয়ে কপাহ, সৰিয়হ, তিল, এৰা গুটি, কুঁহিয়াৰ, আলু, বিবিধ মাহ আদিৰ খেতি বিস্তৃত ধৰণেৰে কৰিবৰ বাবে আৰু এইবোৰ খেতি আৰু ব্যৱসায় প্ৰণালী যাতে গাঁৱলীয়া খেতিয়কে সহজে জানিব পাৰে তাক দেখুৱাবলৈ এদল স্বাৰ্থত্যাগী আৰু স্বদেশপ্ৰেমী ডেকাৰ আৱশ্যকতাৰ কথাও উনুকিয়াইছিল৷ ইয়াৰ মাজত কৃষি আৰু ব্যৱসায় সম্পৰ্কে অম্বিকাগিৰীৰ আধুনিক দৃষ্টিভংগী লক্ষ্য কৰিব পাৰি৷৷
আনহাতে চেতনা প্ৰকাশৰ দশকতে অসমত অবাধ প্ৰব্ৰজন ঘটিছিল ৷ বিশেষকৈ চুবুৰীয়া মৈমনসিং জিলাৰ পৰা ঘটা প্ৰব্ৰজন সন্দৰ্ভত ‘চেতনা’ৰ স্থিতি আছিল দৃঢ় ৷ এই প্ৰব্ৰজনে অসমৰ সামাজিক বাতাবৰণ বিনষ্ট কৰাৰ কথা উল্লেখ কৰি ব্ৰিটিছ চৰকাৰক কঠোৰ সমালোচনা কৰি ‘চেতনা’ই লিখিছিল, “এতিয়াৰ পৰা আৰু ময়মনসিং জিলা আদিৰ পৰা এই শ্ৰেণীৰ মানুহৰ আসামত আহি বসতি স্থাপন কৰিবলৈ বন্ধ কৰি দিয়ক ৷” চৰকাৰৰ দেশী মানুহৰ প্ৰতি মন দিবলৈ আহৰিয়ে নাই বুলি চৰকাৰক সমালোচনা কৰি লিখিছিল যে চৰকাৰে এনে অসামঞ্জস্যহীন স্থিতি ল’ব নোৱাৰে ৷
আনহাতে, ‘চেতনা’ই মৈমনসিংহৰ পৰা আহি অসমত বসতি কৰা মুছলমানৰ প্ৰতি এক উদাৰ দৃষ্টিভংগীও প্ৰকাশ কৰিছিল ৷ এই সকলোকে অসমীয়াৰ লগত বিলীন হৈ যাবলৈ তেওঁ আৱেদন জনাইছিল ৷ অকল তেওঁলোককে নহয় ভাৰতৰ আন প্ৰদেশৰ পৰা অহা সকলৰ প্ৰতিও একেই আবেদন জনাইছিল ৷ বিশেষকৈ অসমত চাৰি-পাঁচ পুৰুষ ধৰি থকা বাঙালীসকলক ‘অসমীয়া’ বুলি পৰিচয় দিবলৈ আৰু অসমীয়া ভাষাক মাতৃভাষা কৰি জাতীয় ভাষাৰ উন্নতিৰ নিমিত্তে থিয় হ’বলৈ আহ্বান জনাইছিল ৷ লগতে কৈছিল যে অন্যান্য প্ৰদেশৰ পৰা অহা সকলকো অসমীয়াই ভাষা, জাতি, নীতি ইত্যাদিৰে সম্পূৰ্ণকৈ অসমীয়া কৰি ল’বলৈ বিচাৰিছে ৷ নৱাগত সকল পোনতে ‘নতুন অসমীয়া’ আৰু পিছত ‘ঘৰৰ অসমীয়া’ হৈ পৰিব বুলি ‘চেতনা’ত প্ৰকাশ কৰা হৈছিল ৷ ‘চেতনা’ৰ ধাৰাটো আছিল এনে : “এতিয়াৰ পৰা আমি ভাৰতৰ আন প্ৰদেশৰ আসামবাসী লোক সকলক ‘নতুন অসমীয়া’ বুলি মাতিম ৷ কিছুদিন যোৱাৰ পাছত যেতিয়া তেওঁলোক অসমীয়া জাতিৰ লগত সম্পূৰ্ণকৈ মিহলি হৈ যাব, তেতিয়া তেওঁলোকক ঘৰৰ অসমীয়া বুলি শাৰীত ধৰিম ৷ আমাৰ উদাৰ মতত এই সকলৰ কোনোৱে একো আপত্তি নুতুলিব বুলি আমাৰ দৃঢ় বিশ্বাস ৷” [প্ৰথম বছৰ, পঞ্চম সংখ্যা, ১৮৪১ শক]
(২)
‘চেতনা’ৰ প্ৰকাশ বন্ধ হোৱাৰ সাত বছৰ পাছত তেওঁ উলিয়াইছিল ‘ডেকা-অসম’৷ জাতীয়তাবোধ গঢ়াৰ বাটত জাতিটোৰ দুৰ্বলতা ক’ত, জাতিৰ সংকটৰ উৎস কি ? জাতিৰ বিকাশৰ অন্তৰায়বোৰ কি? সকলো কথা তেওঁ আৰু অধিক স্পষ্টকৈ ডেকা-অসমত কৈছিল৷ কোনো দ্বিধা সংকোচ তেওঁ নাছিল৷ আত্মসমালোচনাৰ দৃষ্টিভংগীৰে দুৰ্বলতাবোৰ দেখুৱাই দিবলৈ যিদৰে কুণ্ঠাবোধ নকৰিছিল, তেনেদৰে ব্ৰিটিছৰ সকলো ষড়যন্ত্ৰও তুলি ধৰিবলৈ পিছহুঁহকি থকা নাছিল ৷ ব্ৰিটিছ মদতপুষ্ট এচাম বহিৰাগত কিদৰে নিজ স্বাৰ্থত নিয়োজিত হৈ অসমীয়া জাতিৰ বিকাশৰ অহেতুক হেঙাৰ হৈছিল তাকো দেখুৱাই দিছিল৷আনহাতে মৌনতা অৱলম্বন কৰি কোনো দায়িত্ববোধৰ চানেকি দিব নোৱৰা অসমীয়া সকলকো তেওঁ সমালোচনাৰে থকাসৰকা কৰিছিল ৷
ডেকা-অসম আৰু সংৰক্ষিণী-সভাৰ দৃষ্টিভংগীক সমৰ্থন কৰি তৰুণৰাম ফুকনে এটি বিবৃতি দি লিখিছিল যে ভাৰতৰ সমস্যা এটা নহয়, বহুতো৷ প্ৰত্যেকটোৱে জটিল– গতিকে কঠিন৷ এই সমস্যাৰ লগে লগে কিছুমান প্ৰাদেশিক সমস্যাও আবিৰ্ভাৱ হৈছে আৰু সেইবিলাক যে অচিৰে পূৰণ কৰা আৱশ্যক, তাক প্ৰত্যেক প্ৰদেশবাসীয়ে অনুভৱ কৰিছে ৷ সেয়ে দেশ উদ্ধাৰৰ প্ৰধান প্ৰচেষ্টাৰ লগে লগে প্ৰাদেশিক সমস্যা পূৰণৰ চেষ্টাও প্ৰবলভাৱে চলিছে৷ সেই চেষ্টা অসমীয়াৰ পক্ষৰ পৰা ভালদৰে চলা নাই বুলি নিশ্চয়কৈ ক’ব পাৰি ৷ উদাৰমতি অসমীয়াই এতিয়াও উদাৰ পন্থী হৈ চলাৰ ভাবতেই আছে; কিন্তু অসমবাসী আৰু অসমীয়াৰ ভিতৰত পাৰ্থক্য উলিয়াই তেওঁলোকৰ মাজত ভিন ভাব প্ৰবৰ্তাই, উদাৰ নীতিও দোহাই দি, নিজ স্বাৰ্থ-সাধনৰ যি যি অভিসন্ধি চলিছে, সেইটো অসমীয়াৰ কাণত পৰিও নপৰা হৈ আছে ৷ চৰকাৰে সততে অসমীয়াৰ অযোগ্যতাক তুলি ধৰাৰ যোগ্য উত্তৰ দি ফুকনে কৈছিল– “… সিদিনাখনলৈকে অসমীয়াই স্বাধীন হৈ থাকি ৰাজ্য চলাই, বেহা-বেপাৰ কৰি সুখে খাই মেলি থাকিবৰ
যোগ্যতা লৈ আছিল, তেন্তেনো সবাতো অধিক সুচক ইংৰাজ গৱৰ্ণমেণ্টৰ অধীনলৈ আহি অসমীয়াৰ এনে দুৰৱস্থা এই কেইদিনতে কেনেকৈ হ’ল? অসমীয়াই এই অযোগ্যতা ক’ৰ পৰা পালে? ই অসমীয়াৰ দুৰ্কপালৰ সাধুকথা হ’লেও অসমত ব্ৰিটিছ শাসনৰ ঘোৰ কলংকৰ কাহিনী নহয় নে?” তেওঁ আৰু কৈছিল– “…অসমবাসী বিদেশীৰ প্ৰতি আমাৰ আৰু অকণো বিদ্বেষ নাই, পাৰিলে আমাৰ সহায় লৈ অসমত থাকি, এমুঠি চাউল তেওঁলোকেও মোকলাওক, কিন্ত অসমীয়াৰ ওপৰেৰে উদাৰ নীতি চলাই আমাৰ মুখৰ আগতে আমাৰ অযোগ্যতাক ধ্বিকাৰ দি আমাৰ মুখৰ ভাত কাঢ়ি খাব, ইয়াক আমি সহ্য নকৰোঁ ৷” ফুকনে আৰু কৈছিল যে জাতীয় মহাসভাই কংগ্ৰেছৰ আগত আমাৰ সুকীয়া সমস্যা ডাঙি ধৰিব লাগিব আৰু পূৰণ কৰাবৰ চেষ্টা কৰিব লাগিব৷ দেশ উদ্ধাৰৰ প্ৰচেষ্টাৰ লগে লগে ৰাষ্ট্ৰীয় মহাসভাই প্ৰাদেশিক সমস্যাৰো সমাধান দিব লাগিব৷ [ডেকা-অসম, সপ্তম বছৰ, সপ্তম সংখ্যা, ১৬ ভাদ্ৰ, ১৮৫৭ শক] ৷

জাতি কি, জাতি গঠনৰ প্ৰক্ৰিয়া কি বা কেনেকৈ জাতি গঢ় লয় ? ‘ডেকা-অসম’ৰ ধাৰণা আবেগপ্ৰসূত নাছিল ৷ ‘ডেকা-অসমে জাতিৰ সংজ্ঞা দি লিখিছিল এনেকৈ: “… এক স্বাৰ্থ, এক চিন্তা আদৰ্শ, এক শিক্ষা-সাধনা, এক ভাব-কাৰ্য্য, এক হাৱা-পানী, এক ৰীতি-নীতি, এক উৰণ-পিন্ধন, এক খাৱন-দাৱন, উঠন-বহন, এক পাৰিপাৰ্শ্বিক অৱস্থা, জীৱন যাত্ৰাৰ প্ৰণালী ইত্যাদিৰ দ্বাৰা লালিত-পালিত হৈ একেটি মাত্ৰ স্বাৰ্থ আৰু সাধনাৰ পূজা-সেৱাৰ বস্তু বুলি ভাবি যিবিলাক মানুহ একেলগে বাস কৰে, সেইবিলাক মানুহেই এটা জাতিত পৰিণত হয়, আৰু যি এটা সাধাৰণ আদৰ্শৰে পৰিচালিত হৈ এক যোগে কাম কৰে, সেয়ে সেইবিলাক মানুহৰ এটা জাতীয় আদৰ্শ হৈ উঠে৷ এই জাতীয় আদৰ্শটোৱে হৈছে জগতত সকলো জাতিৰ প্ৰাণৰ বস্তু৷ এই আদৰ্শটোক কেন্দ্ৰ কৰিয়েই সকলো জাতিয়ে নিজ নিজ বিজয়-ডঙ্কা বজাই জগতত বৰ্তি আছে আৰু থাকিব খোজে ৷ [ডেকা-অসম, ১ম বছৰ, ২৩শ সংখ্যা, ৬ পুহ, ১৮৫৭ শক] ৷
কথাখিনিয়ে ষ্টালিনৰ জাতিৰ সংজ্ঞালৈ মনত পেলাই দিয়ে৷ ষ্টালিনেও জাতি গঠনত উমৈহতীয়া ভাবৰ কথাকে তুলি ধৰিছিল৷ ষ্টালিনেই কৈছিল, জাতি ঐতিহাসিকভাৱে গঢ় লোৱা এটা সুস্থিৰ জনগোষ্ঠী যি উমৈহতীয়া সংস্কৃতিৰ ৰূপ লাভ কৰে– এক উমৈহতীয়া ভাষা, বাসভূমি, অৰ্থনৈতিক জীৱন আৰু মানসিকতাৰ যোগেদি প্ৰকাশ পায় (Stalin, National Question) ৷
জাতিৰ দৃঢ়তাৰ ভেটি কি সেই কথাও ‘ডেকা-অসম’এ স্পষ্ট কৰি দিব বিচাৰিছিল এনেকৈঃ নিৰ্ভীকতা, সততা, সত্যবাদিতা, সংকল্পৰ দৃঢ়তা, কৰ্মতৎপৰতা, কৰ্তব্যনিষ্ঠা, ত্যাগশীলতা– এই উপাদানবিলাক যি ব্যক্তি বা জাতিৰ ভিতৰত স্পষ্ট আৰু উজ্জ্বল হৈ প্ৰতিভাত হয়, সেই ব্যক্তি বা জাতিয়ে অকল নিজ দেশতেই তাৰ জাতীয় জীৱনৰ আত্মৰক্ষাৰ সৰ্বাঙ্গীন পৰিপুষ্টি লাভ কৰি নিশ্চিন্ত নাথাকে, জাতিৰ আন এনে দুৰ্দশাগ্ৰস্ত মানুহ জাতিটোৰ অন্যায় উপদ্ৰৱৰ পৰা মুক্তি লাভ কৰা সংগ্ৰামত শক্তি যোগাই নিজক বৃহততকৈ বৃহত্তৰ কৰি লৈ যায়৷ [ডেকা-অসম, ৭ম বছৰ, ২য় সংখ্যা, ৬ শাওন, ১৮৫৭ শক] ৷
ডেকা-অসমৰ প্ৰাদেশিক চিন্তা মহাত্মা গান্ধীৰ দৃষ্টিভংগীৰ দ্বাৰা প্ৰভাৱিত আছিল ৷ গান্ধীৰ এটি উক্তি প্ৰকাশ কৰিছিল৷ সেয়া আছিল– ‘ভাৰতত, চাকৰি উপলক্ষেই হওক বা বেহা-বেপাৰ-খেতিপথাৰ উপলক্ষেই হওক, যিবিলাক ইংৰাজ, আমেৰিকান, জাৰ্মান, আফগান, চীনা বা জাপানী ইত্যাদি লোক নিগাজীকৈ বাস কৰি থাকিব, তেওঁলোকে তেওঁলোকৰ প্ৰত্যেকৰে মূল জাতীয়তা এৰি দি প্ৰকৃত ভাৰতীয় হৈ থাকিব লাগিব, আৰু ভাৰতৰ মংগল-অমংগলেই তেওঁলোকৰ মংগল-অমংগল হ’ব লাগিব৷ কাৰণ, এই লোকসকলে ভোগ কৰিব ভাৰতীয় আনন্দ অথচ যোগ নাথাকিব ভাৰতীয়ৰ আন স্বাৰ্থ-কল্যাণৰ লগত তিলমানো– এনে স্বৰাজ ভাৰতক নালাগে ৷’ [ডেকা-অসম, ২৩শ সংখ্যা, ৬ পুহ, ১৮৫৭ শক] ৷
অম্বিকাগিৰী – ডেকা-অসম-সংৰক্ষণ-সভাৰো আছিল এইটোৱেই যুক্তি৷ সেয়ে মুকলিভাৱেই ক’ব পাৰিছিল, “কোনো এক জাতিয়ে কোনোখন দেশত বিভিন্ন স্বাৰ্থ সম্পন্ন হৈ সদায় বাস কৰি থাকিলে, সেই দেশত সাম্ৰাজ্যবাদ আৰু লুণ্ঠনবাদ অদমনীয়ভাৱে বাঢ়ি উঠি সেই দেশখনক চিৰকাল অশান্তিৰ বাসভূমি কৰি তোলে ৷”
‘ডেকা-অসম’ আৰু ‘সংৰক্ষণী-সভা’ই গান্ধীৰ দৃষ্টিভংগীকে সাৰোগত কৰি অসমলৈ অহা নৱাগত সকলোকে অসমীয়া জাতীয়তাত বিলীন হ’বলৈ আহ্বান জনাইছিল আৰু আনকি বিৰোধ কৰা সকলকো অসমীয়া জাতীয়তাত সাঙুৰি ল’বলৈ সভাই পণো লৈছিল– “অসমত যি বঙ্গালী বা আন লোক আছে, সেই সকলৰ প্ৰতি ‘সংৰক্ষণী-সভা’ৰ বা সভাৰ নীতিৰ পৰিপোষক আমাৰ একো বিদ্বেষ ভাব নাই; কিন্তু তেওঁলোকৰ একগুয়ামী উচ্ছাভিমানেৰে অসমত অসমীয়াৰ খিলঞ্জীয়া সম্পত্তিৰ ওপৰত অনাধিকাৰ হস্তক্ষেপ কৰাৰ মনোবৃত্তিক সমুলঞ্চে ধ্বংস কৰি, তেওঁলোকৰ তেনে শূন্য গৰ্ব উচ্ছাভিমানৰ আবদাৰটো মূল্যহীন বুলি তাৰ খামোচৰ পৰা তেওঁলোকক উদ্ধাৰ কৰি লৈ, অসম দেশক তেওঁলোকৰ নিজ দেশ আৰু অসমীয়া ভাষাক তেওঁলোকৰ নিজ ভাষা বুলি অসমীয়াৰ জাতীয়তাৰ প্ৰতি তেওঁলোকৰ শ্ৰদ্ধা উৎপাদন কৰি, অসমীয়াৰ লগত একেলগে সাঙুৰি অক্ষত অসমীয়া জাতিৰ সংগঠনেৰে অসমত এনে ধৰণৰ অশান্তি চিৰকাললৈ নাইকিয়া কৰি একেলগে ভাৰতীয় মহাজাতি সংগঠনৰ ফালে আগবাঢ়ি যোৱাৰ পথ পৰিস্কাৰ কৰি ল’বলৈকে ‘সংৰক্ষণী-সভা’ বদ্ধপৰিকৰ ৷” [পূৰ্বোক্ত]
নগাঁৱত বহা সংৰক্ষী-সভা [১৯৩৫]ৰ আদৰণি সমিতিৰ গোহাৰিতো উল্লেখ কৰা হৈছিল অসম কামধেনুৰ দুগ্ধেৰে জীৱন ধাৰণ কৰি যি অসমৰ স্বাৰ্থকে নিজৰ স্বাৰ্থ বুলি ভাবিব পাৰিছে, তেওঁলোকেই অসমীয়া [পূৰ্বোক্ত, ৬ পুহ ২৩ শ সংখ্যা ৷
অসমীয়াৰ সংজ্ঞা ডেকা-অসম বা অম্বিকাগিৰীয়ে সংকীৰ্ণভাৱে নিৰ্ধাৰণ কৰা নাছিল৷ কেৱল খিলঞ্জীয়া সকলেই অসমীয়া বুলি প্ৰভুত্ববাদী ভূমিকাও লোৱা নাছিল৷ অসমীয়া হ’ল পুৰণি অসমৰ বাসিন্দা আৰু নতুনকৈ বাহিৰৰ পৰা আহি অসমত নিগাজীকৈ বাস কৰা সকল৷ দুয়োৰে সংমিশ্ৰণতে অসমীয়া জাতি৷ নতুন সকলক মাথো ইয়াৰ ভাষা-স্কৃতিৰে বিলীন হৈ সমগ্ৰ অসমৰ বা অসমীয়াৰ স্বাৰ্থকে তেওঁলোকৰো স্বাৰ্থ কৰি ল’বলৈ ডেকা-অসমে আহ্বান জনাইছিল৷ এই আহ্বানত কোনো সংকীৰ্ণতা বা বিদ্বেষ নাছিল, আছিল উদাৰনৈতিক দৃষ্টিভংগী আৰু গণতান্ত্ৰিকতা৷ যিসকলে তেওঁৰ বিৰোধ কৰিছিল বা বিদ্বেষ বিয়পোৱা বুলি আখ্যা দিব খুজিছিল তেওঁলোককো অম্বিকাগিৰীয়ে ‘ডেকা-অসম’ৰ জৰিয়তে বাৰে বাৰে কাতৰ আহ্বান জনাইছিল অসমীয়া জাতীয়তাত যোগ দিবলৈ ৷
আনহাতে অসমীয়াৰ ছাব-মোহৰ থাকিলেই অসমীয়া নহয়, যদিহে অসমীয়াৰ স্বাৰ্থৰ লগত তেওঁৰ কোনো সম্বন্ধ নাথাকে তাকো ডেকা-অসমে ‘প্ৰকৃত অসমীয়া কোন’ — টোকা এটাৰে সঁকীয়াই দিছিল এনেদৰে— “যি লোকে তাৰ খিলঞ্জীয়া অসমৰ মাটিত অসমীয়া পিতৃ-মাতৃৰ ঘৰত জন্মি অসমৰ হাৱা-পানী খাই সমাজৰ প্ৰভাৱত বৰ্দ্ধিত হৈ অসমীয়াৰ জাতীয় সৌষ্ঠৱ বৰ্দ্ধন কৰা কাৰ্যত চিন্তাৰেই বা নামেৰেই হওক বা ধনেৰেই হওক নানা অশান্তিৰ তৰ্ক উলিয়াই অলপো ত্যাগ স্বীকাৰ কৰিবলৈ বা দুখ-কষ্ট সহিবলৈ প্ৰস্তুত নহয় বা চকুৰ লাজত বা কোনোধৰণৰ বাধ্য-বাধকতাত পৰি যৎসামান্য ত্যাগ কৰিব লাগিলেও বুকুৰ আগমঙহ ডোখৰ ডোখৰ চিঙি যোৱা যেন পায়, তেনে লোক অসমীয়া নহয়৷ [ঐ, ৪১ সংখ্যা, ২০ শাওন] ৷
[৩]
অসমীয়া এটা ভাষিক জাতি, ধৰ্মৰ লগত জাতিটো সংশ্লিষ্ট নহয় ৷ ডেকা-অসম বা সংৰক্ষিণী-সভাই পৰিষ্কাৰকৈ কথাষাৰ সোঁৱৰাই দিছিল ৷ ডেকা-অসমে লিখিছিল, “ভাৰতৰ আনবিলাক প্ৰদেশত হোৱাৰ দৰে অসমত হিন্দু-সভাৰ একো আৱশ্যকতা নাই ৷ আৱশ্যকতা নাই বুলি কোৱা হৈছে এইকাৰণেই নহয় যে, অসমত হিন্দু নাই বা হিন্দু সংস্কৃতিৰ অভাৱ আছে, … যি যি কাৰণৰ বাবে আন আন প্ৰদেশত হিন্দু-সভা বা হিন্দু সংগঠনৰ আৱশ্যক বুলি কোৱা হয়, অসমীয়া হিন্দু সমাজত সামাজিকভাৱে সেইবিলাক কাৰণ নাই, আৰু দুই এটা থাকিলেও সি খুব দুৰ্বল, আৰু আমাৰ সত্ৰবিলাকৰ পৰাই তাৰ উচিত সমাধান হয় আৰু হৈ আছে ৷ গতিকে, অসমীয়া হিন্দু সমাজক ৰক্ষা কৰিবলৈ আনবিলাক প্ৰদেশৰ কাৰণবিলাক আনি বহাই অসমীয়াৰ ভিতৰত হিন্দু সংগঠনৰ আৱশ্যকতা দেখুৱাবলৈ একো যুক্তি নাই ৷ [ঐ, ২৮ পুহ, ২৪শ সংখ্যা] ৷
এইখিনি লিখিয়েই ডেকা-অসম ৰৈ যোৱা নাই, মুছলমান সকলকো এইখিনি সকীয়নি দিয়াৰ আৱশ্যকতা অনুভৱ কৰিছিল— “অসমীয়া মুছলমান সমাজৰো তেওঁলোকৰ ধৰ্ম আৰু আন স্বাৰ্থ ৰক্ষাৰ নিমিত্তে অসমৰ কোনোফালে নোহোৱা নোপোজা আন প্ৰদেশৰ বিসদৃশ ভাবৰ ধাৰাবিলাক আনি ইয়াত কোনো সাম্প্ৰদায়িকতাৰ বীজ সিঁচিবৰ একো কাৰণ নাই ৷… অসমীয়া হিন্দু আৰু মুছলমানৰ সামাজিক জীৱন সাম্যৱস্থা সম্পন্ন৷” [ঐ] ৷
অৱশ্যে ৰাজনৈতিক ক্ষেত্ৰত যে হিন্দু-মুছলমানৰ মাজত কিছু বৈষম্য দেখা গৈছে সেয়া ডেকা-অসমে স্বীকাৰ কৰিছে৷ চিৰপ্ৰসিদ্ধ অসমীয়া সমাজত এই বৈষম্যত উদ্গনি দিয়া শক্তিটো তৃতীয় শক্তিহে আৰু সেয়া হ’ল ইংৰাজসকল ৷ এই তৃতীয় পক্ষই বৈষম্য সৃষ্টি কৰি তাক ক্ৰমে পকা কৰি লৈ তেওঁলোকৰ ষোল অনা স্বাৰ্থই পূৰণ কৰে ৷ সেয়ে ডেকা-অসমে লিখিছে, “আমাৰ দুয়ো সম্প্ৰদায়ে এই সত্যটো হৃদয়ঙ্গম কৰি পূৰ্ব ইতিহাসৰ সন্মান বজাই ৰাখিলে অকল সমগ্ৰ ভাৰত জুৰি নহয়, ভাৰতৰ বাহিৰেও অসমীয়া জাতিৰ সন্মান গৌৰৱ বাঢ়িব ৷
ডেকা-অসমৰ স্পষ্ট কথা এটাই : “আমি জোৰেৰে কওঁ অসমীয়া জাতি হিন্দু সভাই বা মুছলমান সভাই ৰক্ষা কৰিব নোৱাৰিব, পাৰিব সংৰক্ষিণী-সভা’ৰ নীতিয়েহে৷” [ঐ] ৷
অসমীয়া জাতিৰ সুকীয়া সংকটৰ কথা বিবৃতিৰে তুলি ধৰা তৰুণৰাম ফুকনৰ এটা কথা এই প্ৰসংগতে উনুকিয়াব পাৰি৷ তৰুণৰাম ফুকনে নগাঁৱত হ’বলগীয়া প্ৰাদেশিক হিন্দু মহভাত সভাপতিত্ব কৰিব বুলি শুনি ডেকা-অসমে ফুকনক প্ৰশ্ন কৰিছিল “ফুকন ডাঙৰীয়াই অসম প্ৰাদেশিক হিন্দু সভাত নেতৃত্ব গ্ৰহণ কৰি সমূহ অসমীয়া জাতিৰ সমস্যা পূৰ্ণ কৰিব বুলি ভাবিলে নেকি? তেনেহ’লেতো নহ’ব৷ কাৰণ হিন্দুৰ বাহিৰেও অসমত অসমীয়া জাতিৰ ভিতৰত মুছলমান, খ্ৰীষ্টিয়ান, বৌদ্ধ, শিখ, পৰ্বতীয়া আদি বহু লোক আছে৷” [ঐ,৮ম সংখ্যা, ১৬ ভাদ্ৰ]৷ ডেকা-অসমে পুনৰ বিবৃতি দি ফুকনক এই সন্দেহ দূৰীভূত কৰিবলৈ আহ্বান জনাইছিল৷ ডেকা অসমৰ এই স্থিতি আছিল দূৰদৰ্শী আৰু ঐতিহাসিক ৷
সাম্প্ৰদায়িকতা জাতিৰ বৰ বিহ, তাক নেওচা দিবলৈ ‘‘সংৰক্ষিণী সভাৰ নগাঁও অধিবেশনত সভাপতি পদ্মনাথ গোহাঞিবৰুৱাই তেতিয়াৰ অসমৰ পটভূমিত কৈছিলঃ” অসমীয়া জাতিৰ অন্তৰ্গত অসম উপত্যকাৰ স্থায়ী মাৰোৱাৰী, বংগালী, মৈমনচিঙীয়া, হিন্দুস্থানী, বিহাৰী, নেপালী, বাগিছাৰ আদিৰ বনুৱা আৰু পৰ্বতীয়া বিভাগে সৈতে মণিপুৰৰ মণিপুৰী, খাচীয়া জয়ন্তীয়া, কাছাৰৰ কছাৰি, নগা, গাৰো, মিচিমি, আবৰ, অকা ডফলা, চিংফৌ, ফাঁকিয়াল, লুছাই, মিকিৰ আদি সকলো অসমীয়া ভাবত উদ্ধৃত কৰি তুলিলে অসমীয়া জাতিৰ ভিতৰত সাম্প্ৰদায়িকতা আৰু অস্পৃশ্যতা আদি ক্ষুদ্ৰ বিৰোধমূলক ভাববিলাক তুৰন্তে নোহোৱা হ’ব আৰু অসমীয়া জাতিয়ে সোনকালে শক্তিশালীৰূপে সংগঠিত হৈ উঠিলে অসমত অসমীয়াৰ সবল আশ্বস্ত স্বাভাৱিক অধিকাৰ আৰু স্বাৰ্থ সৰ্বতোভাৱে অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হ’ব৷” [ঐ, ২৭শ সংখ্যা, ২৭ মাঘ] ৷
ভাৰতৰ প্ৰেক্ষাপটত ডেকা-অসমে এনেকৈয়ো ভাবিছিলঃ প্ৰত্যেকখন প্ৰদেশৰ লোকসকলক যদি এই ভাবত ভাবিবলৈ চেষ্টা কৰিলেহঁতেন, যে — মই হিন্দু নহওঁ, মই মুছলমান নহওঁ, শিখ নহওঁ, শূদ্ৰ নহওঁ, অন্ত্যজ নহওঁ, অস্পৃশ্য নহওঁ, কিন্তু মই পঞ্জাবী, মই বংগালী, মই মাদ্ৰাজী, মই বিহাৰী, মই অসমীয়া, মই উৰিয়া, — তেনেহলে ভাৰতৰ হিন্দু-মুছলমান, স্পৃশ্য-অস্পৃশ্য আদি সাম্প্ৰদায়িক ভাব ক্ৰমে তিৰোহিত হৈ আহিলহেঁতেন, আৰু তৃতীয় পক্ষইও নিজ স্বাৰ্থ সিদ্ধিৰ বাবে ধৰিবলৈ একো আলম নাপালেহেঁতেন৷ [ঐ, ২য় বছৰ, ২২শ সংখ্যা, ২০ পুহ, ১৮৫৮ শক]৷
সাম্প্ৰদায়িক, সামাজিক, আৰ্থিক, মানসিক ভেদাভেদ বিলাক প্ৰাদেশিক সীমাৰ ভিতৰতে গুচাবলৈ চেষ্টা কৰা উচিত আছিল বুলি ডেকা অসমে ভাবিছিল৷ ইয়াৰ বাবে গান্ধীকো ডেকা অসমে সমালোচনা কৰিছিল এই বুলি যে গান্ধীৰ দৰে ত্ৰিকালজ্ঞ পুৰুষ এজনে এই গুৰুতৰ বিষয়টো এই ফালৰ পৰা চিন্তা কৰি চোৱাটো উচিত আছিল৷
‘চেতনা’ৰ পাতত যেতিয়া স্বাধীনতা আন্দোলনৰ প্ৰসংগ ওলাইছে, তাতো এটা কথাত গুৰুত্ব আৰোপ কৰা হৈছিল যে ভাৰতৰ স্বাধীনতা সম্ভৱ হ’ব হিন্দু-মুছলমানৰ ঐক্যবদ্ধ সংগ্ৰামৰ মাজেৰেহে৷ দিল্লীত হিন্দু-মুছলমানৰ অপূৰ্ব সন্মিলন দেখি ‘চেতনা’ আশ্বস্ত হৈছিল৷ তেনেদৰে বংগভংগ আন্দোলনত হিন্দু-মুছলমানৰ ঐক্যবদ্ধ অংশগ্ৰহণ ‘চেতনা’ৰ বাবে এক আলোড়িত চেতনা৷ আনহাতে অমৃতসৰত হোৱা কংগ্ৰেছ আৰু মুছলিম লীগৰ মহাসভাই ‘চেতনা’ আপ্লুত কৰিছিল ৷
৪
গান্ধীৰ অস্পৃশ্যতা বিৰোধী অভিযানৰ ডেকা-অসমো আছিল অনুৰক্ত৷ সেয়ে স্বাধীনতা তথা অসমীয়াৰ স্বকীয়তা আন্দোলনৰ সমান্তৰালভাৱে অস্পৃশ্যতা, ধৰ্মীয় কুসংস্কাৰ, বলি প্ৰথা আদিৰ বিৰুদ্ধেও অসমীয়াক সজাগ কৰিবলৈ ডেকা-অসমে উদ্যোগ লৈছিল ৷ এটা সুস্থ সবল জাতিৰ বাবে যে এনে অভিযান জৰুৰী তাক ডেকা অসমে বুজাব খুজিছিল৷ সেয়ে যতেই তেনে দৃষ্টান্ত দেখিছিল তাক ডেকা-অসমত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছিল৷ ধৰ্মীয় কুসংস্কাৰৰ বিৰুদ্ধে ৰায় দিবলৈ ডেকা-অসমে কোনো দ্বিধা নকৰিছিল৷ লিখিছিল, ধৰ্মৰ নামত বিগ্ৰহৰ আগত নিৰীহ পশু বলি দিয়াটো এটা হিন্দু ধৰ্মৰ কুসংস্কাৰ৷ শিৱসাগৰৰ এটি ঘটনাৰ উল্লেখ কৰিছে ডেকা অসমে— “শিৱসাগৰৰ শিৱ মন্দিৰত এইবাৰ দুৰ্গাপূজা উপলক্ষে ম’হ বলি দিয়াৰ বিৰুদ্ধে থিয় হোৱাৰ বাবে মন্দিৰৰ সেবাইত সকলৰ লগত পুলিছৰ সহায় লোৱা ৰক্ষণশীল দলৰ মৰামৰি হৈছে ৷ স্থবিৰ সমাজৰ অন্ধবিশ্বাসত সুচল পৰমাণুৰ এনে প্ৰৱেশটো আশাৰ কথা, সন্দেহ নাই ৷” [ঐ, ২য় বছৰ, ১৫শ সংখ্যা, ৩০ কাতি] ৷
শ্ৰীৰাম শৰ্মা নামৰ ধৰ্মপ্ৰাণ পণ্ডিত এজনে কালীঘাটত পশু বলি বন্ধ কৰাৰ কাৰণে জীৱন পণ কৰি অনশন ব্ৰত কৰাৰ এটি খবৰ দি ডেকা-অসমে জনাইছে যে ত্ৰিবাংকুৰ দেশীয় ৰাজ্যত ৰজাৰ আদেশত পশু বলি বন্ধ কৰা হৈছে৷ তেনেকৈ নেপালৰ পশুপতি মন্দিৰতো পশু বলি নিষিদ্ধ কৰাৰ বাতৰি কাকতখনে দিছে৷ গোৱালিয়ৰৰ উজ্জয়নী নামেৰে ৰাজ মন্দিৰৰ দেৱতাৰ আগত পশু বলি দিয়াটো কৰ্তৃপক্ষই বন্ধ কৰাৰ খবৰ দি ডেকা-অসম আহিছে অসমৰ প্ৰসংগলৈ৷ খবৰ দিছে কামাখ্যা, উমানন্দ, দেৰগাঁও, বিশ্বনাথ, শিৱদৌল আদিত নিৰীহ পশু বলি প্ৰথা চলি থকাৰ কথা৷ খবৰ দিছে, শিৱৰাত্ৰিৰ সময়ত উমানন্দত খাহিবিলাক ডিঙি মোহাৰি অশেষ যন্ত্ৰণা দি নৃশংসভাৱে বধ কৰা হয়৷এইবোৰ যে হিন্দু ধৰ্মৰ আবৰ্জনা তাক ক’বলৈ ডেকা অসমে দ্বিধা কৰা নাই৷ [ঐ, ২য় বছৰ, ৩৬শ সংখ্যা, ১৮৫৮ শক] ৷
ত্ৰিবাংকুৰৰ মহাৰাজৰ ২৫ সংখ্যক জন্মদিনক হিন্দু ধৰ্মৰ ইতিহাসত সোণালী আখৰে লিখা থাকিব বুলি এটা সংখ্যাত ডেকা-অসমে ঘোষণা কৰিছে৷ ইয়াৰ কাৰণ হ’লঃ সেই দিনতে মহাৰাজে তেওঁৰ ৰাজ্যৰ সমুদায় হিন্দু মন্দিৰৰ দুৱাৰ অস্পৃশ্য হৰিজন সকললৈকো মুকলি কৰি দি নিজৰ নৈতিক শক্তি আৰু চিত্তৌদাৰ্যৰ পৰিচয় দিছিল৷ ডেকা-অসমে লিখিছে ইয়াৰ দ্বাৰা মহাৰাজ পৃথিৱীৰ ধন্যবাদৰ পাত্ৰ হৈছে৷ “এতিয়াৰ পৰা নিকপকপীয়া আঁকোৰ গজালি সনাতনী সকলৰো মন অলপ কুমলিব বুলি” ডেকা অসমে আশা কৰিছে৷ [ঐ, ২য় বছৰ, ১৯শ সংখ্যা, ২৮ আঘোণ] ৷
অৱশ্যে ইয়াৰ অন্তৰালৰ কাহিনী আছিল বৰ চিত্তাকৰ্ষক৷ ত্ৰিবাংকুৰৰ অস্পৃশ্য হিন্দু সকলৰ অৱস্থা সবৰ্ণ হিন্দু হিন্দুতকৈ বেয়া নাছিল৷ শিক্ষা-আৰ্থিক অৱস্থাত অস্পৃশ্যসকল সবৰ্ণ হিন্দুতকৈ ভাল আছিল৷ সেই কাৰণেই অস্পৃশ্য সকলে সনাতনী সকলৰ অত্যাচাৰ সহিবলৈ টান পাই আছিল৷ সেয়ে মুকলি আদৰ্শ সম্পন্ন, উদাৰ হৃদয়ৰ মহাৰাজা আৰু মহাৰাণীৰ ৰাজত্বক ত্ৰিবাংকুৰৰ ভাগ্য বুলি ভাবিছিল৷ ইয়াৰ মূলত আছিল এজন অক্লান্ত, নিৰ্ভীক মনৰ মহাপুৰুষ৷ তেওঁ হ’ল সেইসময়ৰ ‘দেশাভিমানী’ কাকতৰ প্ৰতিষ্ঠাতা অস্পৃশ্য সমাজৰ নেতা মি: টি, কে মাধবেন৷ ১৯১৭ চনত তেওঁ মন্দিৰ প্ৰৱেশৰ সমান অধিকাৰৰ বাবে তেওঁৰ কাকতত এটা তেজস্বী প্ৰবন্ধ লিখে৷ তেতিয়াৰ দিনত অবৰ্ণ সকল হিন্দুৰ মন্দিৰত প্ৰবেশ কৰাতো দূৰৈৰ কথা ওচৰ চাবিবলৈকে নোৱাৰিছিল৷ গতিকে সবৰ্ণ হিন্দু সকলে মাধবেনক বলিয়া বুলি প্ৰচাৰ কৰিবলৈ ধৰিলে৷ বন্ধু সকলেও তেওঁক এৰিলে৷ কিন্তু তেওঁ লক্ষ্যৰ পৰা আঁতৰি নাহিল৷ তেওঁ ত্ৰিবাংকুৰৰ ৰজাৰ সাক্ষাৎ বিচাৰি দেৱান বাহাদুৰৰ ওচৰ চাপিল৷ কিন্ত ব্যৰ্থ হ’ল৷ গান্ধীয়ে মাধবেনক ব্যক্তিগত সত্যাগ্ৰহ কৰিবলৈ পৰামৰ্শ দিলে৷টকা আৰু কৰ্মীৰ অভাৱত সেয়া হৈ নুঠিল৷ অৱশেষত হতাশ হৈ অসবৰ্ণ হিন্দু সকল হতাশ হৈ হিন্দু ধৰ্মকে ত্যাগ কৰিবলৈ মনস্থ কৰিলে৷ মাধবেন আছিল গোড়া হিন্দু৷ তেওঁ ইয়াত সহানুভূতি দেখুৱাব নোৱাৰিলে৷ ১৮২৩ চনত যেতিয়া কংগ্ৰেছে অস্পৃশ্যতা নিবাৰণৰ প্ৰস্তাৱ ললে, তেতিয়া মাধবেনে সত্যাগ্ৰহ আৰম্ভ কৰে৷ এই সত্যাগ্ৰহৰৰ পৰিণতিতে ত্ৰিবাংকুৰৰ মন্দিৰ প্ৰবেশ সফলকাম হৈছিল৷ ১৯৩৬ চনৰ ২ নৱেম্বৰৰ দিনা মহাৰাজে ত্ৰিবাংকুৰৰ সকলো হিন্দু মন্দিৰ, আলি-পদূলি, নৈ, পুখুৰী, সকলোতে অসবৰ্ণ হিন্দু সকলৰ কাৰণে মুকলি কৰি দিয়ে৷ [ঐ] ৷ ডেকা-অসমে লিখিছিল: “ধন্য কাল, ধন্য মহাত্মা গান্ধী, ধন্য মহাৰাজ-মহাৰাণী, ধন্য কৰ্মী সকল৷ বিৰাট লাঞ্ছিত নৰ-নাৰীৰ মৰ্মভেদী আৰ্তনাদৰ সফলতাৰ ভিতৰেদি তোমালোক জগতত চিৰ অমৰ হ’লা ৷” [ঐ, ২য় বছৰ, ১৭শ সংখ্যা, ১৪ আঘোণ] ৷
তেনেদৰে নাৰীৰ অধিকাৰ লৈও ডেকা অসম সচেতন আছিল আৰু নাৰী লৈ সমাজত যিবোৰ কুসংস্কাৰ বৰ্তি আছে তাকো উদঙাই দিছিল৷ এই লৈ ডেকা অসমত প্ৰকাশিত এখন চিঠিৰ কথা উল্লেখ কৰিব পাৰি৷ চিঠিখনৰ লেখক খগেন্দ্ৰ নাৰায়ণ শৰ্মা৷ তেওঁ লিখিছে– “কোনো তিৰোতাৰ যদি অবৈধ গৰ্ভ হয়, তেনেহলে সেই গৰ্ভ কোনো পুৰুষৰ সংসৰ্গতহে হয়; …এনে অৱস্থাত সেই তিৰোতাজনী দোষী নে সেই পুৰুষজনো দোষী? যদি দুয়োজনেই হয়, তেনেহ’লে এজনীক বনবাস দি আনজনক ঘৰৰ ভিতৰত ৰান্ধনি কৰি ৰখা সমাজৰ কেনে কথা আমি হ’লে নাজানো৷ যদি দোষী হয় দুয়োজনেই হওক; দুয়োজনকে ঘৰ সংসাৰ কৰি খাবলৈ বাধ্য কৰক৷” [ঐ, ১ম বছৰ, ২০শ সংখ্যা, ১৬ আঘোণ]
৫
ডেকা-অসমৰ স্থিতি আছিল সাম্ৰাজ্যবাদ বিৰোধী৷ ধনতন্ত্ৰকো সাম্ৰাজ্যবাদৰে সহোদৰ আখ্যা দিছিল ডেকা-অসমে৷ দুইটাই দেশে দেশে শোষণ-নিপীড়ন নমাই আনে, সেই কথা কাকতখনত প্ৰকাশ পাইছিল৷ তাৰ পৰা অসমীয়া জাতিক শিক্ষা লবলৈ কৈছিল৷ অৰ্থাৎ জাতিৰ স্থিতি যদি সাম্ৰাজ্যবাদৰ বিৰোধী নহয় তেন্তে জাতিৰ স্বাধীনতাও সম্ভৱ নহয়, সেই কথাকে তেওঁ বুজাবলৈ আন্তৰ্জাতিক প্ৰেক্ষাপট আঙুলিয়াইছিল৷ ডেকা-অসমে কৈছিল পৃথিৱীত দুটা শক্তিৰ সংঘৰ্ষ চলিছে– সাম্ৰাজ্যবাদ আৰু সমাজতন্ত্ৰবাদ৷ ডেকা-অসমে সমাজতন্ত্ৰৰ পক্ষত অৱস্থান ল’ব বুলি জনাই দিছিল৷ ছোভিয়েটৰ প্ৰতিষ্ঠা দিৱসত ডেকা-অসমো আপ্লুত হৈ তাৰ শাসন ব্যৱস্থাৰ কথা উল্লেখ কৰিছিল৷ ডেকা-অসমে লিখিছিল সকলো পুৰণি মত তল পৰি জগতত দুটা মাথোন মত প্ৰবল হৈ উঠিছে, এটা সমস্বত্ববাদ বা কমিউনিজম আৰু আনটো মধ্যবিত্ত শ্ৰেণীৰ শাসন বা ফেচিজম৷ সমস্বত্ববাদ বা কমিউনিজমটো হৈছে, হেজাৰ হেজাৰ বছৰৰ পৰা অভিজাত আৰু ধনী নামৰ স্বাৰ্থপৰ সুবিধাবাদী দলৰ অমানুষিক নিস্পেষণত মনুষত্বৰ ৰূপ হেৰুৱাই পশুত্বৰ ৰুপ লোৱা বিৰাট নৰসিংহৰ মনুষত্ব লাভৰ সকলো বিধ সুযোগৰ দুৱাৰখন মুকলি কৰি ৰাখিবলৈ জগতৰ যাৱতীয় নৰমাত্ৰৰে সমান স্বত্ব আৰু মত থকা এটা উদাৰ শাসনতন্ত্ৰ, আৰু ফেচিজমটো হৈছে ইয়াৰ বিপৰীত৷ [ডেকা-অসম, ২য় বছৰ, ২১শ সংখ্যা]৷
ডেকা-অসমে দেখিছিল –
“সাম্ৰাজ্যবাদৰ কঠোৰ শাসনত মানুহৰ স্বাভাৱিক মনুষত্ব বিকাশৰ সুযোগ নোপোৱা শৃংখলাবদ্ধ ভাৰতেও, মুক্ত হৈ ওলাব পাৰিব বুলি আজি এই কমিউিজমৰ পথটো অৱলম্বন কৰাটোৱেই সমীচিন বুলি মত প্ৰকাশ কৰিছে, আৰু এই মত ভাৰতত ক্ৰমে প্ৰবল আকাৰেৰে ওলাই আহিব ধৰিছে৷ গতিকে, আমাৰ অসমলৈ এই প্ৰভাৱ নপৰিব বুলি নিৰুদ্বেগ থকাটো উচিত নহ’ব ৷”
“কিন্তু, ইউৰোপত এই চছিএলিজমক ধ্বংস কৰি ফেছিজমৰ শাসনৰ প্ৰবল প্ৰতিষ্ঠা কৰিবলৈ যি চেষ্টা চলিছে, তাত আমাৰ বৃটিছ গবৰ্ণমেণ্টৰো সহানুভূতি আছে ৷ কাৰণ, বৃটিছ ৰাজ, সাম্ৰাজ্য আৰু ধনতন্ত্ৰবাদী হ’লেও, ‘ফেছিজম’ৰ বিৰোধী নহয়, কিন্তু ‘চছিএলিজম’ৰ ঘোৰ বিৰোধী ৷” [ঐ]৷
জৱাহৰলাল নেহৰুৱে লক্ষ্ণৌত বহা কংগ্ৰেছৰ ৪৯তম বছৰেকীয়া অধিৱেশনত সভাপতিৰ আসনৰ পৰা ৰুছিয়াৰ প্ৰসংগ অনাত ডেকা-অসমে আপ্লুত হৈ লিখিছে — পণ্ডিতজীয়ে ৰুছিয়াৰ সাম্যতন্ত্ৰবাদৰ ‘চছিএলিজম’ নিটোল পুষ্টি সাধনৰ বাহিৰে ভাৰতৰ মুক্তিৰ আন উপায় নাই বুলি অভিভাষণত জোৰেৰে কৈছে ৷ [ঐ, ১ম বছৰ, ৩৪শ সংখ্যা, ২য় বহাগ] ৷ নেহৰুৰ এটি উক্তি সংযোজনো কৰা হৈছে: “ভাৰতীয় জাতীয়তা, ভাৰতীয় স্বাধীনতা আৰু বৃটিছ সাম্ৰাজ্যবাদৰ মাজত আমি যদি সাম্ৰাজ্যবাদৰ খামোচৰ ভিতৰত পৰি থাকো, কিবা ৰাজনৈতিক ক্ষমতা লাভ কৰা বুলি যি কোনো নামেৰেই আমি অভিহিত নহওঁ কিয়, তাত ভাৰতৰ সৰ্বসাধাৰণৰ আনন্দৰ ভিত্তি এটা কেতিয়াও আমি বিচাৰি নেপাই, ধনগৰ্বী সাম্ৰাজ্যবাদীৰ দ্বাৰা আমি শাসিত হৈয়ে থাকিম৷” [ঐ]৷
সেয়ে ডেকা-অসমেও কৈছে,আজিৰ ডেকা-অসম বাস্তৱবাদী, তাৰ দাবী জন্মগত অধিকাৰৰ, তাৰ দাবী সমস্বত্বৰ ৷ ফেচিবাদৰ কদৰ্যৰূপ আৰু জাতিসংঘৰ বৈষম্যমূলক আচৰণৰ বিষয়েও বিস্তাৰিতভাৱে লিখা হৈছে ৷ ফেচিষ্ট ইটালীৰ অন্যায় আক্ৰমণত তিনি হেজাৰ বছৰৰো অধিক জাতীয় স্বাধীনতা ৰক্ষা কৰি থকা ক’লা আফ্ৰিকাৰ ইথিওপিয়া সাম্ৰাজ্যৰ পতন হল৷ যুদ্ধক্ষেত্ৰত ইটালীয়ে বিষাক্ত গেছ, মাৰাত্মক আগ্নেয়াস্ত্ৰ আদি ব্যৱহাৰ কৰি জাতিসংঘৰ আইন ভংগ কৰা বাবে ইথিওপিয়াৰ সম্ৰাট আৰ সম্ৰাজ্ঞীয়ে বাৰে বাৰে জাতিসংঘৰ ওচৰত আবেদন জনাই আছিল৷ কিন্তু ইংলণ্ড প্ৰধান বগা জাতিসংঘই সহায় কৰিব বুলি ইথিওপিয়াক যুদ্ধ চলাবলৈ উচটাই দি, আনফালে জগতক দেখুৱাই সৰু সুৰা শাস্তি দিয়া ব্যৱস্থা দুটামান মাত্ৰ লৈ পলম কৰি ইটালিৰ হাতত ইথিওপিয়া সাম্ৰাজ্যৰ পতন ঘটালে৷ মুছোলিনীয়ে সগৰ্বে ঘোষণা কৰিলে—ইথিওপিয়াৰ পতন হ’ল, ইটালীৰ আধিপত্য বৰিল৷ এই মদগৰ্বী উক্তিত জাতিসংঘৰ ক্লৈৱত্ব প্ৰমাণিত হ’ল৷ ডেকা-অসমে সাম্ৰাজ্যবাদৰ এই কাহিনী সঠিকভাৱে লিপিবদ্ধ কৰিছে৷৷
উপসংহাৰ
অম্বিকাগিৰী ৰায়চৌধুৰীৰ জাতীয়তাৰ ধাৰণাত যে এটা আহল-বহল প্ৰেক্ষাপট আছিল সেয়া চেতনা আৰু ডেকা অসমৰ ভূমিকাৰ পৰাই বুজিব পাৰি৷ অসমীয়া জাতিক এটা সংকীৰ্ণ দৃষ্টিভংগীৰে তেওঁ চোৱা নাছিল ৷ জাতি এটা একে ঠাইতে ৰৈ নাথাকে ৷ নতুনকৈ জাতি সমৃদ্ধ হৈ গৈ থাকে এই বাস্তৱতাৰ সৈতে তেওঁ জাতিটোক মুখামুখি কৰি দিবলৈ বিচাৰিছিল৷ অসমীয়া জাতিটোক তেওঁ ভাৰতীয় জাতি সত্তাৰ পৃথক বাটেৰে লৈ যাব বিচৰা নাছিল৷ জাতিৰ স্বকীয়তা অক্ষুণ্ণ ৰখাৰ পক্ষেহে থিয় হৈছিল তেওঁ ৷ আনহাতে জাতিক আন্তৰ্জাতিক ঘটনা প্ৰবাহৰ সৈতেও চিনাকি কৰি দি জাতিটোৰ চিন্তা-চেতনা বহলাবলৈ বিচাৰিছিল ৷ অৰ্থাৎ খণ্ড চেতনাৰ পৰা সমৃদ্ধ কৰি বিশ্বচেতনাৰে জাতিটোৰ আলোকিত কৰিবলৈ বিচাৰিছিল ৷ তেওঁক সংকীৰ্ণ অথবা উগ্ৰ চেতনাৰে সংশ্লিষ্ট কৰা সকলে তেওঁৰ মনাকাশত আচলতে প্ৰৱেশেই কৰিব পৰা নাই ৷
ড॰ পৰমানন্দ মজুমদাৰ
ফোনঃ ৯৮৬৪৮০৭১৪৪




