জলবায়ুৰ পৰিৱৰ্তন খাদ্য আৰু সামাজিক সুৰক্ষাৰ প্ৰশ্ন

ড॰ অৱনী কুমাৰ ভাগৱতী

পৃথিৱীৰ জন্মৰ পৰা বৰ্তমানলৈকে ইয়াৰ সুদীৰ্ঘ ইতিহাসত নানাধৰণৰ প্ৰাকৃতিক পৰিৱৰ্তন ঘটিছে ৷ পৃথিৱীৰ অন্তৰ্ভাগকে ধৰি জল, স্থল, বায়ু আৰু জীৱমণ্ডলে ইয়াৰ প্ৰাকৃতিক ইতিহাসৰ বিভিন্ন স্তৰত বিভিন্ন ধৰণৰ পৰিৱৰ্তনৰ সম্মুখীন হৈ আহিছে ৷ কিন্তু যোৱা দুই নিযুতমান বছৰৰ ভিতৰত পৃথিৱীত যিবোৰ পৰিৱৰ্তন ঘটিছে, সেইবোৰ মানৱ সমাজকে ধৰি সমগ্ৰ জীৱজগত, স্থিতি আৰু বিকাশৰ লগত বিশেষভাৱে জড়িত হৈ আছে ৷ এইখিনিতে উল্লেখযোগ্য যে পৰিৱেশৰ নানা পৰিৱৰ্তনৰ ভিতৰত কেৱল বায়ুমণ্ডলজনিত পৰিৱৰ্তনেহে জীৱজগতৰ ওপৰত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাইছে৷ বহুতে সেই কাৰণে ক’ব খোজে যে মানৱ সভ্যতাৰ বিকাশ আৰু উত্থান-পতন মূলতঃ বায়ুমণ্ডলৰ পৰিৱৰ্তনৰ প্ৰত্যক্ষ প্ৰতিফলন ৷

পৃথিৱীৰ অন্তৰ্ভাগ এতিয়াও যথেষ্ট উত্তপ্ত অৱস্থাত আছে৷ ইয়াৰ কেন্দ্ৰীয় অংশটোৰ উত্তাপ প্ৰায় ৫,৫০০ ডিগ্ৰী চেলছিয়াছ ৷ উল্লেখযোগ্য যে, ভূ-পৃষ্ঠৰ পৰা কেন্দ্ৰভাগলৈ ক্ৰমে প্ৰতি ১০০ মিটাৰত ৩ ডিগ্ৰী চেলছিয়াছ হাৰত উত্তাপ বৃদ্ধি পায়৷ উত্তাপৰ ক্ষেত্ৰত অৱশ্যে ভূ-পৃষ্ঠ আৰু ইয়াৰ গাতে লাগি থকা বায়ুমণ্ডলৰ সুকীয়া বৈশিষ্ট্য আছে৷ ভূ-পৃষ্ঠত অৱস্থান অনুসৰি উত্তাপ পৰিৱৰ্তন ঘটে যদিও ইয়াৰ গড় উত্তাপ ১৩ ডিগ্ৰী চেলছিয়াছ৷ উত্তাপৰ এই বিশেষ মাত্ৰাই ভূ-পৃষ্ঠত জীৱৰ উন্মেষ আৰু বিকাশ সম্ভৱ কৰি তুলিছে ৷

সৌৰশক্তিয়েই হৈছে বায়ুমণ্ডল আৰু ভূ-পৃষ্ঠৰ উত্তাপৰ চিৰন্তন উৎস ৷ ভূ-পৃষ্ঠলৈ অহা মুঠ সৌৰশক্তিৰ ৩০ শতাংশ ভূ-পৃষ্ঠৰ লগতে বায়ুমণ্ডলত থকা মেঘ আদিয়ে প্ৰতিফলিত কৰে ৷ প্ৰায় ১৯ শতাংশ বায়ুমণ্ডলে শুহি লয় আৰু বাকী ৫১শতাংশ ভূ-পৃষ্ঠই শোষণ কৰে ৷ এই শক্তি বাষ্পীভৱন আদিৰ যোগেদি পৃথিৱীয়ে পুনৰ লীন তাপ হিচাপে বায়ুমণ্ডললৈ এৰি দিয়ে ৷ এইদৰে ভূ-পৃষ্ঠ আৰু বায়ুমণ্ডলে উত্তাপৰ ক্ষেত্ৰত এক ভাৰসাম্য অৱস্থা বাহাল ৰাখি আহিছে ৷ ভূ-পৃষ্ঠৰ ধৰ্ম, বায়ুমণ্ডলৰ বিশেষ গঠন আৰু তাত থকা গেছসমূহৰ নিৰ্দিষ্ট অনুপাতেহে উত্তাপৰ ক্ষেত্ৰত ভাৰসাম্য ৰক্ষা কৰাটো সম্ভৱ কৰি তুলিছে আৰু ইয়াৰ লগতেই পৃথিৱীৰ যি জৈবিক ৰূপ আমি দেখিবলৈ পাইছো সি প্ৰধানকৈ জড়িত হৈ আছে৷ কিন্তু সাম্প্ৰতিক কালত পৃথিৱীত ঘটা জনসংখ্যাৰ বিস্ফোৰণ, ব্যাপক পৰিমাণৰ প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ, ইন্ধনৰ প্ৰয়োগ, পেলনীয়া দ্ৰব্যৰ সৃষ্টি আৰু নানাধৰণৰ ভঙা-গঢ়া কাৰ্যই ভূ-পৃষ্ঠৰ লগতে বায়ুমণ্ডলৰো স্বাভাৱিক ভাৰসাম্য বিনষ্ট কৰিছে৷ ইয়াৰ ফলতেই পৃথিৱীৰ জলবায়ুৰ পৰিৱৰ্তন ঘটিছে আৰু বিশেষকৈ গোলকীয় উত্তাপ বৃদ্ধিৰ দৰে ভয়াবহ সমস্যাৰ সৃষ্টি হৈছে ৷

গোলকীয় উত্তাপ বৃদ্ধি: কাৰণ আৰু ধাৰা:

পৃথিৱীৰ দীঘলীয়া ইতিহাসত জলবায়ুৰ পৰিৱৰ্তন অস্বাভাৱিক পৰিঘটনা নহয়৷ সৌৰজগতৰ কেন্দ্ৰ সূৰ্যৰ নিজা পৰিবৰ্তন, পৃথিৱীৰ কক্ষপথ আৰু অৱহেলন কোণৰ পৰিৱৰ্তন, ভূ-পৃষ্ঠৰ ৰূপান্তৰণ আদি নানা কাৰণত জলবায়ুৰ পৰিবৰ্তন ঘটিব পাৰে৷ আজিৰ পৰা প্ৰায় দুই নিযুত বছৰ পূৰ্বে বায়ুমণ্ডলৰ উত্তাপ হ্ৰাস পোৱাৰ ফলত যি হিমযুগৰ সূচনা হৈছিল, সেয়া আছিল সম্পূৰ্ণৰূপে এক প্ৰাকৃতিক পৰিঘটনা৷ হিমযুগত পৃথিৱীৰ বৃহৎ অংশ বৰফেৰে আবৃত হৈ পৰিছিল আৰু বৰফৰ ক্ৰিয়াই পৃথিৱীৰ প্ৰাকৃতিক ৰূপকে সলাই দিছিল ৷ কিন্তু সাম্প্ৰতিক কালৰ জলবায়ুৰ পৰিৱৰ্তনৰ কাৰক হিচাপে সংশ্লিষ্ট বিষয়ৰ প্ৰায় সকলো বিজ্ঞানীয়েই মূলতঃ মানুহকেই জগৰীয়া কৰিছে ৷

সাধাৰণতে চাৰিটা মুখ্য প্ৰক্ৰিয়াৰে মানৱ সমাজে পৰিৱেশৰ ওপৰত নিজৰ প্ৰভাৱ প্ৰবল কৰি তুলিছে৷ সেইকেইটা হ’ল- কৃষিৰ আধুনিকীকৰণ, ঔদ্যোগীকৰণ, নগৰীকৰণ আৰু গোলকীকৰণ বা বিশ্বায়ন৷ এই চাৰিওটা প্ৰক্ৰিয়া পাৰস্পৰিকভাৱে সম্পৰ্কিত৷ কৃষিকৰ্মত আধুনিক প্ৰযুক্তিৰ প্ৰয়োগে কৃষিশস্যৰ উৎপাদন বৃদ্ধি কৰিছে আৰু উদ্যোগৰ বাবে প্ৰয়োজনীয় কেঁচামাল যোগান ধৰাৰ লগতে মানুহৰ আয়ো বৃদ্ধি কৰিছে৷ উদ্যোগীকৰণে মানুহৰ আৰ্থিক ক্ৰিয়া-কলাপ একো একোখন সুবিধাজনক ঠাইত কেন্দ্ৰীভূত কৰি নগৰীকৰণ প্ৰক্ৰিয়াক উৎসাহিত কৰিছে৷ নগৰীকৰণৰ অৰ্থই হৈছে জনবসতিৰ ক্ৰমবৰ্ধিত কেন্দ্ৰীভৱন৷ কেন্দ্ৰীভূত জনসংখ্যাই নিজৰ অনুকূলে সকলো ধৰণৰ সা-সুবিধা ঠাইতে কৰি লয় ৷ এইখিনিতে উল্লেখযোগ্য যে ১৮০০ খ্ৰীষ্টাব্দত পৃথিৱীৰ মুঠ জনসংখ্যাৰ মাত্ৰ ২% মানুহে নগৰত বাস কৰিছিল৷ তেতিয়া পৃথিৱীত ১০ নিযুততকৈ অধিক জনসংখ্যাৰ মহানগৰৰ আছিল মাত্ৰ দুখন – লণ্ডন আৰু পেৰিছ৷ এতিয়া পৃথিৱীত নগৰবাসী জনসংখ্যাৰ অনুপাত ৫০% লৈ বৃদ্ধি পাইছে৷ সেইদৰে ডাঙৰ মহানগৰৰ সংখ্যাও কেইবাশলৈ বৃদ্ধি পাইছে ৷

মন কৰিবলগীয়া কথা যে, ভূ-পৃষ্ঠত মানুহে কৃষি আৰু পশুপালন কাৰ্য আৰম্ভ কৰাৰ সময়ত, অৰ্থাৎ আজিৰ পৰা প্ৰায় ১০ হাজাৰ বছৰ পূৰ্বে পৃথিবীৰ জনসংখ্যা আছিল মাত্ৰ ১০ নিযুত৷ পৃথিবীৰ এই জনসংখ্যা আছিল আমাৰ অসমখনৰ বৰ্তমান জনসংখ্যাৰ তিনি ভাগৰ এভাগ৷ সেই যুগৰ শক্তি-সামৰ্থ্যৰে ইমান কমসংখ্যক মানুহে প্ৰকৃতিৰ ওপৰত কি ধৰণৰ প্ৰভাৱ পেলাইছিল, সি সহজে অনুমেয়৷ কিন্ত শিল্পবিপ্লৱৰ আৰম্ভণিৰ কালছোৱাত, অৰ্থাৎ ১৮০০ চনৰ আশে-পাশে পৃথিবীৰ জনসংখ্যা বাঢ়ি ১০০০ নিযুত বা ১ বিলিয়ন হৈছিলগৈ৷ পৰৱৰ্তী কালত জনসংখ্যাৰ দ্ৰুত বৃদ্ধি ঘটি বৰ্তমান পৃথিৱীৰ জনসংখ্যা হৈছেগৈ প্ৰায় ৭ বিলিয়ন৷জনসংখ্যা বিজ্ঞানীসকলে এইসংখ্যা ২০৫০ চনত প্ৰায় ১০ বিলিয়নলৈ বৃদ্ধিপাব বুলি অনুমান কৰিছে৷ এই যে যোৱা প্ৰায় ২০০ বছৰৰ ভিতৰত পৃথিৱীত মানুহৰ সংখ্যা প্ৰায় ৬ বিলিয়ন বাঢ়িল, ইয়াৰ প্ৰভাৱ কেৱল জটিল আৰু ভৌগোলিকভাৱে সুূৰপ্ৰসাৰীয়েই নহয়, বহু ক্ষেত্ৰত সৰ্বগ্ৰাসীও৷ বৰ্ধিত জনসংখ্যাৰ বোজা যে পোনে পোনে প্ৰকৃতিৰ ওপৰত পৰে আৰু ঠাইবিশেষে প্ৰকৃতি যে অতি বেয়াকৈ আক্ৰান্ত হয়, সেই কথা ইয়াত বহলাই কোৱাৰ প্ৰয়োজন নাই ৷

অতি সাম্প্ৰতিক কালত সজোৰে মূৰ দাঙি উঠা বিশ্বায়ন আৰু তাৰ আনুষংগিক ক্ৰিয়া-কলাপবোৰেও মানুহ আৰু পৰিৱেশৰ পৰম্পৰাগত সম্পৰ্কত লক্ষ্যণীয় প্ৰভাৱ পেলাইছে৷ আন কথা বাদেই, এই প্ৰক্ৰিয়াই দেশ আৰু দেশ, অঞ্চল আৰু অঞ্চলৰ লগতে মানুহ আৰু মানুহৰ মাজত এনেধৰণৰ ভোগবাদী যান্ত্ৰিক প্ৰতিযোগিতাৰ উদ্ৰেক কৰিছে, যিয়ে পৰিৱেশ বিধ্বংসী পক্ৰিয়াক অভূতপূৰ্ব মাত্ৰাত ত্বৰান্বিত কৰিছে৷ সকলোধৰণৰ মানৱীয় প্ৰমূল্যক পিছলৈ ঠেলি বিশ্বায়নে এনে এক বজাৰকেন্দ্ৰিক যান্ত্ৰিক সংস্কৃতিৰ সৃষ্টি কৰিছে, যাৰ কাৰণে পৰিৱেশ সুৰক্ষাৰ সমূহীয়া প্ৰশ্ন হৈ পৰিছে গৌণ আৰু ব্যক্তিগত বা প্ৰতিষ্ঠানগত আৰ্থিক উন্নয়নৰ প্ৰশ্ন হৈ পৰিছে মুখ্য৷ মন কৰিবলগীয়া কথা যে এনে ব্যক্তিমুখী ধ্যান-ধাৰণা আৰু উন্নয়নৰ ধাৰাই সম্প্ৰতি পৃথিৱীৰ সকলো অঞ্চল আৰু সৰ্বস্তৰৰ লোককে কম-বেছি পৰিমাণে প্ৰভাৱান্বিত কৰিছে৷ এই ধাৰাৰ আৰু অধিক প্ৰসাৰ ঘটিলে প্ৰকৃত উন্নয়নৰ উমৈহতীয়া খণ্ডবোৰৰ অৱস্থা কি হ’বগৈ পাৰে, তাক অনুমান কৰাই টান ৷

বৰ্তমানে যিবোৰ পাৰিৱেশিক সমস্যাই মানৱ সমাজক অতিকৈ চিন্তান্বিত কৰিছে, তাৰ ভিতৰত জলবায়ুৰ পৰিৱৰ্তন আৰু তৎজনিত সমস্যাই হৈছে সৰ্বপ্ৰধান৷ এইখিনিতে উল্লেখযোগ্য যে, এই সমস্যাবোৰ বেছিভাগেই মূলতঃ প্ৰাকৃতিক যদিও সেইবোৰৰ মাত্ৰা বৃদ্ধিৰ ক্ষেত্ৰত মানুহৰ ক্ৰিয়া-কলাপৰ অৰিহণা সৰ্বাধিক৷ দুৰ্যোগবোৰৰ সৰহভাগেই আচলতে পাৰিৱেশিক দুৰ্যোগ, সামাজিক দুৰ্যোগ আৰু প্ৰযুক্তিগত দুৰ্যোগৰ সংযুক্ত ফল৷ সেয়ে এনেবোৰ দুৰ্যোগক [গোলকীয় উত্তাপ বৃদ্ধি, বানপানী, এচিড বৰষুণ,ভূমিস্খলন, মৰুকৰণ আদি] পোনে পোনে প্ৰকৃতিক দুৰ্যোগ বুলি নকৈ সংমিশ্ৰিত দুৰ্যোগ বুলি কোৱাটোহে যুক্তিসংগত৷ বিশেষকৈ গোলকীয় উত্তাপ বৃদ্ধিৰ ক্ষেত্ৰত সকলোৱে সম্প্ৰতি সহমতত উপনীত হৈছে যে এই সমস্যা প্ৰধানকৈ মানুহে সৃষ্টি ৷

শিল্প-বিপ্লৱৰ সময়ৰে পৰা চলি অহা উদ্যোগীকৰণ প্ৰক্ৰিয়াক বিশ্বায়নে এক নতুন মাত্ৰা প্ৰদান কৰিছে৷ বিশ্বায়নে দেশ আৰু দেশৰ মাজত আৰ্থিক আৰু বাণিজ্যিক সম্পৰ্ক ক্ৰমে গাঢ় কৰি অনাত ইয়াৰ অংগাঙ্গী উদ্যোগীকৰণ আৰু নগৰীকৰণ প্ৰক্ৰিয়াও স্বাভাৱিকতে ত্বৰান্বিত হৈছে৷ উৎপাদন বৃদ্ধিৰ উদ্দেশ্যে অথবা বিশেষ চাহিদা থকা নতুন দ্ৰব্য উৎপাদন কৰিবলৈ ইখন দেশে সিখন দেশত পুঁজি বিনিয়োগৰ সুযোগ পোৱাত দেশবোৰৰ আৰ্থ-সামাজিক গতিশীলতা বৃদ্ধি পাইছে৷ ইয়ে বিশ্বজুৰি সম্পদৰ আহৰণ আৰু ব্যৱহাৰৰ লগতে ঔদ্যোগিক সামগ্ৰীৰ বজাৰ সম্প্ৰসাৰিত কৰিছে৷ ইয়াৰ বাবে প্ৰয়োজন হৈছে উন্নত যাতায়াত-পৰিবহণ, যোগাযোগ, ন-ন প্ৰযুক্তি আৰু পণ্যাগাৰ ব্যৱস্থা৷ শেষলৈ এই আটাইবোৰৰ সংযুক্ত হেঁচা পৰিছে পৰিৱেশৰ ওপৰত৷ ইয়ে পৰিৱেশতন্ত্ৰৰ স্বাভাৱিক ক্ৰিয়া-বিক্ৰিয়া ব্যাহত কৰি ন-ন সমস্যাৰ সৃষ্টি কৰিছে ৷

মানৱ সমাজৰ তথাকথিত আৰ্থিক উন্নয়নৰ প্ৰথম আৰু সৰ্বপ্ৰধান বলি হৈছে অৰণ্য৷ পৃথিৱীত যেতিয়া প্ৰদূষণৰ দৰে মানৱসৃষ্ট সমস্যাৰ উদ্ৰেক হোৱা নাছিল অথবা পৰিৱেশ ভাৰসাম্য অৱস্থাত আছিল, তেতিয়া পৃথিৱীৰ ভূমিভাগৰ এক-তৃতীয়াংশ অৰণ্যই আৱৰি আছিল৷ সেইদৰে সাগৰ-মহাসাগৰৰ পৃষ্ঠভাগৰ বেছি অংশকে আৱৰি ৰাখিছিল উদ্ভিদপ্লৱকে৷ ভূ-পৃষ্ঠত অৰণ্যৰ আৱৰণ এতিয়া ১৩% লৈ হ্ৰাস পাইছে৷ আজিৰ পৰা এশ বছৰ পূৰ্বে যিবোৰ বনাঞ্চল মানুহৰ সক্ৰিয় স্পৰ্শৰ পৰা আঁতৰত আছিল, সেইবোৰৰ বেছিভাগৰে আজি শেষ হওঁ হওঁ অবস্থা৷ শেহতীয়া তথ্যৰ পৰা জনা গৈছে, আমাজান অৱবাহিকাৰ ব্ৰাজিল অংশত বৰ্ষাৰণ্য বছৰি প্ৰায় ১৫,৫০০ বৰ্গ কিলোমিটাৰ হাৰত ধ্বংসপ্ৰাপ্ত হ’ব ধৰিছে৷ সেইদৰে বিযুবৰেখীয় আৰু ক্ৰান্তীয় অঞ্চলৰ জৈব-বৈচিত্ৰ্যৰ ফালৰ পৰা অতি চহকী মেনগ্ৰ’ভৰ দৰে অৰণ্য এতিয়া প্ৰায় নিঃশেষ হোৱাৰ পথত৷ সম্প্ৰতি পৃথিবীৰ ধনী দেশবোৰে বনাঞ্চল সংৰক্ষণত বিশেষ গুৰুত্ব দিছে আৰু কিছুমান দেশে বনাঞ্চলৰ অনুপাত বঢ়াবলৈও সক্ষম হৈছে৷ জাপানৰ দৰে সৰু আৰু ঘন বসতিৰ দেশ এখনে ইয়াৰ মুঠ মাটিকালিৰ প্ৰায় ৬০% সেউজ-আবৃত কৰি ৰাখিব পৰাটো কম কথা নহয়৷ ইয়াৰ বিপৰীতে উন্নয়নশীল দেশবোৰৰ বেছিভাগতে নিকা আৰু দায়বদ্ধ প্ৰশাসনৰ অভাৱত বনাঞ্চলৰ অবস্থা শোচনীয়৷ সেইদৰে আফ্ৰিকাৰ ছাহেল অঞ্চলৰ দৰে বহুতো ঠাইত ভূমিৰ প্ৰতিকূল ব্যৱহাৰে মৰুকৰণ প্ৰক্ৰিয়াক প্ৰবলতৰ কৰি তুলিছে আৰু ঘাঁহনি অঞ্চলবোৰ নিঃশেষ অথবা সংকুচিত কৰিছে৷ এইদৰে এহাতে বনাঞ্চল ধ্বংস বা বিখণ্ডিতকৰণ আৰু আনহাতে যান-বাহন, শিল্প-উদ্যোগ আু আধুনিক জীবন-যাত্ৰাৰ বিভিন্ন খণ্ডত ব্যৱহৃত জীবাশ্ম ইন্ধন আৰু অন্যান্য ৰাসায়নিক দ্ৰব্যই নানা ধৰণৰ পৰিৱেশ সমস্যাৰ লগতে উত্তাপ বৃদ্ধিৰ দৰে ভয়াবহ পৰিঘটনাৰো সৃষ্টি কৰিছে ৷

Inter governmental Panel on Climate Change (IPCC) এ যুগুত কৰা চতুৰ্থ মূল্যায়ন প্ৰতিবেদনত এই কথা স্পষ্ট কৰি দিয়া হৈছে বায়ুমণ্ডলৰ পৰিৱৰ্তন, সাগৰ-মহাসাগৰৰ পৰিৱেশতন্ত্ৰ আৰু হিমবাহ-হিমস্তূপৰ গলন ক্ৰিয়াই পৃথিৱীখন ক্ৰমে উত্তপ্ত হোৱাকে সূচাইছে৷ শিল্প-বিপ্লৱৰ পূৰ্বৰ অৱস্থাতকৈ পৃথিৱীৰ গড় উত্তাপ ০.৭৬ ডিগ্ৰী চেলছিয়াছ বৃদ্ধি পোৱা বুলি ঠাৱৰ কৰা হৈছে আৰু লগতে অনুমান কৰা হৈছে যে চলিত শতিকাৰ শেহলৈ ভূ-পৃষ্ঠৰ উত্তাপ প্ৰায় ৪.০ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত বাঢ়িব পাৰে৷ আমাৰ এই পূব হিমালয় অঞ্চলতো, বিশেষকৈ ৪০০০ মিটাৰতকৈ অধিক উচ্চতাৰ ঠাইবোৰত, দ্ৰুত হাৰত উত্তাপ বৃদ্ধিৰ প্ৰমাণ পোৱা গৈছে৷ অঞ্চলটোত প্ৰতি বছৰে প্ৰায় ০.০১-০.০৪ ডিগ্ৰী চেলছিয়াছ হাৰত উত্তাপ বৃদ্ধি পাই আছে আৰু চলিত শতিকাৰ মাজভাগলৈ বাৰ্ষিক গড় উত্তাপ ২.০ ডিগ্ৰী চেলছিয়াছ বৃদ্ধি পোৱাৰ সম্ভাৱনা থকা বুলি তথ্য পোৱা গৈছে৷

বিজ্ঞানীসকলে গোলকীয় উত্তাপ বৃদ্ধিৰ কাৰণ হিচাপে বায়ুমণ্ডলত বৰ্ধিত হাৰত সঞ্চিত হ’বলৈ ধৰা সেউজগৃহ গেছবোৰলৈ আঙুলিয়াইছে৷ সেউজগৃহ গেছবোৰৰ ভিতৰত উত্তাপ বৃদ্ধিৰ ক্ষেত্ৰত কাৰ্বন ডাই অক্সাইড গেছেই সৰ্বাধিক জগৰীয়া৷ হিচাপ কৰি উলিওৱা হৈছে যে মানুহৰ ক্ৰিয়া-কলাপৰ যোগেদি দৈনিক ১৬ নিযুত টন পৰিমাণৰ কাৰ্বন ডাই অক্সাইড গেছ বায়ুমণ্ডলত যোগ হয়৷ সেইদৰে বায়ুমণ্ডলত মিথেন, নাইট্ৰাছ-অক্সাইড আদি গেছৰ পৰিমাণো বৃদ্ধি পাই আছে৷ এইখিনিতে উল্লেখযোগ্য যে সেউজগৃহ গেছ নিৰ্গমনৰ ক্ষেত্ৰত উন্নত আৰু উন্নয়নশীল দেশবোৰৰ মাজত যথেষ্ট পাৰ্থক্য আছে৷ উদাহৰণস্বৰূপে ভাৰতবৰ্ষ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ কথাকে ক’ব পাৰি৷ ভাৰতৰ জনমূৰি ১.৬ কিলোগ্ৰাম পৰিমাণৰ গেছৰ বিপৰীতে যুক্তৰাষ্ট্ৰৰ জনমূৰি সেউজগৃহ গেছ নিৰ্গমনৰ পৰিমাণ হৈছে ২০ কিলোগ্ৰাম ৷

জলবায়ুৰ পৰিৱৰ্তন আৰু খাদ্য সংকট:

জলবায়ুৰ পৰিৱৰ্তনে, বিশেষকৈ গোলকীয় উত্তাপ বৃদ্ধিয়ে জীৱজগতৰ ওপৰত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব৷ উদ্ভিদৰ আকাৰ-প্ৰকাৰ আৰু ভৌগোলিক বিতৰণ জলবায়ুৰ ওপৰত পোনে পোনে নিৰ্ভৰশীল৷ উত্তাপ বৃদ্ধিয়ে প্ৰাকৃতিক উদ্ভিদৰ লগতে কৃষিক্ষেত্ৰ আৰু শস্যকো প্ৰভাৱিত কৰিব৷ ইতিমধ্যে ভূমিক্ষয়, মৰুকৰণ খৰাং আদি প্ৰক্ৰিয়া বা পৰিঘটনাই ভূ-পৃষ্ঠৰ বহু অংশৰ উৎপাদিকা শক্তি হ্ৰাস কৰিছে৷ ৰাষ্ট্ৰসংঘৰ এটা সমীক্ষাত (UN Millennium Ecosystem Assessment) কোৱা হৈছে যে যিবোৰ পাৰিৱেশিক সমস্যাই মানুহৰ সমুখত প্ৰবল প্ৰত্যাহ্বানৰূপে থিয় দিব বা ইতিমধ্যে দিছে, সেইবোৰৰ ভিতৰত ভূমিৰ অৱনতি (land degradation) অন্যতম প্ৰধান৷ ভূমিৰ অৱনতিৰ উত্তাপ বৃদ্ধিৰ লগত ওতপ্ৰোত সম্বন্ধ আছে৷

অতিশয় শংকাৰ বিষয় যে পৃথিৱীৰ সৰ্বমুঠ কৃষিভূমিৰ প্ৰায় ৪০% ইতিমধ্যে বেয়াকৈ অৱনতি হৈছে৷ ইয়াৰ ভিতৰত আছে মধ্য আমেৰিকা [ইয়াৰ ৭৫% ভূমি ইতিমধ্যে অনুৰ্বৰ হৈ পৰিছে], আফ্ৰিকাৰ ২০% ভূমি আৰু এছিয়াৰ ১১% ভূমি৷ এইবোৰ কৃষিভূমি ইতিমধ্যে কৃষিৰ অনুপযোগী হৈ পৰিছে৷ বিশেষজ্ঞসকলে সন্দেহ কৰিছে যে উত্তাপ বৃদ্ধিয়ে মাটিৰ গুণাগুণ, অনিষ্টকাৰী কীট-পতংগ, ৰোগ-ব্যাধিৰ পৰিৱৰ্তন ঘটায়ো কৃষিৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব৷ IPCC-য়ে সন্দেহ প্ৰকাশ কৰিছে যে নিম্ন অক্ষাংশৰ আপেক্ষিকভাৱে শুষ্ক অঞ্চলবোৰত শস্যৰ উৎপাদন হ্ৰাস পাব৷ অন্যান ক্ৰান্তীয় অঞ্চলবোৰতো উত্তাপ বৃদ্ধিৰ ফলত কৃষি উৎপাদন বাধাগ্ৰস্ত হ’ব৷ এই শতিকাৰ মাজভাগলৈ ভাৰতৰ কৃষি উৎপাদন ৩০% হ্ৰাস পাব৷ সেইদৰে আফ্ৰিকা মহাদেশৰ খৰাংপ্ৰৱণ অঞ্চলবোৰত কৃষিভূমিৰ পৰিমাণ সংকুচিত হ’ব আৰু খাদ্য সংকটে দেখা দিব৷ ইয়াৰ বিপৰীতে উচ্চ অক্ষাংশৰ তুলনামূলকভাৱে শীতল অঞ্চলবোৰত কৃষি উৎপাদনৰ সম্ভাৱনা বৃদ্ধি পাব৷ উত্তাপ বৃদ্ধিয়ে এনেবোৰ অঞ্চলত বৰফমুক্ত সময়ৰ প্ৰসাৰ বঢ়াব আৰু কৃষিৰ উপযোগী পৰিৱেশৰ সৃষ্টি কৰিব৷

International Crops Research Institute for the Semi-Arid Tropics (ICRISAT)ৰ সঞ্চালকে অলপতে প্ৰকাশ পোৱা এটা প্ৰবন্ধৰ যোগেদি কৈছে যে তৃতীয় বিশ্বৰ উন্নয়নশীল দেশবোৰৰ খৰাংপীড়িত অঞ্চলবোৰ উত্তাপ বৃদ্ধিৰ কবলত পৰি ভয়ানক প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে ৷ জলবায়বিক অনিশ্চয়তা, ভূমিৰ অৱনতি আৰু পানীৰ নাটনি- এই তিনিওটা সমস্যাৰ মাত্ৰা সমন্বিত প্ৰচেষ্টাৰে লাঘৱ কৰিব নোৱাৰিলে, খৰাংপীড়িত এলেকাবোৰৰ দুখীয়া বাসিন্দাসকলক সকাহ দিয়াটো সম্ভৱ নহ’ব ৷ পৰিৱৰ্তিত পৰিস্থিতিৰ লগত খাপ খোৱাকৈ হ্ৰস্বকালীন, মধ্যকালীন আৰু দীৰ্ঘকালীন পৰিকল্পনাৰ পৃষ্ঠপোষকতা কৰি প্ৰতিষ্ঠানটোৱে কিছুমান বিশেষ আঁচনিৰ [যেনে- Desert Margins Programme, Fertilizer Microdosing,lands Ecofarming] কাৰ্যকাৰিতাৰ ওপৰত গুৰুত্ব দিছে ৷ আফ্ৰিকাৰ বঢ়ছোৱানা, কেনিয়া, নামিবিয়া, নাইজাৰ, ছেনেগাল আদি দেশত আঁচনি ৰূপায়ণৰ অভিজ্ঞতাৰে প্ৰতিষ্ঠানটোৱে কৃষি-জৈৱ-বৈচিত্ৰ্যৰ উন্নয়ন আৰু সুস্থিৰ ভূমি পৰিচালনাৰে (stable land management) মৰুকৰণ প্ৰক্ৰিয়াৰ মুখামুখি হোৱাৰ লগতে উত্তাপ বৃদ্ধিজনিত সমস্যাক নিয়ন্ত্ৰণ কৰিবলৈ আহ্বান জনাইছে ৷

সম্ভাৱ্য জলবায়ু পৰৱৰ্তনলৈ লক্ষ্য ৰাখি প্ৰখ্যাত কৃষিবিজ্ঞানী ড॰ স্বামীনাথনে ভাৰতৰ পৰিপ্ৰেক্ষিতত কৈছে- ‘Climate change may result in adverse changes in temperature, precipitation and sea level. Dependence only on wheat and rice will enhance vulnerability to climatic factors. Therefore, there should be revitalization of the earlier food traditions of rural and tribal families, who in the past depended for their daily bread on a wide range of millets, grain legumes, tubers and vegetables.’ এই কথা ঠিক যে পৰিৱৰ্তিত পৰিস্থিতিত ক’ত কি শস্যই উপযোগী পৰিৱেশ পাব, তাক সময়েহে নিূপণ কৰিব৷ অনিশ্চিত পৰিস্থিতিত যিমানদূৰ সম্ভৱ বিকল্পৰ প্ৰতি সজাগ হৈ থাকিলে, সমস্যাৰ সমাধান সম্ভৱ হৈ উঠিব পাৰে৷ ভাৰতত খাদ্য-শস্যৰ উৎপাদন যোৱা কেইবছৰমান ধৰি বিশেষ বৃদ্ধি নোপোৱাৰ পৰিপ্ৰেক্ষিতত খাদ্য সংকটৰ সম্ভাবনা ক্ৰমে প্ৰকট হৈ আহিছে ৷

এহাতে জনসংখ্যাৰ দ্ৰুত বৃদ্ধি আৰু আনহাতে জলবায়ুৰ কৃষিৰ প্রতিকূল পৰিৱৰ্তন ঘটাত বিশ্বজুৰি অদূৰ ভৱিষ্যতে খাদ্য সংকটৰ সৃষ্টি হ’ব পাৰে৷ বৃদ্ধি পোৱা জনসংখ্যাৰ চাহিদা পূৰণ কৰিবলৈ মানুহে ভৱিষ্যতে খাদ্য উৎপাদন যথেষ্ট বৃদ্ধি কৰিব লাগিব৷ বিশেষজ্ঞসকলে কৈছে যে যোৱা ১০,০০০ বছৰত পৃথিৱীত মুঠতে যি পৰিমাণৰ খাদ্য উৎপাদন হৈছে, তাতকৈ বেছি পৰিমাণৰ খাদ্যৰ প্ৰয়োজন হ’ব অহা ৫০ বছৰত ৷

FAOৰ এটা সমীক্ষাত কোৱা হৈছে যে পৃথিবীৰ উন্নয়নশীল দেশসমূহৰ প্ৰায় ৮০০ নিযুত আৰু উন্নত দেশসমূহৰ প্ৰায় ৩৫ নিযুত লোকে ভালদৰে দুবেলা দুমুঠি খাবলৈ নাপায়৷ প্ৰতিদিনে পাঁচ বছৰ বা তাৰ তলৰ বয়সৰ প্ৰায় ৪০,০০০ শিশু পুষ্টিহীনতা আৰু সংক্ৰামক ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে৷ বিশ্ববেংকে প্ৰকাশ কৰা Voice of the Poor শীৰ্ষক প্ৰতিবেদনত খাদ্যৰ অভাৱত কিদৰে আফ্ৰিকা আৰু এছিয়াৰ দুখীয়া দেশ কিছুমানৰ শিশুসকলে জীয়াতু ভুগিছে তাৰ উদাহৰণ দাঙি ধৰিছে ৷ আফ্ৰিকাৰ গেবন ৰাষ্ট্ৰৰ ১০ বছৰীয়া শিশু এজনে নিজৰ খাদ্য সমস্যাৰ ছবিখন দাঙি ধৰিছে এইদৰে- ‘When I leave for school in the mornings, I don’t have any breakfast. At noon there is no lunch, in the evening I get a little supper, and that is not enough. Perhaps when I see child eating, I watch him and if he does not give me something, I think I am going to die of hunger.’

সম্প্ৰতি বিশ্বত যিধৰণে খাদ্য-শস্যৰ দাম বৃদ্ধি পাব লাগিছে, সিয়ে অদূৰ ভৱিষ্যতে বিশ্ববাসীয়ে যে গভীৰ খাদ্য সংকটৰ সন্মুখীন হ’ব লাগিব সেই কথাকে সূচাইছে৷ যোৱা ২০০৭-০৮ বৰ্ষত পৃথিৱীত খাদ্যৰ মূল্য গড়ে ৪০% বৃদ্ধি পাইছিল৷ আনহাতে ২০০৫-০৮ চনৰ মাজত তিনি বছৰীয়া কালছোৱাত মূল খাদ্য-শস্যৰ (staple food) মূল্য ৮০% বৃদ্ধি পাইছে৷ এনে পৰিস্থিতিত তৃতীয় বিশ্বৰ দুখীয়া দেশবোৰৰ অৱস্থা কি হ’ব তাক সহজে অনুমান কৰিব পাৰি৷ এইবোৰ দেশত প্ৰচলিত কৃষিব্যৱস্থা প্ৰাকৃতিক কাৰকৰ ওপৰত নিৰ্ভৰশীল হোৱাত উৎপাদন মূলতঃ নিৰ্ভৰ কৰে বতৰৰ ওপৰত৷ বিশ্বজুৰি জলবায়ুৰ অনিশ্চয়তা, বিশেষকৈ ঠায়ে ঠায়ে সংঘটিত বতৰৰ চৰম অৱস্থাই [খৰাং আৰু অতিবৃষ্টি] তীয় বিশ্বৰ প্ৰকৃতি নিৰ্ভৰ কৃষিৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাই খাদ্য সংকট গভীৰ কৰি তুলিছে ৷

জলবায়ুৰ পৰিৱৰ্তন আৰু সামাজিক সমস্যা:

অতি পৰিতাপৰ কথা যে পৃথিৱীৰ বেছিভাগ পাৰিৱেশিক সমস্যাৰ গুৰিত আছে মানুহ আৰু মানুহেই সেইবোৰৰ কুফল ভুগিবলৈ লৈছে ৷ The Human Species- A Suicidal Success? শীৰ্ষক এটা প্ৰবন্ধৰ এঠাইত ক্ৰিছপিন টিকেল নামৰ এগৰাকী পৰিবেশ-বিশেষজ্ঞই [এখেত একাধিক ব্ৰিটিছ প্ৰধান মন্ত্ৰীৰ পৰিৱেশ বিষয়ক উপদেষ্টা আছিল] লিখিছে- The primary responsibility for the accelerating changes we are seeing rests directly or indirectly with the industrial countries. ধৰক, take one example relating to the greenhouse effect, over ৭০ percent of current carbon emissions into the atmosphere came from them and ২৩ percent from the US alone. In ১৯৮৮ average per capita emission per year from industrial countries was about ৩.৫ tons and from the rest of the world less than ০.৫ ton. But the poor are much more vulnerable than the rich. এই কথা দোহৰাৰ প্ৰয়োজন নাই যে উন্নয়নৰ বৈষম্যই সকলো ধৰণৰ সমস্যাকে জটিল কৰি তোলে আৰু পৰিৱৰ্তিত পৰিস্থিতিত আপেক্ষিকভাবে দুৰ্বল লোকসকলেই তাৰ বলি হ’ব লাগে৷ ইতিমধ্যে তথাকথিত অদূৰদৰ্শী উন্নয়নে সমাজৰ সবল শ্ৰেণৰ হকে কাম কৰি সমাজৰ লগতে প্ৰকৃতিৰো বিস্তৰ অন্যায় সাধন কৰিছে৷ পৃথিৱীৰ উন্নত, অনুন্নত সকলো দেশতে দুখীয়া ৰাইজৰ জীৱন আৰু জীৱিকাৰ (livelihood ওপৰত ধনতান্ত্ৰিক উন্নয়নৰ বিৰূপ প্ৰভাৱ পৰিছে৷ ফলতআৰ্থিকভাবে অতি উন্নত দেশতো সামাজিক শক্তিৰ ক্ৰমে অভাৱ হৈ আহিছে ৷

জলবায়ুৰ পৰিৱৰ্তন আৰু তৎজনিত মৰুকৰণ আদি প্ৰক্ৰিয়াই ইতিমধ্যে পৃথিৱীৰ প্ৰান্তীয় এলেকাবোৰৰ নিবাসীসকলৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাইছে৷ মৰুকৰণে মাটিৰ গঠন সলনি কৰে, পানীৰ ভয়ংকৰ অভাৱ ঘটায় আৰু জৈৱ-বৈচিত্ৰ্য সংকুচিত কৰে৷ ই কৃষি আৰু পশুপালন ব্যৱস্থাৰ বেয়াকৈ ক্ষতিসাধন কৰে আৰু শেহলৈ মানুহক অন্য ঠাইলৈ প্ৰব্ৰজন কৰিবলৈ বাধ্য কৰে৷ কুৰি শতিকাৰ ত্ৰিশৰ দশকত আমেৰিকা যুক্তৰাষ্ট্ৰৰ মধ্য-পশ্চিম অঞ্চলত সংঘটিত তীব্ৰ খৰাং আৰু সত্তৰৰ দশকত আফ্ৰিকাৰ ছাহাৰা মৰুভূমিৰ দক্ষিণৰ ছাহেল অঞ্চলত উদ্ভৱ হোৱা দুৰ্যোগৰ কথা এইক্ষেত্ৰত বিশেষভাৱে উল্লেখযোগ্য৷ এই দুৰ্যোগে দুয়োটা অঞ্চলৰ পৰা বহু লোকক প্ৰব্ৰজন কৰিবলৈ বাধ্য কৰাইছিল৷ ছাহেল অঞ্চলত আজিও চলি থকা খৰাংজনিত দুৰ্যোগ পৃথিৱীত মৰুকৰণৰ কু-ফলৰ জ্বলন্ত উদাহৰণ৷ সম্প্ৰতি পৃথিৱীৰ ১০০ খনৰো অধিক দেশৰ আপেক্ষিকভাৱে শুকান অঞ্চলবোৰ এই সমস্যাৰ সন্মুখীন হৈছে৷ উত্তৰ আমেৰিকা মহাদেশতে মৰুকৰণৰ দ্বাৰা বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা ভূমিৰ অনুপাতটো বেছি৷ মহাদেশখনৰ সৰ্বমুঠ শুকান ঠাইৰ প্ৰায় ২৭% এই সমস্যাৰ দ্বাৰা আক্ৰান্ত৷ তাৰ পাছতে দক্ষিণ আমেৰিকাৰ স্থান (২২%)৷ এছিয়া, আফ্ৰিকা আৰু অষ্ট্ৰেলিয়া মহাদেশত এই অনুপাত ক্ৰমে ২০%, ১৮% আৰু ৮% ৷

জলবায়ুৰ পৰিৱৰ্তনৰ সবাতোকৈ ভয়াবহ ফলশ্ৰুতি হৈছে মেৰু অঞ্চল আৰু উচ্চ পাৰ্বত্য অঞ্চলত যুগ যুগ ধৰি সঞ্চিত হৈ থকা বৰফস্তূপৰ গলন ক্ৰিয়া৷ ইতিমধ্যে এণ্টাৰ্কটিকা, গ্ৰীণলেণ্ড, আলাস্কা আৰু উত্তৰ মেৰু অঞ্চলৰ অন্যান্য ঠাইত পুঞ্জীভূত বৰফৰূপৰ বহু অংশ এই গলন ক্ৰিয়াৰ কবলত পৰিছে৷ পাৰ্বত্য অঞ্চলৰ হিমবাহবোৰতো উত্তাপ বৃদ্ধিৰ প্ৰভাৱ ইতিমধ্যে পৰিছে৷ মধ্য এছিয়াৰ উচ্চ পাৰ্বত্য অঞ্চলত থকা হিমবাহবোৰত গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত ব্যাপক গলন ক্ৰিয়া চলিছে আৰু অহা কেইদশকমানৰ ভিতৰত অঞ্চলটোত হিমবাহৰ অস্তিত্ব বিলুপ্ত হ’ব পাৰে৷ এই অঞ্চলৰ পৰা প্ৰৱাহিত গংগা, সিন্ধু, বহ্মপুত্ৰ, চালউইন, মেকং, ইয়াংজি, হোৱাংহো আদি নদীবোৰেৰ নিজৰ অৱবাহিকাত যি ধৰণৰ ভূমিকা পালন কৰি আছে, হিমবাহবোৰ সংকুচিত হৈ আহিলে তাৰ দ্ৰুত পৰিবৰ্তন ঘটিব আৰু অবাহিকাবোৰৰ বাসিন্দাসকল ভয়াৱহ পানীৰ নাটনিৰ সন্মুখীন হ’ব৷ সিন্ধু, গংগা আৰু ব্ৰহ্মপুত্ৰ নদীৰ খৰালি কালৰ জলপ্ৰবাহৰ ৮০% নিৰূপণ কৰে বৰফ গলা পানীয়ে৷ হিমবাহবোৰ সংকুচিত হ’লে পানীৰ যোগান ইমানেই হ্ৰাস পাব যে তাৰ দ্বাৰা পোনে পোনে নৈপৰীয়া কৃষি, খোৱাপানীৰ যোগান, মাছ-পুঠিৰ উৎপাদন বেয়াকৈ ক্ষতিগ্ৰস্ত হ’ব আৰু এইবোৰৰ ওপৰত নিৰ্ভৰশীল নিযুত নিযুত মানুহৰ জীৱন বিপন্ন হৈ পৰিব৷ এইখিনিতে উল্লেখ্য যে হিমালয় পাৰ্বত্য অঞ্চলত থকা আৰ্দ্ৰভূমিবোৰৰ [হ্ৰদ, বিল, খাল, পিতনি আদি] প্ৰায় ৩০% ইতিমধ্যে বিলুপ্তি হৈছে৷ পাৰ্বত্য অঞ্চলটোৰ ভিতৰত থকা মালভূমিৰ দৰে কিছু সমান ঠাই আৰু উপত্যকাবোৰৰ ঠেক সমতল ভাগত থকা প্ৰায় ২৫০ নিযুত মানুহৰ জীৱন-প্ৰণালী এই আৰ্দ্ৰভূমিবোৰৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত৷ সদ্যপ্ৰকাশিত এটা প্ৰবন্ধত (Sustainable Mountain Development, ICIMOD, খণ্ড ৫৫, ২০০৯) ক্ৰিছ বেকাৰ আৰু তেওঁৰ সহযোগী তিনিগৰাকী বিশেষজ্ঞই এই সন্দৰ্ভত এনেদৰে কৈছে–”For the ২৫০ million people living on the valley floors and plateau areas of the Himalayas, wetlands are central to their livelihoods. Lakes, floodplains, and peat lands support agriculture and industries in these areas. Rice cultivation, grazing, fish farming, collecting fuel and building materials, and tourism, together with local spiritual and religious activities are vital to the region’s poorest communities.”

গোলকীয় উত্তাপ বৃদ্ধিৰ অন্যতম ভয়াৱহ ফলশ্ৰুতি হ’ব সাগৰপৃষ্ঠৰ উত্থান, উপকূলীয় অঞ্চলৰ জলমগ্নতা (Submergence) আৰু বানপানীৰ সৃষ্টি ৷ উত্তাপ বৃদ্ধিৰ হাৰৰ লগত বৰফৰ গলনক্ৰিয়া আৰু সাগৰপৃষ্ঠৰ উত্থান পোনপটীয়াকৈ জড়িত৷ সাগৰপৃষ্ঠ যদি বৰ্তমানৰ উচ্চতাতকৈ এক মিটাৰ ওপৰলৈ উঠে, তেতিয়াহ’লে পৃথিৱীৰ উপকূলভাগৰ প্ৰায় পাঁচ নিযুত বৰ্গ কিলোমিটাৰ পৰিমাণৰ ভূমি জলমগ্ন হৈ পৰিব ৷ ইয়ে জনবসতিপূৰ্ণ বহুতো দ্বীপ, ব-দ্বীপ, প্ৰবাল দ্বীপ আদি নিমজ্জিত কৰিব ৷ উপকূলীয় স্থলভাগলৈ সাগৰৰ পানী টোৱাই আহিলে কেৱল যে কৃষিভূমি আৰু অন্যান্য সা-সম্পত্তি নষ্ট হ’ব এনে নহয়, একো একোটা সতেজ পানীৰ পৰিস্থিতিতন্ত্ৰ (fresh water ecosystem) চিৰদিনৰ বাবে বিলুপ্ত হ’ব ৷

সাগৰপৃষ্ঠৰ উত্থানৰ কবলত টুভালু ৷

ইতিমধ্যে বহুতো সাগৰীয় দ্বীপ সাগৰপৃষ্ঠৰ উত্থানজনিত সমস্যাৰ কবলত পৰিছে ৷ উদাহৰণ হিচাপে দক্ষিণ প্ৰশান্ত মহাসাগৰীয় প্ৰবাল দ্বীপ টুভালু, ভাৰত মহাসাগৰৰ মালদ্বীপ, প্ৰশান্ত মহাসাগৰীয় মাৰ্ছাল দ্বীপপুঞ্জ, সুন্দৰবন ব-দ্বীপ আদিলৈ আঙুলিয়াব পাৰি ৷ টুভালু, মালদ্বীপ আদিৰ বেছি অংশৰে উচ্চতা সাগৰপৃষ্ঠৰ পৰা ১ মিটাৰতকৈ বেছি নহয় ৷ টুভালুৰ জনসংখ্যাাত্ৰ ১২০০০ আৰু মালদ্বীপৰ প্ৰায় ৩ লাখ ৷ এইবোৰ দ্বীপত ইতিমধ্যে জোৱাৰৰ ক্ৰিয়া বৃদ্ধি পাইছে আৰু কিছু কিছু অংশ পানীত নিমজ্জিত হৈছে ৷ সেইদৰে সুন্দৰবনকে ধৰি বাংলাদেশৰ উপকূলীয় অঞ্চলৰ এক বৃহৎ এলেকা বংগোপসাগৰৰ অংশ হৈ পৰিব, যদিহে সাগৰপৃষ্ঠৰ উচ্চতা ১ মিটাৰ বাঢ়ে ৷ ইয়াৰ ফলত দেশখনৰ প্ৰায় ১৭ নিযুত লোক স্থানান্তৰিত হ’ব৷ ভাৰতৰ উপকূলীয় অঞ্চলৰ [বিশেষকৈ ব-দ্বীপীয় ঠাইবোৰ] অতি কম উচ্চতাৰ এলেকাবোৰৰ পৰিস্থিতিও প্ৰায় একেধৰণৰ হ’ব৷ বিশেষজ্ঞসকলে হিচাপ কৰি উলিয়াইছ

মালদ্বীপৰ অহা সংকট

চলিত শতিকাৰ মাজভাগলৈ প্ৰায় ২৫০ নিযুত লোক জলবায়ু পৰৱৰ্তনজনিত কাৰণত নিজৰ নিজৰ বাসভূমিৰ পৰা স্থানান্তৰিত হ’বলৈ বাধ্য হ’ব ৷ জলবায়ুৰ পৰিৱৰ্তনে জনস্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পেলাইছে৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ Institute of Medicines(IOM)ৰ তৰফৰ পৰা কোৱা হৈছে যে সাম্প্ৰতিক কালত সংক্ৰামক ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে৷ এটা নতুন ৰোগৰ ছিটাৰ লগতে চিকিৎসা ব্যৱস্থা উলিওৱাৰ পাছতেই অন্য এটা নতুন ৰোগৰ উদ্ৰেক ঘটি মানুহক আতংকিত কৰি তোলে ৷ এই নতুন ৰোগবোৰ জীৱ-জন্তুৰ পৰা হোৱা সংক্ৰমণৰ যোগেদি উদ্ৰেক হয় কাৰণে এইবোৰক Zoonotic আখ্যা দিয়া হয় ৷ West Nile Virus, Avian Flu, Ebola hemorrhagic fever, SARS আৰু Swine-flu আদি এইধৰণৰ সংক্ৰামক ৰোগ ৷ পৰীক্ষা-নিৰীক্ষাৰ যোগেদি IOMএ সিদ্ধান্তত উপনীত হৈছে যে এইবোৰ ৰোগ বহুতো কাৰকৰ সমন্বিত ক্ৰিয়াৰ ফল ৷ এনে কাৰকবোৰ ভিতৰত জলবায়ুৰ পৰিৱৰ্তন, জনসংখ্যাৰ বৃদ্ধি আৰু জীৱ-জন্তৰ পৰা উৎপন্ন আহাৰৰ চাহিদাই প্ৰধান৷ জলবায়ুৰ পৰিৱৰ্তনে মহৰ লেখীয়া ৰোগ পৰিবাহক কীট-পতংগৰ বাবে সুবিধাজনক পৰিৱেশৰ সৃষ্টি কৰিছে ৷ সেইদৰে বানপানী, খৰাং, দুৰ্ভিক্ষ আদিয়েও পৰিৱেশৰ অৱনমন ঘটোৱাৰ লগতে মানুহক প্ৰব্ৰজন কৰিবলৈ বাধ্য কৰিও ৰোগ বিয়পোৱাত অৰিহণা যোগায়৷ বননি ধ্বংস কাৰ্যয়ো বন্যপ্ৰাণীৰ পৰা পোহনীয়া জীৱ-জন্তলৈ আৰু শেষত মানুহৰ মাজলৈ কিছুমান ৰোগৰ সংক্ৰমণ ঘটাত সহায় কৰিছে ৷ আনহাতে খাদ্য হিচাপে মাংসৰ চাহিদা বৃদ্ধি হোৱাৰ ফলতো প্ৰত্যক্ষ বা পৰোক্ষভাৱে ৰোগৰ মাত্ৰা বাঢ়িছে ৷ অনুমান কৰা হৈছে যে পৃথিৱীত মাংসৰ উৎপাদন ২০০০ চনৰ ২২৯ নিযুত টনৰ পৰা ২০৫০ চনত ৪৬৫ নিযুত টনলৈ বৃদ্ধি পাব৷ পশুপালন কাৰ্যই মুঠ সেউজগৃহ গেছ নিৰ্গমনৰ প্ৰায় ১৮ শতাংশ নিৰূপণ কৰে দুটা প্ৰক্ৰিয়াৰে ৷ তাৰে এটা হৈছে পশুপালনৰ উদ্দেশ্যে বননি-ঘাঁহনি ধ্বংস কৰা আৰু আনটো হৈছে ইয়াৰ যোগেদি মিথেন আৰু নাইট্ৰাছ-অক্সাইড সৃষ্টি কৰা ৷

গোলকীয় উত্তাপ বৃদ্ধিৰ যি ধাৰা এতিয়া পতিয়ন যাব পৰাকৈ স্পষ্ট হৈছে, সেয়া অব্যাহত থাকিলে মানুহ আৰু প্ৰকৃতিৰ মাজৰ প্ৰচলিত সম্পৰ্কৰ ব্যাপক পৰিৱৰ্তন ঘটিব ৷ ক্ৰমবিকাশৰ মাজেদি মানুহ আৰু প্ৰকৃতিৰ সম্পৰ্কই পৃথিৱীক আজি যি ৰূপ প্ৰদান কৰিছে, তাৰ আমূল পৰিৱৰ্তন ঘটিব ৷ এনে পৰিৱৰ্তনে সমাজলৈ কি ধৰণৰ সমস্যা আৰু সম্ভাৱনা [বিশেষকৈ অনুকূলনৰ (adaptation) সম্ভাৱনা] কঢ়িয়াই আনিব, সেইটো এটা গভীৰ আৰু বিস্তৃত অধ্যয়নৰ বিষয় ৷

ড॰ অৱনী কুমাৰ ভাগৱতী
ফোনঃ ৬০০১২৯০৩৯৩

অন্যান্য

বাৰ্চিলোনাৰ বিকল্প স্বতন্ত্ৰ চলচ্চিত্র মহোৎসৱ

বাৰ্চিলোনাৰ বিকল্প স্বতন্ত্ৰ চলচ্চিত্র মহোৎসৱ

স্পেইনৰ বাৰ্চিলোনা চহৰত যোৱা ১২ৰ পৰা ১৮ নৱেম্বৰ, ২০১৮ তাৰিখলৈ অনুষ্ঠিত হোৱা L ‘Alternativa 25 Festival de Cinema Independent de Barcelona আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰৰ বিচাৰক হিচাপে আমন্ত্ৰিত হোৱাটো মোৰ বাবে আছিল আনন্দদায়ক ৷…

পূৰ্বোত্তৰ ৰাজ্যৰ প্ৰথমখন পুথি প্ৰদৰ্শনী

পূৰ্বোত্তৰ ৰাজ্যৰ প্ৰথমখন পুথি প্ৰদৰ্শনী

আমাৰ ৰাজ্যৰ প্ৰথমখন পুথি প্ৰদৰ্শনী আৰু সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত দ্বিতীয়খন পুথি প্ৰদৰ্শনী বা আজিৰ ভাষাত গ্ৰন্থমেলা অনুষ্ঠিত হৈছিল ১৯৫৮ চনত, গুৱাহাটীৰ যশোবন্ত ৰ’ডত৷ ভাৰতবৰ্ষৰ দ্বিতীয়খন পুথি প্ৰদৰ্শনী বুলি এই কাৰণেই কোৱা হৈছে যে ১৯০৫ চনত কেৱল মাত্ৰ কলিকতা (কলকাতা)…

বিনিৰ্মাণ

বিনিৰ্মাণ

আমাৰ প্ৰায় সকলোৰে প্ৰায়ে এটা অত্যন্ত বিৰক্তিকৰ অভিজ্ঞতা হয়, যেতিয়া আমি কোনো সভালৈ যাওঁ,য’ত আদৰণি ভাষণ দিওঁতাৰ পৰা আৰম্ভ কৰি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰোঁতা, নিৰ্দিষ্ট বক্তা, বিশিষ্ট অতিথি, আমন্ত্ৰিত অতিথি, সভাপতি, সমজুৱাৰ দুআষাৰতো দুজনমানে মঞ্চত উপবিষ্ট সকলোকে পুনৰ…