আজান

বিপুল দেউৰী

কাহিলিপুৱা চাৰে চাৰিটা বজাত শেষবাৰৰ বাবে টহল দি গ’ল ৰাইডিং স্কোৱাডে৷ বুলেট মটৰচাইকেলৰ ভটৰ্‌ ভটৰ্‌ শব্দ৷ ইয়াৰ শব্দত হেৰাই গ’ল কাহিলিপুৱাৰ পখীৰ কিচিৰ-মিচিৰ কলৰৱ৷ কেইটামান কুকুৰৰ উজাগৰী ৰাতিৰ হেংঅভাৰ, ঘন কুঁৱলী, কাউৰীৰ ব্যস্ততা; এইবোৰ লৈয়েই ঘাইপথ আৰু অলিগলি নিজান৷ হাড় কঁপোৱা শীত৷ কুঁৱলী এতিয়া কুঁৱলী হৈ থকা নাই৷ বৰষুণৰ দৰে অবিৰাম বৰ্ষণ৷ তথাপি চৰাইবোৰৰ সাৰ পাই উঠাৰ নিৰ্দিষ্ট সময় আছে ৷

ৰাইডিং স্কোৱাডৰ ক’লা মটৰচাইকেল নদীৰ পাৰত, য’ত বাঁহনিডৰাৰ সিপাৰে আছে কিছু মুকলি ঠাই৷ তাত থিয় দিলেই সিটো পাৰ স্পষ্টকৈ চকুত পৰে৷

বিৰক্তিকৰ শব্দ৷ মটৰচাইকেলৰ শব্দ হিলৈৰ টোপৰ দৰে সুদূৰপ্ৰসাৰী৷ সিপাৰত ফজৰৰ আজান৷ আল্লা-হো আকবৰ। কম্পিত ছন্দোময় উচ্ছাৰণৰ আজান, পখীৰ কাকলি, বিবিধ প্ৰভাতী শব্দ, ঘৰ-বাৰীত জুহালৰ ধোঁৱা, চাহ বকা, কাপ-প্লেটৰ টুং টাং শব্দ৷ এইবোৰ শব্দ আজি নাই৷ ফজৰৰ আজান দিয়া হৈছে ঠিকেই, লগতে অদূৰৰ মন্দিৰৰ ঊষাকালৰ আৰতিৰ শব্দ ভাঁহি আহিছে ৷ এই সকলো শব্দৰ মাজত মটৰচাইকেলৰ ভটৰ্‌ ভটৰ্‌ কাণ তাল মৰা শব্দ ৷ যেনেকৈয়ে নহওক যোৱানিশাটো পাৰ হৈছে ৷

কথা আছিল আজি পুৱা আঠ বজাত দুঘণ্টাৰ বাবে কাৰ্ফিউ শিথিল কৰা হ’ব৷ নহ’ল৷ ৰাতিৰ ঘটনা৷ কি হৈছিল এতিয়াও স্পষ্ট হোৱা নাই৷ নিশ্চয় কিবা ডাঙৰ ঘটনাই ঘটিছে৷ তেনেকুৱা নহ’লে আধাঘণ্টাৰ ভিতৰতে প্ৰশাসনে তেওঁলোকৰ নিৰ্ধাৰিত কাৰ্যসূচী সলনি নকৰিলেহেঁতেন৷ সন্ধ্যাটো সুকলমেই পাৰ হৈছিল৷ তিনি দিন একেৰাহে কাৰ্ফিউ দিয়াৰ পাছত আজি আছিল আংশিক ৰেহাইৰ দিন৷ তিনি দিন ক’তো কোনো গণ্ডগোল হোৱা নাছিল৷ এই অঞ্চলতো একোৱেই ঘটা নাই৷ সকলোৱেই কেৱল খবৰহে শুনিছে৷ ক্ষোভ, দুখ দুয়োটাই হৈছে৷ দুই ধৰণৰ বিৰাট জনমতে তীব্ৰ নিন্দা কৰিছে৷ পৰিৱেশ কিছু থমথমীয়া হওঁতেই পুনৰ সান্ধ্য আইন৷ পৰিস্থিতি সম্পূৰ্ণ নিয়ন্ত্ৰণাধীন৷ নিয়ন্ত্ৰণৰ প্ৰশ্ন কিয়? য’ত মানুহে বিচাৰে শান্তি৷ বিচাৰে নিশ্চিত জীৱন৷ তদুপৰি কাৰ্ফিউৰ সোৱাদ মানুহে পায়েই থৈছে৷ চাৰে তিনিটকীয়া আলু দহ টকাত৷ নিশ্চিন্ত উদ্বেগহীনতা কাকনো নালাগে৷প্ৰশাসনেও উদ্বিগ্ন হ’ব নালাগে তাত৷ সকলোৱে কয়– ‘এয়া শান্তিৰ দ্বীপ৷ ইয়াত কেতিয়াও অশান্তি নহয়৷’

ছিটুৱেশ্যন অপ্ৰাঞ্জল হোৱা নাই৷ যোৱানিশাহে কিছু ব্যতিক্ৰম৷ নিশা ন বাজিবলৈ পোন্ধৰ মিনিটমান আছিল তেতিয়া৷ ৰাতিটো গ’লহে বুলিছোঁ৷ বিশেষকৈ মোহন বাবুৰ পৰিয়ালত৷ বাহিৰত কোলাহল আৰু কোঠাৰ ভিতৰত, কৈ লাভ নাই৷ পৰহি ৰইছ ভাইজানে কিছু শাক-পাচলি দি গৈছিল৷ পোহৰ ভালকৈ হোৱাই নাছিল তেতিয়াও৷ নিজৰ টুলুঙা নাওখনতে নদী পাৰ হৈ বৰুণ গছৰ বেৰা জঁপিয়াই চৌহদলৈ সোমায়েই মাত দিছিল– ‘মোহন কাকু, অ’ মোহন কাকু, দৰ্জা খোলক, বেলি মূৰৰ ওপৰ পালেহি৷’

দুৱাৰ খুলিয়েই মোহন বাবুৱে দেখিলে হাতত মস্ত মোনা এটা লৈ ৰইছ আলী৷ মোনাটো হাতৰ পৰা নমাই থ’লে৷

‘তিনি দিন কাৰ্ফিউ৷ আমিতো কিবা নহয় কিবা এটা পামেই৷ আপোনাৰ অৱস্থালৈ চাইহে আহিছোঁ৷ লাও গছ এজোপা আছিল৷ আধাফাল পেহীটিৰ তাত দি থৈ আহিছোঁ আৰু আধা আপোনালৈ আনিছোঁ৷’

‘ইমান পুৱাই আহিছা, ৰইছ?’

‘ভাবিলোঁ ঘৰতবা কিবা আছে নে নাই৷ পইচা দিলেওতো পোৱা নাযাব৷’

‘নাই নাই তেনেকুৱা কথা নহয়৷ ঘৰত আলু আছেই৷ তাতে মাহৰ বজাৰখিনিতো কৰাই থাকে৷’

‘আপোনাৰ ঘৰত থকা আলুকেইকেজিৰেনো কিমান দিনলৈ জোৰাব ?’

‘নাই, নাই, কালি নদীৰ মাছো পাইছিলোঁ৷’

‘আজিতো একো নাপাব৷’

‘কিয়?’

‘শুনিছোঁ কাৰ্ফিউৰ এৰিয়া বঢ়াই দিছে৷’

‘তুমি এইদৰে ঘূৰি ফুৰা কিয়? আহা আহা ভিতৰলৈ আহা৷ হেৰা শুনিছানে, ৰইছ আলী আহিছে৷ একাপ গৰম চাহ দিয়া ৷ ইমানসোপা শাক-পাচলি আনিলা কিয়? তোমাৰ ঘৰতেই দেখোন বহু মানুহ৷’

‘নাই নাই৷’

এইবাৰ হাঁহিলে ৰইছ আলীয়ে৷ ক’লে– ‘এতিয়া ঘৰত কোনোৱেই নাই৷ ভয় খাইছে৷ বুজাইছোঁ ইয়াত আমাৰ একো নহয় ৷ নামানে৷ অৱশেষত সিহঁত টিলাবাড়িৰ সৰু আব্বাৰ ওচৰলৈ গ’ল৷ এতিয়া ঘৰত মই আৰু মইনা৷ ইমান শাক-পাচলিৰে কি কৰিম?’

ৰইছ আলীয়ে আধাফাল লাও, মস্ত লাইশাক এমুঠি, সৰু সৰু আলুগুটি কেইকেজিমান হ’ব, লৈ আহিছে৷ পুনৰ ক’লে– ‘উৰহী পাৰিবলৈ সময় নহ’ল, পাছত আনি দিম, কেৰাচিনৰ নাটনি হ’লে ক’ব কাকা বাবু৷ আমাৰ খৰিৰ চৌকা৷ যোৱা মাহৰ ৰেচনৰ পূৰা দহ লিটাৰ আছে৷ আমাৰ প্ৰয়োজন নাই৷ লেম-লণ্ঠনৰ কাৰণে দুই-চাৰি টোপালমান ৰাখি বাকীখিনি দি থৈ যাম নে কি?’

এয়া দুদিন আগৰ কথা৷ যোৱানিশাৰ ঘটনাৰ পাছত পৰিস্থিতি কি হ’বগৈ কোনেও ক’ব নোৱাৰে৷ অৱশ্যে প্ৰকৃততে কি ঘটিছে তাকো এতিয়ালৈকে একো জানিব পৰা হোৱা নাই৷

ৰাইডিং স্কোৱাডৰ বাইকে বহুপৰ আগেয়েই টহল দি গ’ল৷ পূব আকাশ সম্পূৰ্ণ মুকলি৷ পানীৰ কলৰ সোঁ-সোঁ শব্দ৷ কিছুক্ষণ পাছতেই পানী আহিব৷ সান্ধ্য আইন বলৱৎ আছে যদিও এই অঞ্চলত ইমান কাঢ়া নহয়৷ গলিবোৰত মানুহ ওলাইছে৷ ৰাতিৰ হুলস্থূল লৈয়ে সকলোৰে আলোচনা৷ সৰ্বজান্তা চিনুৱে ক’লে– ‘উজনিৰ গাঁৱৰ আটাইবোৰেই খেৰৰ চালিৰ কেঁচা ঘৰ৷’

মোহন বাবু বিৰক্ত হয়৷ কয়– ‘ৰাতি, তুমি হ’বলা তেতিয়া তাতেই আছিলা?’

‘নাই, মানে শুনা পাইছোঁ৷’

‘মাজনিশা আহি তোমাক কোনে কৈ গ’লহে ?’

চিনুৱে থত্‌মত্‌ খায়৷ মোহন বাবুৱে কৈ যায়– ‘সোণটো, কিয় আবোল-তাবোল বকিছা ?’

‘নাই খুৰা, শপত খাই কৈছোঁ ৷ বংশীয়ে কমলাবাৰীৰ বাগিচা পাৰ হৈ সিপাৰলৈ গৈছিল ৷ তাত মানুহ উন্মত্ত হৈ আছে৷’

‘বাজে কথা ৷ তেনেকুৱা উৰাবাতৰিত কি হয় জানানে ? উৰাবাতৰিয়ে জুইত ঘিঁ দি জুই বেছিকৈ জ্বলায় ৷’

ৰইছ আলীয়ে দহ লিটাৰমান কেৰাচিন দি গৈছে৷ তাৰ পাছত দুদিন হ’ল, অহা নাই৷ মোহন বাবুৱে বেছ কেইবাৰমান সতৰ্ক কৰি দিছিল– ‘ৰইছ, সাৱধানে থাকিবা৷ এনেকুৱা সময়ত শত্ৰুৱে চল চাই থাকে৷’

উত্তৰত ৰইছ আলীয়ে কৈছিল– ‘কেতিয়াও কাৰো কোনো অপকাৰ কৰা নাই৷ কোনে কি কৰিব৷ চব দেখোন নিজৰেই মানুহ৷’

‘তোমাৰ দৰে পৃথিৱীখন সকলোৱে একে ধৰণেৰে নাচায় নহয়৷’

ৰইছ আলীৰ সৈতে পঁচিশ বছৰৰ সম্পৰ্ক৷ পৰিয়ালৰে এজনৰ দৰে ৷ দুই-চাৰি দিন নাহিলেই পৰিয়ালৰ সকলোৱে আপত্তি কৰে– ‘ৰইছ ভাই ক’ত থাকাহে, খবৰ-বাতৰি নাৰাখাই দেখোন৷’

ৰইছ আলীৰ মন অনাবিল আনন্দৰে উপচি পৰে৷ কয়– ‘বাইদেউ, বহু কাম ৷ বাদৰীপাৰৰ পেহীৰ সৰু ছোৱালীজনীৰ নিকাহ৷ দামানৰ ঘৰৰ মুৰব্বীকেইজন আহি যোৱা মাহত চালিশী কৰি গৈছে ৷ কইনা উলিয়াই দিয়া কত ঝামেলা৷ আচ্ছা, খুৰীদেউ, মান কচুৰ থুৰি আনিবলৈ কৈছিল, আনিম নেকি?’

এয়াই ৰইছ আলী৷

কাৰ্ফিউৰ মাজতেই অটোৰিক্সা অনা হৈছে৷ তেতিয়া আঠ বাজিছিল৷ সন্ধিয়াৰ পাছতেই অলপ-অচৰপকৈ ব্লিডিং হ’বলৈ ধৰিছিল৷ মাত্ৰ তিনি দিন আগতে নাৰ্ছিং হোমৰ পৰা অনা হৈছে৷ কেঁচুৱাটো তেনেই অকণমানি৷ পাঁচ পাউণ্ডৰো কম৷ হঠাৎ আজি সন্ধিয়াৰ পৰাই চিলাই কৰা অংশত প্ৰদাহ ৷

আধাঘণ্টামানৰ ভিতৰতে ৰক্তক্ষৰণ বৃদ্ধি পালে ৷

দুঘৰৰ বেৰা পাৰ হৈ মজুমদাৰৰ ঘৰৰ পৰা ফোন কৰিলে মোহন বাবুৱে– ‘হয় তিনি দিন আগতে, তিনি দিন আগতে ৰিলিজ কৰা ছিজাৰিয়ান কেছ ৷ হেল্ল’ কেবিন নং সোতৰ, মনত আছেনে ?’

‘হয় হয় আছে ৷ কওক ৷ নিৰুপমা ৰায়তো ? গেভ বাৰ্থ টুৱে বেবী বয় ? কওকচোন এনি কমপ্লেইন?’

‘সন্ধিয়া পাঁচমান বজাৰ পৰা ব্লিডিং হৈ আছে৷ কি কৰা যায় কওকচোন

‘ব্লিডিং ? তেনেকুৱাতো হ’ব নালাগিছিল ৷’

‘এতিয়া কি কৰা…’

কিছুপৰ সিটো মূৰে মৌনতা ৷ তাৰ পাছত শুনা গ’ল– ‘শুনকচোন, এতিয়াতো বহু ৰাতি হ’ল ৷ তাতে কাৰ্ফিউ চলি আছে ৷ ঘৰত ষ্টেপট’ক্ৰম ইনজেকশ্যন আছে নেকি?’

‘কি?’

‘ইজেকশ্যন, ষ্টেপট’ক্ৰম ৷’

‘নাই, আপোনালোকে দি পঠিওৱা কেপছুল কেইটামান আৰু ভিটামিনৰ বাদে আন একো নাই৷’

‘এটা কাম কৰক, পেচেণ্ট আনিব পাৰিব নেকি?’

‘এই অৱস্থাত? তাতে কাৰ্ফিউ৷ থানাও বহু দূৰৈত, পাৰমিশ্যন নোহোৱাকৈ…’

‘একো নহয়৷ প্ৰেছক্ৰিপশ্যন, নাৰ্ছিং হোমৰ ডিছচাৰ্জ পেপাৰ দেখিলে পুলিচে নধৰে৷’

‘আপোনালোকৰ এম্বুলেঞ্চ পঠিয়াব নেকি?’

‘নাই, ড্ৰাইভাৰ নাই৷ চহৰৰ বাহিৰত থাকে৷ আহিব পৰা নাই৷’

‘কি কৰা যায়, কওকচোন?’

‘হয় ইনজেকশ্যন দিয়াওক, নতুবা পেচেণ্ট লৈ আহক৷’

হেল্ল… হেল্ল…’

লাইন কাটি গ’ল৷ কি কৰিব মোহন বাবুৱে একো উৱাদিহ পোৱা নাই ৷ চুবুৰিত টেলিফোন নাই ৷ গলিৰ মুখৰ দোকানখনৰ কাষত অটো এখন থাকে৷ অটোচালক মান্তি হ’বনে?’

খুৰাৰ ল’ৰা ভাতৃৰ স্ত্ৰী৷ ৰক্তক্ষৰণত কাহিল৷ এনেই দুৰ্বল৷ কেঁচুৱাটো দুৰ্ঘোৰ টোপনিত৷ নাৰ্ছিং হোমলৈ নিলে ইয়াক চাব কোনে? ঘৰত মাইকী মানুহ আছে, তথাপি৷ প্ৰচণ্ড জাৰ, কাৰ্ফিউ৷ কি কৰিব একো ভাবি পোৱা নাই মোহন বাবুৱে৷ হাড় কঁপোৱা শীত আৰু ভিত্তিহীন আতংকত চাৰিওফালে থমথমীয়া পৰিৱেশ৷ পুলিচ থানাও বহু দূৰৈত৷ পাৰমিশ্যন নোহোৱাকৈ ইমান দূৰ পথ যাব নোৱাৰি৷

দুজনমানে অটো বিচাৰি গ’ল৷ ড্ৰাইভাৰ মান্তি হৈছে৷ ৰোগীক ধৰাধৰিকৈ উলিয়াবলৈ লওঁতেই প্ৰথমতে ক্ষীণকৈ আৰু তাৰ পাছতেই প্ৰবলৰ পৰা প্ৰবলতৰ চিঞৰ-বাখৰ শুনিবলৈ পোৱা গ’ল৷ অনেক কণ্ঠস্বৰ৷ বনজুইৰ দৰে চহৰৰ ইমূৰৰ পৰা সিমূৰলৈ বিয়পি পৰিল– ‘জুই লাগিছে… জুই লাগিছে৷’

দৌৰাদৌৰি, আতংক৷ কোনে কোনফালে দৌৰিছে ঠিকনা নাই৷ ৰোগী থৰ্‌থৰ্‌কৈ কঁপিবলৈ ধৰিলে৷ পুনৰ বিছনাত শুৱাই দিয়া হ’ল৷ মোহন বাবুৰ পৰিয়ালৰ সকলো বিহ্বল৷

ক্ষন্তেক পাছতে এখনৰ পাছত এখনকৈ তিনিখন মটৰচাইকেল সোমাই আহিল চুবুৰিটোলৈ৷ প্ৰশাসন যথেষ্ট সতৰ্ক৷ ৰাইডিং স্কোৱাডৰ মটৰচাইকেল দেখিলেই মানুহবোৰ ঘৰে ঘৰে সোমাই যায় ৷ একেৰাহে চিঞৰি থাকে নিৰাপত্তাৰক্ষীয়ে– ‘ঘৰৰ ভিতৰলৈ যাওক, ঘৰৰ ভিতৰলৈ যাওক৷ ভয়ৰ কোনো কাৰণ নাই, কোনো কাৰণ নাই৷ আপোনালোকৰ নিৰাপত্তাৰ সম্পূৰ্ণ দায়িত্ব আমাৰ ৷ একো হোৱা নাই, অযথা হট্টগোল৷ ছিটুৱেশ্যন আণ্ডাৰ কম্‌প্লিট কমাণ্ড এণ্ড কণ্ট্ৰ’ল৷ উৰাবাতৰিত কোনেও কাণ নিদিব৷ ভিতৰলৈ সোমাওক, ভিতৰলৈ সোমাওক৷’

তাৰ পাছত আধাঘণ্টাৰ মূৰে মূৰে ৰাইডিং স্কোৱাডে টহল দি গ’ল৷ সদ্যহতে নিশ্চিত হোৱা মানুহবোৰ নিজ নিজ ঘৰত আৰু ভেল্কীবাজিৰ দৰে লাহে লাহে সম্পূৰ্ণ বন্ধ হৈ গ’ল ৰোগীৰ ৰক্তপাতো৷

শীতৰ নদী ৷ পুহৰ শেষ, বিস্তীৰ্ণ চৰ ৷ পানী কম ৷ এইকেইদিন কোনো নাও চলাচল কৰা নাই৷ দিন-কাল ভাল থাকিলে মেটমৰা ধানৰ বোজাৰে বিশাল বিশাল নৌকাবোৰে সঞ্চালন কৰি থাকে৷

নদীৰ পাৰত সাপ্তাহিক বজাৰ বহে ৷ লোকালয়ৰ পাইকাৰীৰ বৰগোলা ৷ এতিয়া সময় দুঃসময় ৷ নদী নিৰ্জন ৷ জলপৃষ্ঠৰ অকণমান ওপৰৰ ধোঁৱা আৰু কুঁৱলীৰ মিশ্ৰণ স্থিৰ ৷

সিপাৰে এটা টৰ্চ লাইট জ্বলি উঠিল৷ লগে লগে এই পাৰেও৷ দুয়োপাৰৰ মানুহেই সজাগ হৈ আছে৷ পহৰাদাৰী৷ কিয় পহৰাদাৰী, কাক পহৰা? দিনৰ প্ৰিয় পৰিচিত মুখবোৰ ৰাতি গভীৰ হৈ অহাৰ লগে লগে কিয় ভয়ৰ কাৰণ হৈ উঠে৷

দিনৰ পোহৰত অনেকজন যায় সিপাৰলৈ, টুলুঙা নাৱত৷ শাক-পাচলি, শস্য সকলো উভৈনদী সিপাৰে৷ সান্ধ্য আইনৰ আওতাতো নপৰে সেই অঞ্চল৷ মুখামুখি হ’লে আলোচনা হয়– ‘কালি তোমালোকে টৰ্চ লাইট জ্বলাইছিলা নেকি?’

‘হয়, তোমালোকৰ পোহৰ দেখি ভাবিলোঁ…’

‘নাই, নাই, হঠাৎ তোমালোকৰ ফালে কেঁচুৱাৰ কান্দোন শুনিলোঁতো, ভাবিলোঁ কি হ’ল? ৰাতিৰ শব্দতো ৷’

‘একো হোৱা নাই ৷ দীনেশৰ সৰু কেঁচুৱা৷ মাজৰাতি উঠি সদায় সি খাবলৈ ৰাউচি জোৰে৷’

‘এতিয়া কি হৈছে জানানে? কিব শব্দ হ’লেই মনলৈ এনে ভাব আহে…’

‘ঠিক কথা, সেই সংঘৰ্ষৰ পৰাই…’

পথাৰত শীতৰ শস্য৷ আনদিনা এই পাৰৰ শাক-পাচলি যায় চহৰলৈ৷ চালানী শাক-পাচলিতকৈ বজাৰত ইয়াৰ কদৰ বেছি৷ এতিয়া বজাৰ-সমাৰ একো নাই৷

‘গিয়াছকা, অলপ শাক-পাচলিৰ প্ৰয়োজন হৈছিল৷ আমাৰ চুবুৰিৰ তাৰক চক্ৰৱৰ্তী ঢুকাল৷ চাৰি দিনৰ দিনা তেখেতৰ ছোৱালীয়ে সকাম এটা কৰিব বিচাৰিছে৷’

‘সুধিছা কিয় ? যি লাগে লৈ যোৱা ৷ নিজে তুলি লোৱা ৷ ঘৰত আলুও আছে ৷ নতুন আলু ৷ লাগিলে সেয়াও লৈ যোৱা ৷’

‘সম্পূৰ্ণকৈ পইচা আজি দিব নোৱাৰিম ৷’

‘হ’ব দিয়া ৷ যি লাগে নিয়া, পইচাৰ কথা পিছে-পৰেও হ’ব ৷ পিছে ব্ৰাহ্মণ মহাশয় ঢুকাল কেনেকৈ ?’

‘বাৰ্ধক্যজনিত কাৰণত, বিৰাশী বছৰ ৷’

‘যি লাগে খেতিৰ পৰা নিজে তুলি লোৱা, টুকুৰি আনি দিম নেকি?’

তেওঁলোকে খেতিৰ পৰা বাছি বাছি ফুলকবি তুলিলে৷ গিয়াছেও সহায় কৰি দিলে৷ এজনে সুধিলে– ‘আচ্ছা গিয়াছকা, মোহন বাবুৱে ৰইছকাৰ কথা সুধিছিল৷ কেইদিনমান পৰা বোলে পাত্তাই নাই৷’

‘ৰইছ আলী ? তাক আৰু ক’ত পাবা ৷ গাঁৱে গাঁৱে চক্কৰ মাৰি শান্তি কমিটী পাতি ফুৰিছে৷’

‘খুউব হাঁহি উঠে, নহয়নে গিয়াছকা৷’

‘কিহৰ বাবে?’

‘এই যে তোমালোকক আৰু তোমালোকে আমাক পহৰা দিয়া৷’

‘ঠিকেই কৈছা৷’

‘কিয় কৰোঁ?’

‘একদম ফাল্টু ৷’

সোৱাৰিৰ খালৰ পাৰত য’ত ৰে’লৰ পাৰ্শ্ববেষ্টনীবিহীন অংশ, তাৰ তলতেই প্ৰকাণ্ড প্ৰকাণ্ড পাথৰকেইটাৰ ওপৰত সমান্তৰালভাৱে চিত খাই পৰি আছে এটা লাচ ৷ তলপেটত ছুৰীৰ আঘাত ৷ তেজ ক’লা পৰি কৰাল বান্ধিছে, শীতৰ প্ৰচণ্ড প্ৰকোপ ৷ ৰক্তপাতৰ সুযোগেই ক’ত ?

চহৰৰ পৰা বহু নিলগৰ এইখিনিতা সান্ধ্য আইন নাই৷ শৱটো যেতিয়া জীৱন্ত আছিল অপকাৰী নাছিল কাহানিও৷ তেওঁৰ প্ৰিয়জনে কৈছিল– ‘ৰইছ ভাই, সতৰ্ক হৈ থাকিবা৷ শত্ৰু ভালকৈয়ে গোটাই লৈছা ৷’

কাষৰ গাঁওখনতেই শান্তি কমিটীৰ মিটিং আছিল৷ সকলোৱেই উভতিছে৷ খন্তেক আগেয়ে সাঁজ লাগিছে৷ কুঁৱলীয়ে আৱৰা জ্যোৎস্নাবিহীন পথটোৰে অহা-যোৱা কৰিবলৈ অসুবিধা নহয় ৰইছ আলীৰ৷ সেই ঠাইত মিটিঙৰ প্ৰয়োজন নাছিল৷ তথাপি বুজাই-বঢ়াই অহা হৈছে সকলোকে ৷ গণ্ডগোল য’ত হৈছে হওঁক ৷ আমাৰ কি ? ইজনে সিজনক সহযোগ নকৰিলে এখোজো দিব নোৱাৰোঁ ৷ কাৰোবাৰ হাত বা কাৰোবাৰ ভৰি লাগিবই৷ এইবোৰ হুলস্থূলত যাতে কোনেও নোসোমায়৷ সকলোকে এইদৰে আশ্বাস দিছে৷

‘ৰইছ ভাই, আপোনাৰ কথা সত্য ৷ কোনো উল্টা-পুল্টা কামত আমি নাই৷ কি কোৱা, পৱিত্ৰ?’

‘ঠিক কৈছে মিৰজান চাচা, আমাৰ কি দৰকাৰ ৷’

উভতি অহাৰ পথত আছিল তিনিজন ৷ অৱনী, পল্টু আৰু নাছিৰ ৷ সোৱাৰিৰ পুল পাৰ হৈ দীঘলগ্ৰামৰ পথলৈ নামি গ’ল তিনিও ৷ যোৱাৰ আগেয়ে সুধিলে–‘ৰইছকা, অকণমান আগুৱাই দিম নেকি ?’

‘নাই নাই, নালাগে ৷ কিমান দূৰনো বাট ৷ তোমালোকে যোৱা ৷ বহুবাৰ গৈছোঁ ৷’

‘সাৱধানে যাবা ৷ ’

‘তোমালোক যোৱা, চিন্তা কৰিব নালাগে৷’

‘তথাপি…’

‘ধুৰ বেটা, যোৱা যোৱা, ঘৰলৈ আহিবা ৷ পুৱাতে গাঁৱৰ সিপাৰলৈ যাম ৷ মোহন বাবুৰ ভতিজা এটা হৈছে ৷ কেইবাদিনো হ’ল খবৰ-বাতৰি ল’ব পৰা নাই ৷’

‘ঠিক আছে তেনেহ’লে৷ আদাব, ৰইছ ভাই৷’

‘আদাব৷ আদাব৷’

পুলৰ পাছতেই ৰে’লপথ এৰি তললৈ নামি যোৱা মুকলি পথাৰখন ৷ ইয়াত বাট বুলিবলৈ অসুবিধা নহয় ৷ মূৰৰ ওপৰেৰে গৈছে নেশ্যনেল গ্ৰীডৰ হাইভল্টেজ বিজুলী তাঁৰ ৷ এই তাঁৰ অনুসৰণ কৰি পোন্ধৰ-বিছ মিনিট গ’লেই মথাউৰিৰ ওপৰ পাই আৰু পাছত ছনখলাৰ টিলাৰ কাষেৰে বৰ বেছি দহ গজ ৷ নিজ বস্তিৰ পোহৰ তাৰ পৰাই চকুত পৰে৷ পথাৰত নামোতেই চকুত পৰিল টৰ্চৰ পোহৰ৷

‘কোন ৰে?’

‘তোৰ বাপেৰ, চাল্লা৷’

ৰইছ আলীয়ে একো নকৈ হাতেৰে চকুৰ ওপৰ ঢাকি চাবলৈ যত্ন কৰে ৷

‘কোন তহঁত?’

তিনিটা অস্পষ্ট অৱয়ব৷ একেলগে গবা মাৰি পুলৰ তললৈ টানি লৈ গ’ল৷ ঠেলা মাৰি দিলে শিলৰ ওপৰত৷

‘উঃ…’

ৰইছ আলীৰ কিলাকুটি, পিঠিত আঘাত লাগে৷ মূৰ তুলি এবাৰ দীঘলগ্ৰামৰ ফালে চায়৷

‘লাভ নাইৰে হাৰামীৰ বাচ্ছা ৷ তোৰ লগৰীয়াকেইটা বহু দূৰ পালেগৈ ৷’ ৰইছ আলীয়ে সিহঁতৰ কণ্ঠস্বৰতে চিনি পালে৷ মুখৰ ওপৰত তেতিয়াও টৰ্চৰ পোহৰ৷ জোয়াদ আলী ৷

‘চিনি পাইছনে?’

‘চয়তানৰ নানাক কোনে চিনি নাপায় ?’

‘তই নিজকে ফৰিষ্টা সজাইছ, হয়নে ?’

‘কি লাগে ক৷’

‘নাজান ?’

ৰইছ আলীয়ে সকলো জানে৷ তেওঁৰ গাঁওখনৰ কাষৰ গাঁৱৰ সি নাম কৰা মস্তান৷

‘কি মতলব, ক ?’

‘এতিয়াও সোধ নেকি৷ যিদিনাই তই মুখৰ পৰা চালমাক কাঢ়ি নিছিলি সেইদিনাই কচম খাইছিলোঁ তোৰ লহু লাগে মোক, তোৰ৷’

‘আৰু সময় বিচাৰি নাপালি ?’

‘সুযোগ৷’

‘মোৰ তেজে কি দিব তোক?’

‘মাত নামাতিবি বেটা ৷’

‘কটল কৰিবি নেকি ?’

‘আঢ়াই বছৰ জে’লত দিন গণি আছিলোঁ৷’

‘জে’ললৈ মোৰ দোষত গৈছিলি নেকি?’

‘তয়েই চাল্লা কেৰেং লগাইছিলি৷’

‘চালমাৰ ষ্টেটমেণ্টে তোক জে’ললৈ পঠাইছিল৷’

‘চালমাক কোনে পাঠ পঢ়াইছিল?’

‘তোৰ ভুল হ’ব, জোয়াদ আলী৷’

‘ধুৰ কুত্তা৷ ধীৰাই, দাং বেটাক৷’

যন্ত্ৰৰ দৰে একেচাবে আটাইকেইটাই তুলি ধৰে ৰইছ আলীক৷

চাৰে ছয় ইঞ্চি বাই ডেৰ ইঞ্চিৰ এক খণ্ড ইস্পাত মাংস ভেদি প্ৰৱিষ্ট হয় তলপেটত, কেইবাবাৰো ৷ ৰইছ আলী পৰি যায় ৷ কয়– ‘বৰ ভুল সময় বাছি ল’লি, জোয়াদ ভাই ৷ ইয়া আল্লাহ ৷’

তিনিটা ছায়ামূৰ্তি ৰে’ললাইনৰ ওপৰেৰে ডেও দি ডেও দি, অনেক দূৰ ডেও দি, কুঁৱলী আৰু অন্ধকাৰৰ মাজত হেৰাই যায়৷

তাৰক চক্ৰৱৰ্তী মৰাৰ আজি চাৰি দিন ৷ জীয়েকৰ ঘৰত ৷ ইয়াতেই আছিল ৷ জীয়ৰী সৰলা আজি চতুৰ্থীৰ ব্ৰতত বহিছে ৷ কাৰ্ফিউৰ মাজতে অনেক কষ্ট কৰি পুৰোহিত অনা হ’ল ৷ ঘৰুৱা পুৰোহিতজনৰে যোগাযোগ কৰিব পৰা নগ’ল ৷

ক্ৰিয়াকৰ্ম আৰম্ভ হৈছে ৷ আসনত বহিছে সৰলা ৷ সন্মুখত সামান্য পৰিমাণে দান-দক্ষিণা ৷ দোকান-পোহাৰ সকলো বন্ধ ৷ যোগাৰ-পাতি কৰে কেনেকৈ ! শুদ্ধি মন্ত্ৰৰ সময়ত পুৰোহিতে সৰলা দেৱীক সুধিলে– ‘কোন সময়ত পৰলোক গমন হৈছে আপোনাৰ পিতাৰ ? সঠিক ক্ষণটো মনত ৰাখিছেনে ?’

‘হয়, পুৰোহিতদেউ৷’

‘ক্ষণ, পল নাজানিলে ভেজাল আছে ৷ মৃতকৰ দ্বিপাপ-ত্ৰিপাপ দোষে চুইছেনে নাই বুজিব নোৱাৰি ৷ স্পষ্টকৈ মনত আছেতো ?’

‘কিয় মনত নাথাকিব৷ একেবাৰে কাহিলিপুৱা ৷ সিপাৰৰ মছজিদত যেতিয়া ফজৰৰ আজান দিছিল তাৰ অকণমান পাছতেই, বাবা…’

১০

কোনো সংকটেই বেছি দিনলৈ স্থায়ী নহয়৷ অন্ততঃ তাৰ তীব্ৰতা ৷ কুঁৱলীও বেছি দিনলৈ নাথাকে৷ এদিন শীতৰ অন্ত পৰিল৷ কুঁৱলী অদৃশ্য হ’ল ৷

এতিয়া ফেব্ৰুৱাৰীৰ শেষ ৷ আবেলি ৷ মোহন বাবুৱে নিজৰ বাৰীখনত ব্যস্ত হৈ আছে ৷ বিস্তৰ ঘাঁহ-বন গজিছে ৷ চিকুণাব লাগিব ৷ এই অঞ্চললৈ মাৰ্চৰ প্ৰাৰম্ভতে বৰষুণ নামে ৷ প্ৰায় আঠ মাহলৈকে বৰ্ষাকাল ৷ বৰ্ষাৰ আগেয়েই বাৰী-বন চিকুণাই নল’লে পাছলৈ আৰু চিকুণাব পৰা নাযাব৷

শিৰীষ গছৰ প্ৰায় দহ হাত আঁতৰে আঁতৰে নাৰিকলৰ চাৰিটা পুলি ৰুইছিল ৰইছ আলীয়ে, নিজ হাতে৷ পুলিৰ গুৰিত বন-জংঘলে আৱৰি ধৰিছে৷ চিকুণাব লাগিব৷ পুলিবোৰ বেছ ডাঙৰ হৈছে৷ মোহন বাবুৱে হাঁহি হাঁহি কৈছিল– ‘হেৰা ৰইছ আলী চাহেব, ককাকে লগালে নাতিয়েকেহে খাবলৈ পায় নাৰিকল৷’

‘কিনো কয়, কাকাবাবু৷ এয়া নলবৰীয়া সঁচ, বেলেগ জাতৰ৷ লগাই দেখুৱাম৷ পাঁচ-সাত বছৰতে থোকাথোকে নাৰিকল ভৰি যাব গছত৷ তেতিয়া মনত পৰিব, ৰইছ আলীয়ে কৈছিল ৷ আৰু ককা-নাতিৰ কথা৷ খুউব মজাৰ হ’ব৷ মোৰ নাতিয়ে এদিন এই গছবোৰ দেখুৱাই ক’ব– সৌৱা চোৱা মোৰ দাদাজিৰ হাতেৰে ৰোৱা গছ৷’

স্বভাৱসিদ্ধ হাঁহিৰে কথাবোৰ কৈছিল ৰইছ আলীয়ে৷ মোহন বাবুৰ স্পষ্টকৈ মনত আছে ৷


(লেখক পৰিচয়: ক্ষুদ আলোচনীনিৰ্ভৰ বৰাক উপত্যকাৰ সাহিত্যচৰ্চাত প্ৰান্তীয় জীৱনবৃত্তৰ ৰ’দ, বতাহ, আৰু পোহৰ পৰিস্ফূট হৈছে ভিন্ন ৰঙৰে নানা অৱয়বেৰে। এই পশ্চাদমুখী অঞ্চলৰ এনে কিছু সমস্যা আছে যাক সঠিক উপস্থাপনৰ বাবে প্ৰয়োজন এক নতুন আৰু সজীৱ বৰ্ণনাৰীতিৰ। শেষৰ দাশ এই ৰীতিৰ পুৰোধা স্থপতি। শিলচৰৰ পৰা প্ৰকাশিত শতক্ৰতু সাহিত্যলোচনীত ক্ৰমশঃ তাপ নামৰ গল্পটোৰে দাশৰ আলোড়নকাৰী আত্মপ্ৰকাশ ১৯৭৩ চনত। গল্পভাষা আৰু গল্পবীক্ষাত তেখেতৰ পৰীক্ষা-নিৰীক্ষা উত্তৰ-পূবৰ বাংলা পঢ়ুৱৈৰ মাজত এক বহুচৰ্চিত বিষয়। একেজন গল্পকাৰেই লিখিছে শ্বেতৰক্তকণা, ফেৰাৰি, জোড় শালিখ, ডায়ানোসোৰেৰ ফুসফুস, ৰাতিৰ ট্ৰেন, জনসভা, অপ্সৰা আৰু কোষাগাৰ। দাশে ২৫ বছৰ ধৰি লিখা চুটিগল্পসমূহত সিঁচৰতি হৈ আছে বাংলা সাহিত্যৰ তৃতীয় বিশ্বৰ সূক্ষ্ম স্বৰবিন্যাস আৰু মানৱীয় প্ৰাপ্তিৰ প্ৰতিনিধিমূলক বৰ্ণনা।)

মূল: শেখৰ দাশ

অনুবাদ: বিপুল দেউৰী

ফোন: ৯৪৩৫৪৭৩০৬২

অন্যান্য

মধ্যৰাত্ৰে বেণু বাজে: অনুপম জীৱন-কথা অথবা সামাজিক দাপোন

মধ্যৰাত্ৰে বেণু বাজে: অনুপম জীৱন-কথা অথবা সামাজিক দাপোন

গতানুগতিক, নিৰাপদ আৰু প্ৰচলিত জীৱন ধাৰণৰ বিপৰীতে প্ৰগতিশীল, দূৰদৰ্শী, প্ৰত্যাহ্বানমূলক আৰু সৰ্বদা উৎসৰ্গীকৃত জীৱনশৈলীৰে ভীৰৰ মাজত অনুপম আদৰ্শৰ চানেকি প্ৰতিষ্ঠা কৰা মানৱীয় চৰিত্ৰসমূহে, কেতিয়াবা জীৱন কালতেই অথবা কেতিয়াবা হয়তো মৃত্যুৰ পিছত হ’লেও, সমাজত চৰ্চিত-বন্দিত আৰু…

জ্যোতিস্মৰণ: এজন নাট্যকাৰ হিচাপে জ্যোতি প্ৰসাদ-মোৰ দৃষ্টিত -নাট্যকাৰ-নাট পৰিচালক অবিনাশ শৰ্মাই যেনেকৈ ক’লে

জ্যোতিস্মৰণ: এজন নাট্যকাৰ হিচাপে জ্যোতি প্ৰসাদ-মোৰ দৃষ্টিত -নাট্যকাৰ-নাট পৰিচালক অবিনাশ শৰ্মাই যেনেকৈ ক’লে

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৰাম বিজয় নাটকৰ বহুদিন বিৰতিৰ পিছত গুণাভিৰাম বৰুৱাৰ ৰাম নৱমী আৰু ৰুদ্ৰৰাম বৰদলৈৰ কানীয়া কীৰ্তনেই অসমৰ ন্যট্য জগতৰ দুখন প্ৰথম উল্লেখযোগ্য নাটক।গুণাভিৰাম বৰুৱাই কলিকতাত থাকিয়েই পঢ়-শুনা কৰিছিল। সেই সময়ত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে বংগীয়…