বিনিৰ্মাণ

সঞ্জীৱ সভাপণ্ডিত

আমাৰ প্ৰায় সকলোৰে প্ৰায়ে এটা অত্যন্ত বিৰক্তিকৰ অভিজ্ঞতা হয়, যেতিয়া আমি কোনো সভালৈ যাওঁ,য’ত আদৰণি ভাষণ দিওঁতাৰ পৰা আৰম্ভ কৰি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰোঁতা, নিৰ্দিষ্ট বক্তা, বিশিষ্ট অতিথি, আমন্ত্ৰিত অতিথি, সভাপতি, সমজুৱাৰ দুআষাৰতো দুজনমানে মঞ্চত উপবিষ্ট সকলোকে পুনৰ পুনৰ সম্বোধন কৰি নিজৰ নিজৰ কথা আৰম্ভ কৰে৷ এই পৰম্পৰা দুই-এজনে দুই-এঠাইত ভংগ কৰিছে যদিও অন্য হাজাৰ-লাখজনে এই আমনিদায়ক–সময় খৰচী-অদৰকাৰী-অবিবেচক কাৰ্য্যৰ পৰা মুক্তি লোৱা নাই ৷

সাহিত্যত কিন্তু এনে ধৰণৰ ধ্ৰুপদী পৰম্পৰা কেতিয়াবাই ভংগ হৈছে৷ আধুনিক সাহিত্যত বিনিৰ্মাণ ধাৰণা আৰম্ভ হোৱাৰ ফলত আমি সৌৰভ কুমাৰ চলিহা-গেব্ৰিয়াল মাৰ্কুৱেজ-কাজুঅ’ ইশ্বিগুৰ’ বা জেক ডেৰিদাৰ দৰে লিখক পাইছোঁ, য’ত অলেখ পাশ্বৰ্ৱৰ্তী কথা সমান্তৰালভাৱে বিবৰিত হয়৷ এতিয়া আৰু আগৰ দৰে আৰম্ভণি-বিস্তাৰ-সমাপ্তিৰে এখন উপন্যাস লিখা নহয়৷ ভাৰ্জিনিয়া উল্ফৰ Stream of Consciousness’ ধাৰণাৰে পোনপটীয়া প্ৰভাৱ এই বিনিৰ্মাণত পৰিছে বুলিও ক’ব পাৰি ৷

জাপানী চলচ্ছিত্ৰ পৰিচালক আকিৰা কুৰোশ্বোৱাই ‘ৰশ্ব’মন’ চিনেমাখনত একেটা ঘটনাকে কেইবাটাও চৰিত্ৰৰ যোগেদি বেলেগ বেলেগ ঘটনা সজাই কোৱাইছিল৷ প্ৰতিটো কথাই প্ৰতি মানুহৰ মনত বেলেগ ধৰণে ৰেখাপাত কৰে–প্ৰত্যেকে কথাটো নিজৰ সুবিধামতে বেলেগ ধৰণে বুজে ৷ এইটো মানৱ চৰিত্ৰৰ চিৰন্তন বৈশিষ্ট্য ৷ কিন্তু আধুনিক মানুহ তাতো সন্তুষ্ট নহয়৷ তেওঁক লাগে শব্দৰ আঁৰৰ অৰ্থ-বাক্যৰ আঁৰৰ কাহিনী৷ আধুনিক মানুহ একে সময়তে বহুত বেলেগ স্থানত আৰু বেলেগ সময়ত থাকিবলৈ বিচাৰে৷ এটা অস্থিৰ চঞ্চলতা আধুনিক মানুহৰ মাজত স্বতঃস্ফূৰ্তভাৱে বিদ্যমান ৷

এই মানুহ ইমানেই অশান্ত-ইমানেই আত্মবৈৰী-ইমানেই অসন্তুষ্ট যে ই নিজকো অস্বীকাৰ কৰে ৷ অসংযত ড্ৰাগচৰ দ্বাৰা এই মানুহে নিজকে হেৰুৱাই পেলাবলৈ বিচাৰে ৷ উন্মাদ যুদ্ধৰ দ্বাৰা এই মানুহে প্ৰহেলিকা সৃষ্টি কৰিবলৈ বিচাৰে৷ নিজকে খুচি বিন্ধি এই মানুহে বিচিত্ৰ সন্তুষ্টি পাবলৈ বিচাৰে৷ আনকি এই মানুহ, সৃষ্টিৰ উন্মাদনাত ইমানেই বিহ্বল হৈ পৰিছে বা প্ৰগতিৰ সীমাৰেখা ইমানেই প্ৰসাৰিত কৰিবলৈ বিচাৰিছে যে ই এতিয়া নিজকেই ভাঙি পেলাবলৈ বিচাৰিছে–বিনিৰ্মাণ কৰিবলৈ বিচাৰিছে৷

এই মানুহে এতিয়া মেচিনক শিঁকাবলৈ লৈছে কেনেকৈ মানুহৰ দৰে চিন্তা কৰিব লাগে৷ অৰ্থাৎ এই মানুহে আজি বিকল্প মানুহ সৃষ্টি কৰিবলৈ উঠি-পৰি লাগিছে৷ প্ৰত্যেকে প্ৰত্যেকৰ লগত এনে প্ৰতিদ্বন্দ্বিতাত নামিছে যে যিয়ে যিমান সোনকালে মানুহক স্থানচ্যুত কৰিব পাৰে সিয়েই যেন এই মাৰাথন দৌৰত বিজয়ী হ’ব!কথাটো এনেকুৱা পৰ্য্যায় পাইছেগৈ যে মানুহৰ নিজৰ মগজুৰ ক্ষমতা, মানুহে সৃষ্টি কৰা কম্পিউটাৰৰ ক্ষমতা সকলোবোৰ চেৰাই গৈ মানুহে ভৱিষ্যৎ দৰ্শন কৰিব পৰা হৈছেগৈ৷ CPU বাদ দি GPU হৈ কৃত্ৰিম বুদ্ধিমত্তাই এতিয়া নিজকো বিভিন্ন অকল্পনীয় অৱতাৰত দেখা দিছেহি৷ পৃথিৱীত ইমান দিনে মানুহে সমাধা কৰিব নোৱাৰা বহুত কামতো কৰিছেই, আনকি অনাগত সমস্যা সমাধানৰ দিশতো ই তীব্ৰ বেগত খোজ দিছে৷ আগৰ মানুহক কৃত্ৰিম বুদ্ধিমত্তাই ভাঙি-ছিঙি বেলেগ মানুহ কৰি পেলাইছে৷

অতীতকো একেবাৰে ধূলিৰ লগতহে যেন মিলাই দিব ! সাতামপুৰুষীয়া সকলো মূল্যবোধ যেন একে গোৰে অৰ্থহীন কৰি পেলাব! সেই গুহা মানৱৰ দিনৰে পৰা বৰ কষ্টৰে–চৰ্চা কৰি কৰি–শিকি শিকি–চিকুণ কৰি কৰি, গঢ়ি তোলা আখৰ লিখা বিদ্যাটোকে আজি সকলোৱে যেন ইতিহাসৰ ডাষ্টবিনত পেলাই দিব !

পৰম্পৰাগত সমাজৰ বিনিৰ্মাণ–সাহিত্যৰ বিনিৰ্মাণ–মানুহৰ বিনিৰ্মাণ–এতিয়া হৈ পৰিছে মানৱ সভ্যতাৰ নিয়তি(destiny) ৷

আমি এতিয়া কেনেকৈ আমাৰ হিয়াৰ আমঠু ‘পুৰণা’ক ধৰি ৰাখো ? পুৰণিক নতুনে বাট এৰি দিবই লাগিব বুলি জ্যোতিপ্ৰসাদে কৈ যোৱা কথাষাৰ কেনেকৈ মানি লওঁ ? কিমান দূৰলৈকে মানি লওঁ ? মই মানি লওঁনে নলওঁ তাৰ লগত মানুহৰ প্ৰগতিৰ অশ্বমেধ ঘোঁৰাটোৰ কি সম্বন্ধ ?এটা সমতুল্য অৱস্থা কেনেকৈ আহিব? মোৰ ভূমিকা আৰু দায়িত্ব কি ?

হে পাঠক আপুনি কি ভাবে ?

সঞ্জীৱ সভাপণ্ডিত

ফোনঃ ৯৮৬৪০৪৪৪৭০

অন্যান্য

কাৰ্যবাহী সম্পাদকৰ একাষাৰ

‘আসাম একাডেমি ফৰ কালচাৰেল ৰিলেশ্যনচ’ প্ৰতিষ্ঠাৰ অন্তৰালত থকা বহুতো কাৰণ আৰু প্ৰেৰণাৰ অন্যতম আছিল অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত আৰু সামগ্ৰিকভাৱে সকলো মানুহৰ মাজত ঐক্য আৰু সংহতিৰ ভাব জাগ্ৰত কৰা। সংস্কৃতি আৰু সাহিত্যৰ পথ অনুসৰণ কৰি ক্ৰমশ: ভাঙিবলৈ ধৰা সমাজখনক…

ভীমবৰ দেউৰী আৰু অসমৰ জাতীয় সমস্যাত এভুমুকি

ভীমবৰ দেউৰী আৰু অসমৰ জাতীয় সমস্যাত এভুমুকি

ভীমবৰ দেউৰীক অসমৰ আজিৰ প্ৰজন্মই নাজানে। ১৯০৩ চনৰ পৰা ১৯৪৭ চনলৈ মাথোঁ ৪৪টা বসন্তৰ নাতিদীৰ্ঘ তেওঁৰ জীৱনকালত তেওঁ লোৱা ভূমিকাই অসমীয়া জাতিৰ কলিজাক স্পৰ্শ কৰি গৈছিল। কিন্তু অসমীয়া মধ্যবিত্তৰ প্ৰভাৱশালী অংশই তেওঁক কোনোদিনে স্বীকৃতি দিব নেজানিলে। তেওঁৰ মৃত্যুৰ পিছত আঠটা…

বড়ো জাতীয় চেতনা জাগৰণৰ প্ৰথম স্তৰঃ এটি দৃষ্টিপাত

বড়ো জাতীয় চেতনা জাগৰণৰ প্ৰথম স্তৰঃ এটি দৃষ্টিপাত

বিংশ শতিকাৰ (১৯২০-২৯)ৰ দশকটোকেই সাধাৰণতে বড়ো চেতনা জাগৰণৰ প্ৰাৰম্ভ বুলি গণ্য কৰা হয় ৷ কাৰণ ঘটনাপূৰ্ণ এই দশকতেই বড়ো জাতিৰ ব্যাপক জাগৰণ প্ৰতিফলন কৰা বহুতো সুদূৰপ্ৰসাৰী ঐতিহাসিক মহত্ত্ব-ঘটনাৰ স্বাক্ষৰ আছে৷ বিভিন্ন লিখক-গৱেষকৰ, বিশেষকৈ বড়ো লিখক-গৱেষকৰ প্ৰয়াসত এই…