পূৰ্বোত্তৰ ৰাজ্যৰ প্ৰথমখন পুথি প্ৰদৰ্শনী

গংগাপদ চৌধুৰী

আমাৰ ৰাজ্যৰ প্ৰথমখন পুথি প্ৰদৰ্শনী আৰু সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত দ্বিতীয়খন পুথি প্ৰদৰ্শনী বা আজিৰ ভাষাত গ্ৰন্থমেলা অনুষ্ঠিত হৈছিল ১৯৫৮ চনত, গুৱাহাটীৰ যশোবন্ত ৰ’ডত৷ ভাৰতবৰ্ষৰ দ্বিতীয়খন পুথি প্ৰদৰ্শনী বুলি এই কাৰণেই কোৱা হৈছে যে ১৯০৫ চনত কেৱল মাত্ৰ কলিকতা (কলকাতা) মহানগৰীৰ কলেজ ষ্ট্ৰীটত এখন তেনে প্ৰদৰ্শনী হোৱা বুলি উল্লেখ আছে৷ যশোৱন্ত ৰ’ডত হোৱা প্ৰদৰ্শনীখন আছিল অসমীয়া কবিতা পুথিৰ প্ৰদৰ্শনী আৰু সেই হিচাপে অৰ্থাৎ কবিতা পুথিৰ প্ৰদৰ্শনী হিচাপে সেইখন সমগ্ৰ ভাৰতবৰ্ষতে একক আৰু অনন্য আছিল ৷ সেইখনৰ উদ্যোক্তা আছিল– বাণী প্ৰকাশ মন্দিৰ ৷ পাঠশালাত হেড অফিচ, কলকাতা আৰু পাটাছাৰকুছিত দুটা শাখা থকা বাণী প্ৰকাশ মন্দিৰে গুৱাহাটীৰ যশোৱন্ত ৰ’ডত নতুনকৈ শাখা এটা মুকলি কৰাৰ উপলক্ষে আয়োজন কৰিছিল– সেইখন অসমীয়া পুথিৰ প্ৰদৰ্শনী– ১৯৫৮ চনৰ ২৪ অক্টোবৰ তাৰিখে৷ বাণী প্ৰকাশ মন্দিৰৰ শাখা আৰু কবিতাপুথিৰ প্ৰদৰ্শনীখন ৰঙা ফিটা কাটি একেলগে উদ্বোধন কৰিছিল বিহগী কবি ৰঘুনাথ চৌধাৰীদেৱে৷ তদুপলক্ষে পুস্তিকাৰ আকাৰত প্ৰকাশ কৰা ‘অসমীয়া কবিতা পুথিৰ প্ৰদৰ্শনী’ শীৰ্ষক এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰিছিল ন্যায়াধীশ হলিৰাম ডেকা ডাঙৰীয়াই৷ জুবিলী গাৰ্ডেন [পানী টেংকী]ৰ চ’কটোৰ পৰা দক্ষিণে হেম বৰুৱা ৰ’ডলৈ– যশোৱন্ত ৰ’ডৰ এইছোৱা বন্ধ কৰি দিয়া হৈছিল আৰু তাতেই অনুষ্ঠিত হৈছিল উদ্বোধনী অনুষ্ঠানটি৷ ৫০খন মান টিনৰ চকী ৰাস্তাৰ ওপৰতে পাৰি দিয়া হৈছিল দৰ্শকৰ বাবে৷ দৰ্শকৰ ভিৰ হোৱাৰ বাবে বহুসংখ্যক লোক ৰাস্তা আৰু দোকানৰ বাৰাণ্ডাত থিয় হৈ থাকিবলগীয়া হৈছিল৷ দৰ্শকৰ বিপৰীত দিশত বহিছিল– সুসাহিত্যিক হৰেন্দ্ৰ নাথ শৰ্মা, সভাপতি, উদ্বোধক বিহগী কবি ৰঘুনাথ চৌধাৰী, স্মৃতিগ্ৰন্থ উন্মোচক ন্যায়াধীশ হলিৰাম ডেকা, মুখ্য অতিথি অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰী৷ পুস্তিকাৰ আকাৰত প্ৰকাশিত স্মৃতিগ্ৰন্থখনৰ বেটুপাত পশ্চিমবঙ্গৰ বিশিষ্ট চিত্ৰশিল্পী দেৱব্ৰত মুখোপধ্যায়ে চিত্ৰভাগৱতৰ আৰ্হিত অংকন কৰিছিল৷ এনেকৈ শিল্পীগৰাকীয়ে দিয়া নক্সাৰ আধাৰত বাণী প্ৰকাশৰ বেৰ, কাউণ্টাৰ আদি বেতৰ পটিৰে সজোৱা হৈছিল আৰু বেৰৰ মাজে মাজে কলিকতাৰপৰা অনা কুঁহিলাৰ নানাধৰণৰ ফুল, আলিপন আদি লগাই সুন্দৰকৈ সজোৱা হৈছিল৷ বিশিষ্ট কবি, সাহিত্যিক, সমাজৰ সন্মানীয় ব্যক্তি আৰু সাহিত্যপ্ৰেমীৰে সভাস্থলী ভৰি পৰিছিল৷ শিৱসাগৰৰ পৰা অধ্যক্ষ পৰাগ চলিহাদেৱেও আহি সভাত যোগদান কৰিছিল৷ এক ভাব-গম্ভীৰ পৰিৱেশৰ মাজেৰে ‘অসমীয়া কবিতা পুথি’ৰ প্ৰদৰ্শনীৰ উদ্বোধনী সভা সামৰা হৈছিল৷৷

প্ৰদৰ্শনী পাঁচদিনৰ বাবে নিৰ্দিষ্ট কৰা হৈছিল৷ স্কুল-কলেজীয়া ছাত্ৰৰ সুবিধাৰ্থে পিছত আৰু দুদিন বঢ়াই দিয়া হৈছিল৷ কবি হীৰেন ভট্টই প্ৰায় আটাইকেইদিন এবাৰ হ’লেও বাণী প্ৰকাশ মন্দিৰত ভুমুকি মাৰি বাণী প্ৰকাশৰ অংগসজ্জাৰ প্ৰশংসা কৰিছিল, নিজে ধুপদানীটোৰ শিল্পকৰ্ম চাই ‘শান্তি নিকেটনীয়’ বুলি মন্তব্য দিছিল৷ কাউণ্টাৰৰ সোঁমাজত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ কাঠত খোদাই কৰা ছবিৰ ফলকখন নিজ হাতে চুই কিমান যে প্ৰশংসা কৰিছিল !পাছত অৱশ্যে গুৱাহাটী আৰ্ট কলেজৰ তদানীন্তন অধ্যক্ষ জীৱেশ্বৰ বৰুৱাই প্ৰায় জোৰ কৰিয়েই আৰ্ট কলেজৰ বাবে কিনি লৈ গৈছিল৷ প্ৰত্নতাত্বিক-গৱেষক ৰাজমোহন নাথে ভিতৰৰ সজোৱা-মিলোৱা চাই ‘কোন স্থপতিৰ এনে নিখুঁত শিল্প নিদৰ্শন’ বুলি সুধিছিল৷ কিন্তু স্থপতি নহয়, চিত্ৰকৰ দেৱব্ৰত মুখোপধ্যায় বুলি জনোৱাত তেখেত আচৰিত হৈছিল ৷

বিধানসভা চলি থকা বাবে দুদিন পিছতহে শ্বিলঙৰপৰা কুলধৰ চলিহা, দেৱেশ্বৰ শৰ্মা, অমিয় কুমাৰ দাস আৰু তৈয়বুল্লা চাহাব পুথি প্ৰদৰ্শনী চাবলৈ আহি বাণী প্ৰকাশ মন্দিৰত সোমাইছিল৷ তেখেতসকলে পিটপিটাই পুৰণি পুথিবোৰ খুচৰি চাইছিল৷ বহুত নোপোৱা পুথি দেখি সেইবোৰ মেলি মেলি চাইছিল আৰু বাণী প্ৰকাশৰ এই সজ প্ৰচেষ্টাক বাৰুকৈয়ে শলাগিছিল৷

প্ৰদৰ্শনীৰ বাবে প্ৰকাশকসকলৰপৰা কবিতা পুথি অনা হৈছিলেই, তাৰোপৰি কোনো কোনো বিশিষ্ট লোকৰ ব্যক্তিগত সংগ্ৰহৰপৰাও দুষ্প্ৰাপ্য পুথি সংগ্ৰহ কৰি প্ৰদৰ্শন কৰা হৈছিল৷ সেইসকল ব্যক্তিৰ ভিতৰত উল্লেখযোগ্য হ’ল– দৈৱচন্দ্ৰ তালুকদাৰ, ড॰ মহেশ্বৰ নেওগ, ড॰ সত্যেন্দ্ৰ নাথ শৰ্মা, অধ্যাপক মহেন্দ্ৰ বৰা, অধ্যাপক নবকান্ত বৰুৱা ইত্যাদি৷ এনেকি ‘কাৰ্জন হলৰ পুথিভঁৰালৰ পৰাও ভালেমান পুৰণি কবিতা পুথি অনা হৈছিল৷

কোৱা নিষ্প্ৰয়োজনীয় যে এই নিবন্ধকাৰেই ব্যক্তিগত পুথিভঁৰাল, ৰাজহুৱা পুথিভঁৰালৰপৰা দুষ্প্ৰাপ্য কবিতা পুথি সংগ্ৰহত আগভাগ লৈছিল৷ অসম বাণী, নতুন অসমীয়াকে ধৰি বাতৰিকাকতসমূহে পূৰ্বোত্তৰৰ এইখন ‘অসমীয়া কবিতা পুথি প্ৰদৰ্শনী’ৰ বাতৰি পৰিৱেশন কৰিছিল অকৃপণভাৱে আৰু দেশৰ ভিতৰতে এইখন যে প্ৰথম আৰু অনন্য সেই বাতৰি প্ৰচাৰ কৰিছিল ৷

গংগাপদ চৌধুৰী

ফোন: ৯৮৬৪০৩৭৪৮৬

অন্যান্য

THE ESSENCE OF MANAGEMENT SYSTEM STANDARDS

The purpose of existence of any organization is to satisfy the requirements of its customers and stakeholders. Customers are anyone who receives product(s) and/or service(s). They accept product(s) and/or service(s) because they have need(s). The organization can…

From Muscat to Baku

From Muscat to Baku

Azerbaijan a country where mountains, desert and sea coexists having its borders with four countries and the sea. From cobblestone streets, fortress walls, Zoroastrian fire temples to Islamic architectures, from streets once passed by the Silk Road traders to the…