বাৰ্চিলোনাৰ বিকল্প স্বতন্ত্ৰ চলচ্চিত্র মহোৎসৱ

মাধুৰিমা বৰুৱা

স্পেইনৰ বাৰ্চিলোনা চহৰত যোৱা ১২ৰ পৰা ১৮ নৱেম্বৰ, ২০১৮ তাৰিখলৈ অনুষ্ঠিত হোৱা L ‘Alternativa 25 Festival de Cinema Independent de Barcelona আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰৰ বিচাৰক হিচাপে আমন্ত্ৰিত হোৱাটো মোৰ বাবে আছিল আনন্দদায়ক ৷ নৱেম্বৰৰ দিনা বাৰ্চিলোনা বিমান বন্দৰত মই নামিলোঁ আৰু আগতে ঠিক কৰা মতে কাটালান ফিল্ম ফেডাৰেচনৰ জুলিঅ’ লামানা অঙ্ক’ই মোক আনিবলৈ গৈছিল মোৰ বস্তুবোৰ লৈ আমি দুয়ো এখন বাছত উঠিলোঁ ৷ ইউৰোপৰ ভূমধ্য সাগৰৰ পাৰৰ সুন্দৰ মহানগৰ বাৰ্চিলোনালৈ আহিম বুলি এমাহমানৰ পৰাই মনে মনে ৰোমাঞ্চিত হৈ আছিলোঁ৷ এখন ধুনীয়া, পৰিপাটী আৰু পৰিকল্পিত ইউৰোপীয় চহৰ৷ সুন্দৰ, প্ৰশস্ত আৰু মসৃণ পথেৰে আগবাঢ়ি যাওঁতে বাটৰ দুয়োকাষৰ সুন্দৰ ঘৰ-বাৰী দেখি জুলিঅ’ক সুধিছিলোঁ-বাৰ্চিলোনা চহৰখনৰ বয়স কিমান হৈছে ?

মোক আচৰিত কৰি জুলিঅ’ই কৈছিল যে, যীশুখ্ৰীষ্টৰ জন্মৰো আগৰ, অৰ্থাৎ দুহেজাৰ বছৰৰো পুৰণি ৷ মই মনে মনে আচৰিত হৈছিলোঁ যদিও মুখ ফুটাই একো কোৱা নাছিলোঁ৷ মাথোঁ মোৰ মুখত এটা হাঁহি খেলাই গৈছিল! ইমান প্ৰাচীন চহৰ এখনো এনেকুৱা পৰিকল্পিতভাৱে নিৰ্মিত হ’ব পাৰেনে, তেওঁ মোৰ সেই নীৰৱ কিন্তু অব্যক্ত প্ৰতিক্ৰিয়া হয়তো দেখিছিল কিন্ত তেওঁ একো কোৱা নাছিল আৰু সেইবাবে তেওঁ কি ভাবিছিল মই নাজানিলোঁ৷ তাৰপাছত কেৱল বাছৰ খিৰিকীৰে বাহিৰৰ সৌন্দৰ্য উপভোগ কৰিবলৈ ল’লোঁ ৷

স্পেইনৰ উত্তৰ-পূবৰ ভূমধ্য মহাসাগৰৰ গা-ঘঁহাই থকা সমগ্ৰ সাগৰীয় অঞ্চলটোকে কাটালোনিয়া অঞ্চল বোলে৷ ইতিহাসৰ বহু সময়ত এই অঞ্চলটো স্বাধীন আছিল আৰু এটা সময়ত ৰোমান সাম্ৰাজ্যৰ অধীনত আছিল৷ বাৰ্চিলোনাক কাটালোনিয়াৰ আঞ্চলিক ৰাজধানী বুলি কোৱা হয়- এই বৈশিষ্ট্যপূৰ্ণ প্ৰাকৃতিক অঞ্চলটো একাদশ শতিকাৰ পৰাই স্পেইনৰ অন্তৰ্গত৷ বাৰ্চিলোনাত উপস্থিত হোৱাৰ আগলৈকে মই জ্ঞাত নাছিলোঁ যে কাটালোনিয়া স্বকীয় সংস্কৃতি আৰু ভাষাৰে বিৰাজমান; মোৰ ধাৰণা আছিল ই স্পেনিছ ভাষা আৰু সংস্কৃতিৰে প্ৰভাৱিত৷ ভাৰতবৰ্ষৰ উত্তৰ-পূব অঞ্চলটোত মাজে মাজে হৈ থকা অশান্তি আৰু বিবাদমান পৰিস্থিতিৰ দৰেই স্পেইনৰ উত্তৰপূবৰ বাৰ্চিলোনাক কেন্দ্ৰ কৰিও মাজে মাজে বিবদমান পৰিস্থিতিৰ উদ্ভৱ হয়৷ ঠিক এবছৰ আগতে এনে এটা উত্তাল পৰিস্থিতিৰ সৃষ্টি হৈছিল৷ কিন্তু যোৱা এবছৰে এই অঞ্চলটোত শান্তিময় পৰিস্থিতি বিৰাজমান৷ অঞ্চলটোৰ মূল কথিত ভাষাটোও কাটালোনিয়া বুলি কোৱা হয়৷ উল্লেখযোগ্য যে বাৰ্চিলোনাত স্পেনিছ আৰু কাটালোনিয়া দুয়োটা ভাষাই চৰকাৰী ভাষা আৰু দুয়োটা ভাষাতে সাহিত্য ৰচনা আৰু চলচ্চিত্ৰ নিৰ্মাণ হয়৷

মোৰ সহযোগী হিচাপে দুজন বিচাৰক আছিল স্পেইনৰ এভা কেম্পোছ চুৰ্য়েজ (Eva Campos Suárez) আৰু নৰৱেৰ অয়িভিণ্ড হেলেনেছ (Øyvind Hellenes)৷ চলচ্চিত্ৰ মহোৎসৱটোৰ পৰিচালক টেছ ৰেণ্ড’, ক্রিষ্টিনা বিয়েবা আৰু মাৰ্ক ভেইলো আৰু সমগ্ৰ আয়োজনটোৰ সহযোগী আছিল কাটালোনিয়া ফিল্ম ফেডাৰেচন৷ মোৰ সহ-বিচাৰক এভা হ’ল স্পেইনৰ উত্তৰ-পূৰ্বাঞ্চলীয় প্ৰদেশ কাটালোনিয়াৰ আৰু তাই বাস কৰা চহৰখনৰ এটা চিনে ক্লাব Xischefils of Cudauyola del valles-ৰ মুৰব্বী৷ আন জন সহ-বিচাৰক অয়িভিণ্ড হেলেনেছ নৰৱেৰ Sunnfjord Film Klubb-ৰ প্ৰতিষ্ঠাতা তথা সভাপতি৷ অৰ্থাৎ আমি তিনিওজন পৃথিবীজুৰি ছানি থকা চিনে ছ’চাইটী আন্দোলনৰ কৰ্মী৷ বাৰ্চিলোনাত অনুষ্ঠিত বিকল্প স্বতন্ত্ৰ চলচ্চিত্ৰ মহোৎসৱলৈ বিচাৰক হিচাপে নিৰ্বাচিত হৈছিলোঁ গুৱাহাটী চিনে ক্লাবৰ সাধাৰণ সম্পাদক, লগতে ফেডাৰেচন অফ ফিল্ম ছচাইটিজ অফ ইণ্ডিয়াৰ পূব মণ্ডলৰ কাৰ্যকৰী সমিতিৰ সদস্য আৰু ফেডাৰেচন অফ ফিল্ম ছ’চাইটীজ অফ ইণ্ডিয়াৰ কেন্দ্ৰীয় সমিতিৰ সদস্য হোৱাৰ সুবাদত ৷

চলচিত্ৰ মহোৎসৱৰ দৰ্শক আৰু মূল আয়োজক জুলিঅ’ লামানা অঙ্কৰ সৈতে লেখক

বাৰ্চিলোনাত অনুষ্ঠিত এই চলচ্চিত্ৰ মহোৎসৱৰ উদ্যোক্তা হ’ল ফিল্মোটেকা ডি কাটালুনিয়া৷ ই আচলতে চলচ্চিত্ৰৰ এটা মহাপেচাখানা(archive)৷ আনহাতে মহোৎসৱখনৰ অন্যতম সহযোগী হ’ল কাটালুনিয়া ফেডাৰেচন অফ ফিল্ম ছচাইটিজটো আন্তৰ্জাতিক ফেডাৰেচন অফ ফিল্ম ছচাইটিৰ সদস্য৷ মহোৎসৱটোৰ নামকৰণত ‘বিকল্প’(alternative) আৰু ‘স্বতন্ত্ৰ’(independent) শব্দ দুটা দেখিয়েই মই বিশেষ আকৰ্ষণবোধ কৰিছিলোঁ৷ স্বাভাৱিকতে এই নামকৰণৰ কাৰণটো কথোপকথনৰ সময়ত জানিব বিচাৰিছিলোঁ৷ স্পষ্টকৈ যিখিনি জানিব পাৰিলোঁ তাৰপৰা মোৰ পূৰ্বানুমান শুদ্ধ বুলিয়েই জানিলোঁ- হয়, এই চলচ্চিত্র মহোৎসৱ প্ৰচলিত ধাৰাৰ পৰা বেলেগ আৰু নিজস্ব ধাৰা বা নিয়ম-নীতিৰ দ্বাৰা চালিত৷ ১৯৯৪ চনৰ পৰাই এই অনন্য চলচ্চিত্ৰ উৎসৱ আৰু প্ৰতিযোগিতা অনুষ্ঠিত হৈ আহিছে৷ প্ৰতিবছৰে নৱেম্বৰ মাহত এই মহোৎসৱটো আয়োজিত হয় আৰু ২০১৮ চনতে এই উৎসৱে ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিলে৷

বিশ্বজুৰি চলচ্চিত্ৰ নিৰ্মাণৰ ন-ন সসম্পৰীক্ষা যে অব্যাহত আছে সেইটো অনুভৱ কৰিলোঁ বাৰ্চিলোনালৈ আহি ৷ এই সম্পৰ্কে আমাৰ হাতত তথ্যৰ অভাৱ নাই ৷ কিন্তু এটা আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত উপস্থিত থাকি একেবাৰে শেহতীয়া ছবিবোৰ চাই এই সম্পর্কে এটা জোৰদাৰ ধাৰণা কৰিব পৰাটো অতিশয় আনন্দৰ কথা বুলিয়েই মোৰ ভাৱ হৈছিল ৷ আমাৰ বেছিভাগৰে এটা বদ্ধমূল ধাৰণা আছে যে এখন ভাল বা সফল চলচ্চিত্ৰৰ আধাৰ হ’ল ইয়াৰ কাহিনী বা গল্পটো ৷ এজন চলচ্চিত্ৰকাৰৰ নিশ্চয়কৈ কিবা এটা বক্তব্য বা কাহিনী থাকিব লাগিব যিটো তেওঁ দৰ্শকক ক’ব বিচাৰে৷ সেই কাহিনী বা গল্পটোক চলচ্চিত্ৰৰ মূল বুলি ধৰি চলচ্চিত্ৰ নিৰ্মাণ কৰা হয়৷ কিন্তু বৰ্তমানৰ পৃথিৱীত এজাক নতুন ধ্যান-ধাৰণাৰ যুৱক-যুৱতী চলচ্চিত্ৰৰ নিৰ্মাণত ব্ৰতী হৈছে, যিসকলে চলচ্চিত্ৰ মাধ্যমটোক লৈ সততে নতুন ধৰণৰ আৰু সাহসিকতাপূৰ্ণ পৰীক্ষা-নিৰীক্ষা কৰিছে ৷ সেয়েহে ক’বলৈ গ’লে এখন চিনেমাৰ কাহিনীটো কি বোলাতকৈ কাহিনীটো কেনেকৈ উত্থাপন কাৰ হৈছে সিহে বেছি গুৰুত্বপূৰ্ণ হৈ পৰিছে ৷

চলচ্চিত্ৰ প্ৰদৰ্শৰ পিছত চলচ্চিত্ৰ নিৰ্মাতাসকলৰ সৈতে দৰ্শকৰ আলোচনা কালত

বাৰ্চিলোনাৰ এই সুখ্যাত মহোৎসৱটোৰ প্ৰতিযোগিতা শিতানৰ বাবে আয়োজকসকলে বিশেষভাবে বাছনি কৰি দিয়া ছবিসমূহ মুঠ ছদিন ধৰি চোৱাৰ পাছত সেইবোৰৰ নিৰ্মাণশৈলীৰ আবেদন আৰু সামগ্ৰিকভাৱে নতুনত্বই আমাক মোহিত কৰিছিল৷ চলচ্ছিত্ৰক পোহৰ আৰু আন্ধাৰৰ তুলিকাৰে বা কেমেৰাৰ সহায়েৰে অঁকা শিল্প বুলি কোৱাৰ সংজ্ঞাক প্ৰায় প্ৰত্যাহবান জনাইছে এই ছবিবোৰৰ নিৰ্মাতাসকলে৷ ছবিসমূহ যেন আলোকচিত্ৰ, পেইন্টিং, স্কেচ্ছ, এনিমেচন, তথ্যচিত্ৰৰ দৰে সঁচা তথ্যৰ সমাহাৰ৷ বাস্তৱ চৰিত্ৰৰ সৈতে সাক্ষাৎকাৰ, টেলিভিশ্যনৰ বাতৰিৰ ক্লিপিছ লৈ সম্পাদনা কৰা আদিকে ধৰি বিভিন্ন পদ্ধতিৰে এই ছবিবোৰ নিৰ্মাণ কৰাও দেখা যায়৷ এই সকলোবোৰৰ সমাহাৰেৰে বা কেইটামান পদ্ধতিৰ অগতানুগতিক সংমিশ্ৰণ ঘটাই পৰিচালকে বক্তব্য দৰ্শকৰ আগত প্ৰদৰ্শন কৰিছে৷ প্ৰতিখনেই নিজস্বতা দাবী কৰে৷ লক্ষ্যণীয় যে প্ৰতিযোগিতা শাখাৰ ছবিসমূহ আমি বিচাৰককেইজনে দৰ্শকৰ বাবে ডাঙৰ প্ৰেক্ষাগৃহত প্ৰদৰ্শন কৰা সময়ত চাব পৰাৰ ব্যৱস্থা কৰা হৈছিল৷

প্ৰতিযোগিতা শাখাৰ আটাইকেইখন চলচ্চিত্র নতুন ধৰণৰ৷ উদাহৰণ স্বৰূপে, আৰ্জেণ্টিনাৰ আগষ্টিনা ক’মেডি নামৰ পৰিচালিকাগৰাকীয়ে ২০১৭ চনত নিৰ্মাণ কৰা ডকুমেণ্টৰী “El silencio es un cuerpo que cae” (Silence is a falling body) নামৰ ছবিখন আত্মজীৱনীমূলক৷ মূল চৰিত্ৰ তেওঁৰ পিতৃ৷ পৰিচালিকাই দেউতাকৰ বিষয়ে ক’বলৈ গৈ ব্যৱহাৰ কৰিছে ১৯৮০-৯০-ৰ দশকত দেউতাকে পেনাছনিক হেণ্ডি কেমেৰাৰে তোলা কেতবোৰ ভিডিঅ’ ক্লিপিংছ ৷ সেইসময়ত দেউতাকৰ হাতত অনবৰতে এটা কেমেৰা আছিল ৷ সেই কেমেৰাৰে তেওঁ ক্ৰমাগত ৰেকৰ্ডিং কৰি গৈছিল ৷ তথ্যচিত্ৰৰ দৰে ধাৰা-বিৱৰণীৰে চলচ্চিত্ৰৰ কাহিনী আৰম্ভ কৰা হৈছে, পৰ্দাত ফটো হালিছে-জালিছে, মাজে মাজে কেমেৰা কৰ্ফাল খাই ক’ৰবাত পৰি সম্পূৰ্ণ পৰ্দাজুৰি একো নাই, তাৰ মাজতে সাত বা আঠ বছৰীয়া ছোৱালী এজনীৰ গান, মাজতে তাই চিঞৰি উঠিছে- ‘এই মোৰ ফালে কেমেৰা কৰা, মইহে গান গাইছো , মোৰ ফটো তোলা’৷ এজাক পুৰুষ-মহিলাৰ হাঁহি, কেমেৰা লাহে লাহে ঘূৰি সেই কণমানি ছোৱালীজনীৰ মুখ পাওঁতেই কাট্‌৷ খুব অস্পষ্ট ভিডিঅ’ ফুটেজ৷ লাহে লাহে আগবঢ়ি যোৱা কাহিনীটোৰে দৰ্শকক কৈ গৈছে এজনী ১২ বছৰীয়া ছোৱালীৰ দেউতাকক হেৰুওৱাৰ বেদনা৷ দেউতাকক তাই হেৰুৱাব লগা হোৱাৰ কাৰণটোও দুখময়: একমাত্ৰ সন্তানসহ সুখী পৰিয়ালটোৰ মাজলৈ ধুমুহাৰ দৰে এটা খবৰ আহে যে পৰিয়ালৰ মুৰব্বীজন এসময়ত সমকামী আছিল, মানুহজনৰ অস্বীকাৰ কৰিবলৈ কোনো উপায় নাছিল, এইটোৱে সত্য যে বিয়াৰ আগতে তেওঁৰ এজন পুৰুষৰ লগত সম্পৰ্ক আছিল৷ কিন্তু চল্লিশ বছৰ বয়সত উপনীত হৈ পুৰজনে নিজৰ এখন সংসাৰৰ অভাৱ অনুভৱ কৰি এগৰাকী যুৱতীৰ লগত সম্পৰ্ক কৰি বিবাহ কৰিলে, এজনী কন্যা সন্তানৰ জন্ম হ’ল, হাতত এটা হেণ্ডিকেম লৈ তেওঁ অনবৰতে সেই সুখৰ সংসাৰখনক ৰেকৰ্ডিং কৰি যায়৷ সেই সময়লৈকে পুৰুষজনৰ জীৱনত সমকামিতাৰ অৱশেষ নাছিল৷ কিন্তু হঠাতে অহা ধুমুহাই তেওঁৰ সমকামী অতীতৰ বিষয়ে সোঁৱৰাই দিয়ে৷ সেইসময়ৰ সমাজব্যবস্থা আৰু আৰ্জেণ্টিনাৰ আইনে স্বীকৃতি নিদিয়াৰ বাবে তেওঁলোকৰ জীৱন থানবান হৈ গ’ল৷ ১২ বছৰ বয়সতে সেই ছোৱালীজনী, অ্থাৎ ভৱিষ্যতৰ চলচ্চিত্ৰ পৰিচালিকাগৰাকী, পিতৃহাৰা হ’ল ৷

দেউতাকৰ সেই সময়ৰ মানসিক অৱস্থা, তেওঁলোকৰ জীবনলৈ অহা ধুমুহা, পিতৃৰ সৈতে থকা মধুৰ ভালপোৱাৰ সম্পৰ্কক হৃদয়স্পৰ্শী ৰূপত উপস্থাপন কৰিছে পৰিচালিকাগৰাকীয়ে৷ তেওঁ মনোবৈজ্ঞানিক বিশ্লেষণ কৰিছে যে যিসকলে উভয় লিংগৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰে তেওঁলোক কেতিয়াও সন্তুষ্ট আৰু সুখী নহয়, তেওঁলোকৰ মনৰ মাজত সকলো সময়তে এটা দ্বন্দ্বই ক্ৰিয়া কৰে—গতিকে কোন অৱস্থাত তেওঁ সুখী, সমকামী নে স্বাভাবিক অৱস্থাত, সি এটা প্ৰশ্নৰ ৰূপত বিৰাজ কৰে, তেওঁৰ সৈতে সংশ্লিষ্টসকলৰ জীৱন অশান্তিময় কৰি তোলে৷ এগৰাকী কন্যাৰ জীৱনৰ এই দুখজনক দিশটো বৰ্ণনা কৰিবলৈ, লগতে পিতৃৰ প্ৰতি সমবেদনা প্ৰকাশ তথা সন্মান জনাবলৈ ৮৪ মিনিটৰ এই ছবিখনৰ ৬০ শতাংশ দৃশ্যই ২০-২৫ বছৰ আগতে পিতৃয়ে হেন্ডিকেম কেমেৰাৰে তোলা ভিডিঅ ফুটেজৰ৷ লগতে তথ্যচিত্ৰৰ দৰে কেইটামান সাক্ষাৎকাৰ৷ সঁচাকৈয়া ছবিখনৰ নেপথ্যত পৰিচালিকাৰ সবল উপস্থিতি৷ চলিত্ৰ নিৰ্মাণৰ এই নতুন ৰুপটোৱে মোক খুব আকৰ্ষিত কৰে৷ চলচ্চিত্ৰৰ বাবে উচ্চ স্তৰৰ কাৰিকৰী জ্ঞান, দামী কেমেৰা, দৃশ্যগ্ৰহণৰ নিৰ্বাচিত স্থান আদি ব্যৱহাৰ নকৰাকৈ এখন সাৰ্ব্বজনীন আবেদনময়তাৰে সিক্ত ছবিও যে নিৰ্মাণ কৰিব পাৰি তাৰ উৎকৃষ্ট প্ৰমাণ হ’ল এই ছবিখন৷

বিচাৰক হিচাপে আমাক সৰ্বাধিক আকৃষ্ট কৰা চলচ্ছিত্ৰ আছিল এৰিক ষ্ট’ল (Erick Stoll) আৰু চেজ ৱাইটছাইড (Chase Whiteside) নামৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ দুজন তৰুণে ২০১৮ চনত নিৰ্মাণ কৰা আমেৰিকা (America) নামৰ ছবিখন৷ শ্ৰেষ্ঠ চলচ্ছিত্ৰৰ ডন কিহ’টে (Don Quixote) বঁটাৰ বাবে আমি নিৰ্বাচন কৰিলোঁ এইখন ছবিকে৷ কাহিনীৰ স্থান আমেৰিকা আৰু মেক্সিকোৰ সীমান্তবৰ্তী অঞ্চল ৷ মূল চৰিত্ৰৰ নাম আমেৰিকা, যি এগৰাকী ৯৩ বছৰীয়া বৃদ্ধা৷ প্ৰথম দৃশ্যত দেখা যায় সমগ্ৰ পৰ্দাজুৰি বিছনা চাদৰেৰে ঢাকি ৰখা এখন মুখ৷ বিছনা চাদৰখন আঁতৰাই অবাক দৃষ্টিৰে দৰ্শকলৈ চাই আমেৰিকাই কয়, ‘ইছ ৰাম, মোৰ শুই উঠা ইমান দেৰি হ’ল, মোৰ ল’ৰাটোৱে এতিয়া মোক খং কৰিব৷’

তেতিয়া দ্বিতীয় চৰিত্ৰ আহি আমেৰিকাৰ কপালত চুমা খাই কয়, ‘মই কোন মোক চিনি পাইছানে ?’

ঃ ওঁ, পাইছো, তুমি মোৰ দ্বিতীয় পুত্ৰ ৷

ঃ নাই, নাই, তুমি মোক চিনি পোৱা নাই, মই তোমাৰ পুত্ৰ নহয়, নাতিহে৷

বিশ্বাস-অবিশ্বাসৰ দোমোজাত অবাক দৃষ্টিৰে আমেৰিকাই দ্বিতীয়টো চৰিত্ৰলৈ চাই নাতিয়েকৰ কথা মনত পেলাব খোজে৷ দৰ্শকে বুজি পায় যে মূল চৰিত্ৰটো আলঝেইমাৰ ৰোগী৷ প্ৰায় ২৫ বছৰীয়া আন এজন নাতিয়ে তেওঁৰ প্ৰেয়সীক লৈ মেক্সিকোৰ সেই আওহতীয়া গাঁৱলৈ আইতাকৰ শুশ্ৰূষা কৰিবলৈ চহৰৰ পৰা আহিছে৷ কাৰণ তেওঁলোকৰ পিতৃয়ে আইতাকৰ চোৱা-চিতা কৰিছিল যদিও তেওঁ কোনো এক অপৰাধৰ বাবে জেইল হাজতত আছে৷ সেয়ে দুয়োজন নাতিয়ে নিজৰ ব্যৱসায় এৰি আইতাকক শুশ্ৰূষা কৰিবলৈ গাঁৱলৈ ঘূৰি আহিছে৷ দুজন তৰুণ আৰু এগৰাকী তৰুণীয়ে ৯৩ বছৰীয়া বৃদ্ধাক মল-মূত্ৰ ত্যাগ কৰোৱা, পৰিষ্কাৰ কৰি ৰাখিবলৈ, অত্যন্ত স্নেহ আৰু যত্নৰে স্নান কৰোৱা, খোৱা-বোৱা, আনন্দত ৰাখিবলৈ হাঁহি-ধেমালি কৰি গৈছে৷ আনহাতে পিতৃক জে’ল হাজোতৰ পৰা মুকলি কৰি আনিবলৈও চেষ্টা চলাই গৈছে৷ ইতিমধ্যে তেওঁলোকৰ তৃতীয়জন ভ্ৰাতৃ, যি চাৰ্কাছ পাৰ্টীত কাম কৰে, তেৱোঁ চাকৰি এৰি দুই ভ্ৰাতৃক সংগ দিছেহি৷ ইতিমধ্যে দেউতাক জে’লৰ পৰা মুক্ত হৈ আহিছে যদিও মাকৰ প্ৰয়োজনীয় যত্ন ল’বলৈ সমৰ্থ নহয়৷ ইপিনে জ্যেষ্ঠ ভ্ৰাতৃ আৰু তেওঁৰ প্ৰেয়সীয়ে জীৱিকাৰ সন্ধানত আইতাকক আন দুজন ভায়েকৰ হাতত গতাই দি নগৰলৈ যাত্ৰা কৰিছে৷ বাকী থকা নাতিয়েক দুজনৰ পৰিচৰ্যাত আমেৰিকা শাৰীৰিকভাৱে লাহে লাহে সুস্থ হৈ উঠিছে আৰু দুয়ো নাতিয়েকে আইতাকক লগত লৈ এখন বেলেগ চহৰলৈ গৈ নতুন জীৱন আৰম্ভ কৰিছে ৷

শেষ দৃশ্যত ইতিমধ্যে দুবছৰ পাৰ হোৱাৰ ইংগিত দিয়া হয়— এখন গাড়ীত সৰু দুই ভ্ৰাতৃয়ে হাতত এটা ডাঙৰ মুখৰ বটল লৈ তীব্ৰ গতিৰে দিগন্তৰ ফালে যাত্ৰা কৰিছে৷ হাতৰ বটলটো দুয়ো হাতেৰে মৰমেৰে ধৰি প্ৰথমে দৰ্শকলৈ চাই পাছত ইজনে সিজনৰ মুখলৈ চাই সেমেনা-সেমেনিকৈ হাঁহি মাৰিছে, লাহে লাহে গাড়ীৰ গতি তীব্ৰ হৈছে আৰু দুয়োজনৰ চকুপানী বৈ আহিছে৷ দৰ্শকৰ বুজিবলৈ বাকী নাই যে আমেৰিকা নামৰ সেই বৃদ্ধা আৰু ইহজীৱনত নাই৷ এই সত্য আৱিষ্কাৰে দৰ্শকৰ চিন্তা, চেতনা আৰু আবেগক যেন স্তব্ধ কৰি পেলায়৷ আইতাকৰ অস্থিভষ্ম লৈ দুয়ো ভ্ৰাতৃৰ কান্দোনে সমগ্ৰ প্ৰেক্ষাগৃহৰ দৰ্শককো বিচলিত কৰি তোলে৷ ঠগ, প্ৰৱঞ্চনা, অবিশ্বাস, প্ৰতিশোধপৰায়ণতা, হৃদয়হীনতা, অসহিষ্ণুতাই গা কৰি উঠা বৰ্তমানৰ হৃদয়হীন পৃথিৱীত এইধৰণৰ মানৱীয় সম্পৰ্কৰ আবেদনেই যেন অসাধাৰণ৷ মানুহৰ সুকোমল অনুভূতিক জাগ্ৰত কৰা আমেৰিকাই আমাক বহুপৰৰ বাবে বাকশূন্য কৰি ৰাখিছিল ৷

আমাৰ সহ-বিচাৰক অয়িভিণ্ড হেলেনেছ আমি নেদেখাকৈ মুখ লুকুৱাই সেমেকা চকু মোহাৰিছিল৷ আমাৰ ঠিক আগৰ শাৰীত বহা ১৮-১৯ বছৰীয়া যুৱতী এগৰাকীয়ে হুক্‌কাই কান্দি উঠিছিল৷ এভা আৰু মই আসনৰ পৰা উঠি হাতচাপৰি বজাবলৈ পাহৰিয়ে গৈছিলোঁ৷ তেনেতে চলচ্ছিত্ৰ মহোৎসৱটোৰ পৰিচালক টেছ ৰয়বিনণ্ডৰ লগত প্ৰায় ত্ৰিশোৰ্ধ দুজন যুৱক প্ৰেক্ষাগৃহলৈ সোমাই আহিল৷ হাতচাপৰিৰে প্ৰেক্ষাগৃহ ৰজন্‌জনাই উঠিল৷ প্ৰায় তিনি মিনিট দৰ্শকে হাতচাপৰি বজাই তেওঁলোকক সম্ভাষণ জনালে৷ পৰিচালক এৰিক ষ্ট’ল আৰু চেজ ৱাইটছাইড দৰ্শকৰ লগত পৰিচয় কৰাই দি কিবা প্ৰশ্ন আছে নেকি সুধিবলৈ টেছে আহ্বান জনালে৷ ওপৰা-উপৰিকৈ কেইবাটাও প্ৰশ্ন দৰ্শকৰ মাজৰ পৰা উত্থাপন কৰা হ’ল৷ মূলতঃ স্পেনিছ আৰু কাটাল’নিয়া ভাষাত প্ৰশ্নোত্তৰ হোৱা বাবে এভাক মই তেওঁলোকৰ বক্তব্য ইংৰাজীত মোক বুজাই দিবলৈ অনুৰোধ কৰিলোঁ৷ এভাৰ পৰা মই জানিব পাৰিলোঁ যে এই দুই পৰিচালকে অন্য এক কাহিনী লৈহে মেক্সিকোৰ সীমান্তবৰ্তী অঞ্চললৈ চলচ্ছিত্ৰৰ দৃশ্যগ্ৰহণৰ বাবে গৈছিল৷ কিন্তু তেওঁলোকে তাত ৯৩ বছৰীয়া আমেৰিকা আৰু নাতিয়েকক লগ পালে আৰু তেওঁলোকৰ সম্পৰ্কই পৰিচালক দুজনক আকৰ্ষিত কৰিলে৷ তেতিয়া তেওঁলোকে আমেৰিকা নামৰ বৃদ্ধাগৰাকীক মূল চৰিত্ৰ হিচাপে লৈ এই ছবিখন নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত লয়৷ আমাৰ বিচাৰসকলে বিজয়ীক নিৰ্বাচিত কৰিবলৈ বহি ঐক্যমতত উপনীত হৈছিলোঁ যে শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্যৰ কাহিনীচিত্ৰৰ দাবীদাৰ হ’ল আমেৰিকা, যাৰ হৃদয়স্পৰ্শী কাহিনীটোৱে মানৱীয় সম্পৰ্ক আৰু প্ৰমূল্যক খুব সুন্দৰভাৱে প্ৰতিষ্ঠা কৰিছে ৷

সহযোগী বিচাৰক ক্ৰমে স্পেইনৰ এভা কেম্পোছ চুৰ্য়েজ আৰু নৰৱেৰ অয়িভিণ্ড হেলেনেছৰ সৈতে লেখক

শেষ বিচাৰত দৰ্শকক চলচ্চিত্ৰই জীৱন্ত কৰা কাহিনীৰ আবেদন, বিষয়বস্তুৰ গভীৰতাই অভিভূত কৰে সেই কাহিনী উত্থাপনৰ ভংগীটো তাৰ সামগ্ৰিক ৰূপায়ণৰ মাজতে পৰিস্ফূট আৰু আৱিস্কৃত হয়৷ সেইবাবে অন্যান্য কাৰিকৰী দিশবোৰতকৈও এই সামগ্ৰিকতাই চলচ্ছিত্ৰৰ মূল আকৰ্ষণ হৈ উঠে বুলিলেও বঢ়াই কোৱা নহয়৷ মই বিচাৰক হিচাপে এনে এক অৰ্থপূৰ্ণ আৰু গুৰুত্ব থকা চলচ্চিত্ৰকে প্ৰতিযোগিতাৰ শ্ৰেষ্ঠত্ব পুৰস্কাৰটোৰ বাবে নিৰ্বাচন কৰিবলৈ পাই অত্যন্ত সুখী হৈছিলোঁ৷ বার্চিলোনাৰ এই বিকল্প আৰু স্বতন্ত্ৰ চলচ্চিত্ৰ মহোৎসৱৰ সুকীয়া, আবেদনো এনেধৰণৰ চলচ্চিত্ৰৰ মাজতে আছে৷ আদৰ্শগতভাবে এই মহোৎসৱটোৰ বৈশিষ্ট্য সঁচা অৰ্থত বিকল্প আৰু স্বতন্ত্ৰ, কিয়নো এই মহোৎসৱটো নতুন, উদ্ভাৱনী, সাময়িকভাৱে দায়বদ্ধ আৰু স্বাধীন চলচ্চিত্ৰ নিৰ্মাতাৰ মহোৎসৱ৷ সমগ্ৰ কাৰ্যসূচীত চলচ্চিত্ৰ প্ৰদৰ্শন, মাষ্টাৰ ক্লাছ, ছেমিনাৰ, কৰ্মশালাত নতুন নতুন চলচ্চিত্ৰ নিৰ্মাণৰ ধাৰা, নতুন চিন্তা-ধাৰণাৰ বিষয়ে যুক্তি, তৰ্ক আৰু নতুন উদ্ভাৱনাৰ বিষয়ে আলোচনা হয়৷ এই মহোৎসৱত নতুন উদ্ভাৱনী শক্তিৰে ভৰপূৰ অ-বাণিজ্যিক চলচ্চিত্ৰৰ প্ৰদৰ্শন আৰু এনে চলচ্চিত্ৰৰ মাজত প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ আন এক মহৎ উদ্দেশ্য হ’ল যুৱচামক এই ধৰণৰ চলচ্চিত্ৰ নিৰ্মাণৰ বাবে উদ্‌গণি যোগোৱা ৷ (প্ৰথম প্ৰকাশ:২০১৯,বিযয় চিনেমা )

মাধুৰিমা বৰুৱা

ফোনঃ ৯৪৩৫০৪৩৯১০

অন্যান্য

পূৰ্বোত্তৰ ৰাজ্যৰ প্ৰথমখন পুথি প্ৰদৰ্শনী

পূৰ্বোত্তৰ ৰাজ্যৰ প্ৰথমখন পুথি প্ৰদৰ্শনী

আমাৰ ৰাজ্যৰ প্ৰথমখন পুথি প্ৰদৰ্শনী আৰু সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত দ্বিতীয়খন পুথি প্ৰদৰ্শনী বা আজিৰ ভাষাত গ্ৰন্থমেলা অনুষ্ঠিত হৈছিল ১৯৫৮ চনত, গুৱাহাটীৰ যশোবন্ত ৰ’ডত৷ ভাৰতবৰ্ষৰ দ্বিতীয়খন পুথি প্ৰদৰ্শনী বুলি এই কাৰণেই কোৱা হৈছে যে ১৯০৫ চনত কেৱল মাত্ৰ কলিকতা (কলকাতা)…

বিনিৰ্মাণ

বিনিৰ্মাণ

আমাৰ প্ৰায় সকলোৰে প্ৰায়ে এটা অত্যন্ত বিৰক্তিকৰ অভিজ্ঞতা হয়, যেতিয়া আমি কোনো সভালৈ যাওঁ,য’ত আদৰণি ভাষণ দিওঁতাৰ পৰা আৰম্ভ কৰি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰোঁতা, নিৰ্দিষ্ট বক্তা, বিশিষ্ট অতিথি, আমন্ত্ৰিত অতিথি, সভাপতি, সমজুৱাৰ দুআষাৰতো দুজনমানে মঞ্চত উপবিষ্ট সকলোকে পুনৰ…

শিল্প চেতনা

শিল্পীয়ে যেতিয়া ৰং, ৰেখা, ছাঁ-পোহৰৰ সহায়ত নিজৰ মনৰ ভাব কোনো মাধ্যমৰ দ্বাৰা চিত্ৰপটত প্ৰকাশ কৰে তাকে চিত্ৰ বা ছবি বুলি কোৱা হয়৷ ইংৰাজীৰ আৰ্ট (Art)শব্দটো আহিছে লেটিন ভাষাৰ আৰ্হি (Ars) বা আৰ্টেম (Artem) শব্দৰ পৰা৷ ইয়াৰ অৰ্থ হল সৃষ্টি (Create) কৰা৷ মানুহে নান্দনিকতা…