পৃথিৱীত দুটা কথা সদায় কৌতুহলৰ কাৰণ । কোনো এখন ঠাইত মানুহৰ বৰণ-গঠন- মুখাবয়ৱ-কাৰ্য্যকুশলতা-সৃষ্টিশীলতা-মনোবৃত্তি-স্বভাৱ সেই ঠাইখনে নিৰূপণ কৰাটো যেনেদৰে সত্য, ঠিক তেনেদৰে কোনো এখন ঠাইৰ নিৰ্মাণ, তাৰ সৌন্দৰ্য্য, তাৰ বাতাবৰণ, তাৰ আৱাসিক সা-সুবিধা, তাত প্ৰয়োগ হোৱা প্ৰযুক্তি-ব্যৱহৃত সামগ্ৰী, তাৰ ব্যৱসায়-বাণিজ্য, শিক্ষা, সংস্কাৰ, সংস্কৃতি, পৰম্পৰা আদি তাৰ মানুহৰ ওপৰতে নিৰ্ভৰ কৰে। ক’ৰবাত মানুহে কিবা সভ্যতা গঢ়ি তুলিছে আৰু ক’ৰবাত প্ৰকৃতিয়ে মানুহক কিবা সভ্যতা গঢ়ি তুলিবলৈ বাধ্য কৰিছে ।
আমেৰিকা-ইউৰোপৰ মানুহ, সাংঘাটিক ধৰণে প্ৰতিদ্বন্দ্বিতামূলক আৰু উদ্ভাৱনীমূলক হোৱাৰ কাৰণ বিচাৰিলে, আফ্ৰিকাৰ মানুহ অনবৰতে গোষ্ঠী সংঘৰ্ষত ব্যস্ত হোৱাৰ কাৰণ বিচাৰিলে, এছিয়া মহাদেশৰ মানুহৰ ধৰ্মান্ধতা আৰু fatalist হোৱাৰ কাৰণ বিচাৰিলে, চীন-ৰাছিয়াৰ মানুহৰ আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰামৰ কাৰণ বিচাৰিলে, প্ৰকৃতি আৰু মানুহৰ সম্পৰ্কৰ বহুত সাধাৰণতে নভবা কথা পোহৰলৈ আহে।
গোটেই কথাটো অলপ সৰু পৰিসৰলৈ নমাই আনি আমি যদি অসম তথা উত্তৰ পূব ভাৰতৰ পাহাৰীয়া অঞ্চললৈ চাওঁ, তেন্তে আমি দেখিম যে মদ, তামোল, ধঁপাত, চিগাৰেট, মাংস খোৱাটো ইয়াৰ মানুহৰ চিৰাচৰিত প্ৰথা; শৌচালয়-নিৰাময় আদিৰ ব্যৱস্থা সৌ সিদিনালৈকে প্ৰায় একোৱেই নাছিল; পাহাৰৰ গছ-বন- জীৱ-জন্তুকেই কাটি-মাৰি খাই চলাই দিয়ে। ভৱিষ্যত বুলি একো কথা নাই, পাহাৰক সন্মান জনাব লাগে বুলিও কোনো কথা নাই। আগতে বৃহত্তৰ সমাজ বুলিও কোনো কথা নাছিল, খ্ৰীষ্টানিটীয়েহে কিছু সলনি কৰিলে। কিন্তু সেই মানুহ মজ্জাগতভাৱে একেই থাকি গ’ল। গতিকে তেওঁলোকৰ প্ৰতি বহুত বেছি মৰমশীল বা শ্ৰদ্ধাশীল হ’ব নোৱাৰাটো একো অস্বাভাৱিক কথা নহয়।
১৫ এপ্ৰিলৰ পৰা ১৯ এপ্ৰিললৈকে লেহ-লাডাখ ফুৰিলোঁ– সোণাম ৱাংচুকৰ স্কুল দেখিলোঁ– থাং, থ্যাচি, টুৰটুক সমন্বিতে ভাৰত-পাক সীমান্তৰ বহুত ঠাই দেখিলোঁ–Pangong হ্ৰদকে ধৰি ভাৰত-চীন সীমাৰো কিছু ঠাই দেখিলোঁ। ইয়াক, গাধ, ঘোঁৰা, ঘেঁহু-খেতি বিধুষিত গ্ৰাম্য অৰ্থনীতি দেখিলোঁ– সৰু সৰু বহুত সংৰক্ষণৰ মাজত মানুহবিলাকৰ ইতিহাস-সচেতনতা দেখিলোঁ। তামোল, মদ, ভাং, চিগাৰেট, ধঁপাত বৰ্জন, প্লাষ্টিকৰ সীমিত প্ৰয়োগ, নিতান্তই সাধাৰণ মানুহৰ শৌচালয় তথা নিৰাময় ব্যৱস্থা, স্থানীয় নিৰ্মাণ-সামগ্ৰীৰেই সৰহভাগ নিৰ্মাণ কাৰ্য দেখিলোঁ। মাছ-মাংসৰ সীমিত খাদ্য দেখিলোঁ আৰু দেখিলোঁ প্ৰকৃতিৰ প্ৰতি সন্মান। ক’তো কোনো পাহাৰত আঁচোৰ এটা পৰিবলৈ দিয়া নাই। পাহাৰৰ ভাঁজে ভাঁজে নিজৰ দেহক ভাঁজ খুৱাইছে। ক’তো প্ৰকৃতিক জয় কৰাৰ বাসনা নাই– আছে কেৱল সহাৱস্থানৰ অঘোষিত নীতি।
বহু দিনৰ আগতে প্ৰখ্যাত সাংবাদিক-সাহিত্যিক ধীৰেন বেজবৰুৱাই দ্য ছেণ্টিনেল কাগজৰ পাতত লিখিছিল– ক’ৰবাৰ পৰা আহি অসম সোমালে অসমৰ মানুহৰ কদৰ্য্যতা-বীভৎসতা চকুত নপৰাকৈ থাকিবই নোৱাৰে– যেন এহেজাৰ বছৰ খাবলৈ নোপোৱা মানুহে খোৱা বস্তু দেখি পাগল হোৱাদি হৈছে, কোনো দিনে ভাল বস্তু একো নেদেখা মানুহে যিহকে পাইছে. নোপোৱাই পোৱাদি লৈছে। মাৰি কাটি লুটি মেলি ৰাক্ষসৰ দৰে সৰ্বভক্ষণকাৰী হৈ পৰিছে।
আজি শ শ বছৰে অসম তথা উত্তৰ পূব ভাৰত একে মানসিক অৱস্থাত আছে। ভূটানেও আচলতে অসমীয়া মানুহক এই সামাজিক লেতেৰামিৰ বাবে লেই লেই চেই চেই কৰে। নেপালতো ৰাস্তাত পিকোৱা আমাৰ মানুহক দোকানৰ পৰা পানী কিনি আনি ৰাস্তা চাফা কৰাইছে ।
The Illustrated weekly of Indiaৰ সম্পাদকৰ দায়িত্ব লৈয়ে (খুচৱন্ত সিঙৰ পৰা) M.V. Kamath এ তেওঁৰ প্ৰথম সম্পাদকীয়টোতে ভাৰতীয় মানুহে অন্তৰ্বাস ঘৰৰ আগফালে মেলা কথাটো লিখিছিল।
আজি মোৰ অসমত বনভোজ-থলীবিলাকত, ৰাস্তাত, ফুটপাথত, ৰাজহুৱা গৃহত সৰ্বত্র মদ-গুটখা-তামোল-পাণৰ পিক, চিপচৰ পেকেট, প্লাষ্টিকৰ পানীৰ বটল আদিয়ে নষ্ট কৰা পৰিৱেশে এক দুখ নিবেদন কৰিছে। দাপোনখনত মই নিজকে আৰু আমাক চাইছোঁ।
আমি যেন উপলব্ধিয়ে কৰা নাই যে আমি এতিয়াও মানুহ হোৱাই নাই!


