কাৰ্যবাহী সম্পাদকৰ একাষাৰ

উৎপল কুমাৰ দাস

‘আসাম একাডেমি ফৰ কালচাৰেল ৰিলেশ্যনচ’ প্ৰতিষ্ঠাৰ অন্তৰালত থকা বহুতো কাৰণ আৰু প্ৰেৰণাৰ অন্যতম আছিল অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত আৰু সামগ্ৰিকভাৱে সকলো মানুহৰ মাজত ঐক্য আৰু সংহতিৰ ভাব জাগ্ৰত কৰা। সংস্কৃতি আৰু সাহিত্যৰ পথ অনুসৰণ কৰি ক্ৰমশ: ভাঙিবলৈ ধৰা সমাজখনক একতাৰ ডোলেৰে বান্ধি ৰখাই আছিল ‘আসাম একাডেমি ফৰ কালচাৰেল ৰিলেশ্যনচ’ৰ মূল লক্ষ্য।

সেই সময়ছোৱা আছিল অসমৰ ইতিহাসৰ এক অতি সংকটপূৰ্ণ অধ্যায়। ১৯৬০ চনৰ অসমীয়া ভাষা আন্দোলনৰ পটভূমিত সমগ্ৰ সংযুক্ত অসমত অসমীয়া আৰু অন্যান্য প্ৰধান জনগোষ্ঠীৰ মাজত পাৰস্পৰিক সন্দেহ, অবিশ্বাস আৰু অসন্তুষ্টিৰ এক পৰিৱেশ সৃষ্টি হৈছিল। এনে এক স্পৰ্শকাতৰ সময়তে ড° বিৰিঞ্চি কুমাৰ বৰুৱাই এনে এখন সমন্বয়কাৰী সাংস্কৃতিক প্ৰতিষ্ঠানৰ পৰিকল্পনা কৰিছিল, যিখনে ৰাজনৈতিক বিষয়ত হস্তক্ষেপ নকৰাকৈ বিভিন্ন জনগোষ্ঠীৰ সৈতে সাংস্কৃতিক সম্পৰ্ক গঢ়ি তুলিব আৰু সেই সম্পৰ্কৰ জৰিয়তে পাৰস্পৰিক সন্দেহ আৰু দূৰত্ব হ্ৰাস কৰি ঐক্য আৰু সংহতিৰ পথ প্ৰশস্ত কৰিব।

ৰাজনৈতিক অথবা সমাজতাত্ত্বিক কোনো কাৰণত যেতিয়া এখন সমাজ বা ৰাজ্য বিভাজিত বা দ্বিখণ্ডিত হয়, তেতিয়া সাধাৰণ মানুহৰ মাজৰ পাৰস্পৰিক সম্পৰ্ক আৰু সংহতি অটুট ৰখাৰ আটাইতকৈ শক্তিশালী মাধ্যম হ’ল সংস্কৃতি আৰু সাহিত্য। অসমৰ আধুনিক যুগৰ এগৰাকী মহান মনীষী তথা পণ্ডিত ড° বিৰিঞ্চি কুমাৰ বৰুৱাই আজিৰ পৰা ছয় দশক পূৰ্বে, ১৯৬০ চনত, এই উপলব্ধিৰ এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছিল। আজিৰ এই জটিল সময়ত সেই কিংবদন্তি মনীষীগৰাকীয়ে দেখুৱাই থৈ যোৱা পথ অনুসৰণ কৰাৰ দায়িত্ব আমাৰ।

বিভিন্ন প্ৰতিক্ৰিয়াশীল শক্তিৰ প্ৰৰোচনামূলক সন্দেহৰ বিষবাস্পৰে সেই সময়ত সম্প্ৰীতিত এটা খুন্দা মাৰিছিল। এই ঘূণে ধৰিবলৈ লোৱা বিশেষ সংবেদনশীল সময়তে ‘আসাম একাডেমি ফৰ কালচাৰেল ৰিলেশ্যনচ’ৰ জন্ম আছিল অত্যন্ত প্ৰাসংগিক।

ছয় দশকৰ সেই ঐতিহাসিক যাত্ৰাই আজি এক নতুন সময়ত প্ৰৱেশ কৰিছে। সময় সলনি হৈছে, সমাজ সলনি হৈছে, প্ৰত্যাহ্বানৰ ৰূপ সলনি হৈছে; কিন্তু মানুহক মানুহৰ সৈতে সংযোগ কৰা সংস্কৃতি আৰু সাহিত্যৰ প্ৰয়োজনীয়তা আজিও একেই আছে। সেইবাবেই ড° বিৰিঞ্চি কুমাৰ বৰুৱাই দেখুৱাই থৈ যোৱা সমন্বয়, সৌহাৰ্দ্য আৰু ঐক্যৰ পথ আজিও সমানেই প্ৰাসংগিক। সেই ঐতিহ্যক আগুৱাই লৈ যোৱাটোৱেই আজিৰ সময়ত আমাৰ অন্যতম দায়িত্ব। এই দায়িত্বৰ ওচৰ চপাৰ উদ্দেশ্যৰে এই সংখ্যা জাংফাই অসমৰ জনজাতি-জনগোষ্ঠী সংস্কৃতি-ৰাজনীতি চৰ্চা বিশেষ সংখ্যা হিচাপে প্ৰকাশ কৰাৰ কথা বিবেচনা কৰা হ’ল। অপ্ৰয়োজনীয় আন্ধাৰে আমাৰ সম্প্ৰীতি আৰু সমন্বয়ক বিপথে পৰিচালিত কৰিব খোজা অপশক্তিক এনে প্ৰয়াসে কিছু হ’লেও বাধা দিব পাৰিলে এই শ্ৰমৰ সাৰ্থক হ’ব বুলি আশা কৰিব পাৰি।


ফোন: ৯৪৩৫০১২১৯১

অন্যান্য

ভীমবৰ দেউৰী আৰু অসমৰ জাতীয় সমস্যাত এভুমুকি

ভীমবৰ দেউৰী আৰু অসমৰ জাতীয় সমস্যাত এভুমুকি

ভীমবৰ দেউৰীক অসমৰ আজিৰ প্ৰজন্মই নাজানে। ১৯০৩ চনৰ পৰা ১৯৪৭ চনলৈ মাথোঁ ৪৪টা বসন্তৰ নাতিদীৰ্ঘ তেওঁৰ জীৱনকালত তেওঁ লোৱা ভূমিকাই অসমীয়া জাতিৰ কলিজাক স্পৰ্শ কৰি গৈছিল। কিন্তু অসমীয়া মধ্যবিত্তৰ প্ৰভাৱশালী অংশই তেওঁক কোনোদিনে স্বীকৃতি দিব নেজানিলে। তেওঁৰ মৃত্যুৰ পিছত আঠটা…

বড়ো জাতীয় চেতনা জাগৰণৰ প্ৰথম স্তৰঃ এটি দৃষ্টিপাত

বড়ো জাতীয় চেতনা জাগৰণৰ প্ৰথম স্তৰঃ এটি দৃষ্টিপাত

বিংশ শতিকাৰ (১৯২০-২৯)ৰ দশকটোকেই সাধাৰণতে বড়ো চেতনা জাগৰণৰ প্ৰাৰম্ভ বুলি গণ্য কৰা হয় ৷ কাৰণ ঘটনাপূৰ্ণ এই দশকতেই বড়ো জাতিৰ ব্যাপক জাগৰণ প্ৰতিফলন কৰা বহুতো সুদূৰপ্ৰসাৰী ঐতিহাসিক মহত্ত্ব-ঘটনাৰ স্বাক্ষৰ আছে৷ বিভিন্ন লিখক-গৱেষকৰ, বিশেষকৈ বড়ো লিখক-গৱেষকৰ প্ৰয়াসত এই…

সময়

সময়

বৈ থকা নদীখন ৰৈ যোৱাৰ আতংকইনিশাৰ মেদিনী কঁপায়নিজৰাপাৰত যিজোপা কৃষ্ণচূড়ালৈখিৰিকীৰে মই ডিঙি মেলি চাওঁআৰু কিছুদিন পিছতেই অদৃশ্য হৈ পৰিবসেই তেজৰঙী আকাশ শীতৰ শুভ্ৰতাই শিৰৰ সেন্দুৰ মচিমেৰিয়াই দিবহি যেনশোক আৰু শান্তনাৰ এখনি চাদৰ এনেকৈয়ে এদিন কাণত বাজিবহিবেজেৰুৱা ব’হাগৰ…