গল্প নহয় অগল্পও নহয়

স্নেহাংকৰ

১)

গল্পকাৰক ধৰা দিবলৈ আহি থকা গল্পটোক বাটতে লগ পাই কেইবাজনো গল্পকাৰে টনা-আঁজোৰা লগালে। কোনোবাজনে চুবলৈ পালে কি নাই, বাটৰ পৰা ঘৰ গৈ পোৱাৰ তিনি মাহমান পিছলৈকে হাত নোধোৱাকৈ থাকি গল্পৰ গোন্ধ লাগি থকা হাতেৰে লেপটপৰ কীব’ৰ্ডত অৱলীলাক্ৰমে আঙুলি বোলাই, আখৰ খাজি খাজি, বলেৰে তাতে গল্পটোক সুমুৱাই থ’লে। ইতিমধ্যে আমাৰ পি পু সি শো (পিঠি পুৰিছে সিফালে শো) ’ৰ মুলুকত ভালুকৰ সাঙীহেন প্ৰচাৰ মাধ্যমৰ আকালৰ দিনৰ ‘ভোট জলকীয়া’ সদৃশ খ্যাতিৰ ভমকেৰে মহীয়ান, সচেতন সমাজ(?)ৰ স্বয়ম্ভূ-ধ্বজাবাহক গল্পকাৰে লেপটপৰ পৰা “বিলোচনীৰ” পাতলৈ চোঁচৰাই চোঁচৰাই, ছাল-বাকলি ছালি আনি মেগাল’মেনিয়াক কফিনটোত আঁটি আঁটি পৰম উৎসাহেৰে কেইবাটাও গজাল মাৰি ডেডাউৰি পাৰি চিঞৰি থকা বেচেৰা গল্পটোৰ মৃত্যু ঘোষণা কৰিলে।
ঘোষণাটোৰ পিছত অৱশ্যে গল্পটোৱে মৰিবলৈ বিশেষ আগ্ৰহ নেদেখুৱালে। মৰাটোও যে এক ধৰণৰ শিল্প, সেই বিষয়ে গল্পই মানুহে আখৰ লিখিবলৈ শিকাৰ আগেয়ে জানিছিল। সেয়ে কফিনৰ ভিতৰৰ এন্ধাৰত থকা সত্ত্বেও ই নিজ উশাহৰ শব্দ শুনিবলৈ পাই মিচিকিয়াই হাঁহিলে। বাহিৰত তেতিয়াও কেইজনমান গল্পকাৰে হাতত হাতুৰী, মুখত মতাদৰ্শ, চকুত আত্মতৃপ্তিৰ দীপ্তি লৈ গজালবোৰ পোন হৈছে নে নাই তাকে লৈ ভীষণ ব্যস্ত হৈ আছে। যেন গল্পৰ মৃত্যু নহয়, প্ৰত্যেকজন গল্পকাৰৰ সফলতাৰেই মৃত্যুঞ্জয় উৎসৱ চলিছে। অথচ গজালৰ ফাঁকেৰেই অলপ অলপকৈ ওলাই অহা শব্দৰ ধুঁৱলী-কুঁৱলীয়ে কাণ উনাই থকা দুই-এজন পাঠকৰ বুকুলৈ কুৰুকি কুৰুকি সোমাই থিত লৈছিল গল্পটোৱে। কোনো কোনো পাঠক/ভৱিষ্যতৰ গল্পকাৰৰ অৱচেতনত গল্পটো তেতিয়াও ক’ৰবাত জীয়ন লৈ আছিল; মাথোঁ গল্পকাৰকেইগৰাকীয়ে সেয়া অনুধাৱন কৰাত বৰ কৰুণভাৱে ব্যৰ্থ হৈছিল।

২)

গল্পটোক ধৰিবলৈ হেতা-ওপৰা লগোৱা আন এজনৰ বেলিকা কথাটো অলপ বেলেগ ধৰণৰ হ’ল। এইজনাই গল্পৰ গইনাৰে তথ্যৰ পোহাৰ মেলিলে। ৰংচঙীয়া পুতলা বা বেলুনৰ প্ৰতি আজিকালিৰ শিশুৱেও আগ্ৰহ নেদেখুৱায়… আজিৰ শিশুৱে স্মাৰ্টফোনেৰে উমলি, নিচুকনি গীতৰ আগতে, কাৰ্টুন নে’টৱৰ্কৰ বিভিন্ন ভেল্কীত আচ্ছন্ন হৈ কলমটিয়াই থাকে বুলি তেওঁ আক্ষেপ কৰিবলৈকো নেৰিলে। ইফালে আতিশয্যৰ কোবত গল্পৰ ত্ৰাহি মধুসূদন অৱস্থা… দ্বিতীয় গল্পকাৰে দেখিও নেদেখা, শুনিও নুশুনা হৈ তথ্য আৰু ভিন্নমাত্ৰিক সুৰ-বেসুৰ-অসুৰ, তাল-বেতাল-ভোৰতাল মাফিক অত্যাচাৰেৰে গল্পক থেকেচি, জোবোৰা মাৰি, অতিকথনৰ শিল-পটাত খুন্দি,পিঁহি উত্তৰ প্ৰজন্মৰ (?) এদল অৰ্ধ-বৰ্ণ-সংকৰ গল্পকাৰৰ সৈতে ভগাই লৈ ত্ৰিশংকু আকাশৰ পৰা পাৰি অনা বগৰীৰ সৈতে টকালি পাৰি খালে। লেলাৱটিৰ আয়তন আৰু অবয়বহীন অন্যত্ৰ তেওঁৰ ৰসনাৰে বিয়পি পৰিছে বৌদ্ধিক লিপ্সাৰ তৰলতা।

তথ্যৰ দীঘলীয়া মিচিল থাকিলেই যে বৰ্ণনা গভীৰ হয়, সেই বিশ্বাসত তেওঁ শব্দৰ ওপৰত শব্দ, উদ্ধৃতিৰ ওপৰত উদ্ধৃতি, পৰিসংখ্যাৰ ওপৰত পৰিসংখ্যা জাপি দিবলৈ ধৰিলে। গল্পটোৱে এই অত্যাচাৰৰ ফলত কেতিয়া যে পৃষ্ঠাৰ কোণত ঠিয় হৈ নিজৰ ঠাই বিচাৰি আছিল, সেয়া গল্পকাৰে লক্ষ্যই নকৰিলে। শব্দবোৰে নিজৰ ওজনত নিজেই ভাগৰি পৰিছিল; অথচ গল্পটোৱে আছিল পাতল, বতাহত উৰি যোৱা শুকান পাত এখিলাৰ দৰে। তাক ধৰি ৰাখিবলৈ কেৱল সংবেদনেই যথেষ্ট আছিল, সেই সংবেদনে বিচাৰিছিল বাধাহীন স্বাভাৱিক গতি।

ইতিমধ্যে দ্বিতীয় গল্পকাৰৰ নিজা কিছুমান ফেন (fan) পাঠকে গল্প পঢ়া বাদ দি গল্পৰ টোকা পঢ়িয়েই মূল কামটো পিছলৈ ঠেলিলে, টোকাৰ ব্যাখ্যাৰ ব্যাখ্যাও ফাহ ফাহ কৰিলে। ফলত গল্পৰ বুকুৰ স্পন্দনৰ ঠাইত উদ্ধৃতিৰ শাৰী, তলৰ ফুটনোট আৰু পৰিশিষ্টৰ পৃষ্ঠা সংখ্যাহে মূল গল্পটোতকৈও অধিক গুৰুত্বপূৰ্ণ হৈ উঠিল। কিছুমানে আনকি গল্প পঢ়াৰ আগতেই গল্পটোৰ সমালোচনা লিখি থৈছিল; যেন গল্পটো নহয়, সমালোচনাটোৱেই মূল পাঠ। এই বিপৰীত যাত্ৰাত গল্পটোৱে কেতিয়াবা হাঁহিছিল, কেতিয়াবা বিষাদেৰে মূৰ দোঁৱাইছিল। কাৰণ ই জানিছিল—তথ্যই স্মৃতি গঢ়িব পাৰে, কিন্তু হৃদয়ৰ ভিতৰত গোপনে বাস কৰিবলৈ তথ্যৰ বাদেও অলপ নীৰৱতা, অলপ বিস্ময় আৰু অলপ অনুচ্চাৰিত এন্ধাৰৰো দৰকাৰ আছে।।

৩)

পিছে গল্পটো আনৰ বহতীয়া হৈ, বশ্যতা আঁকোৱালি স্থাণু হৈ পৰা বিধৰ নহয় বুলি তৃতীয়গৰাকী গল্পকাৰে প্ৰত্যয়েৰে জানিছিল। তেওঁ এইটোও জানিছিল যে ঊধৰ পৰা মূধলৈ, আদিৰ পৰা অন্তলৈ, বাহিৰৰ পৰা ভিতৰলৈ গল্পতো সদায় একেটাই। (কথকে ইয়াৰ মৰ্মমূলত জিৰনি ল’ব পাৰে, বাহ্যিক গঢ়-গঠন, সাজ-সজ্জা সলাই সমকালীন ৰূপ দিবলৈ চেষ্টা কৰিব পাৰে। কথকজন খুউব বেছিকৈ কিবা হয় যদিও মাথোঁ এজন নিৰীহ-নিপানী কথকেই হ’ব পাৰে। অৱশ্যে কথকে নিজকে গল্পৰ বিধি-নিয়ন্তা বুলি ভ্ৰমত ভোগাটো সহজ সত্য। হ’ল বুলিয়েই মুখাখনেই মুখ হৈ যাবনে ?) কিমানজনকেই ই কিমানবাৰ ভিন ভিন সময়ত স্বমহিমাৰে ধৰা দিছেহি। কোনো ধীমান গল্পকাৰে গল্পটোক জাৰ্মানিৰ বৰফৰ শুকান গুৰি গুৰি হৈ গুৱাহাটীৰ ৰাজপথত সৰাই থকা যাদুকৰ জনৰ বিস্ময়কৰ খেলা দেখিছিল। তাৰে অনুৰণন স্বীকাৰ কৰিও পখিলা খেদাৰ দৰে শ্নী শ্নী শ্নী (Schnee জাৰ্মান শব্দ৷ তুষাৰ বা গুড়ি গুড়িকৈ পৰা বৰফ বুজায়) বুলি ঢপলিয়াই আকুলতাৰে জঁপিয়াই, দৌৰি ঘামি-জামি পৰা নাছিলনে তেওঁ! তেওঁ জানে যে কফিনত গজাল মাৰি সুমোৱাই থৈ কোনেও গল্পৰ শৰাধ খাব নোৱাৰে। লগতে ইয়াকো জানে যে অতিকথনৰ ভৰ জাপিও কুঁজা কৰিব নোৱাৰি গল্পটোক। পাঠক নামৰ চিৰ তৰুণ প্ৰজাতিটো পঁইতাচোৰাৰ দৰে।

সেয়ে তেওঁ গল্পটোক শিকলি পিন্ধাবলৈ যোৱা নাছিল; বৰঞ্চ তাৰ পদধ্বনি শুনিবলৈহে কাণ পাতি বহিছিল। গল্প আহে—কেতিয়াবা শব্দৰ ৰূপ ধৰি, কেতিয়াবা দীঘলীয়া নীৰৱতা হৈ, কেতিয়াবা মাথোঁ অনুভৱৰ সেমেকা অনামী বতাহ হৈ। তাক চিনি পাবলৈ কৌশলতকৈ অধিক প্ৰয়োজন হয় ধাৰণ কৰাৰ ক্ষমতাৰ। কাৰণ গল্পই কেতিয়াও অহংকাৰৰ দুৱাৰেদি প্ৰৱেশ কৰিব নোৱাৰে; ই সদায় আধাখোলা খিৰিকীৰে, অসাৱধান মুহূৰ্ত এটাৰ মাজেৰে, নতুবা আত্মবিস্মৃতিৰ সময়তহে সংগোপনে ভিতৰলৈ আহে। তেওঁ এইটোও বুজিছিল যে গল্পৰ আয়ুস কথকৰ নামত নাবাঢ়ে, পাঠকৰ অন্তঃকৰণত জ্বলি থকা ক্ষুদ্ৰ অথচ অবিনাশী শিখা হৈ নিজ গতিৰে বাঢ়ে। যি মুহূৰ্তত কোনো পাঠকে নিজৰ জীৱনৰ কোনো অদেখা কোণ এটাক গল্পৰ ভিতৰত চিনাক্ত কৰে, সেই মুহূৰ্ততে গল্পটোৱে পুনৰ জন্ম লয়। সেই জন্মত নাথাকে সাহিত্যৰ কোনো সভাৰ হাতচাপৰি, নাথাকে পুৰস্কাৰৰ মঞ্চ, নাথাকে আত্মপ্ৰচাৰৰ চকু চাত্ মৰা স্প’টলাইট। থাকে এক অনুচ্চাৰিত চিনাকি, বহুদিনৰ আগতে হেৰাই যোৱা কোনো এখন মুখ পুনৰ এবাৰ কুঁৱলীৰ মাজেৰে যেন সেইখন ৰহস্যময় মুখ স্পষ্ট হৈ উঠিছে। সেইবাবেই তেওঁ জানিছিল—গল্পৰ প্ৰকৃত ঠিকনা কিতাপৰ বাকলিপিঠিত নাথাকে, সমালোচনাৰ পৃষ্ঠাত নাথাকে, আনকি গল্পকাৰৰ বুকুৰ গহনতো নাথাকে। তাৰ ঠিকনা সদায় থাকে মানুহৰ অভিজ্ঞতাৰ গভীৰতাত। যিমানদিনলৈ মানুহে আচৰিত হয়, প্ৰেমত পৰে, বিশ্বাসঘাতকতা সহে, শোকত নিশ্চুপ হয়, নীৰৱে হাঁহে, সিমানদিনলৈকে গল্পও জীয়াই থাকিব। বাকী সমস্ত—খ্যাতি, তৰ্ক, শিবিৰ, বাদ-বিবাদ, মতবাদ, ঘোষণাপত্ৰ—সময়ৰ ধূলিৰ লগত উৰি যাব; গল্পটো আকৌ ক’ৰবাত নতুন নাম, নতুন মুখ, নতুন কণ্ঠ লৈ, কিন্তু চিৰপুৰণি হৃদয় এখনৰ উম বুকুত লৈ মানুহৰ কাষলৈ ঘূৰি আহিব।

৪)

ইমানৰ পিছত গল্পটো ভাসমান অবয়বহীন কণিকাৰ সমষ্টি হৈ পাহাৰতলিৰ সন্ধিয়াৰ বজাৰখনৰ গোন্ধ, পোহাৰীৰ দিনটোৰ ব্যস্ততা, গ্ৰাহকৰ দৰ-দাম, কিছু আশা-আকাংক্ষাৰ দোদুল্যমানতাৰ সমান্তৰালভাৱে কোনো পাহাৰী স্তব্ধপ্ৰায় জুৰিৰ ছিটিকনিৰ ক্ষুদ্ৰ ৰেশ এটাৰ কঁপনিৰ দৰে বজাৰখনৰ বুকুত এটা চাকিৰ এন্ধাৰ-পোহৰত ঢিমিকি ঢিমিকি দেও দি আছিল। হয়তো সেই সময়ত পাঠৰ পূৰ্ণতাৰ আন এক শৃংখল একলা-দুকলাকৈ প্ৰত্যেকৰে বাঢ়িবলৈ লৈছে, আন এজনৰ ভৱিষ্যতমুখী দৃষ্টিৰ দিগন্তত। কাৰোবাৰ টোপোলাত আলুৰে সৈতে, কাৰোবাৰ গামোচাৰ গাঁঠিত অলপ সেউজীয়া শাকৰ সুবাসেৰে, কাৰোবাৰ মূৰৰ ভিতৰত দিনটোৰ হিচাপ-নিকাচৰ মাজতে গল্পটোৱে অদৃশ্যভাৱে স্থান সলাই ফুৰিছে। তাক কোনেও ক্ৰয় কৰা নাই, বিক্ৰীও কৰা নাছিল; তথাপি ই অদ্ভুত এক লেনদেনৰ মাজেৰে মানুহৰ পৰা মানুহলৈ গোপনে অহা-যোৱা কৰিছে এতিয়াও৷ বজাৰৰ শেষৰ ফালে লেম্পৰ পোহৰ ম্লান হোৱাৰ লগে লগে গল্পটোৱেও যেন নিজৰ অবয়ব খুলি থৈ মাথোন উপস্থিতিৰ আভাস এচিকুট এৰি দিছিল। যাৰ চকু আছে, সি দেখিছে; যাৰ নাই, সি এন্ধাৰহে দেখিছে। দূৰত পাহাৰৰ গাৰে কুঁৱলী নামি আহিছিল। সেই কুঁৱলীৰ আঁৰত ক’ৰবাত কোনো বুঢ়ী মাকে নাতিনীয়েকক নিচুকাই আছে, কোনো দিনমজুৰে ঘৰলৈ উভতি আহি জোতাৰ ধূলি জোকাৰিছিল, কোনো ছাত্ৰই খিৰিকীৰ ওচৰত বহি নিজৰ প্ৰথম পাঠৰ প্ৰথম বাক্যটো লিখিবলৈ চেষ্টা কৰিছে। গল্পটোতো একেলগে সকলো ঠাইতে আছে, অথচ কোনো ঠাইতেই সম্পূৰ্ণ ধৰা দিয়া নাই। ই যেন ধোঁৱাৰ মাজত পানীৰ গোন্ধ, বা বৰষুণৰ আগমুহূৰ্তত মাটিৰ বুকুৰ নিঃশব্দ উশাহ।

হয়তোবা সেই মুহূৰ্ততে আন কোনো গল্পকাৰেও ভাবি আছিল যে তেওঁ গল্পটো ধৰিব। তেওঁ কলমটো সাজু কৰি বহিছে, মনৰ মাজত বাক্যবোৰ জুকিয়াই আছে, শব্দবোৰৰ গা ধুই মচি চকচকীয়া কৰিছিল। কিন্তু গল্পটোৱে ৰাংঢালী গাভৰুৰ দৰে মিচিকিয়াই হাঁহি তেওঁৰ আঙুলিৰ ফাঁকেৰে বতাহৰ দৰে ওলাই গৈছিল। কাৰণ গল্পক ধৰি ৰাখিব নোৱাৰি; খুউব বেছি, কিছুদূৰ একেলগে খোজে খোজে দি যাব পাৰি। তাৰ পিছত ই পুনৰ নিজৰ বাট লয়—অচিন পথিকৰ কাষলৈ, অনামী পাঠকৰ বুকুলৈ, অথবা কোনো অনুলিখিত সময়ৰ ভিতৰলৈ।

সম্ভৱত সেইবাবেই গল্প কেতিয়াও শেষ নহয়। শেষ হয় কেৱল কাগজৰ পৃষ্ঠা, শেষ হয় মুদ্ৰিত বাক্য, শেষ হয় কথকৰ নিশাহ। গল্প অৱশ্যে প্ৰতিবাৰেই ৰৈ যায় আন কাৰোবাৰ অফুট শব্দৰ আঁৰত। সেই নীৰৱতাৰ ভিতৰতেই নতুন শব্দৰ বীজ ফুটি কোমল কোঁহপাত ওলায়, একোটাকৈ নতুন পাঠে জন্ম লয় আৰু বহুদিনৰ পিছত কেতিয়াবা এদিন আকৌ এজন কথকে আচৰিত হৈ কয়—“গল্পটো যেন মোৰ কাষলৈ নিজেই আহিছিল…”

৫)

গল্পটোক শেষত ধৰা হ’ল। তাক বিচাৰসভালৈ অনা হ’ল। অভিযোগ—ই গল্প নহয়, আকৌ অগল্পও নহয়। ই সাহিত্যৰ শৃংখলা ভংগ কৰিছে। পাঠকক বিভ্ৰান্ত কৰিছে। সমালোচকক অসুবিধাত পেলাইছে

বিচাৰকে সুধিলে, — “তই আচলতে কি?”

গল্পই অলপ সময় মৌন হৈ থাকি ক’লে, — “মই নিজে এতিয়াও গম নাপাওঁ। যিসকলে মোক ধৰি আনিছে, তেওঁলোকৰ প্ৰতিজনে মোক বেলেগ বেলেগ নামেৰে মাতিছে। কোনোৱে গল্প, কোনোৱে অগল্প, কোনোৱে পৰীক্ষামূলক লেখা, কোনোৱে সাহিত্যৰ অৱক্ষয় বুলিছে। মইতো মাত্ৰ জন্ম ল’বহে বিচাৰিছিলোঁ। মোৰ নাম মই নিজেই দি লোৱা নাই, গল্প বোলা নামটোওতো আপোনালোকেই দিছে। ছবি এখন বা শিল্পকৰ্ম এটাক যেনেকৈ আনটাইটল্ড্ বা নামহীন বুলিও জানো আপোনালোকে নামকৰণ নকৰে?”

আদালতত পুনৰ কিছু সময় গোমোঠা/গধুৰ নীৰৱতা। বিচাৰকে ৰায় লিখিবলৈ কলম তুলি পুনৰ থমকি ৰ’ল। কাৰণ ৰায় লিখি শেষ কৰিবলৈ নৌ পাওঁতেই গল্পটো কাগজৰ পৰা সুৰ সুৰকৈ পিছলি নামি গ’ল। খিৰিকীৰে ওলাই গ’ল। অন্যত্ৰ অপেক্ষা কৰি থকা আন কোনোবা লেখক এজনৰ অৱচেতনত গৈ বেতাল ওলোমা দিলেগৈ…


ফোন: ৮৭২৪০২৪০৭১

অন্যান্য

কাৰ্যবাহী সম্পাদকৰ একাষাৰ

‘আসাম একাডেমি ফৰ কালচাৰেল ৰিলেশ্যনচ’ প্ৰতিষ্ঠাৰ অন্তৰালত থকা বহুতো কাৰণ আৰু প্ৰেৰণাৰ অন্যতম আছিল অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত আৰু সামগ্ৰিকভাৱে সকলো মানুহৰ মাজত ঐক্য আৰু সংহতিৰ ভাব জাগ্ৰত কৰা। সংস্কৃতি আৰু সাহিত্যৰ পথ অনুসৰণ কৰি ক্ৰমশ: ভাঙিবলৈ ধৰা সমাজখনক…

ভীমবৰ দেউৰী আৰু অসমৰ জাতীয় সমস্যাত এভুমুকি

ভীমবৰ দেউৰী আৰু অসমৰ জাতীয় সমস্যাত এভুমুকি

ভীমবৰ দেউৰীক অসমৰ আজিৰ প্ৰজন্মই নাজানে। ১৯০৩ চনৰ পৰা ১৯৪৭ চনলৈ মাথোঁ ৪৪টা বসন্তৰ নাতিদীৰ্ঘ তেওঁৰ জীৱনকালত তেওঁ লোৱা ভূমিকাই অসমীয়া জাতিৰ কলিজাক স্পৰ্শ কৰি গৈছিল। কিন্তু অসমীয়া মধ্যবিত্তৰ প্ৰভাৱশালী অংশই তেওঁক কোনোদিনে স্বীকৃতি দিব নেজানিলে। তেওঁৰ মৃত্যুৰ পিছত আঠটা…

বড়ো জাতীয় চেতনা জাগৰণৰ প্ৰথম স্তৰঃ এটি দৃষ্টিপাত

বড়ো জাতীয় চেতনা জাগৰণৰ প্ৰথম স্তৰঃ এটি দৃষ্টিপাত

বিংশ শতিকাৰ (১৯২০-২৯)ৰ দশকটোকেই সাধাৰণতে বড়ো চেতনা জাগৰণৰ প্ৰাৰম্ভ বুলি গণ্য কৰা হয় ৷ কাৰণ ঘটনাপূৰ্ণ এই দশকতেই বড়ো জাতিৰ ব্যাপক জাগৰণ প্ৰতিফলন কৰা বহুতো সুদূৰপ্ৰসাৰী ঐতিহাসিক মহত্ত্ব-ঘটনাৰ স্বাক্ষৰ আছে৷ বিভিন্ন লিখক-গৱেষকৰ, বিশেষকৈ বড়ো লিখক-গৱেষকৰ প্ৰয়াসত এই…