গল্প নহয় অগল্পও নহয়

গল্প নহয় অগল্পও নহয়

১) গল্পকাৰক ধৰা দিবলৈ আহি থকা গল্পটোক বাটতে লগ পাই কেইবাজনো গল্পকাৰে টনা-আঁজোৰা লগালে। কোনোবাজনে চুবলৈ পালে কি নাই, বাটৰ পৰা ঘৰ গৈ পোৱাৰ তিনি মাহমান পিছলৈকে হাত নোধোৱাকৈ থাকি গল্পৰ গোন্ধ লাগি থকা হাতেৰে লেপটপৰ কীব’ৰ্ডত অৱলীলাক্ৰমে আঙুলি বোলাই, আখৰ খাজি খাজি, বলেৰে...