চাৰিটা কবিতা

গিৰীশ দত্ত

(১)

নৈৰ পাৰৰ জুইকুৰাত
গাটো জুবুৰিয়াই গুচি যোৱা সূৰ্যটো
বেলিফুল হৈ
দোঁ খাই পৰিছে মাটিলৈ
শুনিবলৈ আইৰ মুখৰ
এষাৰ হেঁপাহৰ মাত
পুত্ৰহাৰা আইৰ উদং কলিজাটো সাৱটি
আই-আকুল
জন্ম জন্মান্তৰৰ
সোণাৰুফুলীয়া সৰগী দুখনি হাত।

(২)

ক’ম ক’ম বুলি
সাঁচি থোৱা বহু কথা
দিম দিম বুলি সযতনে ৰখা
অলেখ উপহাৰ
পৰি আছে
দ’ম হৈ বুকুৱে বুকুৱে
গেজেপনি হৈ
বুকুৰ ৰুমালখনত
‘ৰজনীগন্ধা চেণ্ট’ৰ
টুকি লোৱা টোপালটিত
ঢালি দিয়া
হৃদয়ৰ সুগন্ধি আকুলতাক সাৱটি!
গেজেপনিয়ে গিলি থ’লে
কত হেঁপেহুৱা চঞ্চল নাচোন!
নাচি থাকা অনুসূয়া,
মোৰ ৰুমাল খনৰ
ৰজনীগন্ধাৰ সেই সুবাসটি হৈ।

(৩)

প্ৰেমৰ জুইকুৰাত জহি
ক’লৈ যায় ছগাবোৰ
ছাই হৈ উৰি উৰি!
জীৱনৰ সিপাৰে
আছে নেকি বৃন্দাবন
আছে নেকি
পাৰিজাত ফুলনি!
ক’বানে অনুসূয়া

(৪)

সময়ো বুঢ়া হয়
মানুহৰ দৰে।
অৰুণ কিৰণ সানি
দুপৰীয়া
সেউজীয়া ছটিয়াই
আৱাহনী হাতবাউল দি থকা
অদূৰৰ পাহাৰখন
প্ৰৌঢ় সন্ধ্যাৰ
ছানি বন্ধা ঘোলা পোহৰত
এটি দৈত্যৰ দৰে বহি থাকে
থমথমকৈ।


ফোন: ৯৪৩৫৫৫৩২৯০

অন্যান্য

কাৰ্যবাহী সম্পাদকৰ একাষাৰ

‘আসাম একাডেমি ফৰ কালচাৰেল ৰিলেশ্যনচ’ প্ৰতিষ্ঠাৰ অন্তৰালত থকা বহুতো কাৰণ আৰু প্ৰেৰণাৰ অন্যতম আছিল অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত আৰু সামগ্ৰিকভাৱে সকলো মানুহৰ মাজত ঐক্য আৰু সংহতিৰ ভাব জাগ্ৰত কৰা। সংস্কৃতি আৰু সাহিত্যৰ পথ অনুসৰণ কৰি ক্ৰমশ: ভাঙিবলৈ ধৰা সমাজখনক…

ভীমবৰ দেউৰী আৰু অসমৰ জাতীয় সমস্যাত এভুমুকি

ভীমবৰ দেউৰী আৰু অসমৰ জাতীয় সমস্যাত এভুমুকি

ভীমবৰ দেউৰীক অসমৰ আজিৰ প্ৰজন্মই নাজানে। ১৯০৩ চনৰ পৰা ১৯৪৭ চনলৈ মাথোঁ ৪৪টা বসন্তৰ নাতিদীৰ্ঘ তেওঁৰ জীৱনকালত তেওঁ লোৱা ভূমিকাই অসমীয়া জাতিৰ কলিজাক স্পৰ্শ কৰি গৈছিল। কিন্তু অসমীয়া মধ্যবিত্তৰ প্ৰভাৱশালী অংশই তেওঁক কোনোদিনে স্বীকৃতি দিব নেজানিলে। তেওঁৰ মৃত্যুৰ পিছত আঠটা…

বড়ো জাতীয় চেতনা জাগৰণৰ প্ৰথম স্তৰঃ এটি দৃষ্টিপাত

বড়ো জাতীয় চেতনা জাগৰণৰ প্ৰথম স্তৰঃ এটি দৃষ্টিপাত

বিংশ শতিকাৰ (১৯২০-২৯)ৰ দশকটোকেই সাধাৰণতে বড়ো চেতনা জাগৰণৰ প্ৰাৰম্ভ বুলি গণ্য কৰা হয় ৷ কাৰণ ঘটনাপূৰ্ণ এই দশকতেই বড়ো জাতিৰ ব্যাপক জাগৰণ প্ৰতিফলন কৰা বহুতো সুদূৰপ্ৰসাৰী ঐতিহাসিক মহত্ত্ব-ঘটনাৰ স্বাক্ষৰ আছে৷ বিভিন্ন লিখক-গৱেষকৰ, বিশেষকৈ বড়ো লিখক-গৱেষকৰ প্ৰয়াসত এই…