এই সময়

এই সময়

মই শিশুবোৰৰ খেলৰ কোৰ্হাল শুনিছোঁ। চাইকেল আৰোহীজনে পেডেল মৰাৰ শব্দ মই শুনিছোঁ। সিহঁত উভতি আহিব নে নাহে মই নাজানো। বতাহত ইমান আতংক ! বতাহত ইমান গেলা গোন্ধ! সময়ৰ এই অনিশ্চয়তা! নে অনিশ্চয়তা জীৱনৰ হে! মই নাজানো, কিন্তু মই বন্ধ ঘৰৰ ভিতৰৰ পৰা ওলাব লাগিব। মই ভয়ত নিচিঞৰোঁ...
শব্দ সংগীত

শব্দ সংগীত

অতিশব্দৰ স্বৰৰপৰা শুনা নাপায় পৃথিৱীৰ মাত পৃথিৱী যেন ডুবি থাকিব নীৰৱতাত যাৰ এটাও আঙুলি জুয়ে পোৰা নাই আজিলৈকে তেওঁ বুজিব কেনেকৈ গোটেই গাত জুই লগাই প্ৰতিবাদ কৰাৰ যাতনা কিমান ৰাঙলী ঘোঁৰা মেলি থৈ শুকুলা ঘোঁৰাত উঠি ৰাজ-চক্ৰৱৰ্তী গ’লগৈ নুশুনা মানেই নহয় স্তব্ধতা নীৰৱতা...

নিমখ

দুখৰ দৰে নিমখ বগা ধক্‌ধকীয়া নিমখ আন একো নহয দুখ এই যে পৃথিবীৰ তিনিভাগ পানী জগতৰেই চকুপানী য’ৰ পৰা হয় নিমখৰ জন্ম নিমখ খাওঁ বাবেই আমাৰ তেজ লুণীয়া অশ্ৰু লুণীয়া ঘাম লুণীয়া আনকি হৃদয়ো হৃদয়তো দুখৰেই ভঁৰাল লোণৰেই ভঁৰাল সেয়েহে হৃদৰোগীয়ে নিমখ খোৱা প্ৰায় মানা নিমখ...
মোৰ জিভা নাই

মোৰ জিভা নাই

ষড়যন্ত্ৰ আৰু ষড়যন্ত্ৰৰ সন্দেহ দুটা বেলেগ বস্তু। মোৰ ইমানবোৰ জিভা নাই প্ৰতিধ্বনিবোৰৰ কথা ক’বলৈ সাহিত্যৰ, সম্ভোগৰ, সংস্পৰ্শৰ। কেতিয়াবা কোনো কাহিনীৰ অন্ত নাথাকে কোনো ৰাস্তাৰ লক্ষ্য নাথাকে সেইবোৰক তেনেকৈ এৰি থৈ অহাই ভাল আটাইতকৈ ভাঁজ লগা পাকটোৰ পৰা আঁতৰি অহাই ভাল।...
তোমাৰ দুয়োখন হাত মই চুব খোজোঁ

তোমাৰ দুয়োখন হাত মই চুব খোজোঁ

কেনেবাকৈ এদিন আন্ধাৰত তোমাৰ হাতদুখন চুই চাব খোজোঁ, আনুভূমিক পথ এটাৰ দৰেই পৰি থকা হাতদুখনৰ ওপৰেৰে মোৰ আঙুলিবোৰক মই খোজকঢ়াই চাব খোজোঁতুমি আঙুলিবোৰ ওপৰলৈ তুলি দিলে কিলাকুটিলৈকে বৈ আহে নেকি দুখজনক কাৰোবাৰ অনুপস্থিতি ?প্ৰতিবাৰেই প্ৰাৰ্থনাৰ বাবে ওপৰলৈ উঠাওতে খালী হোৱা...
এইবাৰ শীতত

এইবাৰ শীতত

কুঁৱলীৰ ৰোমাণ্টিচিজম কমি গৈছে কাৰণ শীতত আন্ধাৰৰ মাজেৰে ওলাই আহিছে শিলবোৰ মৰা গছৰ ডালবোৰ যোৱা শীতত পেণ্টৰ পকেটত হাত ভৰাই থৈছিলোঁ আজি সত্তা চিৰাচৰ কৰি ওলাই আহিছে শীতৰ ফুলবোৰ ফলবোৰ এই শীতে ঢালিছে মৰি যোৱা অতীতবোৰ ঢৌৱাই দিছে নষ্টালজিয়াবোৰ দুপৰীয়াৰ ফুলৰ বাগিচাৰ এটা...