তুমি,
মোহনামুখৰ জীৱন নদীৰ
ধীৰ শ্লথ তৰংগ ৰাশিক
উজলাই ভমকাই তোলা
হেঙুলী বেলিৰ সেন্দুৰীয়া বোল,
জীৱন নদীৰ কোবাল সোঁতৰ
দুপাৰ খহোৱা ঢৌৰ
সোঁৱৰণিৰ কল্লোল।
তুমি,
সভাশেষৰ একান্ত আড্ডাৰ
পাৰভঙা উছাহৰ গান
জীৱনৰাগীৰ সুৰাৰ পিয়লাত
এটি মিঠা চুমুক তান।
তুমি,
সোঁৱৰণিৰ পাটমাদৈ পানচৈ
ভটিয়াই বোৱা উজনি সোঁত
হেঁপাহৰ কটাকটি খেলৰ
আঁক-বাক বুলোৱা ছানিপৰা দুচকুত।
বজাই অহিৰ ভৈৰৱ তান
জীৱন শেষৰ মৃত্যুজিনা গানৰ
তুমি আনন্দ ৰাগিনী
কল্যাণ খৰমান।
গিৰীশ দত্ত
ফোন: ৯৪৩৫৫৫৩২৯০




