ভীমবৰ দেউৰীক অসমৰ আজিৰ প্ৰজন্মই নাজানে। ১৯০৩ চনৰ পৰা ১৯৪৭ চনলৈ মাথোঁ ৪৪টা বসন্তৰ নাতিদীৰ্ঘ তেওঁৰ জীৱনকালত তেওঁ লোৱা ভূমিকাই অসমীয়া জাতিৰ কলিজাক স্পৰ্শ কৰি গৈছিল। কিন্তু অসমীয়া মধ্যবিত্তৰ প্ৰভাৱশালী অংশই তেওঁক কোনোদিনে স্বীকৃতি দিব নেজানিলে। তেওঁৰ মৃত্যুৰ পিছত আঠটা দশক ধৰি অসমত ভালেমান জাতীয়তাবাদী আন্দোলন হৈ গ’ল, কিন্তু জাতিটোৰ অস্তিত্বসূচক (!) আন্দোলনসমূহত আমি ভীমবৰ দেউৰীৰ দৰে ব্যক্তিত্বক তুলি ধৰা নেদেখিলোঁ। অম্বিকাগিৰী ৰায়চৌধুৰীৰ দৰে লোকৰ সক্ৰিয় আৰু সতেজ ভূমিকাক আজিৰ অসমীয়া জাতীয়তাবাদৰ প্ৰবক্তাসকলে যিদৰে তুলি ধৰে, সেই একে সময়তে এজন প্ৰখৰ সমাজ চেতনাসম্পন্ন ব্যক্তি ভীমবৰ দেউৰীক স্মৰণ কৰিব নোৱাৰাটো অসমীয়া মধ্যবিত্তৰ জাতি সম্পৰ্কে থকা সংকীৰ্ণ ধ্যান-ধাৰণাৰে অভিব্যক্তি বুলি ক’ব পাৰি। ভাবি আচৰিত লাগে, ভীমবৰ দেউৰীৰ দৰে ব্যক্তিকো এটা সময়ত সাম্প্ৰদায়িক আখ্যা দিবলৈ অসমীয়া মধ্যবিত্তৰ এচামে কুণ্ঠাবোধ কৰা নাছিল।
কি কৰিছিল ভীমবৰে? তেওঁ জীৱনৰ আদি কালতে উপলব্ধি কৰিলে– ভাৰতৰ অন্য ৰাজ্যৰ তুলনাত অসমখন পিছপৰা, অসমৰ ভিতৰতে আকৌ পিছপৰা হ’ল জনজাতিসকল। এই উপলব্ধি হৈছিল তেওঁৰ নিজৰ জীৱনৰ অভিজ্ঞতাৰ পৰাই– সেয়া আনে জাপি দিয়া নাছিল। দুটা দৃষ্টান্তই সেই কথা প্ৰতিপন্ন কৰে–
(ক) ভীমবৰ দেউৰী আছিল অতি মেধাবী ছাত্ৰ। উজনি অসমৰ শিৱসাগৰ জিলাৰ পানীদিহিং মৌজাৰ দৰে এটা পিছপৰা অঞ্চলৰ পৰা তেওঁ পাঁচটা বিষয়ত ‘লেটাৰ’ লৈ প্ৰথম বিভাগত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ সময়ত সমগ্ৰ অঞ্চলটোৰ বৰ্ণহিন্দুসকলৰ মাজত এজনো মেট্ৰিকুলেট নাছিল। কটন কলেজলৈ পঢ়িবলৈ আহি তেওঁ নিজ চকুৰে দেখিলে জনজাতি ছাত্ৰসকল কিমান অস্পৃশ্য। সেই সময়ত কটন কলেজত জনজাতীয়সকলৰ বাবে আছুতীয়াকৈ দ্বিতীয় ছাত্ৰাবাসটো ৰখা হৈছিল। বাকী বৰ্ণহিন্দু ছাত্ৰৰ কাৰণে প্ৰথম ছাত্ৰবাসটো ৰখা হৈছিল। এনে বৈষম্যমূলক ব্যৱস্থাৰ বিৰুদ্ধে সকলো জনগোষ্ঠীৰে ছাত্ৰসকলে আন্দোলনত অৱতীৰ্ণ হ’ব লগা হ’ল। বিজয় চন্দ্ৰ ভাগৱতীৰ দৰে সেই সময়ৰ ছাত্ৰও এনে ব্যৱস্থাৰ বিৰুদ্ধে থিয় হৈছিল। ভীমবৰৰ কটন কলেজৰ সহপাঠী ৰবীন্দ্ৰ কছাৰীয়ে সেই কথা স্মৰণ কৰি লিখিছে– “উঠি অহা ডেকাসকলে ‘দ্বিতীয় মেছ’ মানে ২ নং মেছ’ নহয়, অৰ্থাৎ ‘প্ৰথম মেছত যাৰ স্থান নাই তেওঁ দ্বিতীয় মেছত থাকিব লাগে’ আন কথাত ‘অস্পৃশ্য মেছ’ বুলি ক’লেও বঢ়াই কোৱা নহ’ব। অৰ্থাৎ, কছাৰী, মিৰি, লালুং, দেউৰী, ৰাভা আদি কোনো ভৈয়ামৰ ট্ৰাইবেল ছাত্ৰৰ বাবে বৰ্ণহিন্দু বা ‘স্পৃশ্য’সকলৰ মেছত স্থান নাছিল।”
ভীমবৰে কটন কলেজত পঢ়া সময়তে (১৯২৫-১৯২৯) ১৯২৮ চনত অসমলৈ চাইমন কমিচন আহিছিল। চাইমন কমিচনৰ ওচৰত অসমৰ জনজাতি আৰু অনগ্ৰসৰ সম্প্ৰদায়ৰ তৰফৰ পৰা স্মাৰকপত্ৰ প্ৰদান কৰা হৈছিল। স্মাৰকপত্ৰত জনজাতিসকল শৈক্ষিক, আৰ্থিক আদি সকলো দিশতে কেনেকৈ অৱহেলিত আৰু বঞ্চিত হৈ আছে তাক তুলি ধৰা হৈছিল। এজন প্ৰখৰ বুদ্ধিসম্পন্ন জনজাতীয় ছাত্ৰ ভীমবৰ দেউৰীয়ে এই ঘটনা লক্ষ্য নকৰাকৈ নাথাকিল। তদুপৰি চাইমন কমিচনত সাক্ষ্য দিয়া মহীচন্দ্ৰ মিৰিয়ে এই সময়তে (সাক্ষ্য দিয়াৰ আগেয়ে) অম্বিকাগিৰীৰ চেতনাৰ পাতত এখন চিঠিত লিখিছিল যে অসমৰ দাঁতিকাষৰীয়া অঞ্চলত অনেক জাতি আছে। এই জাতিসমূহৰ বেলেগ বেলেগ ভাষাও আছে। ভাষাসমূহ এতিয়াও দোৱান হিচাপেই আছে। এই অঞ্চলৰ পৰা যিবোৰ ল’ৰা-ছোৱালী স্কুল-কলেজলৈ আহিছে, তেওঁলোকে নিজৰ দোৱান এৰি আনৰ লগত মিহলি হ’ব নোখোজে। এই সময়তে ১৯৩০ চনত আৱাহনৰ পাতত বিষ্ণু ৰাভাই লিখা ‘বৃহত্তৰ অসমৰ কল্পনা’ নামৰ এখন ৰচনাত এইবুলি সঁকিয়াই দিছিল যে অসমৰ অত্যাচাৰিত আৰু অৱনত জাতিসমূহক আন আন উন্নত জাতিৰ লগত একে আসনতে ঠাই দিবলৈ যদি অসমৰ ৰাজনীতিক আৰু সমাজনীতিকসকলে চেষ্টা নকৰে, তেন্তে অসমত ভৱিষ্যতে গৃহ কন্দলৰ সূচনা হ’ব।
(খ) কটন কলেজৰ পৰা সুখ্যাতিৰে স্নাতক ডিগ্ৰী লৈ ভীমবৰে কলিকতাৰ পৰা আইনৰ ডিগ্ৰী লয়। তাৰ পৰা উভতি আহি তেওঁ অসম অসামৰিক সেৱাৰ (Assam Civil Service) পৰীক্ষা দি কৃতকাৰ্যতা লাভ কৰে আৰু অতিৰিক্ত সহায়ক আয়ুক্ত (Extra Assistant Commissioner) পদত নিযুক্তিৰ বাবে নিৰ্বাচিত হয়। সেই সময়ত অসম চৰকাৰৰ চাকৰিসমূহ সম্প্ৰদায়সমূহৰ জনসংখ্যাৰ ভিত্তিতহে ভাগ কৰি নিযুক্তি দিয়া হৈছিল। কিন্তু দেউৰী জনগোষ্ঠী তেতিয়ালৈকে চৰকাৰী চাকৰিৰ যোগ্য সম্প্ৰদায় হিচাপে তালিকাভুক্ত হোৱা নাছিল। আনকি ১৯৩১ চনৰ আগৰ লোকপিয়লবোৰত দেউৰীসকলৰ পৃথককৈ পিয়ল হোৱা নাছিল। তদুপৰি চাইমন কমিছনতো দেউৰী জনগোষ্ঠীৰ হৈ কোনো স্মাৰকপত্ৰ প্ৰদান কৰা হোৱা নাছিল। সেয়েহে প্ৰতিযোগিতাত নিৰ্বাচিত হোৱা সত্ত্বেও ভীমবৰৰ দৰে তীক্ষ্ণ মেধাবী ছাত্ৰ, ই. এ. চি. পদত নিযুক্তিৰ পৰা বঞ্চিত হ’ব লগা হ’ল। এই ঘটনাৰ পৰিপ্ৰেক্ষিততে তেওঁ চাকৰি কৰাৰ সিদ্ধান্ত ত্যাগ কৰি স্বাধীনভাৱে ওকালতি কৰিবলৈ ল’লে।
এই দুয়োটা ঘটনাই ভীমবৰৰ পৰৱৰ্তী জীৱনকালত বিশেষভাৱে ক্ৰিয়া কৰিছিল বুলি আমাৰ ধাৰণা। তদুপৰি এই সময়ছোৱাত তেওঁ অসমীয়া মধ্যবিত্তৰ জনজাতিসকলৰ প্ৰতি থকা উদাসীন দৃষ্টিভংগীকো লক্ষ্য নকৰাকৈ থকা নাছিল। কাৰণ অসমীয়া মধ্যবিত্তশ্ৰেণীৰ ভালেমান খ্যাতিমান প্ৰতিনিধিয়েই এই সময়ছোৱাতে জনজাতিসকলক অসমীয়া ভাষা-সংস্কৃতিত লীন হ’বলৈও আহ্বান দিছিল। তেওঁলোকে এই ধাৰণা দিবলৈ প্ৰয়াস কৰিছিল যে জনজাতিসকলে সুকীয়া বৈশিষ্ট্য জীয়াই ৰখাটো অসমীয়া জাতিৰ পক্ষে মংগলজনক নহ’ব। দুটি উদাহৰণ আমি ইয়াতে উল্লেখ কৰিব বিচাৰিছোঁ— চাইমন কমিছন অহাৰ তিনিবছৰ আগেয়ে ১৯২৫ চনত কমলাকান্ত ভট্টাচাৰ্য আৰু মহাদেৱ শৰ্মাৰ সম্পাদনাত প্ৰকাশ পোৱা পষেকীয়া আলোচনী আসাম হিতৈষীৰ এটি সম্পাদকীয় মন্তব্য আছিল এনেকুৱা—
আসামৰ ফালৰ সৰহভাগ কছাৰীয়ে কেতিয়াবাই দোৱান পাহৰিলে, অসমীয়া ভাষাইহে তেখেতসকলৰ ভাষা। এনেস্থলত গোৱালপাৰাৰ বড়ো দোৱান, তেখেতসকলৰ মাতৃভাষা নহয় হেতুকে, জাতীয় ভাষা হ’ব নোৱাৰে। আগেয়ে বড়ো দোৱানক ভাষাৰ কৰাৰ কোনো কথাই নাছিল, সৰল চিত্তৰ কছাৰীসকলক খ্ৰীষ্টান কৰিবৰ অভিপ্ৰায়েৰে পাদুৰী চাহাবসকলে, গাৰো, খাচীয়া দোৱানক ৰোমান আখৰেৰে বেলেগ ভাষা কৰি পেলোৱাৰ দৰে কছাৰী, দোৱানকো ভাষা কৰাৰ দ্বাৰা অসমীয়া জাতিৰ জাতীয়তা বোধেৰে হোৱা সম্পৰ্কৰ কি যে অনিষ্ট সাধন কৰিছে ভাবিলেই দুখ লাগে। বৰ্তমান শিক্ষিত কছাৰী যুৱকসকলে যেন কথাটি ভাবি চায়।
আনটো দৃষ্টান্ত ল’ব বিচাৰিছোঁ – অসম সাহিত্য সভাৰ সভাপতিৰ অভিভাষণৰ পৰা। ১৯৩৪ চনত সাহিত্য সভাৰ সভাপতি আসনৰ পৰা আনন্দচন্দ্ৰ আগৰৱালাই কৈছিল:
এখন দেশৰ সকলো মানুহ এক ভাষা-ভাষী নহ’লে ‘জাতীয়তা’ গঠন কৰা টান। আমাৰ দেশৰ সমতলত থকা মিৰি, মিকিৰ আৰু নগাই অসমীয়া ভাষা লৈছে। গতিকে পৰ্বতীয়া জাতি আৰু চাহ বাগিচাৰ বনুৱা আৰু আন দেশৰ পৰা আহি ইয়াত নিগাজীকৈ থকা লোকসকলৰ মাজত অসমীয়া ভাষা আৰু সাহিত্যৰে ধৰ্ম আৰু জ্ঞান বিলাব লাগে।
(২)
এনে পটভূমিয়ে ভীমবৰ দেউৰীৰ চেতনাত জনজাতিসকলৰ স্বাধিকাৰ সংগ্ৰাম জাগ্ৰত কৰিছিল। তেওঁ অনুভৱ কৰিলে যে দেউৰীকে ধৰি সোণোৱাল কছাৰী, মটক, মিছিং, বড়ো, তিৱা, ৰাভা আদি অনগ্ৰসৰ জনগোষ্ঠীসমূহে ঐক্যবদ্ধ হৈহে নিজৰ উন্নতি আনিব পাৰিব। তেওঁৰ উদ্যোগতে ১৯৩৩ চনত নগাঁৱৰ ৰহাত অসমৰ জনগোষ্ঠীসমূহৰ প্ৰতিনিধিত্বমূলক অধিৱেশন অনুষ্ঠিত হয় আৰু অধিৱেশনস্থলীতে Assam Backward Plains Tribal League-ৰ জন্ম হয়। ইয়াৰ সভাপতিৰ পদত অধিষ্ঠিত হয় চাইমন কমিছনত কছাৰীসকলৰ হৈ সাক্ষ্য দিয়া প্ৰতিনিধি যাদৱ চন্দ্ৰ খাখলাৰি আৰু ভীমবৰ দেউৰী হয় সম্পাদক। ইতিহাসৰ পাতত লীগ গঠনৰ পটভূমিকা এনেদৰে বৰ্ণিত হৈছে (ৰমেশ কলিতাৰ ভাষাত)—
জনজাতীয় লোকৰ ওপৰত এফালে হিন্দু বৰ্ণবাদীসকলৰ আৰ্থ-সামাজিক শোষণ-নিপীড়ন আৰু আনফালে পূৰ্ববঙ্গীয় মুছলিম পমুৱাৰ অসম আগমন আৰু সেইসকল লোকক জনজাতি অধ্যুষিত এলেকাৰ সমীপৱৰ্তী অঞ্চলত পুনৰ্বাসনৰ ব্যৱস্থাই জনজাতীয় লোকসকলকো সাম্প্ৰদায়িক ৰাজনৈতিক সংগঠন গঢ়ি তুলিবলৈ পৰোক্ষভাৱে উৎসাহিত কৰিছিল।
লীগৰ দায়িত্ব বহন কৰি ভীমবৰে অসমৰ জনগোষ্ঠীসমূহৰ অনগ্ৰসৰ অৱস্থাৰ কথা চৰকাৰৰ ওচৰত উত্থাপন কৰিবলৈ ধৰিলে আৰু নানা ঠাইত সংগঠনৰ কামতো উঠি-পৰি লাগিল। লীগৰ দাবীৰ প্ৰতি সঁহাৰি দি চৰকাৰে ১৯৩৫ চনত অসমৰ বিধানসভাৰ মুঠ ১০৮ খন আসনৰ ভিতৰত এখন জনজাতিৰ কাৰণে সংৰক্ষণৰ ব্যৱস্থা কৰে। লীগৰ প্ৰচেষ্টাতে দেউৰীৰ দৰে জনগোষ্ঠীও অনগ্ৰসৰ ভৈয়ামৰ জনজাতি তালিকাত অন্তৰ্ভুক্ত কৰা হয়। ১৯৩৭ চনত সাধাৰণ নিৰ্বাচনত প্ৰথমবাৰৰ বাবে সংৰক্ষিত আসনৰ জৰিয়তে ‘ট্ৰাইবেল লীগ’ৰ ৰূপনাথ ব্ৰহ্ম, ৰবিচন্দ্ৰ কছাৰী, কাৰ্কচন্দ্ৰ দলে আৰু ধীৰসিং দেউৰী জয়ী হৈ বিধানসভাৰ সদস্য হ’বলৈ সক্ষম হ’ল। ১৯৩৯ চনত ‘ট্ৰাইবেল লীগ’ৰ বিধানসভাৰ সদস্য কেইগৰাকীৰ অনুৰোধ আৰু প্ৰাদেশিক কংগ্ৰেছ দলৰ সন্মতিত অসমৰ ৰাজ্যপালে ভীমবৰ দেউৰীক উচ্চ পৰিষদ অৰ্থাৎ অসম বিধান পৰিষদৰ সদস্য হিচাপে মনোনীত কৰে। উচ্চ পৰিষদৰ সদস্যৰূপে ভীমবৰে দক্ষতাৰে বিধানসভাৰ মজিয়াত জনজাতিসকলৰ অনগ্ৰসৰতাৰ কথা তুলি ধৰাৰ উপৰি সামগ্ৰিকভাৱে অসমৰ সমস্যাৰাজিও তুলি ধৰিছিল। ইয়াৰ ভিতৰতে তেওঁৰ এটি উল্লেখযোগ্য ভাষণ আছিল– প্ৰব্ৰজন সম্পৰ্কে। তেওঁ দেখিছিল চুবুৰীয়া পূৰ্ববঙ্গৰ পৰা যিদৰে অবাধ গতিত অসমলৈ প্ৰব্ৰজন হ’বলৈ ধৰিছে সিয়ে ভৱিষ্যতে অসমলৈ সংকট কঢ়িয়াই আনিব। তেওঁ এনে প্ৰব্ৰজনৰ বাবে ছাদুল্লা মন্ত্ৰীসভাই উৎসাহিত কৰা বুলি অভিযোগ তুলি ১৯৪০ চনৰ বাজেটৰ বিতৰ্কত এনেদৰে কৈছিল–
He (ছাদুল্লা) wants to satisfy indigenous people requiring protection and at the same time provide room for settling landless immigrant population. The difficulty is that there is no end to the number of landless immigrant population. Such landless immigrants are being given lands in the vast areas of different districts of Assam valley. Their number, instead of dwindling, has been gradually increasing. There could have been such provision of land, and the difficulty would have been already settled had the Government taken steps to restrict or rather stop immigration from other provinces. I do not see how the Hon'ble Finance Minister can satisfy immigrants of such an increasing flow. I also ask how the Government of Assam is bound to provide land to the landless people of other provinces? Assam is not a charitable institution where all poor landless people of other provinces should be treated and given land. Any Government in Assam first to see to the welfare of the people inhabiting it and should not invite people from other provinces giving them advantages which are really harmful to the peoples inhabiting it.
জনজাতিসকলক কৰা বঞ্চনা, অৱহেলা আদি নানা দিশ ভীমবৰে যুক্তিনিষ্ঠতাৰে উচ্চ সদনৰ মজিয়াত উত্থাপন কৰিছিল। শিক্ষা, অৰ্থনৈতিক অৱস্থাৰ পৰা আৰম্ভ কৰি জনজাতীয় ছাত্ৰক কলেজৰ সাধাৰণ ছাত্ৰাবাসত থকা-খোৱাত বাধা-নিষেধলৈকে নানা প্ৰসঙ্গৰে সদনত চৰকাৰক তেওঁ ব্যস্ত কৰি তুলিছিল। ১৯৩৫ চনৰ এক্ট অনুসাৰে জনজাতীয়সকলে বিধানসভাত প্ৰতিনিধিত্বৰ সুযোগ পোৱা বাবে তেওঁ সন্তোষ ব্যক্ত কৰি ১৯৪০ চনৰ বাজেট বিতৰ্কত মন্তব্য কৰিছিল—
It has given us great advantages and inspired our populace with hope and created an unmistakable feeling that they can also march along in cooperation with other advanced communities.
কিন্তু জনসংখ্যা অনুপাতে অসম বিধানসভা আৰু উচ্চ পৰিষদত জনজাতিসকলৰ সঠিক প্ৰতিনিধিত্ব যে হোৱা নাই সেই কথা সঁকিয়াই দি তেওঁ কৈছিল—
The tribal peoples are the oldest inhabitants of the province. They have their own heritage. They are the people who can really claim Assam to be their own. Most unfortunately to us and eternal shame to the section of the people in whose hand, directly or indirectly, the Government of Assam had fallen for the last hundred years, the case of the tribal peoples, particularly of the plain, had been utterly neglected. They have now become the poorest and the most backward people of the province.
We now eagerly look forward that justice will be done to us and tribal people's case will be fairly and justly treated in the next revision of the Government of India Act, including the federal part of it.
উচ্চ পৰিষদৰ সদস্যৰূপে ভীমবৰ দেউৰীয়ে জনজাতীয়সকলক বহিৰাগতৰ হেঁচাৰ পৰা ৰক্ষা কৰিবলৈ প্ৰৱৰ্তন কৰা ব্যৱস্থা লাইন প্ৰথা সমগ্ৰ অসমতে কাৰ্যকৰী কৰাবলৈ সচেষ্ট হৈছিল। উল্লেখযোগ্য যে মৌলানা হামিদ খান ভাসানীয়ে পমুৱা মুছলিম জনসাধাৰণৰ মাজত নিজৰ জাতীয়তাবাদী মুছলিম ভাবমূৰ্তি গঢ়ি তোলাৰ উদ্দেশ্যে লাইন প্ৰথা ৰদ কৰাৰ কাৰণে এই সময়তে ব্যাপক গণভিত্তি প্ৰস্তুত কৰিছিল। ১৯৪১ চনৰ বাজেট বিতৰ্কত অংশগ্ৰহণ কৰি এই সম্পৰ্কে ভীমবৰে কৈছিল যে লাইন প্ৰথাৰ ওপৰতেই অসমীয়া জাতি আৰু ট্ৰাইবেল ৰাইজৰ ভৱিষ্যৎ নিৰ্ভৰ কৰিছে। কিন্তু ভীমবৰৰ ধাৰণা ধূলিসাৎ হ’বলৈ বেছি দিন নালাগিল। লাইন প্ৰথাই ট্ৰাইবেলসকলক পমুৱাসকলৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে। ১৯৪১ চনত Government Land Development Scheme অনুসৰি পতিত মাটি মাটিহীন ট্ৰাইবেল আৰু অসমীয়াসকলক দিবলৈ যি পৰিকল্পনা কৰা হৈছিল তাৰো বিপৰীত ফলহে দেখা গ’ল। কাৰণ, জনজাতিসকলে চৰকাৰক বিঘাই প্ৰতি টকা (প্ৰিমিয়াম) দি মাটি ল’বলৈ সক্ষম নহ’ল। লাইন প্ৰথা উঠি যোৱাৰ লগে লগে জনজাতীয় প্ৰজাসকলৰ দুখ-দুৰ্গতিৰ সীমা নাইকিয়া হ’ল। ইয়াৰ পিছত জনজাতীয় ৰাইজক ৰক্ষণাবেক্ষণ দিবলৈ ভীমবৰে দূৰদৰ্শিতাৰে উদ্ভাৱন কৰিলে ট্ৰাইবেল বেল্ট আৰু ব্লকৰ আঁচনি। ভীমবৰে ৩৩টা বেল্ট আৰু ব্লকৰ আঁচনি সদনত তুলি ধৰে। বিষ্ণুৰাম মেধিৰ দৰে প্ৰভাৱশালী নেতাৰ প্ৰতিবাদ সত্ত্বেও, ঘাইকৈ গোপীনাথ বৰদলৈৰ সমৰ্থনত এই বিল সদনত গৃহীত হৈছিল। ভীমবৰে বিশ্বাস কৰিছিল কেৱল এই বেল্ট আৰু ব্লকহে অসমৰ পিছপৰা জাতিসমূহৰ ৰক্ষাকবচ হ’ব। জনজাতি আৰু পিছপৰা সম্প্ৰদায়ৰ সম অধিকাৰ সাব্যস্ত কৰিবলৈ গৈ এই সম্প্ৰদায় সম্পৰ্কে ভুল ব্যাখ্যা বিশ্লেষণ কৰিবলৈ যোৱা লোকসকলক তেওঁ মুকলিকৈ সমালোচনা কৰিবলৈ দ্বিধা কৰা নাছিল। মটকসকলৰ এখন সভাত তেওঁ এই বিষয়ে উল্লেখ কৰি কৈছিল–
অসম ট্ৰাইবেল লীগৰ নেতাসকলৰ ট্ৰাইবেল জাতিবিলাকৰ লোকসকলক ট্ৰাইবেল জাতীয় লোক বুলি পৰিচয় দিবলৈ দিয়া নিৰ্দেশৰ বিৰুদ্ধে ট্ৰাইবেল জাতীয় লোকসকলৰ মাজত তেওঁলোকক জাতিত হিন্দু আৰু ধৰ্মত হিন্দু বুলি লিখিবলৈ কোৱা প্ৰচাৰ কাৰ্যৰ পৰা এইটো বঢ়িয়াকৈ বুজা যায় যে বৰ্ণহিন্দুৰ সৰহভাগ লোকেই পিছপৰি থকা জাতিবিলাকক ৰজাঘৰত সুকীয়া সুবিধা দিয়াৰ বিৰুদ্ধবাদী। ট্ৰাইবেল জাতীয় লোকসকলৰ সংখ্যা বৃদ্ধি হোৱাকে লৈ বাতৰিকাকতবিলাকত যিবোৰ অযুক্তিকৰ আলোচনা চলিছে তাৰ পৰাও এই সত্যৰেই প্ৰতিপন্ন হয়। বৰ্ণহিন্দুৰ নেতাসকলে ধৰ্মত হিন্দু বুলি লিখা আৰু তপছিলভুক্ত হিন্দুৰ ভিতৰত নপৰা সকলো হিন্দুকেই বৰ্ণহিন্দুৰ ভিতৰত পেলাই সুকীয়া সুবিধা নোপোৱা কৰিবলৈ চেষ্টা কৰিব বুলি তেওঁলোকৰ বৰ্তমান প্ৰচাৰ-কাৰ্যবিলাকৰ পৰা বুজিব পাৰি। … ধৰ্মৰ নামত শিক্ষা আৰু আৰ্থিক ব্যৱস্থাত পিছপৰা জাতিবিলাকৰ লোকসকলক তেওঁলোকৰ আৱশ্যকীয় ৰাজনৈতিক স্বত্ব আৰু আন আন ৰজাঘৰীয়া সুবিধাবিলাকৰ পৰা বঞ্চিত কৰিবৰ চেষ্টা কৰিব পাৰে।
Community বা সম্প্ৰদায়ৰ ভুল ব্যাখ্যা কৰা বাবে ভীমবৰে কংগ্ৰেছী লোককো সমালোচনা কৰিছিল। কাৰণ ট্ৰাইবেল বুলি এটা সম্প্ৰদায় নাই বুলি তেওঁলোকে ‘তৰ্কৰ মহাজাল’ ৰচনা কৰিছিল। আকৌ হিন্দু মহাসভাৰ ‘জাতিত হিন্দু আৰু ধৰ্মত হিন্দু’ লিখিবলৈ কৰা প্ৰচাৰৰ উদ্দেশ্যে যে জনজাতিসকলক সুকীয়া সুবিধাৰ পৰা বঞ্চিত কৰা সেই কথাও তেওঁ উল্লেখ কৰিছিল। হিন্দু মহাসভাই জাকে জাকে হিন্দু শৰণাৰ্থীক আনি অসম ভৰাই দিয়াৰ যি প্ৰস্তাৱ লৈছিল, তাকো প্ৰতিক্ৰিয়াশীল বুলি তেওঁ মন্তব্য কৰিছিল। অৰ্থাৎ প্ৰব্ৰজনৰ ক্ষেত্ৰত তেওঁৰ দৃষ্টিভংগী সাম্প্ৰদায়িক নাছিল। আনহাতে উচ্চ সম্প্ৰদায়ৰ পক্ষপাতিত্বমূলক ভূমিকাকো যুক্তিনিষ্ঠতাৰে জুকিয়াই চাইছিল। কাৰণ, জনজাতিসকলক নিয়োগৰ ক্ষেত্ৰত তেওঁলোকে অৰ্হতাৰ ভিত্তিতহে নিয়োগ হ’ব লাগে বুলি কৈছিল। ভীমবৰে এনে দৃষ্টিভংগীক সমালোচনা কৰি কৈছিল যে এইসকল বৰ্ণহিন্দুয়ে পিছে নিজৰ বেলিকা অৰ্হতাৰ ঠাইত বিচাৰিছিল সংৰক্ষণৰ ব্যৱস্থা। সুৰমা উপত্যকাৰ তুলনামূলকভাৱে অধিক উন্নত বৰ্ণহিন্দুসকলৰ লগত প্ৰতিযোগিতা কৰিব নোৱাৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ বৰ্ণহিন্দুৰ কাৰণে নিয়োগৰ ক্ষেত্ৰত সংৰক্ষণ বিচাৰিছিল আৰু পাইছিলো। ভীমবৰৰ ভাষাত–
There is tendency among the advanced communities also for certain percentage of their people. The Assam valley Hindus want that a certain percentage of services should be reserved for them; they do not like to compete with the Surma Valley Hindus.
এনে দৃষ্টিভংগীৰ বাবে বৰ্ণহিন্দুৰ মাজত ‘Communal tendency’ আছে বুলি তেওঁলোকৰ অৰ্হতাৰ প্ৰশ্ন তুলিছিল আৰু সেইসকলৰ প্ৰতি যুক্তিৰ বন্দুক টোঁৱাই তেওঁ কৈছিল– পিছপৰা সম্প্ৰদায়, জনজাতিসকলক প্ৰশিক্ষণৰ দ্বাৰা অৰ্হতাসম্পন্ন কৰা যুগুত। ছাদুল্লাৰ আমোলত মুছলমানসকলে শিক্ষাৰ ক্ষেত্ৰত কিছু অগ্ৰাধিকাৰ পোৱাৰ কথা সদনত উল্লেখ কৰি ভীমবৰে তেনেদৰে জনজাতিসকলকো সুযোগ দিবলৈ ছাদুল্লা চাহাবক আহ্বান জনাইছিল। আকৌ বৰ্ণহিন্দুসকলে এশটা বছৰে এনে সুযোগ পাই আহিছে বুলি তেওঁ উল্লেখ কৰি কৈছিল–
The advanced communities during the last one hundred years have enjoyed in this particular field all privileges far in excess of what they are entitled to. They should now make certain sacrifices for our good and advancement.
বৰ্ণহিন্দুৰ নেতিবাচক ভূমিকা সম্পৰ্কে ভীমবৰৰ মনত যি সন্দেহে দেখা দিছিল সি যে অমূলক নাছিল তাক ইতিহাসে প্ৰমাণ কৰিছে।
৩
অসমৰ জনজাতিসকলৰ অনগ্ৰসৰতাৰ কথা ভীমবৰে কেৱল এক ৰাজনৈতিক দৃষ্টিকোণেৰে চোৱা নাছিল অথবা ই তেওঁৰ ৰাজনৈতিক জীৱনৰ উত্থানৰ আহিলাস্বৰূপ আছিল বুলি ক’লে তেওঁৰ প্ৰতি ভীষণ অন্যায় কৰা হ’ব৷ জনজাতিসকলৰ আৰ্থসামাজিক তথা মনস্তাত্ত্বিক আদি বিভিন্ন দিশেই তেওঁ আন্তৰিকতাৰে তুলি ধৰিবলৈ যত্ন কৰিছিল৷ তেওঁৰ চিন্তা-চেতনাত এক সমাজ-সংস্কাৰকৰ ভূমিকাও আমি দেখিবলৈ পাওঁ৷ ভীমবৰে নিজেও বড়ো সম্প্ৰদায়ৰ ছোৱালী বিবাহ কৰিছিল (ৰূপনাথ ব্ৰহ্মৰ কন্যা কমলা দেৱীক)৷ সেই সময়ত বিভিন্ন ট্ৰাইবেল জাতিৰ মাজত আন্তঃবিবাহ হোৱা নাছিল৷ সকলো ট্ৰাইবেলৰ মাজত ঐক্য আৰু নিবিড় সম্বন্ধ গঢ়াৰ এয়া যেন আছিল এক বাস্তৱিক পদক্ষেপ৷
জনজাতিসকলৰ অনগ্ৰসৰতাৰ মূলতেই তেওঁ চিনাক্ত কৰিছিল অশিক্ষা৷ তেওঁ উপলব্ধি কৰিছিল যে জনজাতিসকলৰ মাজত শিক্ষাৰ বহল প্ৰচাৰ অবিহনে তেওঁলোকৰ দুৰৱস্থাৰ অৱসান ঘটাব পৰা নাযাব৷ এই ক্ষেত্ৰত তেওঁ প্ৰাথমিক শিক্ষাক সকলোৰে বাবে বাধ্যতামূলক কৰিবলৈ আহবান জনাইছিল৷ কামৰূপ জিলাৰ ট্ৰাইবেল সন্মিলনৰ প্ৰথম অধিৱেশনৰ (১৯৩৮) সভাপতিৰ আসনৰ পৰা এই বিষয়ে বিশদ আলোচনা কৰি তেওঁ কৈছিল–
প্ৰাইমেৰী শিক্ষা বাধ্যতামূলক কৰিব পাৰিলে দেশৰ আৰু বিশেষকৈ আমাৰ পিছপৰা সম্প্ৰদায়বিলাকৰ কল্যাণ হ’ব৷ আমি ট্ৰাইবেল, অনুন্নত হিন্দু, বনুৱা সম্প্ৰদায় আদি শিক্ষাত পিছপৰি থকা লোকসকলে আমাৰ মাজত বহল শিক্ষা প্ৰচাৰৰ কাৰণে একযোগে দাবী কৰিলে আৰু আন্দোলন কৰি থাকিলে যিকোনো গৱৰ্ণমেণ্টেই নহওক প্ৰাইমেৰী শিক্ষা বাধ্যতামূলক কৰিবলৈ বাধ্য হ’ব৷
শিক্ষাৰ সম্প্ৰসাৰণৰ অৰ্থে প্ৰয়োজন হ’লে দুপইচাকৈ খাজনাও ধাৰ্য কৰিব লাগে বুলি ট্ৰাইবেল লীগৰ কোকৰাঝাৰ অধিৱেশনত সিদ্ধান্ত লৈছিল৷ এই কথা সদৰি কৰি তেওঁ সমজুৱাক কৈছিল যে চেকেণ্ডাৰী আৰু উচ্চ শিক্ষা, মেডিকেল, এগ্ৰিকালচাৰ, ইঞ্জিনিয়াৰিং আদি বৃত্তিমূলক শিক্ষাতো পিছপৰা জনগোষ্ঠীসমূহৰ বাবে সুকীয়া ব্যৱস্থা কৰিব লাগে৷ তেওঁ সেই কথাও সঁকীয়াই দি কৈছিল যে কেৱল লোকসংখ্যা অনুপাতে এইবিলাকত বৃত্তি আদি দিলেই নহ’ব৷ সকলো দিশতে যাতে পিছপৰা অৱস্থাটো আঁতৰাই উন্নত জাতিসমূহৰ শাৰী পূৰাব পাৰে তাৰো দিহা কৰিব লাগিব৷ সদনৰ মজিয়াতো তেওঁ কৈছিল, জনজাতিসকলৰ শিক্ষাৰ শিতানত ধন বিনিয়োগৰ ক্ষেত্ৰত জনসংখ্যাৰ শতাংশই মাপকাঠি হ’ব নালাগে৷ প্ৰয়োজনহে হ’ব লাগে, তাৰ ভিত্তি– ‘sufficiently large sum should every year be earmarked for our education. In calculating this sum, not percentage of population, necessity should be the basis.’
জনজাতিসকলৰ আৰ্থিক দুৰৱস্থাৰ বিষয়ে ব্যাখ্যা কৰি তেওঁ কৈছিল, পিছপৰা সম্প্ৰদায়ৰ লোকসকলৰ জীৱিকা নিৰ্বাহৰ প্ৰধান অৱলম্বন হৈছে কৃষি৷ কিন্তু ইয়াৰ উন্নতিৰ কাৰণে চৰকাৰ আৰু শিক্ষিত সম্প্ৰদায়ৰ পক্ষৰ পৰা একোৱেই কৰা হোৱা নাই৷ খেতিৰ উৎপন্ন বস্তু বজাৰত বিক্ৰীৰ উপযোগী কৰা শিল্প আৰু বজাৰত বিক্ৰীৰ যি ব্যৱসায় সি আছে আনৰ হাতত৷ ভীমবৰে কৈছিল, এনে হ’বলৈ পাইছে এহাতে খেতিয়কসকলৰ সংঘবদ্ধতা নথকাৰ কাৰণে, আনহাতে চৰকাৰেও কৃষকসকলৰ ব্যৱসায়ৰ প্ৰতি দৃষ্টি নিদিয়াৰ কাৰণে৷ ইয়াৰ কাৰণেই কৃষকৰ পৰিশ্ৰমৰ ফল ভোগ কৰিব পাৰিছে বিদেশী কলৰ গৰাকীসকলে আৰু ব্যৱসায়ীসকলে৷ এইবাবে তেওঁ জনজাতি সম্প্ৰদায়ৰ লোকসকলক চাকৰি-বাকৰি আৰু ব্যৱসায়ত মনোযোগ দিবলৈও আহবান জনাইছিল৷
যেতিয়া তেওঁ কংগ্ৰেছত যোগ দি গোপীনাথ বৰদলৈৰ মন্ত্ৰীসভাত যোগ দিছিল, তেতিয়াও তেওঁ মন্ত্ৰিত্বৰ আসনৰ পৰা একে কথাকে কৈছিল– তথাকথিত শিক্ষিত সমাজৰ পাহৰণিত পৰি থকা দেশৰ আৰু সমাজৰ প্ৰকৃত শক্তি খেতিয়ক আৰু বনুৱা ৰাইজৰ সৰ্বাংগীন উন্নতি আৰু জাগৰণৰ আচল ভেটি বান্ধিবৰ দিন আহি হাতত পৰিছেহি৷ আমি যদি কৰ্তব্য জানো আৰু পালন কৰোঁ, আমি এই ভেটি বান্ধিবই লাগিব৷
জনজাতিসকলৰ অনগ্ৰসৰতাৰ আন এক কাৰণ উদ্ঘাটন কৰি ভীমবৰ দেউৰীয়ে আমি ইতিপূৰ্বে উল্লেখ কৰা অভিভাষণত কৈছিল যে অবাধিত বা ধাৰ নিছিগাকৈ মদ বা লাওপানী খোৱাৰ প্ৰথা জনজাতিসকলৰ পিছপৰা অৱস্থাৰ এটা প্ৰধান কাৰণ৷ তেওঁ যুক্তি দিছিল– ‘‘মদে মানসিক অৱসতা বা জড়তা বঢ়ায়৷ ই মানুহৰ চিন্তা শক্তি শিথিল কৰি শেষত নষ্ট কৰি পেলায়৷ আমি দুৰ্ঘোৰ শাৰীৰিক পৰিশ্ৰম কৰিব পাৰোঁ, ৰ’দ-বৰষুণ সহিব পাৰোঁ, কিন্তু মগজ খটোৱা কাম কৰিবলৈ বৰ টান পাওঁ আৰু এলাহ লাগে৷ জীৱনৰ সৰহভাগ সময় মদৰ জালত পৰি থাকি আমি আমাক ভগৱানে দিয়া মনোবৃত্তি আৰু মানসিক শক্তি হীন-বল আৰু ধবংস হ’বলৈ দিছোঁ৷ এই পাপৰ প্ৰতিফলস্বৰূপে আজি আমি বিংশ শতিকাৰ সভ্যতাৰ দিনতো পিছপৰা, নিৰক্ষৰ আৰু হীনবল৷’’
ত্ৰিছৰ দশকত জনজাতিসকলৰে এখন সভাত মদৰ ক্ষতিকাৰক দিশবোৰৰ বিষয়ে ক’ব পৰাটো কম কথা নাছিল৷ এনে দৃষ্টিভঙ্গীৰে ১৯৪১ চনত আমি পূৰ্বে উল্লেখ কৰা মটক জাতিৰ সভাখনতো ভীমবৰে কৈছিল যে অনগ্ৰসৰ জনজাতিৰ লোকসকলেও চাফ-চিকুণকৈ থাকিবলৈ শিকিব লাগিব৷ গাঁৱত আলি-পদূলি আদি উন্নত আৰু ভাল পানী খোৱাৰ বন্দৱস্ত কৰিব লাগিব৷ গাঁৱৰ মানুহবিলাকে মিছা কুসংস্কাৰ আঁতৰাব লাগিব৷ কানি নিৰ্মূলকৰণৰ অৰ্থে আন্দোলনত অৱতীৰ্ণ হ’ব লাগিব৷ তেওঁৰ দৃঢ় ধাৰণা আছিল এয়ে– মদ, লাওপানী, কানিৰ দৰে বৰবিহ সমাজৰ পৰা নোহোৱা নহ’লে অনগ্ৰসৰতাৰ কেতিয়াও অন্ত নপৰিব৷
৪
অনগ্ৰসৰ জনজাতিসকলৰ কল্যাণেই আছিল ভীমবৰ দেউৰীৰ জীৱনৰ ব্ৰত ৷ কিন্তু তাৰ অৰ্থ এয়া নাছিল যে বৃহৎ অসমীয়া জাতিৰ তেওঁ পৃষ্ঠপোষক নাছিল ৷ অসম আৰু অসমীয়া জাতিৰ সামূহিক স্বাৰ্থ তেওঁৰ চেতনাত সদায় প্ৰবহমান হৈ আছিল ৷ সেইবাবে তেওঁ সামূহিক স্বাৰ্থৰ সপক্ষে থিয় দি ‘ট্ৰাইবেল লীগ’ৰ দাবীও সময়ত এৰি দিবলৈ কুণ্ঠাবোধ কৰা নাছিল ৷ সদায়েই তেওঁ তাক খামুচি ধৰি ৰখাৰ পক্ষপাতিও নাছিল ৷ অনগ্ৰসৰ জনগোষ্ঠীসমূহৰ চেতনাক উদ্বেলিত কৰিবলৈ তেওঁ যি প্ৰচাৰ চলাইছিল, সেইবোৰ সভা-সমিতিত তেওঁ এনে কথা কেতিয়াও কোৱা নাছিল যে অসমীয়া জাতিৰ আন অংশবোৰতকৈ তেওঁলোক পৃথক ৷ কামৰূপ জিলাৰ ট্ৰাইবেল সন্মিলনৰ অধিৱেশনত তেওঁ এই কথা স্পষ্টকৈ কৈছিল– আমি আমাৰ দুখ-দুৰৱস্থাৰ কথা কওঁতে আৰু আমাৰ দাবীবিলাক দাঙি ধৰোঁতে আমি এইটো পাহৰিব নালাগে যে আমি অসমীয়া জাতিৰ এটা অংগ ৷ অসমীয়া জাতিৰ উন্নতি আৰু অৱস্থা ভাল হ’লে আমাৰ অৱস্থাও লগে লগে ভাল হ’বলৈ বাধ্য৷ আমাৰ উদ্দেশ্য হ’ব লাগিব আমাৰ অসমীয়া জাতীয়তাক বলীয়ান কৰি তোলা ৷
অধিৱেশনখনত তেওঁ অসমীয়া জাতিৰ শত্ৰু কোন আঙুলিয়াই দি কৈছিল যে অসমৰ প্ৰধান শিল্প চাহ বেপাৰো ভাৰতৰ অন্য প্ৰদেশৰ পৰা অহাসকলৰ হাতত ৷ এইসকলৰ জৰিয়তে অসমৰ ধন ভাৰতৰ আন আন প্ৰদেশলৈ গৈছে আৰু ইউৰোপলৈও প্ৰতি মিনিটতে যাব লাগিছে ৷ তেওঁ ক্ষোভেৰে কৈছিল– ‘‘প্ৰকৃতিৰ ৰম্যভূমি আৰু সোণ-ৰূপৰ আকৰেৰে ভৰা এই নিৰুপমা অসম মাতৃৰ বুকুত থাকিও আমি অসমীয়া দুখীয়া, জুৰুলা আৰু আনৰ মুখলৈ চোৱা ৷’’ তেওঁ কৈছিল, অসমীয়াৰ অৰ্থ উপাৰ্জনৰ পথবিলাক নিজৰ হাতত নাই ৷ গতিকে তাক অসমীয়াই নিজৰ হাতলৈ আনিব লাগিব ৷ কিন্তু তাকে কৰিবলৈ যাওঁতে এক অসাম্প্ৰদায়িক দৃষ্টিভংগীৰে আগবাঢ়িবলৈ তেওঁ আহবান জনাইছিল ৷ কৈছিল– হিন্দু-মুছলমান-খ্ৰীষ্টিয়ান আদি ভেদভাব থাকিব নালাগিব ৷ তেওঁ এই সন্দেহো কৰিছিল যে আন প্ৰাদেশীয় আৰু অভাৰতীয় বাণিজ্য গোষ্ঠীয়ে অসমৰ বাণিজ্য হস্তগত কৰি ৰাখিবলৈ হিন্দু-মুছলমান আদি ভেদভাবৰ সৃষ্টি কৰিব পাৰে ৷ মন্ত্ৰীত্ব বহন কৰাৰ পিছত ভীমবৰে এজন বন্ধুলৈ লিখিছিল, তেওঁৰ জীৱনৰ উদ্দেশ্য ইংৰাজী পঢ়ি চাকৰি কৰাই নাছিল ৷ নিজৰ জাতিৰ, ওপজা ঠাইৰ গাঁৱলীয়া খেতিয়ক সম্প্ৰদায় আৰু জননী অসমৰ উন্নতি সাধন কৰাহে তেওঁৰ লক্ষ্য ৷
অসম সাহিত্য সভাৰ দৰে অনুষ্ঠানৰ আগভাগতে (১৯৪৪ চনৰ পূৰ্বৱৰ্তী কালত) ভীমবৰো আজীৱন সভ্য হৈছিল ৷ উচ্চ শিক্ষাৰ পৰা বঞ্চিত অসমত এখন বিশ্ববিদ্যালয় স্থাপনৰ প্ৰয়োজনৰ কথাই ভীমবৰৰ হিয়াকো খুন্দিয়াইছিল৷ উচ্চ সদনৰ ভাষণত তেওঁ এই বিষয়েও গুৰুত্ব সহকাৰে উল্লেখ কৰিছিল ৷ ১৯৩৯ চনত দিয়া বাজেট বিতৰ্কৰ ভাষণত তেওঁ অসমত বিশ্ববিদ্যালয়ৰ স্থাপনৰ বাবে পুঁজিৰ ব্যৱস্থা কৰিবলৈ পৰামৰ্শও দিছিল ৷ গতিকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ জন্ম প্ৰক্ৰিয়াত তেৱোঁ আমাৰ সকলোৰে এজন স্মৰণীয় সৈনিক ৷
অসমক পূৰ্ববংগৰ লগত সাঙুৰিবলৈ চৰকাৰে যি পৰিকল্পনা কৰিছিল, সেই ক্ষেত্ৰতো ভীমবৰ দেউৰীৰ তেজস্বী ভূমিকা আছিল সাহসী আৰু স্পষ্টবাদী ৷ সাধাৰণতে ভীমবৰৰ সেই ভূমিকা উচ্চাৰিত হোৱা শুনা নাযায় ৷ ১৯৪৬ চনৰ ১১ ফেব্ৰুৱাৰীতে গোপীনাথ বৰদলৈ মন্ত্ৰীসভা গঠিত হয় ৷ এই সময়তে কেবিনেট মিছন ভাৰতলৈ আহে আৰু ভাৰতক ক, খ আৰু গ (A, B, C, Group) তিনিটা গ্ৰুপত বিভক্ত কৰাৰ প্ৰস্তাৱ কৰি অসমক পূৰ্ববংগৰ মুছলমান অধ্যুষিত অঞ্চলৰ স’তে সাঙুৰি ‘গ’ সমষ্টিৰ অন্তভুৰ্ক্ত কৰিবলৈ বিচাৰে ৷ এনে ব্যৱস্থাৰ প্ৰস্তাৱত অসমৰ লোকসকল জাঙুৰ খাই উঠে ৷ মুছলিম লীগ আছিল এনে গ্ৰুপিং প্ৰস্তাৱৰ সমৰ্থক ৷ ভীমবৰ দেউৰী আৰু ট্ৰাইবেল লীগৰ নেতাসকল এই ব্যৱস্থাৰ যোগেদি অসমক পাকিস্তানৰ অন্তভুৰ্ক্ত কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে ভীমবৰ দেউৰী আৰু ট্ৰাইবেল লীগৰ নেতাসকল থিয় হ’ল ৷ ভীমবৰে এনে সংকটময় অৱস্থাত সমগ্ৰ অসমৰ স্বাধীনতা, অখণ্ডতা, তথা অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত অনগ্ৰসৰ জাতিসমূহৰ দাবীকো পৰিহাৰ কৰাৰ বাবে প্ৰস্তুত বুলি বিবৃতি দিয়ে ৷ ইতিমধ্যে ৰাইজৰ বল পাই অসম প্ৰাদেশিক কংগ্ৰেছেও গ্ৰুপিঙৰ বিৰুদ্ধে থিয় হয় ৷ ভীমবৰে গোপীনাথ বৰদলৈৰ নেতৃত্বত অসমৰ স্বাৰ্থ ৰক্ষা পৰিব বুলি আস্থা প্ৰকাশ কৰে আৰু ট্ৰাইবেল লীগৰ দাবী পালনৰ ক্ষেত্ৰতো তেওঁৰ পৰা কিছু নিশ্চিতি লাভ কৰে ৷ ট্ৰাইবেল লীগৰ এটা মূল দাবী আছিল ‘সুকীয়া নিৰ্বাচন’৷ কিন্তু ভীমবৰে দেখিলে সুকীয়া নিৰ্বাচনৰ দাবীত লাগি থাকিলে গ্ৰুপিংবিৰোধী আন্দোলন দুৰ্বল হ’ব, সেয়ে তেওঁ কংগ্ৰেছে দিয়া বিকল্প ‘যুটীয়া নিৰ্বাচন’ৰ ব্যৱস্থা– য’ত সংৰক্ষণৰ ব্যৱস্থা থাকিব, মানি ল’বলৈ তেওঁ ‘লীগ’ৰ সদস্যসকলক বুজাব ধৰিলে ৷ ‘লীগ’ৰ সদস্যসকলৰ বিৰোধিতা গুচাবলৈ শেষত ভীমবৰ সফল হৈছিল ৷ সেই ‘যুটীয়া নিৰ্বাচন’ৰ পদ্ধতি আজিকোপতি চলি আছে ৷ পিছে ভীমবৰে এইটো বিচৰা নাছিল যে এই বিশেষ ব্যৱস্থা স্থায়ী হ’ব লাগিব ৷ মাথোঁ কেইবছৰমানৰ বাবেহে সেয়া প্ৰয়োজন বুলি তেওঁ ভাবিছিল ৷
স্মৰণীয় যে এই সময়ত ভীমবৰে অসমীয়া কাকতত সুকীয়া নিৰ্বাচনৰ দাবী পৰিহাৰ কৰি গ্ৰুপিং ব্যৱস্থাৰ বিৰুদ্ধে থিয় হ’বলৈ জনজাতীয় ৰাইজক আহবান জনাই এটি বিবৃতিও প্ৰকাশ কৰিছিল৷ বিবৃতিটো দৈনিক অসমীয়া আৰু সাদিনীয়া অসমীয়াত যথাক্ৰমে ছয় আৰু দহ আগষ্টত (১৯৪৬) প্ৰকাশ হয় ৷
বিবৃতিটোত এনে গ্ৰুপিং ব্যৱস্থাক সাম্ৰাজ্যবাদী কৌশল বুলি অভিহিত কৰা হৈছিল আৰু কোৱা হৈছিল যে অমুছলমান প্ৰধান অসম প্ৰদেশক পূব পাকিস্তানৰ অন্তৰ্গত কৰাৰ প্ৰয়াস বা মনোভাব সকলোকে ধবংস কৰিব খোজা সাম্ৰাজ্যবাদী মনোভাবৰ ৰূপান্তৰ মাথোঁ ৷
ভীমবৰে বিবৃতিটোত লিখিছিল– ‘‘বংগদেশ আৰু অসমৰ একাংশ লোকৰ মাজত যে সাম্ৰাজ্যবাদী মনোভাৱৰ সৃষ্টি আৰু বৰ্ধন হলে আমাৰ কি অমংগল হ’ব, সেইটো সহজে অনুমান কৰিব পাৰি৷ সাম্ৰাজ্যবাদৰ অস্ত্ৰস্বৰূপে জমিদাৰী প্ৰথাৰ দ্বাৰা নিষ্পেষিত বংগদেশৰ কৃষকক মাটি দিয়াৰ অজুহাততে এনে সাম্ৰাজ্যবাদী ভাবাপন্ন বংগ-অসম সমষ্টিত শাসকসকলে অসমৰ কৃষকসকলৰ স্বাৰ্থ আৰু উন্নতিলৈ কেনেকৈ আওকণীয়া হ’ব আৰু তেওঁলোকৰ ধবংস সাধন কৰিব, সেইটোও আমাৰ আগত জলজল-পট্পট্ হৈ উঠিছে৷ এনে অমংগলীয়া মনোভাবৰ উচ্ছেদ সাধনৰ কাৰণে মৰি-পৰি চেষ্টা কৰাটো আমাৰ সকলোৰে প্ৰধান আৰু প্ৰথম কৰ্তব্য হৈ পৰিল৷’’
এনে জটিল পৰিস্থিতিত ভীমবৰে কংগ্ৰেছত যোগ দি গোপীনাথ বৰদলৈ মন্ত্ৰীসভাত অংশগ্ৰহণ কৰাৰ যুক্তি বিচাৰি পালে ৷ ‘সুকীয়া নিৰ্বাচন’ৰ দোহাই দি ট্ৰাইবেলসকলৰ একাংশই গ্ৰুপিঙ সমৰ্থন কৰাৰ যুক্তিযুক্ততা প্ৰতিপন্ন কৰাৰ প্ৰয়াসকো নাকচ কৰি তেওঁ বিবৃতিটোত কৈছিল– ‘‘কিছুমানৰ মতে আমি বংগ-অসম গঠন কৰাৰ সন্মতি দি হ’লেও আমাৰ কাৰণে আৰু আন পিছপৰা আৰু সুকীয়া সম্প্ৰদায়ৰ কাৰণে সুকীয়া নিৰ্বাচন আমি মানি ল’ব লাগে ৷ মোৰ মনেৰে আমাৰ কাৰণে সুকীয়া নিৰ্বাচনৰ বিনিময়ত বংগ-অসম সমষ্টি গঠনত সন্মতি দিব নোৱাৰি ৷ বংগ-অসম সমষ্টি গঠনৰ পৰা সমূহ অসমবাসীৰ, বিশেষকৈ ভৈয়ামৰ ট্ৰাইবেলসকলৰ যি অভূতপূৰ্ব ক্ষতি হ’ব, তাৰ তুলনাত সুকীয়া নিৰ্বাচনৰ পৰা আমাৰ যি লাভ হ’ব বুলি ভাবিছোঁ, সি একোৱেই নহ’ব ৷ আমি কৃতকাৰ্যতাৰে বংগ-অসম সমষ্টি গঠনৰ প্ৰতিৰোধ কৰিব লাগিব ৷ আগেয়ে সমষ্টিত সোমাই পিছত ওলাই অহা অনিশ্চিত ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰিলে নহ’ব ৷’’ বিবৃতিটোত এই কথাও স্পষ্টকৈ ক’লে– ‘‘সমূহ অসমৰ বিশেষকৈ সমূহ অসমৰ কৃষকসকলৰ ভৱিষ্যৎ আৰু স্বাৰ্থৰ পৰা ট্ৰাইবেল সংঘৰ ভৱিষ্যৎ আৰু স্বাৰ্থ বিচ্ছিন্ন বা সুকীয়াভাৱে চালে নহ’ব ৷ সমূহ অসমৰ ভৱিষ্যৎ আৰু স্বাৰ্থত ট্ৰাইবেল ৰাইজৰ যি অংশ আছে, সেই অংশ বাদ দি লাভ-ক্ষতিৰ (সমষ্টিত সোমোৱা-নোসোমোৱাক লৈ) হিচাপ কৰিলে সেই হিচাপ ভুল হ’ব আৰু আমাৰ সমালোচকসকলে তাকেই কৰিছে ৷’’
উল্লেখযোগ্য যে, ভীমবৰৰ এই ভূমিকাক লীগৰ ভিতৰৰে এচামে সমালোচনা কৰিছিল ৷ আনহাতে, এই বিবৃতিয়ে স্বাভাৱিক কাৰণতে ভূয়সী প্ৰশংসাও লাভ কৰিছিল ৷ এই সময়তে দৈনিক অসমীয়া কাকতত এটি সম্পাদকীয় প্ৰকাশ হ’ল ৷ চন্দ্ৰকুমাৰ আগৰৱালা প্ৰতিষ্ঠিত সাদিনীয়া অসমীয়াৰ উদ্যোগতে ১৯৪৬ চনৰ ২৬ জানুৱাৰীত এই দৈনিক কাকতখনে আত্মপ্ৰকাশ কৰিছিল৷ তেতিয়াৰ সাদিনীয়া অসমীয়াৰ সম্পাদক কবি দেৱকান্ত বৰুৱাৰ সম্পাদনাতে এই দৈনিকৰ শুভাৰম্ভ হৈছিল৷ কাকতখনে ঘোষণা কৰিছিল যে সদৌ অসমবাসীৰ উমৈহতীয়া মংগল সাধন দৈনিক অসমীয়াৰ ব্ৰত৷ বিশেষকৈ অনুন্নত সম্প্ৰদায়, ভৈয়াম আৰু পৰ্বতৰ ট্ৰাইবেল আৰু বনুৱাসকলৰ সৰ্বাংগীণ উন্নতিলৈ অসমীয়াই সদায় চকু দি আহিছে, যাতে বিভিন্ন শ্ৰেণী আৰু সম্প্ৰদায়ৰ বিভিন্নতা মাৰ গৈ স্বাধীন ভাৰতবৰ্ষত অসমীয়া জাতিয়ে সন্মানজনক ঠাই ল’ব পাৰে৷
ভীমবৰ দেউৰীৰ বিবৃতিয়ে কাকতখনৰ সম্পাদক দেৱকান্ত বৰুৱাৰ অন্তৰ চুলেগৈ ৷ কাকতখনত বিবৃতিটো প্ৰকাশৰ দিনা (১০ আগষ্ট ১৯৪৬) তেওঁ ট্ৰাইবেল সমস্যা শীৰ্ষক এটি সম্পাদকীয় লিখি ভীমবৰক স্বাগতম জনালে ৷ ইয়াৰ তিনিদিন আগেয়ে সাদিনীয়া অসমীয়াত তেওঁ ভীমবৰৰ বিবৃতিটো প্ৰকাশ কৰিছিল ৷ দেৱকান্তই সম্পাদকীয় স্তম্ভত মন্তব্য কৰিলে যে ভীমবৰ দেউৰীয়ে অসমৰ বিপদৰ সময়ত ট্ৰাইবেল ৰাইজক সদৌ অসমীয়া ৰাইজৰ সৈতে লগ লাগিবলৈ আহবান কৰি সকলোৰে ধন্যবাদৰ পাত্ৰ হৈছে ৷ ইংৰাজ শাসনৰ ভেদ-নীতিয়ে যে আমাৰ পুৰণি একতাক দুৰ্বল কৰিছে, তাক উল্লেখ কৰি সম্পাদকীয়টোত সন্মুখত আবিৰ্ভাৱ হোৱা উমৈহতীয়া বিপদে আকৌ পুৰণি একাত্মবোধ জগাই তুলিব বুলি আশা প্ৰকাশ কৰা হৈছে ৷ কিন্তু এই একাত্মবোধৰ ভিত্তি কি হ’ব ? সম্পাদকীয়টোত উল্লেখ কৰা হৈছে– ‘‘কিন্তু এই একাত্মকো যুগমীয়াভাৱে সচেতন হৈ ৰাখিবলৈ হ’লে আমি ট্ৰাইবেলসকলে প্ৰশ্নটো বৈজ্ঞানিকভাৱে গমি-পিতি চাব লাগিব৷’’
বৰ্ণহিন্দু সমাজখনৰ দায়িত্ব সোঁৱৰাই দি দেৱকান্তই সম্পাদকীয়ত তাৎপৰ্যপূৰ্ণভাৱে মন্তব্য কৰিলে– ‘‘অসমীয়া তথাকথিত বৰ্ণহিন্দুসকলে এই সত্যটোক উপলব্ধি কৰি ট্ৰাইবেলসকলৰ লগত সমান ভাই-ককাইৰ দৰে ব্যৱহাৰ কৰিলে আমাৰ একতাৰ বাট ভালেখিনি সুগম হ’ব৷ কিয়নো ট্ৰাইবেলসকলেও আন অসমীয়াসকলক আপোন বুলি সাৱটি ল’বলৈ সুবিধা দিব লাগিব৷’’ জনজাতিসকলৰ মহৎ ভূমিকা তথা তেওঁলোকৰ উন্নতিৰ প্ৰসংগ অৱতাৰণা কৰি সম্পাদকীয়টোত আৰু লিখা হৈছে– ‘‘দেশৰ ৰাজনৈতিক স্বাধীনতা আৰু দেশবাসীৰ অৰ্থনৈতিক মুক্তিৰ কাৰণে যুঁজত ট্ৰাইবেলসকলক আগবাঢ়ি আহিলে আমাৰ একতা যুগমীয়া নহৈ নোৱাৰে৷ ট্ৰাইবেলসকলৰ ৰাজনৈতিক চেতনা জগাই তুলিবলৈ তেওঁলোকৰ মাজত শিক্ষাৰ ঘাইকৈ প্ৰাথমিক শিক্ষাৰ বহল প্ৰচাৰ আৱশ্যক৷ লগে লগে তেওঁলোকৰ আৰ্থিক আৰু অনন্য প্ৰকাৰে উন্নতিৰ কাৰণেও যত্ন হ’ব লাগে৷’’
সেয়ে চৰকাৰক ট্ৰাইবেল সমস্যাটোক গুৰুত্ব দিবলৈ পৰামৰ্শ দি এই বুলি সম্পাদকীয়টোত মন্তব্য কৰা হৈছিল যে ট্ৰাইবেলৰ মংগলৰ অৰ্থ হ’ব অসমৰ মংগল– ‘‘আমি ভাবো অসম গৱৰ্ণমেণ্টে ট্ৰাইবেলসকলৰ উন্নতি সাধনৰ কাৰণে এটি বিশেষ বিভাগ মুকলি কৰি এজন মন্ত্ৰীৰ ওপৰত ভাৰ দিয়া উচিত৷ অসমৰ একতা আৰু উন্নতি নিৰ্ভৰ কৰিছে পিছপৰা লোকসকলৰ সোনকালে সকলো বিষয়ে উন্নতিৰ ওপৰত৷ ট্ৰাইবেলসকলৰ মংগলৰ অৰ্থ অসমৰ মংগল– এই সহজ সৰল সত্যটো অসমীয়া ৰাইজ আৰু অসম গৱৰ্ণমেণ্ট দুয়োঘৰে বুজিলে আৰু সেইমতে চলিলে অসমৰ ভৱিষ্যৎ পোহৰ৷’’
দেৱকান্তৰ এই বাস্তৱোলব্ধি সঁচাকৈয়ে চমৎকাৰ৷ কিয়নো তেওঁৰ সময়ত অসমীয়া মধ্যবিত্তৰ এটা প্ৰধান অংশই তাক উপলব্ধি কৰিব পৰা নাছিল৷ বহুতৰ মনত বৰ্ণহিন্দুসকলেই অসমীয়া জাতিৰ সৰ্বময় কৰ্তা– এনে ধাৰণা শিপাই আছিল৷ কবি দেৱকান্ত বৰুৱাই সম্পাদকীয়ত উল্লেখ কৰিছিল যে বৰ্তমান (সেই সময়ত) অসমৰ লোক সংখ্যাৰ পাঁচ ভাগৰ এভাগতকৈ সৰহ ট্ৰাইবেল, অসমীয়া ভাষা আৰু সংস্কৃতিৰ ভেটিত অসমীয়া সংজ্ঞা নিৰ্ধাৰণ হ’লে তেওঁলোকৰ সংখ্যা মুঠ জনসংখ্যাৰ তিনিটা ভাগৰ এভাগ হ’ব৷ সেয়ে গণতান্ত্ৰিক মূল্যবোধৰ সকীয়নি দি সম্পাদকে কৈছে যে এক তৃতীয়াংশ মানুহৰ সুখ-দুখ, আশা-আকাংক্ষাৰ প্ৰতি উদাসীন হৈ থাকি কোনো গণতান্ত্ৰিক শাসন চলিব নোৱাৰে৷ অসম দেশ আৰু অসমীয়া জাতি জীয়াই থকাৰ ওপৰতে ট্ৰাইবেলসকলৰো ভৱিষ্যৎ নিৰ্ভৰ কৰিছে৷ কাৰণ বুৰঞ্জীয়ে দেখুৱাইছে, বিভিন্ন গোষ্ঠীসম্ভূত অধিবাস বিলাকৰ ঐক্য আৰু আংশিকভাৱে সংমিশ্ৰণৰ ফলতেই অসমীয়া জাতি গঢ়ি উঠিছে৷ কবি দেৱকান্ত বৰুৱাৰ এই ইতিহাসবোধ প্ৰণিধানযোগ্য৷
দেৱকান্ত বৰুৱা সম্পাদক হোৱাৰ আগেয়ে একেখন কাকতৰ পাততে (সাদিনীয়াত) বহু সময়ত ট্ৰাইবেল নেতৃত্বৰ প্ৰতি নানান সন্দেহ প্ৰকাশ কৰাৰো দৃষ্টান্ত আছে৷ পূৰ্বৰ কোনো কোনো সম্পাদকীয়ত ট্ৰাইবেল নেতাসকলে নিজৰ স্বাৰ্থতে ট্ৰাইবেল জনসাধাৰণক উচটাই আন্দোলন কৰি নিজে মন্ত্ৰী, এম এল এ হোৱাৰ পথ প্ৰশস্ত কৰা বুলিও মন্তব্য প্ৰকাশ কৰা হৈছিল৷ ভীমবৰ দেউৰীৰ ভূমিকাকো পূৰ্বতে বক্ৰোক্তি কৰা হৈছিল৷ ১৯৪১ চনৰ ৫ ছেপ্টেম্বৰত প্ৰকাশিত এটি সম্পাদকীয়ত এনেদৰে লিখা হৈছিল যে অসমক ভৱিষ্যতে বংগৰ সৈতে সংযুক্ত কৰি মিঃ জিন্নাৰ কল্পিত পূব পাকিস্তান মুছলিম ৰাজ্যত পৰিণত কৰিবৰ উদ্দেশ্যে ট্ৰাইবেল সম্প্ৰদায়ৰ এম এল এ আৰু এম এল চি কেইজনক কিছুমান ভুৱা দি কিম্বা ব্যক্তিগতভাৱে অলপ পুৰস্কাৰ দি কেনেকৈ হাত কৰা হৈছে আৰু তেওঁলোকৰ সহায়ত ছাদুল্লা চাহাবে কেনেকৈ তেওঁৰ পাকিস্তান স্থাপনৰ পথত অগ্ৰসৰ হৈছে সেই কথা আৰু চকু থকা লোকমাত্ৰেই বুজিছে আৰু দেখিছে৷ দেৱকান্তৰ উপলব্ধিত জনজাতিসকলৰ সমস্যাটোৱে যি গুৰুত্ব পাইছিল, সি কেৱল ঐতিহাসিকভাৱেই তাৎপৰ্যপূৰ্ণ নহয়, কবি দেৱকান্তৰ ভূমিকাই এক অবিস্মৰণীয় দিশো উন্মোচন কৰে৷
আনহাতে ডাঃ ভুবনেশ্বৰ বৰুৱাৰ দৰে লোকে ভীমবৰৰ এনে ঐতিহাসিক ভূমিকাক প্ৰশংসা কৰি লিখা চিঠি এখন আমি ইয়াতে উল্লেখ কৰিব খোজো–
মৰমৰ ভীমবৰ
৩-১-৪৭
গুৱাহাটী
তোমাৰ অসমীয়াত ৩ নং বিবৃতি পঢ়ি বৰ ৰং পালো৷ অসমৰ জীৱন-মৰণ সমস্যাক অনুভৱ কৰি tribal সম্প্ৰদায়ক এইদৰে আচল বাট দেখুৱাই দিয়াত নিজৰ দায়িত্ব আৰু দেশ সেৱকৰ আচল পৰিচয় দিছা৷
আসাম সমষ্টি গঠনত সোমালে অসমীয়াৰ কি দুৰৱস্থা হ’ব ভাৰতৰ আন আন প্ৰদেশৰ মানুহে অনুভৱ কৰিব পৰা নাই৷ যদিও কিছুমানে কৰিছে তথাপি নিজৰ বৃহত্তৰ স্বাৰ্থৰ বাবে আসামক বলি দিবলৈ আগবাঢ়িছে৷
এতিয়া আমি সকলো অসমীয়াই কি tribal league, কি আহোম league সকলোৱে একলগে হৈ এই জীৱন-মৰণ সমস্যাত যুঁজিব লাগিব৷ আৰু তোমাৰ ভাষাত এইদৰে গাঁৱে-ভূঞে চিঞৰি ফুৰিব লাগিব ‘‘সুকীয়া নিৰ্বাচন লাভৰ বিনিময়ত ট্ৰাইবেলসকলে নিজৰ মাতৃভূমি মুছলিম লীগৰ ওচৰত বিক্ৰী নকৰে৷’’ তোমাৰ এই ধুনীয়া কথাষাৰি আসামৰ নতুন বুৰঞ্জীত সোণালী আখৰেৰে লেখা থাকিব৷
তোমাৰ
শ্ৰীভূবনেশ্বৰ বৰুৱা
ভীমবৰ বা ট্ৰাইবেল লীগৰ এটা দুখ থাকি গ’ল৷ সেয়া হ’ল– Constituent Assembly লৈ কুলধৰ চলিহা, ৰোহিনী চৌধুৰী, অমিয় কুমাৰ দাস, ছাদুল্লা আদিৰ স’তে জনজাতীয় প্ৰতিনিধি হিচাপে লীগে ভীমবৰক যোৱাটো বিচাৰিছিল৷ ভীমবৰে নিজেও ইচ্ছা কৰিছিল৷ কাৰণ, তেওঁ ভাবিছিল জনজাতিসকলৰ সমস্যা সম্পৰ্কে দুটা দশক লাগি থকাৰ কাৰণে তেওঁ তালৈ গৈ আচল তথ্য দিব পাৰিব৷ ভীমবৰ আৰু লীগৰ স্বপ্ন আছিল– Constituent Assemblyত অসমক Special Status দিয়াৰ কাৰণে দাবী তুলিব যাতে থলুৱা মানুহখিনিয়ে ভূমিস্বত্ত নেহেৰুৱায়৷ (এনে দাবীৰ যে এক ভিত্তি আছিল সি আজি প্ৰতিপন্ন হৈছে৷ বৰ্তমানৰ অসমৰ জাতীয়তাবাদৰ প্ৰবক্তাসকলৰ মুখতো সেই দাবী উচ্ছাৰিত হৈছে৷) কিন্তু কংগ্ৰেছে লীগ আৰু ভীমবৰৰ ভাবনাক মষিমূৰ কৰি প্ৰতিনিধি পঠাবলৈ সিদ্ধান্ত কৰিলে ধৰণীধৰ বসুমতাৰীক৷ এই সিদ্ধান্তত ‘লীগ’ অতি ক্ষুণ্ণ হৈছিল৷ কাৰণ, ধৰণীধৰ বসুমতাৰী কোনোদিনে ‘লীগ’ৰ সদস্য নাছিল৷ তেওঁ আছিল আজীৱন কংগ্ৰেছী৷ ভীমবৰ দেউৰী তেতিয়াও কংগ্ৰেছৰ সদস্য হোৱা নাছিল৷ এনেদৰে জনজাতিসকলৰ স্বাৰ্থৰ অনুকূলে বক্তব্য দাঙি ধৰাৰ সুযোগৰ পৰা ‘লীগ’ অথবা ভীমবৰ দেউৰী বঞ্চিত হ’ল৷
৫
ইমানখিনি পঢ়াৰ পিছত পাঠকৰ মনত স্বাভাৱিকতে প্ৰশ্ন উদয় হ’ব– স্বাধীনতা আন্দোলনত ভীমবৰ দেউৰীৰ ভূমিকা কি আছিল ? স্বাধীনতা আন্দোলনত ভীমবৰে সক্ৰিয়ভাবে অংশগ্ৰহণ কৰা নাছিল আৰু বিৰোধিতাও কৰা নাছিল৷ স্বাধীনতাৰ প্ৰশ্নত অসমৰ জনজাতিসকলৰ মাজত কিছু সন্দেহ অথবা দ্বিধাগ্ৰস্ততাও দেখা গৈছিল৷ তেওঁলোকৰ মনত ধাৰণা হৈছিল যে স্বাধীনতা হয়তো সকলোৰে বাবে সমভাৱে নাহিব, অৰ্থাৎ স্বাধীনতাৰ স্বাদ সকলোৱে নাপাব৷ ভীমবৰে উচ্চ সদনৰ ভাষণত কৈছিল– ”If Swaraj is to come, it must come to each and every section of the populace. It is for this reason that we may not miss to utilise the advantage so conferred by the constitution, we are definitely for working out the constitution.’
এই সন্দৰ্ভত ট্ৰাইবেল লীগৰ এক স্পষ্ট নীতিও আছিল– ‘‘…এই নীতি হৈছে চলি থকা গৱৰ্ণমেণ্টে আমাৰ শিক্ষা আৰু আৰ্থিক অৱস্থাৰ উন্নতিৰ কাৰণে কাম কৰিলে আৰু আমাৰ সমূহ স্বাৰ্থৰ বিৰুদ্ধে নগ’লে সেই গৱৰ্ণমেণ্টক সমৰ্থন কৰা৷ অতি দূৰৰ এটা আদৰ্শ আগত লৈ চলিত গৱৰ্ণমেণ্টৰ বিৰুদ্ধে আন্দোলন কৰি আমাৰ পিছপৰা অৱস্থা দূৰ কৰিবৰ কাৰণে চলিত গৱৰ্ণমেণ্টে কৰিব খোজা কাম বা দিয়া সুবিধাবিলাক হেৰুৱাই গৈ চিৰকাল পিছপৰা হৈ থাকিবৰ আমাৰ ইচ্ছা নহয়৷’’
ভীমবৰ দেউৰী আৰু ট্ৰাইবেল লীগৰ কৰ্মীসকলে এই কথাও লক্ষ্য কৰিছিল যে স্বাধীনতা আন্দোলনৰ বহু নেতাই জনজাতি সম্পৰ্কত ভাল ধাৰণা পোষণ কৰা নাছিল, বৰং জনজাতিসকলৰ পঞ্জীভূত ক্ষোভ আৰু তেওঁলোকৰ অনগ্ৰসৰতাৰ প্ৰশ্নত বিৰূপ মন্তব্যহে কৰিছিল৷ এনে পটভূমিয়ে জনজাতিসকলৰ বৃহৎ অংশক স্বাধীনতা সন্দৰ্ভত সন্দিহান কৰি তুলিছিল৷
পিছে ভীমবৰ দেউৰী আৰু ট্ৰাইবেল লীগৰ কৰ্মকৰ্তাসকল স্বাধীনতা আন্দোলনৰ পৰা সম্পূৰ্ণ আঁতৰত আছিল বুলিও ক’ব নোৱাৰি৷ সাংগঠনিকভাৱে নহ’লেও লীগৰ কিছু কৰ্মীয়ে ব্যক্তিগতভাৱে স্বাধীনতা আন্দোলনত যোগদান কৰিছিল৷ ভীমবৰৰ লগত স্বাধীনতা আন্দোলনৰ বহুকেইজন সেনানীৰ ঘনিষ্ঠ যোগাযোগ আছিল৷ বহু কংগ্ৰেছ কৰ্মীয়ে আত্মগোপনৰ সময়ছোৱা ভীমবৰৰ ঘৰত কটাইছিল৷ সেইসকলৰ ভিতৰত বিশিষ্ট স্বাধীনতা যুঁজাৰু শংকৰ বৰুৱা অন্যতম৷ শংকৰ বৰুৱাই সঘনে ভীমবৰৰ আতিথ্য গ্ৰহণ কৰিছিল৷ আনসকলৰ ভিতৰত আছিল– বিনয় ভূষণ চক্ৰৱৰ্তী, নীলমণি বৰঠাকুৰ, ডাঃ ভুবনেশ্বৰ বৰুৱা আদি৷ গোপীনাথ বৰদলৈ আছিল ভীমবৰৰ আটাইতকৈ ঘনিষ্ঠ বন্ধু৷
ভীমবৰ দেউৰীক বৰদলৈয়ে বুজি পাইছিল আৰু শ্ৰদ্ধাৰ আসনত বহুৱাইছিল৷ তেওঁৰ আমন্ত্ৰণত ভীমবৰে কংগ্ৰেছত যোগ দিবলৈ আৰু মন্ত্ৰিত্বৰ পদ ল’বলৈ ৰাজী হৈছিল৷ বৰদলৈ ডাঙৰীয়াই ভীমবৰৰ মৃত্যুত তেওঁক এনেদৰে স্মৰণ কৰিছিল– ‘‘জীৱিত অৱস্থাত তেওঁৰ বহু সহকৰ্মী আৰু অনুসৰণকাৰীসকলে আৰু ঠিক তেনেকৈয়ে আন দলৰ তেওঁৰ প্ৰতিদ্বন্দ্বী বহুলোকে তেওঁক পূৰ্ণমাত্ৰাই সাম্প্ৰদায়িক বা ‘চেকশ্য’নেল’ নেতা বুলি প্ৰতিপন্ন কৰিছিল বা এতিয়াও কৰি আছে৷ কিন্তু দেউৰীক মই যিদৰে জানিছিলো তাৰ পৰা মই ইয়াকে ডাঠি ক’ব পাৰোঁ যে তেওঁ ট্ৰাইবেলসকলৰ নেতৃত্ব কৰিলেও, তেওঁ এজন সমস্ত অসমৰ নেতা আছিল৷ তেওঁ নিজে এজন ট্ৰাইবেল নেতা হৈ পিছপৰা জাতিসকলক উন্নতিৰ পথলৈ নিবলৈ চেষ্টা কৰাটো যদি আমি দোষৰ কথা বুলি ভাবোঁ তেন্তে অন্ধক বাট দেখুৱাবলৈ চেষ্টা কৰাটোকো আমি দোষণীয় বুলি ক’ব লাগিব৷ বহুতে ক’ব পাৰে যে যেতিয়া অন্ধই বাট দেখুৱাবলৈ যায়, উভয়ে খালত পৰে৷ ইয়াৰ উত্তৰত মই ইয়াকে কওঁ যে ভীমবৰৰ নেতৃত্বত এধানো অন্ধৰ ভাব নাছিল৷’’
স্বাধীনতা আন্দোলনত সক্ৰিয় অংশগ্ৰহণ নকৰিলেও ভীমবৰ ব্ৰিটিছৰ সাম্ৰাজ্যবাদী কূটকৌশলৰ বিষয়ে সদায় সজাগ আছিল৷ কংগ্ৰেছৰ কানিবিৰোধী আন্দোলনৰ তেৱোঁ আছিল এজন তেজস্বী প্ৰৱক্তা৷ অসমক পাকিস্তানৰ অন্তভুৰ্ক্ত কৰিবলৈ ব্ৰিটিছে কৰা ষড়যন্ত্ৰৰ ক্ষেত্ৰত তেওঁ লোৱা ভূমিকাৰ কথা আমি ইতিমধ্যে উল্লেখ কৰিছোঁ৷ মহাত্মা গান্ধী যেতিয়া ডিব্ৰুগড়লৈ আহিছিল, তেতিয়া ভীমবৰে ডিব্ৰুগড়ত ওকালতি কৰি আছিল৷ এজন সুদক্ষ উকীল হিচাপে তেওঁ তেতিয়া জনাজাত৷ গান্ধীৰ সম্বৰ্ধনা সভাৰ লগত তেৱোঁ জড়িত হৈ পৰিছিল৷ গান্ধীক প্ৰদান কৰা সম্বৰ্ধনা পত্ৰখন ভীমবৰেই লিখিছিল৷ কিয়নো সেই সময়ত তেওঁৰ দৰে ইংৰাজী জনা লোক অঞ্চলটোত বৰ তাকৰ আছিল৷ সেই গান্ধীৰ নেতৃত্বত যেতিয়া ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিলে, সেই মুহূৰ্তত ভীমবৰৰ ধাৰণা হৈছিল– এই স্বাধীনতা আচল স্বাধীনতা নহয়৷
গান্ধী আৰু আম্বেদকাৰৰ জনজাতি সম্পৰ্কে থকা ধাৰণাৰ ভীমবৰ আৰু ট্ৰাইবেল লীগ আছিল চোকা সমালোচক৷ গান্ধীয়ে বৰ্ণহিন্দু আৰু শূদ্ৰৰ বাহিৰে বাকীসকলক হৰিজন হিন্দু বুলি চিহ্নিত কৰিছিল৷ এনেদৰে জনজাতিসকলক হৰিজনসকলৰ লগত সাঙুৰি সকলোতকৈ নিম্ন মৰ্যাদা দিব খোজাৰ ভীমবৰ আছিল বিৰোধী৷ ট্ৰাইবেল লীগে এই বিষয়ে স্পষ্ট মত প্ৰকাশো কৰিছিল–
… এই হৰিজন মন্দিৰ প্ৰৱেশ বিল আনি ট্ৰাইবেল জাতীয় লোকসকলক ‘হৰিজন হিন্দু’ নামে অভিহিত কৰি হিন্দু সমাজৰ অতি নিম্নস্তৰত ঠাই দি চিৰকালৰ কাৰণে হেয় প্ৰতিপন্ন কৰিবৰ যি চেষ্টা কৰিছে তাকে দেখিও আমি তবধ মানিছোঁ৷ দেখিছোঁ আমাৰ উন্নতিৰ পথ নহয়৷ শিক্ষিত সম্প্ৰদায়ৰ অনেকৰ ভাব আমাৰ প্ৰতি সৰল নহয়৷
আম্বেদকাৰৰ দৃষ্টিভংগী সম্পৰ্কে ভীমবৰ তথা ট্ৰাইবেল লীগৰ দৃষ্টিভংগীৰ মৌলিক পাৰ্থক্য প্ৰণিধানযোগ্য৷ আম্বেদকাৰৰ ধাৰণা আছিল ট্ৰাইবেলবিলাক যিহেতু অশিক্ষিত হৈ আছে গতিকে তেওঁলোকক শাসনৰ অংশীদাৰ কৰা উচিত নহয়৷ ‘Times of India’ত চল্লিছৰ দশকত আম্বেদকাৰে যেতিয়া এনেদৰে বিবৃতি প্ৰকাশ কৰিছিল তেতিয়া ভীমবৰ দেউৰীৰ নেতৃত্বত ট্ৰাইবেল লীগে পুস্তিকাৰ জৰিয়তে তাৰ ঘোৰ প্ৰতিবাদ কৰিছিল৷ তেওঁলোকে যুক্তি আৰু তথ্যৰে প্ৰতিপন্ন কৰিবলৈ যত্ন কৰিছিল যে অসমৰ ট্ৰাইবেলসকল আম্বেদকাৰে কোৱাৰ দৰে অশিক্ষিত হৈ থকা নাই৷ বহু লোক শিক্ষিত হৈ ওলাইছে৷ লীগৰ পুস্তিকাত তাৰ তালিকা প্ৰকাশ কৰি আম্বেদকাৰৰ বিবৃতিৰ আন্তঃসাৰশূন্যতা প্ৰতিপন্ন কৰা হৈছিল৷ পিছপৰা জাতিৰ প্ৰতিভূ আম্বেদকাৰৰ জনজাতি সন্দৰ্ভত এনে ভ্ৰান্ত ধাৰণাৰ বাবেই হয়তো ট্ৰাইবেল লীগৰ বুৰঞ্জীত আম্বেদকাৰক মৰ্যাদাৰ আসনত বহুওৱা হোৱা নাই৷
উপসংহাৰ
ভীমবৰ দেউৰী আজি ইতিহাস হ’ল৷ আজি অসমত জনজাতীয় আন্দোলনসমূহে যি মোৰ লৈছে, সমগ্ৰ অসমেই যিদৰে সমস্যাৰ বা-মাৰলীত পৰিছে– এই সময়ত ভীমবৰ দেউৰীৰ জীৱন আৰু কৰ্মত ভুমুকি মাৰিলে তেওঁৰ মৌলিক চিন্তাৰ বহু দিশ উজ্জ্বল হৈ আমাৰ চকুত ধৰা দিয়ে৷ কুৰি শতিকাৰ ত্ৰিছ-চল্লিছৰ দশকৰ আৰ্থ-সামাজিক তথা ৰাজনৈতিক পটভূমিত তেওঁৰ ভূমিকাৰ ঐতিহাসিকতা অস্বীকাৰ কৰাৰ ক্ষমতা আজি আৰু আমাৰ নাই৷ যিসকলে তেওঁক কেৱল ট্ৰাইবেল নেতাহে বুলি ইতিহাসত অভিহিত কৰিব বিচাৰিছে, তেওঁলোকৰ দৃষ্টিভঙ্গীও যে অসাম্প্ৰদায়িক নহয় সেই কথাও ভীমবৰৰ দৃষ্টিভঙ্গীয়ে প্ৰতিপন্ন কৰিলে৷ জাতিগত প্ৰশ্নত ভীমবৰৰ দৃষ্টিকোণ যে শ্ৰেণীগত নাছিল সেয়াও নহয়৷ কৃষকসকলৰ সৰ্বাঙ্গীন মংগল অবিহনে অসমীয়া জাতিৰ প্ৰগতি সম্ভৱ বুলি তেওঁ ভাবিব পৰা নাছিল৷ তেওঁৰ চিন্তাৰাশিত মাৰ্ক্সীয় চিন্তাৰ স্পৰ্শ পৰিছিল বুলি আমাৰ ধাৰণা হয়৷ তেওঁৰ পুত্ৰ ইন্দিবৰ দেউৰীয়ে আমাক জনোৱা মতে তেওঁ মাৰ্ক্সীয় গ্ৰন্থাৱলী কিছু অধ্যয়ন কৰিছিল৷ এনে দৃষ্টিভংগীৰ পোহৰতে হয়তো জাতিগত নিপীড়নৰ প্ৰশ্নটোৰ সমাধান তেওঁ বিচাৰিছিল৷ ব্ৰিটিছ সাম্ৰাজ্যৰ কূটকৌশল আৰু শাসন-শোষণৰ স্বৰূপ তেওঁ ভালদৰেই উপলব্ধি কৰিছিল৷ ব্ৰিটিছৰ নীতিৰ বাবেই যে বৰ্ণহিন্দু আৰু জনজাতিসকলৰ মাজৰ ব্যৱধান দ্ৰুত হৈছিল তাক তেওঁ ছাত্ৰকালতে হৃদয়ংগম কৰিছিল৷ এইবাবেই পিছৰ কালত তেওঁ ৰাইজক ক’ব পাৰিছিল যে অসমখন আচলতে অসমীয়াৰ দেশ বুলিব নোৱাৰি৷ কাৰণ অসমৰ চাহ আৰু তেলৰ দৰে শিল্পৰ ওপৰত অসমীয়াৰ কোনো এক্তিয়াৰ নাই, সেইবোৰ ইউৰোপীয়সকলৰ হাতত আৰু তাৰ সকলো মুনাফা তেওঁলোকেই লৈ গৈ আছে৷
ভীমবৰ আছিল প্ৰখৰ বুদ্ধিৰ বাক্পটু এজন সমাজ নেতা৷ কিন্তু সেয়াই তেওঁৰ ব্যক্তিত্বৰ মূলধন নাছিল৷ তেওঁ আছিল যুক্তিবাদী চেতনাৰ প্ৰতিভূ তথা ইতিহাস নিষ্ঠতাৰ প্ৰতীক৷
প্ৰসংগপঞ্জী :
ললিত চন্দ্ৰ দেউৰী (সম্পাদনা): সংহতিৰ বুনিয়াদ জননেতা ভীমবৰ দেউৰী প্ৰথম আৰু দ্বিতীয় খণ্ড, ১৯৯৪, ১৯৯৫
Birol Khungur Basumatary (ed): The Plain Tribal before the Commission.
প্ৰফুল্ল মহন্ত: অসমীয়া মধ্যশ্ৰেণীৰ ইতিহাস, ১৯৯৬
পৰমানন্দ মজুমদাৰ:প্ৰবাদ–প্ৰতিবাদ, ১৯৯৬
চন্দ্ৰপ্ৰসাদ শইকীয়া (সম্পাদনা): অসমৰ বাতৰি কাকত–আলোচনীৰ ডেৰশ বছৰীয়া ইতিহাস, ১৯৯৮
অতুল চন্দ্ৰ হাজৰিকা (সম্পাদনা): অসম সাহিত্য সভাৰ ভাষণাৱলী
ৰমেশ কলিতা: ভাৰতৰ স্বাধীনতা আন্দোলনত অসমীয়া ছাত্ৰৰ ভূমিকা, ১৯৯৬
Assam Legislative Council debates ১৯৩৯, on Principle of recruit:Maiden speech by Bhimbor Deuri on MLC.
হৰিপ্ৰসাদ নেওগ: অসম সাহিত্য সভা পৰিচিতি, ১৯৬৫-৬৬
দৈনিক অসমীয়া, ৬ আগষ্ট, ১৯৪৬
সাদিনীয়া অসমীয়া, ১০ আগষ্ট, ১৯৪৬
ফোন নংঃ ৯৮৬৪৮০৭১৪৪



