ভ্ৰম এই জীৱন

ৰশ্মিৰেখা ভূঞা

মোবাইল নং: ৬৯০০৯২৫৮৭৭

        সপোন তেনেকৈয়েই মৰহে । জীৱনে হঠাৎ ৰং সলায় । ক'ৰবাত গৰাখহনীয়া হয় । ক'ৰবাত কোনোবা পকনীয়াত পৰে । সাৱলীল গতিৰে বৈ যোৱা নদীখনে সুঁতি সলায় । সৰল পথটোত হঠাৎ বাধা আহে । দূৰৈৰ পৰা কোনোবাই চিঞৰি কয়, " কথাবোৰ তেনেধৰণৰ হোৱা কথা নাছিল ।"
হয় । কথাবোৰ তেনেধৰণৰ হোৱা কথা নাছিল ।
ক'ৰবাত চতিয়না ফুলিছিল । বতাহে কঢ়িয়াই অনা উগ্ৰ গোন্ধটোত সন্ধিয়াবোৰ জীপাল হৈছিল । সেই জীপাল সন্ধিয়াবোৰত ভৱিষ্যতৰ ৰঙীণ সপোনে পোখা মেলাৰ কথা আছিল । কথা আছিল সন্ধিয়া ধূনাৰ পবিত্ৰ সুগন্ধিৰে আৱৰি থকা পদূলিৰ জপনা খুলি সোমাই আহিব সপোনৰঙী অলেখ সম্ভাৱনা । কথা আছিল সেই সম্ভাৱনাৰ সোপানত উঠি আকাশৰ জোনটোক চুই চোৱাৰ । কিন্তু কথাবোৰ কথা হৈয়েই থাকি গ'ল । পাখি ভঙা পৰুৱাৰ দৰে অ'ত-ত'ত খুন্দা খাই ঘূৰ্মুটিয়াই থাকি এটা সময়ত কথাবোৰ সাধুকথা হ'ল । সাধুকথা হৈ কথাবোৰে পিন্ধি ল'লে হেজাৰ চোলা । যি চোলাৰ আৱৰণ খুলি কথাবোৰ আৰু কোনো দিন বৰ্তমান হ'ব নোৱাৰিলে ।
বৰ্তমান হ'ব নোৱৰা কথাবোৰেই তাইক নাগপাশৰ দৰে মেৰিয়াই মেৰিয়াই বান্ধিছিল । মুক্ত হোৱাৰ সুৰুঙা ক'ৰবাত আছিল নে নাই তাই নাজানিছিল । যিমানেই মুক্ত হ'বলৈ চেষ্টা কৰিছিল সিমানেই আটিল হৈ পৰিছিল সেই বান্ধোন । সাধুকথাৰ বান্ধোন । বৰ শক্তিশালী বান্ধোন । যাৰ মায়াজাল ফালি ওলাব খুজিলেও ওলাব নোৱাৰি । চক্ৰবেহুৰ দৰে সোমাবহে পাৰি । তাইয়ো সোমাই গৈছিল ক্ৰমশঃ সেই চক্ৰবেহুৰ মাজত । সোমাই গৈ আছিল, গৈ আছিল । এখন অদৃশ্য হাতে তাইক টানি নিছিল সেই চক্ৰবেহুৰ মাজলৈ ।
বৰ সন্তপৰ্ণে আৰম্ভ হৈছিল এই চক্ৰবেহুৰ খেল । ৰঙীণ সময়বোৰে কেতিয়ানো ক'লা ৰং আপোন কৰি লৈছিল কোনেও গম পোৱা নাছিল । এন্ধাৰৰ শক্তিশালী হাতোঁৰা এখনে তাইক চেপি ধৰিছিল । যি সময়ত সেই হাতোঁৰাৰ কঠিন আবেষ্টনীৰ পৰা তাই নিজকে মুক্ত কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিছিল সেই সময়ত আমি তাইক ছক্ৰেটিছ বুলি জোকাইছিলো ।
ছক্ৰেটিছ ।
ছক্ৰেটিছ!!
ছক্ৰেটিছ!!!
: সৰু সৰু কথাবোৰ ইমান ভাবি নাথাকিবি অ' । দাৰ্শনিক হৈ যাবি ।
: অ' । এজন ছক্ৰেটিছেই যথেষ্ট । তই আৰু লেডী ছক্ৰেটিছ হ'ব নালাগে ।
ছক্ৰেটিছ ।
বন্ধু মহলত নামটো জনপ্ৰিয় হৈছিল ।
তাই মিচিকিয়াই হাঁহিছিল ।
: সঁচাকৈ যদি মই লেডী ছক্ৰেটিছ হৈ যাওঁ ভাল লাগিব ন'?
: তোৰ মূৰটো । - সমস্বৰে চিঞৰি উঠিছিলো আমি ।
: মোৰ কিন্তু নামটো ভাল লাগিছে । ছক্ৰেটিছ ।
লাহে লাহে পোছাকী নামটোৰ লগতে আমি নতুন নামটোৰেও তাইক মাতিবলৈ আৰম্ভ কৰিলোঁ । আমাৰ প্ৰতিজনী ছোৱালীৰে বন্ধু-মহলত এটা বিশেষ নাম আছিল । তেনেস্থলত তাইৰ নতুন নামটোক লৈ নতুনকৈ ভাবিবলগীয়া কিবা আছিল বুলিও আমি ভবা নাছিলোঁ । আছিল জানো কিবা?
ওঁহো, নাছিল । একেবাৰেই নাছিল ।
কিন্তু এই নথকাৰ মাজতেই সোমাই আছিল সেই নাথাকিবলগীয়া কিবাটো ।
বিবিধ মণি-মুকুতা খচিত যৌৱনৰ দুৱাৰখনেৰে আমি আন এখন পৃথিৱীত ভৰি দিছিলোঁ । যিখন পৃথিৱীত বাৰ মাহে বসন্তই ৰঙৰ পোহাৰ মেলে । য'ত কুলি-কেতেকীয়ে সুমধুৰ গীতেৰে বাস্তৱৰ পৰা কল্পনাৰ জগতলৈ ৰঙীন সোপান তৰি দিয়ে । সেই সোপানত ভৰি থৈ আমি ভৱিষ্যত জীৱনৰ ৰঙীন কল্পনাত ডুব যোৱাৰ সময়ত যৌৱনৰ বতাহজাকে তাইৰ জীৱনটোকেই খেলিমেলি লগাই দিলে ।
এই যে তাইৰ জীৱনৰ বৰঘৰত কোনোবা এজনে বৰ পীৰা পাৰি বহি লৈছে সেই কথাটো কিন্তু আমি গমেই পোৱা নাছিলোঁ। গোপনীয়তাৰ অৱগুন্ঠন তৰি সেই অধ্যায়টোক তাই ইমানেই একান্ত কৰি ৰাখিছিল যে আমাৰ দৰে তাইৰ ঘৰতো সেই বিষয়টো অৱগত নাছিল । পাৰ হৈ যোৱা সময়ে আমাক জীৱন গঢ়াৰ নতুন পথৰ সন্ধান দিয়াৰ বিপৰীতে তাই সেই সময়তেই থমকি ৰৈছিল । জীৱনৰ আলি-দোমোজাত ৰৈ তাই সঁচাকৈয়েই নিজক ছক্ৰেটিছৰ ৰূপত কল্পনা কৰিবলৈ আৰম্ভ কৰিছিল আৰু সেই সময়তে এজাক ধুমুহা হৈ জান্তিপৰ মেল ভাৰ্চন হ'ব খোজাজনৰ কাহিনীয়ে সিহঁতৰ বৰঘৰৰ মুধচ উৰুৱাই নিছিল । সেই ধুমুহাজাকে তাইক মানসিকভাৱে সম্পূৰ্ণকৈ নিঃশেষ কৰি পেলালে। নিজক পাহৰি তাই ছক্ৰেটিছক আপোন কৰি ল'লে । শয়নে-সপোনে, দিঠকে তাই ছক্ৰেটিছ হৈ পৰিল । তাইৰ সৰু পৃথিৱীখন স্থবিৰ হৈ পৰিল । সময়ৰ আলি-দোমোজাত থমকি ৰোৱা ছোৱালীজনী জীৱনৰ বাবেই যেন সেই ঠাইত ৰৈ গ'ল । তাইৰ পৃথিৱীখন গতিহীন হোৱা কথাটো পাকঘূৰণি খোৱাৰ সময়তেই অভাৱনীয় ভাৱে অহা খবৰটোৱে মুধচৰ ৰূপ লৈ ঘৰখনক সকাহ দিছিল ।
আচৰিত হৈছিলোঁ আমি । যি সময়ত থমকি ৰোৱা সময়ক গতি দিবলৈ সকলোৱে যৎপৰোনাস্তি চেষ্টা কৰিব লাগিছিল, যি সময়ত তাইক ছক্ৰেটিছৰ জীৱনৰ পৰা বাস্তৱলৈ ঘূৰাই অনাৰ বাবে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগিছিল সেই সময়ত তাইৰ কপালত বেলিটো আঁকি দিয়াৰ যো-জা কৰাত আমি আচৰিত হোৱাই স্বাভাৱিক আছিল । প্ৰশ্ন উঠিছিল তাইৰ মানসিক স্বাস্থ্যৰ বিষয়ে । কিন্তু আমাৰ সেই উৎসুকতাক তেনেদৰেই ৰাখি তাইক আগুৱাই দিয়া হৈছিল নতুন জীৱনলৈ ।
সেইদিনা তাইক এটা জীৱন্ত পুতলাৰ দৰেই লাগিছিল । দামী মেকআপ আৰ্টিষ্টৰ হাতৰ পৰশত তাইৰ চকুৰ গুৰিত ঘৰ বন্ধা কলিয়া ডাৱৰবোৰে নিজকে লুকুৱাবলৈ বাধ্য হৈছিল । এজনী জীৱন্ত পুতলা হৈছিল তাই । শাৰীৰিক ভাৱেই নহয় মানসিক ভাৱেও তাইক এজনী পুতলালৈ ৰূপান্তৰিত কৰা হৈছিল ।
চাবি দিয়া পুতলা । চাবি পকাই দিছিল । তাই হাঁহিছিল ।
চাবি পকাইছিল তাই কাম কৰিছিল ।
চাবি পকাইছিল তাই অভিসাৰিকা হৈছিল, পত্নী হৈছিল ।
হয়, চাবিটো পকাই তেওঁলোকে তাইৰ সংসাৰখন সুখী কৰিব বিচাৰিছিল ।
কিন্তু জীৱন্ত মানুহক জানো পুতলাৰ ৰূপ দিব পাৰি? পাৰিলেও কিমান দিনলৈ?
পুতলাক জানো জীৱন্ত মানুহে দেহে-মনে আঁকোৱালি ল'ব পাৰে?
পাৰে নে পুতলাৰ লগত সংসাৰ কৰিব? নোৱাৰে ।
মানুহ পুতলা হ'ব নোৱাৰে ।
পুতলাক মানুহে জীৱন সংগী কৰিব নোৱাৰে । তাইয়ো নোৱাৰিলে । উভটি আহিল তাই । উভটি আহিবলৈ বাধ্য হ'ল ।
থমকি ৰোৱা সময়ে তাইক দুহাত মেলি আকোঁৱালি ল'লে । মেৰিয়াই মেৰিয়াই বন্ধা সময়ৰ সেই নাগপাশৰ পৰা তাইক মুক্ত কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিও তাইৰ জন্মদাত্ৰী আৰু জন্মদাতা ব্যৰ্থ হ'ল ।
লৈ যোৱা সময়ৰ আঙুলিত ধৰি তাই যেন সকলো বান্ধোনৰ পৰা মুক্ত বুলি পৰোক্ষভাৱে ঘোষণা কৰিলে । বন্ধন মুক্ত হৈ তাই এজনী পক্ষী হ'ল । মুক্ত পক্ষী । সকলো পৰিধি ভাঙি উৰি যাব পৰাকৈ তাই মুক্ত । পাহৰি গ'ল তাইৰ বৰ্তমানক । অতীতৰ বোকোচাত উঠি তাই অতীতকেই আপোন কৰি ল'লে ।
এখন ভ্ৰমৰ পৃথিৱীত জীয়াই থাকিবলৈ আৰম্ভ কৰিলে তাই । সকলোতে ভ্ৰম । পুৱা দুচকু মেলাৰ পৰা মাজনিশা ভাগৰত লেবেজান শৰীৰটোক বিচনাত এৰি দিয়ালৈকে ভ্ৰমৰ এখন সুন্দৰ জগতত তাই বিচৰণ কৰি ফুৰে । কেতিয়াবা কেতিয়াবা তাইৰ কথাবোৰ শুনিলে ভাবোঁ, ' ভ্ৰমত তাই জীয়াই আছে নে আমি?' এই যে পুৱা শুই উঠাৰ পিছৰে পৰা টাকুৰি ঘূৰাৰ দৰে ঘূৰি জীৱনটো আগুৱাই নিছোঁ, সময়ৰ লগত দৌৰোঁতে অকণমান ৰৈ নিজৰ ভাল লগা কামবোৰ কৰিবলৈ এৰি দিছোঁ, প্ৰতিষ্ঠাৰ নিগনি দৌৰত নিজৰ মন-বিবেকক পাহৰি গৈছোঁ আৰু তাৰ পিছত... কি পাইছোঁ? কাৰোবাৰ পৰা অলপ সমীহ, কাৰোবাৰ ইৰ্ষাৰ চাৱনি। কিন্তু শান্তি? শান্তি ক'ত? প্ৰতিষ্ঠা আৰু সুখ বিচাৰি দৌৰোঁতে দৌৰোতে আমি দেখোন বহুত কিবাকিবিয়েই হেৰুৱাই পেলাইছো । ৰংচঙীয়া মুখা এখন পিন্ধি সুখী হোৱাৰ অভিনয় কৰিছোঁ । মুখা জানো এখনেই । বিভিন্ন সময়ত পিন্ধিব পৰাকৈ আমাৰ হাতত মজুত থাকে বিভিন্ন ৰঙী মুখা । প্ৰয়োজনমতে পিন্ধি সোলোকাই থওঁ সেই মুখা । মুখাৰ অবিহনে আমি জীয়াই থকাৰ কথা ভাবিবই নোৱাৰোঁ । তেনেহ'লে ভ্ৰমৰ এখন পৃথিৱীত আমি জীয়াই থকা নাই নে? তাই আৰু আমাৰ মাজত পাৰ্থক্য ক'ত? মাত্ৰ আমি মুখাৰ আঁৰত লুকুৱাই থওঁ আমাৰ মনৰ ৰৈ যোৱা বাসনাক আৰু তাই সেই মুখা নিপিন্ধি ৰৈ গ'ল সেই সময়ত যিখিনি সময় তাইৰ বুকুৰ আপোন আছিল । য'ত তাই সুখী হ'ব পৰাকৈ বুকুখন ভৰি আছিল ।
বতাহত ভাঁহি অহা উপনামবোৰে আমাক আমনি কৰিছিল । উপনামৰ দীঘলীয়া শোভাযাত্ৰাই কলীয়া মেঘৰ ৰূপ লৈ সময়বোৰ ধূসৰ কৰি পেলাইছিল । অৱশেষত এদিন তাইৰ মানসিক স্থিতিক ঘৰখনে মানি ল'বলৈ বাধ্য হৈছিল । মানসিক সন্তুলন ঘূৰাই অনা ঔষধে ডাইনিং টেবুল ভৰি পৰিছিল । কিন্তু তেতিয়ালৈ বহুত পলম হৈছিল । আধুনিক চিকিৎসা বিজ্ঞানে এটা নিৰ্দ্দিষ্ট সময়সীমাৰ ভিতৰত তাইৰ মানসিক স্থিতি ধৰি ৰাখিব পাৰিলে যদিও তাইক বৰ্তমানটো সম্পূৰ্ণকৈ ঘূৰাই দিবলৈ সক্ষম নহ'ল ।
এখন আৰামী চকীত বহি বাহিৰৰ পৃথিৱীৰ আলেখলেখ চাই থকা তাইৰ বাবে সময় এতিয়া অতীত । ধূসৰ চাৱনি, অবিন্যস্ত চুলি, অপৰিপাটী কাপোৰৰে তাই এতিয়া এখন বেলেগ জগতৰ নায়িকা । যিখন জগতত তাই ছক্ৰেটিছ । ছক্ৰেটিছৰূপী তাই নিজৰ লগতেই কথা পাতে, নিজৰ মাজতেই হাঁহে- কান্দে । নতুন নতুন চিন্তাৰে ভাৰাক্ৰান্ত হৈ পৰা তাইৰ মগজুটোক জিৰণি দিয়াৰ উদ্দেশ্যে দেউতাকে একাপ গাখীৰ চাহ তাইৰ হাতত তুলি দিয়ে । মাকৰ অবৰ্তমানক পাহৰি যোৱা তাই চাহৰ কাপত সোহা মাৰি দেউতাকক সোধে, "মা আজি অফিচৰ পৰা অহাই নাই নেকি?"

অন্যান্য

মধ্যৰাত্ৰে বেণু বাজে: অনুপম জীৱন-কথা অথবা সামাজিক দাপোন

মধ্যৰাত্ৰে বেণু বাজে: অনুপম জীৱন-কথা অথবা সামাজিক দাপোন

গতানুগতিক, নিৰাপদ আৰু প্ৰচলিত জীৱন ধাৰণৰ বিপৰীতে প্ৰগতিশীল, দূৰদৰ্শী, প্ৰত্যাহ্বানমূলক আৰু সৰ্বদা উৎসৰ্গীকৃত জীৱনশৈলীৰে ভীৰৰ মাজত অনুপম আদৰ্শৰ চানেকি প্ৰতিষ্ঠা কৰা মানৱীয় চৰিত্ৰসমূহে, কেতিয়াবা জীৱন কালতেই অথবা কেতিয়াবা হয়তো মৃত্যুৰ পিছত হ’লেও, সমাজত চৰ্চিত-বন্দিত আৰু…

জ্যোতিস্মৰণ: এজন নাট্যকাৰ হিচাপে জ্যোতি প্ৰসাদ-মোৰ দৃষ্টিত -নাট্যকাৰ-নাট পৰিচালক অবিনাশ শৰ্মাই যেনেকৈ ক’লে

জ্যোতিস্মৰণ: এজন নাট্যকাৰ হিচাপে জ্যোতি প্ৰসাদ-মোৰ দৃষ্টিত -নাট্যকাৰ-নাট পৰিচালক অবিনাশ শৰ্মাই যেনেকৈ ক’লে

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৰাম বিজয় নাটকৰ বহুদিন বিৰতিৰ পিছত গুণাভিৰাম বৰুৱাৰ ৰাম নৱমী আৰু ৰুদ্ৰৰাম বৰদলৈৰ কানীয়া কীৰ্তনেই অসমৰ ন্যট্য জগতৰ দুখন প্ৰথম উল্লেখযোগ্য নাটক।গুণাভিৰাম বৰুৱাই কলিকতাত থাকিয়েই পঢ়-শুনা কৰিছিল। সেই সময়ত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে বংগীয়…