সাগৰলৈ ধীয়ায় যি নদীয়েগতিৰ যতিত সেই নদী যদি হয় মোহনাতে স্তব্ধ
হ’ব অসাৰ্থক তাৰ গতি দুৰ্বাৰ ৷
কোনো নদীয়ে উভতি নবয়,
নাথাকে মোহনাৰ বালি-চাপৰিত ৰৈ
মোহনাৰ দ্বীপ হৃদয়ৰ দৰে হয়,
তাত নদী সিৰা-উপসিৰাৰে বয় ৷
পৰ্বত তাৰ মগজু, তাতেই তাৰ মনৰ সৃষ্টি
কামনাই তাৰ গতিক কৰে দুৰ্বাৰ
পলসে ৰচে কত’ ইতিহাস যাত্ৰাৰ,
কিন্ত সাগৰ যেন এক মহাকাল ৷
নদীৰ ইতিহাস অন্ত হয় য’ত,
তাতে ৰৈ থাকে চিৰকাল ৷
নদী ! বাসনা স্তব্ধ হল য’ততোৰ মিলনৰো তৃপ্তি হ’ল তাত ৷
হৰেকৃষ্ণ ডেকা
ফোনঃ ৯৮৫৪০২৩৬০২




