বৈ থকা নদীখন ৰৈ যোৱাৰ আতংকই
নিশাৰ মেদিনী কঁপায়
নিজৰাপাৰত যিজোপা কৃষ্ণচূড়ালৈ
খিৰিকীৰে মই ডিঙি মেলি চাওঁ
আৰু কিছুদিন পিছতেই অদৃশ্য হৈ পৰিব
সেই তেজৰঙী আকাশ
শীতৰ শুভ্ৰতাই শিৰৰ সেন্দুৰ মচি
মেৰিয়াই দিবহি যেন
শোক আৰু শান্তনাৰ এখনি চাদৰ
এনেকৈয়ে এদিন কাণত বাজিবহি
বেজেৰুৱা ব’হাগৰ বাঁহী
ইমান কৰুণ
যেন এটি শোকগাথা সুদুৰৰ
সগৰ্ভা সময়ৰ সম্ভাৰ
হেৰুওৱাৰ আশংকাই
বুকুৰ বীথিকা বিদাৰি যায়
মনৰ বতাহজাকে
আৱেগৰ চূড়াটোত
নিতৌ ৰঙীন নিচান উৰুৱায়।
ফোন: ৯৮৬৪২৩৮৯১৪



