ৰ’দ

✍নীলিম কুমাৰ

ৰ’দৰ কোনো ঘৰ নাই
সি য’তে ত’তে পৰি থাকে
মাটিত পানীত বালিত পাহাৰত
গছত ফুলত চৰাইৰ বাহত
চোতালত বাৰান্দাত ঘৰৰ চালত
ৰাস্তাত দেৱালত জাবৰত নলা-নৰ্দমাত
যতে ততে পৰি থাকে ৰ’দ

ৰ’দ অলপ জেদী
নোসোধাকৈয়ে মানুহৰ দুৱাৰেৰে
সোমাই আহে
সোমাই আহে খিৰিকীৰে
ভেণ্টিলেটৰেৰে
বেৰৰ জলঙাৰে
চালৰ ফুটাৰে৷

শোৱনিকোঠাতো সোমাই ৰ’দ
ৰান্ধনিঘৰতো সোমাই ৰ’দ
আনকি বাথৰুমতো, যদি ফুটা থাকে
দেখিবা সোমাই আহিছে ৰ’দ
আৰু সেই ৰ’দক  আমাৰ লাজ নালাগে

মানুহে ৰ’দৰ নাম থয়
সোণালী ৰ’দ, কোমল ৰ’দ
চোকা ৰ’দ, মিঠা ৰ’দ
কিছুমানে কয় টিকা ফটা
নাম থোৱাটো মানুহৰ পুৰণি বদভ্যাস
এজন কবিয়ে ৰ’দলৈ অপমান কৰিছিল
তেওঁ প্ৰেয়সীৰ উদ্দেশ্যে লিখিছিল–
‘তোমাক দেখি এনে লাগে যেন
তুমি গভীৰ ছাঁয়া
জীৱনটো কঠিন ৰ’দ……’

ৰ’দে কাৰো অন্যায় কৰা নাই
তথাপি আমি মাজে মাজে
ৰ’দক দুখ দিওঁ
জাৰকালি ৰ’দক কাষলৈ মাতো
আঁকোৱালি ধৰো কোলাত লওঁ
আৰু জহকালি
ৰ’দক খেদো
ছাতি লওঁ
ক’লা চচ্‌মা পিন্ধো
গালি দিওঁ

ৰ’দ কি আমাৰ দাস
যেতিয়াই ইচ্ছা মৰম কৰিম
যেতিয়াই ইচ্ছা গালি দিম

ৰ’দক লৈ তৰ্ক নকৰো
ৰ’দ নিজেই অঘৰী

কিজানি ৰ’দ এক অবোধ শিশু
সিদিনা দেখিলো
দহ মহলীয়া এটা ঘৰৰ ওপৰত
কেইজনমান মানুহে তাক ধৰিছে
আৰু উতলাবলৈ দিছে পানী
মানুহৰ গা ধোৱা পানী
পৰা হ’লে
আমাৰ সভ্যতাই ৰ’দক
চাকৰ কৰি ৰাখিলেহেঁতেন

কিন্তু ৰ’দ স্বাধীনচিতিয়া
নিৰ্বিকাৰ
অঘৰী

ৰ’দক লৈ তৰ্ক নকৰো|
ৰ’দ ভালে থাকক

কিজানি ৰ’দ এক শক্তিশালী পুৰুষ
এই চহৰৰ এগৰাকী নাৰীয়ে ৰ’দক ভাল পায়
তেওঁ ৰ’দৰ বাবে চকীবোৰ পাৰি থয়
খিৰিকীৰে আহি
ৰ’দ বহি থাকে তেওঁৰ চকীবোৰত
ৰ’দ যলৈকে যায়
চকীবোৰ তেওঁ তালৈকে তুলি লৈ যায়
তেওঁ ল’ৰাটোৰ নাম ৰাখিছে ৰ’দ
ছোৱালীজনীৰ নাম ৰাখিছে ৰ’দালি

কেৱল সেই নাৰীৰ বাবেই
ৰ’দ নাহে এই পৃথিৱীলৈ
ৰ’দ আহে সকলোৰে বাবে
ৰ’দে হাত মেলি দিয়ে
মানুহৰ পিনে

মানুহৰ ছালৰ মাজেৰে
মাংস আৰু হাড়ৰ মাজেৰে
ৰদ সৰকি যাব খোজে
মানুহৰ হৃদয়লৈ

অ’ পাহাৰ
তুমি অলপ হাউলি দিয়াচোন
ৰ’দ আহক
ৰ’দ আহক
ৰ’দ আহক ৷

নীলিম কুমাৰ
ফোনঃ ৯৯৫৪৬২৩০৪৩

অন্যান্য

বাৰ্চিলোনাৰ বিকল্প স্বতন্ত্ৰ চলচ্চিত্র মহোৎসৱ

বাৰ্চিলোনাৰ বিকল্প স্বতন্ত্ৰ চলচ্চিত্র মহোৎসৱ

স্পেইনৰ বাৰ্চিলোনা চহৰত যোৱা ১২ৰ পৰা ১৮ নৱেম্বৰ, ২০১৮ তাৰিখলৈ অনুষ্ঠিত হোৱা L ‘Alternativa 25 Festival de Cinema Independent de Barcelona আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰৰ বিচাৰক হিচাপে আমন্ত্ৰিত হোৱাটো মোৰ বাবে আছিল আনন্দদায়ক ৷…

পূৰ্বোত্তৰ ৰাজ্যৰ প্ৰথমখন পুথি প্ৰদৰ্শনী

পূৰ্বোত্তৰ ৰাজ্যৰ প্ৰথমখন পুথি প্ৰদৰ্শনী

আমাৰ ৰাজ্যৰ প্ৰথমখন পুথি প্ৰদৰ্শনী আৰু সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত দ্বিতীয়খন পুথি প্ৰদৰ্শনী বা আজিৰ ভাষাত গ্ৰন্থমেলা অনুষ্ঠিত হৈছিল ১৯৫৮ চনত, গুৱাহাটীৰ যশোবন্ত ৰ’ডত৷ ভাৰতবৰ্ষৰ দ্বিতীয়খন পুথি প্ৰদৰ্শনী বুলি এই কাৰণেই কোৱা হৈছে যে ১৯০৫ চনত কেৱল মাত্ৰ কলিকতা (কলকাতা)…

বিনিৰ্মাণ

বিনিৰ্মাণ

আমাৰ প্ৰায় সকলোৰে প্ৰায়ে এটা অত্যন্ত বিৰক্তিকৰ অভিজ্ঞতা হয়, যেতিয়া আমি কোনো সভালৈ যাওঁ,য’ত আদৰণি ভাষণ দিওঁতাৰ পৰা আৰম্ভ কৰি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰোঁতা, নিৰ্দিষ্ট বক্তা, বিশিষ্ট অতিথি, আমন্ত্ৰিত অতিথি, সভাপতি, সমজুৱাৰ দুআষাৰতো দুজনমানে মঞ্চত উপবিষ্ট সকলোকে পুনৰ…