জীৱনৰ বাটে বাটে ফুল ফুলাব খোজা ল’ৰাটো

পূৰবী শইকীয়া

অৱশেষত ৰাস্তাটো ভাল হ’ল৷ ছমাহমানৰ আগলৈকে যিহে অৱস্থা আছিল– বখলা-বখলে পিট্ছ এৰাই গৈ দ গাঁতৰ সৃষ্টি হৈছিল৷ বাৰিষা এজাক বৰষুণতে জাবৰে ওফন্দি থকা নলাই বহন কৰিব নোৱাৰা পানীবোৰ আহি অৱশ্যম্ভাৱীভাৱে গাঁতবোৰ দখল কৰিছিল৷ দোপালপিটা বৰষুণ হ’লেতো কথাই নাই, গোটেই ৰাস্তাটো পানীত ডুব যায়, নলাৰ আৱৰ্জনাবোৰ বাটলৈ উঠি আহে, মুঠতে নাক-কোঁচোৱা, খঙত টিকনি দাং খোৱা এটা অৱস্থা৷ পানী ঠেলি আগবাঢ়ি যোৱা গাড়ীয়ে সৃষ্টি কৰা হেন্দোলনি আহি পথচাৰীৰ উদং ভৰিত আচাৰ খাই পৰে, নক’লেও হ’ব পথচাৰীৰ মুখত অশ্ৰাব্য গালি, গালি ড্ৰাইভাৰক উদ্দেশ্যি, গালি মিউনিচিপাল কৰ্প’ৰেশ্যনক উদ্দেশ্যি, গালি চৰকাৰক উদ্দেশ্যি৷ বাৰিষাৰ বৰষুণৰ দিনততো কথাই নাই, খৰাং বতৰতো কেব, অট’, ই-ৰিক্সা, পেডেল ৰিক্সা কোনেও আহিব নোখোজে–হেঁকেৰ-পেকেৰ, হেঁকেৰ-পেকেৰ-কেব আৰু অট’ৰ ড্রাইভাৰে তেল বেছি খাইছে বুলি কয়, ই-ৰিক্সাচালকে স্প্রিং ভাগি যায়, চক্ আবজৰভাৰ ফাটি যায় বুলি কয়, ৰিক্সাচালকে চকাৰ স্প’ক ছিঙি যায় বুলি কয়–মুঠতে কিমান ভোৰভোৰনি৷নামিবৰ সময়ত আকৌ বিছ টকা বঢ়াই দিয়ক, ত্ৰিছ টকা বঢ়াই দিয়ক বুলি কেৰজেৰ। এতিয়া অন্ততঃ পেভাৰ ব্লক দিয়া ফিৰ্ফিৰিয়া ৰাস্তা। ৰাস্তা ভাল হোৱাৰ লগে লগে ভিৰো বাঢ়িল। চানমাৰিৰ পৰা ছয়মাইল-খানাপাৰালৈ অহা মানুহবোৰ এতিয়া চিৰিয়াখানাৰ কাষেদি সোমাই হেঙেৰাবাৰী হৈ এইফালে পোনাই দিয়ে, উঠেগৈ ডাউন-টাউনৰ ওচৰত – আৰ জি বৰুৱা ৰ’ডৰ ভিৰ, গণেশগুৰিৰ ভিৰ, চুপাৰমাৰ্কেট ফ্লাই-অ’ভাৰ বনাই থকাৰ বাবে হোৱা ভিৰ মুঠতে চব ভিৰ বাদ। ফলত ৰাস্তাটোৱেদি পুৱা পাঁচবজাৰ পৰা ৰাতি এঘাৰ বজালৈকে বাইকৰ শব্দ, টেম্পো, অট’ভানৰ শব্দ, পিক্আপ ভানবোৰৰ শব্দ, মুঠতে সাংঘাতিক কোলাহল। এই কোলাহলৰো উৰ্ধ্বত তীক্ষ্ণস্বৰত মাছ বেচোঁতা, পুৰণা লোহা-টিন-কাগজ বিচৰা মানুহৰ চিঞৰ আৰু বিভিন্ন মাতৰ হৰ্ণৰ আৰাও, ৰাতি দহবজাৰ পৰা পুৱা তিনিমান বজালৈকে শিল-বালি-মাটি কঢ়িওৱা ডাম্পাৰবিলাকৰ শব্দ, অ’ এফ চি, কেবল পাতিবলৈ অহা ঠিকাদাৰৰ মিস্ত্ৰী আৰু সিহঁতৰ ৰাস্তা ড্ৰিল কৰা ক্রলাৰখনৰ শব্দ – এক নিৰৱচ্ছিন্ন শব্দৰ কোলাহল।

এই কোলাহলৰ মাজতে মই দুপৰীয়াৰ কিছুসময় বেলকনিত বহোঁ আৰু অবশ্যম্ভাবীভাবে মোৰ দৃষ্টি নিবদ্ধ হয় ৰাস্তাটোত৷ গাড়ী-অট’ভান-বাইকৰ মিছিলৰ মাজতো চকুত ধৰা পৰে-কিছু সৰু সৰু দৃশ্য- এটা সৰু ল’ৰা আহে হাতত এডাল এছাৰি, ৰাস্তাৰ কাষৰ কচুৱনি, বন-হাবিবোৰ সি এফালৰ পৰা কোবাই কোবাই গৈ থাকে যেন উৰহৰ খং ভগা ঢাৰিতহে জাৰিছে, পিছে লাহে লাহে মোৰ অনুভৱ হ’ল ইয়াৰ মাজতো ল’ৰাটোৱে কিবা এক আনন্দ পায়- কেনেধৰণৰ আনন্দ এয়া৷ চকুত পৰে খোজকাঢ়ি যোৱা বনকৰা তিৰোতাবোৰ আৰু কাণত উফৰি আহে সিহঁতে কাণত চেপি ধৰা ম’বাইলটোত কাৰোবাৰ স’তে কথা-পতাৰ শব্দ, চকুত পৰে অকলশৰীয়া পথচাৰীয়ে ম’বাইলৰ স্ক্ৰীনত দৃষ্টি নিবদ্ধ কৰি বেপৰোৱাভাবে গৈ থকাৰ দৃশ্য, চকুত পৰে চৰকাৰী স্কুলৰ কিছু দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্ত পৰিয়ালৰ ছাত্ৰীবোৰে জাকপাতি কোঢ়াল কৰি অহা দৃশ্য৷

কিছুদিন ধৰি দৈনিক দিনৰ ডেৰমান বজাত এজন মানুহে এখন ঠেলাগাড়ী টানি লৈ যোৱা দেখিছোঁ, ঠেলাখনত পিছফালৰ পৰা ঠেলি যায় এটা সৰু সাত-আঠ বছৰীয়া ল’ৰাই। প্ৰথমতে একো ভবা নাছিলোঁ, এনেকৈয়ে কিছুদিন পাৰ হৈছিল। দিন বাগৰাৰ লগে লগে অকণমান ল’ৰাটোৱে ঠেলাখন পিছফালৰ পৰা ঠেলি গৈ থকা দৃশ্যটোৱে মোক কিছু আমনি কৰিলে আৰু এদিন ভাবিবলৈ আৰম্ভ কৰিলোঁ। তেতিয়াৰ পৰা গাড়ীখনত বোজাই কৰি নিয়া সামগ্ৰীবোৰ মন কৰিবলৈ ল’লোঁ– এলুমিনিয়ামৰ পাতেৰে ঢকা এখন দীঘলীয়া মেজ, তিনি-চাৰিখন প্লাষ্টিকৰ টুল, এটা গেছ চিলিণ্ডাৰ আৰু বাৰ্নাৰ, কেইটামান ছচপেন, কেৰাহী, দুখনমান ট্ৰে, এটা পানীৰ জাৰ আৰু এখন নীলা পলিথিন। সামগ্ৰীবোৰ খোলামেলাকৈয়ে যায়, ৰছীৰে বান্ধিও নিনিয়ে নাইবা পলিথিনেৰে ঢাকিও নিনিয়ে। ঠেলাখনৰ পিছে পিছে গৈ থকা ল’ৰাটো আৰু দীঘলীয়া মেজখনৰ ওপৰত তুলি নিয়া বাৰ্নাৰটো দেখি ভয়েই লাগে– কেনেবাকৈ বাৰ্নাৰটো পিছলি আহি ল’ৰাটোৰ মূৰত পৰেহি যদি। আৰু এই ল’ৰাটো, সদায় ভৰ দুপৰীয়াখন ঠেলাখন টানি নিয়া মানুহটোৰে কিয় লগত লৈ যায়? সি বনকৰা ল’ৰা নেকি? এদিন বেংকৰ পৰা ৰাস্তাটোৰে উভতি আহি থাকোঁতে এই ঠেলাখন মোৰ কাষেদিয়েই পাৰ হৈ গৈছিল– মই মন কৰিছিলোঁ এখন হালধীয়া কাপোৰ ঠেলাখনৰ ছাইডৰ ফ্ৰেমত বান্ধি থোৱা আছে। তাতে ৰঙা আখৰেৰে লিখা আছে ‘শ্ৰীগোপাল ফাষ্ট ফুড’।

মই সৰু ল’ৰাটোলৈ চালোঁ ভৰিত পিন্ধা হাৱাই ছেণ্ডেলযোৰৰ এপাটৰ ফিতা হালধীয়া ৰঙৰ আৰু আনপাটৰ ফিতা নীলা৷ ঠেলাখনৰ এই ছাইডটো মোৰ বেলকনিৰ পৰা মই দেখা নাপাওঁ বাবে ইমান দিনে গম পোৱা নাছিলোঁ৷ উভতি আহি থাকোঁতে মোৰ মনত ভাসমান হ’ল কিছু দৃশ্য- অকণমান ল’ৰাটোৱে গ্ৰাহকে খাই শেষ কৰা প্লেটবোৰ হাতত তুলি লৈছে, প্লেটৰ ওপৰত পুৰীৰ তেল আৰু চব্ জিয়ে লেতেৰা কৰা কাগজবোৰ সি ফুটপাথৰ কাষতে পাতি লোৱা আৱৰ্জনা পেলোৱা বাল্টিটোত দলিয়াই দিছে, প্লেটবোৰ এখন ভিজা কাপোৰেৰে মচি দীঘলীয়া মেজখনত সজাইছে…৷ ঘৰলৈ আহি হাত-মুখ ধুই এপলক বিছনাত জিৰাওঁ বুলি দীঘল দিও ল’ৰাটোৰ বিন্দু বিন্দু ঘামেৰে ৰঙচুৱা মুখখন, সি পিন্ধি থকা ভাটৌৰঙী টি ছাৰ্টটো, মাখনবুলীয়া পেন্টটো, তাৰ ভৰিৰ ছেণ্ডেলযোৰ আৰু খৰখোজকেইটাই মোক আমনি কৰিলে৷ এই ঠেলাখন টানি নিয়া মানুহজন কোন হয় ? মানুহজন ‘শ্ৰীগোপাল ফাষ্টফুডৰ’ কাৰিকৰ নে মালিক? নাই বেলেগ মালিক থাকিব, নোৱাৰে এই ঠেলা টানি নিয়া মানুহজনেই মালিক হ’ব লাগিব কিয়নো এনেধৰণৰ ক্ষুদ্ৰতম ব্যৱসায়ৰ পৰা হোৱা আয়ে বেলেগ কাৰিকৰ আৰু সহায়কাৰী ৰূপত অতিৰিক্ত দুজন মানুহৰ হাজিৰা দিবৰ বাবে যথেষ্ট হ’ব নোৱাৰে৷ নিশ্চিতভাৱে ঠেলা টানি নিয়া মানুহজনেই গোপাল, যিজন নিজেই মালিক, কাৰিকৰ আৰু পৰিৱেশনকাৰী৷ তেন্তে এই সৰু ল’ৰাটো কোন? আজিকালিতো শিশু শ্ৰমিক নিয়োগ কৰাটো আইনী অপৰাধ আৰু দণ্ডনীয়৷ তেন্তে এই ল’ৰাটো গোপালৰ একেবাৰে নিকটৱৰ্তী আত্মীয় নেকি? হয়তো, মানে হয়েই, এই ল’ৰাটো গোপালৰ পুতেকেই হ’ব লাগিব৷ যদি পুতেক হয় ল’ৰাটোৰ মাকো থাকিব লাগিব, নে মাক নাই? ল’ৰাটোৱে স্কুল যায়নে নেযায়৷ চৰকাৰী স্কুলবোৰ আজিকালি বাৰ বজাতেই ছুটী হয়৷ যদিহে ল’ৰাটো স্কুললৈ যায় তেনেহ’লে স্কুলৰ পৰা উভতি আহি সি এতিয়া জিৰণি লোৱা সময়৷ কিন্তু এই সময়খিনিত সি দেখোন কপালৰ ঘাম মাটিত পেলাই ৰ’দত দেউতাকৰ লগতে ঠেলাখন ঠেলি গৈ আছে৷ এনেকুৱা নেকি, ল’ৰাটোৰ মাক নাই আৰু বিশ্বাসযোগ্য কোনো মানুহো নাই যাৰ হাতত ল’ৰাটো থৈ আহিব পাৰে৷ আজিকালি যিহে দিনকাল পৰিছে-শিশু অপহৰণ, শিশুক যৌন নিৰ্যাতন এনে ঘটনা অহৰহ ঘটি আছে৷ সেইবাবে গোপালে লগতে লৈ আহে চাগে, চকুৰ আগতে থাকিব ল’ৰাটো, অলপ-অচৰপ সহায়ো কৰি দিব৷ মহানগৰীৰ বুকুত ঠেক দীঘলীয়া ঘৰবোৰৰ একোঠীয়া কোঠাত বাস কৰা সহস্ৰ শ্ৰমজীৱীয়ে পদপথত কৰা এনে সৰু সৰু ব্যৱসায়েৰে কোনোমতে নিজৰ ভাতকথা মোকলাইছে, ল’ৰা-ছোৱালীক পোহপাল দিবলৈ চেষ্টা কৰিছে৷ এই মহানগৰীত প্ৰতিৱেশী আছে কোনো আপোন নহয়, সহকৰ্মী আছে কোনো বন্ধু নহয়, মানুহ আছে বহুত মানুহ, কিন্তু ইজনে সিজনক বিশ্বাস নকৰে-আস্থাত নলয়, প্ৰতিজন প্ৰতিজনৰে প্ৰতিদ্বন্দ্বী৷ সেই নিশা বহুপৰলৈ মোৰ টোপনি অহা নাছিল৷ মোৰ মনলৈ আহিছিল সত্যজিত ৰায়ৰ ‘পথেৰ-পাঁচালী’ৰ অপু আৰু দুৰ্গাৰ শৈশৱ-কৈশোৰৰ মাজৰ দিনবোৰৰ কথা৷ অত্যন্ত দৰিদ্ৰ পৰিয়ালৰ সন্তান হৈও সিহঁতৰ মনবোৰে শিশুৰ স্বাভাৱিক প্ৰবৃত্তিৰে আনন্দ বিচাৰি পাইছিল প্ৰকৃতিৰ বুকুত-বাৰীত ফল-মূল বোটলাৰ আনন্দ, বৰষুণত তিতাৰ আনন্দ, চেউৰী-দামুৰীৰ পিছে পিছে দৌৰি খেদি নিয়াৰ আনন্দ, হাবিতলীয়া ঠাইত ৰান্ধিব নজনা ল’ৰা-ছোৱালীবোৰে লগ পাতি চাউলীয়া ভাত আৰু বেঙেনাপোৰাৰে বনভোজ খোৱাৰ আনন্দ৷ আৰু মনলৈ আহিছিল চিনেমাৰ সেই অবিস্মৰণীয় দৃশ্য- এটা পেনাৰমিক শ্বট… কঁহুৱা বন-ফালি–দৌৰিছে আগে আগে দুৰ্গা, পিছে পিছে অপু৷ প্ৰকৃতিৰ সেই অনাবিল পৰিবেশত বিলীন হৈ যোৱাৰ আনন্দৰ মুহূৰ্তত ৰিণিকি ৰিণিকিকৈ কাণত আহি পৰিছে ৰে’লৰ ভাপ ইঞ্জিনৰ ঝক ঝক শব্দ; কাণ থিয় কৰি ৰৈছিল দুৰ্গা আৰু অপু আৰু তাৰ পিছত দৌৰছিল কঁহুৱা ফালি ৰে’ল লাইনৰ ফালে- সিহঁতে ৰে’ল চাব প্ৰথমবাৰৰ বাবে…৷ মোক পুনৰ আমনি কৰিছিল গোপালৰ পুতেকৰ সেই বিন্দু বিন্দু ঘামে ভৰা মুখখন আৰু ঠেলাখন ঠেলি দিয়া দৃশ্যই৷ তাৰো যদি দুৰ্গাৰ দৰে বায়েক এজনী থাকিলহেঁতেন৷

দেবুৰ স’তে মোৰ বিয়াৰ কিছুদিনৰ পিছত দেবুৰ সম্পৰ্কীয় বায়েক এজনী তেওঁৰ সৰু ল’ৰা-ছোৱালী এহাল লগত লৈ দুনিশা থকাকৈ আমাৰ ঘৰলৈ আহিছিল৷ ভিনদেউৰ পুলিচ কনিষ্টবলৰ চাকৰি, ভিনদেউৰ ছুটী নোপোৱাৰ বাবে আমাৰ বিয়ালৈ আহিব পৰা নাছিল৷ ভিনদেউৰ এইবাৰো ছুটী নাই বাবে বাইদেৱে ল’ৰা-ছোৱালীহাল লৈ নিজেই আহিল৷ উভতি যোৱাৰ পৰত শাহুমায়ে লৰা-ছোৱালী দুটাৰ প্ৰত্যেককে দিছিল পাঁচ টকাকৈ, লজেঞ্চ কিনিবৰ বাবে৷দেবুৰ বৌৱেকে ল’ৰা-ছোৱালীহালক জোকাই সুধিলে- ‘পাঁচ টকাৰে কি কৰিবা?’

ছোৱালীজনীয়ে ক’লে- ‘মাক দি দিম’ ল’ৰাটোৱে ক’লে- ‘পিতাইক দিম’ বৌৱেকে আকৌ সুধিলে-‘পিতাইক কিয় দিবা?’ অকণমান ল’ৰাটোৱে উত্তৰ দিলে– ‘পিতায়ে চেৰাপ খাব৷’  ‘পিতায়ে চেৰাপ খালে তুমি ভাল পোৱা নেকি?’- বৌৱেকে সুধিলে৷

‘পিতায়ে গধূলি চেৰাপ খাই আহিলে আমাক দুয়োটাকে খুব মৰম কৰে আৰু মাকো মৰম কৰে৷ চেৰাপ নেখালে গোমোঠা মাৰি-লেম্পৰ পোহৰত বাতৰি কাকত পঢ়ি থাকে৷’

সেই কণমানি ল’ৰাটোৰ উত্তৰটো মোৰ মনলৈ প্ৰায়ে আহি থাকে৷ শিশুৰ বাবে মাক-দেউতাক আৰু আপোনজনৰ প্ৰকাশ্য মৰম আদৰ-চেনেহৰ কিমান প্ৰয়োজন সেয়া মই বাৰুকৈয়ে অনুভৱ কৰিছিলোঁ৷ এই যে গোপালৰ সৰু ল’ৰাটো, সিও নিশ্চয় বিচাৰে দেউতাকৰ আদৰ-মৰম৷

 ৰাতিৰ আহাৰৰ পিছত মই প্ৰায়ে বেলকনিত কিছুপৰ বহোঁ৷ ৰাতি চাৰে ন মান বজাত গোপাল ওভতে ঠেলাখন টানি টানি, আগে আগে সৰু ল’ৰাটো৷ নিশা ওভতাৰ সময়ত দেউতাকৰ আগে আগে গৈ থকা অকণমান ল’ৰাটোৱে কিবা কৈ যোৱা শুনো আৰু দেউতাকেও উত্তৰ দিয়ে৷ অৱশ্যে ৰাস্তাৰ কোলাহলৰ বাবে কিনো কথা পাতে সেয়া বুজি নাপাওঁ৷ কেতিয়াবা আকৌ গোপালে অকলেই ঠেলাখন লৈ উভতি আহে৷ ল’ৰাটো ক’ত? কেতিয়াবা চাগে দেউতাকে লগত নিনিয়ে৷ এনিশাৰ কথা- ভাত খোৱাৰ পিছত মই বেলকনিত বহিছিলোঁ, ‘চেঁচা বতাহ এজাক বলি আছিল আৰু আকাশত ডাৱৰে গোজৰণি তুলি বিজুলীয়াইছিল৷ কিছুসময় পিছতে বৰষুণ এজাক আহিল- খোজেৰে অহা মানুহবোৰে খৰকৈ গৈ ওচৰৰ দোকানৰ বাৰাণ্ডাত আশ্ৰয় ল’লেগৈ৷ বাইক, গাড়ীবোৰৰ হৰ্ন জোৰেৰে বাজিবলৈ ধৰিলে৷ এনেতে দেখিলোঁ ঠেলাখন টানি টানি সেইটো গোপাল- মুৰটো কাপোৰ এখনেৰে ঢাকি লৈছে, ঠিক আমাৰ গেটৰ ওচৰ পাওঁতেই দেখা পালোঁ ৰাস্তাৰ সিফালৰ পৰা সৰু ল’ৰা এটাই ডাঙৰ ছাতি এটা লৈ কোবাকুবিকৈ আহিছে৷ ল’ৰাটোক দেখি গোপাল ৰৈ গ’ল৷ বাইক আৰু গাড়ীবোৰ পাৰ হৈ যোৱাৰ মাজৰ সময়খিনিতে ল’ৰাটো দৌৰি ৰাস্তাৰে পাৰ হৈ গোপালৰ ওচৰত ৰৈ গ’ল আৰু ছাতিটো গোপাললৈ আগবঢ়াই দিলে৷ উৱা, এইটো দেখোন গোপালৰ পুতেক৷ অকণমান ল’ৰাটোৰ দেউতাকক লৈ কিমান চিন্তা৷

সত্যজিত ৰায়ৰ ‘পথেৰ পাঁচালী’ৰ সেই দৃশ্যটো মনলৈ আহিছিল বাৰে বাৰে ধুমুহা-বৰষুণে বিধ্বস্ত কৰা দুৰ্গাবিহীন ঘৰটোত একমাত্ৰ মাকক এৰি অপু ওলাই আহিছে তাৰ স্কুললৈ,.. চোতালত দুখোজমান দিয়াৰ পিছতে চকু গ’ল আকাশলৈ৷ আকাশখন কলীয়া ডাৱৰে ঢাকি ধৰিছে৷ সি ততাতৈয়াকৈ উভতি আহিল ঘৰলৈ, দেউতাকে এৰি থৈ যোৱা ছাতিটো বিচাৰি লৈ সি কাষলতিৰ তলত চেপা মাৰি স্কুললৈ বুলি ওলাই গ’ল৷ শ্বটটো বৰ অৰ্থৱহ… দেউতাক নথকা ঘৰখনত এদিন বৰষুণত তিতাৰ আনন্দত মচণ্ডল হৈছিল দুৰ্গা আৰু অপু৷ বৰষুণৰ কোব বাঢ়ি অহাত অপু দৌৰি আহিছিল গছৰ তললৈ৷ দুৰ্গাও আহিছিল কিন্তু পলমকৈ৷ বৰষুণৰ প্ৰকোপ বাঢ়ি গৈছিল৷ দুৰ্গাই পিন্ধি থকা শাড়ীখনেৰে অপুক মেৰিয়াই ধৰিছিল যাতে অপুৰ গাত ঠাণ্ডা নালাগে৷ ঘৰলৈ উভতি আহি দুৰ্গাব জ্বৰ উঠিছিল- তীব্ৰ জ্বৰ৷ গাঁৱৰ ডাক্তৰে দুৰ্গাক চাই কৈছিল ঠাণ্ডা নলগাবলৈ৷ দুৰ্গাৰ জ্বৰ নেৰিলে আৰু এটা নিশাত হোৱা তীব্ৰ ধুমুহা আৰু বৰষুণজাকে সিহঁতৰ ঘৰখন বিধ্বস্ত কৰিছিল৷ বতাহে উৰুৱাই নিয়া ঘৰৰ চাল আৰু ভগাবেৰৰ মাজেৰে সোমাই আহিল বৰষুণৰ পানী৷ ৰাতিপুৱালৈ দুৰ্গা ঢুকাল৷ বিধ্বস্তু ঘৰখনত ৰৈ গৈছিল দুটি প্ৰাণী অপু আৰু মাক…৷ স্কুললৈ ওলাই যোৱাৰ সময়ত আকাশত কলীয়া ডাৱৰ দেখি অপু খৰখেদাকৈ উভতি আহিছিল ছাতিটো ল’বলৈ৷ সি পুনৰ এবাৰ বৰষুণত তিতিব নোখোজে কিয়নো তাৰ বাহিৰে মাকৰ আৰু কোনো নাই৷

জি এছ ৰ’ড হৈ চিটিবাছেৰে আহিলে আমাৰ ষ্টপেজত নামি মই ঘৰলৈ খোজেৰেই আহো৷ অ’ এফ চি কেবল পঁতা মানুহবোৰে পেভাৰব্লক দিয়া ৰাস্তাটোৰ একাষে প্ৰায় পঞ্চাছ মিটাৰ দুৰে দুৰে চাৰিচুকীয়া গাঁত খান্দিছিল৷ অবশ্যে গাঁতবোৰৰ চৌকাষে সৰু সৰু খুঁটি পুতি ৰঙা-বগা ৰিবন লগাই থৈছিল যাতে পথচাৰী আৰু গাড়ীচালক সকল সাৱধান হয়৷ এনেয়ে ৰাস্তাটো ঠেক, এতিয়া বৰ্গাকাৰ গাঁতবোৰৰ কাৰণে ৰাস্তাটো আৰু ঠেক হৈ পৰিল, দুখন গাড়ী পাৰ হ’বলৈ হ’লে কোনোবা এখন ৰৈ দিব লাগে, যান-জঁট বাঢ়িলহে৷ এদিন এনেকৈ খোজেৰে আহি থাকোঁতে মোৰ কাষেৰে গোপালৰ ফাষ্টফুডৰ ঠেলাখন পাৰ হৈ গৈছিল৷’

পিছফালৰ পৰা ঠেলাখন ঠেলি যোৱা কণমানি ল’ৰাটোৱে আগফালে ঠেলাখন টানি যোৱা দেউতাকক কৈছে- ‘অ’ দেউতা, আমাৰো ৰঙা-নীলা বহল ছাতিটো কিনিবিচোন৷ মানুহে ছাঁৰ তলত কিনিও ভাল পাব, আমিও ছাঁ পাই থাকিম৷’

দেউতাকে ভেকাহি মাৰিলে- ‘হ’ব, ৰাস্তালৈ চকু দে৷’

ৰাস্তাটোত সঁচাকৈয়ে বৰ ভিৰ, মই দহ খোজমান আহিছোঁহে হঠাৎ গাড়ী আৰু বাইকৰ ব্ৰেক মৰা শব্দ৷ মই সচকিত হৈ উভতি চাই দেখিলোঁ ৰিবনেৰে ঘেৰা গাঁত এটাত পৰাৰ পৰা বাচিবলৈ গৈ বাইক এখনে কথমপিহে ‘শ্ৰীগোপাল ফাষ্ট ফুড’ ঠেলাখন খুন্দা নামাৰি বেঁকাকৈ ওলাই আহিল৷ কিন্তু পিছে পিছে আহি থকা কেবখন ব্ৰেক মাৰি ৰৈ গ’ল৷ গোপালে ঘটনাৰ আকস্মিকতাত ঠেলাখন চম্ভালিব নোৱাৰিলে আৰু কাষৰ খুঁটি আৰু ৰিবন মহতিয়াই ঠেলাখনৰ এটা চকা গাঁতটোত পৰিল৷ হেলনীয়া হৈ পৰা গাড়ীখনৰ পৰা চুঁচৰি আহি ৰাস্তাত পৰিল দুখনমান ট্ৰে৷ ট্ৰেৰ পৰা ছিটিকি পৰিল ঘৰতে সাজি অনা চিঙাৰা আৰু কাটলেট৷ গোপালৰ কণমান ল’ৰাটোৱে ‘অ’ দেউতা’ বুলি চিঞৰ এটা মাৰি ৰাস্তাত সিঁচৰতি হৈ পৰা চিঙাৰা আৰু কাটলেটবোৰলৈ চাই ৰ’ল৷ তাৰ পিছত সি-চিঙাৰা এটা হাতত তুলি ল’লে-কেঁচা ময়দাৰ গাত ৰাস্তাৰ মিহি শিল- বালিৰ টুকুৰাবোৰ বাৰুকৈয়ে লাগিল৷ এইবাৰ আনখন হাতেৰে সি কাটলেট এটা তুলি চালে সেইটোৰো অৱস্থা তথৈবচ৷ সি এখন্তেক চাই ৰ’ল আৰু ‘হাতৰ চিঙাৰা আৰু কাটলেটকেইটা দলিয়াই দিলে ৰাস্তাৰ কাষৰ নলাটোলৈ, দলিয়াই দিলে ৰাস্তাত সিঁচৰতি হৈ পৰা বাকী চিঙাৰা কাটলেটবোৰ-নলাটোলৈ৷ ঠেলাখনৰ পিছফালৰ ৰেলিং ডালত ধৰি সি দেউতাকক ক’লে- ‘দেউতা ব’ল, দোকান পতা ঠাইখন পাবগৈ লাগিব৷’

পূৰবী শইকীয়া

ফোন: ৯৪৩৫৩৫০৭৪৫

অন্যান্য

THE ESSENCE OF MANAGEMENT SYSTEM STANDARDS

The purpose of existence of any organization is to satisfy the requirements of its customers and stakeholders. Customers are anyone who receives product(s) and/or service(s). They accept product(s) and/or service(s) because they have need(s). The organization can…

From Muscat to Baku

From Muscat to Baku

Azerbaijan a country where mountains, desert and sea coexists having its borders with four countries and the sea. From cobblestone streets, fortress walls, Zoroastrian fire temples to Islamic architectures, from streets once passed by the Silk Road traders to the…