মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৰাম বিজয় নাটকৰ বহুদিন বিৰতিৰ পিছত গুণাভিৰাম বৰুৱাৰ ৰাম নৱমী আৰু ৰুদ্ৰৰাম বৰদলৈৰ কানীয়া কীৰ্তনেই অসমৰ ন্যট্য জগতৰ দুখন প্ৰথম উল্লেখযোগ্য নাটক।
গুণাভিৰাম বৰুৱাই কলিকতাত থাকিয়েই পঢ়-শুনা কৰিছিল। সেই সময়ত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে বংগীয় নৱজাগৰণৰ সূচনা কৰিছিল। বিধৱা বিবাহৰ সপক্ষে মাত মাতিছিল, সতীদাহ প্ৰথাৰ বিৰোধিতা কৰিছিল, সামাজিক বৈষম্যৰ কথা কৈছিল আৰু পশ্চিমীয়া শিক্ষাৰ ভাল গুণবোৰ মানুহক দেখুৱাইছিল।
সেই বতাহত স্নান কৰা গুণাভিৰামে, ৰাম আৰু নৱমী দুটা চৰিত্ৰ লৈ বিধৱা বিবাহৰ সমৰ্থনত মতবাদ উথাপন কৰিছিল, যদিও জনজাতি প্ৰধান আৰু জনজাতিৰ সহজ-সৰল মানসিকতাত আপ্লুত অসমীয়া সমাজত-কিছু তথাকথিত উচ্চ বৰ্ণীয় সমাজৰ বাহিৰে-সেইবিলাক একো গুৰুতৰ সমস্যা নাছিল।
কলিকতাত পঢ়ি থাকোঁতে জ্যোতি প্ৰসাদে খুব নাটক আৰু চিনেমা চাইছিল আৰু সেইবিলাকৰ পৰা নিশ্চিত ভাৱে অনুপ্ৰেৰণা পাইছিল ।কলিকতাত তেওঁ পঢ়া শুনাত প্ৰায় একেবাৰেই মন কাণ দিয়া নাছিল আৰু নাটক চিনেমাৰ কথাবোৰেহে তেওঁ মন-মগজুক ব্যতিব্যস্ত কৰি ৰাখিছিল। ঈশ্বৰচন্দ্ৰ- গুণাভিৰামহঁতৰ মুক্ত চিন্তাৰ-সমাজ পৰিবৰ্তনৰ বতাহেও জ্যোতিপ্ৰসাদক ভালকৈয়ে কোবাইছিল।
ইতিমধ্যে নৱম শ্ৰেণীত থাকোঁতেই তেওঁ শোণিত কুঁৱৰী নাটকখন লিখিছিল ।তেওঁৰ মন কেতিয়াও পৰিয়ালৰ বিশাল ব্যৱসায় আৰু সম্পত্তিৰ প্ৰতি আকৰ্ষিত হোৱা নাছিল। সৰুৰে পৰা তেওঁ তেনেকুৱা আছিল ।এক প্ৰাকৃতিক বিশুদ্ধতা আৰু পবিত্ৰতাৰ প্ৰতি তেওঁ দৃষ্টি নিবদ্ধ আছিল ।তেওঁৰ মাকৰ সাংস্কৃতিক ধ্যান-ধাৰণাই শিশু বা চেমনীয়া জ্যোতি প্ৰসাদক এক প্ৰকাৰৰ মুগ্ধ আৰু মোহাছন্ন কৰি ৰাখিছিল।
এই শুদ্ধতা আৰু Perfectionist হোৱাৰ বাসনাই, তেওঁক শোণিত কুঁৱৰী নাটকখন (লগতে বাণীকান্ত কাকতিৰ প্ৰৰোচনাত) বহুবাৰ revise আৰু পৰিবৰ্তন-পৰিশোধন-সংশোধন-সংবৰ্ব্ধন কৰাইছিল আৰু অৱশেষত ১৯২৫ চনতহে তেওঁ সেইখন প্ৰকাশ কৰিছিল।
জ্যোতি প্ৰসাদৰ ওপৰত তেওঁৰ মাকৰ প্ৰভাৱেই আটাইতকৈ গভীৰ আছিল। গৃহস্থ বিশাল ব্যৱসায়িক সাম্ৰাজ্যৰ গৰাকী, ঘৰত অনবৰতে মাটিগিৰী মহাজনৰ ঘৰত চলি থকা চাকৰ-বাকৰ, গাড়ী-ঘোঁৰা, বিভিন্ন মানুহৰ আহ-যাহ, কথা-বাৰ্তা আৰু সৰ্বোপৰি ৰাজস্থানৰ পৰা মাত্ৰ দুই-তিনিটা পুৰুষৰ আগতে অহা মানুহ এঘৰৰ নিয়ম নীতি, আদব-কায়দাৰ বিপৰীতে, গমিৰিঘাটৰ সেই মহিলাগৰাকীৰ উপস্থিতি আৰু স্পৰ্শই এক নিভাঁজ অসমীয়া পৰিবেশ সৃষ্টি কৰি তুলিছিল, যি একে সময়তে অভিজাত্যৰ পোছাকো পিন্ধিছিল আৰু আনহাতে সহজ-সৰল অসমীয়া গ্ৰাম্যসমাজৰ মাত-কথা, ব্যৱহাৰ-আচৰণ, ৰীতি-নীতি, জীৱন-যাপন সকলো প্ৰতিফলিত কৰিছিল।
পুৰুষতান্ত্ৰিক ভাৰতীয় সমাজৰ দাম্ভিকতা আৰু বলৰ বা শক্তিৰ প্ৰভাৱৰ বিপৰীতে অসমৰ ‘মাতৃ’ এগৰাকীৰ এনে প্ৰভাৱ সঁচাকৈয়ে লক্ষণীয়।
সেয়েহে অসমীয়া আই নাম, বিয়া নাম, নিচুকনি গীত, আখ্যান-উপাখ্যান আদি জ্যোতি প্ৰসাদৰ সাহিত্যত তথা সৃষ্ট নাটক বিলাকত অৱলীলাক্ৰমে সোমাই পৰিছিল।
পৃথিৱীৰ সকলো মাতৃ একে হ'লেও-মমতাময়ী চৰিত্ৰ পৃথিৱীৰ সকলো মাতৃৰে মাজত সকলো সময়তে প্ৰতিভাত আৰু উজ্জীৱিত হ'লেও, অসমৰ মাতৃ প্ৰধান সমাজৰ মাতৃ এগৰাকীৰ যি সাংস্কৃতিক সত্বা আহৰণ আৰু বিতৰণৰ সামৰ্থ্য তথা ক্ষমতা, সেয়া যে অতুলনীয়, জ্যোতিপ্ৰসাদেই তাৰ প্ৰমাণ।
এই কথাই জ্যোতি প্ৰসাদক নৈৰ্বক্তিক কৰি পেলালে-ব্যক্তিৰ পৰা তেওঁৰ সমষ্টিলৈ উত্তৰণ ঘটিল। তেওঁ বৃহত্তৰ জনসমষ্টিৰ কথা ভাবিবলৈ ল'লে, যিবিলাক কথা পৰৱৰ্তী কালত তেওঁৰ সাহিত্য কীৰ্তি আৰু অন্যান্য কাম-কাজত প্ৰতিফলিত হ'ল।
এটা কথা অনস্বীকাৰ্য যে প্ৰতিজন নাট্যকাৰ প্ৰকৃততে এজন কবি। শ্বেক্সপীয়াৰ, কালিদাস, ভাস (মৃছ্ছকটিকাখ্যাত) ৰ পৰা অৰুণ শৰ্মালৈকে এই কবিসত্ত্বাৰ অস্তিত্ব আমি দেখিছোঁ। জ্যোতিপ্ৰসাদো তাৰ ব্যতিক্ৰম নহয়।
কিন্তু কবিতাৰ পৰা সুৰময় গানলৈ জ্যোতি প্ৰসাদে নিজকে এনেকে ঢাল খুৱাই নিলে যে তেওঁ নাটকৰ কাৰণে গান লিখিলে নে গানৰ কাৰণে নাটক লিখিলে বুজা টান হৈ পৰিল। এই কথাটো মই ডক্টৰ বীৰেন্দ্ৰনাথ দত্তৰ লগত আলোচনা কৰিছিলোঁ আৰু আমি একমত হৈছিলোঁ যে জ্যোতি প্ৰসাদে গানক অত্যধিক বা অধিক গুৰুত্ব দিছিল।
এই কথাটো ৰূপালীম নাটকত স্পষ্ট হৈ পৰে। মণিমুগ্ধ হ'ল এজন বৌদ্ধধৰ্মীয় জনজাতীয় পাহাৰীয়া ৰজা বা ৰাজকোঁৱৰ।পাহাৰীয়া মণিমুগ্ধ বৌদ্ধধৰ্মীয় বুলি তেওঁ পোনপটীয়াকৈ কোৱা নাই। কিন্তু পৰিৱেশ-পৰিস্থিতিৰ পৰা তেওঁক বৌদ্ধ ধৰ্মালম্বী হয় ভূটানৰ, নহয় নেফাৰ মানুহ বুলি চিনাকি দিয়ে। জনজাতীয় মানুহৰ জীৱন ছন্দৰেহে প্ৰবাহিত হয়; সুৰ নিতান্তই গৌণ। কিন্তু ৰূপালীম নাটকত যিবোৰ গান সংযোজন কৰা হৈছে, সেইবোৰ দৰাচলতে তাত খাপ নাখায়।
গতিকে এজন নাট পৰিচালক হিচাপে মই এই কথাটোত অসুবিধা পাওঁ, কাৰণ নাটকবিলাকত কৰিবলৈ একো নাই। জ্যোতি প্ৰসাদে সকলো বান্ধি গৈ দিছে, Stage details পৰ্যন্ত সকলো।
শোণিত কুঁৱৰী নাটকতো তেওঁ Dramatic element বহুত বেছি ব্যৱহাৰ কৰিছিল। এইখন বুৰঞ্জীমূলক নাটকৰ দৰে ৰচনা কৰা হৈছিল যদিও গোটেই আখ্যানটো কিংবদন্তীমূলকহে আছিল। তাক ইতিহাসৰ গঢ়ত তুলিবৰ কাৰণে তেওঁ যথেষ্ট কল্পনাশক্তিৰ পৰিচয় দিছিল, যাৰ ফলত নাটকখন জীৱন্ত ৰূপত উদ্ভাসিত হৈছিল।
এইখন নাটক বা চৰিত্ৰক প্ৰশ্ন কৰিবলৈ কোনো অৱকাশ নাই, কাৰণ জ্যোতিপ্ৰসাদে উষাক, কামৰূপ জীয়ৰী অমৃতপ্ৰভা বা শিল্প-জ্ঞান পিয়াসী গাৰ্গী আদিৰ নিচিনাকৈ প্ৰক্ষেপ কৰিছিল। (বিষ্ণু ৰাভাই উষাক ভাৰতৰ প্ৰথম্ নৃত্য শিল্পী বুলিয়ে কৈছে কাৰণ পাৰ্বতীয়ে উষাক প্ৰথম নৃত্যশাস্ত্ৰৰ শিক্ষা দিছিল- পৰ্বতিত্বনু শাস্তি স্ম নাত্যং বাণাত্মজানুযাম)এই নাটকখনক চূড়ান্ত ৰূপ দিয়াৰ ক্ষেত্ৰত কিয় ইমান পলম হৈছিল তাৰ বহুতো কাৰণ আছে। সেইবোৰ কাৰক অতিক্ৰমি যেতিয়া নাটকখন সম্পূৰ্ণ হ’ল, তেতিয়াই ই ৰূপালীম বা কাৰেঙৰ লিগিৰীৰ সমকক্ষ নহলেও নিজৰ বাবে এক সুকীযা আসন সৃষ্টি কৰিবলৈ সক্ষম হ'ল।
আমাৰ আজিৰ বিংশ শতিকাৰ বা একবিংশ শতিকাৰ নাট্যকাৰ যেনে অৰুণ শৰ্মা (আহাৰ, নিবাৰণ ভট্ৰাচাৰ্য আদি) বা হিমেন বৰঠাকুৰৰ দৰে নাট্যকাৰে মানুহৰ তীব্ৰ মানসিক দ্বন্দৰ কথা লিখিছে- দেখুৱাইছে বা তেনে কথালৈ ইংগিত দিছে। জ্যোতিপ্ৰসাদেও তেনে মানসিক সংঘাতৰ কথা কৈছে ৰূপালীম, কাৰেঙৰ লিগিৰীতো আৰু নিমাতী কইনা নাটকটো। তাত কিন্ত মই আধুনিক নাটকৰ দৰে কোনো তৰপ লক্ষ্য কৰা নাই। কিন্ত তেনে কথা থাকিবও পাৰে। কাৰণ জ্যোতিপ্ৰসাদ প্ৰখৰ অন্তৰ্দৃষ্টিসম্পন্ন ব্যক্তি আছিল। তেওঁ নিজৰ বিশ্বাস আৰু প্ৰত্যয় ইমান প্ৰখৰ আৰু গভীৰ আছিল যে কিবা গুৰুত্বপূৰ্ণ কথা বা উদ্দেশ্য সমুখত নৰখাকৈ তেওঁ কিবা কাম কৰিছিল বুলি বিশ্বাস নহয়। তেওঁৰ আত্মপ্ৰত্যয়ৰ এক শক্তিশালী চানেকি হ’ল যে, বিদেশৰ পৰা ঘূৰি আহিও তেওঁ অসমত সাধাৰণ ধূতী-পাঞ্জাৱী পিন্ধিয়েই থাকিল আৰু কাম কৰি গ’ল। চাহাবী ঢং এটা লৈ নাথাকিল, তেওঁৰ ভিতৰত থকা বিপ্লৱী ভাৰতীয় সত্বাটোক যেন এই কথাই প্ৰতিফলিত কৰিলে।
তেওঁৰ নিমাতী কইনা নাটকখনক আমি এটা বেলাদ বা এখন নৃত্য নাটিকা বুলিও ক'ব পাৰোঁ। কাৰেঙৰ লিগিৰী নাটকখনক আমি এখন সামাজিক নাটক বুলিয়ে ক'ব পাৰোঁ। কিন্তু তথাপি মোৰ সেই আগৰ বাক্যটোৰ আলম লৈ মই দোহাৰিব খোজোঁ যে শ্বেক্সপীয়েৰৰ মেকবেথ বা অথেল' বা নিকোলাই গগলৰ The Government Inspector বা ছেমুৱেল বেকেটৰ Waiting for Godot আদি নাটক যেনেকৈ অভিজোজনা কৰিয়েই হওক বা অনুবাদ কৰিয়েই হওক বা মনান্তৰ-কালান্তৰ কৰিয়েই হওক, কৰিব পাৰি, জ্যোতি প্ৰসাদৰ এই নাটককেইখন তেনে ধৰণে একো কৰিব নোৱাৰি। সেইবাবেই বোধকৰো আজিকোপতি ইংৰাজীৰ বাহিৰে বাংলা, হিন্দী, উৰিয়া আদি কোনো ভাষাত ই মঞ্চস্থ হোৱা নাই।
নাটকৰ যোগেদি বা কবিতা বা গীতৰ যোগেদি যদি আমি জ্যোতি প্ৰসাদক চাওঁ, তেনেহ’লে আমি এজন পোহৰ সন্ধানী-সুন্দৰতা প্ৰিয়াসী-উদ্বেলিত মনৰ মানুহ দেখা পাওঁ। তেনে এখন পৃথিৱী, বাস্তৱত থকাটো এক প্ৰকাৰৰ অসম্ভৱেই। কিন্তু তেওঁ খামোচ মাৰি ধৰি আছিল এক বিমুগ্ধ সৰলতাৰে যে সত্য আৰু সুন্দৰৰ আৰাধনাই জীৱনৰ খেল।১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ আগলৈকে-যেতিয়া তেওঁ গান্ধীজীৰ কৰেংগে য়া মৰেংগে আহ্বানত নিজে মৃত্যু বাহিনী গঠন কৰি, নিজে তেতিয়াৰ শোণিতপুৰৰ অধিনায়ক হৈ লৈছিল-তেতিয়ালৈকে তেওঁ মানুহৰ মনৰ কঠীয়াতলীত সুন্দৰতাৰ বীজ অংকুৰিত কৰিব পাৰি বুলি কায়মনোবাক্যে বিশ্বাস কৰিছিল। তেওঁ লগতে এইটোও বিশ্বাস কৰিছিল যে সৃষ্টিশীলতাৰ স্ফুৰণ কেৱল সুন্দৰৰ পৰশতহে সম্ভৱ হব পাৰে, যিটো কথা তেওঁ নিমাতী কইনা নাটকত মূল উপজীৱ্য হিচাপে লৈছে।
এইখিনিতে এটা কথা কোৱাটো দৰকাৰ যে নাটকক আমি Practical literature বুলিও গ্ৰহণ কৰিব পাৰোঁ। এটা সময়ত নাটকক সাহিত্য নহয় বুলিয়েই কোৱা আৰু ভবা হৈছিল। আনকি এতিয়াও বহুত মানুহে লিখোঁতে কবি-সাহিত্যিক-নাট্যকাৰ বুলি লিখে। অৰ্থাৎ কবিও সাহিত্যিক নহয়, নাটকতো নহয়েই। গল্প আৰু উপন্যাসেহে তাৰ মানে সাহিত্যৰ শাৰীত পৰে!
কিন্তু আমি যদি গণেশ গগৈৰ শকুনিৰ প্ৰতিশোধ নাটকখনলৈ চাওঁ, তেন্তে দেখিম যে মহাভাৰতৰ সেই Negative characterটোকো গগৈয়ে হিৰ' কৰি তুলিছে। তেওঁৰ মনৰ দুখক, তেওঁৰ মনত পোৱা আঘাটক, তেওঁৰ প্ৰতিশোধ পৰায়ণতাকো যুক্তিৰে প্ৰতিপন্ন কৰিবলৈ নাট্যকাৰে প্ৰয়াস কৰিছে। এই নতুন নেৰেটিভটোৱে সমাজত অপৰাধৰ মূল্যায়ন কৰাতো ভূমিকা ল'ব পাৰে। আধুনিক অপৰাধ বিজ্ঞানৰ দৃষ্টিতো এই কথাৰ প্ৰাসংগিকতা শক্তিশালী ।
গতিকে সেইখন নাটকৰো যেনে এটা সাহিত্যিক মূল্য আছে-যদি আমি সাহিত্যৰ যোগেদি সমাজ পৰ্যবেক্ষণ কৰাৰ কথা ভাবোঁ, সেই অৰ্থত জ্যোতিপ্ৰসাদৰ নাটক কেইখনেও-পৰিচালকৰ সীমাবদ্ধতা অতিক্ৰম কৰিও ভাল সমালোচনাৰ দৃষ্টিৰে চালে-বহুত কথা ক'ব-যিটো আপাত দৃষ্টিত দৃষ্টিগোচৰ নহয়।
এটা সাধাৰণ উদাহৰনো দিব পাৰি । জ্যোতিপ্ৰসাদে তেওঁৰ নাটকত বক্তব্য ৰাখিবলৈ বা পৰিৱেশ সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰা সংখ্যাধিক গানৰ ধাৰাই ভাৰতৰ চতুৰ্থখন সবাক চলচ্চিত্ৰ জয়মতীত যেনেদৰে স্থান পালে, সেই ধাৰাৰেই পৰৱৰ্তী সময়ত ভাৰতীয় চিনেমাত গান এক অবিচ্ছেদ্য অংগ হৈ পৰিল। কোনো জানে জ্যোতিপ্ৰসাদৰ দূৰদৃষ্টিয়ে চাগে তাকে কৈছিল!
জ্যোতিস্মৰণ: Joymoti: Pioneering Social Realism in Indian Film
Jyotiprasad was a keen observer of cinema, a practitioner of music and a voracious reader. While in the UK and UFA in Berlin, he was fairly influenced by the Russians, by the German impressionist style of filmmaking, and partly by Franz Osten. Long before he had…




