আঙুলিবোৰো বাৰু কেতিয়াবা
বিষায় নেকি?
বিষায়
যেতিয়া চুলিবোৰো বিষায়,
তেতিয়া আঙুলিবোৰো বিষায়।
তেতিয়া প্রায়ে নখবোৰ খজুৱায়
আৰু গাৰ নোমবোৰ চেংচেঙাই থাকে।
তেতিয়া বাৰু তোমাৰ খুউব
আইনা চাবৰ মন যায় নেকি?
নাযায়,,
তেতিয়া মোৰ
মাটি খাবলৈ মন যায়।
চেঁচুক ঠাইৰ মাটি,
হিউমাছ থকা মাটি
য’ত মায়ে
গোলাপৰ ডালবোৰ পচায়
আৰু কামকৰাজনীয়ে
কণীৰ বাকলিবোৰ দলিয়ায় ।
তেনেকুৱা মাটি দেখিলেই মই
ৰ’ব নোৱাৰা হওঁ
আৰু কোনেও চাই নথকা অৱস্থাত
যেতিয়া মোৰ ছাঁটোৱেও পাহৰি য়ায
ময়ো যে আছোঁ
মই এখামোচ দুখামোচকৈ
বোকামাটিৰ মখা মুখলৈ নিওঁ।
কিয় খোৱা মাটি?
আচলতে নিতান্তই ভোকত খাওঁ ছাৰ
মোৰ লাজ লাগে
মাটিৰ বাহিৰে অইন একো
খাবলৈ মোৰ লাজ লাগে।
কেঁচুৱা অৱস্থাত চুঁচৰি ফুৰোঁতে
যিটো বস্ত পোনপ্ৰথমেই
মুখলৈ নিব লাগে বুলি ভাবিছিলোঁ
মানে মাটি
তাৰ বাহিৰে অইন কিবা
খাবলৈ মোৰ লাজ লাগে।
মোৰ মাৰ গাখীৰ খাবলৈ
লাজ লাগে
দেউতাৰ মঙহ খাবলৈ
লাজ লাগে,
ভাই-ভনীবোৰৰ মূৰ খাবলৈ মোৰ
খুউব লাজ লাগে।
গতিকে মাটিকে খাওঁ ছাৰ
নিতান্তই ভোকত খাওঁ।
মাটি খাই তোমাৰ
পেট-মূৰ বমি বমি নালাগে?
লাগে ছাৰ আৰু নালাগেও।
মানে?
মানে ছাৰ
মাটি খোৱাৰ পাছত
মোক মাটিয়ে মাটিলৈ
টানি থাকে।
মই কেৱল তলমূৰকৈ
মাটিলৈ চাই থাকিব লাগে;
মই ওপৰলৈ মূৰ তুলি
চাব নোৱাৰা হওঁ
আকাশলৈ চাব নোৱৰা হওঁ
আৰু যেতিয়াই মূৰ তুলি
আকাশলৈ চাবলৈ চেষ্টা কৰোঁ
তেতিয়াই পেট পকাই মূৰ আচন্দ্ৰাই কৰি
সমস্ত মাটি মই
ভেদ বমি কৰি উলিয়াই দিওঁ
আৰু মোৰ আকৌ ভোক লাগে।
হ্ ম্ ঠিক আছে,
হ’ব মই বুজিছোঁ।
তাৰমানে তুমি মাটি
নোখোৱাকৈ থাকিব নোৱৰা ?
হ্ ম্ হ’ব চবেই খায়?
আৰু তুমি আকাশ
নোচোৱাকৈও থাকিব নোৱাৰা?
হ্ ম্ হ’ব চবেই চায়।
গতিকে আকাশ চালেই
মাটিয়ে তোমাক ত্যাগ কৰে?
হ্ ম্ হ’ব, চবৰে এনে হয়।
একো নাই এইবোৰ বেমাৰ নহয়।
তোমাৰ বেমাৰটো হ’ল
তোমাৰ নহ’বলগীয়া ঠাইত
বিষ হৈছে
আৰু নখজুৱাবলগীয়া ঠাইত
উঠিছে মৰখজুৱতি।
হ্ ম্ হ’ব মই দৰৱ লিখি দিছোঁ;
তুমি আৰু এটা কাম কৰা
জুই পানী আকাশ আৰু বতাহো
সমানে খোৱা কৰা,
তেতিয়া মাটি, পানী, জুই, বতাহ আৰু আকাশে
সমানে ফেৰ জুৰি
টনা-আঁজোৰা কৰিলে তোমাক
ফালি-ছিৰি ফাঁহি ফিচিকি
তুমি পাবা তোমাৰ আৰোগ্য
বুজিলা?
বুজিলোঁ ছাৰ
ধন্যবাদ।
( প্ৰয়াত কবি অলকেশ কলিতালৈ শ্ৰদ্ধাঞ্জলি জনাই এই কবিতাটো পুনৰ্মুদ্ৰণ কৰা হ’ল)



