বিংশ শতিকাৰ (১৯২০-২৯)ৰ দশকটোকেই সাধাৰণতে বড়ো চেতনা জাগৰণৰ প্ৰাৰম্ভ বুলি গণ্য কৰা হয় ৷ কাৰণ ঘটনাপূৰ্ণ এই দশকতেই বড়ো জাতিৰ ব্যাপক জাগৰণ প্ৰতিফলন কৰা বহুতো সুদূৰপ্ৰসাৰী ঐতিহাসিক মহত্ত্ব-ঘটনাৰ স্বাক্ষৰ আছে৷ বিভিন্ন লিখক-গৱেষকৰ, বিশেষকৈ বড়ো লিখক-গৱেষকৰ প্ৰয়াসত এই ক্ষেত্ৰত বহুতো নিৰ্ভৰযোগ্য তথ্য পোহৰলৈ আহিছে৷ এনেবোৰ তথ্যত শিক্ষা, ভাষা সাহিত্য-সংস্কৃতি, ধৰ্ম-সংস্কাৰ, সমাজ, ৰাজনীতি আদি সকলো দিশতে বড়োসকলৰ চেতনা জাগৰণৰ প্ৰতিফলন সেই দশকত দেখা যায়৷ উদাহৰণস্বৰূপে, সেই দশকৰ প্ৰথম ভাগত শোভাৰাম ব্ৰহ্ম, সতীশ চন্দ্ৰ বসুমতাৰী, ৰূপনাথ ব্ৰহ্ম, মংগলচন্দ্ৰ ব্ৰহ্ম, বনবাসু কছাৰী, জয়চন্দ্ৰ ব্ৰহ্ম, সূৰ্যনাৰায়ণ ব্ৰহ্ম, শিৱনাৰায়ণ কছাৰী, মদাৰাম ব্ৰহ্ম, ৰবিচন্দ্ৰ কছাৰী আদি কেইবাজনো বড়ো ছাত্ৰই কটন কলেজত উচ্চ শিক্ষা লাভ কৰে ৷ সতীশ চন্দ্ৰ বসুমতাৰী, ৰূপনাথ ব্ৰহ্ম, মদাৰাম ব্ৰহ্ম আদি কলেজীয়া ছাত্ৰই বড়ো ভাষাৰ প্ৰথম প্ৰকাশিত আলোচনী বিবাৰ তেতিয়াই আৰম্ভ কৰে। ৰূপনাথ ব্ৰহ্ম আৰু মদাৰাম ব্ৰহ্মৰ সন্থায়–মেথায় নামৰ প্ৰথমখন বড়ো মুদ্ৰিত গ্ৰন্থ ১৯২৩ চনত প্ৰকাশিত হয়। সতীশ চন্দ্ৰ বসুমতাৰী আৰু সূৰ্যনাৰায়ণ ব্ৰহ্মৰ সম্পাদনাত দ্বিতীয়খন বড়ো আলোচনী জেনথখাৰ ১৯২৬ চনত প্ৰকাশ হয়। সেই চনতেই দ্বিতীয়খন বড়ো মুদ্ৰিত গ্ৰন্থ মদাৰাম ব্ৰহ্মৰ বড়োনি গুদি সিবসা আৰৗ আৰোজৰ প্ৰকাশ হয়। কলেজত উচ্চ শিক্ষা লাভ কৰা বড়ো-কছাৰী যুৱকসকলে ১৯২৬ চনতেই অসমৰ বড়ো-কছাৰী, সোণোৱাল কছাৰী, কাছাৰৰ বৰ্মন কছাৰী, ডিমাছা কছাৰী আদি সকলো বড়ো নৃগোষ্ঠীৰ জাতি-জনগোষ্ঠীক এক গোট কৰাৰ প্ৰয়াস আৰম্ভ কৰে। উক্ত দশকতেই ‘বড়ো মহাসন্মিলনী’ গঠিত হয় আৰু উপৰ্যুপৰি অনুষ্ঠিত হোৱা ইয়াৰ তিনিখন অধিৱেশনত বড়োসকলৰ আৰ্থ-সামাজিক, ৰাজনৈতিক সমস্যাসমূহ বিশদৰূপে পৰ্যালোচনা কৰি বহুতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। তদুপৰি ১৯২৩ আৰু ১৯২৮ চনত অনুষ্ঠিত হোৱা বিধান পৰিষদৰ নিৰ্বাচনত বড়ো প্ৰাৰ্থীয়ে প্ৰথমবাৰৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰি সংসদীয় ৰাজনীতিত প্ৰথম পদক্ষেপ দিছিল। উক্ত দশকতেই ‘কছাৰী যুৱক সন্মিলনী’ গঠিত হয় আৰু ১৯২৮ চনত সদৌ অসম ভিত্তিত ইয়াৰ অধিৱেশন তিতাবৰত অনুষ্ঠিত হয়। দশকটোৰ সামৰণি পৰিছিল ১৯২৯ চনৰ জানুৱাৰী মাহত বড়োসকলৰ পক্ষে ব্ৰহ্মগুৰু আৰু সমাজ-সংস্কাৰক কালীচৰণ ব্ৰহ্ম, চুবেদাৰ ‘চৰ্দাৰ বাহাদুৰ’ বেলুবুংৰাম কছাৰী, যাদৱচন্দ্ৰ খাখ্লাৰী, কৰেন্দ্ৰনাৰায়ণ মণ্ডল, বাবুৰাম ব্ৰহ্ম আৰু উকিল মহম্মদ গিয়াচুদ্দিন আহমেদৰ দ্বাৰা ছাইমন কমিশ্যনক এখন ঐতিহাসিক স্মাৰকপত্ৰ প্ৰদানৰে। এই গুৰুত্বপূৰ্ণ স্মাৰকপত্ৰৰ বিভিন্ন আৰ্থ-সামাজিক দাবীৰ উপৰি স্থানীয় প্ৰশাসন, প্ৰাদেশিক বিধান পৰিষদ আৰু কেন্দ্ৰীয় বিধানসভাত বড়োসকলৰ বাবে জনসংখ্যা ভিত্তিত সংৰক্ষিত আসন দাবীৰ দৰে ৰাজনৈতিক দাবীয়েও বড়োসকলৰ ক্ৰমবৰ্ধমান সচেতনতাৰ স্বাক্ষৰ বহন কৰিছে।
উক্ত দশকৰ ঐতিহাসিক ঘটনাৱলীৰ ব্যাপকতাৰ বিষয়ে বিভিন্ন লেখক-গৱেষকৰ লেখাত ইতিমধ্যেই বিশদ আলোচনা পোৱা যায় বাবে ইয়াক দোহৰা এই নিবন্ধৰ উদ্দেশ্য নহয়। অৱশ্যে বড়ো জাতিৰ চেতনা জাগৰণৰ আভাস ১৯০০-০৯ আৰু ১৯১০-১৯ দশক দুটাতো দেখা গৈছিল। ব্ৰহ্মগুৰু কালীচৰণ ব্ৰহ্মই ১৯০৭ চন মানৰপৰাই বড়োৰ মাজত ধৰ্ম প্ৰচাৰ-সংস্কাৰ, সমাজ সংস্কাৰৰ কাম আৰম্ভ কৰে যদিও সমগ্ৰ বড়ো সমাজক ই স্পৰ্শ কৰা নাছিল। তেওঁ ১৯১২ চনত বড়োসকলৰ বাবে টিপকাইত মজলীয়া স্কুল, উইভিং আৰু কাৰ্পেণ্টাৰী স্কুল স্থাপন কৰে। বড়ো ছাত্ৰ সন্থা গঠিত হৈ ১৯১৯ চনত ইয়াৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হয়। কিন্তু বহুতো সমাজবিজ্ঞানী আৰু ঐতিহাসিকৰ মনত এটা প্ৰশ্ন সঘনে উদয় হোৱা দেখা যায়– বড়োসকলৰ মাজত চেতনাৰ জাগৰণ ঊনবিংশ শতিকাত নহৈ কিয় বিংশ শতিকাতহে আৰু প্ৰধানকৈ ১৯২০-২৯ দশকতহে হৈছিল। অসমত আহোমসকলৰ চেতনাৰ জাগৰণ হৈ পদ্মনাথ গোহাঞি বৰুৱাৰ নেতৃত্বত ১৮৯৩ চনতেই ‘আহোম সভা’ গঠিত হৈছিল আৰু তেওঁলোকে স্বাধিকাৰ লাভ কৰিবলৈ সচেষ্ট হৈছিল। তেনেদৰে অবিভক্ত উত্তবংগ আৰু গোৱালপাৰাৰ ৰাজবংশীসকলৰ মাজতো চেতনাৰ জাগৰণ হৈ ঠাকুৰ পঞ্চানন বাৰ্মাৰ নেতৃত্বত ‘ব্ৰাত্য ক্ষত্ৰিয় জাতিৰ উন্নতি বিধায়নী সভা’ ১৮৯১ চনত গঠিত হৈ স্বাধিকাৰৰ বাবে ব্যাপক আন্দোলনৰ সূত্ৰপাত হয় (পৰৱৰ্তী কালত ১৯১০ চনত ‘ক্ষত্ৰিয় সমিতি’ গঠিত হয়)। এই দুই বৃহৎ আৰু একালৰ শক্তিশালী জনগোষ্ঠীৰ দৰেই বড়োসকলৰ মাজতো কিয় একে সময়তে চেতনাৰ জাগৰণ হোৱা নাছিল বুলি সংগত কাৰণেই প্ৰশ্ন উঠিব পাৰে। এই বিষয়ে কিছু পৰ্যালোচনাৰ অৱকাশ আছে।
আমি ১৮৯১ বা ১৯০১ চনৰ লোকপিয়লৰ প্ৰতিবেদনৰ পৰা দেখিবলৈ পাওঁ যে আহোম বা ৰাজবংশী আদি জনগোষ্ঠীৰ দৰেই বড়ো (কছাৰী)সকলৰ মাজতো অতি কম হ’লেও কিছু শিক্ষিত লোক আছিল। উদাহৰণস্বৰূপে, ১৯০১ চনৰ লোকপিয়লত বড়োৰ মাজত ১৫৮৫ জন শিক্ষিত লোক আছিল আৰু ১৩০ জন ইংৰাজীতো সাক্ষৰ আছিল। উক্ত সময়তে গোসাইগাঁও-কচুগাঁও-চিদলী আদি অঞ্চলত ১৮৮৩-৮৮ চনত বড়োসকলৰ মাজত শিক্ষা প্ৰসাৰ কাৰ্যত নিয়োজিত চৰকাৰী শিক্ষা বিষয়া ৰামেশ্বৰ সেনৰ আত্মজীৱনীখনতো বড়োসকলৰ মাজত শিক্ষা প্ৰসাৰ হোৱা, কিছু শিক্ষিত বড়ো ব্যক্তিক লগ পোৱাৰ কথা আৰু বড়োসকলৰ মাজত মৌজাদাৰ আদিৰ দৰে প্ৰভাৱশালী ব্যক্তি থকাৰ কথাও লিপিবদ্ধ হৈ আছে। প্ৰশ্ন উঠিব পাৰে- লোকপিয়লৰ প্ৰতিবেদনবোৰত আৰু ৰামেশ্বৰ সেনৰ আত্মজীৱনীৰ দৰে প্ৰকাশিত অপ্ৰকাশিত গ্ৰন্থ-নথিপত্ৰত উল্লেখিত বড়ো শিক্ষিত ব্যক্তিসকলে বড়ো সমাজত কি ভূমিকা পালন কৰিছিল?
সেই সময়ত প্ৰৱহমান একপ্ৰকাৰৰ ‘সংস্কৃতায়ন’ আৰু হিন্দুকৰণ প্ৰক্ৰিয়া অৰ্থাৎ ‘বড়ো শৰণীয়া–›মদাহী–›সৰুকোঁচ–›বৰকোঁচ–›সৰুকলিতা–›কলিতা’ পথেৰে কোনো ব্যক্তি বা পৰিয়ালবিশেষে তিনি-চাৰি প্ৰজন্মৰ অন্তত হিন্দুৰ বৰ্ণব্যৱস্থাৰ অন্তৰ্ভুক্ত হোৱাৰ প্ৰক্ৰিয়াৰ মাজেদি কিছুসংখ্যক বড়ো শিক্ষিত আৰু প্ৰভাৱশালী ব্যক্তি-পৰিয়াল বড়ো সমাজৰপৰা নিশ্চয় আঁতৰি গৈছিল। কিন্তু সৰহসংখ্যক সাধাৰণ বড়ো জনগণ এই প্ৰক্ৰিয়াৰ বহিৰ্ভূত হৈ ৰৈছিল। আমি উল্লেখ কৰা লোকপিয়লত দেখুওৱা শিক্ষিত বড়ো ব্যক্তিসকল নিশ্চিতৰূপে যে বড়ো সমাজভুক্তই আছিল তাত কোনো সন্দেহ নাই। কাৰণ ‘সংস্কৃতায়ন’ বা আন কোনো প্ৰক্ৰিয়াৰে বড়ো সমাজৰ পৰা আঁতৰি গৈ হিন্দু বৰ্ণব্যৱস্থাৰ অন্তৰ্ভুক্ত হোৱা কোনো ব্যক্তিয়েই নিজকে নিশ্চয় ‘বড়ো’ বা ‘কছাৰী’ বুলি লোকপিয়লত প্ৰতিপন্ন নকৰিলেহেঁতেন। সেয়ে উক্ত লোক-পিয়লবোৰত উল্লেখিত বড়ো ব্যক্তিসকল বড়ো সমাজৰপৰা আঁতৰি গৈ অন্য সমাজত অন্তৰ্ভুক্ত হৈছিল বুলি ধাৰণা কৰাৰ কোনো যুক্তি নাই। আনহাতে বড়োৰ দৰে জনজাতি জাতি-জনগোষ্ঠীৰ শিক্ষিত ব্যক্তিসকল সাধাৰণতে ব্ৰিটিছ চৰকাৰৰ চৰকাৰী অসামৰিক চাকৰিসমূহত নিয়োগ পোৱাৰপৰা বঞ্চিত হৈ আছিল। কাৰণ সেইবোৰ চাকৰিত বৰ্ণহিন্দু শিক্ষিত ‘সম্ভ্ৰান্ত’ পৰিয়ালৰ ব্যক্তিয়েহে প্ৰায় একচেটিয়া নিয়োগ হৈছিল। সেয়ে সেই কালত চৰকাৰী অসামৰিক পদসমূহৰ দৰেই প্ৰভাৱশালী পদসমূহত শিক্ষিত বড়ো ব্যক্তি নিয়োজিত হোৱাৰ নিদৰ্শন চৰকাৰী নথিপত্ৰত সাধাৰণতে পোৱা নাযায়। তেতিয়াৰ অসমৰ সাধাৰণ সমাজ-জীৱনতো বড়ো শিক্ষিত ব্যক্তিয়েই অগ্ৰণী ভূমিকা লোৱাৰ নিদৰ্শন তেনে চৰকাৰী নথিপত্ৰ বা অন্য নথিপত্ৰত দেখা নাযায়। এই শিক্ষিত বড়ো ব্যক্তিসকল সমাজৰ অন্তৰালতেই ৰৈ গৈছিল নেকি?
এইটো লক্ষণীয় যে যদিও বড়ো ব্যক্তিসকলক সাধাৰণতে তেতিয়াৰ প্ৰভাৱশালী চৰকাৰী অসামৰিক চাকৰিৰ পৰা বঞ্চিত কৰা হৈছিল, তেওঁলোকক ব্ৰিটিছ চৰকাৰে সামৰিক, অৰ্ধসামৰিক আৰু সশস্ত্ৰ আৰক্ষী বাহিনীত নিযুক্তি দিছিল। ভাৰতৰ কোনো কোনো বিশেষ জনগোষ্ঠীক সাম্ৰাজ্যবাদৰ স্বাৰ্থত ব্ৰিটিছ শাসকসকলে যুঁজাৰু জাতি (Martial race) হিচাপে গণ্য কৰাৰ দৰে, অসমৰ অবিভক্ত গোৱালপাৰা, কামৰূপ আদি জিলাৰ বড়ো, ৰাভা, ৰাজবংশী আদিকো যুঁজাৰু জাতি বুলি গণ্য কৰি সামৰিক, অৰ্ধসামৰিক বাহিনীত ব্যাপক হাৰত নিযুক্তি দিয়া হৈছিল। সাধাৰণ চিপাহীৰ উপৰি শিক্ষিত উপযুক্ত বড়ো ব্যক্তিক হাবিলদাৰ, চুবাদাৰ আদি নিম্ন সামৰিক বিষয়া (non-commissioned) পদসমূহত নিযুক্তি দিয়া দেখা গৈছিল। তদুপৰি সাম্ৰাজ্যবাদৰ স্বাৰ্থতেই ব্ৰিটিছ কৰ্তৃপক্ষই সামৰিক, অৰ্ধসামৰিক বাহিনীৰ পৰা অৱসৰপ্ৰাপ্ত বড়ো চিপাহী, হেড্ কনিষ্টবল, হাবিলদাৰ, চুবাদাৰ আদিক সামৰিক গুৰুত্ব থকা সীমান্তৱৰ্তী অঞ্চলবোৰত পৰ্যাপ্ত ভূমি আবণ্টন দি সংস্থান দিছিল। এই প্ৰক্ৰিয়াৰেই তেজপুৰ, ডিব্ৰুগড়, নাজিৰা, মাৰ্ঘেৰিটা, জয়পুৰ আদি অঞ্চলত ঊনবিংশ শতিকা আৰু বিংশ শতিকাৰ প্ৰথমপিনে বহুতো অৱসৰপ্ৰাপ্ত বড়ো সামৰিক আৰু অৰ্ধসামৰিক বাহিনীৰ ব্যক্তিক অসমৰ বিভিন্ন ঠাইত সংস্থাপন দিয়া হৈছিল। নামনি অসমৰ এই প্ৰাক্তন বড়ো সৈনিকসকল উজনি অসমত একালত ‘ঝাৰুৱা কছাৰী’ নামেৰে অভিহিত হৈছিল (দ্ৰষ্টব্য বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘চিফুং বাঁহীৰ সুৰ’)। তেনেদৰে গাৰোপাহাৰ, ভূটান পাহাৰ আদি সীমান্তৱৰ্তী অঞ্চলতো এনে প্ৰাক্তন বড়ো সৈনিকক ব্ৰিটিছ কৰ্তৃপক্ষই ভূমি আবণ্টনৰে সংস্থাপন দিছিল। পৰৱৰ্তী কালত বিংশ শতাব্দীৰ দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ দশকত বড়োসকলৰ আৰু অসমৰ ভৈয়ামৰ জনজাতি জাগৰণত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল, এই প্ৰাক্তন বড়ো সৈনিকসকলৰ সতি-সন্ততিসকলে।
ঊনবিংশ শতিকাত শিক্ষিত বড়ো ব্যক্তিসকলৰ মাজত কিমানজনক ব্ৰিটিছ সামৰিক আৰু অৰ্ধসামৰিক বাহিনীত নিযুক্তি দিয়া হৈছিল তাৰ নিৰ্ভৰযোগ্য তথ্য এতিয়ালৈকে প্ৰকাশ হোৱা নাই যদিও এইটো অনুমান কৰিব পাৰি যে এওঁলোকৰ এটা বুজন সংখ্যাই তেনে বাহিনীত নিযুক্তি পাইছিল। ক’বলৈ গ’লে ব্ৰিটিছ কৰ্তৃপক্ষই উপযুক্ত শিক্ষিত বড়ো ব্যক্তিক পালেই ব্ৰিটিছ সামৰিক আৰু অৰ্ধসামৰিক বাহিনীত নিযুক্তি দিছিল। উদাহৰণস্বৰূপে বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘প্ৰয়াত চৰ্দাৰ বাহাদুৰ গোপাল চন্দ্ৰ ৰাভা’ লেখাৰ পৰা জানিব পাৰোঁ কেনেকৈ গোপাল চন্দ্ৰ ৰাভাক (ৰাভা উপাধিকাৰী যদিও প্ৰকৃততে তেওঁ বড়োহে আছিল) স্কুলত এণ্ট্ৰেন্স (মেট্রিক প্রথম মহলাত) পঢ়ি থাকোঁতেই ব্ৰিটিছ কৰ্তৃপক্ষই স্কুলীয়া শিক্ষা সম্পূৰ্ণ নকৰা অৱস্থাতেই সামৰিক বাহিনীত নিযুক্তি দিছিল। গোপাল ৰাভাৰ দেউতাক মছলপুৰৰ শনিৰাম কছাৰী (মৌছাহাৰী) ১৮৩৭ চনতে ব্ৰিটিছ সামৰিক বাহিনীত নিযুক্তি হৈ জামাদাৰ পদলৈকে পদোন্নতি হৈছিল আৰু ১৮৬৩-৬৪ চনৰ ব্ৰিটিছ-ভূটান যুদ্ধত অংশগ্ৰহণ কৰিছিল। অৱসৰৰ পাছত তেওঁক তেজপুৰৰ কছাৰী গাঁৱত ভূমি আৱণ্টনৰে সংস্থান দিয়া হৈছিল। চৰ্দাৰ বাহাদুৰ গোপাল ৰাভাকো তেজপুৰতেই ভূমি আৱণ্টন দি সংস্থান দিয়া হৈছিল। গোপাল চন্দ্ৰ ৰাভাৰ ভাতৃ আৰু শনিৰাম কছাৰীৰ দ্বিতীয় পুত্র ধনসিং কছাৰীও ব্ৰিটিছ সেনাবাহিনীত চুবাদাৰ হৈছিল আৰু তেওঁ তেজপুৰতেই ভূমি আৱণ্টনৰে সংস্থাপিত হৈছিল। (চুবাদাৰ ধনসিং কছাৰীৰ পুত্র আছিল একালৰ প্ৰখ্যাত চিত্ৰশিল্পী জগৎসিং কছাৰী যি প্রথম বড়ো আলোচনী বিবাৰৰো এজন লেখক আছিল।)সমূহ অসমৰ ভৈয়ামৰ জনজাতিসকলৰ প্ৰথম সমূহীয়া ৰাজনৈতিক সংস্থা ‘ট্ৰাইবেল লীগ’ৰ প্ৰথম সভাপতি (১৯৩৩) আৰু বড়োসকলৰ পক্ষে ছাইমন কমিছনত সাক্ষ্য দিয়া ব্যক্তিসকলৰ এজন যাদৱ চন্দ্ৰ খাখলাৰীৰ দেউতাক চুবাদাৰ ভদীয়া খাখলাৰীয়ো ব্ৰিটিছ সামৰিক বাহিনীৰ এজন সৈনিক আছিল। তেওঁ টংলাৰ আছিল যদিও সামৰিক বাহিনীৰ পৰা অৱসৰ প্ৰাপ্তিৰ অন্তত উজনিৰ জয়পুৰ অঞ্চলত ভূমি আবণ্টন লৈ সংস্থাপিত হয়। বড়োসকলৰ মাজৰ প্ৰথম এম ই পাছ নাৰী আৰু প্ৰথম শিক্ষয়িত্ৰী ইন্দুমতী দাস (কছাৰী)ৰ দেউতাক হাবিলদাৰ মেজৰ লদৰাৰাম কছাৰীয়েও ঊনবিংশ শতিকাৰ দ্বিতীয় ভাগত ব্ৰিটিছ অৰ্ধসামৰিক বাহিনীত নিযুক্তি লাভ কৰিছিল। তেওঁ গুৱাহাটীৰ চালাপাৰাত ভূমি আবণ্টন লৈ সংস্থাপিত হৈছিল অৱসৰ গ্ৰহণৰ অন্তত। তেনেদৰে বড়োসকলৰ পক্ষে ছাইমন কমিছনত ১৯২৯ চনত সাক্ষ্য দিয়া প্ৰখ্যাত প্ৰাক্তন ব্ৰিটিছ সৈনিক চুবেদাৰ চৰ্দাৰ বাহাদুৰ’ বেলবুংৰাম কছাৰীয়েও ১৮৭১ চনত ব্ৰিটিছ সৈন্যবাহিনীত যোগ দি প্ৰভূত সন্মান, যশ অৰ্জন কৰিছিল। শিক্ষিত এই বড়ো সৈনিকজন ইমানেই সু-সংঘবদ্ধ আছিল যে কৰ্ণেল এল. ডব্লিউ শ্ব্যেইক্সপীয়াৰ ‘History of the Assam Rifles‘ নামৰ প্ৰখ্যাত গ্ৰন্থখন লিখোঁতে তেওঁৰ পৰাও গুৰুত্বপূৰ্ণ তথ্য ল’বলগীয়া হৈছিল। উক্ত গ্ৰন্থখনত চুবেদাৰ বেলবুংৰাম কছাৰীৰ ভূয়সী প্ৰশংসা আছে। উক্ত গ্ৰন্থখনতেই তেতিয়াৰ ‘কাছাৰ লেভি’ (পৰৱৰ্তী কালত ‘আছাম ৰাইফল্ছ)ত নিয়োজিত হেড্ কনিষ্টবল আহিনা কছাৰীয়ে ১৮৪৭ চনত আংগামী নাগাসকলৰ লগত ব্ৰিটিছৰ যুঁজত দেখুওৱা বীৰত্বৰ কথা বৰ্ণনা কৰা হৈছে। উক্ত ব্ৰিটিছ বাহিনীত সেই সময়ৰ পৰাই কেপ্টেইন (পৰৱৰ্তী কালত মেজৰ) জন্ ৱাট্লাৰৰ অধীনত নিয়োগ নীতি সলনি কৰি অধিক ৰূপত, পৰ্বত আৰু হাবিৰ যুদ্ধত পাকৈত নেপালী, কছাৰী (অৰ্থাৎ বড়ো) আৰু শ্বান (টাই আহোম)সকলক সামৰিক বাহিনীত নিয়োগ কৰা হ’বলৈ ধৰে বুলি গ্ৰন্থখনত উল্লেখ আছে।
আমি মাথোন উদাহৰণ হিচাপেহে ঊনবিংশ শতিকাত বড়োসকলে ব্ৰিটিছ সামৰিক আৰু অৰ্ধসামৰিক বাহিনীত নিয়োগ পোৱাৰ উক্ত নিদৰ্শনবোৰৰ কথা উল্লেখ কৰিলোঁ। এনে আৰু বহুতো নিদৰ্শন লিখিত সাক্ষ্যৰ পৰাই দিব পাৰি যদিও এই নিবন্ধৰ ক্ষুদ্ৰ পৰিসৰত সেইবোৰ উল্লেখ কৰাৰ পৰা আমি বিৰত থাকিলোঁ। উল্লেখযোগ্য যে বৰ্ণহিন্দুসকলে ব্ৰিটিছ চৰকাৰলৈ দিয়া কিছু আবেদনত এই বুলিও যুক্তি দিছিল যে যিহেতু জনজাতি-জনগোষ্ঠী আৰু আন পিছপৰা জনগোষ্ঠীৰ ব্যক্তিক ব্ৰিটিছ সামৰিক আৰু অৰ্ধসামৰিক বাহিনীবোৰত ব্যাপক হাৰত নিযুক্তি দিয়া হয়, সেয়ে তেওঁলোকক ব্ৰিটিছ চৰকাৰৰ অসামৰিক চাকৰিত নিযুক্তি নিদি বৰ্ণহিন্দুসকলকহে তেনে চাকৰিত নিযুক্তি দিব লাগে। উক্ত আলোচনাৰ পৰা এইটো স্পষ্ট যে ১৯০১ চনৰ লোকপিয়লৰ প্ৰতিবেদনত উল্লেখিত মুঠ ১৫৮৫ জন শিক্ষিত বড়ো ব্যক্তিৰ মাজৰ এটা ডাঙৰ অংশই ব্ৰিটিছ সামৰিক আৰু অৰ্ধসামৰিক বাহিনীত নিযুক্তি পাইছিল। এই বাহিনীবোৰৰ নিৰন্তৰ অভিযানবোৰত সদাব্যস্ত থকা বড়ো শিক্ষিত সৈনিকসকলে অনগ্ৰসৰ বড়ো জনসমাজৰ উন্নয়নৰ কামত নিৰ্ভৰযোগ্যভাৱে নিজকে সমৰ্পণ কৰাৰ কথা চিন্তা কৰিব পৰা নাছিল। চৰকাৰী ভূমি আবণ্টন লৈ অবসৰপ্ৰাপ্তিৰ অন্তত নিজৰ গাঁও বা অঞ্চলৰ পৰা আঁতৰত থকা সীমান্তৱৰ্তী অঞ্চলত সংস্থান লোৱাৰ বাবেও বহুতো প্ৰাক্তন বড়ো সৈনিকে এই দিশত বিশেষ পদক্ষেপ লোৱাৰ অৱকাশ নাছিল বুলি ধাৰণা কৰিব পাৰি। অৱশ্যে এই অৱস্থাৰ পৰিৱৰ্তন হ’বলৈ সৰহ দিন নালাগিল। শতিকা পাৰ হৈ বিংশ শতিকা অহাৰ লগে লগেই প্ৰায়সকল প্ৰাক্তন সৈনিকৰ বহুতেই আৰু বিশেষকৈ তেওঁলোকৰ সতি-সন্ততিসকলে, বড়ো সমাজৰ বিকাশ আৰু চেতনা জাগৰণৰ প্ৰশ্নত অধিকৰূপে সক্ৰিয় অংশগ্ৰহণ কৰিবলৈ ধৰে।
ঊনবিংশ শতিকাৰ ১৮৮১ আৰু ১৮৯১ চনৰ আৰু বিংশ শতিকাৰ ১৯০১ চনত ব্ৰিটিছ সাম্ৰাজ্যবাদী চৰকাৰে অনুষ্ঠিত কৰা জাতিভিত্তিক লোকপিয়লে বিভিন্ন জাতি-জনগোষ্ঠীৰ গোষ্ঠীচেতনা প্ৰবলতৰ কৰি তোলে। জাতীয় কংগ্ৰেছৰ ১৮৮৫ চনত, অসম এছ’চিয়েছনৰ ১৯০৫ চনত, ঊনবিংশ শতিকাৰ শেষ দুটা দশকত সাৰ্বজনিক সভা, ৰায়ত সভা, আহোম সভা, ব্ৰাত্য ক্ষত্ৰিয় সভা আদি প্ৰধানকৈ মধ্যবিত্তীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ জন্ম আৰু ইবিলাকৰ ব্ৰিটিছ কৰ্তৃপক্ষৰ ওচৰত আবেদন-নিবেদনৰ ৰাজনীতিয়ে বড়ো শিক্ষিত শ্ৰেণীকো প্ৰভাৱিত নকৰাকৈ নাথাকিল। তেওঁলোকেও আবেদন-নিবেদনৰ যোগেদি ব্ৰিটিছ চৰকাৰৰপৰা সা-সুবিধা আদায় কৰাৰ কথা ভাবিবলৈ ধৰিলে। ব্ৰিটিছ সাম্ৰাজ্যবাদী কৰ্তৃপক্ষই ভাৰতবাসীক নামতহে স্থানীয় স্বায়ত্ত শাসন দিবলৈ সৃষ্টি কৰা লোকেল ব’ৰ্ড (Local Board) বোৰৰ যোগেদিও সীমিত সুবিধা লোৱাৰ কথাও তেওঁলোকে চিন্তা কৰিলে। ব্ৰহ্মধৰ্ম প্ৰচাৰক আৰু বড়ো সমাজ-সংস্কাৰক কালীচৰণ ব্ৰহ্মৰ উদ্যোগত বড়োসকলৰ মাজত সমাজ সংস্কাৰ আৰু শিক্ষা প্ৰসাৰৰ প্ৰয়োজনীয়তাৰ প্ৰতি সচেতনতা বৃদ্ধি পাব ধৰিলে। অসম প্ৰদেশৰ বাবে ১৯১২ চনৰপৰা সুকীয়া ব্যৱস্থাপক সভা অৰ্থাৎ বিধান পৰিষদ (Legislative Council) ৰ সৃষ্টি আৰু ইয়াত চলি থকা পৰ্যালোচনাবোৰেও আন জাতি-জনগোষ্ঠীৰ লগতে বড়ো শিক্ষিত চামৰ সচেতনতা বৃদ্ধি কৰিলে। ঊনবিংশ শতিকাৰ শেষ চতুৰ্থাংশত (১৮৭৬-৯৯) বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সীমিত ৰূপত হ’লেও কিছু শিক্ষিত লোকৰ সৃষ্টি হৈছিল যদিও তেওঁলোক সাম্ৰাজ্যবাদী ব্ৰিটিছ চৰকাৰৰ সীমিত সা-সুবিধাবোৰৰপৰা বঞ্চিত হ’বলৈ ধৰিলে। অবিভক্ত গোৱালপাৰা জিলাত সেই কালত বড়ো কাঠ ব্যৱসায়ীসকলে বাহিৰৰ কাঠ ব্যৱসায়ীৰ অনুপস্থিতিত ব্যৱসায় কৰি আছিল। কিন্তু পিছত সেইবোৰ অঞ্চললৈ ৰেলপথ সম্প্ৰসাৰণ হোৱাত অন্য উন্নত ঠাইৰ কাঠ ব্যৱসায়ী অহাত প্ৰতিষ্ঠিত বড়ো কাঠ ব্যৱসায়ীসকল ক্ৰমে বৈষম্যৰ সন্মুখীন হ’বলগীয়াত পৰে। প্ৰাক্তন সৈনিকসকলৰ দৰেই এই বড়ো কাঠ ব্যৱসায়ী আৰু তেওঁলোকৰ সন্তান-সন্ততিসকলেও বড়ো জাগৰণত লোৱা ভূমিকা লক্ষণীয় (গুৰুদেৱ কালীচৰণ ব্ৰহ্ম নিজেও এজন সফল বড়ো কাঠ ব্যৱসায়ী আছিল)। পৰৱৰ্তী কালত ১৯১৯ চনত দ্বৈত শাসন (Diarchy)ৰ যোগেদি সংশোধিত বিধান পৰিষদ গঠন, বড়ো যুৱকৰ কলেজত উচ্চ শিক্ষা গ্ৰহণ, ১৯২১ চনৰপৰা অসহযোগ আৰু স্বাধীনতা আন্দোলনৰ ক্ৰমাৎ তীব্ৰতা আদিয়েও বড়োসকলৰ চেতনা জাগৰণৰ পৰিৱেশ সৃষ্টিত অৰিহণা যোগায়। এনেধৰণৰ পৰিৱেশেই আমি প্ৰথমতে উল্লেখ কৰি অহা বড়ো জাগৰণৰ সুদূৰপ্ৰসাৰী মহত্ত্বপূৰ্ণ ঘটনাৰে বিধৌত বিশৰ দশকৰ আগজাননী দিছিল।
আমি উল্লেখ কৰি অহাৰ দৰেই প্ৰাক্তন বড়ো সৈনিক আৰু তেওঁলোকৰ সতি-সন্ততিসকলেও বড়োৰ চেতনা জাগৰণ প্ৰক্ৰিয়াত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল। পূৰ্বোল্লেখিত জমাদাৰ শনিৰাম কছাৰী বা তেওঁৰ দুই পুত্ৰৰ কালচেতনা জাগৰণৰ বিষয়গত পৰিৱেশ (Objective condition) নাছিল। সেয়ে জমাদাৰ শনিৰাম কছাৰীৰ পুত্ৰ গোপাল চন্দ্ৰ ৰাভা আৰু ধনসিং কছাৰী দুয়ো সামৰিক বাহিনীত যোগ দিছিল। কিন্তু তেওঁলোকৰ বিংশ শতিকাৰ প্ৰথম দশকত জন্মগ্ৰহণ কৰা পুত্ৰ যথাক্ৰমে বিষ্ণু প্ৰসাদ ৰাভা আৰু জগতসিং কছাৰীয়ে সামৰিক বাহিনী বা অৰ্ধসামৰিক বাহিনীত যোগ নিদিলে। বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে সকলোৱে জানে। জগত সিং কছাৰীয়েও চিত্ৰশিল্পীৰূপে প্ৰতিষ্ঠিত হোৱাৰ উপৰি প্ৰথম বড়ো আলোচনী বিবাৰৰ লেখক হৈছিল আৰু বড়ো-চেতনা জাগৰণত জড়িত হৈছিল। তেওঁৰ অৱশ্যে যৌৱনতেই অকাল মৃত্যু হৈছিল। তেনেদৰেই চুবাদাৰ ভদীয়া খাখ্লাৰীৰ পুত্ৰ যাদৱ চন্দ্ৰ খাখ্লাৰীয়ে শিক্ষা লাভ কৰি সামৰিক বা অৰ্ধসামৰিক বাহিনীত যোগ নিদি পানীতোলা চাহ বাগিচাৰ সহকাৰী মেনেজাৰ হিচাপে যোগ দিয়ে। তেওঁ বড়োৰ চেতনা জাগৰণত অতি সক্ৰিয় ভূমিকা গ্ৰহণ কৰে আজীৱনকাল ধৰি। ‘কছাৰী যুৱক সন্মিলন’, ‘বড়ো মহাসন্মিলনী’, ‘ট্ৰাইবেল লীগ’ আদি সেইকালৰ বড়ো আৰু সদৌ জনজাতীয় জাগৰণৰ অগ্ৰণী ভূমিকা লোৱা সংগঠনৰ জন্ম আৰু কাৰ্যতঃ মুখ্য আৰু সক্ৰিয় ভূমিকা লোৱা ব্যক্তিসকলৰ মাজৰ এজন আছিল যাদৱ চন্দ্ৰ খাখ্লাৰী। তেওঁ বড়োসকলৰ পক্ষে ছাইমন কমিচনত সাক্ষী দিবলৈ যোৱাৰ কথা ইতিমধ্যেই উল্লেখ কৰা হৈছে। ছাইমন কমিচনত সাক্ষী দিবলৈ যোৱা আন এজন প্ৰধান আৰু নমস্য ব্যক্তি হ’ল বহুচৰ্চিত চুবেদাৰ ‘চৰ্দাৰ বাহাদুৰ’ বেলবুংৰাম কছাৰী। সৈন্যবাহিনীৰ পৰা অৱসৰৰ অন্তত তেওঁ বড়ো সমাজৰ বাবে কৰা কামৰ বাবে স্মৰণীয় হৈ আছে। এনে আৰু বহুতো উদাহৰণ দিয়া যায় যদিও এই নিবন্ধত স্থানাভাৱৰ বাবে সেইবোৰ উল্লেখ কৰাৰ পৰা আমি বিৰত থাকিলোঁ।
বড়ো-চেতনা জাগৰণৰ প্ৰথম স্তৰত ১৯১২ চনতেই বড়ো সমাজৰ সংস্কাৰ আৰু বিকাশ নিশ্চিত কৰিবলৈ বড়োৰ নিয়ম-নীতি, উৎপত্তি, পুৰণি কালৰ ৰাজবংশ আদিৰ বিষয়েও পৰ্যালোচনা কৰিবলৈ বৃহৎ বড়ো জাতীয় অভিৱৰ্তনৰ আয়োজন কৰা হৈছিল। এই অভিৱৰ্তনত প্ৰাক্তন বড়ো সৈনিকসকলে এক প্ৰধান ভূমিকা পালন কৰিছিল। এই সন্দৰ্ভত ১৯১৫ চনত প্ৰকাশিত পুস্তিকা বড়োনি ফিছা ও আয়েনত থকা অভিৱৰ্তনৰ তৃতীয় অধিৱেশনত অংশ গ্ৰহণকাৰীৰ তালিকাত বড়ো প্ৰাক্তন সৈনিক আৰু শিক্ষিত ব্যক্তিৰ উল্লেখ অতি তাৎপৰ্যপূৰ্ণ। দেখা গৈছে যে ঊনবিংশ শতিকাত ব্ৰিটিছ সামৰিক আৰু অৰ্ধসামৰিক বাহিনীত কৰ্মৰত বড়ো শিক্ষিত ব্যক্তিসকলৰ এটা বৃহৎ অংশই কৰ্তব্যৰ বাধ্যবাধকতাৰ বাবে সমাজৰ অন্তৰালত আছিল যদিও শতিকা বাগৰাৰ লগে লগে অনুকূল বিষয়গত পৰিৱেশ সৃষ্টি হোৱাত এই শিক্ষিত ব্যক্তি আৰু প্ৰাক্তন সৈনিকসকল আৰু তেওঁলোকৰ সতি-সন্ততিসকল বড়ো জাতীয় জাগৰণৰ সক্ৰিয় অংশীদাৰ হৈছিল। আন কি, হাবিলদাৰ মেজৰ লদৰাৰাম কছাৰীৰ দৰে ব্যক্তিয়েও নিজৰ কন্যা ইন্দুমতী কছাৰীক শিক্ষা প্ৰদানৰে বড়ো আৰু জনজাতীয়ৰ মাজত নাৰীশিক্ষাৰ পাতনি মেলিছিল। বড়োৰ মাজৰ প্ৰথম এম ই পাছ নাৰী সৈনিক-সন্তান ইন্দুমতী কছাৰী (১৮৯৪-১৯৬৫)য়ে তেজপুৰ আৰু গুৱাহাটীৰ মজলীয়া স্কুলত সফলতাৰে শিক্ষকতা কৰি আৰু বড়ো আৰু জনজাতীয় জাতীয় জাগৰণত সক্ৰিয় অংশ গ্ৰহনেৰে নমস্য হৈ আছে।



