অৱতাৰণাঃ
সংস্কৃতিৰ জন্ম জাতি-জনগোষ্ঠীৰ জীৱনত। ব্যক্তিৰ ধ্যান-ধাৰণা, আচাৰ-নিয়ম আদি যিকোনো কথা সমাজ জীৱনে পৰীক্ষা আৰু পৰিশোধন কৰিহে গ্ৰহণ কৰে বাবেই সংস্কৃতি শব্দত সংস্কাৰ আৰু সুন্দৰৰ ভাব নিহিত বুলি ধাৰণা কৰা হয় ৷ সংস্কৃতি হ’ল এনেবোৰ প্ৰধান সামাজিক অংশ যিবিলাকে সমাজৰ মানুহক একাকাৰ কৰি পেলায়৷ লোক-সমাজৰ স’তে নিবিড়ভাবে জড়িত দৈনন্দিন কাৰ্যকলাপ অৰ্থাৎ পুৱাৰ পৰা ৰাতিলৈকে লোক সমাজে পালন কৰা সমুদায় কাৰ্যকে লোক-সংস্কৃতি বোলা যায়৷ সেইদৰে পৰম্পৰা হ’ল প্ৰাচীন কালৰে পৰা অবিৰতভাৱে চলি অহা লৌকিক মত, লোকবিশ্বাস, আচাৰ-নীতি আদি৷ মুঠৰ ওপৰত লোক-সাংস্কৃতিক পৰম্পৰা হ’ল কোনো লোক সমাজৰ এক অপৰিহাৰ্য তথা অবিৰত জীৱন পদ্ধতিৰ বিৱৰণ৷ দেউৰী লোক-সংস্কৃতিৰ ব্যাপকতা বৈচিত্ৰ আৰু বৈশিষ্ট্য অনুসৰি দেউৰী লোক-সংস্কৃতিক চাৰিটা ভাগত ভাগ কৰিব পাৰি-(১) লোক-সাহিত্য বা মৌখিক লোক-সংস্কৃতি (Verbal or Oral art : লোক কাহিনী, প্ৰবচন, সাঁথৰ, লোক ভাষা আদি) (২) লোকাচাৰ (Social folk-custom) উৎসৱ অনুষ্ঠান, খেল-ধেমালি, লোক ধৰ্ম, লোক-বিশ্বাস আদি (৩) ভৌতিক সংস্কৃতি (Material folk-culture: লোক-শিল্প, লোক-কলা, লোক-আভৰণ, লোক ৰন্ধন প্ৰণালী আদি) আৰু (৪) লোক-পৰিবেশ্য কলা (Folk performing art : লোক সংগীত, লোক নৃত্য, লোক নাট্য আদি)৷
দেউৰী জনগোষ্ঠীৰ পৰিচয়:
ভাৰতৰ সংবিধানত অনুসূচিত জনজাতি হিচাপে তপশীলভুক্ত দেউৰী জনগোষ্ঠী অসমৰ লখিমপুৰ, ধেমাজি, বিশ্বনাথ, যোৰহাট, মাজুলী, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া জিলাৰ নৈ-উপনৈ সমূহৰ পাৰত আৰু অৰুণাচল প্ৰদেশৰ চাংলাং আৰু নামচাই জিলাত গাঁও পাতি বসবাস কৰি আছে ৷ সেইদৰে নগৰাঞ্চলতো তেওঁলোকৰ কিছুসংখ্যকে বসবাসৰ স্থলী হিচাপে বাছি লৈছে ৷ তাহানিৰ নেফা আৰু বৰ্তমানৰ অৰুণাচল প্ৰদেশৰ পাদদেশৰ দিবাং, টেঙাপানী, জয়দাম আদিৰ লগতে তাহানিৰ শদিয়া আৰু শদিয়াতীত অঞ্চল(Beyond Sadiya)ত একালত বসবাস কৰি তাৰে কিছু লোক ভৈয়ামলৈ নামি আহিল বুলি কথিত আছে৷
বৃহৎ মংগোলীয় জনগোষ্ঠীৰ অন্তৰ্ভুক্ত দেউৰীসকল বহিঃনামকৰণত (Exonym) ‘দেউৰী’ আৰু নিজস্ব নামকৰণেৰে (Autonym) জিমুচাঁয়া বা ‘জিম’চাঁয়া’ নামেৰে জনা যায়৷ ‘দেউৰী’ শব্দটি সংস্কৃতকৰণ কৰি ‘দেৱ-গৃহিকা’ৰ পৰা নিষ্পত্তি হৈছে বুলি উল্লেখ কৰাৰ (বাণীকান্ত কাকতি) বিপৰীতে দুশ শতিকাৰ প্ৰায় মাজভাগত গ্ৰীক পণ্ডিত (টলেমী) টোকাৰ ভিত্তিত উন্মোচিত নৃগোষ্ঠী (১২ টা) ৰ ‘দ্যউনই’ (Doanai)ৰ লগত বংশ বুজাবলৈ ‘হাৰি/অৰি’ (Ari) সংযোগ কৰি দ্যউনই+অৰি=দেউনইঅৰি দেউৰী দেউৰীৰ পৰা শব্দ নি:সৃত হৈছে বুলিবৰ যথেষ্ট থল আছে৷ অন্যহাতে ‘জিমুচাঁয়া বা জিম’চাঁয়া’ৰ অৰ্থ চাবলৈ গ’লে ‘জি’ (পানী)+‘মুকু/ম’কু’(বায়ু)+‘চাঁ’ (সূৰ্য অৰ্থাৎ অগ্নি),+ ‘য়া’ (মাটি, জোন) জিমুচাঁয়া জিম’চাঁয়া অৰ্থাৎ পানী, বায়ু, অগ্নি আৰু মাটিৰে সৃষ্ট মানৱদেহৰ গোষ্ঠী৷ অন্যকিছুৰ মতে ‘জিম’ (ঔৰস, বীৰ্য) +‘চাঁ’ (সূৰ্য) +‘য়া’ (চন্দ্ৰ, মাটি) জিম’চাঁয়া অৰ্থাৎ সূৰ্য-চন্দ্ৰৰ মধুৰ মিলনত সৃষ্ট মানৱগোষ্ঠী।
খেলবন্ধীয়াকৈ গাঁও পাতি বসবাস কৰি অহা দেউৰীসকলৰ চাৰিটা খেল বা ফৈদ হ’ল- দিবঙীয়া, টেঙাপনীয়া, বৰগঞা আৰু পাটৰ গঞা খেল৷ খেলবন্ধীয়া নামকৰণৰ জৰিয়তে স্পষ্ট যে দিবঙীয়া (দিবং দিবাং গঞা) অৰ্থাৎ দিবং/দিবাং নদীৰ পাৰত বসবাস কৰা; টেঙাপানী নদীৰ পাৰত বসবাস কৰা খেলক টেঙাপনীয়া, বৰগাং বা বৰনদী/বৰলুইত (বৰগড়া)ৰ পাৰত বসবাস কৰাসকলক বৰগঞা আৰু পাট’/পাটৰ খেলৰ লোকসকল পাটত উঠা বা পাট শদিয়াত বসবাস কৰিছিল৷ বুৎপত্তিগত অৰ্থসমূহলৈ লক্ষ্য কৰিলে এই নাম সমূহ অসমীয়াভাষীৰ স্থানবাচক বুলি ধৰিব পাৰি বিশেষকৈ ‘টেঙাপানী’ বা ‘টেঙাপনীয়া’ শব্দটিৰ জৰিয়তে৷ অৱশ্যে এই ফৈদ/খেলসমূহৰ নাম তেওঁলোকৰ লোকসমাজত পৃথক আছিল যথা- দিবঙীয়াক জিমুচাঁৰু/জিম’চাঁৰু, টেঙাপনীয়াক মিদয়া, বৰগঞাৰ লুইতুয়া আৰু পাট’/পাটৰ গঞাক তানুগিৰিয়া৷ প্ৰাচীন মানৱ সভ্যতাসমূহ নদীৰ পাৰতেই গঢ় লৈ উঠাৰ দৰে দেউৰীসকলৰ সমাজ সভ্যতা নদীৰ পাৰতেই গঢ়ি উঠিছিল বুলি ভবাৰ থল উক্ত নদীবাচক পদসমূহেই এক-নিদৰ্শন৷
সমাজ-ধৰ্মীয় ব্যৱস্থা:
কুন্দিমামাক মূল আৰাধ্য দেৱ-দেৱীৰূপে বিশ্বাস কৰা দেউৰী জনগোষ্ঠীৰ দিবঙীয়া খেলে ‘গিৰা-গিৰাচি’ (বুঢ়া-বুঢ়ী) কে মুখ্য কৰি সকলো দেৱ-দেৱীক, টেঙাপনীয়া খেলে ‘পিচাদেমা’ (জ্যেষ্ঠ সন্তান বা বলিয়া বাবা), বৰগঞা খেলে ‘পিচাচি দেমা’ (জ্যেষ্ঠা কন্যা বা তামেচৰী বা কেঁচাইখাতী) আৰু পাট/’ পাটৰ গঞাই সকলো প্ৰধান দেৱ-দেৱীক উপাস্য দেৱ-দেৱীৰূপে গণ্য কৰি মানে৷ তাহানিৰ বিখ্যাত শদিয়া বা শদিয়াতীতস্থিত চাৰিশাল গোঁসানীশালত প্ৰাক-ঐতিহাসিক কালৰে পৰা পূজা-পাতল আগবঢ়াই অহা দেউৰী জনগোষ্ঠীৰ ধৰ্ম-বিশ্বাসৰ লগত শক্তি-শৈৱ-বৈষ্ণৱ পন্থীয় মিশ্ৰিত আচাৰ-ব্যৱহাৰৰ লগতে নৈবদ্যৰ সাদৃশ্য লক্ষণীয় বৈশিষ্ট্য৷ সমাজ-ধৰ্মীয় ব্যৱস্থাৰ বাবে তেওঁলোকৰ মাজৰ পৰা নিৰ্বাচিত ‘চাৰি দেউৰী’ (বৰদেউৰী, সৰু দেউৰী, বৰ ভৰালী, সৰু ভৰালী)ৰে গঠিত গাঁৱৰ পমিয়া পৰিষদ (Priestly council) এ গাঁৱত প্ৰতিষ্ঠিত কৰি লোৱা কুন্দিকু বা মিদিকু (দেউঘৰ, দেওশাল) সমূহ পৰিচালনা কৰে৷ সেয়েহে কুন্দিকু বা মিদিকু আৰু পমিয়া চ্ছিঙ্গা দেউৰী লোক জীৱনত একোটা গুৰুত্বপূৰ্ণ সমাজধৰ্মীয় অনুষ্ঠান৷ পমিয়া চ্ছিঙ্গা (Priestly council) সদস্যবৃন্দৰ বৰদেউৰীগৰাকী গাঁৱৰ প্ৰধান; বিশেষকৈ সমাজ-ধৰ্মীয় কৰ্মক্ষেত্ৰখনত৷ গাঁৱৰ মামলা, মুকৰ্দমা আদিত চালিচ (মেল)ত বৰদেউৰীয়ে পৰিচালনা কৰে আৰু প্ৰয়োজনীয় আদেশ জাৰি কৰে৷ তেওঁৰ সামাজিক সন্মান গাঁৱৰ ভিতৰত সৰ্বোচচ আৰু পূজা-পাতল বিশেষকৈ কুন্দিকুৰ উৎসৱ-পাৰ্বণৰ লগত জড়িত পূজাভাগৰ কিছু অংশ আৰু কিছু প্ৰসাদৰ তেওঁৰ প্ৰাপ্য ৷
দেউৰীসকল চাংঘৰীয়া, যৌথ-পৰিয়ালযুক্ত, নৈপৰীয়া আৰু খেলবন্ধীয়া আদি বৈশিষ্ট্যৰে পৰিচালিত জনগোষ্ঠী৷ চৌপাশৰ উপলব্ধ সমলৰে তৈয়াৰী চাংঘৰবোৰ সাধাৰণতে পূবা-পশ্চিমাকৈ (কিছু ক্ষেত্ৰত উত্তৰা-দক্ষিণামুৱা) সৰলৰেখাত অৱস্থান গ্ৰহণ কৰা দেখা যায়৷ দুই-এঘৰ লোকে মূল ঘৰৰ পিচফালে উত্তৰা-দক্ষিণাকৈ একোটা কোঠালী জোৰা লগাই ইংৰাজী ‘T’ বা ‘L’ বৰ্ণৰ আকৃতিৰে নিৰ্মাণ কৰি লোৱা দেখা যায় যদিও মূল ঘৰটো পুবা-পশ্চিমাকৈয়ে নিৰ্মিত৷ পূবা-পশ্চিমাকৈ নিৰ্মিত চাংঘৰসমূহৰ তাৎপৰ্য বিশ্লেষণ সন্দৰ্ভত প্ৰকাশ কৰা যায় যে সাধাৰণতে পূব দিশটি দেউৰী লোক সমাজৰ বাবে পবিত্ৰ দিশ৷ সেয়েহে তেওঁলোকৰ মিদিকু বা দেওঘৰসমূহো সাধাৰণতে গাঁৱৰ পূব দিশত অৱস্থান গ্ৰহণ কৰা পৰিলক্ষিত হয় আৰু দেও ঘৰৰ দুৱাৰ পশ্চিমমুৱাকৈ ৰখা দেখা যায়৷ গৃহস্থ বা ঘৰৰ সদস্যসকলে ঘৰৰ পৰা ওলোৱা সময়ত দুৱাৰত বা জখলাত খন্তেক ৰৈ পূব দিশলৈ অনায়াসে সেৱা ভক্তি জনাবলৈ সুবিধাজনক হোৱাৰ লগতে তেনে দিশেবে সজোৱা চাংঘৰৰ সন্মুখত থকা চোতালকে ধৰি মুকলি কোঠা (মিচ্ছ)ত পুৱা বেলাৰ কোমল ৰ’দজাক পৰাৰ সুবিধা থাকে৷ যাৰ ফলত ঘৰৰ আগফাল, য’ত মানুহৰ সঘন আহ-যাহ ঘটে তাৰ পৰিবেশ স্বাস্থ্যসম্মত হয় আৰু কাজেই বিভিন্ন ৰোগৰ পৰা মুক্ত হৈ থকাৰ সুবিধা পোৱা যায়৷ চাংঘৰৰ পূবমুৱাকৈ থকা মূল দুৱাৰ সাধাৰণতে সোঁমাজত নিদি সামান্য দক্ষিণ দিশত দি ভিতৰলৈ অহা-যোৱা কৰা দীঘল বাটটি পথানৰ দিশত ৰখা দস্তুৰ৷ দীঘলীয়া এনে বাট মজিয়া বা ৰান্ধনীশাললৈ চুই যোৱা আৰু এই বাটটিৰ পৰাই প্ৰত্যেক কোঠালৈ সোমাবলৈ ভিতৰ দুৱাৰ একোখনকৈ থাকে৷ চাংঘৰৰ কাঠৰ জখলাৰে উঠিয়েই পোৱা মুকলি কোঠা(মিচ্ছ)ত সৰ্বসাধাৰণ আলহী-দুলহীক আপ্যায়ন কৰাৰ উপৰি তাতে কেতিয়াবা পৰিয়ালৰ অবিবাহিত সকলে ৰাতি শোৱে৷ ইয়াৰ সংলগ্ন কৰি বিস্তাৰিত ৰূপে সজোৱা চাংখনত হাত-ভৰি ধোৱা, ধান-মাহ, মাছ আদি শুকোৱা আৰু বৃদ্ধলোকে গা ধোৱা কাম সমাধা কৰে৷ জোনাক নিশা বিশেষকৈ গৰমৰ দিনত সকলোৱে জিৰণি লোৱাৰ উপৰি ককাক-আইতাকহঁতে তেওঁলোকৰ নাতি-নাতিনীহঁতক মিচ্ছখনতেই বহুৱাই বিবিধ সাঁথৰ বা সাধুকথা শুনায়৷ মিষ্ট সংলগ্নিত দুৱাৰে দি সোমায়ে পোৱা কোঠাটো টেঙাপানীয়া খেলৰ লোকসমাজে সুবচনী বা ঘৰদেউৰ নামত উচৰ্গা কৰা দস্তুৰ৷ একোটা চাংঘৰৰ দৈৰ্ঘ্য আৰু কোঠাৰ পৰিমাণ ঘৰখনৰ পৰিয়ালৰ আকাৰৰ ওপৰত নিৰ্ভৰ কৰে৷ জাকৰুৱা বা যৌথ পৰিচালৰ ঘৰৰ তুলনাত চুকিয়া বা গাইগুটীয়া পৰিয়ালৰ ঘৰ চুটি আৰু সৰু৷ দেউৰীসকলৰ লোকজীৱনত বৰজনাৰ স’তে ভাইবোৱাৰীৰ সম্পৰ্ক এৰাই চলাটো এক পৰম্পৰাগত সামাজিক, লোকাচাৰ৷ তদুপৰি পৃথক কোঠা হ’লে গোপনীয়তা ৰক্ষা, পৰিমাৰ্জিত বসবাসৰ সুচল হয়৷ তেনে কাৰণতে একেটা পৰিয়ালৰ বাসগৃহত বসবাসৰ সুচলাৰ্থে প্ৰয়োজনানুসৰি পৃথক কোঠা নিৰ্মাণ কৰি লোৱাটো আবশ্যকীয় বুলি গণ্য কৰি কোঠা বনোৱাতো এটা দস্তুৰ৷
চাংঘৰবোৰ সাধাৰণতে পাঁচৰ পৰা সাত ফুট মান ওখ৷ চাংঘৰ ব্যৱস্থা প্ৰচলন হোৱাৰ মূলতে কিছুমান বিশেষ কাৰণ অন্তৰ্নিহিত হৈ থকাৰ বিষয়ে উনুকিয়াব পাৰি৷ চাংঘৰত থাকিলে বনৰীয়া জীৱ-জন্তু, বিষাক্ত কীট-পতংগৰ পৰা ৰক্ষা পৰাৰ উপৰি বৰ্ষাৰণ্যৰ পাহাৰত বাৰিষা সেমেকা মাটিৰ পৰা ৰক্ষা আৰু জাৰৰ দিনত ঠাণ্ডাৰ প্ৰকোপৰ পৰাও ৰক্ষা পোৱা যায়৷ তেওঁলোকৰ চৌপাশত উপলব্ধ কাঠ, বাঁহ, বেত, খেৰ, লতা আদিৰ সহায়েৰে তৈয়াৰ কৰি লোৱা চাংঘৰ, প্ৰকৃতিৰ লগত সহাবস্থানৰ কাৰণতেই বিদ্যমান৷ নদী কাষৰীয়া দেউৰী গাঁওসমূহ চাংঘৰীয়া ব্যৱস্থাই ধাৰাসাৰ বৰষুণৰ ফলত বা অন্যান্য কাৰণত সৃষ্টি হোৱা বানৰ প্ৰকোপত সম্মুখীন হবলগীয়া আলৈ-আহুকালৰ পৰা কিছু হলেও সকাহ দিয়ে৷ চাংঘৰসমূহত মুকলি বতাহ পোৱা সুবিধাতো আছেই আৰু জখলাৰে উঠা-নমা কৰিবলগা পৰিস্থিতিৰ বাবে মানুহবোৰ অজানিতে শৰীৰ চৰ্চাৰ অভ্যাসৰ সুবিধা আওপকীয়াকৈ পোৱাৰ কথাটি উনুকিয়াব পাৰি৷ হয়তো এনেবোৰ কিছুমান সুবিধাৰ প্ৰতি লক্ষ্য ৰাখিয়েই কিজানি ব্ৰিটিছ চাহাবসকলে তাহানিতে ডাকবাংলোসমূহ চাংঘৰৰ আৰ্হিত নিৰ্মাণ কৰিছিল৷
দেউৰীসকলৰ প্ৰধান বাসগৃহৰ বাহিৰেও ভঁৰাল ঘৰ, গোহালী ঘৰ আদি মূল ঘৰৰ আগফালে অৱস্থান কৰা দেখা যায়৷ তেওঁলোকে দৈনন্দিন কাম-কাজৰ বাবে বিভিন্ন ধৰণৰ আচবাব, সা-সৰঞ্জম, বস্তু-বাহানি পৰম্পৰাগতভাবে ব্যৱহাৰ কৰি আহিছে৷ তেনেবোৰ সা-সামগ্ৰী ঠাইতে পোৱা কেঁচামালৰ পৰা নিজে তৈয়াৰ কৰি লয় বা কিছু অন্য ঠাইৰ পৰা গোটাই লয়৷ সা-সামগ্ৰীসমূহ মূল ঘৰৰ ব্যৱহৃত সা-সামগ্ৰী কৃষিজাত সা-সঁজুলি মাছমৰা, চিকাৰ আদিত ব্যৱহৃত সঁজুলি, তাঁতশালত ব্যবহৃত সঁজুলি, পূজা-পাৰ্বনত ব্যৱহৃত সঁজুলি আদিৰে ভাগ কৰিব পাৰি৷
দেউৰী লোক-জীৱনৰ পৰিয়ালসমূহ সেয়া যৌথ কিম্বা গাইগুটীয়া পৰিয়ালেই হওক, এজন মুৰব্বীৰ তত্ত্বাৱধানত পৰিচালিত হয়৷ সাধাৰণতে পিতৃয়েই পৰিয়ালৰ মুৰব্বী হোৱা হেতুকে পৰিয়ালৰ সকলো সদস্য-সদস্যা, যেনে- তেওঁৰ পৰিবাৰ সহিতে বিবাহিত-অবিবাহিত পুত্ৰ, বোৱাৰী, অবিবাহিত কন্যা আৰু পুত্ৰ, বোৱাৰী, অবিবাহিত কন্যা আৰু পুত্ৰফালৰ নাতি-পুতিসকলোবোৰে মুৰব্বীৰ তত্ত্বাৱধানত চলে৷ অৱশ্যে পিতৃৰ মৃত্যুৰ পিচত অভিভাৱকৰ কৰ্তৃত্ব মাতৃ অথবা জ্যেষ্ঠ পুত্ৰই লাভ কৰে৷ ইতিমধ্যে উনুকিয়াই অহা হৈছে যে দেউৰী লোক সমাজত বৰজনা আৰু ভাইবোৱাৰীৰ মাজত কিছুমান সামাজিক নিষেধ দেখা যায়৷ সেইদৰে ভনীজোঁৱাই আৰু জেশাহুৰ মাজতো তেনে কিছুমান নিয়ম-নীতি প্ৰত্যক্ষ কৰা যায়৷ উদাহৰণস্বৰূপে বৰজনাকৰ আগত ভাইবোৱাৰীয়ে আৰু ভনীজোঁৱাইৰ আগত জেশাহুৱে দেখদেখকৈ মদ-ভাত খোৱা, দাঁত উলিয়াই হঁহা, চুলি মেলি ফণিওৱা আৰু গাত গা লগাই বা ওচৰত বহি মুখামুখিকৈ কথা পতা আদি নিষেধ৷ ভাইবোৱাৰীয়ে কটা তামোল-পাণ বৰজনাকে আৰু জেশাহুৱে কটা তামোল-পাণ ভনীজোঁৱায়েকে খোৱাৰ নিয়ম নাই৷ আনকি বৰজনাকৰ নাম ভাইবোৱাৰীয়ে আৰু ভনীজোঁৱায়েকৰ নাম জেশাহুৱে পৰস্পৰে পৰস্পৰৰ কাঢ়িব নাপায়৷ তেওঁলোকৰ মাজত পাৰস্পৰিক সামাজিক সম্বন্ধ ইমানেই কঠোৰ বা জুই-পানী সম্বন্ধৰ দৰে যে আনকি একেটা ঘৰতে থকা বৰজনাকে ওচৰতে থকা ভাইবোৱাৰীৰ কোঠালিত আৰু ভাইবোৱাৰীয়ে বৰজনাকৰ কোঠালিত সোমাব নোৱাৰে৷ এনে সামাজিক নিষেধ কেনেবাকৈ ভংগ কৰিলে তেওঁলোকে পাপ বুলি গণ্য কৰি তাৰ পৰিত্ৰাণৰ বাবদ কুকুৰা-গাহৰি ভৰি পাপ মোচন হোৱা দস্তুৰ বিদ্যমান৷ এনেবোৰ সামাজিক নিষেধৰ মূলতে বিশুদ্ধ সম্বন্ধ বজাই অবৈধ সম্পৰ্কৰ সম্ভাৱনীয়তাৰ পৰা দূৰৈত অৱস্থান কৰাৰ এক লোকাচাৰ বুলি ক’ব পৰা যায়৷

লোক-ভাষাঃ
দেউৰী জনগোষ্ঠীৰ মাজত প্ৰাচীন কালৰে পৰা প্ৰচলিত হৈ অহা দেউৰী ভাষাটো জনগোষ্ঠীটোৰ এক প্ৰধান সাংস্কৃতিক ঐতিহ্য৷ ভাষাতত্ত্ববিদসকলৰ মতে দেউৰী ভাষাটো চীন-তিব্বতীয় ভাষা গোষ্ঠীৰ তিব্বত-বৰ্মীয় শাখাৰ অন্তৰ্গত৷ তেওঁলোকৰ ভাষাৰ নিজা লিপি আছিল যদিও বৰ্তমান স্তৰত সেয়া উদ্ঘাটন কৰিব পৰা হোৱা নাই৷ CS Mullanৰ report on the census of Assam,1931ত দেউৰী ভাষাৰ বিষয়ে ক’বলৈ গৈ উল্লেখ কৰিছে এনেদৰে ‘The Deoris are a very independent people and are well able to stand up for them-selves. Their Language is probably the original Language of Uper Assam.’ (Chapter X.p 172’) ৷ বিভিন্ন জনগোষ্ঠীৰ দৰে দেউৰী জনগোষ্ঠীয়েও তেওঁলোকৰ স্বকীয় ভাষাটো বৃহত্তৰ অসমীয়া সংস্কৃতিত সম্পূৰ্ণকৈ বিলীন হ’বলৈ নিদি কেনেকৈ সংৰক্ষণ কৰি থৈ গল তাৰে বিৱৰণ CS Mullan এ পূৰ্বোক্ত প্ৰতিবেদনত কৈছে ‘This is itself indicates that the Kacharis as a community have remained more aloof than the Ahoms from the general development of Assamese culture, Similarly the Miris, Lalungs, Meches, Rabhas, Deoris and Sylhet Tiparas have all preserved their tribal Languages.’ (Chapter XII O.201)৷ দেউৰী ভাষাৰ প্ৰধান বৈশিষ্ট্যসমূহৰ ভিতৰত প্ৰধানকৈ (ক) মহাপ্ৰাণ ধ্বনিৰ অনুপস্থিতি, (খ) ‘চ্চ’ (ts) ধ্বনিৰ অতিপাত প্ৰয়োগ, (গ) নাসিক্য ধ্বনিৰ প্ৰাদুৰ্ভাব, (ঘ) বহু সুৰ প্ৰধান (Multi-tonal), আৰু (ঙ) স্বৰান্ত শব্দৰ প্ৰাদুৰ্ভাব (চ) শব্দ সৃষ্টিত বৈজ্ঞানিক ভিত্তি আছে বুলিয়েই উল্লেখ কৰিব পাৰি৷ দেউৰী ভাষাৰ লক্ষণসমূহৰ লগতে ৰূপগত, ধ্বনিগত আৰু বাক্য বিন্যাস শৈলীসমূহ প্ৰণালীবদ্ধভাবে বিচাৰ কৰি চালে পৰিলক্ষিত হয় যে তিব্বত-বৰ্মী ভাষাসমূহৰ পৰিয়ালৰ প্ৰায়বোৰ বৈশিষ্ট্য দেউৰী ভাষাটোত বিদ্যমান৷ G.A. Grierson এ সেয়েহে দেউৰী ভাষা সম্পৰ্কে এনেদৰে কৈছে- ‘বড়ো ভাষাৰ অন্তৰ্গত আটাইবোৰ ভাষাৰ ভিতৰত এই ভাষাটোৱেই অতি প্ৰাচীন বৈশিষ্ট্যবোৰ সংৰক্ষণ কৰিছে যেন বোধ হয় আৰু ইয়েই মূল ভাষাৰ (য’ৰ পৰা আন আটাইবোৰ বিকাশ হৈছে) নিচেই ওচৰ চপা৷’
বৰ্তমান অৱস্থাত দেউৰী ভাষাই বহু ঘাত-প্ৰতিঘাত পাৰ হৈ অসমীয়া লিপিৰে ন কৈ বিকশিত হৈছে আৰু অসম চৰকাৰে অধিসূচনা নং A(I)E. 338/99/572 Dt.28.01.2005 যোগে দেউৰী ভাষাক স্বীকৃতি প্ৰদান কৰিছিল যদিও নিম্ন প্ৰাথমিক বিদ্যালয় পৰ্যায়ত মাধ্যম ভাষা হিচাপে E.No 63288Dt ২.4.2025 অধিসূচনা অনুসৰি ২০২৪-২৫ শিক্ষাবৰ্ষৰ পৰা শুভাৰম্ভ হৈছে৷ ইউনেস্ক’ৰে প্ৰকাশ কৰা নিশ্চিতভাবে বিপন্ন ভাৰতৰ ৬২ টা ভাষাৰ ভিতৰত অসমৰ তিনিটা ভাষা উক্ত তালিকাত অন্তৰ্ভুক্ত হৈছে৷ অতি চিন্তনীয় বিষয় যে উক্ত তিনিটা ভাষাৰ ভিতৰত দেউৰী ভাষাটোও আছে৷ ২০১১ চনৰ ভাৰতৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ দেউৰী জনসংখ্যা ৪৩,৭৫০ জনৰ ভিতৰত ৩২,৩৭৬ জন (৭৪) ভাষা কোৱা লোক আৰু অৰুণাচল প্ৰদেশত প্ৰায় ১০,০০০ জন বুলি তথ্য পোৱা যায় যদিও তেনে তথ্য দেউৰী জাতীয় সংগঠনে নাকচ কৰি দেউৰী জনসংখ্যা প্ৰায় ২-৩ লাখ বুলি দাবী কৰি আহিছে৷ যিহেতু এটা ভাষাৰ মৃত্যু মানে এটা বৰ্ণিল সংস্কৃতিৰ মৃত্যু, সেই বাবে দেউৰী ভাষা-সাহিত্যৰ জাতীয় অনুষ্ঠান দেউৰী চ্চুচ্চেবা চ্চেংচ্চাই ভাষাটোৰ সংৰক্ষণ, সংবদ্ধনৰ বাবে অহৰহ প্ৰচেষ্টা চলাই অহা পৰিলক্ষিত হয়৷
সাজ-পোছাক:
দেউৰী লোক-জীৱনৰ জীয়াৰী-বোৱাৰীহঁত বস্ত্ৰ শিল্পৰ সাধক বুলি ক’ব পাৰি৷ তেওঁলোকৰ পৰিয়ালৰ সকলো সদস্য-সদস্যাৰ বাবে দৈনন্দিন জনজীৱনত ব্যৱহাৰৰ উপযোগী কাপোৰ যেনে- ইকু (ধুতী), ইগুঁ (মেখেলা), জিমা বা চলা (চোলা), বঁচে বা তঙা (গামোচা), গাতিগি বা তকয়া (মহিলাই মূৰত লোৱা কাপোৰ), বাইগা (গাভৰুৱে বুকুত বন্ধা কাপোৰ), লুণ্ডৰু ইচা (মহিলাই লোৱা দীঘল কাপোৰ), জকাচ্ছিবা (বোৱাৰীয়ে লোৱা কঁকাল বন্ধা) আদি তেওঁলোকে নিজৰ তাঁতশালত বৈ কাটি লয়৷ সেইদৰে দেওঘৰত পূজা-পাতল কৰিবৰ বাবে পূজাৰীবৃন্দৰ বাবেও এক বিশেষ ৰঙৰ ধুতী আৰু চেলেং জীয়াৰী-বোৱাৰীহঁতে তৈয়াৰ কৰি দিয়া দস্তুৰ৷ ঠাণ্ডাৰ পৰা সাৰিবলৈ তেওঁলোকে এৰীয়া চেলেং (এৰীয়া কাপোৰ), দে ইচা বা বকাকু (বৰ কাপোৰ) আদিও বৈ লোৱা দেখা যায়৷ কাপোৰবোৰ তৈয়াৰ কৰিবলৈ আৱশ্যকীয় সূতাৰ বাবে আকৌ ঘৰতে মুগা, এড়ি, পাট-পলু পুহি লয় আৰু কপাহৰ খেতি কৰি তাৰ পৰা সূতা তৈয়াৰ কৰি লোৱা পৰম্পৰাগত কৰ্মপদ্ধতি বুলিব পাৰি৷ কাপোৰ বব-কাটিব নজনা গাভৰুক অকাজী আখ্যা দি সকলোৱে নিন্দায় আৰু তেনে গাভৰুৰ বিয়াৰ বজাৰত দৰ কম৷ সেয়েহে সকলো গাভৰুৱে ছোৱালী কালৰ পৰাই একাগ্ৰতাৰে বোৱা কটা শিকি লয়৷ চাংঘৰৰ তলত বা ঢেঁকীশালৰ চালিত বা ভঁৰালঘৰৰ চালিত পাতি লোৱা প্ৰতিঘৰৰ তাঁতশাল বা সমজুৱাকৈ পাতি লোৱা গাঁৱৰ তাঁতশালত ঘৰুৱা কামৰ সুৰুঙাত সময় উলিয়াই কাপোৰ-বোৱাটো দেউৰী লোক-জীৱনৰ জীয়াৰী-বোৱাৰীহঁতৰ বাবে যেন এক অঘোষিত প্ৰতিযোগিতাহে৷ তাৎপৰ্যপূৰ্ণ বিষয় যে এই বয়নশিল্প তেওঁলোকৰ বাবে এক স্ব-নিৰ্ভৰশীলতাৰ স্থলীৰূপে পৰিগণিত যাৰ কেঁচামালৰ বাবে তেওঁলোকে বিভিন্ন কৃষি সম্পৰ্কীয় খেতি বা পোহপাল যেনে-কঁপাহৰ খেতি, পলুৰ খেতি, হাঁহ-কুকুৰা আৰু ছাগলী-গাহৰিৰ পোহপাল আদিত আত্মনিয়োগ কৰি অহা পৰিলক্ষিত হৈছে৷ দেউৰীসকলৰ লোকজীৱনত সাজ-পোছাক পিন্ধনৰ প্ৰকাৰ, ধৰণ-কৰণত মহিলাৰ বয়সৰ স্তৰ [কিশোৰী-গাভৰ-বোৱাৰী-বুঢ়ী], লিংগ প্ৰভেদ [পুংলিংগ-স্ত্ৰীলিংগ], ৰুচিবোধ আদিৰ পৰিচয় উন্মোচিত হোৱাৰ উপৰি এক কৰ্মঠ জীৱন-শৈলীৰ প্ৰতিচ্ছবি উদ্ভাসিত হয় বুলিব পাৰি৷
আ-অলংকাৰ ব্যৱহাৰৰ ক্ষেত্ৰতো দেউৰীসকলৰ ৰুচিবোধৰ চানেকী পোৱা যায়৷ তেওঁলোকে বিশেষকৈ মহিলা শ্ৰেণীয়ে ‘জাংপাই উচু’ [জাংফাই খাৰ, ‘পবাল-লি’, ‘প্ৰবাল মণি’, ‘আঙতি’ (আঙঠি), ‘মুতিউচু’ (মুঠি খাৰু), ‘কতু’ (কাণৰ অলংকাৰ) আদি সৌন্দৰ্যবোধৰ বাবে পৰিধান কৰে ৷
খেল-ধেমালি:
দেউৰীসকলৰ পৰম্পৰাগত খেল-ধেমালিৰ ভিতৰত হুই-হুই, গুদু-গুদু, গিলা-চাবা (ঘিলা খেল), তাং তিতি, লাতুম তিতি, চকতা কাবা, মচি-দু-মেই-জুজুবা আদি প্ৰধান৷ শাৰীৰিক আৰু মানসিক উৎকৰ্ষৰ লগতে মনোৰঞ্জনৰ বাবে এনে খেলসমূহ খেলা দেখা যায়৷
কৃষি আৰু খাদ্যাভাস:
দেউৰীসকলৰ প্ৰধান খেতি হ’ল ধান খেতি, সেয়েহে ভাত হৈছে তেওঁলোকৰ মুখ্য খাদ্য৷ কৃষিকাৰ্যৰ ওপৰতে প্ৰধানকৈ নিৰ্ভৰ হোৱা হেতুকে তেওঁলোকৰ অৰ্থনৈতিক দিশটি কৃষি আৰু ধানৰ ওপৰতে সম্পূৰ্ণ নিৰ্ভৰ কৰে৷ অৱশ্যে ধানখেতিৰ উপৰি তেওঁলোকে কিছু পৰিমাণে সৰিয়হ, আলু, তিল, মাহ আৰু কিছু পৰিমাণে শীতকালীন শস্যৰ খেতি কৰি উৎপাদন কৰে৷ দেউৰীসকলৰ প্ৰধান আহাৰ ভাত আৰু তৰকাৰী যাক তেওঁলোকৰ ভাষাত ‘মক-জুবুৰা বুলি কয় ৷ মাছ, মাংস আৰু কণী আদিও তেওঁলোকৰ খাদ্যত অন্তৰ্ভুক্ত কৰা যায়৷ দালি (দাইল) তেওঁলোকৰ বাবে অতি দৰকাৰী নহয় বাবে তেওঁলোকে কাচিৎহে খাদ্যত ব্যৱহাৰ কৰে৷ কিন্তু মাটিমাহ তেওঁলোকৰ এক প্ৰিয় খাদ্যৰ তালিকাত পৰে৷ গাহৰি মাংস, ছাগলী মাংস, কুকুৰা, পাৰ আৰু হাঁহৰ মাংস তেওঁলোকৰ অন্যতম সু-স্বাদু খাদ্য৷ আলহীবোৰক সাধাৰণতে তেওঁলোকে মুৰ্গী বা হাঁহ বা গাহৰি মাংসৰে আপ্যায়ন কৰে৷ হাবি-জংঘলত পৰ্যাপ্ত পৰিমাণে উপলব্ধ বনৰীয়া শাক-পাত-মূল-ফল-আগ আদিৰ উপৰি বিলাহী, বেঙেনা, নহৰু, লাউ-কোমোৰা, আদা, জলকীয়া, ৰঙালাও, বাঁহগাজ (খৰিছা), লাই-লফা, নেপাফু, মেমেদু, মদলৌ টেঙা আদি তেওঁলোকৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰি৷ ঘৰতে পোহা কুকুৰা আদিক নিৰ্দিষ্ট কিছুমান দিন বা পাৰ্বনত মাৰি খাদ্য হিচাপে গ্ৰহণ কৰে৷ ঘৰৰ গৃহস্থৰ খাদ্যৰ বাবে তেওঁলোকে সেয়েহে কুকুৰা, পাৰ, গাহৰি, ছাগলী, হাঁহ আদি পোহা পৰিলক্ষিত হয়৷
দেউৰীসকলে বিশেষ কিছুমান খাদ্যসম্ভাৰৰ বাবে কিছুমান বিশেষ খাদ্য বাছি লোৱা দেখা যায়৷ উদাহৰণস্বৰূপে– লেটা, ফৰিং, ইংকৰি (জেবেংকৰি), গয়েং, পৰুৱাটোপ, কেঁকোৰা, গংগাটোপ, জবিয়াং, কুচিয়া, কাছ, ভেটগুটি, বেতগাজ, খলিহৈ, তৰাগাজ (দুদ), বিবিধ আচাৰ আদি তেওঁলোকৰ দৈনন্দিন খাদ্যসম্ভাৰৰ উল্লেখযোগ্য তালিকাত অন্তৰ্ভুক্ত ৷ এই খাদ্য সম্ভাৰৰ মাজত মানৱ শৰীৰৰ স্বাস্থ্যৰ বাবে আবশ্যকীয় নানান ভিটামিন, প্ৰ’টিন, কাৰ্বহাইড্ৰেট আদি বিদ্যমান বুলি জনা যায়৷
মাছ আৰু মাংস বিভিন্ন প্ৰকাৰে শুকুৱাই (ৰ’দত বা জুইত) ভৱিষ্যতৰ দিনত খাবৰ বাবে সংৰক্ষণ কৰা দস্তুৰ আছে৷ শুকান মাছ খুন্দি তেওঁলোকে ‘চ্ছুচ্ছা) তৈয়াৰ কৰাত পাকৈত বুলিব পাৰি৷ শুকান মাছৰ লগত কেতিয়াবা কচু (কুমলীয়া ডাল-পাত) মিহলাই খুন্দি তৈয়াৰ কৰা ‘চ্ছুচ্ছাঁ’ বাঁহৰ চুঙা বা টেকেলি বা কলহত ভৰাই ধোঁৱাচাঙত উঠাই থৈ বছৰ বছৰ ধৰি খাবৰ বাবে সংৰক্ষণ কৰি থোৱা দেখা যায়৷ বনৰীয়া শাক দীঘল দীঘলকৈ কাটি উতলাই তৈয়াৰ কৰা, যাক তেওঁলোকে ‘দালজুবুৰা’ (ডালশাক) বুলি কয়, সেই বিধ শাক দেউৰীসকলৰ বাবে অতিকৈ প্ৰিয়৷ চুচ্ছাঁৰ স’তে ঔটেঙাৰ চকল কাটি লৈ কেঁচা নিমখ-জলকীয়া সানি পথাৰত ‘মকজি’ (পইতাভাত) আৰু ‘দালজুবুৰা’ খোৱাৰ মজাই সুকীয়া বুলি তেওঁলোকে একমুখে স্বীকাৰ কৰে৷ তেওঁলোকে খাদ্য সম্ভাৰসমূহ সিজাই কিম্বা ভাজি লৈ তৈয়াৰ কৰাৰ বাহিৰেও মাছ-মাংস আদিক পাতত দি, খৰিকাত দি, জুইত সেকি তৈয়াৰ কৰাৰ পদ্ধতি প্ৰচলিত৷ যদিওবা প্ৰায়বিলাক খাদ্য সিজাই কৰি খোৱা দস্তুৰ তথাপি কিছুমান খাদ্য যেনে মাছ, মাংস বা আলু, বেঙেনা, তৰাগাজ, বেতগাজ আদি জুইত সেকি খাদ্য হিচাপে প্ৰস্তুত কৰে৷ সেয়েহে তেওঁলোকৰ লোক সমাজত তেল বা মচলা জাতীয় উপকৰণ তেনেই কম ব্যৱহাৰ হোৱা দেখা যায়৷
বিভিন্ন পানীয় জাতীয় দ্ৰব্য সেৱনৰ বেলিকা চুজেঁ (মদ), গাখীৰ, পানী আৰু চাহ আদিয়েই প্ৰধান৷ তাৰ ভিতৰত ‘চুজে’ সাধাৰণতে পৰম্পৰাগতভাৰে প্ৰচলন হৈ অহা পানীয় দ্ৰব্য যাক তেওঁলোকে উৎসব-পাৰ্বণ আদিকে ধৰি সকলো সময়তে কৃষ্টিমূলক দ্ৰব্য হিচাপে পৰিগণিত কৰে৷ গাখীৰক দেউৰীসকলে সচৰাচৰ পানীয় দ্ৰব্য হিচাপে অগ্ৰাধিকাৰ নিদিয়ে কাৰণ, গাখীৰ আৰু ‘চুজে’ (মদ) একে সময়তে পাণ কৰা নাযায়৷ বৰ্তমান কালছোৱাত ‘চুৰ্জে’ৰ প্ৰচলন কিছু পৰিমাণে কমি আহিছে আৰু তাৰ পৰিৱৰ্তে চাহ, বিলাতী সুৰা, গাখীৰ আদিৰ প্ৰকোপ বৃদ্ধি হৈছে বুলিব পাৰি৷ কিন্তু ‘চুজেঁ’ তেওঁলোকৰ ধৰ্মীয় উৎসব-পাৰ্বণ, সকাম-নিকাম আদিত প্ৰয়োজনীয় দ্ৰব্য হৈ আছে৷ তদুপৰি আলহি-দুলহি আপ্যায়নৰ বেলিকা ‘চুজে’ৰ লগতে তামোল-পাণ যচাটো সাধাৰণতে দস্তুৰ৷
দেউৰী লোক-সমাজত বিভিন্ন খাদ্য দ্ৰব্য প্ৰকৰণ, পৰিগ্ৰহণ আৰু সংৰক্ষণৰ ব্যৱস্থাৱলী প্ৰত্যক্ষ কৰা যায়৷ ভাত আৰু সিজোৱা শাক-পাচলিৰে তৈয়াৰী তৰকাৰীৰ লগতে নানান আলু, মূল আৰু লতা তেওঁলোকৰ খাদ্য-দ্ৰব্যৰ তালিকাত সাঙুৰিব পাৰি৷ বাঁহ গাজৰ পৰা তৈয়াৰী খবিছাৰে শুকান মাছ মিহলি তৰকাৰী তেওঁলোকৰ বাবে বিশেষ ৰুচিকাৰক তৰকাৰী৷ সেইদৰে কলপছলাৰে তৈয়াৰী ছাগলী মাংস, মাটিমাহ আৰু পাৰ বা মুৰ্গী বা হাঁহ মাংস, চাউলৰ গুড়ি (‘মেৰকু’ বা ‘পে’)ৰ সতে মুৰ্গী মাংসৰ লগত তুলসী মিহলোৱা, কচু শাকৰ লগত গৰৈ বা শিঙি জাতীয় মাছ আৰু লগত জালুক ছটিওৱা তৰকাৰী আদি লেখত ল’বলগীয়া সুস্বাদু খাদ্যসম্ভাৰ৷ ধৰ্মীয় উৎসৱ-পাৰ্বণৰ স’তে জড়িত খাদ্য দ্ৰব্যসমূহ কিছু সুকীয়া৷ দেৱ-দেৱীক উচৰ্গা কৰা খাদ্য দ্ৰব্য অৰ্থাৎ নৈবদ্যসমূহৰ ভিতৰত মিঠৈ, কল, কৰাই গুড়ি, চাউল তিওৱা, মাটিমাহ, চুজেঁ, মাছ-মাংস, শাক-চবজি আদিয়েই প্ৰধান৷
লোক-সাহিত্য:
দেউৰী জনগোষ্ঠীৰ মৌখিক লোক-সাহিত্য অতি চহকী৷ নানান মৌখিক গীত-মাত দেউৰী লোক সমাজত সিঁচৰতি হৈ আছে৷ ঐতিহাসিক কালৰে পৰা দেউৰী ভাষাক মৌখিক ৰূপত পোৱা যায় যদিও WB Brown প্ৰভৃতি ব্ৰিটিছ প্ৰশাসক পণ্ডিতে ১৮৯৫ চনত এখন ব্যাকৰণ প্ৰকাশ কৰে (An outline Grammar of Deori Chutia Language৷ তেওঁলোকৰ মৌখিক পৰম্পৰা ও লোক-সাহিত্যত দেউৰী আৰু অসমীয়া দুয়োটা ভাষাৰেই ব্যৱহাৰ লক্ষ্য কৰা যায়৷
পৃথিৱী তথা জীৱজগত সৃষ্টিৰ লোক-কাহিনী বা সাধুকথাৰে সৃষ্টিতত্ত্বৰ পৰা জীৱন ধাৰণৰ দৈনন্দিন উপাদানলৈকে দেউৰী লোকজীৱনৰ সকলো দিশ প্ৰতিফলিত কৰা পৰিলক্ষিত হয়৷ কন্ত মাদমামা-লোক কাহিনীত দেউৰী লোক সমাজত কেনেকৈ বিয়াৰ বিবিধ নীতি-নিয়ম প্ৰচলন হ’ল, নৃত্য-গীত, ঢোল-দগৰৰ নানা ছেওৰ সৃষ্টি হ’ল, চুজেঁ (মদ) বনোৱা প্ৰণালী আহিল তাৰ বিৱৰণ পোৱা যায়৷ তদুপৰি দেউৰীসকলে কালক্ৰমত শালি খেতি কৰাৰ পদ্ধতি আহৰণ কৰাৰ প্ৰতিফলন কুন্দিগিৰাই কুবেৰ দেৱতাৰ পৰা কৃষি সঁজুলি আহৰণ কৰাৰ লগতে কৃষি পদ্ধতি শিকি পিচত দেউৰীসকলক শিকোৱা লোক সাধু বা লোক কাহিনীত পোৱা যায়৷ তেনেদৰে এক শ্ৰেণীৰ লোক কাহিনীত ঐতিহাসিক সমলৰো সম্ভেদ পোৱা যায়৷
দেউৰী জনগোষ্ঠীৰ লোক জীৱনত স্বৰ্গ, মৰ্ত্য বা পৃথিৱী আৰু নৰক বা পাতালৰ উমান সাধুকথা বা গীত-মাতত পোৱা যায়৷ আদিতে দেউৰী জনগোষ্ঠীৰ কুন্দি মামায়ে গিৰা-গিৰাচিয়ে শিকাই দিয়া বিভিন্ন ধৰণৰ গীত-মাত, সুৰ নৃত্য আদি তেওঁলোকৰ মাজত পৰম্পৰাগতভাবে চলি আহি আছে৷ ‘দুকেকিমা’, ‘দুচিয়া পাতিয়া’ গীত-মাত তাৰে এক উদাহৰণ য’ত নৃত্যৰ সংলগ্ন নাই৷ এই গীত মিদিকু (কুন্দিকু)ৰ চাৰিদেউৰী আৰু পৰিয়াবৃন্দই পবিত্ৰ অন্তৰেৰে দেওঘৰত পৰিবেশন কৰে বিশেষকৈ অনাবৃষ্টিৰ কালছোৱাত গোৱা হয়৷ প্ৰবাদ আছে যে এই গীত গোৱাৰ লহৰত কুন্দি মামায়ে সন্তুষ্ট হৈ বৃষ্টি প্ৰদান কৰে৷ এই গীতৰ উদাহৰণ- য়ে দুচিয়া ৰাদি ৰাদি য়/ননুৱা ৰাদি ৰাদি য়/হে পিচ্ছচিৰে চিনা চাৰে চৰজিবেম অ/কুন্দিৰে চৰজিবেম অ৷
গীতসমূহ কেইবা ভাগত ভাগ কৰিব পাৰি (ৰ) বিচু গীত (২) মজে বা মজায়া গীত (৩) ওমলা গীত আৰু (৪) অন্যান্য বিয়া, আইনাম, টোকাৰী, মালিতা গীত আদি৷ বিচুগীতক আকৌ কেইবা ভাগত ভাগ কৰিব পাৰি (ক) আবৰ-ব (খ) লহৰিয়া, (গ) দুচিয়া পাতিয়া, (ঘ)অতুঁ দেদুবা, (ঙ) চিমপাই বেগাবা, (চ) য়া দেগাবা, (ছ) হুচৰি, (জ) অন্যান্য (হুৰাই ৰাঙুলি, হাঁচুতি, বগিয়া- বগি আদি)৷ দেউৰীসকলৰ এই গীত-মাতসমূহত বিষয়বস্তু বা বক্তব্যতকৈ ভংগী, সুৰ আৰু গীতৰ উপলক্ষইহে গীতবোৰৰ প্ৰকাৰ নিৰ্ধাৰণ কৰে৷ য’ত বুৰঞ্জীমূলক উপাদান, আনন্দ-উৎসাহমূলক উপাদান, দেহবিচাৰমূলক উপাদান আদি পৰিপূৰ্ণ হৈ থকাৰ উমান পোৱা যায়৷ বিচু গীতবোৰ প্ৰধানকৈ মিদিকু (দেওঘৰ) চৌহদতে গোৱাৰ নিয়ম যদিও গাঁৱৰ হুঁচৰি বা হাঁচুতি (হুবাই বাঙুলি) আদি বিচুগীত দেওঘৰৰ চৌহদৰ বাহিৰতো গোৱাত বাধা নাই৷ দেউৰী গীত-মাতসমূহ দেউৰী আৰু অসমীয়া ভাষাত প্ৰচলিত৷ অসমীয়া ভাষাত প্ৰচলন হোৱাৰ কাৰণ হিচাপে আহোম স্বৰ্গদেওসকলৰ প্ৰভাৱৰ কথাকে উনুকিয়াব পাৰি৷ স্বৰ্গদেউ গৌৰীনাথ সিংহ (১৭৮০-১৭৯৫)ৰ দিনলৈ দেউৰী সকলো শদিয়াৰ চাৰিশাল গোসাঁনীৰ পূজাৰ নিৰ্মালী গ্ৰহণ কৰাৰ তথ্য পোৱা যায়৷ আহোম স্বৰ্গদেউসকলৰ পৃষ্ঠপোষকতাত ৰংঘৰৰ বাকৰিত শদিয়াৰ দেউৰী বিচু প্ৰদৰ্শনৰ বাবে বিচুগীতসমূহ অসমীয়াত ভাঙনি কৰি গোৱা হৈছিল বুলি জনা যায়৷
গীতৰ বিভিন্নতাৰ লগে লগে নৃত্যসমূহো ভিন্ন প্ৰকাৰৰ হোৱা দেখা যায়৷ নৃত্য পদ চালনাৰ ধৰণ দুই প্ৰকাৰৰ (১) চক্ৰাকাৰে ঘড়ীৰ কাঁটাৰ বিপৰীতে (Anti clockwise) (২) চক্ৰাকাৰে ঘড়ীৰ কাটাৰ সোঁতত (Clockwise)৷ তেনেদৰে গীত-নৃত্যসমূহ দলীয় আৰু লিংগভেদে পৰিবেশন কৰা হয়৷ দেওধনী নৃত্য দেউৰীসকলৰ এক ধৰ্মীয় কৃষ্টি৷ দেওঘৰত দেওধনীৰ নৃত্যৰ লগে লগে দেওধনীৰ সন্মুখত সমবেত ছন্দোবদ্ধ পদচালানাবে গীত-নৃত্য হ’ল আবৰ-ব আৰু লহৰিয়া৷ তেনেদৰে বিচু গীত-নৃত্য যেনে বিচু জাঁমা (বগিয়াবগি, লুৰুং, উগাঁ মুমা আদি)ত ৰং-ৰহইচৰ লগতে শৰীৰ চৰ্চা ও কছৰৎ হোৱা বাৰুকৈয়ে প্ৰত্যক্ষ কৰা যায়৷
দেউৰীসকলৰ গীত-নৃত্যত ব্যৱহৃত হোৱা প্ৰধান বাদ্যযন্ত্ৰসমূহৰ ভিতৰত ঢোল, পেঁপা, তাল, বাঁহী, গগনা, বীণ,টোকাৰী, দেনতৌ, শালমৰা, টকামাৰি, লাওবাঁহী আদিৰ নাম লোৱা যায়৷ এই বাদ্য যন্ত্ৰসমূহ তেওঁলোকৰ বসতি অঞ্চলত উপলব্ধ কেঁচামালৰ পৰাই তৈয়াৰ কৰি লোৱা দেখা যায়৷ গীত-নৃত্যৰ তালে তালে বাদ্যযন্ত্ৰসমূহৰ অমিয়া সুৰে এক বুজাব নোৱৰা ঝংকাৰৰ সৃষ্টি কৰি সকলোৰে মন মতলীয়া কৰে৷ গীত-মাতৰ উপৰি প্ৰবচন, সাঁথৰ, স্তুতি-মন্ত্ৰৰে লোক-সাহিত্য পৰিপূৰ্ণ৷
ধৰ্ম-বিশ্বাস:
ধৰ্মীয় লোক-বিশ্বাসৰ সন্দৰ্ভত ক’বলৈ গ’লে দেউৰীসকলৰ ধৰ্মীয় লোক বিশ্বাস আৰু দৰ্শন অতি পৌৰাণিক আৰু সাৰ্বজনীন প্ৰকৃতিৰ৷ যিহেতু কুন্দিমামা দেউৰীসকলৰ উপাস্য দেৱতাবোৰৰ মূল সেয়েহে তেওঁলোকৰ ধৰ্মক কুন্দিধৰ্ম বুলিব পাৰি৷ তেওঁলোকৰ মতে কুন্দিমামা সৰ্বজ্ঞ, সৰ্বব্যাপী, সৰ্বশক্তিমান আৰু নিৰাকাৰ, কুন্দিমামা নিৰাকাৰ হোৱাৰ বাবে মূৰ্তিপূজাক বিশ্বাস নকৰে৷ যদিওবা বহু দেৱতাৰ পূজাত বিশ্বাসী তথাপি দেউৰীসকলৰ ধৰ্মীয় দৰ্শনক একেশ্বৰবাদী বুলিব পাৰি৷ স্বৰ্গ (পিচ্ছ-চিৰে), পৃথিৱী (চচি-চিৰে), পাতাল (কুম’-চিৰে)ৰ লগতে পাপ-পূণ্য আৰু পুনৰ জনমৰ (কাৰ্য-কাৰণ বিধি) অৱধাৰণা ধৰ্মীয় লোকবিশ্বাসত পৰিলক্ষিত হয়৷ আত্মাৰ অৱস্থিতি ধাৰণাৰ বাবে মিম’, মৰা, মিমং (মৃতক, মৰা, দহা) আদি পাৰ্বণ বিৰাজমান৷ বিভিন্ন জীৱন চক্ৰ (জন্ম, বিয়া, মৃত্যু বা মৃত্যুত্তোৰ) পাৰ্বণ দেউৰী লোকসমাজে পতা সামাজিক দস্তুৰ৷ শুচীকৰণ পদ্ধতি ‘কিমাৰু’ (তংলতিযসৎফুল), শান্তিজল (চুচিজি), চুজেঁ (পানীয়) আদিৰে সমাপন কৰা নিয়ম আছে৷ তেওঁলোকৰ ধৰ্মীয় কাৰ্যকলাপত অন্যান্য ধৰ্মীয় বিশ্বাসক আৰু ধৰ্মাৱলম্বীলোকক অবিশ্বাসত নাৰাখি সকলোকে আঁকোৱালি লোৱা পৰিলক্ষিত হয়৷ অৰ্থাৎ দেউৰী কুন্দিধৰ্মৰ দৰ্শন আৰু তাৎপৰ্য বা উপলব্ধি হ’ল বিশ্ব শান্তি আৰু বিশ্বজনীন/ধ্ৰুব সত্যৰ নিৰন্তৰ অন্বেষণ৷ কাৰণ দেউৰী কুন্দিধৰ্মত বিশ্বৰ মানৱ কল্যাণৰ উপৰি বিশ্বব্ৰহ্মাণ্ডৰ গছ-বিৰিখ, পশু-পক্ষী, কীট-পতংগ, নিৰ্জীব জীব জগতৰ শান্তি ও কল্যাণৰ বাবে পূজা-পাৰ্বণত আগবঢ়োৱা বীজ মন্ত্ৰ বা আশীৰ্বাদত সংযোজিত হৈ থকাৰ উমান পোৱা যায়৷ সেয়ে তেওঁলোকৰ ধৰ্মীয় উৎসব-পাৰ্বণ বিশেষকৈ দেওঘৰৰ চাৰিবেৰত বগা [অৰ্থাৎ শান্তি] ৰঙৰ সাজ-পোছাকৰ পয়োভৰ৷
জীৱন-বৃত্ত:
উৎসৱ-পাৰ্বণৰ ভিতৰত জীৱনচক্ৰৰ পাৰ্বণৰ মহত্ত্ব লেখত ল’বলগীয়া৷ জন্ম-বিবাহ-মৃত্যু সম্পৰ্কীয় পাৰ্বণ পৰম্পৰাগত স্বকীয় ব্যৱস্থাপনা দেখা যায়৷ জন্মৰ আগত অৰ্থাৎ গৰ্ভবতী অৱস্থাত তেনে কোনো বিশেষ পাৰ্বণ অনুষ্ঠিত নকৰিলেও দম্পতি হালে কিছু সামাজিক নিয়ম মানি চলিবলগা হয়৷ তাৰ ভিতৰত গৰ্ভৱতী মহিলাগৰাকীয়ে কাৰোবাৰ চুৱা লাগি থকা ঘৰলৈ যাব নাপায়৷ ঠিক তেনেকৈ তাই গধুৰ বস্তু দঙা-মেলা, টান কাম কৰা আদিৰ পৰা বিৰত থকা দস্তুৰ৷ তদুপৰি গৰু-ছাগলীক দিয়া এৰালৰ ওপৰেদি পাৰ হ’ব নাপায় বুলি কয়৷ আনহাতে গৰ্ভৱতী মহিলাৰ স্বামীগৰাকীয়ে পত্নীৰ তেনে অৱস্থাত যিকোনো প্ৰাণী (ঘৰচীয়া কিম্বা বনৰীয়া) মৰাৰ পৰা বিৰত থকা নিয়ম৷ বিশেষকৈ সাপ মৰাটো বৰ্জনীয়৷ তেনে কৰিলে নৱজাত শিশু বিকলাংগ হয় বুলি লোকবিশ্বাস৷ নৱজাত শিশু জন্মৰ সন্দৰ্ভত জড়িত পাৰ্বণ হ’ল ‘চুৱা-লাবিবা’ বা ‘হুদি লাবিবা’ বা চাকি৷ জন্মৰ দিনা প্ৰসূতিগৰাকীক চাফ-চিকুণ কৰাৰ উপৰি নৱজাতকক আলপৈচান ধৰি হাতত ধনু-কাঁড়, কাগজ-কলম ধৰাই দিয়া দস্তুৰ৷ নৱজাতকৰ নাড়ী সৰিলে শুদ্ধিকৰণ পৰ্ব আয়োজন কৰে৷ উক্ত দিনা নৱজাতকক খাঁটি সৰিয়হৰ তেলেৰে মালিচ কৰি প্ৰথমবাৰৰ বাবে ঘৰৰ বাহিৰলৈ নি ৰ’দায়৷ জন্মৰ এনে পাৰ্বণ নপতালৈকে অশৌচ বাহাল থাকে৷ অশৌচ কালত তেনে পৰিয়ালে কিছু সামাজিক উৎসব-পাৰ্বণ পাতিব নোৱাৰে বা আগভাগ ল’ব নোৱাৰে৷ এনে অশৌচ গাঁৱত থকা বংশ-পৰিয়াল অতিক্ৰমি কোনো ভৌগোলিক পৰিসীমা নামানি বিস্তাৰিত হয়৷ চুৱা-লাবিবা পাৰ্বণত পাঁচ-সাত গৰাকীমান তিৰোতা মাতি আনি ভোজ খুওৱা হয়৷ ভোজত চুজেঁ, ভাত, মাছ, মাংস আদি যোগাৰ কৰা হয়৷ জালুক দিয়া কচু শাকৰ আঞ্জা এই পাৰ্বণৰ বিশেষ ব্যঞ্জন৷ এই পাৰ্বণতে নৱজাতকক তিৰোতাকেইগৰাকীয়ে (দহ-বিশ টকা মানকৈ) টকা হাতত গুজি দিয়ে৷ যিহেতু দেউৰীসকলৰ কোনো বিশেষ ‘নামকৰণ’ পৰ্ব নাই সেয়েহে উক্ত দিনায়ে তিৰোতাসকলে নৱজাতকৰ নামকৰণ কৰে৷ তেনেকৈয়ে এখন ডলা বা ছালনীত মাটি চপৰা, টকা, কলম আদি সজাই লৈ কেচুঁৱাৰ হাতখন টানি আনে৷ কেচুঁৱাৰ আঙুলি প্ৰথমতে য’ত লাগে সেইমতে ভৱিষ্যতে হ’ব বুলি লোক বিশ্বাস৷ অৰ্থাৎ মাটি চপৰাটোত লাগিলে খেতিয়ক, কলমত লাগিলে পঢ়ুৱৈ আদি৷
দেউৰী জনগোষ্ঠীৰ ছোৱালীৰ পুষ্পিতাৰ ক্ষেত্ৰত তোলনি বিয়া নিয়ম নাই৷ সেইদৰে ল’ৰাৰো ডেকা হ’লে তেনে বিশেষ পাৰ্বণ নাই৷ অৱশ্যে, ছোৱালীৰ ক্ষেত্ৰত ‘বাইগা’, গেঁনেমা, চ্ছিৰেবা, (বুকুত কাপোৰ লোৱা) আৰু ল’ৰাৰ বেলিকা ‘ইকুঁ-গেঁনেমা’ (চুৰীয়া পিন্ধোৱা) পৰম্পৰাৰ দিশ উনুকিয়াব পাৰি৷ ল’ৰাৰ ক্ষেত্ৰত ইবাঁকু (ৰঙালী) বিচুৰ গৰু বিহুৰ দিনা গৰু-ম’হক গা ধুওৱাৰ পিচত নতুনকৈ ডেকা হোৱা ল’ৰাবোৰক খেদি খেদি ‘ভৰণ’ (মাক-বাপেক জীবিত) লোকে চুৰীয়া পিন্ধায়৷ সেইদৰে কোনোবা এক বিশেষ দিন বাছি গাভৰু-বোৱাৰীসকলে নতুনকৈ গাভৰু হোবা ছোৱালীক ‘বাইগা’ বুকুত পিন্ধায়৷ ডেকা চাং পূৰ্বতে আছিল যদিও বৰ্তমান পৰিলক্ষিত নহয়৷
বিবাহ এক পাৰ্বণ হিচাপে দেউৰীসকলে মানে৷ বিবাহত দেউৰীসকলৰ নিজস্ব পৰম্পৰাগত দেউৰী পূজাৰীবৃন্দই ৰাইজৰ সাক্ষাতত কন্যাজনীক তাইৰ জন্মগত বংশৰ পৰা দৰাজনৰ বংশলৈ উঠাই দিয়ে৷ অৰ্থাৎ কোনো নিৰ্দিষ্ট বংশৰ পৰা মিম’ (মৰা) দিয়াৰ/পোৱাৰ অধিকাৰক সামাজিকভাবে স্বীকৃতি প্ৰদান কৰে৷ বিবাহৰ ক্ষেত্ৰত তেওঁলোকে বংশ বহিৰ্ভূত আৰু দুভাগ (Moiety) সূত্ৰ মানে৷ তদুপৰি নিৰ্দিষ্ট একোভাগ বংশৰ ডেকায়ে নিৰ্দিষ্ট একোভাগ বংশৰ মোমায়েকৰ জীয়েককহে বিবাহৰ বাবে ঠিক কৰিব পাৰে৷ ইয়াৰ অন্যথাই সামাজত অস্বীকৃত বা ‘আহুমদিয়া’ বিবাহ বুলি গণ্য কৰা হয় আৰু সামাজিক বিধিৰ পৰিপন্থী বুলি সমাজচ্যুতকে আদি কৰি কিছু শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰে৷ গাঁৱৰ পৰিয়া চ্ছেংচ্ছা (চাৰি দেউৰী পৰিষদ)য়ে উচিত জৰিমনা লৈ তেনে দম্পতিৰ পৰাচিত পৰ্ব সমাপন কৰাৰ নিয়ম৷
দেউৰীসকলৰ বিবাহ প্ৰধানকৈ তিনি প্ৰকাৰৰ (১) দেবিয়া, (২) চচি বিয়া, (৩) চুৰুবিয়া৷ তদুপৰি জঁনেনুমা বিয়া, চুজেঁ লুগুৰুবা বা গিৰাচি (বুঢ়ী) বিয়া, মেলনি বিয়া আদি প্ৰচলিত৷ গাহৰি, মাছ, তামোল-পাণ, চ্ছাগিৰি চচ্ছা (কৌপাত), কলপাত, শাক-পাচলি, চাউল, মাহ আদি সামগ্ৰীয়ে প্ৰধান দৰকাৰী সা-সামগ্ৰী৷ বিবাহৰ ক্ষেত্ৰত প্ৰচলিত নিয়মৰ মূলতে তেজৰ সম্পৰ্ক আৰু স্বগোত্ৰৰ বিচাৰেই প্ৰধান বৈশিষ্ট্য৷
দেউৰী লোক সমাজত বিবাহ বিচ্ছেদ (Divorce) খুউব কম৷ কন্যাৰ দাম লক্ষণীয় বৈশিষ্ট্য৷ বহু পত্নী প্ৰথা বৰ্তমান তেনেই নগন্য৷ যৌতুকৰ ফালৰ পৰা মাক-বাপেক আৰু ৰাইজে কন্যাজনীৰ বাবে কিছু সা-সামগ্ৰী, আচবাব, কাপোৰ-কানি, আ-অলংকাৰ দি পঠিওৱাতো পৰিলক্ষিত হয়৷ তদুপৰি দৰাঘৰীয়াৰ পৰা কইনা ঘৰীয়াৰ ঘৰলৈ পাণ-তামোল, মদৰ কলহ, গাহৰি, শাক-পাচলি, পাত-পচলা আদি আগবঢ়োৱাটো দস্তুৰ৷
মৃতদেহ সৎকাৰ পদ্ধতি সাধাৰণতে চিতা সাজি দাহ কৰা দেউৰী সমাজত দেখা যায়৷ কিন্তু বিশেষ অ-প্ৰাকৃতিক কাৰণ যেনে- গৰ্ভবতী অৱস্থা, শিশু, মহামাৰীত মৃত্যুবৰণ কৰা লোকৰ মৃতদেহ গাঁতত পুতি থোৱা নিয়ম৷ মৃতদেহ ঘৰৰ ভিতৰলৈ নিয়াৰ কোনো বাধা নাই৷ মৃতদেহ শ্মশানলৈ নিয়াৰ পূৰ্বে ধুৱাই নতুন কাপোৰ-কানি পিন্ধাই দিয়া হয়৷ বাঁহৰ চাঙিৰি (চচালি) সাজি ঢাৰিৰ ওপৰত মৃতদেহ আলফুলে শুৱাই উপস্থিত সকলোৰে (কনিষ্ঠসকলে) সেৱা লয়৷ গুটি পইচা ভাঙি ‘কপালি’ সাজি মুৰত পিন্ধাই দিয়ে৷ এটা কণী কপালত ভাঙি দিয়া হয়৷ চিতা ৫/৭/৯/১১ জাপ (অৰ্থাৎ পুৰুষ, মহিলা, বৃদ্ধ, পূজাৰী অনুপাতে) দি সাজি লৈ তাত মৃতদেহটো উঠাই দিয়া হয়৷ চিতাত উঠোৱাৰ আগতে ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত মৃতদেহটো ৫/৭/৯/১১ পাক ঘুৰাই লয়৷ চিতাত প্ৰথমতে পিণ্ড ধৰোতাজনে মৃতক আৰু মৃতকৰ আত্মাক সিপুৰীলৈ লৈ যোৱা সকলৰ বাবে ‘মুতুকা’ (Mixed rice etc) আগবঢ়ায় আৰু চুজেঁ বাকি লয়৷ তাৰ পিচত সকলোৱে সেৱা কৰি (বিশেষকৈ কনিষ্ঠসকলে) সকলোৱে পুঁ-চলি বা আমদালি দিয়ে৷ তাৰ পিচত পিণ্ড ধৰোতাজনে চিতাত প্ৰথমে অগ্নিসংযোগ কৰে৷
মৃতকৰ সম্পৰ্কত জড়িত পাৰ্বণৰ ভিতৰত ‘পিন্দ উতাবা’ (পিণ্ড উঠোৱা) মিমং (দহা-কাজ), মৰাযমিম’ লেবা আদি৷ তেওঁলোকৰ পৰম্পৰা অনুসৰি ৫/৭/৯/১১ আদি দিনৰ পাচত পিণ্ড উঠোৱা আৰু নিজৰ সামৰ্থ অনুযায়ী কোনোবা এটা দিন-বাৰ চাই একক বা যুটীয়াকৈ মিমং (দহা কাজ) পাৰ্বণ অনুষ্ঠিত কৰে৷
উৎসৱ পাৰ্বণ:
উৎসৱ-পাৰ্বণৰ ভিতৰত বিচু, দেউৰীসকলৰ প্ৰধান উৎসৱ৷ বহাগ মাহত ইবাঁকু বিচু (ৰঙালী বিহু), মাঘ মাহত আমেচ্ছু বিচু(ভোগালী বিহু) উদযাপন কৰা হয়৷ তেওঁলোকৰ বিহু উৎসৱ কৃষি ধৰ্মৰ লগত সু-সম্পৰ্কিত হোৱাৰ সুবাদতে স্বকীয় সংস্কৃতিত এই প্ৰধান তিনিটা অৱধাৰণা (বিচু-ধৰ্ম-কৃষি) ই ত্ৰিবেণী সংগমৰ দৰে গজগজীয়াকৈ বহি থাকে- য’ৰ পৰা দেউৰী সংস্কৃতিৰ ডাল-পাত বাঢ়ি লোক-সংস্কৃতিৰ ভঁৰাল ভৰাই তুলিছে৷ দেউৰী ‘বিচু’ শব্দৰ পৰাই ‘বিহু’ শব্দ উৎপত্তি বুলিবৰ যথেষ্ট থল আছে৷ সেইদৰে ‘মেজি’ (মেদাৰি জিদুবা), ‘হুঁচৰি’ (হিচৰি), ‘উৰুকা-উৰাবা’ (আৰম্ভণি-সামৰণি), ‘পিতা/পেতা’ (বিহুত ব্যৱহৃত) আদি শব্দবোৰো অসমীয়া ভাষাৰৈ বৰঙণি বোলা যায়৷ ‘বিচু’ তেওঁলোকৰ পূজা-পাৰ্বণৰ লগতো জড়িত৷ বিশেষকৈ ব’হাগ/মাঘ বিহু ব’হাগ/মাঘ মাহৰ প্ৰথম বুধবাৰত কুন্দিকুত ‘বিচু পূজা’ৰে শুভাৰম্ভণি কৰি সপ্তাহ/দহ দিনত উৰুৱায়৷ বিচু মেচ্ছুৰ উপৰি ‘বিচুগিং’ (বিবা বচু গিবা মেচ্ছু) বা ‘চাৰুমঁক হাৰেবা’ (ভকত চাউল) আৰু ‘জয়দাম মেচ্ছু’ একোটিকে উদ্যাপন কৰা পৰিলক্ষিত হয়৷ ‘বিচুগিংই দৰাচলতে তেওঁলোকৰ বিচু নমোৱাৰ প্ৰতীকি বুলিব পাৰি য’ত শষ্য সিঁচাৰ কৰ্মও জড়িত৷ বিচু উৎসৱৰ লগত জড়িত পৰম্পৰাগত প্ৰথাসমূহৰ ভিতৰত ৰাতি বিহু দেওধনী নৃত্য, মেতুৰা (ভেটুৱা), কণী যুঁজ, ম’হ যুঁজ, গৰু বিহু, মল্ল যুঁজ, বহুৱা, কুকুৰা যুঁজ, মৰা দিয়া, হুঁচৰি, মেজি জ্বলোৱা, বিহু নাচ-গীত আদি সংলগ্ন হৈ থাকে৷ বিচু পূজাৰ ক্ষেত্ৰত বাৰ (বুধবাৰ) ও জোনৰ হিচাপ আৱশ্যকীয়৷ ৰাজসিক (বলি-বিধান) ব্যৱস্থাৰ বেলিকা চাৰিবিধ (বলি, ৰেপ, টঙনিওৱা, খুচি মৰা) পদ্ধতিৰে পূজা উচৰ্গা কৰা নিয়ম৷ সমস্ত বিশ্ব ব্ৰহ্মাণ্ডৰ পশু-পক্ষী, তৰু তৃণ, মানৱ গোষ্ঠী, পোক পৰুৱা আদিৰ উপৰি গ্ৰহ-নক্ষত্ৰৰ মংগল আৰু শান্তিৰ বাবে পূজা-অৰ্চনা কৰাৰ আপাহতে বুধবাৰ (পবিত্ৰ বাৰ অৰ্থাৎ পৃথিৱীৰ নিচেই সন্নিকটত থকা বুধ গ্ৰহ) দিনৰ পৰা পূজা (বিচু) আৰম্ভণি কৰা দস্তুৰ বুলিব পাৰি৷
বিচু উৎসৱৰ বাহিৰেও অন্য কিছুমান পাৰ্বণ যেনে চৰগদেউ, মিম’লেবা, মিমং, দাঙৰিয়া, মেতুৱা (ভেটুৱা), হাত-লাবিবা, চাই লাবিবা, স্বৰগদেউ, গিৰিং (শাওন) পূজা, মঁকচ্ছিবাঁ হাবা, লখিমী সবাহ, মিনুচি লিদুবা, আচিৰা, য়ই মিদি, গোপিনী সবাহ, ৰাজ কেবাং, দাঙৰিয়া, ন-পুৰুষিয়া ,চাৰু (বকত) মিদি আদি পাৰ্বণ দেউৰীসকলে পাতে৷ তাৰে কিছুমান ৰাজহুৱা আৰু কিছুমান ঘৰুৱা পাৰ্বণ৷
সামৰণি:
দেউৰী জনগোষ্ঠীয়ে প্ৰাচীন কালৰে পৰা বৰ্তমান পৰ্যায়লৈকে পৰম্পৰাগত সমাজ পদ্ধতি, কৃষ্টি-সংস্কৃতি, ভাষা-ধৰ্মবিশ্বাস আদি খামুচ মাৰি চলি আহিছে যদিও বিভিন্ন জনগোষ্ঠীৰ প্ৰভাৱত আৰু বিশেষকৈ আধুনিকতা, যান্ত্ৰিকতা, পাশ্চাত্যকৰণৰ ধাম-খুমিয়াত পৰি বহুতো স্বকীয় পৰম্পৰাত প্ৰভুত পৰিবৰ্তন হোৱা পৰিলক্ষিত হৈছে৷ পৰিবৰ্তন অৱশ্যাম্ভাবী যদিও আধুনিকীকৰণৰ নামত একোটা বৰ্ণময় জনগোষ্ঠীৰ ঐতিহ্যময় সাংস্কৃতিক পৰম্পৰাৰ অপমৃত্যু কোনো কাৰণতেই কাম্য নহয়৷ কাৰণ, এটা জনগোষ্ঠীৰ ঐতিহ্যময় সংস্কৃতিৰ মৃত্যু মানেই বৈচিত্ৰময় মানৱ গোষ্ঠীৰ ইতিহাসৰ এখিলা পাত চিৰদিনলৈ হেৰাই যোৱা৷
প্ৰসংগ পুথিঃ
১. Religions Practices of the Deori, 2002, S. Deori
২. The Deori and their Ancient Shrines, R. K. Deori
৩. চিগাচি সংকলন (প্ৰথম খণ্ড), ২০২৩ দেঃ সাঃ সভা
ফোন নংঃ ৯৪৩৫০১৪৪৮৭



