খবৰটো বনজুই হৈ সৰ্বত্ৰ বিয়পি পৰিছে। নীড়মুখী চৰাইৰ জাকবোৰে হৃদয় বিদাৰক সেই বাতৰি হস্তিনাপুৰৰ প্ৰতিজন নাগৰিকৰ অবিশ্বাসী কাণবোৰলৈ কঢ়িয়াই লৈ গৈছে, কৌৰৱৰ দ্বাৰা সজ্জিত এক অভেদ্য বেহুৰ মাজত গৈ মহাৰথী অৰ্জুন আৰু সুভদ্ৰা-নন্দন বীৰ অভিমন্যুৰ মৃত্যু ঘটিছে। বীৰপুত্ৰ তথা অসামান্য বীৰ অভিমন্যুৰ মৃত্যুৰ বাতৰিয়ে প্ৰতিজন প্ৰজাৰ কাণত হুলে বিন্ধাদি বিন্ধিছে। ধৰ্ম-প্ৰতিষ্ঠাৰ যুদ্ধত বীৰগতি প্ৰাপ্তি অথবা বীৰোচিত আত্ম-বলিদান এক মৰ্যাদাশীল পৰম্পৰা হ’লেও অভিমন্যুৰ এই মৃত্যু যেন কোনোৱে সহজে মানি ল’ব পৰা নাই। কিবা যেন ঘোৰ ৰহস্যই আৱৰি ৰাখিছে অভিমন্যুৰ এই মৃত্যুক।
কুৰুক্ষেত্ৰৰ ত্ৰয়োদশ দিনৰ যুদ্ধৰ পিছৰ এই সন্ধিয়াৰ ৰণাঙ্গনলৈ আৰু এটা আন্ধাৰ ৰাতি নামি অহাৰ উপক্ৰম ঘটিছে ৷ যুদ্ধক্ষেত্ৰৰপৰা নাতিদূৰৰ এক স্থানত সজাই থোৱা আছে বীৰ অভিমন্যুৰ ক্ষত-বিক্ষত নিথৰ দেহ ৷ সমগ্ৰ দিন পৃথিৱীক তাপত ৰাখি বেলিটোৱে সন্ধিয়াৰ বুকুত জিৰণি লোৱাৰ দৰেই আজি গোটেইটো দিন শত্ৰুপক্ষৰ অনেক সেনাক বিদ্যুৎ-বিক্ৰমেৰে পৰাভূত কৰি বীৰ অভিমন্যুয়ে এতিয়া জিৰণি লৈছে মৃত্যুৰ শীতল কোলাত ৷
দূৰত কৌৰৱৰ ছাউনীত এতিয়া হাঁহি, কিৰিলি আৰু মাজে মাজে অট্টহাস্য। এটা সুপৰিকল্পিত আৰু অভিলাষী ষড়যন্ত্ৰৰ সফল আৰু নিখুঁত পৰিসমাপ্তিত তেওঁলোক উফুল্লিত। এই হৰ্ষোল্লাসৰ মাজতেই দুৰ্যোধন, দুঃশাসন, তেওঁলোকৰ কেইজনমান ভায়েক আৰু কৰ্ণ, দ্ৰোণাচাৰ্যকে আদি কৰি কেইজনমান ৰথী-মহাৰথীৰ সৈতে এজাক সৈন্য সাজু হৈছে পাণ্ডৱৰ ছাউনীত পদাৰ্পণ কৰি অভিমন্যুৰ প্ৰতি শ্ৰদ্ধা তৰ্পণৰ বাবে। অনুশোচনা আৰু আত্মগ্লানিৰ জুইত দহি-পুৰি মৰিলেও দ্ৰোণাচাৰ্য আৰু কৰ্ণই সেয়া দেখুৱাব পৰা নাই। দুৰ্যোধনৰ সন্মুখত যে তেওঁলোক অসহায় ।
সেইদিনাও তেওঁলোক অসহায়েই আছিল, যিদিনা ধৃতৰাষ্ট্ৰ আৰু দুৰ্যোধনে তেওঁলোকক সন্ধিয়া মাতি পঠিয়াইছিল ধৃতৰাষ্ট্ৰৰ গোপন মন্ত্ৰণা-কক্ষৰ মজিয়ালৈ। প্ৰায় উচপ খাই উঠিছিল দ্ৰোণাচাৰ্য।
কুৰুক্ষেত্ৰৰ যুদ্ধ আৰম্ভ হোৱাৰ আগতে তৃতীয় পাণ্ডৱ অৰ্জুনৰ পুত্ৰ আৰু তেওঁৰ সখা শ্ৰীকৃষ্ণৰ ভাগিন তথা শিষ্য অভিমন্যুৰ খ্যাতি ইতিমধ্যেই চাৰিওফালে বিয়পি পৰিছিল। সেই খ্যাতি তেওঁ অৰ্জুন-সুভদ্ৰাৰ পুত্ৰ, শ্ৰীকৃষ্ণৰ ভাগিন আৰু শিষ্য হিচাপে অৰ্জন কৰা নাছিল; সেই খ্যাতি তেওঁ আহৰণ কৰিছিল নিজৰ ব্যক্তিত্ব, বীৰত্ব আৰু নিজস্ব কলা-শৈলীৰে। কেঁকোৰা-কেঁকুৰি চুলিকোছা, হৰিণা-পোৱালিৰ নিচিনা হৈ পৰা চকুযুৰি আৰু লহপহকৈ বাঢ়ি অহা শাল বৃক্ষৰ নিচিনা অভিমন্যুৰ শৰীৰটো আৰু তেওঁৰ ভুৱনবিজয়ী হাঁহিটো অভিমন্যুৱে বংশানুক্ৰমিকভাৱে পোৱা আছিল যদিও তেওঁৰ শৃঙ্খলাবদ্ধ ব্যক্তিত্ব, সীমাহীন বীৰত্ব আৰু ধনুৰ্বিদ্যাৰ লগতে অন্যান্য অস্ত্ৰ-শস্ত্ৰৰ ওপৰত তেওঁৰ জ্ঞান আৰু কুশলতা আছিল তেওঁৰ নিতান্তই স্ব-আৰ্জিত। নিজৰ একাগ্ৰতা, সাধনা, সমকালীন ৰাজনীতিৰ প্ৰতি সূক্ষ্ম দৃষ্টি, দেশপ্ৰেম আৰু দেশৰ সাধাৰণ জনতাৰ প্ৰতি সমমৰ্মিতা আদি গুণৰাজিৰে তেওঁ কেৱল পাণ্ডৱ পক্ষৰ মাজতেই নহয়, বৰঞ্চ হস্তিনাপুৰৰ সাধাৰণ জনতাৰ মাজতো আহৰণ কৰিছিল শ্ৰদ্ধা আৰু সীমাহীন জনপ্ৰিয়তা। সেই জনপ্ৰিয়তাই অত্যাচাৰী শাসক পক্ষৰ মাজত জন্ম দিছিল এক ত্ৰাসৰ, এক অঘোষিত ভাবুকিৰ।লাহে লাহে ক্ষমতালিপ্সু শাসকৰ দৃষ্টিত অভিমন্যু হৈ আহিল চকুৰ কুটা দাঁতৰ শাল। ভিতৰি ভিতৰি অত্যন্ত শংকিত হৈ তেওঁলোকে বুজি উঠিছিল– পাণ্ডৱক পৰাভূত কৰিবৰ বাবে যেন তেন প্ৰকাৰেণ অভিমন্যুৰ বিনাশ ঘটাব লাগিব। তেওঁৰ ব্যক্তিত্ব, কলা-শৈলী আৰু সৰ্বসাধাৰণ জনতাৰ ওপৰত থকা প্ৰভাৱক নিঃশেষ কৰিবৰ বাবে অভিমন্যুৰ বিনাশ অৱশ্যম্ভাৱী। শাসক যিমানেই ক্ষমতাশালী, ঐশ্বৰ্যশালী, প্ৰভাৱশালী অথবা স্বৈৰাচাৰী নহওক কিয়, তেওঁলোকে জানে তেওঁলোকৰ মূল শক্তি কেৱল জনসাধাৰণৰ সন্মিলিত শক্তি আৰু মতামতহে, যাৰ ওচৰত নিহিত থাকে অত্যাচাৰী শাসকক ওফৰাই ন্যায় প্ৰতিষ্ঠা কৰাৰ সুপ্ত অথচ অসাধাৰণ শক্তি। ক্ষমতাত অন্ধ হৈ যি শাসকে সেই চিৰন্তন সত্যক পাহৰি যায় অথবা তাক অৱজ্ঞা কৰে, সেই শাসকৰ পতন নিশ্চিত আৰু অৱধাৰিত। জনগণৰ এই বিৰাট শক্তি, সুপ্ত এক সিংহৰ দৰেই, সাৰ পালেই যি আৰম্ভ কৰে ধ্বংস (আৰু সৃষ্টিৰ) তাণ্ডৱ।
অভিমন্যুৰ ক্ষত-বিক্ষত মৃতদেহৰ ওচৰত ইতিমধ্যেই আহি উপস্থিত হৈছে যুধিষ্ঠিৰ, ভীম, নকুল আৰু সহদেৱ। সংশপ্তক সেনাৰ লগত বিশাল কুৰুক্ষেত্ৰৰ দূৰৰ এটা অংশত তয়াময়া ৰণত ব্যস্ত হৈ থাকি অৰ্জুন আৰু তেওঁৰ সাৰথি শ্ৰীকৃষ্ণ লাহে লাহে নিজৰ ছাউনীৰ ফালে মন্থৰ আৰু ভাগৰুৱা গতিত আহি আছে। পুত্ৰ অভিমন্যুৰ হত্যাৰ সম্পৰ্কত পাৰ্থ এতিয়াও অজ্ঞ; শ্ৰীকৃষ্ণৰ মুখত এতিয়া এক ৰহস্যময় নীৰৱতা। আৰু অৰ্জুনৰ আগমনৰ বাবে অপেক্ষাৰত যদিও চৰম অনুশোচনা আৰু আত্মগ্লানিৰ জুইত দগ্ধ যুধিষ্ঠিৰ আৰু ভীমসেন। তেওঁলোকে এতিয়াও নাজানিলে কিমান সূক্ষ্ম, গোপন, সঠিক আৰু পৰিকল্পিত এক দীৰ্ঘম্যাদী ষড়যন্ত্ৰৰে শীতল মস্তিষ্কৰে হত্যা কৰা হ’ল তেওঁলোকৰ পুত্ৰসম ভতিজাক বীৰ অভিমন্যুক। ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰৰ এক গোপন কোণত, আপোন মানুহ আৰু জনচক্ষুৰ আঁৰত এক দুৰ্জেয় চক্ৰবেহুৰ মাজত কেনেদৰে, কিমান অধৰ্ম আৰু অন্যায়ৰে নিঃশেষ কৰা হ’ল বৰ্তমানৰ এক বিস্ময়কৰ প্ৰতিভা আৰু ভৱিষ্যতৰ এক অপাৰ সম্ভাৱনাক।
যুদ্ধ আৰম্ভ হোৱাৰ ঠিক পিছৰপৰাই কৌৰৱসকলৰ মাজত ইমান দিনে প্ৰচ্ছন্ন হৈ থকা শংকাই বাস্তৱৰূপ ধাৰণ কৰিছিল। অভিমন্যুৰ বীৰত্ব আৰু ৰণাঙ্গনত প্ৰদৰ্শন কৰা কলা-কুশলতাই কৌৰৱ-পক্ষৰ মাজত সৃষ্টি কৰিছিল ত্ৰাসৰ, যি ধৃতৰাষ্ট্ৰ আৰু দুৰ্যোধনকে ধৰি সমস্ত কৌৰৱ-পক্ষৰ বুকু কঁপাই তুলিছিল।
প্ৰথম দিনটোৰ যুদ্ধতেই ভীষ্মৰ লগত অভিমন্যুৰ ভয়াবহ ৰণ লাগিল। অভিমন্যুৰ কলা-কুশল কাঁড় নিক্ষেপনত ভীষ্মৰ ৰথৰ পতাকা-দণ্ড ভাগি চূৰ্চুমৈ হ’ল। তাৰ পিছত তেওঁৰ সোণোৱালী ৰথৰ পতাকাখন মাটিত খহি পৰিল। দ্বিতীয় দিনৰ যুদ্ধতো তেওঁ ভীষ্মৰ লগত সাহসেৰে মুখামুখি হৈ যুদ্ধ কৰাৰ উপৰি দুৰ্যোধন-পুত্ৰ লক্ষ্মণৰ লগত ভয়াবহ যুদ্ধৰ সূচনা কৰিলে। নিজস্ব বীৰত্ব আৰু ৰণ-কুশলতাৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি চতুৰ্থ দিনৰ যুদ্ধতো তেওঁ প্ৰদৰ্শন কৰিলে নিপুণ ৰণকৌশল। সেইদিনা বহুকেইজন ৰথীয়ে অভিমন্যুক একেলগে আক্ৰমণ কৰিছিল যদিও অভিমন্যুৰ সুনিপুণ অস্ত্ৰ-চালনাৰ ওচৰত হাৰ মানি সেইসকল ছত্ৰভংগ দিলে।
এই সমস্ত ঘটনা দেখি আছিল দুৰ্যোধন আৰু সঞ্জয়ৰ দিব্যদৃষ্টিৰ জৰিয়তে ধৃতৰাষ্ট্ৰই। ধৰ্ম আৰু ন্যায় প্ৰতিষ্ঠাৰ বাবে সদা-তৎপৰ প্ৰতিপক্ষৰ অদমনীয় স্থিতি প্ৰতিজন স্বেচ্ছাচাৰী শাসকৰ বাবে এক ভাবুকি হোৱাৰ দৰেই, অভিমন্যুৰ অদমনীয়-দুৰ্দান্ত স্থিতি ধৃতৰাষ্ট্ৰ আৰু দুৰ্যোধনৰ বাবে আছিল এক প্ৰত্যাহ্বান। আৰু এক কাল-সন্ধিয়া দুৰ্যোধন দৌৰাদৌৰিকৈ আহি পাইছিলহি ধৃতৰাষ্ট্ৰৰ অন্তেষপুৰ। ‘এনেকৈ কি হ’বগৈ, পিতাশ্ৰী’- দুৰ্যোধনৰ মাতত মুকলি উষ্মা।
‘তুমি কি বুজাবলৈ বিচাৰিছা, জ্যেষ্ঠ পুত্ৰ প্ৰিয় দুৰ্যোধন? মই ভবাৰ দৰেই তুমিও অভিমন্যুৰ কথাই ভাবি আহিছানে?’
‘সি দেখোন পাণ্ডৱতকৈও ওপৰত। এই কেইদিনৰ যুদ্ধবোৰতো আপুনি দেখিছেই। জানো কি কৰিব পৰা যায় তাৰ ! কিবা উপায় চিন্তা কৰক আপুনি, পিতাশ্ৰী।’
কেইটামান পল ৰৈ থাকিল দুৰ্যোধনৰ পিতাশ্ৰী ধৃতৰাষ্ট্ৰ। আৰু হঠাৎ থিয় হৈ ঘোষণা কৰিলে অন্ধৰজা ধৃতৰাষ্ট্ৰই ‘মাতা, মাতি দিয়া সকলোকে। শত্ৰু বিনাশৰ কাৰণে সৰ্বতো সম্ভৱ কৌশল । শাসনত বৰ্তি থাকিবৰ কাৰণে ন্যায়-অন্যায়, ধৰ্ম-অধৰ্ম—এই সকলোবোৰ অদৰকাৰী।
দুৰ্যোধনৰ চকুত সকাহমিহলি অলপ বিস্ময়। কাণ দুখন উদ্গ্ৰীৱ পিতাকৰ বচন শুনিবৰ নিমিত্তে।
‘তুমি এই মহান হস্তিনাপুৰৰ ভাবী ৰজা, দুৰ্যোধন। আমাৰ হাতৰ ক্ষমতা আমি যিকোনো প্ৰকাৰে বৰ্তাই ৰাখিব লাগিব। অভিমন্যুৰ এই উত্থান আমাৰ শক্তি, ক্ষমতা আৰু সম্পদ আহৰণৰ পৰিপন্থী। যুদ্ধত তাৰ এই কুশলতা আমাৰ বাবে অতি অমঙ্গলীয়া, পুত্ৰ। আৰু মই শুনামতে আমাৰ প্ৰজাবোৰৰ মাজতো বোলে তাৰ জনপ্ৰিয়তা আৰু প্ৰভাৱ অপৰিসীম। এই শত্ৰুৰ উত্থান আমাৰ বাবে চৰম ভাবুকি। তাৰ বীৰত্ব আৰু জনপ্ৰিয়তাই সীমা চেৰাইছে, পুত্ৰ দুৰ্যোধন, তাক নিধন কৰিব নোৱাৰিলে আমাৰ পতন নিশ্চিত; আমাৰ ধ্বংস অনিবাৰ্য’—একেৰাহে কথাখিনি কৈ হঠাৎ থিয় হ’ল বৃদ্ধ ৰজা ধৃতৰাষ্ট্ৰ। তেওঁৰ নেত্ৰহীন মুখমণ্ডলত বিৰাজ কৰিছে দুৰ্ভাৱনা, ধৈৰ্যহীনতা আৰু আশংকাই।
‘কাক কাক মাতিলে ভাল হ’ব, মহাৰাজ?’ ‘দাম্ভিক অথচ অসহায় কণ্ঠৰে সুধিলে দুৰ্যোধনে, ‘এইটো ক্ষেত্ৰত আমি বহুত সাবধান হ’ব লাগিব, পিতাশ্ৰী’।
কেইটামান মুহূৰ্ত তভক মাৰি ৰ’ল ধৃতৰাষ্ট্ৰ; তাৰ পিছত লাহে লাহে ক’লে তেওঁ, ‘মাতি দিয়া আমাৰ অতিকৈ আপোন মানুহবোৰক ৷ চাবা যাতে পাণ্ডৱবোৰৰ চোৰাংচোৱাই তাৰ যাতে উম-ঘামকে নাপায়, পুত্ৰ৷’
‘মানে পিতাশ্ৰী?’
উদগ্ৰীব হৈ সুধিলে দুৰ্যোধনে ৷ কিবা কিবি চিন্তা কৰি ধৃতৰাষ্ট্ৰ কোঠাটোৰ ভিতৰতে ইফালে সিফালে খোজকাঢ়ি ফুৰিলে ৷ তাৰ পিছত হঠাৎ ৰৈ গ’ল তেওঁ ৷
‘দ্ৰোণাচাৰ্য, অঙ্গৰাজ কৰ্ণ, দ্ৰোণ পুত্ৰ অশ্বত্থামা, কোশলৰাজ বৃহদ্বল, কুলগুৰু কৃপাচাৰ্য আৰু ভোজবংশী কৃতবৰ্মা — এই সকলোকে অতি শীঘ্ৰেই আমাৰ গোপন অন্তেষপুৰলৈ আহ্বান জনোৱা, পুত্ৰ ৷ যিকোনো প্ৰকাৰে শত্ৰুৰ বিনাশেই হ’ব লাগিব আমাৰ এই সময়ৰ মুখ্য উদ্দেশ্য ৷’ – আদেশৰ সুৰত ক’লে ধৃতৰাষ্ট্ৰই ৷
মূৰৰ ওপৰৰপৰা যেন গধুৰ বোজা এটা আঁতৰি গ’ল দুৰ্যোধনৰ ৷ ক্ষিপ্ৰ গতিত তেওঁ আঁতৰি গ’ল৷ নিজে ভাবি অহাৰ দৰেই উত্তৰ এটা পাই গ’ল তেওঁ ৷ এই মুহূৰ্তত ক্ষমতা ধাৰণেই তেওঁৰ একমাত্ৰ পণ ৷ এই ক্ষমতাৰ যোগেদিয়েই দুৰ্যোধনে আহৰণ কৰিছে অজস্ৰ ধন- সম্পদ আৰু হস্তিনাপুৰৰ এই উৰ্বৰ ভূমি ৷ নাই, নাই এই ক্ষমতা তেওঁ ৰাখিবই লাগিব; সেয়া হেৰুৱাই পেলোৱাটো তেওঁৰ বাবে হ’ব এটা অন্তহীন দুঃস্বপ্ন মাথোঁ ৷
পুনৰ এবাৰ অস্থিৰ- অধীৰ হৈ উঠিছে দুৰ্যোধন ৷ তেওঁৰ ক্ষমতালিপ্সু দুচকুত অভেদ্য এক চামনি পৰিছে যি ঢাকি ৰাখিছে ন্যায়- অন্যায়, ধৰ্ম- অধৰ্ম, যুক্তি- অযুক্তিৰ সমগ্ৰ প্ৰপঞ্চক ৷ ৰাতিয়েই তেওঁ ৰাওনা হ’ল গুৰু দ্ৰোণাচাৰ্যৰ শিবিৰলৈ ৷
অভিমন্যুৰ মৃতদেহৰ কাষত যেতিয়া পাণ্ডৱ- পক্ষৰ মানুহবোৰ লাহে লাহে থূপ খালেহি, মন্থৰ গতিত আহি থকা ৰথৰ সাৰথি শ্ৰীকৃষ্ণক অৰ্জুনে প্ৰশ্ন কৰিছে, ‘ইমান নিজম নিজম কিয় লাগিছে, মাধৱ ৷ কিবা যেন শূন্য, কিবা যেন উকা চৌদিশে ৷ কি হ’ব পাৰে ৷ বুকুখন বৰ উৰুঙা লাগিছে, সখা ৷’
একো মতা নাই শ্ৰীকৃষ্ণই ৷ কেৱল ৰথৰ চকা ঘূৰাৰ বাহিৰে আন একো শব্দ নাই ক্ৰমাৎ এন্ধাৰে সামৰি লোৱা এই বিশাল কুৰুক্ষেত্ৰত৷
বহাৰপৰা থিয় হ’ল ধনঞ্জয় ৷ অৰ্জুনৰ মনৰ অৱস্থা বুজি পাইছে কৃষ্ণই ৷ প্ৰচুৰ বুদ্ধিমত্তা, বৌদ্ধিক উচ্চতা, জ্ঞান, প্ৰজ্ঞা আৰু প্ৰভাৱেৰে শ্ৰীকৃষ্ণই ইতিমধ্যেই এক বীৰ পুৰুষৰ মৰ্যাদা লাভ কৰিছে ৷ নিজস্ব বিচাৰশক্তি আৰু পৰিস্থিতিৰ বিশ্লেষণৰ জৰিয়তে যি জানিব লাগে সকলো জানি গৈছে তেওঁ৷ ‘সময়ৰ এনে এক জটিল যুগসন্ধি আৰু পৰিস্থিতিৰ এনে এক কুটিল সন্ধিক্ষণত আমি উপনীত হৈছোঁ, য’ত সকলো কথাই সম্ভৱ, পাৰ্থ ৷ অতিপাত ক্ষমতালিপ্সা আৰু তাৰ যোগেদি সীমাহীন সম্পদ আহৰণৰ অভীপ্সা আৰু ব্যক্তিস্বাৰ্থই যেতিয়া মানুহক পৰিচালিত কৰে, ন্যায়- অন্যায়, ধৰ্ম- অধৰ্ম তাত হৈ পৰে গৌণ আৰু অৱদমিত, সখা ৷ এতিয়া ইয়াত সকলো কথাই সম্ভৱ ৷ কোন, কেতিয়া কাৰ স্বাৰ্থৰ বলি হ’বলগীয়া হয়, তাৰ কোনো নিশ্চিতি নাই ৷ ব’লা গৈ থাকোঁ ৷’
লাহে লাহে, ধীৰে- সুস্থিৰে ক’লেও শ্ৰীকৃষ্ণৰ কথাবোৰত যেন লুকাই আছিল কিবা এক পৰম সত্য– দৃশ্যমান সত্যৰ সিপাৰৰ এক ৰহস্যময় চূড়ান্ত সত্য৷ অৰ্জুনে তাৰ তাৎপৰ্য বুজিবলৈ চেষ্টা কৰি থাকিল ৷
শ্ৰীকৃষ্ণই ৰথৰ গতি বঢ়াই দিলে৷ চৌপাশৰ নিশব্দ অন্ধকাৰৰ মাজেদি ঘূৰি আগবাঢ়ি গৈ থাকিল কৃষ্ণাৰ্জুনৰ ৰথৰ ঘুৰণীয়া চকা ৷ চৌদিশৰ গভীৰ আন্ধাৰৰ মাজত অৰ্জুনে নেদেখিলে তেওঁৰ ৰথ আৰু আত্মাৰ সাৰথি কৃষ্ণৰ দুচকুৱেদি বৈ আহিল তপ্ত দুধাৰি চকুপানী৷ সমাজত সত্য আৰু ন্যায় প্ৰতিষ্ঠাৰ বাবে কাৰোবাৰ সৰ্বস্ব ত্যাগো কেতিয়াবা বৰ অপৰিহাৰ্য হৈ পৰে৷
তেওঁলোক পায়হি মানে পাণ্ডৱপক্ষৰ মানুহৰ লগতে দুৰ্যোধন সহিতে কৌৰৱৰ দলটো অভিমন্যুৰ মৃতদেহৰ ওচৰ পাইছেহি৷ পাণ্ডৱপক্ষৰ সকলোৰে চকুত চকুপানী, ওঁঠত হুমুনিয়াহ, বুকুত বিৰাট শূন্যতা৷ অৰ্জুনৰ আগমনত সকলো হৈ উঠিছে আৰু অস্থিৰ আৰু মৰ্মাহত৷ হঠাৎ সন্মুখত প্ৰিয়পুত্ৰ অভিমন্যুৰ মৃতদেহ দেখি অশান্ত, অবুজন হৈ উঠিছে পিতৃ অৰ্জুন৷ কোনেও কাৰো মুখলৈ চাব পৰা নাই;
যেন ঘনঘোৰ অন্ধকাৰে গ্ৰাস কৰিছে জীৱন আৰু জগতৰ পোহৰৰ প্ৰতিটো জ্ঞাত-অজ্ঞাত উৎসক ৷
আৰু সেইবোৰৰ মাজতেই হঠাৎ সকলোকে আচৰিত কৰি পুত্ৰসম অভিমন্যুৰ মৃতদেহৰ ওচৰত বহি পৰিছে পাণ্ডৱৰ ঘোৰ শত্ৰু মহাপৰাক্ৰমী দুৰ্যোধন৷
চৌদিশৰ সকলো মানুহ, আনকি পাণ্ডৱেও বুজি নাপালে এয়া দুৰ্যোধনৰ দুখ নে সমৰ্পণ; বিষাদ নে পৰাজয়; শোক নে পৰম প্ৰতিদ্বন্দ্বীক নিঃশেষ কৰি দিয়াৰ চৰম আনন্দৰ ৰহস্যময় বহিপ্ৰকাশ ৷ এয়া তেওঁৰ জয় নে পৰাজয় ?
ইয়াত উপস্থিত কোনেও নাজানিলে সেইদিনা, দুদিনমানৰ পূৰ্বে যে ধৃতৰাষ্ট্ৰৰ প্ৰকাণ্ড ৰাজপ্ৰাসাদৰ গভীৰ-গোপন অন্তেষপুৰত লোৱা হৈছিল অভিমন্যুৰ মৃত্যুৰ আমোঘ সিদ্ধান্ত ৷
ধৃতৰাষ্ট্ৰৰ নিৰ্দেশমৰ্মেই সেইদিনা দুৰ্যোধনৰ আহ্বানত তাত উপস্থিত হৈছিল দ্ৰোণাচাৰ্য, কৰ্ণ, কৃপাচাৰ্য, অশ্বত্থামা, সিন্ধুৰাজ জয়দ্ৰথ, বৃহদ্বল আৰু কৃতবৰ্মা৷
ধৃতৰাষ্ট্ৰৰ প্ৰস্তাৱত চক খাই উঠিছিল সকলো৷ ‘এয়া জানো সম্ভৱ? এয়া জানো ধৰ্ম? এয়া জানো ন্যায়? আমি সকলোৱে লগ লাগি অভিমন্যুৰ উঠি অহা বীৰত্ব আৰু পৰাক্ৰমক নিঃশেষ কৰাটো কোন ফালৰপৰা ন্যায়, মহাৰাজ? সেয়া নীতিবিৰুদ্ধ ধৰ্মবিৰুদ্ধ গৰ্হিত, সম্ৰাট।’ প্ৰথমেই মাত দিলে দ্ৰোণাচাৰ্যই৷ কেইটামান মুহূৰ্তৰ নীৰৱতা; তাৰ পিছত পুনৰ ক’লে আচাৰ্য দ্ৰোণে, ‘যুদ্ধৰ সমস্ত নীতি- নিয়ম, পিতামহ ভীষ্ম আৰু শ্ৰীকৃষ্ণৰ উপস্থিতি আৰু মাৰ্গ- নিৰ্দেশনাৰ জৰিয়তে আমি দুয়োপক্ষই চূড়ান্ত কৰিছোঁ, মহাৰাজ৷ সেয়ে আমি…’
‘আচাৰ্য’ – ধৃতৰাষ্ট্ৰৰ কঠোৰ মাতে দ্ৰোণাচাৰ্যৰ কণ্ঠক তল পেলাই দিলে৷’
ন্যায়- অন্যায়ৰ কথা আপুনি নক’ব, আচাৰ্য, এই মুহূৰ্তত যুদ্ধ জয় আৰু ক্ষমতা ধাৰণেই আমাৰ একমাত্ৰ লক্ষ্য আৰু উদ্দেশ্য; ধৰ্ম- অধৰ্মৰ বিচাৰ নহয় ৷ পিতামহৰ শৰশয্যা অন্যায় যুদ্ধৰ নিদৰ্শন নহয়? একলব্যৰপৰা আপুনি কৰা সোঁ হাতৰ অঙ্গুষ্ঠ ভিক্ষা অধৰ্ম নাছিল?
’ কথাখিনি ক’ব লগীয়া হ’ব বুলি ধৃতৰাষ্ট্ৰই যেন ভাবিয়েই আছিল; এতিয়া কেৱল কৈহে দিলে৷ নীৰৱ হৈ পৰিল দ্ৰোণাচাৰ্য৷ এজন মহাৰথী হৈয়ো, কৌৰৱ- পাণ্ডৱৰ গুৰু হৈও তেওঁ পুনৰ এবাৰ উপলব্ধি কৰিলে – আনৰ অনুগ্ৰহৰ ওপৰত ভৰসা কৰি জীৱন নিৰ্বাহ কৰিবলগীয়া হোৱাটো বহু জনমৰ পাপৰ পৰিণতি৷ দুৰ্যোধন আৰু ধৃতৰাষ্ট্ৰৰ যুক্তিহীন যুক্তিৰ সন্মুখত বিশেষ একো মাতিব নোৱাৰিলে অঙ্গৰাজ কৰ্ণয়ো ৷ দুৰ্যোধনৰ লগত মিত্ৰতাতকৈও বহু বেছি তেওঁ ঋণী এই ৰাজপৰিয়ালৰ ওচৰত৷
দুৰ্যোধন আৰু ধৃতৰাষ্ট্ৰৰ প্ৰায় বাধাহীন শ্ৰুতলিপিমতেই ঠিক কৰি পেলোৱা হ’ল অভিমন্যু বধৰ সঁচা নাটকৰ চূড়ান্ত খচৰা: ত্ৰয়োদশ দিনৰ যুদ্ধৰ আৰম্ভণিতেই দ্ৰোণাচাৰ্যই নিৰ্মাণ কৰি উলিয়াব কেৱল অৰ্জুন, কৃষ্ণ, প্ৰদ্যুম্ন আৰু অভিমন্যুৰ বাহিৰে জগতৰ আন কোনেও ভেদ কৰিব নোৱাৰা চক্ৰবেহু৷ কৌৰৱে দিয়া আগতীয়া পৰামৰ্শমৰ্মে ত্ৰিগৰ্ত দেশৰ নিযুত সেনাই অৰ্জুনক প্ৰত্যাহ্বান জনাব আৰু সেই সংশপ্তক সেনাৰ প্ৰত্যাহ্বান স্বভাৱজাতভাৱেই উপেক্ষা কৰিব নোৱাৰি অৰ্জুন সিহঁতৰ লগত তয়াময়া যুদ্ধত লিপ্ত হ’ব৷ শ্ৰীকৃষ্ণও ব্যস্ত থাকিব তেওঁৰ লগতেই৷ ‘প্ৰদ্যুম্ন যিহেতু নায়েই, অভিমন্যু বাধ্য হৈ হ’লেও প্ৰৱেশ কৰিব লাগিব চক্ৰবেহুত৷ আৰু তাতেই শেষ কৰি দিব লাগিব সেই বিহঁগছৰ পুলিক৷’ চৰম ক্ৰোধ আৰু অহংকাৰ স্পষ্ট হৈ উঠিল দুৰ্যোধনৰ মুখমণ্ডলত৷
‘অৰ্জুন নাথাকিলে কি হ’ব, বাকী চাৰি পাণ্ডৱোতো কম নহয়৷ সিহঁতক কিদৰে পৰাভূত কৰা যাব?’ চিন্তাক্লিষ্ট কণ্ঠেৰে ক’লে বৃহদ্বলে৷
‘সেই গুৰুভাৰ নিশ্চিতমনে মোৰ ওপৰত এৰি দিয়ক৷ মই চম্ভালি ল’ম সিহঁতক,’ কৈ উঠিল সিন্ধুৰাজ জয়দ্ৰথে৷
‘তুমি আৰু সেই চাৰি পাণ্ডৱক?’ তাচ্ছিল্যৰ হাঁহি মাৰি সুধিলে কৃতবৰ্মাই৷ সিন্ধুৰাজ জয়দ্ৰথৰ কথাত তাত উপস্থিত আন দুই-এজনেও মাথো হাঁহিলে৷ তথাপি অপ্ৰস্তুত নহ’ল জয়দ্ৰথ; বৰঞ্চ আৰু দৃঢ়তাৰে ঘোষণা কৰিলে তেওঁ, ‘মহাদেৱৰ আশীৰ্বাদৰ কৃপাত মই অৰ্জুনক বাদ দি আন চাৰি পাণ্ডৱক মাত্ৰ এটা দিনৰ বাবে পৰাভূত কৰিব পাৰিম৷ মই সিহঁতক পৰাজিত কৰিবৰ বাবে সেইটো দিনেই বাছি লৈছোঁ৷ সেই বৰৰ কৃপাতেই যদি অভিমন্যু বধ হয়, মোৰ বাবে আনন্দৰ কথা আৰু কি থাকিব পাৰে৷’ !
এজন বীৰক, ভৱিষ্যতৰ এক অপাৰ সম্ভাৱনাক নিঃশেষ কৰাৰ নিখুঁত পৰিকল্পনা যেতিয়া শেষ হ’ল, সকলো নিজৰ নিজৰ শিবিৰলৈ যাবলৈ সাজু হ’ল৷ আৰু যাবলৈ ওলায়ো ৰৈ গ’ল অঙ্গৰাজ কৰ্ণ৷ ধৃতৰাষ্ট্ৰৰ ওচৰলৈ ঘূৰি আহি অনুচ্চ কণ্ঠেৰে উচ্চাৰণ কৰিলে তেওঁ, ‘এই সত্যক আমি যিকোনো প্ৰকাৰে গোপন কৰি ৰাখিবই লাগিব, মহাৰাজ৷ এই অন্যায় যদি কেনেবাকৈ সাধাৰণ প্ৰজাৰ কাণত পৰে সিহঁত বিদ্ৰোহী হৈ উঠিব পাৰে৷ ৰজাৰ মূল শক্তি নিহিত থাকে প্ৰজাৰ সামূহিক শক্তিতহে৷ ৰজা হিচাপে সেইটো কথা অন্ততঃ মই জানো, মহাৰাজ৷’ ধৃতৰাষ্ট্ৰই কথাটো ঠিকেই শুনিলে; একো উত্তৰ নিদিলে তেওঁ৷
আৰু তেওঁৰ ঠাইত উত্তৰ দিবলৈ আহিল যুৱৰাজ দুৰ্যোধন৷ ‘তোমাৰ চিন্তা অমূলক নহয়, মিত্ৰ৷ এই জনগণৰ সামূহিক শক্তি একো একোটা সুপ্ত আগ্নেয়গিৰি, খং আৰু ক্ষোভৰ দাবানলে যাক উদগীড়িত কৰি তোলে৷ কিন্তু মোৰ সাম, দান, দণ্ড আৰু ভেদ নীতিৰে মই সিহঁতক আচ্ছন্ন কৰি ৰাখিছোঁ, মিত্ৰ৷ পতিয়ন গৈছোঁ যে সেই আশঙ্কা একেবাৰেই অমূলক৷ মোহাচ্ছন্ন কৰি ৰাখিছোঁ মই সিহঁতক, মোহাচ্ছন্ন৷’ দুৰ্যোধনৰ অট্টহাস্য ৰাতিৰ সেই অন্ধকাৰৰ লগত মিলি গ’ল৷
ত্ৰয়োদশ দিনৰ যুদ্ধৰ পিছৰ এই কাল ৰাত্ৰি বীৰ অভিমন্যুৰ শেষ বিদায়ৰ সময় আহি পৰিছে৷ মাতৃ সুভদ্ৰা, আউলীবাউলী উত্তৰা আৰু দ্ৰৌপদী কান্দি কান্দি মূৰ্ছা গৈছে৷ তেওঁলোকৰ সংজ্ঞা ঘুৰি অহাৰ পিছত শ্ৰীকৃষ্ণই মাথোঁ কৈছে, ‘মহাৰথী অভিমন্যুৱে যি কাম কৰি দেখুৱাই থৈ গ’ল সেই কামৰ আৰ্হি যেন আমাৰ সকলোৰে বাবে পাথেয় হৈ ৰয়৷’ পাথেয় হৈ ৰোৱা কামেই কৰি থৈ গ’ল অভিমন্যুৱে৷
ইফালে কোনেও নাজানিব বুলি গোপনে ৰখা সেই ষড়যন্ত্ৰৰ কথা, লাহে লাহে চৌদিশে বিয়পি পৰিছে৷ পাণ্ডৱ- পক্ষৰ হৈ যুদ্ধত অৱতীৰ্ণ হোৱা একমাত্ৰ কৌৰৱ যুযুৎসুৰপৰা, বতাহৰ প্ৰতিটো কণিকাৰপৰা, নীড়মুখী চৰাইৰ জাকবোৰৰপৰা অন্যায় যুদ্ধৰ সেই বতৰাই হস্তিনাপুৰৰ প্ৰতিজন নাগৰিকৰ কাণত থহ্ থহ্ কৰে বিন্ধিছেগৈ৷ পুৱাই দ্ৰোণাচাৰ্যই নিৰ্মাণ কৰা দুৰ্ভেদ্য চক্ৰবেহুত প্ৰৱেশ কৰোৱাই অন্যায় যুদ্ধত কেনেদৰে অভিমন্যুক পৰিকল্পিতভাৱে হত্যা কৰা হ’ল, সেই বাতৰি বিয়পি পৰিল-প্ৰতিজন প্ৰজাৰ কাণে কাণে৷ সত্যক যিমানেই গোপন কৰি ৰাখি থোৱা নহওক কিয়, সূৰ্যই ঘনঘোৰ অন্ধকাৰ ফালি পোহৰৰ বাট প্ৰশস্ত কৰি উলিওৱাৰ দৰেই সত্যই নিজৰ বাট নিজে উলিয়াই লয়৷
পূৰ্বৰ সেই পৰিকল্পনা অনুসৰিয়েই দ্ৰোণে আজি নিৰ্মাণ কৰিছিল দুৰ্ভেদ্য চক্ৰবেহু৷ এইবিধ বেহু চকৰিৰ লেখীয়া ঘূৰণীয়া আকাৰৰ৷ ইয়াত প্ৰৱেশ পথ মাথোঁ এটাই; সেইটোৱেই আকৌ উভতি অহাৰ পথো৷ উভতি অহাৰ কৌশল নজনা অভিমন্যুক অতি চতুৰালিৰে প্ৰৱেশ কৰোৱা হয় চক্ৰবেহুত৷ তেওঁৰ সাৰথি সুমিত্ৰই তেওঁক বাৰণ কৰিব বিচাৰিছিল যদিও তেওঁ নামানিলে৷ বীৰ সদায় বীৰেই; বীৰত্ব তেওঁলোকৰ তেজত থাকে; প্ৰবাহিত হৈ থাকে ৰক্তৰ প্ৰতিটো প্ৰবাহত৷
অভিমন্যুৰ বেহু-প্ৰৱেশৰ সময়ত ধনঞ্জয় ব্যস্ত আছিল হাজাৰ হাজাৰ সংশপ্তক সেনাৰ লগত তয়াময়া যুদ্ধত৷ অভিমন্যুৰ পৰাক্ৰমৰ সন্মুখত কৌৰৱ সেনা ছেদেলি-ভেদেলি হ’ল৷ দুঃশাসন প্ৰাণ লৈ ছত্ৰভঙ্গ দিলে; শল্য মূৰ্ছা গ’ল৷ অভিমন্যুক আক্ৰমণ কৰিবলৈ অহা প্ৰতিজন বীৰ আত্মৰক্ষা কৰাতেই ব্যস্ত থাকিবলগীয়া হ’ল৷ কিন্তু পূৰ্বৰ পৰিকল্পনা অনুসৰিয়েই ভোলানাথ শিৱৰপৰা বৰপ্ৰাপ্ত জয়দ্ৰথৰ সন্মুখত অৰ্জুনক বাদ দি চাৰি পাণ্ডৱে অভিমন্যুক সহায় কৰিবলৈ যাবলৈ অসমৰ্থ হ’ল৷ সেই ষড়যন্ত্ৰৰ বিষয়ে নিতান্তই অজ্ঞ অভিমন্যুৱে নাজানিলে চক্ৰবেহুৰ ভিতৰত তেওঁৰ বাবে নিৰ্ধাৰিত কৰি থোৱা আছে আসন্ন মৃত্যুৰ সুপৰিকল্পিত-সুসজ্জিত ৰঙ্গমঞ্চ৷
ঘূৰি চাই অভিমন্যুৱে দেখিলে, তেওঁৰ কাষত নিজৰ মানুহ কোনো নাই৷ বিশাল কুৰুক্ষেত্ৰৰ এটা অচিন প্ৰান্তত, দুৰ্ভেদ্য চক্ৰবেহুৰ মাজত অকলশৰীয়া হৈ পৰিল মহাযোদ্ধা অভিমন্যু৷ দ্ৰোণাচাৰ্য, কৃপাচাৰ্য, কৰ্ণ, অশ্বত্থামা, বৃহদ্বল আৰু কৃতবৰ্মাই চাৰিওফালৰপৰা আগুৰি ধৰিলে অভিমন্যুক৷ ছজন মহাৰথীৰ সামূহিক আক্ৰমণেও হঠাৎ তলাব নোৱাৰিলে তেওঁক৷ দৃশ্যটো দেখি এনে লাগিল যেন শৃগালৰ গৰ্তত প্ৰৱেশ কৰা এটা দুৰ্দান্ত সিংহক শৃগালৰ এটা দলে সমবেত আক্ৰমণ কৰিছে; আৰু স্বভাৱজাত সাহস আৰু বীৰত্বৰে সিংহই শৃগালৰ ওপৰত ভয়াবহ প্ৰত্যাক্ৰমণ কৰিছে৷ ঘোৰ অন্যায়ৰ সংঘবদ্ধ আক্ৰমণত এটা সময়ত অভিমন্যু হৈ পৰিল ধনুহীন, ৰথশূন্য আৰু সাৰথিবিহীন৷ প্ৰতিজন মহাৰথীৰ জাউৰি জাউৰি শৰ- বৰ্ষণতো ক্লান্ত নহ’ল অভিমন্যু৷ ভীষণ পৰাক্ৰমেৰে তেওঁ ঢাল আৰু তৰোৱালেৰে যুদ্ধ কৰিবলৈ ধৰিলে৷ সেয়াও দ্ৰোণাচাৰ্য আৰু কৰ্ণই নষ্ট কৰি পেলোৱাত, ৰথৰ চক্ৰ এটাকেই উলিয়াই আঙুলিৰ মূৰত ৰাখি বিজুলী বেগেৰে ঘূৰাবলৈ লাগিল৷ অসংখ্য শত্ৰুৰ মৃত্যু হ’ল তেওঁৰ পৰাক্ৰমত৷ অৱশেষত সেই চক্ৰটোও শৰেৰে নষ্ট কৰি পেলোৱাত অভিমন্যুৱে ৰথৰপৰা গদাটো উলিয়াই ল’লে৷ গভীৰ পানীত ডুবিবলৈ ধৰা মানুহে খেৰকূটা এডালকে আশ্ৰয় কৰি লোৱাৰ দৰেই অভিমন্যুৱে শেষ অস্ত্ৰ গদাটোকে আশ্ৰয় কৰি ল’লে৷ তেওঁ গদাটো লৈ প্ৰচণ্ড পৰাক্ৰমেৰে ৰথীকেইজনৰফালে চোঁচা ল’লে৷
ইতিমধ্যেই সংঘবদ্ধ আক্ৰমণত অভিমন্যু ক্লান্ত হৈ পৰিছিল৷ এইবাৰ তেওঁক আক্ৰমণ কৰিলে গদায়ুদ্ধত নিপুণ দুঃশাসনৰ পুতেকে৷ দুযোৰে গদাযুদ্ধত ঘঁহনি খাই জুইৰ ফিৰিঙতি ওলাল৷ এবাৰ পৰস্পৰৰ গদাৰ কোবত দুয়োজন মাটিতো লুটি খাই পৰিল৷ চৌদিশৰ অসংখ্য বীৰৰ লগত যুদ্ধ কৰি ভাগৰি পৰা অকলশৰীয়া অভিমন্যু উঠিবলৈ লওঁতেই দুঃশাসনৰ পুত্ৰই অভিমন্যুৰ মূৰত প্ৰচণ্ড কোব সোধালে৷ ৰণক্লান্ত অভিমন্যু শেষবাৰৰ বাবে মাটিত বাগৰি পৰিল৷ যেন পাৰাপাৰহীন গভীৰ সমুদ্ৰত জলদস্যুৰ প্ৰকাণ্ড প্ৰকাণ্ড জাহাজৰ লগত অকলশৰে যুঁজ দি অৱশ হৈ পৰা এক বিশাল জাহাজ অৱশেষত এখন টুলুঙা নাওঁৰ খুন্দাতে বিধ্বস্ত হৈ পৰিল৷ অনেক মহান মানুহৰ মৃত্যুৰ দৰেই অৰ্জুন-পুত্ৰ মহাৰথী অভিমন্যুৰ মৃত্যু ঘটিল দুঃশাসনৰ পুতেকৰ দৰে এটা অজ্ঞাত বীৰৰ হাতত৷
অভিমন্যুৰ শেষ- যাত্ৰাত ভাগ লৈ কৃত্ৰিম বিননি জোৰা দুৰ্যোধন নিজৰ দলৰ সহিতে নিজৰ ছাউনী অভিমুখে ওলাবলৈ উদ্যত হওঁতেই এজন চোৰাংচোৱাই তেওঁক বাতৰি দিলেহি- হস্তিনাপুৰৰ প্ৰজাৰ নিৰৱচ্ছিন্ন সোঁত বৈছে কুৰুক্ষেত্ৰ আৰু ৰাজপ্ৰাসাদলৈ৷ তেওঁৰ মাতটো কঁপিছে। কি? ভুল তথ্যৰে মোক সন্ত্ৰস্ত নকৰিবা৷ ভালকৈ খবৰ লোৱা, তৎক্ষণাৎ জনোৱা মোক৷’
অলপ ৰৈ দুৰ্যোধন লাহে লাহে বাহিৰলৈ ওলাবলৈ চেষ্টা কৰিলে৷ বাহিৰত নেদেখুৱালেও ভিতৰেদি ভয় আৰু শংকাৰ এক অদমনীয় প্ৰৱাহে জোকাৰি গ’ল দুৰ্যোধনক৷ সাৱধানে, মন্থৰ গতিৰে তেওঁৰ লগতে কৌৰৱ- পক্ষৰ দলটো বাহিৰ ওলাল৷
চোৰাংচোৱাই ভুল খবৰ দিয়া নাছিল; হস্তিনাপুৰৰ নিযুত জনতা আজি জাগি উঠিছে৷ তেওঁলোকৰ লানি নিছিগা ধাৰত কঁপি উঠিছে হস্তিনাপুৰৰ ভূমি-বিশাল হস্তিনাপুৰৰ একছত্ৰী সম্ৰাটৰ সুদৃঢ় ৰাজদণ্ড৷ হতবাক দুৰ্যোধনে বাহিৰলৈ আহি দেখিলে হস্তিনাপুৰৰ নিযুত জনতা তেওঁলোকৰ ফালেই আগবাঢ়ি আহিছে৷ প্ৰতিজনৰ হাতত একো একোডাল জ্বলন্ত বহ্নিশিখা৷ পৰম বিস্ময়েৰে তেওঁ দেখিলে সেই অগ্নিশিখা ধাৰণ কৰা সেয়া একো একোজন জীৱন্ত অভিমন্যু৷ অগ্নিশিখাৰ সিপাৰৰ প্ৰতিযোৰ চকুত দাও দাওকৈ জ্বলি উঠিছে খং, ক্ষোভ আৰু প্ৰতিবাদৰ দাবানল৷
আগবাঢ়ি আহি থকা প্ৰতিজন অভিমন্যুৱে যেন সমস্বৰে চিঞৰি উঠিছে, ‘আমাক ন্যায় লাগে; আমাক ন্যায় দিয়া৷ আমি ন্যায় পাবই লাগিব৷’
জনগণৰ নিৰৱচ্ছিন্ন সমদলটো ক্ৰমাৎ আগবাঢ়ি আহি থাকিল৷ দুৰ্যোধনহঁতৰ ফালে; হস্তিনাপুৰৰ বিশাল ৰাজপ্ৰাসাদৰ ফালে৷
ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰৰ এই মহাৰণ আগতীয়াকৈয়ে শেষ হৈ যাব নেকি বাৰু!
ফোন: ৯৪৩৫১০৮৫৪৯



