অম্বিকা

✍ পাপৰি বৰ্মন

: ‘মই নোহোৱাকে চলিব পাৰিবনে দুদিনমান ? ঘৰলৈ গৈ আহো এবাৰ, চাহকাপ আগবঢ়াই দি সোধো-নোসোধোকৈ কথাটো সুধিলে তাই ৷ যাওঁ যাওঁ বুলি দেখোন যাব পৰা নাই ৷ নগ’লে নহ’ব এইবাৰ৷ ইমান কষ্টৰে পতা ঘৰ এখন এইভাবে এৰা নাযায় ৷
তাইৰ মুখলৈ নোচোৱাকৈয়ে কাপটো তুলি ল’লে তেওঁ— ‘তালৈ কিয় যাব লাগে তুমি ? এইখন কি তোমাৰ নিজৰ ঘৰ নহয় ?’
: হয়, কোনে কৈছে নহয় বুলি৷ হয় গতিকেতো অনুমতি লৈছো মই৷ দুদিনমান ঘৰখন চম্ভালক আপুনি|
: দুদিনমান ?— উচপ খাই উঠিল তেওঁ ৷

অঁতো ৷

: পাৰিলে পৰহিলৈ পুৱাই যাম৷ কওক, চলিব পাৰিবনে আপুনি মই নোহোৱাকে ?
: নগ’লে নহয় নে? মাৰ অৱস্থাটো দেখিছাই নহয়৷ মই মাকে চম্ভালিম নে অফিচেই কৰিম ?

মুখ ফুটাই নক’লে তাই ৷ ইমান দিনে চম্ভালি চম্ভালিয়েচোন জীৱন কটা হৈছে৷ পাকঘৰলৈ উঠি যাওঁতেই শাহুৱেকৰ কোঠাৰ পৰ্দাখন চকুত পৰিল ৷ বেছিকৈ কঁপিছে৷ কি বা হৈছে, তাই সোমাই গ’ল ৷ লাঠিডালৰ আগটো লাগিল গাত ৷ তেতিয়াও শাহুৱেকে লৰাই আছে সেই ডাল ৷ তাইয়ে আনি দিছিল ৷ এনে মানুহৰ হাতত এডাল লাখুটি থকা ভাল ৷ বিছনাত পৰি থাকিল বুলি নিদিয়াৰ কথাটোটো নাই ৷ লাখুটিৰে কাম নচলিব বুলি জানিয়ে লাঠিডাল আনি দিছিল যতনাই ৷ পুতেকৰ তেতিয়া দুৰ্ঘোৰ আপত্তি ৷ চকুত লাগিব পাৰে৷ অথবা ডিঙিত৷ নেদেখিব পাৰে পৰ্দাখন কঁপা কোনোৱে ৷ আৰু কত কি কথা, পাতিব লাগিলে এদফা ৷

তাইৰো যুক্তি ভাল৷ হ’ল বুলিনো আয়ে একেটা চুইচকে টিপি থাকিবনে সদায় সদায়৷ তেওঁৰো মন এটা যাব পাৰে, লাখুটি এডাল ধৰিবলে ৷ বিছনাত পৰি থাকিল বুলি তাৰো যোগ্য নহ’বনে৷ সেয়ে সেইডাল আনি দি শাহুৱেকৰ ওচৰলৈ গৈ কৈ উঠিছিল তাই— আই, অ’ আই৷ এইডাল লৰাই দিলে যদি কোনোৱে নেদেখে কঁপনিটো পৰ্দাৰ, তেতিয়া জোৰে জোৰে এই চুইচটো টিপিবলে নাপাহৰিব দিয়ক ৷

পাহৰিবলৈ আইৰ মনত একো নোসোমোল ৷ কিন্তু তাই দিয়া লাঠিডালত হাত লাগিল আইৰ৷ বৰ যতনেৰে তাই আইক মুঠি মাৰিবলৈ শিকায়৷ এনে বেমাৰীৰ লগত সময় কটাই লাভ নাই ৷ তথাপি নাভাগৰে তাই৷ হেমতকৈ আইৰ অন্ততঃ আগ্ৰহ এটি আছে, বাচিবলে ৷
নাৰ্ছগৰাকী নাহিল দেখোন আজি; প্ৰায়ে তেনে হয়৷ নাহে ৷ ফোন কৰিলেও নানানটা অজুহাতৰ সীমা-সংখ্যা নাথাকে৷ মানুহবোৰ পুৰণি হ’লে কামত বেছি ফাঁকি মাৰে ৷ দুই-এবাৰ কথাটো উলিয়াই চাইছিল৷ বিচাৰিছিলো বেলেগ এগৰাকীক৷ পাছে সুবিধামতে নিমিলিল৷ ‘মাজে-মধ্যে যিহেতু ডাক্তৰ আহিয়ে থাকে সেই গতিকে নোপোৱালৈকে এইৰে কাম চলাব লাগিব বুলি অৱশেষত তেওঁ মানি ল’লে ৷ কেতিয়াবা যে ইমান বিৰক্তিৰে সময় কটায; ঘনে-প্ৰতি হাতঘড়ীটোলৈ চাই থাকে৷ ক’লৈ বা যাবলৈ ইমান উচ্‌পিচখন কৰে; এবাৰো নাভাবেনে যে আইৰ নিমিত্তেহে কামত সোমাইছে ৷ এদিনতো বেয়াকৈ কৈ উঠিছিল অম্বিকাই— আপুনি নাৰ্ছ নহয় যেন ডাক্তৰহে ৷ যিহে ইচাট-বিচাটকৈ থাকে ৷ এনেয়েতো আমাৰ ঘৰলৈ নাহে !
: নহয় বাইদেউ, নহয়৷ কথাটো আপুনি ভবাৰ দৰে নহয় ৷ মই কম ৰ’ব আপোনাক ৷
তাইক দেখি আয়ে হাত-বাউলি মাতিছে ৷ দৰকাৰ আছে৷ নহ’লে এনেকুৱাখন নকৰে দেখো আগে ! আগুৱাই গ’ল তাই ৷ নোসোধাকৈ নাথাকিল হৈছে কি ৷
কিবা এটা বুজাবলৈ বিচাৰিছে ৷ নুবুজি তাই আইৰ হাতখনকে ধৰি ল’লে৷ ক্ষীণ হাতখনত ধৰি চালে আৰু বেছি লেহুকা লাগে ৷ অলপ পানী খুৱাবলৈ বিচাৰিলে ৷ নাখানে আয়ে ৷ তাইৰ ফোঁটটোলৈ আঙুলি টোঁৱালে ৷ কি বুজি জানো তাই ‘হেৰি শুনকচোন৷ শুনক৷ আয়ে মাতিছে আপোনাক’ বুলি ডাঙৰ ডাঙৰকৈ চিঞৰিলে ৷

: কি হ’ল ? মূৰটো মচি মচি সোমাই আহিল তেওঁ ৷
: আয়ে কিবা এটা বুজাবলৈ বিচাৰিছে ৷ আপুনি বুজিব পাৰে৷ বুজকচোন নহ’লে ৷

: ‘হাৰে, কেনেকৈ বুজিম মই ? এনেয়ে অফিচলৈ পলম হৈছে৷ ওলাব লাগে৷ আহি বুজি থাকিম ৷’ আয়ে তাইলৈ চাই ৰৈছে ৷ তাই মতে আইৰ কোটৰত সোমোৱা চকুহালি আইৰ লিচু গুটি হেন পায়৷ যদিও শুকাইছে, আয়তাকাৰ হৈ পৰি ৰৈছে ৷ চকুহালিতে ধৰিব পাৰি ৷ গাভৰুকালৰ আই বৰ সুন্দৰী ৷ তাই ঘৰলৈ অহাৰ দিনাখনেই মাহীয়েকে কৈছিল, ‘আমাৰ বাইক তুমি আই বুলবা দে ৷ তেহে যদি আইৰ মন ভৰে৷’ হাৰিভাঙাৰ ফালৰ আমাৰ মানহুই মাকক আই বোলে ৷ মাকথেৰ জেগাৰ মাত-কথাগিলা শুইনলি বাই কিজানি আফিৰ হ’লিও ভাল হৈ উঠে !

তাই এইখন ঘৰলৈ অহাৰ মূল উদ্দেশ্যই হ’ল এইগৰাকী মানুহ ৷ যতন নলৈ পাৰেনে বাৰু ! তায়ো হকে-বিহকে ‘আই, আই’ বোলে৷ দেখে, পহিলাতে একো এটা ভালকৈ নাখাইছিল আয়ে ৷ বিলেকাই যিহে থেপথেপিয়াকৈ শাক-পাতসোপা দিছিল সিজাই ৷ মুখৰ আগতে এদিন ‘গৰুৰ দানাও অলপ ভাল’ বুলি কৈ উঠিছিল তাই ৷ বিলে কাৰ গাতো দোষ নাই ৷ মতা মানুহ ৷ কোৰ ধৰাটো হেতা লৰোৱাতকৈ উজু যিহেতু ৷ তাই আহি গোটেই ৰুটিনখনেই দিছিল সলাই ৷ পুৱা, দুপৰীয়া, গধূলি; তিনি টাইম ভাগে ভাগে দাইলৰ পানী, সিজোৱা মাকৈ, ফলৰ ৰস আদি ৷ আয়ে আগ্ৰহেৰে খাইছিল ৷ বিলেকাইয়ো ৰাহি হোৱা সময়খিনি আইৰ ওচৰতে কটাই দিছিল৷ নেৰা বেমাৰৰ লগৰী আই ৷ আইৰ লগৰ আকাল নাই ৷

: ‘অম্বিকা’ ৷
মাহীয়েকৰ মাত দেখোন এয়া !
: ধূনাৰ মলাটো বিলেকাৰ হাতত দি আগবাঢ়িল তাই— ‘অ’ মাহী দেখোন, আহক, আহক ৷’
তাই পৰ্দাখন গুচাই দিলে ৷ মাহীয়েক সোমাই আহিল ৷ ধূনাৰ সুবাসটো ভাল লাগে ৷ আকাশত এটি-দুটি তৰা ফুটিছে ৷ শেষ শৰতৰ চেঁচা ভাব এটাই সন্ধ্যাটোক আগুৰিছে ৷

: বাইৰ গা বেয়া হৈছি বোলে ৷ আমাৰ এওঁ ভাইতবেলাহে কৈছি কথাটো ৷ শুনিয়ে ৰ’বা নললু আৰ৷ গুচি আইলু ৷

: ভালেই কৰিলে দিয়ক আহি ৷ বৰ ভাল পালো আপুনি অহাই ৷ থাকিব নহয় দুদিনমান ৷ পাছে মহাই কেনেকৈ গম পালেনো ? আমাৰ এওঁ কৈছে নেকি কথাটো ?

: নহয় নহয়৷ ই বিলে (ইফাল-সিফালে চাই) কৈছি ৷ কত গেল বিলে ? বিলে —

মাহীয়েক আহিলে তাই ভাল পায় ৷ শাহুৱেকেও দুবাতি চুপ সৰহকৈ খায় ৷ দাঙি দাঙি পাছে বিলেৰহে হাত বিষায় ৷ এইখিনিতে চকীখন পাতিব ৷ বহুওৱা হল কি নহল বায়েকক, যাব তালৈ ৷ অকণ বহুৱাব আৰু চিঞৰিব— বিলে, অ বিলে৷ ধৰচোন বাইক ৷ সৌ তাত বহি বোলে আকাশখন চায় ৷
যত সব এনে কোৱা কথা৷ আকাশলৈ আইৰ মতি-গতি নাই ৷ বিলে কাই দাঙি ল’লে, বাহুটোত ধৰি তেওঁৰ বুকুত সোমায় ৷ চকুহালি জিলিকিছে নেকি তাইৰ দেখা নাযায় ৷
: ‘সৰু ছলিৰ দৰে কোলাত উঠছি আমাৰ বায়ে মাহীয়েকৰ কথাত ‘মোক ভাৰা দিব লাগিব কিন্তু বুলি কৈ কৈ ফূৰ্তিত ইফালৰ পৰা সিফালে কোলাত দাঙি দাঙি বিলে কাই আইক ফুৰায় ৷ ভাগৰ লাগিলে এবাৰ-দুবাৰ ৰৈ আইৰ মুখলৈ চায় ৷

: বিলে কাৰ কোলাত উঠি আয়ে ফূৰ্তি পায় ৷ অ’ মাহী, আই ফূৰ্তিত থকা কথাটো দেখোন বুজিব পাৰে আপুনি ৷

মাহীয়েকে নিজে বুজিলে ভাল ৷ ভুলকৈ বুজাই তাই জগৰ লগাবলৈ নাই ৷ আইক কোঁচত লৈ বিলে কাই ফুলপাতবোৰ দেখুৱায় ৷ ৰ’দ পৰি তাৰ পাহুৱাল বাহুটো আৰু বেছি তাম-বৰণীয়া পৰে ৷ এনে বাহু আজিকালি দেখা নাযায় ৷ কোনেনো কাঠ ফালি, কোৰ মাৰি বাহু বনায় ৷ বিলে কাইয়ো এই কামবোৰ নকৰে৷ আগে কৰিছিল যদিও নাজানে অম্বিকাই ৷ আজিকালি তেওঁ কেৱল চৌহদ চম্ভালে ৷ আইক দাঙে ৷ তাই অহাৰ আগতে পাগঘৰ চম্ভালিছিল ৷ এতিয়া সেইবোৰৰ পৰা তেওঁ আজৰি ৷ কাচিৎ তাই ‘নোৱাৰা’ হ’লেহে বিলে কাৰ পাল পৰে ৷ মানুহজন বৰ চিকচাক ৷ তাইৰ হাতে সেইকেইদিন নাখায় ৷
বিলে কাই আইক দাঙি লৈ ফুৰিছে ৷ ইফাল-সিফাল ৷ মাহী পিছে পিছে গৈছে ৷ ফুলপাতবোৰৰ ৰহণ-চহনলৈ চাই গুণ বখানি আছে ৷ যতন কোনে লৈছে এবাৰো নুসুধিলে৷ জানে চাগে’ ৷ আইলৈ মন কৰিলে তাই ৷ মনটো কিবা লাগি আহিল ৷ সিদিনাখন দেখাটো ভ্ৰম নাছিল তেনেহ’লে ৷ একে বাহু ৷ বালবৰ পোহৰত কমকৈ জিলিকিছিল কিন্তু ৷ এতিয়া মাথোঁ ৰ’দ পৰি পেশীবোৰ মৰাপাটৰ ৰছীৰ দৰে টান হৈছে ৷ বিলে কাৰ চকুত চকু পৰোঁতে, চকুহালি নমালে অম্বিকাই এনে পৰিস্থিতিত পৰিলে তাইৰ সুধিবলৈ মন যায়, ‘বিলে কা, আপোনাৰ কি আইলৈ অকণো সন্মান নাই ’

: বহকচোন, বহক অলপ৷ ভাগৰ লাগিছে বৰ ৷— আইক চকীখনত বহুৱাই দি গামোছাৰে মুখখন মোহাৰিলে তেওঁ ৷

পুৱাৰ ৰ’দত আইক কম বেমাৰী হেন লাগিছে ৷ মাহী আগবাঢ়ি গৈছে৷ হাতত ফণিখন ৷ ঠেং ওলোমাই বিলে কাই বাৰাণ্ডাত বহিছে ৷ হঠাৎ সুধি দিলে তেওঁ ৰাতি আইৰ ভালকৈ টোপনি আহেনে নাই ?
বিলে কাৰ চাৱনিটো এনেকুৱা, ‘তেওঁ কি টোপনি-ৰখীয়া ৷

: নাজানো নহয় মই ৷
‘ফাঁকি মাৰিব আহে ৷ নাজানিব ৷ হাতে-লোতে ধৰা পৰাৰ পাছতো সৈ নলয় (চাকৰৰ জাত) ৷’ তাই মনত ভাবিলে ৷

: আহিল তেওঁ ‘অম্বিকা’৷

: ইমান সোনকালে যে ? অফিচ এৰিব পাৰিলে আজি ?
: মাহী থকাই গুচি আহিলো ৷ যাবই নহয় আবেলি !

‘কি ?’- শব্দটো ডিঙি ফুটি নোলাল ৷ আজিলৈ তাইৰ বাবেতো এনেদৰে আহি পোৱা নাই ৷ নাহিবৰে কথা ৷ তাই কেৱল আই-ৰখীয়া ৷ কৈ দিব নেকি এতিয়া ! ভাবি থাকক সিহঁতে৷ নষ্ট হওক সিহঁতৰো দূপৰৰ জিৰণি ৷ তাই খোজটো আগবঢ়াইছিলহে মাথোঁ ‘শুনকচোন আপুনি ৷ কথা এটা আছে৷ ভুল নুবুজে যদি কওঁ নহ’লে বুলি ক’বলৈ ৷’

তেনেতে আইক আৰু দাঙিব লগা হ’লেই নহয় ৷ তাত নবহে বোলে ৷ ডিঙিটো জোকাৰি আছে৷ ৰ’দ পৰিছে ৷
: বিলে কা, বিলে কা— জোৰে জোৰে চিঞৰি দিছে তেওঁ ৷
তাই পাছ হুঁহুকিলে ৷ এনেয়ো তেওঁৰ শ্লীপ ডিস্কৰ প্ৰ’ব্লেম ৷ ওজন দাঙিব নোৱাৰে ৷ কিমাননো ওজনৰ আই বিলে আহিল ? ৰ’দ পৰি বিলেকাৰ বাহু দুটা আটিল হৈছে ৷ আইক দাঙি লওঁতে আৰু বেছি টনটনীয়া লাগিছে ৷
মগজটো যে কেনেকৈ হঠাৎ উৰি যায় ! বিলে কা নহ’লে আইক দাঙিব কোনে ৷ স্বাৰ্থ আছে ৷ সেয়ে একো নক’লে ৷ আৰু বেছি ভাবিবলৈও ভাগৰ লাগে ৷ এবাৰ ঘৰলৈ গৈ আহিব পাৰিলে মনৰ বেমেজালিটো কিজানি কমেয়ে ৷ হেমক অনুভৱ কৰিবলৈ তাইকতো নিৰলে অকণ জেগা লাগে ৷ ঘনে প্ৰতি আহি থকা মনৰ ভাবটোক, সন্মুখত নিজৰ মানুহজনক দেখিলে, জোঁকাৰি দিয়ে ৷

: ‘অম্বিকা’— তেওঁৰ মাতত সেপ ঢুকিলে তাই ৷ ক’ৰ কি যে ভাবি থাকে নহয ৷ হেম নোহোৱা হোৱাৰ আধা-যুগেই হ’ল ৷
: অম্বিকা শুনা ৷ দৰকাৰী কথা এটা আছে ৷ ভুল নুবুজিলেই হ’ল তুমি ৷
ভুল বুজিবলগীয়াকৈনো ঘটিল কি ! আগে দেখোন তেৱোঁ তেনেকুৱাখন নকৰে ৷ কিবা বুজিলে চাগে’! মাজতে মাহীয়েকে মাতষাৰ লগালে— কিনকে বুইজবা বাইক ? মাতটোও ন’হ কৰছি গঁহই ৷ দেহাটোতো তুহুনে ৰাইখছ ৷ (ভাগিনীয়েকলৈ চাই) বাপা, ঘৰখান এৰা দিগদাৰ নহ’লি ময়ে থাকইলু হয় দে দুদিনমানৰ লেগিন ৷
ঘৰ এৰা দিগদাৰ যদি এটা ৰাতিৰ বাবে আহিছিলনো কিয় ? ফুৰিবলে ? থকা হ’লে তায়ো গৈ আহিব পাৰিলে হয় ৷ এতিয়া যাব কিদৰে ! তেওঁতো একে-আষাৰতে নোৱাৰো বুলিয়ে কৈ দিলে৷
গোমা আকাশখনলৈ চাই তাইৰ মনটো আৰু বেছি বেয়া হৈ আহে৷ মাজতে হেমহঁতৰ ঘৰৰ পৰাও মেচেজ আহিছিল৷ তাৰ সকামটো অহা সপ্তাহত পৰিছে৷ ডাঙৰকৈ পাতিব৷ পাৰিলে তাই এবাৰ গৈ আহিব লাগে৷ যাবতো লাগিছিলে৷ আইৰ বাবেহে পিছুৱালে৷ এইবাৰ ঘৰলৈ গ’লে চাবিপাত একেবাৰে দি থৈ আহিব৷ আগৰ বাৰো যাচিছিল৷ নল’লে সিহঁতে৷ এইবাৰ বুজাই ক’ব৷ এইখিনি সহায় নকৰিলে ঘৰ গুচি হাবি হ’ব৷
গ’ল তেনেকৈ দুদিন গুচি৷ ঘৰলৈ যোৱাতো বাদ পৰিল৷ চকীখনত আঁউজি বহিল৷ বেলাভাটীৰ আকাশত চকু পৰিল৷ মেঘৰ ভৰত ফুটো ফুটো বৰষুণৰ পানী৷ পশ্চিমৰ আকাশখনত আজি অভিমান লম্ভিল৷ পৰিৱেশতো ভাল লাগি আহিছিলহে, তেনেতে চক খাই উঠিল৷ ইমান জোৰে জোৰে ‘মা, মা’কৈ চিঞৰিছেক্ক হৈছে কি ?

লৱৰি যাওঁতেই দৰ্জাখনত এক খুন্দা খালে৷ আস্‌ ভৰিখনত বেয়াকৈ দুখ পালে ৷ তথাপি নৰ’ল তাই ৷ লেকেচিয়াই লেকেচিয়াই আগবাঢ়িল ৷ মূৰ ঘূৰালে নে চৰ্চৰণি খালে বা ! আইৰ এনেহেন অৱস্থাত তাই কাষত নাই ৷ ইচ্‌, কিহে পাইছিল তাইক বাৰাণ্ডাত বহিবলে ৷

বিলে কাই আইৰ মূৰত এচলু পানী দি, ফুৱাই আছে ৷ পুতেকে হাত-ভৰি মোহাৰি ‘মা মা’ কৈ মাতিছে ৷ তাই ঢোক গিলিলে ৷ ভুল হোৱা নাছিলতো ঔষধটো খুৱাঁওতে ৷ এপাকত বিলে কাই ‘দাঙি দেও ৰ’বা ৷ দাঙি দেও’ বুলি কৈ আইক কোঁচত তুলি লৈছে ৷ খিৰিকীখনৰ ওচৰ পাইছে ৷ পুতেকৰ খোজ পাছে পাছে ৷ ডাঙৰ কোঠাটো যেন আৰু বেছিকৈ বহলি গৈছে ৷ পৰি যাব বুলি তাই আইৰ বিছনাখনতে বহি দিলে ৷ দুখ পোৱা ভৰিখনৰ পৰা তেজ ওলাইছে ৷ দাগ লগা মজিয়াখনলৈ চালে অম্বিকাই ৷ তেজৰ বৰণটো টাইলচত বেছিকৈ জিলিকিছে ৷ ভৰিখনত টিপা মাৰি ধৰিবলৈ হাওলিছিলহে, তেনেতে কাষত তেওঁ— ‘জানা, অম্বিকা ৷ আইক মাতি মাতি উঠাবয়ে পৰা নাছিলো নহয় ৷ ডাক্তৰক মাতিছো ৰ’বা ৷ আহিব এতিয়া ৷ নাৰ্ছটো নাহিল নেকি আজি ? এইক যে সঁচাকৈ বাদ দিব লাগিব ৷ তেহে মজা পাব ৷’

হাউলি থকাৰ পৰা মূৰটো দাঙিলে তাই ৷ পোন হৈছে ৷ থিয় দিছে ৷ কথাখিনি ক’বলৈ বিচাৰিছে ৷ আগতে জুঁকিয়াই নল’লে ভুল হ’ব পাৰে বুলি অলপ পৰ ৰৈছে ৷

: কৈছিল নাহে বুলি৷ গা বেয়া বোলে ৷ ঔষধ পাতিখিনি দেখোন ময়ে খুৱাই দিছিলো ৷ ভুল হ’বতো নালাগে ! ৰঙা চাহ একাপ আনি দিওঁ, ৰ’ব ৷ আয়ে খাই ভাল পাব ৷

ঘামি উঠে অম্বিকা ৷ পলাব পাৰিলেই ৰক্ষা পৰে ৷ দুখ পোৱা জেগাখিনিক আপডালৰ আৰু প্ৰয়োজন নাথাকে ৷ মূৰটো গৰম হৈ থাকে তাইৰ ৷ ভুল হৈ গ’ল নেকি ঔষধটো খুৱাওতে ! লৰালৰিৰ কোবত ইফাল-সিফাল হৈছে যদি ! বাৰে-পতি মুখখন মচি থাকে ৷
ডাক্তৰ আহিল ৷ গ’ল৷ ভুল হোৱা নাই৷ চালে ভালকৈ ৷
চাহকাপ হাতত লৈ তাই ‘আই, আই’ কৈ জোৰে জোৰে মাতিলে ৷ নাচালে আয়ে ৷ তেনেতে নাৰ্ছজনীও লৰি-ধাপৰি সোমাই আহিল— আই, অ’ আই ৷ মই নহ’লে আপোনাক বেমাৰে পায়৷ ৰ’ব, ৰ’ব৷ ভৰিখন পিটিকি দিওঁ, ৰ’ব ৷

নাৰ্ছজনীলৈ চাই অম্বিকাই নিজৰ হাতখন আগুৱাই দিলে ৷ প্ৰেছাৰটো জুখিব লাগে ৷ ‘ঠিকে আছে’ বুলি কৈ তায়ো গুচি গৈছে ৷ মূৰ বেয়া লগাটো মিছা তেনেহ’লে ৷ কোঠাটোত এতিয়া শাহুৱেক-বোৱাৰীয়েক অকলে৷ ভয়ত তাই বেঙা হৈ গৈছে ৷ কিয় এনে লাগিছে, এক চৰ দি যদি আয়ে ‘বুজা, মোক বুজা’ বুলি কৈ উঠে তাইক ৷

পাকঘৰৰ পৰা হুইছেলৰ শব্দ আহিছে ৷ তিনিটা চিটিত কুকাৰটো বন্ধ হ’ব লাগে ৷ পাহৰিব নালাগে দেখোন ৷ পুৰণি কুকাৰ ৷ নিশাৰ সাঁজ আজি বিলে কাই ৰান্ধিছে ৷ ৰান্ধক৷ দেৱাল ঘড়ীটোত দহ বজাৰ ঘণ্টা পৰিছে ৷ মানুহজনে নিউজ চাই আছে ৷ দুয়োটা আৱাজ একেলগ হৈ তাইৰ মূৰত ধৰিছে ৷ খেলিমেলি কোনটো আচলতে৷ চিন্তা কৰি কৰি তাই তৎ নোপোৱা হৈছে ৷ আইৰ কাষত অলপ পৰ বহিবলৈ বিচাৰে ৷ কোঠাটোৰ মতি-গতি লক্ষ্য কৰিলে ৷ একে আছে ৷ মাথোঁ আলনাখনত কাপোৰ এখন কমিছে৷ চকু ঘূৰাই তাই আইলৈ চালে ৷ থহ থহ কৈ চকুহালি মেলি আয়ে তাইৰ ফালে ইমানকৈ কি চাইছে !যিহে যত্ন লৈছে সকলোৱে, ভাল হৈ নুঠাটোহে ডাঙৰ কথা হ’ব লাগে ৷ আইৰ চকুহালি ক্ৰমান্বয়ে বহলি গৈছে ৷ উঠিবলৈ লওঁতে দেখে তাই, বিলে কা তাইৰ পিছফালে ৷

: আপুনি ? — কি ক’ব ভাবি নাপাই হঠাৎ ওলাল এষাৰি মাত ৷ কি যে সোধে নহয় অম্বিকাই ৷ বিলে কাক আইৰ ওচৰত আহিবলৈ পাৰমিচনৰ দৰকাৰ নাই ৷ সুধিয়ে তাই কোঠাটোৰ পৰা বাহিৰ ওলাল ৷
এপাকত উভতি আহি তাই আইৰ বিছনাখনলৈ চালে ৷ আইৰ ভাবলেশহীন মুখখন গাৰুটোৰ ওপৰত একেধৰণে আছে৷ খৰিকাঁজাই ফুল হেন তাহানিৰ শুৱনি মানুহজনীৰ ৰূপৰ চিটিকনি আজিও বিৰাজমান ৷ বিলে কাই মূঢ়াটোত বহি ইমানকৈ কি চাইছে ৷ আইৰ বুকুখন ঢকা আছে ৷ বিলে কাৰ চকু বুকুত নাই ৷ পৰ্দাখন দাঙি এখোজ-দুখোজকৈ আগবাঢ়িল তাই আপোনালোক দুয়ো ভাত খাওক গৈ ৷ মই আইক খুৱাই উঠি খাম ৷

: ‘অ’— বিলে কাৰ কঁপা মাত ৷

: আই, আই— মাতে তাই ৷ বিলে কা আঁতৰি যায় ৷

বিছনাত পৰি থকা আইক আধা-ঘাটি চাউলৰ বস্তাটো হেন পায় ৷ খোৱাৰূমৰ পৰা ডাঙৰ ডাঙৰ মাতেৰে তেওঁ ‘অম্বিকা, অ’ অম্বিকা ৷ তুমি অহাৰ পৰাই ফৰকাল মা ৷ সেয়ে ঘৰলৈ যোৱাৰ নাম আৰু নল’বা ৷ তুমি যাবা বুলিয়ে মায়ে তেনেখন কৰিছে জানা ৷’ বুলি অনৰ্গল কৈ গৈছে ৷ কৰিবতো নালাগে তেনে ৷ এৰাতি বা দুৰাতিৰ বাবেহে তাই আঁতৰে৷ বহুবাৰতো দিনতয়াকৈ গৈয়ো উভতি আহিছিল৷ ঘৰখনৰ অত বনতো তাই প্ৰমাদ নগণে, আইৰ কিবা এটা হোৱা দেখিলে যিভাবে মন মৰি যায় ৷ কপালখন মোহাৰি দিলেও আজিকালি সঁহাৰি কমকৈ পায় ৷ তাইক বেয়া পালে তাৰমানে ৷

দুখ পোৱা ভৰিখনৰ বিষটো বাঢ়ি আহিল, কলিজালে ৷ বিছনাখনলৈ যাব পাৰিলে ৰক্ষা পৰে ৷ সিকাতি হৈ গাৰুত মুখ গুঁজি পৰি থাকিলেই হল ৷ টোপনিতে তেওঁ নাক বজাব ৷ তাই সাৰ পাই উঠিব ৷ দুবাৰ তেওঁক মাতিব৷ উঠা, উঠা৷ নাকৰ ঘোৰঘোৰণি বন্ধ হ’লে পুনৰ শুবলৈ চেষ্টা কৰিব ৷ দুদিনমান বেলেগ এটা ৰূমত শুই চাইছিল অম্বিকাই ৷ পাছদিনাখন পুৱাই ঘৰ মচি মচি ৰীতাই হাঁহিছিল তাইক— ‘ছাৰৰ লগত কিবা কাজিয়া লাগিলি হ’ব পায় ৷’
যিহে লেকচাৰ ! পাছে ৰীতা নহ’লে ঘৰ মচিব কোনে ? আৰু গিৰিয়েক ঘৈণীয়েক হ’লেতো একেলগে শুবয়ে লাগে ৷ কেতিয়াবা তেনেকুৱা হ’বওতো পাৰে !

আইনাৰ খিৰিকীখনেৰে জোনাক আহিছে ভিতৰলে ৷ তাইৰো মন এটি থাকে ৷ উঠি বহে৷ আশা নকৰাকৈ নাথাকে ৷ মানুহটোৱে এবাৰ গবা মাৰি ধৰা হ’লে, নাই নধৰে ৷ সেই গতিকেতো এই মানুহটোলৈ তাইৰ প্ৰেম নজন্মে ৷ শেষ শৰতৰ নিশাটোক নিশকতীয়া জাৰে আৱৰে ৷

উচাট মাৰি উঠি গৈ লাইটটো জ্বলাই দিলে অম্বিকাই ৷ বিৰক্তিৰে কৈ উঠিল তেওঁ— ‘কি যে কৰি থাকা নহয় তুমি ? লাইটটো নুমাই দিয়া ৷ টোপনি ধৰা নাই যদি বেলেগ ৰূমলৈ যোৱা ৷’

কি যে এক নিৰস মানুহৰ লগত সময় কটাইছে ৷ এৰিব পৰা হ’লে এৰি গুচি গ’ল হয় কাহানিবাতে৷ এনেহেন বেমেজালিত এতিয়া তেওঁক এৰি তাইনো কি সতে গংগাত স্নান কৰে ৷ আইক দেখিলে তাইৰ আধা-মৰা কলিজাটো কৰ্ফাল খাই পৰে ৷ আইৰ দৰেই শয্যাশয়ী আছিল হেম৷ যতনো এনেধৰণে ল’ব লাগিছিল৷ মাথোঁ হেমক দাঙি লৈ ফুৰিব পৰাকৈ অম্বিকাই লায়কৰ মানুহ এজন যোগাৰ কৰি দিব নোৱাৰিছিল ৷ তাৰো ৰ’দ পুৱাবলৈ মন এটা আছিল ৷ এনেয়ো বেমাৰী মানুহৰ গাত ৰ’দ অলপ পৰা ভাল ৷

বৰ জনাকহঁতে আগৰ পৰাই বেলেগে খাইছিল ৷ সীমাতে সম্পত্তিৰ ভাগ৷ সন্ধিয়া কেতিয়াবা পাক এটা মাৰি খবৰ ল’বলৈ গৈছিল৷ কেলধোপ-কেলধোপকৈ জী থকা হেমৰ নিমিত্তে অম্বিকাই আধাযুগ খেদাই দিছিল ৷ কত কথা পাতিছিল দুয়ো ৷ দুৱাৰখন মেলি একেলগে কত দিন আকাশ চাইছিল ৷ প্ৰকাণ্ড প্ৰকাণ্ড ডাৱৰৰ লাড়ুবোৰক লৈ দুয়োৰে সাধুৰ শেষ নহৈছিল ৷ ক’ব পৰালৈ হেমই কৈ গৈছিল ৷ তাই শুনিছিল৷ ক’ব নোৱাৰা হওঁতে তাই কৈছিল, হেমই শুনিছিল ৷ হাতখন লৰাই থাকিব পৰালৈকে তাইৰ চুলি, চকুত হাত বুলাই দিছিল ৷ ‘নোৱাৰা’ হওঁতে তাই ধৰিলে সি সঁহাৰি জনাইছিল ৷

ঠিক তেনে এটি ক্ষণতে তেওঁ আহিছিল হেমৰ ওচৰলৈ ৷ বন্ধু যিহেতু আহিবয়ে৷ ম’বাইলটো তুলি ধৰি এদিন হেমই কৰা মেচেজবোৰ দেখুৱাই দিছিল তাইক ৷ পুৰণি মেচেজ৷ হেমৰ জী থকাৰ ইচ্ছা সমূলি নাই ৷ হেম হেন বেমাৰী এটাৰ বাবে অম্বিকাৰ জীৱন বৰবাদ ৷ এতিয়া সি মৰি তাইক উদ্ধাৰ কৰিবলৈ বিচাৰে ৷

অম্বিকাই হুকহুকাই কান্দি দিছিল, ‘ক’ৰ কি মেচেজ দেখুৱাবলৈ আহে ? ক’লেই হ’ব নেকি? মৰিব নিদিও হেমক মই ৷’ আৰু শেষলৈ, একো এটা খাবলৈ মন নকৰিছিল হেমই ৷ ওঁঠটো টিপা মাৰি ধৰিছিল ৷

ভাই-শহুৰেকহঁতে বহুবাৰ কৈছিল তাইক, ‘আৰু চিকিৎসা কৰি লাভ নাই৷ অযথা খৰচ৷ ভাল নহ’ব সি৷ পুৰণি বেমাৰ ৷’ চিকিৎসা নকৰি কৰিব কি অম্বিকাই ৷ মৰিবলৈতো এৰি দিব নোৱাৰে ৷ যদি জানিছিলে ককায়েকহঁতে, বিয়ানো কিয় পাতি দিছিলে, গু-মূত ধুবলে !

গাঁৱত সঁচাকৈ এই কামৰ বাবে মানুহ পাবলৈ দিগদাৰ ৷ ধনৰ বলত চহৰত চলা দেখিছিল অম্বিকাই ৷ চহৰীয়া ছোৱালী তাই ৷ গাঁৱলৈ বিয়া হোৱাৰ মন একেবাৰে নাছিল ৷ হেমৰ ককায়েকহঁতৰ আহ-যাহ কোবত দেউতাক সৈমান হৈছিল ৷ তাতে হেমহঁতৰ ঘৰখন বেপাৰত ভাল ৷ আৰু এদিন পুৱাৰাতি ‘অকলে থাকিব নোৱাৰো মই ৷ অকলে মোৰ ভয় লাগে ৷ ঘূৰি আহা তুমি৷ ঘূৰি আহা’ বুলি বুকু ভুকুয়াই ভুকুয়াই কান্দিছিল অম্বিকাই৷ চোতালখন, ঘৰটো, সি বহা চেয়াৰ, আঁউজি থকা ৱালখন, পঢ়া কিতাপবোৰ দেখিলে অকলশৰীয়া ভাবটো বাঢ়ি আহিছিল তাইৰ ৷ নিস্তাৰৰ উপায় বিচাৰি ঘূৰি ফুৰিছিল৷ পাইছিলো ৷ বি এ পাছ অম্বিকা৷ ৰাজনীতিৰ ৷ চাকৰি পালে প্ৰাইভেট স্কুল এখনত৷ পাছে ক্লাছ কৰি থাঁকোতেই কান্দি উঠিছিল ৷ বাৰে-পতি ভুলকৈ পঢ়ুৱায় ৷ হেমক দিয়া সময়বোৰে, হেম হৈ তাইক খেদি ফুৰিছিল ৷ তেনে এটি নষ্ট দিনতে তেওঁ গৈ জোৰ কৰিছিল তাইক— আহা গুচি ৷ আমাৰ ঘৰলৈ ৷ গুৱাহাটীতে যিহেতু৷ কিবা এটা কৰিব পাৰিবা ৷ হেম নাই যেতিয়া ৷ ইয়াত থাকি কি পাবা ? আমাৰ ঘৰত মা আছে৷ আমাৰ মা হেমৰ দৰে ৷

হাতখনত ধৰি ল’লে তেওঁ— ‘অম্বিকা, কি হ’ল? ঘৰলৈ যাবলৈ নাপাই খং কৰিছা নেকি মোক ? গ’লে কিমান দিনলৈ যাবানো ? মই মিলাম দিয়া ৷
: একেটা কথাকে বাৰে-পতি সুধি নাথাকিব দিয়ক —

দোভাগ নিশাৰ খামখেয়ালিনো কাৰ ভাল লাগেক্ক কাষ চাপি আহিল তেওঁ ৷ হাজাৰ হওক জীৱন-লগৰী তাই ৷ মাকক যে কিমান চাইছে হিচাপ নাই ৷ সেইখিনি সময়ত দুয়ো দুয়োৰে লগৰী হৈ পৰে ৷ দুয়ো অলপ কথা পাতে ৷ বেছিভাগ কথাতে অফিচ, মাক ৷ এবাৰো নুসুধিলে তাইক ‘ভৰিত দুখ পালা কিদৰে ৷ আপডালৰ কথাটো সপোন যেন ৷ শূইন বুকুখনত কোনেনো লঠিয়ালে ! অম্বিকাৰ চকুহালি ভৰি উঠে৷ দুয়ো দুয়োৰে কাষ চাপি আঁতৰে ৷ ভাল নালাগে একোৱে৷ মিছা সুখৰ ঠেলাটোৱে কলিজাত বিষ সৰহকৈ ঢালে ৷ উঠি আহিল অম্বিকা ৷ পানী এগিলাচ খাব লাগে৷ চকুত পানী অলপ মাৰিব পাৰিলে, কান্দোনটো বন্ধ হ’ব লাগে ৷
গিলাচটো লৈছিলহে, খুটুংকৈ দৰ্জা খোলাৰ আৱাজ এটি হ’ল ৷ কোননো, মুখৰ শব্দটো মনতে মাৰ গ’ল ৷ আইক কিবা লাগিব পাৰে ৷ আগবাঢ়িল অম্বিকা ৷ দৰ্জাখন ফাক কৰি চালে৷ শুই আছে আই ৷ বিলে কা কাষত নাই ৷ শুলে হ’ব পায়৷ ঔষধে আইকো ভালকৈ শুৱাই থৈছে ৷ লৰচৰ নাই ৷ লাঠিডাল কাষতে৷ তাই সোমাই অহা গতিকে অলপ পৰ লৰি উঠা পৰ্দাখন এতিয়া থামে ৷ তাইৰ চকুত পৰে, আইৰ ব্লাউজৰ বুটামকিটা ওলোটা-পুলোটাকৈ মৰা আছে৷ আইক তেনেভাবে দেখিলে তাইৰ শূইন বুকুখনি আৰু বেছি উদং উদং লাগে ৷

হেমৰ দৰে নহয় আই৷ বেমাৰো বেলেগ বেলেগ দুয়োৰে৷ একে বুলি ভাবিহে প্ৰস্তাৱটো মানি লৈছিল সাদৰেৰে৷ নহ’লে কিনো গৰজ পৰিছিল পুনৰ পানী নোহোৱা পুখুৰীত সাঁতুৰিবলে৷ শেষৰ ফালে হেমৰো যিহে লটিঘটি৷ নাখাঁও বুলি নাখায়৷ জেদত ভাল৷ মৰিব লাগে বোলে সোনকালে৷ সময়ত তাইক উদ্ধাৰ নকৰিলে পাপে চুব হেন মুখৰ ভাব৷ তেতিয়া তেওঁ সঘনাই আহে৷ অম্বিকাই কিধৰণে হেমৰ আপডাল কৰে, তাকে চাই থাকে ৷

: ‘কি হ’ল, অম্বিকা ? কিয় ইয়াত ৰৈ আছা ? মা শুইছে দেখোন৷’— তেওঁৰ মাতত তাই উভতি চালে ৷

: শুই থাকোঁতেই চাবলে ভাল ৷ সাৰে থকাত মানুহ বুজা দিগদাৰ ৷— তাইৰ কথাত সন্তুষ্ট নহৈ আঁতৰি গ’ল তেওঁ ৷
অলপ পৰ এতিয়া তাই আইকে লাৰি-চালি চাব পাৰিব ৷ প্ৰকাণ্ড কাঠৰ বিছনাখনত ইকাতি-সিকাতি কৰাই দিব ৷ কাষতে লাঠিডাল থাকিব ৷ পাৰ চৰাই খেদিবনে পৰ্দাখন লৰাব আযে ! যি মন যায় তাকে কৰিব ৷ এয়া আইৰে চৌহদ যিহেতু ৷ শেষবাৰ আহাৰত আহোঁতেই মাহীয়ে তাইক বহুত কথাই কৈছিল ৷ মেলা ধান ৰখাত আই বোলে পাকৈত আছিল ৷
হাঃ হাঃ হাঃ ৰগৰ কৰি কৰি কথা ক’ব জানে মাহীয়ে ৷ নিজেও হাঁহে আৰু আনকো হঁহুৱাবলৈ চেষ্টা কৰে ৷ চুলিকোঁচা আচুৰি দি দি ‘তোৰ মনত আছে না নাই, এনাহান দীঘলা বাৰী এডলাই দি যি তই কত পাৰ চৰে খেইদছিলি’ বুলি সুধি সুধি খোপাটো বান্ধি দিছিল ৷ আইৰ বেছি চুলি নাই ৷ সেই গতিকে খোপাটো খুলি যায় ৷

তাকে দেখি মাহীয়ে আৰু হাঁহিছিল ৷ তাইকো ক’বলৈ নেৰেছিল— জানা অম্বিকা, শাউহেৰে এলা-পেচা মানুহ নাছিল ৷ কাকো কেৰেপ নকৰা বিধৰ, ঘৰ-বাৰী চম্ভলা চনচইনা মাইকী আছিল ৷ পাছে সুখৰ ভাতত বইৰ পৰা দি বেমাৰটোহে পাছ বয়সত লম্ভিল ৷ ভগৱানৰে নজৰ লাগিল নেকি ? কি গৃহস্থালিৰ কি মতি-গতি আজি ? ভিনি থাকাতে তুমি থাইকবা লাইগছিল ৷ গপচ মানুহটোক তেইতা দেইখলা হয়৷ কিনকে এশটা মুই বাগৰে দিবা পাৰাকে গাত বল-শক্তি আছিল ৷ চুগাৰৰ বেমাৰটো লম্ভি সিপুৰী নেগলি বাইক ফৰেইনত নিলাক হয় কিজানি ৷ ইতা ইয়ো চাইছি দেচোন৷ নাচা নহয় ৷ পাছে নিজৰ মানুহটো লগত থাকাৰ সমান গপচ ভাবটো কায়ো আইন দিবা নৰে হা ৷ এই কথাটো জাননা নাই তুমি ?
জানে অম্বিকাই ৷ জানে গতিকেতো আৰু এবাৰ শিৰ শুৱনি কৰিবলৈ মৰ-সাহটো কৰে৷ আইৰ দৰে শুৱনি নহয় মাহী৷ গপচ ভাবটোও কম ৷ তথাপি কথা ক’লে শুনি থাকিব পাৰি ৷
শাহু-শহুৰ নোহোৱা গৃহস্থালি আইৰ ৷ অকলশৰীয়া মানুহলৈ ছোৱালী দিবলৈ দিগদাৰ বুলি মাকৰ ঘৰখনে দুৰ্ঘোৰ আপত্তি তুলিছিল ৷ ‘মন দি থৈ, এতিয়া বেলেগলৈ গৈ বদনামৰ ভাগী হ’বলৈ নাই মই’ বুলি কৈ কৈ এদিন চুপ-চাপ মাকৰ ঘৰখন এৰি থৈ আহিছিল ৷ ‘মৰ-পুৱাই জপনা খুলি কোননো সোমাল’, বুলি পিতাই বোলে মূৰে-কপালে হাত দিছিল— মই আইনবা গেলু হৈ নহয় ৷ তুমি গুচি আইলায়ে যি ৷
: আইক উভতাই নিব আহিছিল নে, মাহী ?— কথা শুনি অম্বিকাৰ চকুহালি বহলি যায় ৷

: ফিৰে নিবা নাইভৌক্ক আইছিল ৷ এটা ৰাতিৰ পাছত বায়ো বাইহা হৈছিল৷ বাইহা বাইক নি কিনকে বেলেগত বিয়া দিবা পাৰি ৷ দুদিনমান পাছত মাই-আহুনে উপযাচি আহ-যাহ কইৰছিল ৷ মই সৰু তেইতা ৷ শুনা কথা এলা, মাহীয়েকৰ কথাতে পুৰণি আইক খেপিয়াই থাকে অম্বিকাই ৷ আইক লৈ তাইৰ কল্পনাৰ শেষ নাই ৷
শাৰী শাৰী নাৰিকলৰ গছবোৰলৈ আয়ে মূৰ দাঙি চাইছিল ৷ সৰি পৰা নাৰিকলসোপা বিলাই দিয়ো শেষ কৰিব নোৱাৰিছিল ৷ এদিন এঘৰে মুখৰ আগতে কৈ দিছিল বোলে খাব নোৱাৰাত পৰিহে বিলাবলৈ শিকে ৷ সেইদিনাখনে আয়ে থিৰাং কৰিছিল ৷ নতুন কিবা এটা শিকি দেখুৱাব লাগে ৷ শিকে কি এতিয়া ! মাথা লগাই লগাই অৱশেষত বেপাৰতে ধৰিছিল৷ নাৰিকলৰ বেপাৰ ৷

মাহীয়ে কৈছিল— বেপাৰৰ কথাগিলা ক’বা লাগলি দীঘলা হ’বো ৷ তেইতা বিলে আহাই নাই ঘৰখানোত ৷ ঘাট-মাউৰা ছ’লিটোক একদিন বাজাৰোত পাই ভিনি লৈ আইনছিল ৷ বাইৰ পেট-ভাৰী তেইতা ৷ বেপাৰৰ কামত ভিনি যাবা লাগে নিলগত৷ বিলে বাইক ৰখে৷ নাৰিকলৰ বেপাৰখানো চম্ভালে ৷ গাছত উঠে৷ পাৰে৷ বেচে ৷ ই হতে বাই মইৰছিলে ৷ বিলেৰ যহতে পুনৰ জনম পাইছিল ৷ যিহে কলাকচু সিজে সিজে বাচ্ছাই, নুনেদি পিটকি পিটকি ভাত সানি খোৱে দিছিল নহয় ৷ তেইতাই ভিনি কৈছিল, তেওঁ মইৰলিও যাতে বিলেক ঘৰখানে নেখেদে ৷

বহু ৰাতি হ’ল ৷ আইৰ কাষত তাই বহি ৰ’ল৷ হাতখন চুই চালে ৷ হেমৰ হাতৰ দৰে টান নহয় ইখন৷ লেহুকা ৷ গধুৰ হেঁচাত ভাঙি যাব পৰা৷ পুৰণি চৌহদটো নাই এতিয়া ৷ তেওঁ নতুন কৰি ল’লে৷ মাহীয়েকৰ কথাতে পুৰণিক দেখে অম্বিকাই ৷

নাৰিকলৰ গছেৰে আগ-চোতালখন পদূলিলৈ বেৰা আছিল ৷ তাৰ পাছত অকণ উদং-মুদং জেগা৷ সীমামূৰীয়া ৱাল দুখনৰ গাতে লাগি থকা ফলৰ গছকিজোপা ৷ লিচু, আমলখি, মধুৰিকে ধৰি বিচিত্ৰ ৰহণে আৱৰা ৷ ফুল নাই এতিয়া৷ আগতে আছিল যদিও নাজানে অম্বিকাই ৷ মাহীয়েককো সোধা নহ’ল যিহেতু ৷
আয়ে কাপোৰ ধুইছে৷ আয়ে ধান মেলিছে ৷ দীঘল লাঠিডাল লৰাই লৰাই ‘হুইছ-হুইছ’কৈ আয়ে পাৰ চৰাই খেদিছে ৷ ঢেঁকী দিলে আইৰ পিছফালটো দুলি থাকে ৷ বাহিৰ সামৰি ভিতৰ সোমোৱা পিতাই ৰহ লাগি চাই থাকে ৷ আচৰিত নামানি নোৱাৰে, কেনেকৈ পাৰে সকলো ফালে ৷ কপাল ভাল গতিকেহে তেনেহেন গৃহিনী পাটীত মিলে৷ ভঁৰালত ধান, পুখুৰীত মাছ, বাৰীত তামোল-পান, তেনে তিৰীক পাটীত চম্ভালাটো বৰ দিগদাৰ ৷

: অমৰা খাবা— কাৰ মাত এয়া, ঢেঁকী দি থকাৰ পৰা ঘূৰি চাইছিল আয়ে— বিলে তই মাহ-তিলৰ দৰে ঘামবোৰ বিৰিঙিছিল আইৰ মুখত বিলেৰ বাহু দুটা টান হৈ পৰিছিল৷ অমৰা এটা মুখত লৈ লৈ চুহি আছিল৷ চুহি চুহি বিলে ‘পকা অমৰা খাবা’ বুলি বাৰে-পতি সুধিছিল৷ ষোড়শী আই ৷ মন বহুৱাব পৰা নাই৷ তথাপি কৈ উঠিছিল, ‘তয়ে খা আগতে’৷

সোতৰ বছৰীয়া ঘামে ধোৱা বিলেৰ দেহা ৷ পেশীবোৰ বান্ধিবলৈ শিকাই নাছিল তেতিয়া৷ ঢেঁকীৰ ফিছাৰ পৰা বাৰে-পতি পিছলি গৈছিল আইৰ ভৰি ৷ জিভাৰ পানী পেলাই, হাত পাতি লৈছিল অমৰা দুটা৷ আইৰ চকু থিৰে নাছিল ৷ আইৰ চকু লৰি গৈছিল ৷ ঠেলি ঠেলি দীঘল লাঠীডালেদি খুৱলিৰ পৰা ছিটিকি অহা ধানবোৰ আয়ে পুনৰ সুমুৱাই দিছিল ৷

খুটলুং খুটলুং খুটলুং ! ঢেঁকীত শব্দ উঠিছিল ৷ ঢেঁকীয়ে ৰৈ ৰৈ আৱাজ কৰিছিল ৷ ঢেঁকীৰ বেগত আইৰ পিছফালটো দুলি আছিল ৷ তেতিয়া আইক ইমান ভৰপূৰ লাগিছিল ৷ বয়স বাঢ়িলেও ৰূপ নোযোৱা আই, তেতিয়া বা কিমান সুন্দেৰী আছিল ৷ ভাবে অম্বিকাই৷ পাটীত বাগৰিব লগাজনৰতো সময়ৰে আহুকাল ৷ বতাহৰ দৰে বেগাই যোৱা বছৰবোৰ দিনক দিনে পূৰঠ হৈ উঠিছিল ৷ আইৰ হাতত এখন নদন-বদন গৃহস্থালি আছিল ৷

নিশা বহুত হ’ল ৷ আইৰ কোঠাৰ দৰ্জাখন জপাই, দীঘল কৰিডৰটোৰে খোজ পেলালে অম্বিকাই ৷ আজি আৰু স্বাৰ্থপৰৰ পাটীলৈ উভতি নাযায় ৷|
সপোন এটা দেখে তাই ৷ আয়ে ঢেঁকী দিছে ৷ তালে তালে ৷ আয়ে নৃত্য কৰিছে ৷ অহৰ্নিশে ৷ আয়ে বিলেক ‘বিলে কা’ বুলি মাতিবলৈ শিকাইছে ৷ সকলোকে৷ নাচি নাচি আয়ে ৰছীডাল থাপ মাৰি ধৰিছে ৷ ৰছীডাল কেৱল সতিনী ৰছী হৈ নাথাকে ৷ ই কেতিয়াবা ৰছী হৈছে৷ কেতিয়াবা বিলে কাৰ হাত৷ কেতিয়াবা আকৌ নিজে নিজে এটা ঘৰ হৈ গৈছে৷ ৰছীডাল আয়ে হাতত ৰাখি থৈছে ৷ জব্দ কৰি ধৰি লৈছে ৷ আইৰ মুখত হাঁহি বিৰিঙিছে৷ আইৰ মতে ব্ৰহ্মাণ্ড ঘূৰিছে ৷

দেৱাল ঘড়ীটোৰ শব্দত অম্বিকাই খকমককৈ সাৰ পাই উঠিল ৷ সপোনটো ভাঙি থাকিল ৷ দেৱাল ঘড়ীটো বাজি উঠিল৷ পাঁচ বাজিছে৷ উঠিব লাগে ৷
বিলে কা আইৰ কোঠাত৷ হাত-ভৰি পিটিকি দিছে ৷ ৰীতাই মজিয়া মচি আছে ৷ নাৰ্ছজনীৰ আপত্তিৰ শেষ নাথাকে ৷ নিত্ত্য নতুন নোহোৱা কথাবোৰ নতুন কৰি সকলোৱে আগবাঢ়িছে ৷ তাৰ মাজতে অম্বিকা হেৰাই গৈ থাকে ৷ নতুন পুৰণি বুলি একো নাথাকে ৷ মাজতে হেমহঁতৰ ঘৰৰ পৰাও ফোন আহিছে ৷ তাই নোযোৱা কথাটোত আপত্তি নকৰে সিহঁতে৷ কথাতে বুজিব পাৰিছে ৷ হেমতো নাই এতিয়া৷ অম্বিকা হেমৰ হৈয়ো থকা নাই ৷ মাটিখিনি কাৰ নামত নামজাৰী কৰিব, তাকে কৈছে ৷

মনটো মৰি আহে তাইৰ ৷ আধা-যুগ থকা ঘৰ এখন ফটকে হাতৰ পৰা ওলাই যায় ৷

: আই, আই— মাতিলে তাই ৷ ঔষধটো খুৱাব লাগে এতিয়া৷ নাৰ্ছজনী অহা নাই ৷ আয়ে কিবা এটা বুজাব বিচাৰিছে ৷ বিলে কাই আইৰ কলাফুলটো পিটিকি আছে ৷ মেখেলাখন উঠাই উঠাই আঁঠুলৈ নিছে ৷ পিটিকিলে সেইখিনি কৰিবয়ে লাগে ৷ আয়ে অস্ফূট স্বৰে মাতিছে— আহ্‌ ৷
বিলে কাই ইমান সুন্দৰকৈ পিটিকিব জানে ৷ আইৰ ৰুগীয়া দেহত আৰাম মিলে ৷ আয়ে দেহটো পাতি দিয়ে ৷ অম্বিকাই আইৰ মুখত ধৰি ঔষধটো খুৱাই দিলে ৷ কিবা এটা বুজাব বিচাৰিছে আয়ে৷ এঢোক কুহুমীয়া পানী খুৱাই দি তাই ‘কি’ বুলি সুধিছে ৷ নুবুজি কোঠাটোত চকু ফুৰালে ৷ আলনাৰ কাপোৰ ঠিকে আছে৷ তাই ভবাটো ভুল তেনেহ’লে ৷
: বিলে কা ৷ আইক চাব আপুনি ৷ মই অলপ বজাৰৰ পৰা আহোঁ ৷— গে’টখন খুলি ওলাই গৈছে অম্বিকা ৷
আজি তাইৰ মন ফৰকাল ৷ ঘৰলৈ যাম, ঘৰলৈ যাম বুলি নোকোৱাৰ পৰা তাইলৈ মৰম বাঢ়িছে তেওঁৰ ৷ দাদাক-বৌৱেকৰ অনাদৰত মাকৰ ঘৰখনতো কেতিয়াবাই বাদ পৰিছিল ৷ হেমৰ ঘৰখন নিজৰ আছিল ৷ সিও ৰসাতলে গ’ল৷ নামজাৰী কোনোবাই কৰিলে ৷ বেচিব ওলাইছে কোনোবাই৷ য’তসব খামখেয়ালি৷ বাদ দিছে তাই ৷

আজিকালি তেওঁতে মন-প্ৰাণ সঁপি দিছে ৷ দুদিনমান আগতে তেঁৱো কৈছে, অহা বছৰলৈ ভাবিব বোলে ৷ তেৱোঁ বুজে, সংসাৰখন বঢ়াব লাগে৷ আই থাকিব আইৰ ভাগে ৷ হ’ল বুলিনো একেজনী মানুহকে কিমান বুজি থাকিব ৷ হঠাৎ মনত পৰিল তাইৰ, বজাৰৰ মোনাখন এৰি আহিল ৷ বিলে কালৈ ফোন লগালে ৷ এইখিনি আগুৱাই আহি দি যাব পাৰে৷ নধৰিলে ফোনটো৷ উভতিল তাই ৷
দৰ্জাখন ঠেলি ভিতৰলৈ সোমাল ৷ বহাৰূমটো পাৰ হ’ল৷ ‘বিলে কা’, ‘বিলে কা’ বুলি মাতিলে; কিন্তু কোনো সাৰ-সুৰ নাই ৷ আইৰ কোঠালৈ আগবাঢ়িল এইবাৰ ৷ ৰ’হ লাগি বিলে কাই আইৰ মুখলৈ চাই আছে৷ হাৰে, এয়া কি কৰিছে, থতমত খালে অম্বিকাই ৷ আয়ে ব্লাউজটো খুলিবলৈ চেষ্টা কৰিছে ৷ আইৰ হাত, নিজৰ হাতত তুলি লৈ ‘নালাগে, নালাগে খুলিব’ বুলি বিলে কাই চুমা খাইছে ৷ কপালত হাত বুলাই দিছে ৷ চুলিখিনি কাণৰ কাষেৰে নি নি আকুলতাৰে পিহিব ধৰিছে৷ কি বুজাইছে আয়ে, কি বুজিব নিবিচাৰে বিলে কাই, আইৰ উন্মুক্ত বুকুখনত হাত বুলাই দিছে তেওঁ ৷ ভৰিৰ পৰা চুলিলৈ আদৰেৰে চুই চাইছে মানুহজনীক৷ বুকুখন ঢাকি দি বিলে কাই আইক দাঙি লৈছে ৷ অম্বিকাই দৰ্জাখনৰ আঁৰ হৈছে৷ বিলে কাই দেখিলে, এই যতন ভাঙি যাব পাৰে ৷ বিলে কাৰ যতনবোৰ একো একোপাঁহ খৰিকাজাই ফুল হৈ ফুলি উঠিছে ৷ কোঠাটো বহলি গৈ আছে, গৈ আছে ৷ বিলে কাৰ মৰম বাঢ়িছে জোনাকৰ দৰে ৷

নিজলৈ দুখ উপজিছে অম্বিকাৰ ৷ দেৱাল ঘড়ীটোত এঘাৰ বজাৰ ঘণ্টা বাজিছে ৷ ঘণ্টাৰ কোববোৰ যেন তাইৰ বুকুত পৰিছে ৷ আঁচলৰে মুখখন মচি ল’লে তাই ৷ নেদেখিলেই ৰক্ষা ৷ দেৱাল ঘড়ীটো বাজিবলৈ নেৰিব কেতিয়া ! বিলে কাই আইক দাঙি লৈছে ৷ বিলে কাই আইক বিছনাত শুৱাই দিছে ৷ বিলে কাই আইৰ হাতত লাঠিডাল তুলি দিব পৰা নাই ৷ ই মজিয়াত পৰি ৰৈছে ৷ অস্ফূট স্বৰেৰে আয়ে ‘আহ্‌’ কৈ লাঠিডাল বিচাৰিছে ৷ আইৰ মুখফুটি শব্দ এটি ওলাই আহিছে ৷ লাহে ধীৰে বিলে কাই শব্দটিৰ ওচৰলৈ বগুৱা বাই গৈছে ৷ আয়ে লাঠিডাল খেপিয়াই আছে ৷ আইক লাঠিডাল ধৰিবলৈ লাগে ৷
পাৰ চৰাই খেদিব নে, পৰ্দাখন লৰাব বাৰু আয়ে ? কল্পনা, সপোন, বাস্তৱ একোতে অভ্যস্ত নহয় অম্বিকা ৷ আৰু বেছি বুজিবলৈয়ো ভাগৰ লাগিল তাইৰ ৷ আইক বুজোঁতা অতো ওলায় ৷ তাইক বুজোতা কোনো নাই ৷ তাই আৰু থিৰেৰে থাকিব নোৱাৰিলে ৷ বিলে কাই আইৰ হাতত লাখুটি এডাল উঠাই দিছে ৷ তাই পলাব লাগে এতিয়াই ৷

দুৱাৰখন জপাই দিলে অম্বিকাই ৷ আইৰ কোঠাৰ পৰ্দাখন লৰি উঠাৰ আগতে তাই ওলাব পাৰিলে ৰক্ষা পৰে ৷ দেৱাল ঘড়ীটোৱে কেৱল এঘাৰ বজাব জানে৷ গাড়ী এখন ভাৰা কৰিলে তাই৷ ডাঙৰ চুইটকেচটো চোঁচোৰাই চোঁচোৰাই আগ-বাৰাণ্ডালৈ নিলে ৷ তেনেতে ম’বাইলটো বাজি উঠে—হেল্ল৷ সিফালৰ পৰা তেওঁৰ মাত— অম্বিকা ৷

আইৰ কথা সুধি ফোনটো থৈ দিলে ৷ তাইৰ কথা এবাৰ সোধা হ’লে ! বেমাৰী কোন আচলতে৷ গাড়ীখন আহি পালে৷ যাব ক’লৈ তাই এতিয়া, তাইৰ যে গন্তব্য স্থল নাই ৷ থিয় দিলে অম্বিকাই ৷ আগবাঢ়িব লাগে তাই, কেৱল আগবাঢ়িব লাগে ৷ তাইৰ কোঠাৰ পৰ্দাখনো এবাৰ লৰি উঠা হ’লে, উভতি চালে অম্বিকাই ৷\

পাপৰি বৰ্মন

ফোনঃ ৯৮৬৪৩৮৪২১৮

অন্যান্য

THE ESSENCE OF MANAGEMENT SYSTEM STANDARDS

The purpose of existence of any organization is to satisfy the requirements of its customers and stakeholders. Customers are anyone who receives product(s) and/or service(s). They accept product(s) and/or service(s) because they have need(s). The organization can…

From Muscat to Baku

From Muscat to Baku

Azerbaijan a country where mountains, desert and sea coexists having its borders with four countries and the sea. From cobblestone streets, fortress walls, Zoroastrian fire temples to Islamic architectures, from streets once passed by the Silk Road traders to the…