দাৰ্শনিক

✍ প্ৰদ্যুম্ন কুমাৰ গগৈ

দেৱেন-পগলা যদি টিপটপ হৈ থাকিলেহেঁতেন, নিশ্চয় তাক কোনোবা সু-স্বাস্থ্যৱান-দেখনীয়াৰ-বুৰ্জোৱা বুলিয়ে দেখোঁতাই ভাবিলেহেঁতেন ৷ দেখিবলৈ সি অতি সুদৰ্শন– কিন্তু ভোবোকা ক’লা দাঢ়ি-গোঁফ আৰু ফাটি যোৱা চুলিবোৰৰ পৰা সেই সুদৰ্শন চেহেৰাক সহজে অনুমান কৰিব পৰা নাযায় ৷ কফি ৰঙৰ বুটামহীন ঢবলং চোলা আৰু লংপেণ্ট কাটি ফালি তৈয়াৰ কৰা হাফপেণ্ট এটা পিন্ধি– দিনটোৰ সকলো সময়তে সি এখন কপি দা কাষলতিৰ তলত সামৰি– আপোন মনেৰে ফুটপাথত থিয় হৈ– ৰাস্তাৰ সিপাৰৰ ক’ৰবালৈ চাই চাই– ডিঙিটো বেঁকা কৰি, মিচিকিয়া হাঁহিৰে বাংবাং বিংবিং বকি থাকে ৷ ৰাতিপুৱাৰ শেষভাগত আৰু আবেলি হাতত দেখা যায় এখন থালী–থালীখনত থাকে হোটেল এখনৰ পৰা লোৱা কিছু ভাত– সেই ভাতভৰ্তি থালীখন আন এখন হোটেলৰ বয় এটাৰ সমুখত পাতি দিয়ে– অথাৰ্ৎ চবজী লাগে ৷
: চবজী নাই, ভাগ – প্ৰায়ে এনেধৰণৰ ভেকাহি শুনি দেৱেন পগলা আঁতৰি যায় আৰু নিৰ্বিকাৰভাৱে হোটেলৰ টেবুলত সজাই থোৱা নিমখ, এটা জাতি জলকীয়া আৰু দুচকল পিঁয়াজ ঠালিখনতে লৈ– ৰাস্তা পাৰ হৈ সিপাৰৰ ফুটপাথত উঠেগৈ, হোটেলখনলৈ চাই চাই নিজৰ মাজতে সমাপ্ত হোৱা ঘোলা মাতটোৰে আৰম্ভ কৰে– কে…. হাৰামজাদা, চু…ভাই,
ধুৰ্‌ৰ্‌… যাবলে ওলাইছো এফালে, আৰু ওলাইয়ে শুনিছো গালি– চৰম বিৰক্তিৰে ভাৰ্গৱ আঁতৰি আহিল ৷ পাণ দোকান এখনৰ কাষলে ৷ দোকানীজনে কাঠা লাগি ৰঙা হৈ পৰা পান বনোৱা বগা টিনৰ বাকচটো লেতেৰা গামোচা এখনেৰে চাফা কৰি কৰি তাক উদ্দেশ্য কৰিয়েই অনুস্ব স্বৰত কৈ উঠিল–
: দেখছানা ৰ’দ কেনকে দিছি পুৱেই পুৱেই !
ভাৰ্গৱে প্ৰতিক্ৰিয়াহীনভাৱে চকুৰ পৰা চছমাযোৰ খুলি ৰুমালেৰে চাফা কৰি থাকিল ৷ ইমান ধূলি-চছমাযোৰত একেবাৰে চামনি বহি গৈছে !
: তুমি আপাৰৰ পৰা আহিছা ? ক’ত থাকা ! – দোকানীজনে তাক সুধিলে ৷ আন দিনাৰ দৰেই ৷
: ইয়াতে ! – ভাৰ্গৱে নিৰাসক্তভাৱে ক’লে আৰু চুপাৰি এটুকুৰা গলিয়াই বাছষ্টপত আহি ৰৈ থাকিল ৷ ষ্টপেজটোত আন কোনো যাত্ৰী নাই– তাৰ বাদে ৷ সিপাৰৰ ফুটপাথেৰে গৈ আছে তাৰ ভাড়াঘৰৰ মালিকজন– যাক দেখিলেই মহিষাসুৰলৈ মনত পৰে– পাকখোৱা মোঁচ, মুখৰ আকৃতি, পেট আৰু চাৱনি– স্থানীয় দুৰ্গা পুজা কমিটিৰ সভাপতি-আহ্বায়ক-সম্পাদকৰ দায়িত্ব বহন কৰি আছে তেওঁৱেই– এযুগ ধৰি ! ফুটপাথৰ দাঁতিৰ ছাত্ৰ সংগঠনৰ আঞ্চলিক অফিচটোত উপস্থিত সদস্যসকলে গতানুগতিকভাৱেই টিভি চেনেলবোৰ ৰিম’ট এটাৰে ইটোৰ পাছত সিটো– সিটোৰ পাছত ইটো কৰি আছে, কিছুৱে কেৰমত ব্যস্ত আছে ৷ অফিচৰ কাষৰে লাইট প’ষ্টটোৰ পৰা এজাক ঢোঁৰাকাউৰীৰ আৰাও– কা কা কা….৷
তীব্ৰ গতিত পাৰ হৈ গৈছে ফ’ৰ হুইলাৰ, বিৰাট বিৰাট মালবাহী ট্ৰাক, মিউনিচিপালিটিৰ জাবৰভৰ্তি গাড়ী… কিন্তু এখনো চিটিবাছ অহা নাই অতদেৰি–৷ তাৰ কপালৰ শিৰ কোঁচ খাই চকুকেইটা ঘোপা হৈ পৰিল, আৰু ওঁঠ দুখনৰ আকৃতি বিৰক্তিসূচক হৈ পৰিছে–৷ তেনেতে মোবাইলটো ভাইব্ৰেট হোৱা যেন তাৰ অনুভৱ হ’ল…
: অঁ কওক৷
:………..! !
: যাবই পৰা নাই নহয় মই ৷
: ………..?
: বাছেই পোৱা নাই…
: ………… ৷

মোবাইলটোৰ নটিফিকেচনবিলাক অলপ সময় চাই, আঁতৰাই আকৌ সি পেণ্টৰ আগফালৰ চেপামৰা সোঁ পকেটত ভৰাই থ’লে ৷ তাৰপাছত আনটো পকেটত থকা সোঁত-মোচ খোৱা বগা ৰুমালখনেৰে মুখখনত লাগি থকা ঘামৰ কণিকাবোৰ মচিলে ৷ মুখখনত হাত ফুৰাই তাৰ অনুভৱ হ’ল– তাৰ চকু দুটা সোমাই পৰিছে আৰু নাকটো অত্যন্ত জোঙা হৈ পৰিছে, নাকৰ আগটো নিজৰ চকুৰেই স্পষ্টকে দেখা পাইছে, গাল দুখনো সোমাই পৰিছে ৷ প্ৰায় দুমাহমানৰ মূৰত দাড়িখিনি কটাৰ ফলত তাৰ মুখখন দেখিবলে গছত ওলমি থকা আম এটাৰ দৰেই হৈছেগৈ ৷
তেনেতে তাৰ চকুত পৰিল দূৰণিত বগাকৈ এখন বাছ ৷ তাৰ মনটো কিছু উৎফুল্লিত হৈ পৰিল, চকুকেইটাৰ ঘোপাময়তা কমি আহিল, কপালৰ শিৰবোৰৰ সংকোচন কমি আহিল–৷ যদিও অলপ দূৰত বাছখন ৰৈ দিয়াত পুনৰ সংকোচন- ঘোপাময়তা আৰম্ভ হ’ল, তথাপিতো সেই ঠাইখিনিত এজন যাত্ৰী বাছৰ পৰা নামি দিয়াত সি আকৌ উৎফুল্লিত হৈ পৰিল ৷
বাছখন ষ্টপেজৰ পৰা আগবাঢ়ি গৈ অলপ আগত ৰোৱাৰ পাছত সি ভিতৰফালে চাই অনুমান কৰিলে যে বাছত মানুহ নাই যদিও চিট পোৱা নাযাব চাগে ! হেণ্ডিমেনজনে চিঞৰিব ধৰিলে– ‘‘দাদা ক’ত যাব, আহক আহক– আগত চিট খালী হৈ যাব৷ বাইদেউ অলপ পাছলে যাওক, পাছত জাগা খালি আছে ৷ দাদা উঠক উঠক…! সি তড়িৎ বেগেৰে উঠিবলৈ দৌৰি আহিল– কিন্তু হেণ্ডিমেনজনে ক’লে– ‘‘ৰ’ব ৰ’ব নমা আছে, নমা আছে, বাইদেউ নামক নামক.. জল্ডি ! ’’ পুনৰ ঘোপাময়তা, কপালৰ শিৰবোৰৰ সংকোচন– আৰে, এবাৰ উঠিবলে ক’ব, এবাৰ ক’ব– নুঠিব নুঠিব ! কিন্তু চাৰিজন যাত্ৰী বাছৰ পৰা নমা দেখি সি পুনৰ উৎফুল্লিত হৈ পৰিল ৷
একেবাৰে শেষৰ দীঘল চিটটোৰ খিৰিকীৰ কাষচোৱা খালি থকা দেখা পাই সি খৰ-ধৰকৈ তাত গৈ স্বস্তিৰে বহি মোবাইলটো উলিয়াই টেক্সট মেচেজ এটা লিখি চেণ্ড কৰিলে– মই গৈ আছো, জাষ্ট বাছত উঠিছো ৷ কোনো ৰিপ্লাই নাহিল ৷ আগফালৰ চিটটোত মূৰ গুজি যি চকুকেইটা মুদি দিলে ৷ তাৰ প্ৰায়ে টোপনিৰ ভাৱটো আহি থাকে, কিন্তু চকুকেইটা মুদি দিলে সহজে টোপনি নাহে, চকু মুদি দিলেই দেখা পায় কিলবিলাই থকা কিছুমান কুণ্ডলী ৷ তাতে এই বাছৰ ভিতৰত গেলা গৰম, ঠেকেচনী-মেকেচনী, মতা-মাইকীৰ হৈ হাল্লা, গোঁ গোঁ আৱাজ– অসহ্য ৷ তদুপৰি চাৰে দহ বাজিলেই ৷ তাৰ মোবাইলটো পুনৰ বাজি উঠিল –|

: গৈ আছো গৈ আছো ৷
: …………….
: ভৰলু পোৱাগে নাই, এইখিনিক কি বুলি কয়… শান্তিপুৰ শান্তিপুৰ !
: …………….
: আপুনি তেওঁক কওকচোন যে….

– তেনেতে ফোনটো কাট খাই গ’ল সিফালৰ পৰা ৷
ট্ৰেফিক জাম ফালি ফালি ভৰলু বাছ ষ্টপলে এজন দাড়িভৰ্তি মানুহ দৌৰি আহিছে আৰু বাছখনত জাপ মাৰি উঠিল– জেন’ফেনছ ! অযত্নপালিত চুলিবোৰৰ আগবোৰ ফাটি গৈছে, ঘমাৰ্ক্ত মুখখনত ভাং আৰু চিগাৰেটৰ মিশ্ৰ গোন্ধ, শেষৰাতিৰ নিচা আৰু দিনৰ ওখহি থকা ৰঙা চকু ৷ পিন্ধনত এটা সোঁত-মোচ খোৱা নীলা জিনচ আৰু একেৰাহে পিন্ধি থকা এটা ধোঁৱা বৰণ লোৱা বগা চাৰ্ট, ডিঙিত ময়লাৰ দাগ– ঘামে যিবোৰ জিলিকাই তুলিছে, হয়তো এক সপ্তাহমান গা নোধোৱাৰ ফচল ৷ এবাৰ জেন’ফেনছে ভাৰ্গৱক কোনোবা এজন চিত্ৰশিল্পীৰ কথা কৈছিল– উপহাৰ কিনিবলে পইচা নথকাৰ বাবে যি নিজৰ কাণখনকে বোলে কাটি নিজৰ প্ৰেয়সীৰ জন্মদিনত উপহাৰ দিছিল, ফটোখনো দেখুৱাইছিল শিল্পীজনৰ, কাণ এখনৰ ফালে বেণ্ডেজ লগাই থোৱা, পাইপ হুপি থকা– ভাৰ্গৱে শিল্পীজনৰ ফটোখন দেখি জেন’ফেনচক কৈছিল– এইজন দেখোন আপুনিয়েই ! সি ৰগৰ কৰিছিল– মই এতিয়া কাৰ কাৰণে কাণ কাটিম ! অলপ পৰ ভাবি হঠাৎ কৈ ভাৰ্গৱৰ ফালে ট টকৈ চাই হাতত ধৰি কৈছিল– তোৰ কাৰণেই কাটিম, হ’বনে ? তাৰপাছত ঢেকঢেকাই হাঁহি হাঁহি কৈছিল– এহ ভয় নকৰিবি, তহঁত বহুত বোকা !
বাছলৈ উঠি জেন’ফেনছে স্বভাৱজাত ট ট চকুকেইটাৰে চাবলৈ ধৰিলে– ক’ৰবাত এটা চিট খালি আছে নেকি ! নাই ৷ বাছৰ একোণত থকা ফাষ্ট এইডৰ বাকচটোলৈ ৰসিক চাৱনিৰে যি চাই থাকিল ৷ ভাৰ্গৱে যিমানবাৰ তাক লগ পাইছে, দেখিছে– তাৰ এনেধৰণৰ ট ট চাৱনিৰ বাবে ছোৱালীবোৰ (আনকি সেই ছোৱালীবোৰো– যিবোৰক সি ভনী ভনী বুলি মাতে) অপ্ৰস্তুত হৈ পৰে ৷

জেন’ফেনছে দেখা নাপাওক বুলি ভাৰ্গৱে আগফালৰ চিটটোত মুখখন লুকুৱাই মূৰটো গুজি দিলে ৷ যদিহে ভাৰ্গৱক দেখে, মানুহ ঠেলি হেঁচি হ’লেও সি আহি সুধিবহি (তেনে অৱস্থা ভাৰ্গৱৰ বহুবাৰ হৈছে)–
: কিহে ? ক’লৈ !
ভাৰ্গৱে যেতিয়া ক’ব যে এজনক লগ কৰিব লগা আছে– অতি প্ৰয়োজনীয়, তেতিয়াৰ পৰা জেন’ফেনছ অসহ্যকৰ হৈ উঠিব–
: অঁ…. মানুহে মানুহক লগ নধৰি কাক লগ ধৰিবলৈ যাব ৷ ময়োতো কম লগ ধৰিছিলোনে, কিন্তু একোডাল নহ’ল ৷ এতিয়া আৰু কাকো লগ নকৰো ৷ ( অলপ হাউলি, ভাৰ্গৱৰ ওচৰলে মুখখন হাওলাই, যিহেতু জে’নফেনছ বাছৰ ৰেলিঙত এখন হাতেৰে ধৰি থিয় হৈ থাকিব–) চোৱা, এই বাছবোৰত যে আমি উঠিছো, আমি উঠিছো বাবেই আমাৰ ভাললগা নাই, ইমান জাম ! অথাৰ্ৎ মানুহ উঠিছো বাবেই মানুহৰ ভাল লগা নাই ! (আকৌ মুখখন আঁতৰাই নি, থিয় হৈ, তৰ্জনী আঙুলি টোঁৱাই–) কিন্তু আমি নুঠিলে হ’বনে এনেদৰে জাম-ভিৰ কাটি কৰি ?
: ওঁঁওঁওঁ ! এৰা ৷– ভাৰ্গৱে হয়তো নিৰ্লিপ্তভাৱে শলাগিব ৷
: কিন্তু কিছুমান মানুহে যেতিয়া কয় যে তেওঁ মানুহক বিশ্বাস নকৰে– মোৰ সেই কথা বিশ্বাসেই নহয় ৷ ভালদৰে মই চাই লওঁঁ মানুহজনক (তৰ্জনী আঙুলি ভাৰ্গৱৰ ফালে টোঁৱাই–) মানুহজন মানুহ নে আন কিবা দুঠেঙীয়া প্ৰাণী, হিঃ হিঃ হিঃ (নিজৰ কথাত নিজে হাঁহিব)৷ আৰে ভাই, তুমি যদি মানুহ, মানুহক বিশ্বাস কৰিবলৈ তুমি বাধ্য ৷ হিঃ হিঃ হিঃ, তুমি ক’লে নহ’ব নহয় ! কাৰণ মানুহ ইমানেই অকলশৰীয়া যে নিজৰ মাজতে এই খকা-খুন্দলি, হাঁহি-তামাচা, মাৰ-ধৰবোৰ কৰি থাকে– যাতে অকলশৰীয়া হৈ নাযায় ৷ (কিছু সময় সি মিচিকি হাঁহি এটা মাৰি ভাৰ্গৱৰ ফালে চাই থাকিব– অথাৰ্ৎ ভাৰ্গৱেও কিবা এটা কওক ! )
ভাৰ্গৱৰ মনত পৰিল– এবাৰ জেন’ফেনছৰ লগত সি ৰেল লাইনেৰে কেনিবা গৈ থাকোঁতে দেখিছিল তেৰ-চৈধ্য বছৰ বয়সীয়া অযত্নপালিত দেখনিয়াৰ ছোৱালী এজনীয়ে অন্ধ-বোবা-কলা বুঢ়া মানুহ এজনক ৰেলৰ আলি পাৰ কৰাই নি আছিল– নিশ্চিতভাৱে ককাক অথবা দেউতাক ৷ তেতিয়া জেন’ফেনছে ছোৱালীজনীক কৈছিল– কণাটোক ৰেলৰ আলিত পেলাই দে, হাড়মাল এটা গুচিব, তই যদি নোৱাৰ, মোকে দে ! ছোৱালীজনীয়ে ভয়ে-ভয়ে তাৰ ট ট চকু দুটালৈ চাইছিল আৰু একো নোকোৱাকৈ পাৰ হৈ গুছি গৈছিল ৷ ভাৰ্গৱে সুধিছিল– মানুহটো মৰি গ’লে কেও-কিছু নোহোৱা এই ছোৱালীজনী কাৰ লগত থাকিব ? সি তেতিয়া সুধিছিল– এই একো দেখা নোপোৱা শুনি নোপোৱা একো ক’ব নোৱাৰা মানুহটোৱে ছোৱালীজনীৰ কি সুৰক্ষাপ্ৰদান কৰিছে ? বৰঞ্চ হাড়মাল এটাহে হৈ পৰিছে ! ভাৰ্গৱে সুধিছিল– তেনে তাইৰ ভৱিষ্যত কি হ’ব ? যেনেদৰে মানুহটোক তাই প্ৰতিপাল কৰি আছে, তাইক কোনে কৰিব? জেন’ফেনছে অলপ সময় ভাবি আন এফালে চাই কৈছিল-–মোৰ দৰে হৃদয়ৱান গ্ৰাহকে ! তাৰ বাদে তাইৰ একো ভৱিষ্যত আছে বুলি নাভাৱো আৰু জাগতিকভাৱে এইটোৱেই সঁচা ৷
ভাৰ্গৱে হয়তো সুধিব– আপুনি কোনফালে যাব ? তেতিয়া সি স্বগতোক্তি কৰি ক’ব– মানুহ গৈয়েই থাকে ৷ ৰৈ থাকিলেও গৈ থাকে ৷ সেইবাবেই মই গৈ আছোঁ ৷ গৈ থকাৰ বাদে আমাৰ একো কাম নাই ৷ নিৰন্তৰ যাত্ৰা এতিয়া এই গাড়ীখনেই মোৰ পৃথিৱী ৷ আৰু গাড়ীখন গৈ আছে বাবেইতো আমিও গৈ আছো ৷ গাড়ীখন ৰৈ দিলে আমি আন এখন গাড়ীক পৃথিৱী কৰি ল’ম ৷ নহয় জানো ? আৰু চোৱা–
: ৰ’বচোন দেই ! – কথা নবঢ়াবলৈ ভাৰ্গৱে হয়তো মোবাইলটো পকেটৰ পৰা উলিয়াই কিছু ব্যস্ত হোৱা যেন দেখুৱাব– হোৱাটচাপৰ পৰা অটোমেটিক ডাউনলোড হোৱা ফটো কিছুমান ডিলিট কৰিব ৷ সি তৎমুহূৰ্ততে অতি সচেতন হৈ পৰিব আৰু ক’ব–
: অঁ অঁ তুমি কাক কাক ফোন কৰিবলৈ আছে, কৰি লোৱা, কৰি লোৱা ৷
তাৰপাছতে আকৌ–
: আচলতে কি জানা (তল ওঁঠখন দাঁত দুটাৰে কামুৰি ধৰি কিবা ভাবি) প্ৰকৃতিৰ প্ৰথম ভুলটোৱেই হৈছে মানুহৰ সৃষ্টি ৷ (অলপ সময় চাই থাকিব ভাৰ্গৱৰ প্ৰতিক্ৰিয়ালৈ) আচৰিত হৈছা ? চোৱা, মানুহ স্বভাৱতে ধ্বংসকাৰী ৷ মানুহৰ ধ্বংসকাৰী স্বভাৱ প্ৰাকৃতিক অথচ ইয়াক আন ৰূপ দি প্ৰকৃতিক ৰক্ষা কৰাৰ অভিনেতা ৷ তুমি কল্পনা কৰাচোন– মানুহবিহীন প্ৰকৃতি ৷ প্ৰকৃতিয়ে আমাক পাৰ্যমানে সকলো দিছে, আমি কি দিছো ? প্লাষ্টিকৰ বটল !

ভাৰ্গৱে কথাবোৰ অন্যমস্কভাৱে শলাগিব যদিও জেন’ফেনছে অতি উৎসাহেৰে কৈ যাব–
: চোৱা, মানুহৰ মনুষ্যত্ব, হিউমেনিটি আচলতে এইবোৰেই ৷ মানৱতা এইবোৰেই– খং-দয়া-ক্ষমা ঈৰ্ষা-দ্বন্দ পৰোপকাৰ অপকাৰ…৷ (অলপ পৰ ভাবি) এজন পৰাম দয়াশীল মানুহৰো পৰম ঈৰ্ষা থাকিব পাৰে, ঈষাৰ্ৰ বশৱত হৈও দয়াশীল হ’ব পাৰে ৷ (হাতেৰে এটা বিশেষ ভংগীমা কৰি–) মানুহো এবিধ পশু, ভোক যাৰ প্ৰথম বিষয়, তাৰপাছতহে বিবেক ৷ কাৰেক্ট’?
জেন’ফেনছ যিহেতু থিয় হৈ থাকিব, চিট খালি নাই বহিবলৈ, সেয়েহে এখন হাতেৰে ৰেলিংডালত ধৰি আনখন হাতেৰে বিভিন্ন অংগী-ভংগী দেখুৱাই এনেদৰে কৈ যাব যেন ভাৰ্গৱ তাৰ কথা শুনিবলৈহে বাছত উঠিছে ! তাক লগ পাবলৈ, তাৰ স’তে যুক্তি-তৰ্ক কৰিবলৈহে সকলোৱে যেন বাট চাই ৰয় ! (এইটো তাৰ স্বভাৱ) তাৰ কথা আৰু অংগী-ভংগী দেখি হয়তো অন্য যাত্ৰীবোৰ অবাক হৈ তেওঁলৈ চাই ৰ’ব, কিছুমানে তাৰ প্ৰতি কৌতুক কৰিব– ফিল’চ’ফাৰ ! সত্যৰ সন্ধানত হেৰাই যোৱা এজন ফিল’চ’ফাৰ ! কিছুমানে হয়তো মনোযোগ নিদি আৰামত বহি গৈ থাকিব ৷
স্বভাৱগতভাৱেই এইবোৰলৈ জেন’ফেনছ কোনো মনোযোগ নিদি উন্নাসিকতাৰে কেৱল কৈ যাব–
: বুজিছা, মই যে অতবোৰ কথা গাই গ’লো, এইবোৰে মানুহৰ প্ৰতি মোক পুতৌ কৰিবলৈ শিকাইছে ৷ মানুহনো কি– মগজুটো সক্ৰিয় বাবে আন জন্তুতকৈ কিছু ওপৰত ৷ (মুখখন অলপ চিন্তাগধুৰ কৰি–) প্ৰকৃতি, পৃথিৱীক ধ্বংস কৰাত মানুহৰ একো ভুল নাই, সৃষ্টিকৰ্তাই মানুহক এনেধৰণে সাজিলে যে মানুহে চব কৰিব পাৰে– আৰু এশ বছৰৰ পাছত ৰবট যুদ্ধ হ’ব, ৰবটক লৈ সন্ধি চুক্তি হ’ব, ৰবটে একোখন শত্ৰু দেশ চাৰখাৰ কৰি দিবহি ! তেনেহ’লে সৃষ্টিকতাৰ্ৰেই ভুল ? নে কি কোৱা ! ভুল নে এইটো স্বাভাৱিক সত্য ! স্বাভাৱিক ভুল ! হাঃ হাঃ হাঃ (তাৰ কথাত কোনো আগ্ৰহ নেদেখুৱালেও তেওঁ দুগুণ উৎসাহেৰে কৈ যাব–) তুমি চাগে’ মোৰ মুখত সৃষ্টিকতাৰ্ৰ নাম শুনি আচৰিত হৈছা নহয়নে ? আচলতে কি জানা, পাঁচ বছৰ আগতে মই যি ভাবিছিলো, সেই কথা তোমাৰ আগত গাইছিলো, দুবছৰৰ আগলৈকে তাকেই গাই আহিছিলো, আৰু আজি দুবছৰৰ পাছত তোমাক কৈছো সৃষ্টিকৰ্তাৰ কথা ৷ আচলতে কি জানা (যেন ভাৰ্গৱে বুজি পোৱা নাই, সি বুজাব বিচাৰিছে, তেনেকুৱা এটা সুৰত–) দুবছৰ আগতে মোৰ মাৰ চিৰিয়াছ অসুখ বুলি শুনি যেতিয়া দহ বছৰৰ মূৰত ঘৰলৈ যাওঁ, ঘৰ পাই দেখিলো মা মোক চাবলৈহে ৰৈ আছিল ৷ কথাবোৰ এনেকুৱাই, মাক জানো আমি ৰাখি থ’ব পাৰিলো, মা চিৰিয়াছ হওঁতে তেওঁ জীয়াই থাকিবলৈতো মই একো নকৰিলো, পলাই ফুৰিলো, মাৰ প্ৰতি থকা মোৰ সামান্যতম মৰমেও মাক জানো ৰাখি থ’ব পাৰিলে… এনেবোৰ চিন্তা কৰি থাকোঁতেই পাই গ’লো সৃষ্টিকতাৰ্ক৷ (অলপ ভোৰভোৰাই) অৱশ্যে সৃষ্টিকতাৰ্ৰ লগত মই কোনো কম্প্ৰমাইজ নকৰো, তেওঁৰ ৰাস্তাত মই নাই–!
এইখিনি কৈ থাকোঁতেই হয়তো বাছখন ৰখাব আৰু ভাৰ্গৱৰ কাষত বহি থকা মানুহজন নামিব, সেই খালী অংশটুকুৰা সি দখল কৰি তাক সুধিব–

: অতপৰেতো মইয়েই কৈ থাকিলো৷ সেইচব বাদ দিয়া, কোৱাচোন তুমি মোক কেতিয়া লগ পাইছিলা শেষবাৰ?
: হয় হয়, দুবছৰৰ আগতে৷– ভাৰ্গৱে শলাগিব, নিৰুদ্বেগভাৱে৷
: এনেকৈয়ে লগ পাইছিলো, বাছতে !
: অঁ ৷
: তোমাৰ দেউতাকো লগ পাইছিলো নেকি বাৰু?
: অঁ ৷ কিবা কামত আহিছিল গুৱাহাটীলে ৷
: অ’হ মনত পৰিছে, দেউতাক, হকিঙৰ গ্ৰেণ্ড ডিজাইন বুজাইছিলো…
… আগচিটটোত মূৰটো গুজি থোৱা অৱস্থাতে ভাৰ্গৱৰ পেণ্টৰ পকেটত থকা মোবাইলটো পুনৰ বাজি উঠিল–
: পাইছোগে, পাইছোগে৷
: ………..
: আজিৰ বাবে অলপ হেল্প কৰি দিয়ক আৰু…
– মোবাইলটো পকেটত ভৰাঁওতেই ভাৰ্গৱে মন কৰিলে দুৱাৰমুখ তথা কেবিনৰ ফালে কিছু অস্থিৰতা, হট্টগোল– এজনে ড্ৰাইভাৰক বাছ ৰখাবলে কৈছে–৷ কোননো সেইজন বুলি ভাৰ্গৱে থিয় থৈ থকা যাত্ৰীবোৰৰ ফাঁকেৰে জুমি চালে– বাছ ৰখাবলে কোৱাজন দেখোন জেন’ফেনছ ! কোটৰত সোমোৱা তাৰ চকু দুটা ট-টকৈ জিলিকি উঠিছে, চিঞৰিছে বাৰে বাৰে– ঘূৰাই দে ঘূৰাই দে, কোনে লুটিলি কে…৷ ৰখা গাড়ী ৰখা, চেক কৰ চবকে–
কাছাৰীত বাছখন ৰ’ল, ষ্টিয়েৰিঙৰ আগফালে থৈ দিয়া প্লাষ্টিকৰ বটল এটাৰ পৰা ড্ৰাইভাৰজনে পানী অলপ গিলিলে আৰু জেন’ফেনছক চাই থাকিল– সি চিঞৰিয়ে আছে ! ড্ৰাইভাৰে হেণ্ডিমেনক ক’লে–|
: ঐ নমাই দে তাক !
: কিয় নামিম বে’, মোৰ পাৰ্চ পকেটৰ পৰা মাৰি নিব আৰু মই….– সি দুগুণ প্ৰতিবাদ কৰি উঠিল ৷

: ভাড়া দিব নালাগে দাদা ৷– হেণ্ডিমেনজনে পাতল সুৰত ক’লে ৷
: আব্বে, লুটি নিয়াখিনি তোৰ কি বাপেৰে দিব !
কথা কটা-কটি, চিঞৰ-বাখৰ– গোটেই ঘটনাটো কাষত বহি আৰু থিয় হৈ থকা, নতুনকৈ বাছত ভৰ্তি হোৱা যাত্ৰীবিলাক– সকলোৱে এক কৌতূহল আৰু বিৰক্তিসূচক চাৱনিৰে চাবলে ধৰিলে ৷ এজনে কৈ উঠিল–
: ইচ্‌, কুনি লুটিলাক এহেন গেইলা গৰম ত৷ উঃ উঃ গাড়ীখান ৰাখাওতে গৰমে ভমককে ধচ্চে এ !\
: চেহ চেহ বৰ বেয়া কথা হ’ল নহয় ৷ ভাইটি, তুমি থানালৈ যোৱা কাগজ এখন লৈ !
: কি কি আছিল পাৰ্চত হাঁ ? এটিএম কাৰ্ড ? ভোটাৰ আইডি ?
: তোমাৰ নিজৰে ভুল, জানাই চিটি বাছত পকেট মাৰৰ উৎপাত, ভালকে ল’ব লাগে পাৰ্চ-চাৰ্চবিলাক !
: গ’ল আৰু এতিয়া, নোপোৱা আৰু !
: থানালৈ যোৱা থানালৈ যোৱা ৷
জেন’ফেনছ বাছৰ পৰা নামি দিলে আৰু ফুটপাথত উঠি মানুহৰ মাজত মিলি গ’ল ৷ আকৌ আগৰ দৰে স্বাভাৱিক হৈ পৰিল ৷ চিটত বহি যোৱাবোৰে পুনৰ সুখনিদ্ৰা মাৰিবলৈ আৰম্ভ কৰিলে, ৰেলিঙত এখন হাতেৰে ধৰি যোৱাবোৰে কোনোবা নামিলেই চিটটো দখল কৰিম বুলি মাছৰোকা চৰাইয়ে মাছলৈ খাপ পিটি থকাৰ দৰে গৈ থাকিল ৷|
মোবাইলটো উলিয়াই ভাৰ্গৱে লক্ষ্য কৰিলে– এঘাৰ বাজি আঠ মিনিট ৷ আৰু কেই মিনিটমানৰ পছতে সি চাগে’ পাবগৈ ৷ বাছৰ ভাড়া দিয়াই হোৱা নাই, অতদেৰি টোপনিৰ ভাও ধৰি থাকোঁতে ভাড়াও নিদিলে– ভাড়া দিয়া অৱস্থাত যদি জেন’ফেনচে তাক দেখি যায়, সেই আশংকাতে সি টোপনিৰ ভাও ধৰি থাকিল ! কণ্ডাক্টৰজনে শেহতীয়াভাৱে যাত্ৰীবোৰৰ পৰা ভাড়া আদায় কৰি আহি থকা দেখি সিও পেণ্টৰ পাচফালৰ বাওঁ পকেটটো খুচৰিবলৈ ধৰিলে, তাত তাৰ পাৰ্ছটো ভৰাইছিল– কিন্তু পকেটটো উকা ৷ বাওঁ পকেটটো উকা পাই সি সোঁ পকেটটো খুচৰিবলৈ ধৰিলে– উকা ! খপ্‌জপ্‌কৈ সি চাৰ্টৰ পকেটটোও খুচৰি চালে– তাতো এখিলা কাগজৰ বাদে একো নাই ৷ পেণ্টৰ আগফালৰ চেপামৰা পকেট দুটাটো সি খুঁচৰি চালে, সোঁফালৰটোত কেৱল এখন ৰুমাল আৰু বাওঁফালৰটোত মোবাইলটো ৷

তেনেতে মাজৰ ফালে খিৰিকী কাষত বহি থকা এজন ভদ্ৰলোকে চিঞৰিব ধৰিলে–

: হেই হেই হেণ্ডিমেন, হেই ড্ৰাইভাৰ… বাছখন ৰখাওক, মোৰ পাৰ্ছটোও হেৰাল পকেটৰ পৰা

প্ৰদ্যুম্নকুমাৰ গগৈ
ফোনঃ ৯৩৬৫৭ ৭৪৬১২

অন্যান্য

THE ESSENCE OF MANAGEMENT SYSTEM STANDARDS

The purpose of existence of any organization is to satisfy the requirements of its customers and stakeholders. Customers are anyone who receives product(s) and/or service(s). They accept product(s) and/or service(s) because they have need(s). The organization can…

From Muscat to Baku

From Muscat to Baku

Azerbaijan a country where mountains, desert and sea coexists having its borders with four countries and the sea. From cobblestone streets, fortress walls, Zoroastrian fire temples to Islamic architectures, from streets once passed by the Silk Road traders to the…