দাঁতৰ বিষ

অপূৰ্ব শৰ্মা

সকলো ধৰণৰ যোগাযোগ বিচ্ছিন্ন হৈ গৈছে বুলি জানিব পৰা গৈছে……

অনাতাঁৰ সংবাদৰ এটা টুকুৰা উৎপলৰ কাণলৈ আহিল আৰু গ্ৰীষ্মকালৰ উগ্ৰ, চুটি ৰাতিপুৱাটোত নিদ্ৰাভংগত বিৰক্ত, অসন্তুষ্ট উৎপলে চকু নেমেলাকৈ হতাশভাবে বিছনাত বাগৰ সলালে ৷ ৰাতিপুৱাৰ সংবাদ, এটা নিয়মিত ঘটনা, বিশেষ গুৰুত্বপূৰ্ণ নাছিল আৰু তাৰ প্ৰতি এই সংবাদৰ সম্ভাষণ একান্তপক্ষে ঘটনাক্ৰমিক, তথাপি তাৰ মন তৎক্ষণাৎ নিৰুৎসাহেৰে ভৰি পৰে ৷ এইটোও হ’ব পাৰে, তাৰ মন এইকেইদিন বিৰক্তিৰে ভৰা আৰু ৰেডিঅ’ৰ খবৰ নহয়, তাৰ অনিচ্ছাপূৰ্ণ জাগৰণেই বা আন যিকোনো ঘটনাই তাৰ মনৰ সাম্প্ৰতিক প্ৰতিক্ৰিয়াৰ কাৰণ ৷ কাষলৈ হাতখন আগবঢ়াই দি সি নিশ্চিত হ’ল যে তাৰ সংসাৰ-সচেতন গৃহিণীয়ে ইতিমধ্যেই শয্যা ত্যাগ কৰিছে ৷ তাৰ বিৰক্তি বৰ্ধিত হল; কিন্তু ঘৈণীয়েকৰ ওপৰত তাৰ ৰোষ তাৰ নিজৰ ওচৰতে অস্থানপ্ৰয়ুক্ত যেন লাগিল ৷ কাৰণ সেই সময়ত, সি নিশ্চিত জানে, পাকঘৰত তাৰ বাবেই পুৱাৰ চাহকাপ তৈয়াৰ হব লাগিছে ৷ যোৱা ৰাতি টোপনি অহাত অনেক বিলম্ব হয়, এতিয়া টোপনিৰ চেষ্টা অসাৰ্থক জানিও সি চকু মুদি পৰি ৰল ৷ তদুপৰি চকু মেলিলেই সি দেখিব টেবুলত ঔষধৰ বটল প্ৰায় শেষ, গ্লুক’জৰ টিন প্ৰায় খালী, তাৰ গৰম কোট-পেণ্ট ধূলি-ধূসৰিত- এতিয়াও হেঙাৰত, চুকৰ সৰু পালেংখনত তাৰ ল’ৰাই হয়তো হঠাৎ কান্দি উঠিছে, অনুৰ নতুন শাৰীৰ লগত আলমাৰীত ওলমিছে পুৰণি ব্যৱহাৰ-অযোগ্য ব্ৰেচিয়াৰ, বি এৰ প্ৰশ্নোত্তৰ পত্ৰৰ, টেবুলত দ’ম- লাষ্ট ডেট ১৮, ট্ৰাংকত যিটো গডৰেজ তলা লগোৱা আছে তাৰ চাবি আজি অনেক দিন হ’ল হেৰাল, আলমাৰীৰ পেণ্টটোৰ দুটা বুটাম এৰাইছে আৰু বেয়া ঠাইত ফাটিছে আৰু কাম কৰা ছোৱালীজনী তিনি দিনৰ ছুটীত ঘৰলৈ গৈ আজি এসপ্তাহ নাই, ডাক্তৰ বৰঠাকুৰৰ লগত এপইণ্টমেন্ট ২০ তাৰিখে, অনুৰ মেন্স ১৪ তাৰিখে, ইন্সুৰেন্সৰ প্ৰিমিয়াম অহা মাহত, শুভেন্দুৱে ৪০ টকা ধাৰলৈ নিয়াৰ আজি তিনি মাহ ইত্যাদি অনেক খুচুৰা গোলমলীয়া খবৰ ইটোৰ পিছত সিটোৰে তাক অনবৰত জোকাবলৈ ধৰিব ৷

গছৰ শিৰত সূৰ্যই সদম্ভে খোজ দি গৈছে ৷ স্নেহাভিলাষী মেকুৰীৰ ডিঙিৰ শব্দৰ দৰে কাষৰ ঘৰৰ ৰেডিঅ’টোৰ পৰা একধৰণৰ শব্দ আহিছে ৷ আলস্যজড়িত শৰীৰেৰে মনৰ পৰা চিন্তাবোৰ জোকাৰিবৰ বাবে উৎপলে সঘনে বাগৰ সলাইছিল ৷ নাই কোনো সাধাৰণ চিন্তাকে সি লালন কৰিব নোখোজে ৷ কোনো কাৰণে সি আজি কেইদিনমান ধৰি মনে মনে বিতুষ্ট, অনিশ্চিতভাৱে কৰোবাৰ ওপৰত ক্ষুব্ধ ৷ অকস্মাৎ যেন সি তাৰ অবুজ কৈশোৰৰ মাজলৈ ঘূৰি গৈছে, যি কাৰণে দিনবোৰক, এনেকি এই স্বাভাৱিক পুৱাটোক, বাস্তৱতাৰ পৰিপ্ৰেক্ষিতত সি গ্ৰহণ কৰিব পৰা নাই,ভাব হৈছে যেন পৃথিবীৰ পৰা বহু আঁতৰত, দৈনন্দিন সমস্যাৰ বাহিৰত, কেৱল দ্বন্দ্বময় মানসিকতাৰ মাজত সি পাৰ কৰিব ধৰিছে কিছুমান মুহূৰ্ত, যি সকলো হিচাপৰ বাহিৰত, সকলো বোধৰ ঊৰ্ধ্বত ৷

বন্ধ দুৱাৰৰ এফাল খুলি গ’ল ৷ উৎপলে চকু মেলিলে ৷ বাহিৰৰ ৰ’দ তাৰ সমগ্ৰ উগ্ৰতাৰে ভিতৰ সোমাই আহিছে ৷ তাৰ চকুত ধৰি গ’ল ৷ সদ্যস্নাতা অনু চাহ হাতত লৈ কোঠাত সোমাল ৷ বিছনাৰ কাষৰ টেবুলত চাহকাপ থৈ তাই আঁঠুৱাখন দাঙি ধৰিলে আৰু অভ্যাসবশতঃ উৎপলৰ অব্যৰ্থ হাতে অনুৰ হাতখন জব্দ কৰিলে ৷ অনু বহিল ৷ সি ওচৰ চাপি আহিল ৷ তাই তাৰ চুলিত হাত ফুৰাই দিলে আৰু তাৰ পিছত ক’লে—‘এই, চাহ খোৱা দেই, মই যাওঁ ৷ ল’ৰাক চাফা কৰি দিওঁ ৷ আৰু উৎপলে অনুভৱ কৰিলে এটা কোমল উজ্জ্বলতা, এটা অব্যয় চিৰনতুনতা তাৰ ওচৰৰ পৰা হঠাৎ আঁতৰি গ’ল ৷ ৰাতিপুৱাৰ উগ্ৰতাৰ বিপৰীতে এই অনুভূতি এনে ধীৰ, অস্পষ্ট আছিল যে সাধাৰণ বিৰক্তিৰ ঊৰ্ধ্বত উৎপলে এক গভীৰ বিষাদ অনুভৱ কৰিলে ৷

পঢ়া কোঠাত বহি উৎপল, স্থানীয় কলেজৰ অধ্যাপক, তাৰ আধা লিখি পেলাই থোৱা সাহিত্য-কৰ্মৰ অধ্যয়নত নিমগ্ন হ’ল ৷ এই বস্তুটো সম্প্ৰতি তাৰ বিৰক্তিৰ অন্যতম কাৰণ হৈ উঠিছে ৷ সম্পাদক, অধ্যাপক-সহকৰ্মী, ভক্ত-ছাত্ৰ, পুৰণি বন্ধু, সকলো তাৰ তালৈ আহি তাৰ লিখাৰ খবৰ লয়, তাৰ কথা বিশ্বাস নকৰে, তাৰ অসুবিধা নুবুজে আৰু সি নিজেও সিহঁতক কোনো ৰকমে আশ্বস্ত কৰিব নোৱাৰে ৷ আজি সি লিখাখিনি পঢ়িলে, তাৰ পিছত লিখিবলৈ বহিল ৷ বহুত সময়ৰ মূৰত সি বুজিলে যে মূৰলৈ একো অহা নাই, তাৰ চিন্তা শিথিল হৈছে ৷ মগজৰ নিষ্ক্ৰিয়তা বাঢ়িছে, সি স্থিৰ কৰিলে ৷ কাগজবোৰ শ্বেলফৰ ওপৰলৈ দলিয়াই, সি ওলাই আহিল ৷

দুৱাৰ বন্ধ কৰি অনুৱে ল’ৰাক গাখীৰ খুৱাইছিল ৷ সি সোমাই গ’ল ৷ তাই ল’ৰাটো বিছনালৈ নমাই দিলে ৷ সি ওচৰত গৈ বহিল ৷ অনুক সি বুজাব খুজিলে তাৰ অসুবিধাৰ কথা ৷

‘অকণমান বহাচোন দেই ৷ মই চাহ আনোগৈ ৷’ অনু উঠি গ’ল ৷ সি শিশুটোৰ ফালে চালে, কিন্তু শিশুৰ দৃষ্টিয়ে মাকক অনুসৰণ কৰিলে ৷ সি তাৰ অকণ অকণ হাত-ভৰিবোৰ, নখবোৰ, হাতৰ মুঠি আৰু সেমেকা, গভীৰ নীলা চকুযোৰ অন্য দিনাৰ দৰেই আমোদেৰে পৰীক্ষা কৰিলে ৷ ল’ৰাটো কিছুসময় হাত-ভৰি জোকাৰি থাকিল ৷ তাৰ পিছত লাহে লাহে কান্দিবলৈ আৰম্ভ কৰিলে ৷ উৎপলে তাক কোলাত তুলি ল’লে ৷

সৰ্বপ্ৰথমে সি তাৰ কোলাত প্ৰস্ৰাৱ কৰিলে আৰু তাৰ অনেক বুজনি-ফুচুলনি উপেক্ষা কৰি উচ্চস্বৰে কান্দিব ধৰিলে ৷ উৎপল এই বিষয়ত নতুন, শিক্ষানবিচ মাত্ৰ- নিৰুপায়, বিৰক্ত, সামান্য লজ্জিতও হৈ কোলাত শিশুসহ পাকঘৰ পালেগৈ ৷

‘এইকণ সময়নো ৰাখিব নোৱাৰানে ?’ অনুৱে ভৎৰ্সনা কৰিলে ৷

‘নাই, সি শুব কিজানি ৷ চব কাপোৰ নষ্ট কৰিলে’- বিব্ৰত হৈ সি বুজাব খুজিলে ৷

‘ইছ হৈছে হৈছে… ৷’ অনুৱে তাৰ যুক্তি নাকচ কৰি পেলালে ৷ টেবুলত দুয়োৰে বাবে খাদ্য সজাই কেঁচুৱাটো তাই নিজৰ কোলালৈ ল’লে ৷

‘ছেঃ গোটেই ৰাতিপুৱাটো এনেয়ে গল ?’- খাবলৈ বহি উৎপলে তাৰ বিৰক্তি প্ৰকাশ কৰিলে ৷

‘কিয় ?’- একামোৰ ৰুটী ছিঙি লৈ অনুৱে সুধিলে ৷

‘নাই, একো কাম নহল ৷’- উৎপলৰ কণ্ঠত নিৰুদ্বেগ ক্ষোভ ৷ অনুৱে তালৈ চালে ৷ তলমূৰ কৰি সি তেতিয়া খোৱাত মন দিছিল ৷

‘আচলতে হৈছে কি…’ উৎপল ৰ’ল আৰু খোৱা বন্ধ কৰি ভাবিবলৈ ধৰিলে ৷ কোলাৰ কেঁচুৱাটোলৈ চাই অনুৱে কৈ উঠিল ৷

‘অ’- এওঁ শুলে ৷ তুমি খোৱাচোন ৷ মই এওঁক বিছনাত দি আহোঁ ৷’

‘খাই নোলোৱা কিয় একেবাৰে-’ সি প্ৰায় ধমক দি উঠিল ৷

‘‘ইহ পিছত আকৌ সাৰ পাই যাব পাই ৷ দিগদাৰ হ’ব ৷ তুমি খোৱাচোন, মই আহিছোঁ ৷’ খুব সাৱধানে লকেটটো দাঙি লৈ তাই সংকোচ মনেৰে ভিতৰলৈ গ’ল ৷

ভিতৰৰ পৰা পুনৰবাৰ শিশুৰ কান্দোন ভাঁহি আহিল আৰু উৎপলে সশব্দে চাহৰ কাপ টানি লৈ, যেন ক্ৰুব্ধ চাহ বাকিব ধৰিলে ৷

ত্ৰিছ বছৰত দায়িত্ব আৰু বিভিন্ন সমস্যাৰ মাজত ধৈৰ্য আৰু উৎসাহ সহকাৰে উৎপলে অনেক যুদ্ধ কৰিছে, সফল আৰু বিফল হৈছে আৰু কেতিয়াও, বিফলতা সত্ত্বেও, পৰান্মুখ হোৱা নাই ৷ কিন্তু এতিয়া সি অনুভৱ কৰিছে যে তাৰ উৎসাহ হেৰাইছে ৷ কিয়, সি বুজি পোৱা নাই ৷ তাৰ চাৰিওফালে ৰাতিপুৱাৰ পৰা ৰাতি আধাডোখৰলৈকে মানুহে কেৱল কথা কৈছে, গান গাইছে, চিঞৰিছে, শব্দ কৰিছে ৷ এনেকৈ সি নিজেও অনেক কথা কৈছে, দিনটোত, ক্লাছত, সভাত ঘণ্টাৰ পিছত ঘণ্টা বক্তৃতা দিছে ৷ সি ভাবিলে শব্দবোৰে কেৱল বতাহত খেলিমেলি ঢৌ তুলি আছে ৷ কোনো পেটাৰ্ণ লোৱা নাই, কোনো এফেক্ট তৈয়াৰ কৰিব পৰা নাই, কোনো অৰ্থবহ ৰূপ পৰিগ্ৰহ কৰা নাই ৷ তাৰ কেঁচুৱাটোৰ কান্দোন, অনুৰ সুন্দৰ কণ্ঠৰ গুণ গুণ গান, কাষৰ ঘৰৰ দ্বন্দ্বচতুৰা মহিলাগৰাকী আৰু তেওঁৰ অসংখ্য সন্তানৰ চিৎকাৰ, অসময়ৰ ৰেডিঅ’, আন্দোলন পৰিষদৰ মাইকত ঘোষণা, মটৰ, ৰে’ল, ৰিক্সাৰ হুলস্থুল, বাটত টিকা চোঁচোৰাই যোৱা ভিক্ষাৰীৰ ‘সীতাৰাম’ আৰ্তস্বৰ, ছেকেণ্ড হেণ্ড শ্ব’-ফেৰৎ ডেকা দলৰ অশ্লীল কথোপকথন ইত্যাদি হাজাৰ ধৰণৰ শব্দৰ ফলত সন্ধ্যাৰ শান্ত, একান্ত মুহূৰ্ত অথবা দুপৰীয়াৰ দগ্ধ নিস্তব্ধতাতো তাৰ ভাব হয় সি যেন অলপ দূৰৰ পৰা বজাৰৰ অস্পষ্ট, সৰু, ডাঙৰ কথা-বতৰাৰ গৰ গৰ শব্দ শুনিবলৈ পাইছে ৷ শব্দটো প্ৰথমে তাৰ কাণত পৰে, তাৰ পিছত ক্ৰমে বেছি হৈ আহি তাৰ শ্ৰৱণশক্তি নিষ্ক্ৰিয় কৰি তোলে ৷ তাৰ পিছত শব্দটো মাত্ৰ তাৰ মূৰৰ ভিতৰত পাকঘূৰণি খাই থাকে ৷

ক্ৰিং ক্ৰিংকৈ টেলিফোন বাজিল ৷

পেন্টৰ বুটাম মাৰি মাৰি উৎপলে গৈ টেলিফোনটো ধৰিলে ৷ নিজৰ চিনাকি দিলে ৷

একো শুনা নাযায় ৷ ‘হেল‘উ’- সি চিঞৰিলে ৷ ‘হেল ‘উ’- সিফালৰ পৰা এটা ক্ষীণ ধ্বনি শুনা গল ৷

‘আপুনি কোনে কৈছে ?- উৎপলে চিঞৰিলে ৷

‘হেল‘উ’- এটা অস্পষ্ট ক্ষীণ ধ্বনি পুনৰায় ভাঁহি আহিল ৷

‘ইয়েছ, বৰুৱা স্পিকিং ৷ আপুনি কোন ?’

উৎপলে ক’লে আৰু উত্তৰৰ প্ৰত্যাশাত কিছুসময় ৰ’ল ৷ একো নুশুনি৷ ‘হেল‘উ’- সি আকৌ এবাৰ চিঞৰিলে, এইবাৰো কোনো শব্দ শুনা নগ’ল ৷ সজোৰে ক’লা সৰু যন্ত্ৰটোৰ ওপৰত সি তাৰ সমস্ত বিৰক্তি থেকেচা মাৰি থ’লে ৷

‘চাওঁ, ছাৰ্টটো দিয়াচোন’ জোতাৰ ফিতা বান্ধি উৎপলে সোমাই অহা অনুক নিৰ্দেশ দিলে ৷

‘এই ৰ’দখনত কোনফালে যোৱা ?’

‘যাওঁ, অলপ কাম আছে ৷’ জোতাৰ ফিটাডাল ছিগি থাকিল ৷

‘তথাপি ?’ হেঙাৰৰ পৰা ছাৰ্টটো নমাই অনুই সুধিলে ৷

‘কাম আছে, কৈছোঁ নহয় ৷’- ফিতাডাল জোৰাদি সি ক’লে ৷ বিৰক্তিৰ লগত তিক্ততা যোগ হৈ আহিল ৷ তাই ছাৰ্টটো আনি উৎপলৰ হাতত দিলে ৷

‘এজনীৰতো আজিলৈকে দেখাদেখিয়েই নাই ৷ বৰ দিগদাৰ লাগিছে পাই ৷’ তাৰ কথাৰ তীক্ষ্ণতাত অসন্তুষ্ট তাইৰ ৰোষ অনুপস্থিত কাম কৰা ছোৱালীজনীৰ প্ৰতি নিক্ষিপ্ত হল ৷

উৎপলৰ পিছে পিছে অনু দুৱাৰমুখলৈকে ওলাই আহিল ৷ বাহিৰৰ ৰ’দ তাইৰ চকুত ধৰি গ’ল ৷ এই ৰ’দখনত, বন্ধৰ দিন, কিয় ঘূৰি ফুৰিব লাগে, তাই ভাবিলে ৷

‘ৰিক্সাত যাবা, ৰিক্সাত আহিবা’- তাই পিছফালৰ পৰা ক’লে ৷

‘মোৰ দেৰি হ’ব ৷’- পিছলৈ নোচোৱাকৈ সি কৈ গ’ল ৷ ‘এই মাইকী মানুহবোৰ…৷’-সি ভোৰভোৰালে ৷

উৎপলে দেখিলে বিভিন্ন মানুহ বাটেদি অহা-যোৱা কৰিছে ৷ কথা পাতিছে ৷ ৰ’দৰ প্ৰখৰতা সত্ত্বেও সিহঁতৰ মুখত হাঁহি ওলাইছে ৷ হাতত চাউলৰ খালী মোনা লৈ বৰুৱা আৰু স্ত্ৰী-শিশুসহ হস্পিতাল অভিমুখী মেধি উভয়ে উভয়ক হাঁহিৰে সম্ভাষণ জনাইছে ৷ মলিন, নিস্তেজ হাঁহিৰ অৱশেষ উজ্বলতাও বিশৃংখল, অমাৰ্জিত ডাঢ়িৰ তলত বিলীন হৈ গৈছে ৷ একে হাঁহি, অথচ উৎপল নিশ্চিত যে উভয়ৰে ভাব আৰু গভীৰতা উভয়ৰ বোধৰ বাহিৰত ৷ সমগ্ৰ শৰীৰ ঘামেৰে ভিজাই – হাতত এটা পৰিপূৰ্ণ মোনা লৈ প্ৰতিবেশী ঘটকে ৰাস্তাৰ দাঁতিত মহেশ চৌধুৰীৰ লগত কথা পাতিছে ৷

‘উহ, আঢ়ৈ ঘণ্টা কিউ কৰিব… কোনোমতে…..’

‘এই নক’ব…. মই পিছে কোনোমতে পৰহি দহ কিলোমান গোটাইছো এঠাইৰ পৰা ৷ সাংঘাতিক অৱস্থা হৈছে ৷’

উৎপলে অনুভৱ কৰিলে, চৌধুৰীৰ উপলব্ধ সাংঘাতিক অৱস্থাই ঘটকৰ বিধ্বস্ত, ক্লান্ত মুখত কোনোধৰণৰ প্ৰতিক্ৰিয়া সৃষ্টি নকৰিলে ৷ আৰু স্থূলকায়, পৰিচ্ছন্ন, উজ্জ্বল চেহেৰাৰ ইন্সপেক্টৰ চৌধুৰীৰ লগত ঘটকৰ বৈষম্যপূৰ্ণ চিত্ৰই স্বতঃস্ফূৰ্তভাৱে তেওঁলোকৰ কথোপকথন আৰু তাৰ অন্তৰংগতাৰ ওপৰত ছাঁ পেলাইছিল ৷ তথাপি উৎপলক দেখি ঘটকৰ ক’লা মুখৰ তলত অৱলুপ্ত দুপাৰি দাঁত প্ৰকাশিত হৈ উঠিল আৰু উৎপলে তাৰ পৰিচিত প্ৰতিবেশীক হাঁহিৰে প্ৰত্যাভিবাদন জনালে ৷

উৎপলে ভাবিবলৈ ধৰিলে, এটা প্ৰতিকূল ৰাতিপুৱাৰ বিৰক্তিময় আৰু নিৰানন্দ অভিজ্ঞতাৰ মাজতো কেনেকৈ সি প্ৰতিবেশীৰ উদ্দেশ্যে অকৃত্ৰিমভাৱে হাঁহি মাৰিব পাৰিলে ৷ অথচ ঘটকে, যি যোৱা দুদিন ধৰি ভালকৈ ভাত খাবলৈ পোৱা নাই, আঢ়ৈ ঘণ্টা ৰ’দত শাৰী পাতি থিয় দি দুই কিলো চাউল আনিছে ৷ কেনেকৈ, কেনেকৈ ভিতৰৰ পৰা কোনো প্ৰেৰণা নোহোৱাকৈ, কাৰো কথা অকণো ভাবিবৰ চেষ্টা নকৰাকৈ আমাৰ মুখলৈ সহজ স্বাভাৱিকভাৱে হাঁহি আহি যায় ? আমি কি আত্মগোপন কৰোঁ লজ্জাত? নে কি দায়িত্ব সাৰিব খোজোঁ উমৈহতীয়াভাৱে ? হাঁ, ইয়াতে, এই ক্ষেত্ৰতেই হয়তো চিৰকালৰ বাবে আমাৰ পৰিষ্কাৰ বুজাপৰা হৈ গৈছে ৷

লাইব্ৰেৰীত সোমাই উৎপলে দুখনমান কিতাপ বিচাৰিলে ৷ কিতাপকেইখন নাই ৷ লাইব্ৰেৰিয়ান শৰ্মাৰ লগত আগেয়ে সি তাৰ গৱেষণাৰ বিষয়ে কথা পাতিছিল ৷ তেওঁ ড্ৰয়াৰৰ পৰা শকত কলেৱৰৰ নতুন কিতাপ এখন উলিয়াই তাক দিলে ৷ ‘আপোনাৰ কামত আহিব, নিয়ক ৷’- তেওঁ ক’লে ৷ সি হাত পাতি কিতাপখন ল’লে ৷ চাবলৈ তাৰ আগ্ৰহ নহ’ল ৷ ছাৰ্টৰ বুটামটো খুলি দি ফেনৰ তললৈ চকীখন টানি লৈ সি মূৰটো আঁউজাই দিলে ৷ চকুহাল মুদি সি মনলৈ আহিব খোজা ব্যৰ্থতা আৰু চাৰিওফালৰ শূন্যতাৰ ভাবটো সম্পূৰ্ণকৈ অনুভৱ কৰিবলৈ চেষ্টা কৰিলে ৷ কি হৈছে- সি নিজকে সুধিলে ৷ এফালৰ পৰা সি দিনবোৰ, (সি পাহৰি গ’ল, শৰ্মাই তাৰ সন্মুখত বহি কাম কৰি আছে) প্ৰতিদিনৰ ঘটনাবোৰ, চেষ্টা আৰু ব্যৰ্থতা (বা সফলতা)বোৰ, কথোপকথন-কিহে তাক ক্ষুণ্ণ কৰিছিল আৰু কিহে সন্তুষ্ট, আমোদ আৰু উষ্মা, প্ৰেম আৰু বেদনা মনলৈ আনিলে ৷ কিছুমান স্পষ্ট, কিছুমান ধোঁৱাময় ৷ নাই, একো উত্তৰ নাই ৷ হতাশভাবে সি চকু দুটা মেলি দিলে ৷ শৰ্মাক চছমা আৰু কলমৰ সৈতে কৰ্মব্যস্ত দেখা গ’ল ৷

‘বৰ কিবা লাগিছে শৰ্মা ৷’- শ্ৰান্ত, নিৰুৎসাহীস্বৰত সি কলে ৷

‘নক’ব দিয়ক’ ৷ শকত বহল বহীখনৰ পাত লুটিয়াই বাঁওফালৰ কিবা এটা নম্বৰ খুব মনোযোগেৰে চাই শৰ্মাই ক’লে ৷ নিজৰ বাক্যটোৰ কাৰণে উৎপলৰ অনুতাপ হল ৷ আৰু নিজৰ ওপৰতে ক্ৰুদ্ধ হৈ সি লাইব্ৰেৰীৰ পৰা ওলাই আহিল ৷…

বাতৰি কাকতৰ পৰা মূৰ তুলি প্ৰণৱে মাতিলে- ‘আহ ৷’ উৎপল বহি পৰিল ৷

‘বৰ ৰ’দত ওলালি ৷’- প্ৰণৱে আকৌ ক’লে আৰু চাৰমিনাৰৰ পেকেটটোলৈ হাত মেলিলে ৷ উৎপল ক্ষুব্ধ হ’ল ৷

‘ফেনখন দে’ চকীত আউজি উৎপলে ক’লে আৰু ভাবিলে- ‘তহঁতে কি জানিবি মই কিয় এই ৰ’দতো ওলাইছোঁ ৷’

‘নাই, ফেনালে বৰ ঘেৰেং ঘেৰেং কৰে, ধৰ ৷’

উৎপলে চিগাৰেট লৈ জ্বলালে আৰু বিৰক্তভাৱে ঘাম মচিলে ৷

‘ক’ৰ পৰা ওলালিহি ?’

‘ঘূৰি ঘূৰি ৷ ভাল লগা নাই…৷ কি এটা হৈছে জানো…’

‘তোৰতো আছেই সেইবোৰ ৷ অনৰ্থক মগজু গৰম ৷ ঘৈণীয়েকজনীক ভালকৈ জ্বলাইছ ৷ বেচেৰী..’

‘আৰে, দূৰ, মগজু গৰম ! মন ঠিক নাই ৷ সব কিবা শূন্য ৷ উশাহ বন্ধ হৈ যাব খোজে ৷’ উৎপলে দীঘলকৈ উশাহ ল’লে৷

‘শূন্যতাত মই বেছ আছোঁ ৷ বাহিৰত আৰু বুকুৰ ভিতৰত অন্ধকাৰ ৷ প্ৰফাউণ্ড শূন্যতা ৷ তোৰতো সোণৰ সংসাৰ ৷ ’

উৎপলৰ চকুত চিগাৰেটৰ ধোঁৱা সোমাইছিল ৷ প্ৰণৱৰ মুখখন সি ভালকৈ দেখা নাপালে ৷

‘ব’ল, অলপ ওলাই যাওঁ ৷’

‘ধেৎ, ক’লৈ যাবি ? চাহ খা ৷’

‘নাই, নালাগে, ওলা সোনকালে ৷’

‘তৰংগ’ৰ চুকৰ টেবুলত বহি সিহঁতে চাহ খাই আছিল ৷ ধীৰেন আহি সিহঁতৰ লগত বহিল ৷

‘কি হ’ল ? দুয়ো দেখোন, ক্লাছ নাই ?’

ধীৰেন এটা কোম্পানীৰ একজিকিউটিভ অফিচাৰ ৷ সি অদৰকাৰী বিষয়ৰ খবৰ নাৰাখে ৷

‘কলেজ বন্ধ আছে ৷ ক’ৰ পৰা আহিলা ?’- প্ৰণবে সুধিলে ৷

‘তোমালোকৰে ভাল দিয়া ৷ ইচ্ছামতে আহিছা, গৈছা, ইটোৰ পিছত সিটো বন্ধ চলিয়েই আছে ৷ জমি আছে ৷’

‘ক’ৰ পৰা আহিলা ?’- প্ৰণৱে আকৌ সুধিলে ৷

‘এই, গাড়ীখনে বৰ জুলুম কৰিছে হে কালিৰ পৰা ৷ পুৱাৰ পৰা দুটামান গেৰেজ ঘুৰি এতিয়া কোনোমতে ঠিক কৰি আনিছোঁ ৷ বৰ কষ্ট চালা ৷ ’

উৎপলে শৰ্মাৰ পৰা অনা কিতাপখন মেলি চাইছিল ৷

‘কি হ’ল উৎপল ? খুব হেৰি যেন দেখিছোঁ ৷’- ধীৰেনে সুধিলে ৷

‘হাঁ ? অ’ ৷’- মূৰ নোতোলাকৈ উৎপলে উত্তৰ দিলে ৷

‘অ’, বাই দা ৱে, প্ৰণৱ, তোমাৰ দেউতাৰাৰ অসুখ বুলি শুনিলোঁ ?’

‘ঠিকেই শুনিছা ৷’

‘কি হৈছে ?’

‘কাৰ্ছিন‘মা ৷’

‘হয় ? ক’ত হৈছে ?’

‘ঈচ’ফেগাচ ৷’

‘অ’ই’, So unfortunate’!

উৎপলে লাহেকৈ মূৰ তুলি ধীৰেনলৈ চালে ৷ তাৰ পিছত আকৌ চকু নমাই আনিলে ৷

বাহিৰৰ ৰ’দ, এতিয়া ফেনৰ তলত, ক’ক্‌-চাহ-চিগাৰেট-আইচ্‌ক্ৰীমৰ আৰামৰ মাজত পাহৰি থকা যায় ৷ শীতৰ ৰাতি লেপৰ তলত গ্ৰীষ্মৰ এই দহন অনুভৱ কৰিব নোৱাৰি ৷ সেয়ে সি দেখে, সকলো ঋতুতে, চহৰৰ প্ৰকাণ্ড টাৱাৰ-ক্ল’কৰ পৰা শূন্যতাৰ টোপালবোৰ বেদনাৰে নীলা হৈ খহি পৰিব ধৰিছে ৷ সেই বেদনা শূন্যৰ সীমাহীন গভীৰতাৰে এই পৃথিৱীৰে এটি শ্ৰেষ্ঠ ট্ৰেজেদিৰ মাজেদি এটি মাত্ৰ সৰল গাণিতিক চিহ্নত গিৰ্জাৰ সুউচ্চ চূড়াৰ পৰা প্ৰতিদিন নীৰৱে ঘোষিত হৈ ৰৈছে ৷ উৎপলৰ হঠাতে মনত পৰিল ৰাতিপুৱাৰ অনাতাঁৰ বাতৰিৰ আংশিক ঘোষণা ৷ সি কিতাপখন জপালে ৷ কিতাপখন তাৰ খিৰিকীয়েদি দলিয়াই দিবৰ মন গ’ল ৷ কিন্তু ইতিমধ্যে সি অন্য কথা ভাবিবলৈ আৰম্ভ কৰিলে আৰু সি গম পালে, ধীৰেনে তাৰ পৰা বিদায় লৈছে ৷

‘তোৰ কাম কিমান আগবাঢ়িছে ?’— বহুত সময়ৰ মূৰত প্ৰণৱৰ প্ৰশ্নত উৎপলে সাৰ পালে ৷

‘হাঁ ? অ’ নাই, মুঠেই নাই’ ৷

‘কেনেকৈ হ’ব ? শুন, এইবোৰ ধান্দা এৰি দে ৷ ছিৰিয়াছলি সাহিত্য বাদ দি ৰিছাৰ্চত লাগ, কেইবছৰমানৰ মূৰত হ’লেও কিবা এটা হ’বগৈ ৷’

‘তহঁতে কথাটো বুজা নাই ৷ গোটেই বস্তুটো আৰু খেলিমেলি লাগি গৈছে ৷ আচলতে মই…’

‘বাদ দে, বাদ দে ৷ যিটো বস্তু চাবই নোখোজ, তাক স্পষ্টকৈ দেখিবি কেনেকৈ ? ধোদ কাক কয় ? ব’ল৷ উঠ ৷’ চিগাৰেটৰ পেকেট হাতত লৈ অসন্তুষ্ট প্ৰণৱ উঠিল ৷ উৎপলৰ সকলো উৎসাহ শীতল হৈ গ’ল ৷

দুপৰৰ প্ৰখৰ ৰ’দ মূৰত লৈ উৎপল ঘৰলৈ উভতিল ৷ অনেক দূৰ সি ভাবিলে, সি কিয় ধীৰেনক নুসুধিলে গাড়ীখনে তাক কিমান কষ্ট দিলে ৷ যি ধীৰেন তাৰ পুৰণি বন্ধু, হস্পিতালত অনুক দেখা কৰে, তাৰ কেঁচুৱালৈ উপহাৰ আনে, এতিয়াও পিকনিক বা সান্ধ্য আড্ডাত তাৰ সহচৰ ৷

আবেলি ৰ’দ কমিছিল ৷ মাজে মাজে এজাক জুৰ বতাহ বলিছিল ৷ গা ধুই উঠি উৎপলে আগফালৰ বাৰাণ্ডাত বহি বিশ্ৰাম লৈছিল ৷ তাৰ অশান্ত মন, তাৰ বিৰক্তি আৰু অকাৰণ আপত্তি হঠাৎ যেন পৰিৱেশৰ নম্ৰতাৰ অধীন হৈছিল ৷ এই সময়তে কাষৰ ঘৰৰ বুঢ়া-বুঢ়ীৰ বিশ্ৰম্ভালাপৰ অংশ তাৰ কাণলৈ ভাঁহি আহে ৷

‘উঃ, কি গৰম’- বুঢ়ীয়ে ক’লে ৷

‘এতিয়াতো বেছ বতাহ’- বুঢ়াই আপত্তি কৰিলে ৷

‘তথাপি গৰম যোৱা নাই ৷’

‘নাই, বহুত কমিল ৷’

দুয়ো মনে মনে ৰ’ল ৷’

‘মাছ খোৱা নাই বহুদিন, নহয় ?’

‘কিয়, পৰহি যোগেনে অনা নাই ? এক কিলো ৰৌ ?’ বুঢ়ীয়ে প্ৰায় ভৎৰ্সনাই কৰিলে ৷

‘ভাল আছিল মাছটো ৷’

‘কি হ’ব, সি ৰান্ধিব নেজানিলে ৷’

আকৌ দুয়ো নিৰৱ ৷

‘আজিৰ কাগজখন কি হ’ল ?’

‘আজিৰ কাগজ দিয়াই নাই হব’লা ৷’

‘কেলেই ? ৰাতিপুৱা কি পঢ়িছিলোঁ ?’

‘সেইখন নেকি চকীত ?’

‘নহয়, আজিৰখন ৷’

‘নগাৰ কথা থকাখন ?’

‘নহয় আজিৰখনহে ৷’

‘ৰাতিপুৱাতো-’

‘আজিৰ কাগজখন, আজিৰ ৷’

বোধহয় বুঢ়ী ভিতৰলৈ গ’ল ৷ আলাপ বন্ধ হ’ল ৷ উৎপলে এটা হুমুনিয়াহ কাঢ়িলে। কথা পাতিবলৈ তাৰ মন গ’ল ৷ অনুক চিঞৰি মাতিলে ৷ কেঁচুৱাক শুৱাই অলপ পিছত অনু আহি বাৰাণ্ডাত বহিল ৷ আৰু প্ৰায় লগে লগে পদুলিত মিচিকিয়াই হাঁহি থিয় হ’লহি ডাক্তৰণী অৰ্থাৎ ডাক্তৰ চৌধুৰীৰ পৰিবাৰ ৷

‘বাইদেউ ক’ৰ পৰা আহিলে ?’- অনুৱে হাঁহি মাত লগালে ৷

‘তোমালোকৰ ইয়ালৈকে আহিলোঁ ৷ দিনটো যি গৰম, বোলো জুৰ পৰিছে, অলপ ফুৰি আহোঁ ৷’- ডাক্তৰণীয়ে উৎপললৈ চাই হাঁহি মাৰিলে আৰু এখন আসন অধিকাৰ কৰি বহিল ৷

উৎপলে এটা দীঘলীয়া নিশ্বাস পেলালে ৷ মহিলা দুগৰাকীয়ে আলাপ আৰম্ভ কৰিলে আৰু উৎপলৰ অনুভৱ হ’ল আবেলিৰ শান্তি, জুৰ মলয়া, পৰিৱেশৰ নম্ৰতা, মধুৰ সন্ধ্যাৰ সম্ভাৱনা সকলোবোৰ এটা উষ্ণ, গধুৰ আৰু অস্বস্তিকৰ বতাহত লাহে লাহে উৰি নাইকিয়া হৈ গ’ল ৷

ভিতৰলৈ উঠি গৈ সি দেখিলে তাৰ শিশু পুত্ৰ টোপনিত নিমগ্ন ৷ তাক এবাৰ কোলাত লৈ মৰম কৰিবলৈ মন গ’ল ৷ কিন্তু নিদ্ৰাভংগৰ লগে লগে শিশুদৈত্যটোৱে মাকৰ প্ৰতি তাৰ পক্ষপাতিত্ব প্ৰমাণ কৰিবলৈ যিবোৰ অত্যাচাৰ আৰম্ভ কৰিব, তাৰ ভয়ত সেই চেষ্টাৰ পৰা সি বিৰত হ’ল ৷ পোছাক পিন্ধি সি বাহিৰলৈ ওলাবলৈ সাজু হ’ল ৷

অনু কোঠালৈ সোমাই আহি দেখিলে মানুহটোৰ মুখলৈ ডাৱৰ নামি আহিছে ৷ সন্ধ্যাৰ পাতল আন্ধাৰৰ ছাঁ তাৰ মুখত গভীৰ হৈ পৰিছে ৷ ছাৰ্টৰ বুটাম মাৰি সি আইনাৰ আগত থিয় দিছিল ৷ তাই আহি ওচৰত ৰ’ল ৷

‘গ’ল নে বাইদেৱেৰা ?’- মুখ নুঘূৰোৱাকৈয়ে সি সুধিলে ৷

‘নাই… তুমি অলপ বহাগৈ না, মই চাহকাপ কৰি নিওঁ ৷’- সংকোচেৰে, চকুৱে-মুখে অনুনয় সানি তাই ক’লে ৷ আপত্তিসূচক শব্দটো জোৰকৈ বন্ধ কৰি সি আগফাললৈ ওলাই আহিল ৷

‘ওলাই যায় নেকি ?’- ডাক্তৰণীয়ে সুধিলে ৷

‘অ’, অলপ ফুৰি আহোঁ ৷’- উৎপলে ক’লে ৷ ক’বলৈ একো কথা নাছিল ৷ ছাৰ্টৰ বাউসীৰ ক’লা দাগ এটাত আঙুলিৰে টোকৰ মাৰি বিৰক্তভাৱে সি ক’লে- ‘এই বগা ছাটবোৰ ! ’

‘আমাৰ এওঁ আকৌ এইবাৰ টেৰিলিনৰ চোলা কিনিছে ৷ নিকিনে নহয় ৷ ইমানবোৰ চোলা আছে, টেৰিলিনৰ এটাও নাই ৷’ ডাক্তৰণীয়ে হাঁহিলে ৷

‘অ’সি ক’লে আৰু হঁহা যেন কৰিলে ৷ এই মানুহজনী কি সুখী ? এওঁৰ কি কোনো সমস্যা নাই ?

‘সিবাৰ পূজাত দাদাই এটা টেৰিলিনৰ পেন্ট প্ৰেজেন্ট দিলে, কি জোকাইছে মোক, ভাল হ’ল বোলে, এতিয়াৰ পৰা ধোবাৰ খৰচ বাচিল ৷’ নিজৰ কথাৰ ৰসত ডাক্তৰণীয়ে সৰু ছোৱালীৰ দৰে খিলখিলাই হাঁহিলে ৷

এওঁ কি বিৰক্ত নহয় কেতিয়াও ? সদাসন্তুষ্ট ? মনলৈ হতাশা নাহে ? গিৰিয়েকক, ল’ৰা-ছোৱালীক- সিহঁতৰ সুখ-দুখ, ইচ্ছা-অনিচ্ছা, ভাল-বেয়া সকলো ভালকৈ জানে ?

অনু চাহ লৈ আহিল আৰু চাহ খাই উঠিয়েই উৎপল ফুৰিবলৈ ওলাল ৷ বাহিৰলৈ আহিবলৈ তাৰ অকণো উৎসাহ নাছিল ৷ কিন্তু ঘৰৰ সন্ধ্যাৰ স্নিগ্ধ অৱকাশৰ আশা এতিয়া সম্পূৰ্ণভাৱে উঁৱলি গৈছে। আজি দিনটোৰ ভাগৰ আৰু অৱসাদ এইকেইদিনৰ বিৰক্তিৰ সৈতে হঠাতে মিলি গৈ ঘৰটোকেই এতিয়া অস্বস্তিকৰ আৰু অসহনীয় কৰি তুলিছে। অনন্যোপায় হৈ বাহিৰৰ অশান্ত, অবোধ্য হুলস্থুলৰ মাজলৈ ক্ষুব্ধ, মোহহীন, উদ্দেশ্যহীন উৎপল ধীৰে ধীৰে আগবাঢ়িল ৷

‘কি খবৰ?’ ‘কি খবৰ?’

চাইকেলত ট্ৰেফিক ইন্সপেক্টৰ ৰহমান পাৰ হৈ গল ৷

এতিয়া গৈ ক’ৰবাত আড্ডাত বহিব পাৰি, উৎপলে ভাবিলে ৷ ক’ত, সি ভাবিলে আৰু লগে লগে ধীৰেনৰ কোম্পানীৰ নতুন প্লেণ্টৰ ব্যাখ্যা, জিতেনৰ ক’ৰবাত বেপৰোৱাভাৱে পাৰ্টি কৰাৰ সগৌৰৱ বৰ্ণনা, ৰাজনীতিৰ তৰ্ক, তাক জড়িত কৰি ভুল বুজাবুজিৰ ফলত গালাগালি ইত্যাদি তাৰ মনলৈ আহিল ৷

প্ৰণৱ ঘৰত নাছিল ৷ ভনীয়েক আহিব পাৰে বুলি বাছ ষ্টেচনলৈ গ’ল ৷ কোলাত কেঁচুৱা লৈ প্ৰণৱৰ বায়েকে খবৰ দিলে ৷

‘ছেঃ এনেই আহিলোঁ ৷ ভাবিছিলোঁ তাক লগ পালে ভাল লাগিব ৷ ভাগৰ লাগিছে বৰ ৷’ সি চকী এখনত বহি দিলে ৷

‘অ’… ময়ো আজি অকলে পাকঘৰত ৷ মাৰ গা ভাল নহয় ৷ বৰ দিগদাৰি ৷’

অলপ পিছত প্ৰণৱ আহিল ৷

‘কি হল ? বাসন্তিকা ?’

‘নাই, নাহিল ৷ লাষ্ট বাছ আহি গ’ল ৷’

‘ওলাই যাবি নেকি ?’- প্ৰণৱে বহি লৈ ক’লে ৷

‘নাঃ ৷ ক’ত যাবি ? আঠ বাজিল ৷’

‘ব’ল অলপ ওলাই যাওঁ ৷’- প্ৰণৱে আকৌ ক’লে ৷

‘ক’ত যাবি ?’ দুয়ো মনে মনে ৰল ৷

‘ক, কথা কচোন ৷’- উৎপলে ক’লে ৷ সি কথা পাতিব খুজিছিল ৷ কিহবাৰ বিৰুদ্ধে জোৰেৰে, ভীষণভাৱে, আৱেগেৰে বক্তৃতা দিবলৈ তাৰ বৰ মন গৈছিল ৷

‘ৰে’লৱে ষ্টেচনটো বৰ ভাল বস্তু ৷’- প্ৰণৱে ক’লে ৷

‘‘আমাৰটো ?’

‘ৰে’লৱে ষ্টেচনটো ৷’

‘আমাৰ ইয়াৰটো ?’

‘ৰে’লৱে ষ্টেচন অ’, ৰেলৱে ৷’

‘আমাৰটোতো ? আৰে দুৰ, জঘন্য লেতেৰা ৷ কি গোন্ধ !’

‘বৰ ইণ্টাৰেষ্টিং ৷’

‘দুৰ, ৱেইটিং ৰূমত প্ৰস্ৰাৱ কৰি থয় ৷’

‘নাই, বৰ ভাল লাগে ৷ কত মানুহ ৷ কত ৰকমৰ হাল্লা ৷ কাৰ কি ধান্দা ৷’

‘মোৰ বমি হ’ব খোজে ৷’

‘বেলেগ বেলেগ গোন্ধ আহে ৷ কয়লা, কিতাপ, ব্লিচিং পাউদাৰ, তৰকাৰি…৷ মানুহবোৰ চাই চায়েই বহুত সময় কটাই দিব পাৰি ৷’

দুয়ো মনে মনে ৰ’ল ৷ ক’বলৈ সিহঁতে একো কথা বিচাৰি নাপালে ৷ হয়তো কোনো উৎসাহ নাছিল ৷ প্ৰণৱৰ আপত্তি সত্ত্বেও উৎপলে উঠি ঘৰলৈ খোজ ল’লে ৷

‘কোন ? উৎপল নেকি ?’- ৰাজখোৱাৰ ঘৰৰ বাৰাণ্ডাৰ পৰা গলগলীয়া মাত ৷

‘হয় ৷ খুড়াদেউ কেতিয়া আহিল ?’

‘আজি গধূলি ৷ আহ৷’ এডুকেশ্বনৰ ছেক্ৰেটাৰী ৰাজখোৱা মাজে মাজে নিজৰ পুৰণি ঘৰলৈ আহে ৷ উৎপলৰ হিতাকাংক্ষী হিচাবে তেওঁ তাক মাতি আনি উপদেশ দিয়ে ৷ দ্বিধাগ্ৰস্ত উৎপল ঘৰটোলৈ আগবাঢ়ি গ’ল ৷ বাৰাণ্ডাৰ লাইট জ্বলাই দুয়ো বহিল ৷ উৎপলে মন কৰিলে তেওঁৰ প্ৰকাণ্ড মুখৰ ভুৱা নিষ্ঠুৰতা আৰু ক্ৰোধৰ অভিব্যক্তিৰ ওপৰত পাতল শ্ৰান্তিৰ ছাপ ৷

‘ৱেলফেয়াৰ অফিচাৰৰ প’ষ্টটো কি হল ৷’- কিছু সময়ৰ মূৰত সি সুধিলে ৷

‘হ’ব ৷ ফাইনান্সে ছেংচন কৰিলেই হ’ল ৷ কিয়, এপ্লাই কৰিব খুজিছ নেকি ?’

‘ভাবিছোঁ ৷’

‘কিয়, কলেজত কি বেয়া পাইছ ? নে পইছা-পাতি নহয়গৈ ?’

‘কেনেকৈ হয় ? ভালকৈ থকাটো এটা অসম্ভৱ কথা ৷’

‘ভালকৈনো কোন থাকিব পাৰে ? ময়োতো নিজে ভালকৈ চলিব নোৱাৰোঁ ৷ দিনে দিনে অভাৱ-অসুবিধা কেৱল বাঢ়ি আহিব লাগিছে ৷’

‘আপুনি নুবুজে ৷ আপুনি ভালকৈ থকা আৰু মই ভালকৈ থকাৰ মাজত পাৰ্থক্য আছে ?’

‘বুজোঁ, বুজোঁ ৷ মই নিজে এখন এইডেড কলেজৰ লেকচাৰাৰ আছিলোঁ ৷’

‘এ, আপুনি লেকচাৰাৰ আছিল ২৫ বছৰৰ আগতে ৷’

‘সেই একেটাই কথা ৷’

উৎপলৰ উত্তৰ দিবৰ মন নগ’ল ৷ কিছু সময়ৰ পিছত সি উঠিল ৷ ৰাস্তাত ভৰি দি সি বুজিলে বহুত পলম হৈ গ’ল ৷ বাটত মানুহ কমি গৈছে ৷ ৰিক্সা পাতলকৈ অহা-যোৱা কৰিছে ৷ দোকান কিছুমান বন্ধ হৈছে ৷ সি ভাবিবৰ চেষ্টা কৰিলে, ধীৰেনৰ গাড়ীখনে তাক আজি কিমান কষ্ট দিলে, ৰাজখোৱাৰ সমস্যা কি, প্ৰণৱৰ দেউতাকৰ অসুখত সিহঁতৰ ঘৰখনত কেনে গভীৰ দুখৰ ছাঁ পৰিছে ৷ ঘৰত অনু অকলে, তাৰ মনত পৰিল ৷ সি একো নাভাবিবৰ চেষ্টা কৰিলে ৷ ল’ৰাটো চাগৈ শুইছে ৷ অনু আৰু অকলশৰীয়া হৈছে ৷ সময় দ্ৰুত গৈছে ৷ তাৰ একো কাম হোৱা নাই ৷ আৰু এটা বিফল দিন পাৰ হৈছে ৷ যি বেদনাৰ কথা সি লিখিবলৈ গৈছে, তাৰ মৰ্মৰ গভীৰত প্ৰৱেশ কৰাৰ চেষ্টাত সি বাৰে বাৰে ব্যৰ্থ হৈছে ৷ অকলে অকলে এইদৰে খোজকাঢ়ি যাওঁতে উৎপলৰ খুব ক্লান্ত আৰু অসহায় বোধ হয় ৷ শৰীৰ অৱশ লাগে ৷ ধীৰে ধীৰে এটা ভয় তাৰ মনত প্ৰৱেশ কৰে ৷ শৰীৰটো সিৰসিৰাই উঠে ৷ সি পিছলৈ ঘূৰি চাই আকৌ আগবাঢ়ে ৷

অনুৱে দুৱাৰ খুলি দিলে আৰু সি গৈ চকীখনত আউজি বহিল ৷ প্ৰশ্ন সুধিবলৈ তাইৰ সাহ নহ’ল ৷ আৰু সি পাতিবলৈ ভয় কৰিলে, জানোচা তাই অভিমান কৰাৰ সুযোগ পায় ৷

‘ইমান ৰাতি কৰিলা ? ’— ভাতৰ টেবুলত বহি অনুৱে কলে ৷ তাইৰ কণ্ঠত আব্দাৰমিশ্ৰিত অভিযোগৰ ক্ষীণ ধ্বনি আছিল ৷

‘অ’, ৰাতি হ’ল ৷’— যেন টোপনিৰ জালত সি উত্তৰ দিলে ৷ ভাত খোৱাত তাৰ আগ্ৰহ নাছিল ৷ দূৰত ক’ৰবাত তাক ব্যস্ত যেন দেখা গৈছিল ৷ অথচ তাৰ মনত কোনো কথাই স্পষ্টকৈ ঠাই পোৱা নাছিল ৷ অস্পষ্ট, খেলিমেলি ভাবৰ মাজত তাৰ মন উদ্দেশ্যহীনভাৱে ঘূৰাঘূৰি কৰিছিল ৷

বগা বেৰত এশাৰী ক’লা সৰু সৰু পৰুৱা অহা-যোৱা কৰিছিল ৷ দুফালৰ পৰা দুটা পৰুৱা আহি মুখত-মুখ লগাই থমকে আৰু তাৰ পিছত আকৌ দুফালে আগবাঢ়ে ৷

একেৰাহে সি পৰুৱাৰ শাৰীলৈ চাই আছিল।

‘কি হল ? ভাত নাখালাই দেখোন?’

বেৰৰ পৰা চকু ঘূৰাই আনি উৎপলে দেখিলে অনুৱে তালৈ চাই আছে, সিহঁত ভাতৰ টেবুলত, তাৰ ভাত আধা খোৱা আৰু সি বুজিলে, তাই তাক কিবা এটা সুধিছে, বোধহয় ভাত খোৱাৰ বিষয়ে।

‘নাই, ভাত খাবৰেই মন যোৱা নাই।’ সি ক’লে।

ভাত খাই উঠি বিছনাত পৰি সি চিগাৰেট টানিছিল। কাষৰ ঘৰৰ পৰা মেকুৰীৰ কাজিয়াৰ শব্দ আহিছিল। সি দেখিলে বেৰত এশাৰী ক’লা পৰুৱা। সি মন কৰিলে, লাহে লাহে পৰুৱাবোৰৰ গতি বাঢ়িছে আৰু সিহঁত ক্ৰমশঃ গোটেই বেৰখনত বিস্তৃত হৈ পৰিছে। হঠাৎ তাৰ কাণেদি হো হো শব্দেৰে বতাহ সোমাবলৈ ধৰিলে। উৎপল বিমূঢ় হৈ পৰিল। পৰুৱাবোৰৰ সংখ্যা ক্ৰমে বাঢি গৈছে। তীব্ৰ বেগত কাৰো গাত কোনো নলগাকৈ সিহঁত বেৰখনত অহা-যোৱা কৰিছে। অসংখ্য অশান্ত অস্থিৰ পৰুৱা কোঠাৰ সমস্ত বেৰত, চিলিঙত, ফটো, আলনা, বিছনা, আলমাৰীত, চকী, মেজ, খিৰিকী, দুৱাৰত, তাৰ আৰু অনুৰ শৰীৰত বগাবলৈ ধৰিলে। আৰু সৰু সৰু ক’লা কীটবোৰ কোনো এক ভয়াৱহ ৰহস্যময় জগতৰ প্ৰাণীৰ দৰে ভীষণ বেগত নিজ নিজ পথত ঘূৰিবলৈ ধৰিলে। আৰু তাৰ পিছত সি দেখিলে, তাৰ কাণৰ ভিতৰলৈ, তাৰ চকুৰ চুক-কোণে, চুলিৰ গুৰিয়েদি মগজুৰ ভিতৰলৈ, নাক আৰু মুখৰ ভিতৰলৈ হাজাৰ-বিজাৰ পৰুৱা সোমাই গ’ল। তাৰ কাণৰ হোহোৱনিৰ মাজেদি এতিয়া এটা তীক্ষ্ণ চাইৰেনৰ ধ্বনি পাৰ হৈ গৈ থাকিল। তাৰ বমি আহিব খুজিলে। দূৰৰ পৰা অনুৰে তালৈ চালে আৰু তাই—বেচেৰীয়ে নিজৰ অৱস্থাৰ কথা নাজানে—উৎপলক দেখি ভয়ত সংকুচিত, বিবৰ্ণ, এবাৰ মুখখন মেলিলে আৰু সি যেন শুনিলে, বতাহ আৰু ছাইৰেনৰ শব্দৰ মাজেৰে, অনুৰ অসহায় চিৎকাৰৰ ধ্বনি। নিজৰ বিকল অৱস্থা সত্ত্বেও সি, উৎপল, অনুক প্ৰবোধ দিবৰ বাবে জাঁপ মাৰি উঠিল…।

‘‘এই,কি হল?’—অনুৰ কণ্ঠত সঁচা উদ্বেগ ধ্বনিত হৈছিল। উৎপলৰ চকুত পৰিল, অনুৱ কাপোৰ সলাইছে। কঁকালৰ পৰা শাড়ীখন মাটিত পৰি আছে আৰু তাই ব্লাউজৰ বুটাম মৰাৰ পৰা তাৰ মুখলৈ উৎকণ্ঠিত দৃষ্টিৰে চাইছে।

‘নাঃ’- সি কলে। চিগাৰেটটো এছট্ৰেত ডুবাই সি পানী খালে আৰু পুনৰ বিছনাত বাগৰ দিলে। অনু আহি তাৰ কাষত বহিল। সি তাইৰ ফালে ঘূৰিল।

‘কি হ’ল?’- তাই সুধিলে।

‘একো নাই।’

‘গা অসুখ কৰিছে ’

‘মোৰ ওপৰত খং উঠিছে।’

‘দূৰ।’

‘তোমাৰ কি হৈছে কোৱা। শপত, মোক ক’ব লাগিব।’

সি দেখিলে তাইৰ চকু উজ্জ্বল। তাই ৰঙা পৰিছে। ওঁঠ দুখন কঁপিছে। বাহিৰৰ পৃথিৱী মৃত। সি তাইৰ উশাহৰ শব্দ শুনিবলৈ পাইছে। তাই তাৰ কথা শুনিব খুজিছে। হঠাৎ অলক্ষিতে তাৰ অন্তৰৰ পৰা এটা দুৰ্বহ চাপ দীৰ্ঘশ্বাস হৈ ওলাই গল। সি তাইক বুকুৰ মাজলৈ ওচৰ চপাই আনিলে।(প্ৰকাশকাল-১৯৭৭)

অপূৰ্ব শৰ্মা
ফোনঃ৯৪৩৫০৬২০৫৬

অন্যান্য

THE ESSENCE OF MANAGEMENT SYSTEM STANDARDS

The purpose of existence of any organization is to satisfy the requirements of its customers and stakeholders. Customers are anyone who receives product(s) and/or service(s). They accept product(s) and/or service(s) because they have need(s). The organization can…

From Muscat to Baku

From Muscat to Baku

Azerbaijan a country where mountains, desert and sea coexists having its borders with four countries and the sea. From cobblestone streets, fortress walls, Zoroastrian fire temples to Islamic architectures, from streets once passed by the Silk Road traders to the…