কেনেবাকৈ এদিন আন্ধাৰত তোমাৰ
হাতদুখন চুই চাব খোজোঁ,
আনুভূমিক পথ এটাৰ দৰেই পৰি
থকা হাতদুখনৰ ওপৰেৰে মোৰ
আঙুলিবোৰক মই খোজকঢ়াই
চাব খোজোঁ
তুমি আঙুলিবোৰ ওপৰলৈ তুলি দিলেকিলাকুটিলৈকে বৈ আহে নেকি
দুখজনক কাৰোবাৰ অনুপস্থিতি ?
প্ৰতিবাৰেই প্ৰাৰ্থনাৰ বাবে ওপৰলৈউঠাওতে খালী হোৱা
দুয়োখন হাতত কি বান্ধি ৰাখা…
আন্ধাৰ নে সন্ধিয়া ?
আঙুঠিৰ নেওঠনিক তুমি এনেও
বিশ্বাস নকৰা বুলি জানো
তুমি ভাবা নেকি আঙুঠিবোৰত
ফাঁচ লাগি তোমাৰ আঙুলিবোৰে
আত্মহত্যা কৰিব ?
আঙুলিবোৰ মৰিলে
তোমাৰ প্ৰিয়তমাৰ শেষ স্পৰ্শও মৰি যাব
বুলিয়েইতো তুমি চাগে
ভয়তে আঙুঠি নিপিন্ধা ৷
যি হওঁক,পৃথিৱীৰ সমস্ত আবেদন এতিয়া
মই তোমাৰ হাততেই দেখোঁ
বিপৰীতে তুমি মাথোঁ দেখা
তোমাৰ প্ৰেমৰ ভাগি যোৱা
বেবিলনৰ বাগিচা ৷
তুমি মুঠি মাৰি ৰখা হাতৰ
মানচিত্ৰ দুখন
হঠাৎ মই টানি
ৰ’দলৈ নি মেলি দিব খোজোঁ ৷
বৈ যাওক সমস্ত আবেদনশুকাই যাওঁক সোঁৱৰণি
নোহোৱা হোৱা মানুহবোৰনোহোৱা হোৱাৰ কতদিন
পিছতো তোমাৰ হাতত পুতি লৈ
ফুৰা,
হয়নে ?
সেয়ে তোমাৰ হাতদুখন উৎকট
পুৰণি-পুৰণি গোন্ধায় ৷
সেই গোন্ধত কোনোবা দুপৰীয়া এটাত
মই এদিন বেমাৰত পৰিম ৷
মই অসুখী হৈ পৰাৰ আগত
তোমাৰ ৰ’দাই লোৱা হাতত
টিউলিপ ৰুম
আৰু হাত উঠালেই কিলাকুটিলৈ
পিছলি অহা অনন্ত দুখবোৰক
যিমান পাৰো মুঠিতেই ধৰি ভেটা
দিম ৷
কেনে মধুৰতম বিষয়বস্তুএতিয়া তোমাৰ হাতদুখন ৷
পাঁচটা নখচন্দ্ৰৰ ধৱল শীতলতাত
বহি এদিন মই মোৰ মৃত্যুক
আহ্বান কৰিম ৷
তুমি ভালকৈয়ে জানা যে
মৃত্যু মোৰ প্ৰতিবাদী কোৰাছ ,
কোৰাছৰ লয়ৰ নিৰ্দেশনা
দিবলৈয়ে মোক তোমাৰ হাত
দুখন লাগিব ৷
ঈশানৰ এটা কোণত তুমি থিয় হ’লেআঙুলিৰ পৰা কিলাকুটিলৈকে
টিউলিপ গজি ভৰি উঠাৰ দিনা
মই আহিম ৷
তুমি,
পৃথিৱীৰ যিকোনো এটা প্ৰান্তৰ পৰা বগুৱাবাই আহি
মোক আকোঁৱালি ল’বা ৷
তোমাৰ দুয়োখন হাতক মইএইমাত্ৰ নামকৰণ কৰিলোঁ
পৃথিৱীৰ একমাত্ৰ যঁমজ
আশ্চৰ্যৰূপে ৷
কৃষ্ণা বৰা
ফোন: ৮৪০৩০৮২০৮




