কাফকাৰ দেশত চিনেমাৰ দহ দিন

বিতুপন বৰবৰা

চেক গণৰাজ্যৰ ৰাজধানী প্ৰাগৰ পৰা ১২৭ কিলোমিটাৰ নিলগৰ কার্লভি ভাৰী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ মূল প্ৰতিযোগিতামূলক ‘ক্ৰিষ্টেল গ্ল’ব’ শাখাত জুৰীৰ দায়িত্ব পালনৰ বাবে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ সমালোচক ফেডাৰেশ্বন(ফিপ্ৰেছকী)ৰ পৰা মনোনয়ন লভাত অতিকৈ আনন্দিত হৈছিলোঁ দুটা কাৰণত৷ প্ৰথম কাৰণটো আছিল কার্লভি ভাৰী মহোৎসৱটো ইউৰোপৰে নহয় বিশ্বৰে এটা সন্মানীয় চলচ্চিত্ৰ মহোৎসৱ আৰু দ্বিতীয়টো কাৰণটো আছিল ইউৰোপৰ শ্লাভিক দেশবোৰৰ অন্যতম চেক গণৰাজ্যৰ ভাষা-সংস্কৃতি-লোকাচাৰৰ বিষয়ে জানিবলৈকো এটা আগ্ৰহ মনৰ মাজত পুহি ৰাখিছিলোঁ৷ তদুপৰি মোৰ দুজন অতিকৈ প্ৰিয় লেখক দুটা ভিন্ন সময়ত জন্ম গ্ৰহণ কৰা দুজন মহৎ সাহিত্যিক ক্ৰমে আন্টন চেকভ আৰু মিলান কুণ্ডেৰাও জন্মসূত্ৰে চেক আছিল আৰু এই অৱকাশতে প্ৰাগত থকা কাফকাৰ যাদুঘৰটো চোৱাৰ সুযোগো যে লভিম সেই লৈও আনন্দিত হৈছিলোঁ৷

কার্লভি ভাৰী মহোৎসৱৰ এইবাৰৰ উদ্বোধনী অনুষ্ঠানটো আছিল যথেষ্ট ব্যতিক্ৰমী এইবাবেই যে সেই অনুষ্ঠানত আয়োজক সকলে উদাৰভাৱে শ্ৰদ্ধাৰ্ঘ্য আগবঢ়াইছিল এই মহোৎসৱৰ এগৰাকী পূৰ্বজ মহোৎসৱ সঞ্চালক জিৰি বাৰ্টস্কালৈ আৰু এনেকি তেওঁৰ স্মৃতিত নিৰ্মাণ কৰা এখন তথ্যচিত্ৰ ‘উই হেভ গট টু ফ্ৰেম ইট’ আছিল মহোৎসৱৰ উদ্বোধনী ছবি৷ উদ্বোধনী অনুষ্ঠানটোত আনহাতে জাৰ্মান মূলৰ ইউৰোপৰ এগৰাকী প্ৰখ্যাত অভিনেত্ৰী ভিকি ক্ৰীপছ আৰু এগৰাকী আমেৰিকান অভিনেতা পিটাৰ চাৰ্ছগাৰ্ডক প্ৰদান কৰা হৈছিল অধ্যক্ষৰ বিশেষ বঁটা৷

মিলোছ ফর্মেনৰ যুগমীয়া ছবিখন আৰু ‘ডিভিয়া’

এই কথা উল্লেখযোগ্য যে বিশ্বজোৰা খ্যাতি থকা চেক গণৰাজ্যৰ এজন প্ৰসিদ্ধ চলচ্চিত্ৰকাৰ আছিল মিলোছ ফর্মেন, যি কার্লভি ৱাৰী মহোৎসৱৰ জন্মতো ওতঃপ্ৰোতভাৱে জড়িত আছিল৷ এইবাৰৰ মহোৎসৱত সেয়ে ‘আউট অৱ দ্য পাষ্ট’ শিতানৰ অংশ হিচাপে মিলোছ ফৰ্মেনে নির্মান কৰা এখন যাউতিযুগীয়া ছবি ‘ৱান ফ্লু অভাৰ দ্য কাক’ছ নেষ্ট’ৰ নতুনকৈ পুনৰুদ্ধাৰ কৰা সংস্কৰণ এটা প্ৰদৰ্শন কৰা হৈছিল কিয়নো ১৯৭৫ চনত নির্মিত এই ধ্ৰুপদী ছবিখনে এই বছৰ ৫০ বছৰীয়া জয়ন্তী উদযাপন কৰিছে। স্মৰণযোগ্য যে এই ছবিৰ অন্যতম প্ৰযোজক আছিল হলিউদৰ প্ৰখ্যাত অভিনেতা মাইকেল ডগলাছ সেয়ে এইবাৰ মহোৎসৱৰ অতিথি হৈ অহাই নহয় তেওঁৰ লগতে সহযোগী প্ৰযোজক পল জায়েণ্টজে আৰু ছবিখনৰ অন্যতম অভিনেতা ডেনি ডেভিটোক প্ৰদান কৰা হৈছিল সৈতে উৎসৱৰ ‘ক্রিষ্টেল গ্ল’ব ফৰ আউটষ্টেণ্ডিং আৰ্টিষ্টিক কনট্ৰিবিউশ্যন টু ৱৰ্ল্ড চিনেমা’ৰ সন্মান৷ কোৱা বাহুল্য ছবিখনে অস্কাৰৰ ইতিহাসত ইতিহাস ৰচনা কৰি একাডেমি বঁটাৰ পাঁচটা প্ৰধান শাখাতে জয়ী হোৱা দ্বিতীয়খন ছবি হিচাপে আজিও পৰিগণিত হৈ আছে কিয়নো ছবিখনে শ্ৰেষ্ঠ ছবি (ডাগলাছ আৰু জেনটজ), শ্ৰেষ্ঠ পৰিচালক (ফৰ্মেন), শ্ৰেষ্ঠ অভিনেতা (জেক নিক’লছন), শ্ৰেষ্ঠ অভিনেত্ৰী (লুইজ ফ্লেচাৰ), আৰু শ্ৰেষ্ঠ অভিযোজিত চিত্ৰনাট্য (লৰেন্স হাউবেন আৰু বো গোল্ডমেন)ৰ অস্কাৰ পাবলৈ সক্ষম হৈছিল৷

ফিপ্ৰেছকী বঁটা বিজেতা ছবি “আউট অৱ লাভ”ৰ পৰিচালক নাথান এমব্ৰছিয়নীৰ সৈতে ফিপ্ৰেছকী জুৰিৰ সদস্যসকল। এই নিবন্ধৰ লেখক বিতোপন বৰবৰা, একেবাৰে সোঁহাতে।

এহাতে ৰেড কার্পেটৰ ধামখুমীয়াৰ বিপৰীতে আনহাতে আমাৰ ‘ক্ৰিষ্টেল গ্ল’ব’ শাখাৰ ছবিবোৰো চোৱাৰ পর্ব আৰম্ভ হ’ল৷ প্ৰথমৰ ফালেই চোৱা ইউক্ৰেইনৰ এজন তৰুণ পৰিচালক ডিমিট্ৰি হ্ৰেছক’ৰ তথ্যচিত্ৰ ‘ডিভিয়া’ই মনত দাগ কাটি গ’ল৷ ছবিখনত সৰহ সংখ্যক ড্ৰ’ন-শ্বটেৰে মূলতঃ ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধই প্ৰকৃতি আৰু জীৱ জগতৰ ওপৰত কেনে অবর্ণনীয় ধ্বংসলীলা সাধন কৰিছে সেয়া উন্মোচন কৰিছে একধৰণৰ গীতিধর্মী নেৰেটিভেৰে, য’ত একেসময়তে নিলগ আৰু নৈকট্যৰ পৰা লোৱা দৃশ্যবোৰ আলফুলে চয়ণ কৰি আৱহত এটা শোকার্ত সুৰ বজাই ৰাখি ছবিখনক কৰি তুলিছে  কাৰুণ্যসিক্ত, অস্বস্তিকৰ আৰু দংশনময়৷ এহাতে ছাই হৈ যোৱা অৰণ্যসমূহ,  বিস্ফোৰণত বিনষ্ট হোৱা পথাৰসমূহ, বানপানীয়ে বুৰাই পেলোৱা চহৰসমূহ আৰু আনহাতে অপৰাজিত ভংগীৰে ধ্বংসলীলাৰ মাজতে পুনৰ সঁজাল হ’ব ধৰা প্ৰকৃতিয়েই নহয় মাইনৰ সন্ধান কৰি থকা লোক, মৃতদেহবোৰ সৎকাৰ কৰি থকা লোক, পৰিৱেশতন্ত্ৰৰ ওপৰত পেলোৱা প্ৰভাৱৰ বুজ লোৱাত ব্যস্ত পৰিৱেশবিদ আদিয়ে এক ভয়ংকৰ ট্ৰেজেডীৰ মাজতো আটায়ে নীৰৱে পুনৰ মূৰ ডাঙি উঠাৰ সংগ্ৰামৰ দিশটোৰ উন্মোচনে ছবিখনক এক অনন্য মাত্ৰাও দিয়ে৷

‘ক্ৰিষ্টেল গ্ল’ব’ শিতানৰে আন এখন ছবি ভিটাউটাছ কাটকুছে নিৰ্মান কৰা লিথুৱেনিয়াৰ ছবি ‘দ্য ভিজিটৰ’খন চায়ো ভাল লাগিল। ছবিখনত ত্ৰিছ বছৰীয়া ডেনিয়েলিয়াছে পৈতৃক সম্পত্তি হিচাপে লিথুৱানিয়াত থকা ফ্লেট বিক্ৰী কৰিবলৈ নৰৱেৰ পৰা তেওঁৰ এসময়ৰ গৃহ চহৰখনলৈ উভতি গৈ স্মৃতিকাতৰতাৰ মাজত সোমাই পৰেগৈ৷ অভাৱনীয়ভাৱে তেওঁ তাত বেছি সময়লৈ ৰৈ যায় আৰু প্ৰাথমিক সসময়ছোৱাৰ নিঃসগতাৰ পৰা ক্ৰমে হেৰাই যোৱা অতীতৰ সৈতে সম্পর্ক স্থাপন কৰি ক্ৰমে যেন ৰোমাঞ্চিত হৈ পৰে৷ ছবিখনত পৰিচালকে ডেনিয়েলিয়াছৰ মানসিক অৱস্থাক  কাব্যিক ব্যঞ্জনাৰে সংপৃক্ত কৰি সামাজিক বাস্তৱতাৰ নানা দিশ এনেদৰে উন্মোচন কৰে যে সি ছবিখনৰ দর্শন-অভিজ্ঞতাক নিবিড় আৰু মধুৰ কৰি তোলে৷

মর্মস্পর্শী ছবি ‘ব্ৰকেন ভয়চেছ’

‘ব্ৰকেন ভয়চেছ’ ছবিৰ এটা মুহূর্ত

মধ্য ইউৰোপৰ শ্লাভিক দেশ এখনৰ প্ৰখ্যাত চলচ্চিত্ৰ মহোৎসৱ এখনলৈ গৈ প্ৰধানকৈ শ্লাভিক ছবিৰ যোগেদি সেইবোৰ দেশক সমাজ-বাস্তৱতাৰ সৈতে পৰিচিত হোৱাটো একধৰণৰ অগ্ৰাধিকাৰেই আছিল৷ ‘ক্ৰিষ্টেল গ্ল’ব’ শাখাত থকা ‘ব্ৰকেন ভয়চেছ’ নামৰ ছবি এখনৰ যোগেদি আজিৰ নহ’লেও নব্বৈৰ দশকৰ প্ৰাৰম্ভৰ ফালে ভেলভেট বিপ্লৱৰ পৰিণতিত কমিউনিষ্ট শাসনৰ উৎখাত হোৱাৰ পাছত গণতন্ত্ৰ স্থাপিত হোৱাৰ সময়ৰ সমাজ বাস্তৱৰ উমান পোৱা গ’ল৷ বহুদিন লৌহ আচ্ছাদন(Iron Curtain) ৰ মাজত অৱৰুদ্ধ হৈ থকাৰ অন্তত চেক অথবা শ্লভাকিয়াৰ মানুহৰ মনত যেতিয়া পশ্চিমৰ দেশৰ প্ৰতি এক উৎসুকতা জন্মাৰ লগতে তালৈ যাবলৈ হাবিয়াস জন্মিছিল তেনে এক সময়তে আৰম্ভ হয় ‘ব্ৰকেন ভয়চেছ’ৰ কাহিনীভাগ৷ আমেৰিকাৰ তিনিখন ডাঙৰ মহানগৰলৈ যাবলৈ প্ৰস্তুতি চলোৱা এটা বিখ্যাত ‘কয়ৰ’(Choir) দলৰ প্ৰথম বাচনিৰ গায়িকা হ’বলৈ সেইখিনি সময়তে প্ৰাণপনে চেষ্টা কৰা এহাল কিশোৰী বায়েক-ভনীয়েক ক্ৰমে কেৰলিনা আৰু লুছিয়ে দলটোত অন্তর্ভূক্ত হ’বলৈ কেনেধৰণৰ ত্যাগ কৰিবলগীয়া হয়, তাৰ ভিত্তিতে পৰিচালক অন্দ্ৰেজ প্ৰভাছনিকে অতি মর্মস্পর্শীভাৱে নির্মাণ কৰিছে ছবিখন৷ ভিটেক নামৰ এজন দেখনিয়াৰ আৰু ৰকষ্টাৰৰ দৰে বেশভূষাৰ কয়ৰমাষ্টাৰজন যে বৰ সুবিধাৰ নাছিল সেয়া পৰিচালক প্ৰভাছনিকে দর্শকৰ চকুত প্ৰথমৰ ফালেই পেলাই দিয়ে পৰিমিত ইংগিতময়তাৰে যেতিয়া দেখা যায় ভিটেকে ভাগ লোৱা পার্টি এটাৰ পৰা বেচ অস্বস্তিৰে উভটি আহে ডাঙৰজনী বায়েক লুছি৷ কিন্তু লাহে লাহে কয়ৰমাষ্টাৰ ভিটেক অধিক আকর্ষিত হৈ পৰিব ধৰে লুছিতকৈ অধিক ধুনীয়া আৰু সৰলমনা যেন লগা কেৰলিনাৰ ওপৰত, যাৰ দৃষ্টিকোনেৰেই ছবিখনৰ কাহিনীভাগ উন্মোচিত কৰে পৰিচালক প্ৰভাছনিকে৷ কয়ৰমাষ্টাৰ ভিটেকে বায়েক-ভনীয়েকৰ সাংগীতিক প্ৰতিভাৰ উৎকর্ষতাৰ পৰীক্ষা লোৱা বা তাক অধিক পৰিশ্ৰুত কৰাৰ প্ৰয়াসৰ মাজেৰে দুয়োৰে ৰূপ-যৌৱনক লৈ তেওঁৰ বিহ্বলতা আৰু কামনা চৰিতার্থ কৰাৰ হাবিয়াসৰ ফলত এহাতে যিদৰে লিছা-কেৰলিনাৰ মাজত ঈর্ষাজনিত সংঘাত আৰু তিক্ততা তীব্ৰতৰ হয় সেইদৰে নানা আঁচনি-ফন্দী ৰচনা কৰি এদিন আমেৰিকা যাত্ৰাৰ বাবে নির্বাচন কৰাৰ প্ৰতিদান হিচাপেই মূৰকত কেৰলিনাৰ দেহত কামনা চৰিতার্থ কৰিবলৈও তেওঁ সক্ষম হয়৷ ছবিখনত উচ্চাকাংক্ষী কিশোৰীহঁতৰ পৰস্পৰৰ মাজৰ শ্বাসৰুদ্ধকৰ প্ৰতিযোগিতাজনিত উত্তেজনা, খিয়লা-খিয়লিৰ ঘটনাবোৰৰ লগতে বিশেষকৈ এহাল বায়েক-ভনীয়েকৰ নিয়তিৰ উৎকণ্ঠাই আগবঢ়াই নিয়া মনস্তাত্ত্বিক উত্তেজনাঘন নেৰেটিভক ‘কয়ৰ’ বা বৃন্দগীতৰ আখৰাবোৰে বা তাৰ চূড়ান্ত পৰিৱেশনৰ মূহূর্তবোৰে এক সাংগীতিক সুষমা প্ৰদান কৰাই নহয় সি যেন বহুদিন দমন-পীড়ন-অৱৰুদ্ধিৰ মাজত তলসুৰীয়া আৰু নিম্নগ্ৰামী হৈ পৰা কণ্ঠই দেশৰ সীমা অতিক্ৰমি সোচ্চাৰ বা উচ্চনিনাদী হৈ পৰাৰ এক প্ৰতীকী ৰূপ গ্ৰহণ কৰে, তেনে লাগে৷ কিন্তু একে সময়তে তাৰ মাজতে সেই দমন-নিপীড়ণমূলক কমিউনিষ্ট শাসনৰ দিনৰে পৰা মানুহৰ ব্যক্তিগত দুর্বলতাৰ সুযোগ লৈ বিশেষকৈ নিষ্পাপ কিশোৰীহঁতৰ ওপৰত যৌন-শোষণ চলাই অহাটো মজ্জাগত কৰি লোৱা এজন দানৱৰ স্বৰূপো উদঙাই দিয়ে৷ কিন্তু এতিয়া পৰিৱর্তিত সময়ত, মানুহৰ মনত স্বাধীনতাকাংক্ষাই খলমলাই উঠাৰ মুহূর্তত, মুক্ত হৈ পৰা কণ্ঠ প্ৰতিবাদত নির্ভীকভাৱে মুখৰ হৈ পৰিব পৰা হোৱা পৰিস্থিতিত কাকো আৰু যেন মৌন কৰি ৰাখিব পৰা নাযায়৷ ছবিখনৰ শেষলৈ সেয়ে দেখা যায়, এক সাংগীতিক পৰিৱেশনাৰ মাজতে প্ৰচণ্ড সাহস আৰু দৃঢ়তাৰে কেৰলিনা অকলেই হৈ উঠিছে এক দূৰন্ত প্ৰতিবাদী কন্ঠ৷ কোৱা বাহুল্য যে চেক গনৰাজ্যত গণতন্ত্ৰ প্ৰতিষ্ঠাৰ পাছতে এনেকুৱা এটা কয়ৰ দলত চলি অহা নির্বিবাদ যৌন শোষনৰ ঘটনা পোহৰলৈ অহা আৰু আনকি ২০০৮ চনত দীঘলীয়া বিচাৰৰ পাছত দোষীয়ে শাস্তি ভোগ কৰিবলগীয়া হোৱা এটা সঁচা ঘটনাৰ অৱলম্বনতে পৰিচালক প্ৰভাছনিকে ছবিখন নির্মাণ কৰিছে৷ কিন্তু প্ৰভাছনিকে ছবিখনক সেই ঘটনাৰ নিমিত্ত চিত্ৰণ কৰাৰ পৰিৱর্তে তীব্ৰ প্ৰতিযোগিতামূলক পৰিস্থিতিত এহাতে উচ্চাকাংক্ষী কিশোৰীসকল আৰু আনহাতে দুগৰাকী বায়েক-ভনীয়েকৰ মাজৰ সম্পর্কৰ চেপা উত্তেজনা, ঈর্ষাজনিত সংঘাত-বিদ্বেষ আদিৰ চিত্ৰণৰ লগতে সাংগিতীক জ্ঞান, ক্ষমতা আদিৰে বলবান লম্পট কয়ৰ মাষ্টাৰজনৰ কাৰচাজি আদিৰ উন্মোচনেৰে ছবিখনক বহুতৰপীয়া কৰি তোলে আৰু তাৰ পৰিণতিতে ছবিখনৰ উত্তৰণ হয় এখন আকর্ষণীয় আৰু শ্বাসৰুদ্ধ মনস্তাত্ত্বিক ছবিলৈ৷

কাৰ্লভিৱাৰীৰ বিষয়ে

আমাৰ বাবে স্বাভাৱিকতেই এখন অখ্যাত ঠাই কাৰ্লভিৱাৰী মূলতঃ পশ্চিম চেক গণৰাজ্যৰ এখন জনপ্ৰিয় স্পা চহৰ, যিখন ঠাই তাৰ অসংখ্য খনিজ গৰম পানীৰ উঁহ আৰু প্ৰধানতঃ ঐতিহাসিক স্থাপত্যশিল্পৰে ধন্য অনেক দৃষ্টিনন্দন অট্টালিকা আৰু স্তম্ভৰ বাবে বিখ্যাত। যদিও অৱসৰ বিনোদনৰ বাবে এখন আকৰ্ষণীয় ঠাই হিচাপে প্ৰধানকৈ ইউৰোপৰ ধনীক শ্ৰেণীৰ মাজত এই ঠাই জনাজাত আছিল, ঠাইটুকুৰাক বিশ্বজোৰা খ্যাতি দিলে কিন্তু কাৰ্লভিৱাৰী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱেই। উল্লেখযোগ্য যে ১৯৪৮ চনতেই আৰম্ভ কৰা কাৰ্লভিৱাৰী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ। কিন্তু ১৯৫৯ চনৰ পৰা যেতিয়া মস্কো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ নিয়মীয়াকৈ পাতিবলৈ লোৱা হ’ল, তেতিয়া আটাইকেইখন সমাজবাদী ৰাষ্ট্ৰৰ মাজত এখনেই চলচ্চিত্ৰ মহোৎসৱ পতাৰ এটা সিদ্ধান্ত অনুসৰি ১৯৫৯ চনৰ পৰা ১৯৮৩ চনলৈকে বছৰত এবাৰ কাৰ্লভি ৱাৰী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আৰু পাছৰ বছৰত মস্কো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ সলনি-সলনিকৈ পতা হৈছিল। কিন্তু ১৯৮৯ চনত চেকোশ্লভাকিয়াত আৰম্ভ হোৱা ভেলভেট বিপ্লৱৰ অন্তত যেতিয়া ১৯৯০ চনত কমিউনিষ্ট শাসনক উৎখাত কৰি এখন নিৰ্বাচিত গণতান্ত্ৰিক চৰকাৰে শাসনভাৰ ল’লে আৰু তাৰ দুবছৰৰ পাছত চেকোশ্লভাকিয়াৰ বিভাজন হৈ ক্ৰমে চেক গণৰাজ্য আৰু শ্ল’ভাকিয়া নামৰ দুখন দেশৰ জন্ম হ’ল, তাৰ পৰৱৰ্তী সময়ত ১৯৯৪ চনত পুনৰ নতুন উৎসাহ-উদ্দীপনাৰে আৰম্ভ হোৱা কাৰ্লভিৱাৰী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱেই ধাৰাবাহিকতা ৰক্ষা কৰি এই বছৰত ৩৯তম বৰ্ষত ভৰি দিলে।

‘দ্য লুমিনাছ লাইফ’

’’লুমিনাছ লাইভ’ ছবিৰ এটা দৃশ্য

এতিয়া আহোঁ ‘ক্ৰিষ্টেল গ্ল’ব’ শাখাৰ আন এখন স্মৰণীয় ছবি ‘দ্য লুমিনাছ লাইফ’ৰ কথালৈ৷ পর্টুগীজ চিত্ৰ পৰিচালক জোঁৱাও ৰ’ছাৰ অভিষেক-ছবি ‘দ্য লুমিনাছ লাইফ’ যেন বহু পৰিমানে ফৰাচী নৱ তৰংগৰ অন্যতম দুজন কুশীলৱ ফ্ৰাঁছোৱা ট্ৰুফু আৰু এৰিক ৰোমাৰৰ ছবিৰ দ্বাৰা প্ৰভাৱিত, য’ত তেওঁ ডেকা, প্ৰণয়কাতৰ যুৱক এজনৰ হা-হুতাশ আৰু দিশহাৰা অৱস্থাৰ ৰূপায়ণ কৰিছে একধৰণৰ পর্যবেক্ষণধর্মী নেৰেটিভেৰে৷ ছবিখনৰ আৰম্ভনীতে দেখা যায় প্ৰটাগনিষ্ট নিকলুৱে তেওঁৰ ভৰ যৌৱনতো মাক-দেউতাকৰ সৈতেই একেলগে আছে(পশ্চিমীয়া দেশত ই এক অস্বাভাৱিকতাই ) আৰু আনকি বছৰ চেৰেকৰ পূর্বে বিচ্চেদিত হোৱা প্ৰণয়নীৰ সৈতেও সম্পর্ক ৰক্ষা কৰি চলিছে৷ কিন্তু এইটোও ঠিক যে তেওঁ এতিয়া এক নতুন প্ৰেমিকাৰ সন্ধান সকাতৰে কৰিব ধৰিছে, আৰু তাতকৈও গুৰুত্বপূর্ণ কথা, তেওঁ এটা সংস্থান লাভৰ যোগেদি আত্মনির্ভৰশীল হ’বলৈ ব্যাকুল হৈ পৰিছে৷ কিন্তু এই নৈৰাশ্যজর্জৰ, বিষাদক্লিষ্ট জীৱনৰ মাজত নিকলুৱে যেন ক্ষণিক সান্ত্বনা লভে তেওঁৰসাংগীতিক বেণ্ডটোৰ পৰা, য’ত তেওঁ এজন দক্ষ বেচ গীতাৰিষ্ট, কিন্তু সেয়াযে মুঠেও অর্থকৰী নহয়৷ এজন পার্ফমাৰ হিচাপে পটু কিন্তু নিঠুৰ বাস্তৱত তেওঁ উপযুক্ত সংস্থান এটা যোগাৰত যেন ব্যর্থ হৈ ৰয়, আৰু জানোচা তেওঁৰ পূর্বৰ প্ৰেমিকায়ো নিকলুৰ লগ এৰাৰ কাৰণ, এই উপলব্ধি যে এওঁৰ লগত সংসাৰ তৰা নাযায়৷ দিশহাৰাৰ দৰে লিচবন মহানগৰত বন্ধু-বান্ধৱীৰ সৈতে তহলি ফুৰোতেই নিকলুৱে দুসপ্তাহৰ বাবে এটা অদ্ভূত চাকৰি পায়, আৰু তেওঁৰ কাম হয় ব্যস্ত পথ এটাৰ দাঁতিত থিয় হৈ দুচকীয়া বাহনবোৰ গন্তি কৰা৷

তাৰ দুদিনমানৰ পাছত পোৱা আন এটা চাকৰিমতে এইবাৰ নিকলুৰ কাম হয় ডাঙৰ ষ্টেচনাৰী দোকান এখনৰ মুখত থিয় হৈ চান্টা ক্ৰুজৰ দৰে সাজ পিন্ধি ক্ৰেতাক আকর্ষণ কৰা৷ এনেবোৰ অস্থায়ী কাম-কাজ কৰি দুপইচা অর্জন কৰাৰ মাজতো চহৰখনত অনাই-বনাই ঘূৰি ফুৰোঁতে দেখনিয়াৰ আৰু আকর্ষনীয় ব্যক্তিত্বৰ নিকলু বিভিন্ন নাৰীৰ সংগলৈ আহে যদিও নিজা নিজা কেৰিয়াৰ লৈ অধিক ব্যস্ত কোনোৱেই ঠিক যেন তেওঁক গম্ভীৰকৈ নলয়৷ কিন্তু তাৰ মাজতো লিচবনত কবৰস্থানৰ শৈল্পিক ৰূপক লৈ গৱেষণা কৰি থকা আৰু ‘আৰ্কিটেক্সাৰ অৱ চিমেটেৰী’ শীর্ষক গৱেষনা-পত্ৰ লিখি থকা ক্ল’ নামৰ এগৰাকী সৰৱৰহী যুৱতীৰ সস্পর্শলৈ আহে আৰু দুয়োৰে মাজত বেচ আন্তৰিকতাও গঢ় লয়৷ পৰিচালক ৰ’ছাই ঠিক এনে সময়তে কিছু খুহুতীয়া অনুষংগ আৰু সততেই গহীন ভাবে বিস্তাৰে নির্মাণ কৰা ছবিখন শেষ কৰে দর্শকলৈ বুলি কিছু প্ৰশ্ন এৰি৷ হয়তো ক্ল’ৰ সৈতে নিকলুৰ সম্পর্ক টিকিবও পাৰে বা পূর্বৰ ব্যর্থতাৰ পুনৰাবৃত্তিও হ’ব পাৰে বা এজন প্ৰকৃত শিল্পীৰ দৰেই খেয়ালী আৰু যাযাবৰী নিকলুৱে হয়তো ক’ৰবাত ভাল সংস্থান এটাও পাব পাৰে কিন্তু এই যে তেওঁৰ প্ৰকৃত অনুৰাগ সংগীত বা সেই বেণ্ডটোৰ মাজলৈ তেওঁ যে বাৰে বাৰে ঘূৰি যায়, সেইটোৱে তেওঁৰ প্ৰকৃত জীৱন কিয় হ’ব নোৱাৰে?  আধুনিক শ্বাসৰুদ্ধ বস্তুবাদী, পুঁজিবাদী, যান্ত্ৰিক সমাজত যে ক্ৰমে শিল্প-সংস্কৃতিৰ প্ৰতি মানুহৰ পূর্বাপৰ অনুৰাগ আৰু মর্যাদা নোহোৱা হৈছে তাৰ প্ৰতি পৰিচালকৰ খেদ ধ্বনিত হয় বহু বিক্ষিপ্ত সংলাপ আৰু মুহুর্তৰ মাজেদি আৰু ভবাৰ অৱকাশ আছে যে হয়তোবা ‘আর্কিটেক্সাৰ অৱ চিমেটেৰী’ও পৰিচালকৰ এক অন্তর্ভেদী ৰূপক!

প্ৰতিযোগিতামূলক শাখা ‘ক্ৰিষ্টেল গ্ল’ব’ৰ ছবিবোৰৰ উপৰিও মাজে মাজে দুই এখন আন শাখাৰ ছবি চোৱা যায়৷ তেনেদৰেই দ্বিতীয় মহাযুদ্ধৰ স্মৃতি-বিজড়িত এখন হৃদয়বিদাৰক‘ট্ৰেইনছ’ নামৰ তথ্যচত্ৰ চাইছিলোঁ৷ পোলেণ্ডৰ চিত্ৰ নির্মাতা মেচিজ জে ড্ৰাইগেছ নামৰ পৰিচালক এজনে কেৱল আর্কাভেল ফুটেজ সংগ্ৰহ আৰু সম্পাদনা কৰি নির্মাণ কৰি উলিওৱা ছবিখনত দ্বিতীয় মহাযুদ্ধৰ কালত ট্ৰেইন যোগে জার্মান সেনাই কৰা ভ্ৰমণ আদিৰ লগতে ইউৰোপৰ বিভিন্ন দেশত ইহুদী নিধন যজ্ঞৰ অংশস্বৰূপে ইহুদীসকলক গ্ৰেপ্তাৰ কৰি বন্দীশাল বা বলিশাললৈ প্ৰেৰণৰ অনেক ফুটেজ অতি মর্মস্পর্শীকৈ উন্মোচন কৰা হৈছে৷ ঠায়ে ঠায়ে পৰিয়াল একোটাক আটক কৰি পুৰুষ, মহিলা, শিশুসকলক পৃথক কৰি মৃত্যুৰ গন্তব্যলৈ প্ৰেৰণৰ দৃশ্যসমূহ,  তেওঁলোকক ঘেট্টোলৈ বা গেচ চেম্বাৰ থকা স্থানলৈ লৈ যোৱাৰ ফুটেজবোৰে বুকুখন গধুৰ কৰি চকুযুৰি যেন সেমেকাই তুলিব খোজে৷ ছবিখন উচিতভাৱেই নির্বাক কৰি ৰখা হৈছে কিন্তু কোৱা বাহুল্য কিন্তু অতি অন্তৰস্পর্শী আৰু ভাবোদ্দীপককৈ আৰু আনাতে ঠাইবিশেষৰ নিদাৰুণ দৃশ্যৰ অভিঘাতৰ তীব্ৰতা অন্তর্ভেদী কৰিবলৈ সমুচিতকৈ ৰচনা কৰা সংগীতে ছবিখনক এক পৃথক মাত্ৰা প্ৰদান কৰে৷ ছবিখনৰ সামৰণিলৈ হিটলাৰৰ নাজী বাহিনীক পৰাভূত কৰি বার্লিনত ৰুছ সেনাই টেংকেৰে সমদল কৰা, পুৰুষ-নাৰী-শিশুসকলেও ৰুছ বাহিনীক পুস্পবৃষ্টিৰে আদৰণি জনোৱা দৃশ্যাদিও অন্তর্ভূক্ত কৰা হৈছে৷ অৱশ্যে পৰিচালক ড্ৰাইগেচে সেইসমূহ ফুটেজ ইউক্ৰেইন যুদ্ধৰ প্ৰেক্ষিতত আদর্শগত কাৰণত ৰাছিয়ান আৰু বেলাৰুছিয়ান আর্কাইভৰপৰা সংগ্ৰহ কৰাৰ পৰিৱর্তে আমেৰিকাৰ আর্কাইভৰ পৰা লৈহে ব্যৱহাৰ কৰিছে৷

    তাৰকাৰ উক্তি-কটুক্তি আৰু ‘নাজীবাদী’ বার্গমেনৰ কথা

চলচ্চিত্ৰ মহোৎসৱসমূহত চলচ্চিত্ৰ প্ৰদর্শনৰ সৈতে অংগাংগীভাৱে জড়িত আন এটা দিশ হ’ল ছবি একোখনৰ সৈতে জড়িত প্ৰযোজক-পৰিচালকসকলৰ লগতে অভিনেতা-অভিনেত্ৰীসকল আৰু বিশেষকৈ তাৰকাসকলৰ উপস্থিতিয়ে চলচ্চিত্ৰ মহোৎসৱ একোখনৰ শোভা বর্দ্ধনেই নকৰে, দর্শক-অনুৰাগী আৰু সাংবাদিক-ফটোগ্ৰাফাৰৰ উথপথপে মহোৎসৱ একোখনক উৎসৱ-মুখৰো কৰি তোলে৷ এইবাৰৰ চলচ্চিত্ৰ মহোৎসৱৰ উদ্ধোধনী অনুষ্ঠানত মহোৎসৱ আয়োজক সমিতিৰ অধ্যক্ষৰ বিশেষ বঁটা লভা দুগৰাকী প্ৰখ্যাত অভিনয় শিল্পীয়েও একপ্ৰকাৰ চাঞ্চল্যৰে সৃষ্টি কৰিছিল৷ ইয়াৰ মাজৰে এগৰাকী আছিল লাক্সেমবার্গৰ প্ৰখ্যাত অভিনেত্ৰী ভিকি ক্ৰীপছ, যি আত্মজৈৱনিক ছবি ‘কৰচেজ’(Corsage)ত এগৰাকী বিদ্ৰোহিনী সম্ৰাজ্ঞিনীৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে ২০২২ চনত শ্ৰেষ্ঠা অভিনেত্ৰীৰ ইউৰোপীয় চলচ্চিত্ৰ বঁটা লভাৰ উপৰিও একে বছৰতে কান চলচ্চিত্ৰ মহোৎসৰ ‘আন চাৰ্টেইন ৰিগাৰ্ড’ শাখাতো একেখন ছবিত কৰা দুৰন্ত অভিনয়ৰ বাবে শ্ৰেষ্ঠা অভিনেত্ৰীৰ বঁটা লাভ কৰিছিল৷

মই ইতিপূর্বে ভিকি ক্ৰীপছে অভিনয় কৰা কোনো ছবি চোৱা নাছিলো যদিও মহোৎসৱৰ উদ্ধোধনী অনু্ঠানত তেওঁ অধ্যক্ষৰ বিশেষ বঁটা গ্ৰহণ কৰি দিয়া চমু ভাষণটোৱে মনত দাগ কাটি গৈছিল৷ কার্লভি ৱাৰী মহোৎসৱৰ সন্মানীয় বঁটাটোৰ প্ৰতি তেওঁৰ পৰম শ্ৰদ্ধা আছে বুলি মন্তব্য কৰি তেওঁলৈ বঁটাটো আগবঢ়োৱাৰ শলাগ লৈ ক্ৰীপছে কৈছিল, “মই চলচ্চিত্ৰ মহোৎসৱবোৰক ভাল পাওঁ৷ কাৰণ মই ভাবো, চলচ্চিত্ৰ একোখনে গুৰুত্বপূর্ণ বার্তা কঢ়িয়ায়, আৰু বিশেষকৈ ভাল ছবি একোখনে সেই বার্তাক কোনো পাছপর্ট অঅবিহনেই দেশ-দেশান্তৰৰ সীমা ভেদি লৈ যাব পাৰে৷ আমি সেয়ে চলচ্চিত্ৰ শিল্পক সুৰক্ষিত কৰি ৰাখিবই লাগিব, যাতে ই প্ৰেম, শান্তি আৰু বিশেষকৈ ক্ষমাৰ বাণী জগতজুৰি বিয়পাব পাৰে৷” উল্লেখ কৰা উচিত হ’ব যে ২০১৭ চনত ভিকি ক্ৰীপছে পল থমাছ এণ্ডাৰছনৰ ৰোমান্টিক ড্ৰামা ‘ফেণ্টম থ্ৰেড’ত অভিনয় কৰাৰ সুযোগ লভি তেওঁৰ অভিনয় দক্ষতা আটাইৰে দৃষ্টিগোচৰ কৰাৰ লগেলগে আন্তঃৰাষ্ট্ৰীয় খ্যাতি লাভ কৰিছিল। পৰৱৰ্তী বছৰত, ডেভিদ লেগাৰক্ৰাণ্টজৰ সফল উপন্যাস ‘দ্য গাৰ্ল ইন দ্য স্পাইডাৰছ ৱেব’ৰ চিনেমা অভিযোজনাতো তেওঁ এটা গুৰুত্বপূণৰ চৰিত্ৰত অভিনয় কৰিছিল৷ ইয়াৰ পাছত ক্ৰিপছে কেইবাটাও আকৰ্ষণীয় অভিনয়ৰ সুযোগ লাভ কৰিছিল, তাৰ মাজত তেওঁ ফৰাচী পৰিচালক মেথিউ আলমাৰিকৰ ‘হল্ড মি টাইট’ত কৰা অভিনয় চিজাৰ বঁটাৰ বাবে মনোনীত হৈছিল৷ পাছত তেওঁ মনোজ নাইট শ্যামালনৰ ৰহস্যমূলক থ্ৰীলাৰ ‘অ’ল্ড’ত মুখ্য চৰিত্ৰত অভিনয় কৰাৰ উপৰিও টিম ৰথৰ সৈতে মিয়া হানচেনৰ ‘বাৰ্গমেন আইলেণ্ড’ আৰু ডেনিয়েল ব্ৰুলৰ ‘নেক্সট ডুৱৰ’টো মূখ্য চৰিত্ৰত অভিনয় কৰিছিল৷ ‘নেক্সট ডুৱৰ’ ছবিখন যোৱা বছৰৰ কাৰ্লোভি ৱাৰী মহোৎসৱত দেখুওৱা হৈছিল।

হলিউদৰ প্ৰখ্যাত অভিনেতা জন পিটাৰ চার্ছগার্ড আছিল আনজন অভিনেতা যি এইবাৰৰ কার্লভি ৱাৰী চলচ্চিত্ৰ মহোৎসৱত অধ্যক্ষৰ বিশেষ বঁটা লাভ কৰিছিল৷ বঁটা গ্ৰহণ কৰি দিয়া চমু ভাষণত তেওঁ কৈছিল “চলচ্চিত্ৰ হৈছে এক সামূহিক প্ৰচেষ্টা, আৰু শিল্পৰ ক্ষেত্ৰতেহওঁক বা সুখৰ অন্বেষণত আমি আগবাঢ়ি যোৱাৰ যাত্ৰাতে হওঁক সন্মিলিতভাৱে আগবাঢ়ি যোৱাটোৱেই সমুচিত পথ৷” চেক গণৰাজ্যৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা এগৰাকী প্ৰখ্যাত লেখক ভাক্লাভ হাভেলৰ এটা উদ্ধৃতিৰ উল্লেখেৰে তেওঁ পুনৰ কৈছিল, “কোঠা এটা কেতিয়াও গৰম হ’ব নোৱাৰে যদি ইয়াৰ আধা অংশই শীতল হৈ থাকে৷” উল্লেখযোগ্য যে ‘ডেড মেন ৱাকিং’ৰ(১৯৯৫) জৰিয়তে চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰা চার্ছগার্ডে পাছত ‘দ্য মেন ইন দ্য আয়ৰন মাস্ক’(১৯৯৮), ‘বয়জ ডন্ট ক্ৰাই’(১৯৯৯) আৰু ‘দ্য চেণ্টাৰ অৱ দ্য ৱৰ্ল্ড’(২০০১) আদি ছবিত কৰা সুন্দৰ অভিনয়ৰ বাবে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল। ২০০৩ চনত ‘শ্বেটাৰ্ড গ্লাছ’ত চাৰ্লছ লেনৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ গ’ল্ডেন গ্ল’ব বঁটাৰ বাবে মনোনয়ন লাভ কৰিছিল আৰু ২০২৩ চনত ‘মেম’ৰী’ত ডিমেনচিয়া-আক্ৰান্ত ব্যক্তি এজনৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে ভেনিচ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেতাৰ ভলপি কাপ লাভ কৰিছিল।

মহোৎসৱৰ এটা অনুষ্ঠানত প্ৰখ্যাত চুইডিছ অভিনেতা ষ্টেলান স্কার্ছগার্ড

চাৰ্ছগাৰ্ড এ এম চি/নেটফ্লিক্সৰ অপৰাধমূলক ধাৰাবাহিক ‘দ্য কিলিং’(২০১৩) আৰু হুলুৰ মিনি-চিৰিজ ‘দ্য লুমিং টাৱাৰ’(২০১৮) আৰু ‘ড’পচিক’(২০২১)ৰ দৰে টেলিভিছন চৰিত্ৰৰ বাবেও জনাজাত৷ শেষৰখনত কৰা অভিনয়ৰ বাবে চার্ছগার্ডে প্ৰাইমটাইম এমি বঁটাৰ মনোনয়নো লাভ কৰিছিল। কোৱা বাহুল্য চাৰ্ছগাৰ্ড লণ্ডনৰ ব্ৰডৱে থিয়েটাৰৰো এজন নিয়মীয়া আৰু বহুল সমাদৃত জনপ্ৰিয় নাট-অভিনেতা৷

এইবাৰৰ মহোৎসৱত নিঃসন্দেহে চাঞ্চল্যৰ সৃষ্টি কৰিছিল হলীউদৰ প্ৰখ্যাত অস্কাৰ-বিজয়ী অভিনেতা মাইকেল ডগলাছে৷ চিত্তাকর্ষক কথা আছিল এই যে তেওঁ সমসাময়িক বা পূর্বৰ কোনো ছবিত কৰা অভিনয়ৰ বাবে এইবাৰৰ কার্লভি ৱাৰী চলচ্চিত্ৰ মহোৎসৱলৈ অহা নাছিল৷ বৰঞ্চ আহিছিল চেক গণৰাজ্যৰ প্ৰখ্যাত পৰিচালক সদ্যপ্ৰয়াত মিলোছ ফর্মেনৰ যাউতিযুগীয়া ছবি ‘ৱান ফ্লু অভাৰ কুকু’জ নেষ্ট’ ৰ অন্যতম প্ৰযোজক হিচাপেহে৷ জেক নিকলচনে অভিনয় কৰা আৰু পাঁচটাকৈ অকাদেমী বঁটা বিজয়ী ১৯৭৫ চনত নির্মিত মনস্তাত্ত্বিক কমেডি-ড্ৰামা ছবিখনৰ পুনৰুদ্ধাৰিকৃত  সংস্কৰণটো বিগত কান মহোৎসৱত প্ৰদর্শিত হোৱাৰ পাছত কার্লভি ৱাৰীতো প্ৰদর্শন কৰাৰ উপলক্ষ্যলৈহে তেওঁ আহিছিল ছবিখনৰ প্ৰদর্শনী মুকলি কৰিবলৈ৷

কার্লোভি ৱাৰীত দর্শক-অনুৰাগীৰ বিপুল সমাদৰ লভা মাইকেল ডগলাছে ছবিখন প্ৰদর্শনৰ পূর্বে গ্ৰেণ্ড প্ৰেক্ষাগৃহত দর্শকক সম্বোধি কৈছিল কেনেদৰে লেখক কেন কেছিৰ উপন্যাস এখনৰ আধাৰত ‘ৱান ফ্লু অভাৰ কুকু’জ নেষ্ট’ ছবিখন কৰিবলৈ লৈ তেওঁৰ পিতৃ হলীউডৰে প্ৰখ্যাত অভিনেতা কির্ক ডগলাছে কেইবাবাৰো কেইবাজনো পৰিচালক সৈতে কথা-বতৰা পাতি প্ৰায় হতাশ হৈ ছবিখনৰ স্বত্ব বিক্ৰী কৰিবলৈকে ওলাইছিল৷ “কিন্তু মই সেই কামত বাধা প্ৰধান কৰি নিজেই আন সহযোগীসকলৰ সৈতে গুণী পৰিচালকৰ সন্ধান কৰিছিলো আৰু শেষত মিলোছ ফ’ৰমেনক পাই স্বস্তিৰ নিশ্বাস এৰিছিলোঁ৷” কোৱা বাহুল্য যে ছবিখনৰ কাহিনীটো শুনি চিত্ৰনাট্যখন গ্ৰহন কৰাৰ পাছত ফ’ৰমেনে সূক্ষ্মভাৱে চিত্ৰনাট্যখন পৰীক্ষা কৰি প্ৰতিটো পৃষ্ঠা সম্পর্কে তেওঁৰ দৃষ্টিভংগী আৰু পৰিকল্পনাৰ কথা ব্যাখ্যা কৰিছিল। “আন পৰিচালকসকলৰ সৈতে কেইবাটাও অসফল কথোপকথনৰ পিছত, মোৰ সহযোগীসকলে মিলোছ ফর্মেনৰ বিতং ব্যাখ্যা-বর্ণনা শুনি আৰু বিশেষকৈ কাহিনীটো চলচ্চিত্ৰায়ানৰ বাবে কৰা প্ৰস্তুতিৰ বিষয়ে জানি আৰু  আমি অৱশেষত ইজনে সিজনক আলিংগন কৰিবলৈ সক্ষম হৈছিলো আৰু ক’বলৈ সক্ষম হৈছিলো যে  ‘অৱশেষত আমি সন্ধান কৰি থকা মানুহজনক বিচাৰি পাইছো৷’ ” ডগলাছে শেষত কৈছিল, “মোৰ পিতৃৰ পৰিৱর্তে মই এনেকৈয়ে ছবিখনৰ অন্যতম প্ৰযোজক হৈ পৰিছিলোঁ৷”

কিন্তু এইকেইজন ৰথী-মহাৰথীৰ উপৰিও কার্লভি ৱাৰি মহোৎসৱলৈ অহা আন এজন প্ৰসিদ্ধ অভিনেতা চুইডেনৰ ষ্টিলান স্কার্ছগার্ডেহে তেওঁৰ এটা বিতর্কিত মন্তব্যৰে এইবাৰ মহোৎসৱত খলকনিৰ সৃষ্টি কৰিছিল৷ ষ্টিলান জন স্কার্ছগার্ডে তেওঁৰ অভিনয় জীৱনত ভালেখিনি ছবি প্ৰখ্যাত ডেনিছ চলচ্চিত্ৰকাৰ লার্ছ ভন ট্ৰিয়েৰৰ কেইবাখনো ছবিত কৰা অভিনয়ৰ যোগেদিয়েই জগত-বিখ্যাত হৈ পৰে আৰু আমাৰো তেওঁৰ সৈতে পৰিচয় ট্ৰিয়েৰৰ ‘ব্ৰেকিং দ্য ৱেভছ’(১৯৯৬), ‘ডান্সাৰ ইন দ্য ডাৰ্ক’(২০০০), ‘ডগভিল’(২০০৩), ‘মেলাংকলিয়া’(২০১১), আৰু ‘নিম্ফ’মেনিয়াক’ (২০১৩ আদি ছবিত তেওঁ কৰা অভিনয়ৰ যোগেদিহে৷ তদুপৰি ‘দ্য আনবিয়াৰেবল লাইটনেছ অৱ বিং’(১৯৮৮), ‘দ্য হাণ্ট ফৰ ৰেড অক্টোবৰ’(১৯৯০), ‘গুড উইল হান্টিং’ ‘(১৯৯৭), ‘ৰনিন’(১৯৯৮), আৰু ‘কিং আৰ্থাৰ’(২০০৪) আদি কেইবাখনো গুৰুত্বপূর্ণ ছবিৰ যোগেদিও তেওঁ বিশ্বজোৰা খ্যাতি লভিছিল৷

উল্লেখযোগ্য যে এইবাৰৰ মহোৎসৱলৈ স্কার্ছগার্ডে তেওঁৰ নতুন ছবি তথা শেহতীয়া চলিত বছৰৰ কান মহোৎসৱত গ্ৰেণ্ড প্ৰাইজ বিজয়ী জোৱাছিম ট্ৰিয়েৰৰ ‘চেন্টিমেণ্টেল ভেলু’ৰ বাবে আহিছিল আৰু ছবিখন প্ৰদর্শনৰ পূর্বে তেৱোঁ এটা চমু ভাষণত প্ৰধানকৈ তেওঁৰ সহযোগী অভিনেতা-অভিনেত্ৰীসকলৰ প্ৰশংসা মনত লগাকৈ কৰি কৈছিল যে “ভাল অভিনয় হৈছে ভাল সমন্বয় আৰু সহযোগিতাৰ বিষয়। এই ক্ষেত্ৰত ইজন সিজনে পৰস্পৰৰ পৰিপূৰকৰ দৰে কাম কৰা উচিত৷ মোৰ সহ-তাৰকাসকলৰ  সুন্দৰ সহযোগিতা অবিহনে মই কেতিয়াও ছবিখনত সুন্দৰ অভিনয় কৰিব নোৱাৰিলোহেঁতেন৷” উল্লেখযোগ্য যে নিজৰ জীয়ৰীসকলৰ সৈতে ভংগুৰ সম্পৰ্ক পুনৰ গঢ়িবলৈ চেষ্টা কৰা এজন চলচ্চিত্ৰ নিৰ্মাতাৰ চৰিত্ৰত অপূর্ব অভিনয় কৰি কান মহোৎসৱত দর্শকৰ বিপুল অভিবাদন লভা স্কাৰ্ছগাৰ্ডে সঁচাকৈয়ে ছবিখনত অতি চমকপ্ৰদ অভিনয় কৰিছে৷কিন্তু এইবাৰৰ মহোৎসৱত স্কাৰ্ছগাৰ্ডে বিতর্কৰ ধুমুহাৰ সৃষ্টি কৰিছিল চুইডেনৰ কিংবদন্তি চলচ্চিত্ৰকাৰ ইংগমাৰ বার্গমানৰ বিষয়ে কৰা কেতবোৰ বিতর্কিত মন্তব্যৰেহে৷ ১৯৮৬ চনত চনত আগষ্ট ষ্ট্ৰিণ্ডবাৰ্গৰ ‘এ ড্ৰিম প্লে’ৰ মঞ্চ প্ৰযোজনাত বাৰ্গমেনৰ সৈতে সহযোগিতা কৰা স্কাৰ্ছগাৰ্ডে বাৰ্গমেনৰ ব্যক্তিত্ব ‘কঠিন’ বুলি অভিহিত কৰি তেওঁ এজন সাক্ষাৎকাৰীক পৰিচালকজনৰ সৈতে তেওঁৰ সম্পৰ্কক “জটিল” বুলিও বৰ্ণনা কৰিছিল। স্কাৰ্ছগাৰ্ডে তদুপৰি কৈছিল যে দ্বিতীয় মহাযুদ্ধৰ কালত বার্গমেন আছিল এজন উগ্ৰ নাজী সমর্থক আৰু মোৰ চিনাকী মানুহবোৰৰ ভিতৰত একমাত্ৰ তেৱেঁই আছিল একমাত্ৰ ব্যক্তি যি হিটলাৰৰ মৃত্যুৰ সময়ত কান্দিছিল৷” “তেওঁ এজন বৰ ভাল পৰিচালক আছিল, কিন্তু মানুহ হিচাপে তেওঁ ভাল(Nice) মানুহ নাছিল।” তেওঁৰ গুণৰ প্ৰশংসা কৰিও স্কাৰ্ছগাৰ্ডে কৈছিল, “তেওঁ manipulative আছিল আৰু কোনো কোনো মানুহৰ প্ৰতি তেওঁৰ এক অদ্ভুত দৃষ্টিভংগী আছিল, যিকলক তেওঁ নিজতকৈ নিম্ন স্থানৰ(প্ৰতিভাৰ ফালৰ পৰা!) বুলি ভাবিছিল৷”

কিন্তু স্কার্ছগার্ডে ইংগমাৰ বার্গমেন সম্পর্কে বিষোদগাৰ তেওঁৰ ব্যক্তিগত তিক্ততা-প্ৰসুত বুলি ভাবি ল’ব পাৰি যদিও বার্গমেনক নাজী বাহিনীৰ সমর্থক বা বার্গমেন হিটলাৰৰ প্ৰতি অনুৰক্ত আছিল বুলি কোৱা কথাত কোনো নতুনত্ব নাছিল৷ কাৰণ এই বিষয়ে বার্গমেনে নিজেই তেওঁৰ আত্মজীৱনী ‘দ্য মেজিক লেন্টার্ণ’ত অকপটে আৰু লুক-ঢাক নকৰাকৈ লিখি থৈ গৈছে৷ ‘দ্য মেজিক লেন্টার্ণ’ৰ ১২৩-১২৪ নং পৃষ্ঠাত বার্গমেনে লিখিছিল, “আমাৰ নিশাৰ কথোপকথনৰ সময়ত হানেছে মোৰ আগত এবিচিনিয়ান যুদ্ধৰ বিষয়ে বৰ্ণনা কৰিছিল, কৈছিল, মুছোলিনিয়ে অৱশেষত অন্ধকাৰত কঠোৰ পৰিশ্ৰম কৰা স্থানীয় লোকসকলৰ প্ৰতি মনোযোগ দিয়াটো কিমান যে গুৰুত্বপূৰ্ণ কথা আছিল, আৰু কেনেকৈ তেওঁ সেই মানুহখিনিক প্ৰাচীন ইটালীয় সংস্কৃতিৰ সুবিধা প্ৰদান কৰি আছিল। তেওঁ এইটো কথাও কৈছিল যে বহু দূৰৈৰ স্কাণ্ডিনেভিয়াত আমি বুজি পোৱা নাছিলো যে কেনেকৈ, পতনৰ পিছত ইহুদীসকলে জাৰ্মান জাতিৰ লোকসকলক শোষণ কৰিছিল। তেওঁ ব্যাখ্যা কৰিছিল যে কেনেকৈ জাৰ্মানীসকলে সাম্যবাদৰ বিৰুদ্ধে এক সুৰক্ষা স্তম্ভ সৃষ্টি কৰিছিল, আৰু কেনেকৈ ইহুদীসকলে ধাৰাবাহিকভাৱে এই সুৰক্ষা স্তম্ভটো ধ্বংস কৰিছিল, আৰু কেনেকৈ আমি সকলোৱে সেই ব্যক্তিজনক প্ৰেম কৰা উচিত যি আমাৰ উমৈহতীয়া নিয়তি নির্ণয় কৰিছে আৰু নিশ্চিতকৈ আমাক একে ইচ্ছা, একে শক্তিৰে বলীয়ান একেখিনি মানুহ হিচাপে একত্ৰিত কৰিছে।

মোৰ জন্মদিনত পৰিয়ালটোৱে মোক হিটলাৰৰ এখন ফটো উপহাৰ হিচাপে দিছিল। হানেছে এইটো মোৰ বিচনাৰ কাষত ওলোমাই ৰাখিছিল যাতে ‘মই সদায় মোৰ চকুৰ সন্মুখত মানুহজনক দেখি থাকোঁ’, যাতে মই হানেছ আৰু হাইদ পৰিয়ালে তেওঁক ভাল পোৱাৰ দৰেই ময়ো তেওঁক ভাল পাবলৈ শিকিব পাৰোঁ।

ময়ো তেওঁক ভাল পাইছিলোঁ। বহু বছৰ ধৰি মই হিটলাৰৰ পক্ষত আছিলো, তেওঁৰ সফলতাত মই আনন্দিত হৈছিলো আৰু তেওঁৰ পৰাজয়ত দুখিত হৈছিলো।

মোৰ ভাতৃ চুইডিছ ৰাষ্ট্ৰীয়-সমাজবাদী দলৰ অন্যতম প্ৰতিষ্ঠাপক আৰু সংগঠক আছিল, আৰু মোৰ পিতৃয়ে তেওঁলোকৰ হকে কেইবাবাৰো ভোটদান কৰিছিল। আমাৰ ইতিহাসৰ শিক্ষকে ‘প্ৰাচীন জাৰ্মানী’ৰ পূজা কৰিছিল, আমাৰ জিমনাষ্টিকৰ শিক্ষকে প্ৰতি গ্ৰীষ্মকালত বাভাৰিয়াত হোৱা নাজি বিষয়াৰ সভালৈ গৈছিল; ‘পাৰিছ’(A parish council)ৰ কিছুমান পেষ্টৰ আছিল ক্ৰিপ্টো-নাজি আৰু পৰিয়ালৰ ঘনিষ্ঠ বন্ধুসকলে ‘নতুন জাৰ্মানী’ ৰ প্ৰতি গভীৰ সহানুভূতি প্ৰকাশ কৰিছিল।

যেতিয়া কনচেনট্ৰেচন কেম্পৰ পৰা ওলাই পৰা প্ৰমাণবোৰে মোক প্ৰকৃততেই আঘাত কৰিলে, মই মোৰ চকুযুৰিৰে সেয়া কি দেখিছো সেয়া মোৰ মনটোৱে প্ৰথমতে মানি ল’বই পৰা নাছিল৷ আন বহুতৰ দৰে ময়ো কৈছিলো সেই ছবিবোৰ আছিল পূর্ব-পৰিকল্পিত অপপ্ৰচাৰৰ মিছা কথা৷ কিন্তু মোৰ প্ৰতিৰোধক যেতিয়া অৱশেষত সত্যই মষিমূৰ কৰি বিজয় সাব্যস্ত কৰিলে, মোক হতাশাই আগুৰি ধৰিলে, আৰু ইতিমধ্যে তীব্ৰ বোজা হৈ পৰা মোৰ আত্ম-গ্লানি সহ্যাতীত হৈ পৰিল৷ তাৰ বহু দিনৰ পাছলৈকে মই উপলব্ধি কৰা নাছিলো যে মই আচলতে (নাৎসিবাদৰ সৈতে) সংযুক্ত হোৱাৰ দোষতহে দোষী৷”

গতিকে বার্গমেনে নিজৰব এনে স্বীকাৰোক্তিৰ পাছত স্কাছর্গার্ডৰ দৰে শিল্পীয়ে তেওঁক নাজি বুলি দোহাৰি থকাৰ কোনো অর্থ বা তাৎপর্য নাই৷ এনে প্ৰেক্ষিতত শেষত সেয়ে ক’ব খোজোঁ যে এজন অভিনয় শিল্পী আৰু এজন পৰিচালকৰ মাজত কোনো কথা লৈ তিক্ততাৰ সৃষ্টি হ’ব পাৰে, বা পৰিচালক এজনেও অভিনয় শিল্পী এজনক কোনো কাৰণত পচন্দ নকৰিব পাৰে, কিন্তু সেই বাবেই পৰলোকগত এজন যশস্বী পৰিচালকৰ বিৰুদ্ধে কৰা এনে বিষোদগাৰে স্কাৰ্ছগাৰ্ডৰ দৰে অভিনেতাক কিবা মহত্ব দিয়াৰ পৰিৱর্তে তেওঁৰ সন্মান হানি কৰিব বুলিহে মই বিশ্বাস কৰোঁ৷

বিতুপন বৰবৰা

ফোন নং: ৯৪৩৫০১১৭৫৭

অন্যান্য

THE ESSENCE OF MANAGEMENT SYSTEM STANDARDS

The purpose of existence of any organization is to satisfy the requirements of its customers and stakeholders. Customers are anyone who receives product(s) and/or service(s). They accept product(s) and/or service(s) because they have need(s). The organization can…

From Muscat to Baku

From Muscat to Baku

Azerbaijan a country where mountains, desert and sea coexists having its borders with four countries and the sea. From cobblestone streets, fortress walls, Zoroastrian fire temples to Islamic architectures, from streets once passed by the Silk Road traders to the…