প্ৰশ্নবোধক চিনৰ কাৰাবাস

প্ৰকল্প ৰঞ্জন ভাগৱতী

হে অপৰিচিত,

আমি শুনাৰ পিছত

গীতবোৰ ক’লৈ যায় ?

আমি যাপন কৰাৰ পিছত

প্ৰেমৰ শব্দবোৰ ক’লৈ যায় ?

মমবাটিডাল গলি যোৱাৰ পিছত

তাৰ শিখাটো ক’লৈ যায় ?

তোমাৰ হাতেৰে তুলি লোৱাৰ পিছত

স্পৰ্শবোৰ ক’লৈ যায়?

নিৰ্বাপিত হোৱাৰ পিছত

বিজুলীবোৰ ক’লৈ যায়?

অৰণ্যত শাম কটাৰ পিছত

ধুমুহাবোৰ ক’লৈ যায়?

আৰু নুমাই যোৱাৰ পিছত

উল্কাবোৰ ক’লৈ যায়?

কোৱা মোক ক’লৈ যায়:

তাত তোমাৰ বাবে অপেক্ষা কৰিম, মোৰ প্ৰিয়তম ।গাদা অল-ছেমন এগৰাকী চিৰিয়ান মূলৰ কবি, সাংবাদিক, ঔপন্যাসিক আৰু প্ৰবন্ধকাৰ। ডামাস্কাছৰ এখন সৰু গাঁৱত জন্ম লাভ কৰা শ্ৰীমতী অল-ছেমন মধ্যপ্ৰাচ্যত নাৰীৰ অধিকাৰ সম্পৰ্কে এক সচেতন কণ্ঠ। কবিতাটো লোৱা হৈছে এন এন্থলজী অৱ মডাৰ্ন আৰবিক পোয়েট্ৰী ১৯৪৫-৮৪’ শীৰ্ষক সংকলনখনৰপৰা।)

মূল: গাদা আল-ছেমন

অনুবাদ: প্ৰকল্প ৰঞ্জন ভাগৱতী

ফোনঃ ৭০৮৬৪৮৩০০৯

অন্যান্য

মধ্যৰাত্ৰে বেণু বাজে: অনুপম জীৱন-কথা অথবা সামাজিক দাপোন

মধ্যৰাত্ৰে বেণু বাজে: অনুপম জীৱন-কথা অথবা সামাজিক দাপোন

গতানুগতিক, নিৰাপদ আৰু প্ৰচলিত জীৱন ধাৰণৰ বিপৰীতে প্ৰগতিশীল, দূৰদৰ্শী, প্ৰত্যাহ্বানমূলক আৰু সৰ্বদা উৎসৰ্গীকৃত জীৱনশৈলীৰে ভীৰৰ মাজত অনুপম আদৰ্শৰ চানেকি প্ৰতিষ্ঠা কৰা মানৱীয় চৰিত্ৰসমূহে, কেতিয়াবা জীৱন কালতেই অথবা কেতিয়াবা হয়তো মৃত্যুৰ পিছত হ’লেও, সমাজত চৰ্চিত-বন্দিত আৰু…

জ্যোতিস্মৰণ: এজন নাট্যকাৰ হিচাপে জ্যোতি প্ৰসাদ-মোৰ দৃষ্টিত -নাট্যকাৰ-নাট পৰিচালক অবিনাশ শৰ্মাই যেনেকৈ ক’লে

জ্যোতিস্মৰণ: এজন নাট্যকাৰ হিচাপে জ্যোতি প্ৰসাদ-মোৰ দৃষ্টিত -নাট্যকাৰ-নাট পৰিচালক অবিনাশ শৰ্মাই যেনেকৈ ক’লে

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৰাম বিজয় নাটকৰ বহুদিন বিৰতিৰ পিছত গুণাভিৰাম বৰুৱাৰ ৰাম নৱমী আৰু ৰুদ্ৰৰাম বৰদলৈৰ কানীয়া কীৰ্তনেই অসমৰ ন্যট্য জগতৰ দুখন প্ৰথম উল্লেখযোগ্য নাটক।গুণাভিৰাম বৰুৱাই কলিকতাত থাকিয়েই পঢ়-শুনা কৰিছিল। সেই সময়ত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে বংগীয়…