কিছুমান কাহিনীয়েই এনেকুৱা যে অকল নিজে তাৰ ৰসাস্বাদন কৰি সন্তুষ্ট থাকিব নোৱাৰি, তাৰ সোৱাদ আনৰ সৈতে ভগাই লোৱাৰ সুতীব্ৰ হেঁপাহ জাগে।
চীন দেশৰ তিনি কন্যাৰ কাহিনীও তেনেকুৱাই। সেই কাহিনী কেৱল তিনিটা জীৱনৰ সীমাত আৱদ্ধ নহয়; ই তিনিটা প্রজন্মৰ ইতিহাস, এটা শতিকা জুৰি চলা সমাজ-ৰাজনীতিৰ উত্তাল সময় আৰু সমগ্ৰ চীন দেশৰ মানসিক-সংস্কৃতিৰ এক বিস্তৃত দলিল। এই কাহিনীসমূহ একত্ৰিত হৈয়ে গঢ় লৈছে বিখ্যাত গ্ৰন্থ “Wild Swans: Three Daughters of China”। স্ৰষ্টা য়ুং চাং। অসমীয়া ভাষাত বাসন্তী লস্কৰে এই গ্ৰন্থখন “ৱাইল্ড ছোৱান্ছ : চীন দেশৰ তিনি কন্যা” নামেৰে সংক্ষিপ্তভাবে ভাবানুবাদ কৰিছে।
চীনৰ কমিউনিষ্ট বিপ্লৱ, সামাজিক পৰিৱর্তন আৰু নাৰীজীৱনৰ যাতনাময় ইতিহাসেৰে গঠিত এই গ্ৰন্থত পৰিব্যাপ্ত য়ুং চাঙৰ গভীৰ জীৱনবোধ আৰু সংবেদনশীলতাই পাঠকৰ মৰ্মত স্পৰ্শ কৰে। তেওঁৰ স্বচ্ছ দৃষ্টিভংগী আৰু নিমজ কথনশৈলীয়ে পাঠকৰ আগত এখন সুস্পষ্ট ছায়াছবি উন্মোচন কৰে। তাত বৰ্তমানৰ দৰেই জী উঠে অতীত।
দীৰ্ঘকাল ধৰি চীন দেশৰ নাৰীসকল অকথ্য নির্যাতন আৰু সামাজিক অৱহেলাৰ বলি হৈছিল। সেই সময়ত সমাজৰ মানসিকতা এনে আছিল যে নাৰীৰ জীৱন কেৱল দমন আৰু নিয়ন্ত্ৰণৰ মাজতেই সীমাবদ্ধ থাকিব লাগিব। নাৰীৰ অগ্রগতি পুৰুষতান্ত্রিক সমাজে সহ্য কৰিব নোৱাৰিছিল। আনকি বহু সময়ত ছোৱালী সন্তানৰ নামকৰণেই নহৈছিল। পুষ্টিকৰ আহাৰৰ পৰা বঞ্চিত হৈছিল ছোৱালী সন্তানবোৰ। সেই সময়ৰ এটা নিষ্ঠুৰ পৰম্পৰা আছিল “foot binding”—ছোৱালীৰ ভৰি সৰু কৰি ৰাখিবলৈ দীঘল কাপোৰেৰে টানি টানি বান্ধি ওপৰত শিল থৈ হেঁচি ৰখা হয়। এই প্ৰক্ৰিয়া বছৰ বছৰ ধৰি চলিছিল। অসহনীয় বিষত ছোৱালীবোৰ কান্দি কান্দি অচেতন হৈ পৰিলেও মাকসকলেও কঠোৰ হৃদয়েৰে সেয়া সহন কৰি গৈছিল; কাৰণ সমাজে বিশ্বাস কৰিছিল— ভৰিদুখন সৰু হ’লেহে ছোৱালী বিবাহযোগ্য আৰু স্বামীগৃহৰ বাবে উপযুক্ত। কেৱল সেয়াই নহয়; চীন দেশত বহু পুৰুষে কেইবাগৰাকী উপপত্নী বা ৰক্ষিতা ৰাখিছিল। সেইসকল নাৰীৰ জীৱনো অকল্পনীয়ভাৱে দুৰ্বিসহ আছিল।
য়ুং চাঙে নিজৰ পৰিয়ালৰ তিনিটা প্ৰজন্মৰ জীৱনৰ অভিজ্ঞতা— সেনানায়কৰ ৰক্ষিতা হ’বলৈ বাধ্য হোৱা আইতাক, কমিউনিষ্ট পাৰ্টিৰ সদস্যা মাক আৰু নিজৰ জীৱনৰ কাহিনী—এটা সূত্ৰত গাঁথি এক বিস্তৃত সময়ৰ কাহিনী পাঠকৰ বাবে তুলি ধৰিছে।
এই কাহিনীত কেৱল যন্ত্ৰণা বা কাৰুণ্যই নাই; আছে অদম্য সাহস, মানৱীয় অস্তিত্ব প্ৰতিষ্ঠাৰ সংগ্ৰাম,জীৱনৰ অৰ্থ অন্বেষণৰ দৃঢ়চেতা খোপনি আৰু প্রতিকূলতাৰ শৈলপ্ৰাচীৰ বগৰাই আগবাঢ়ি যোৱাৰ বলিষ্ঠ স্বপ্ন।
য়ুং চাঙৰ গভীৰ অনুভূতি আৰু মর্মস্পর্শী বর্ণনাশৈলী অসমীয়া ভাষাত ধৰি ৰাখিব পৰাটো অনুবাদকৰ উল্লেখযোগ্য কৃতিত্ব।
গ্ৰন্থখনত চীনৰ সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক পৰিৱেশো সুস্পষ্টভাৱে প্ৰতিফলিত হৈছে। ১৯২১ চনত মাও জে দঙৰ নেতৃত্বত আৰম্ভ হোৱা কমিউনিষ্ট আন্দোলনে চীনৰ ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰিছিল যদিও সমাজতন্ত্র প্রতিষ্ঠাৰ এই প্রচেষ্টাই লক্ষ লক্ষ মানুহৰ মৃত্যুৰ কাৰণ হৈছিল, দুর্ভিক্ষ, সন্ত্রাস আৰু অৰাজকতাৰ জন্ম দিছিল। চীনৰ ইতিহাসৰ এই বিতর্কিত আৰু অন্ধকাৰময় অধ্যায়ো য়ুং চাঙৰ কলমত নিনাদিত হৈছে।
প্রায় সাতশ পৃষ্ঠাজোৰা মূল গ্ৰন্থখন প্ৰকাশ পোৱাৰ পিছত চীনৰ চৰকাৰে ইয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল। কিন্তু সত্য আৰু সাহসৰ শক্তি কেতিয়াও সহজে ৰোধ কৰিব নোৱাৰি। কিতাপখনে সমগ্ৰ বিশ্বক আলোড়িত কৰিলে আৰু ইংলেণ্ডতো ই একাধিক সম্মান লাভ কৰিলে।
আচলতে য়ুং চাঙৰ নিজৰ জীৱনটোৱেই এক অনন্য সংগ্রামৰ কাহিনী। তেওঁৰ আইতাকক এজন সেনানায়কে ৰক্ষিতা হিচাপে লৈ গৈছিল যদিও বন্দী জীৱন সহ্য কৰিব নোৱাৰি এদিন তেওঁ জীয়েকক লৈ তাৰ পৰা পলাই আহিছিল। পিছত এজন চিকিৎসকৰ সৈতে তেওঁ নতুন জীৱন আৰম্ভ কৰে। চাঙৰ মাক-দেউতাক দুয়ো কমিউনিষ্ট আন্দোলনৰ সৈতে জড়িত আছিল। সেই কাৰণেই তেওঁলোকৰ জীৱন সংঘাতপূৰ্ণ আছিল। মাওৰ সাংস্কৃতিক বিপ্লৱৰ সময়ত চাঙৰ দেউতাকে প্ৰাণ হেৰুৱায়। এই সকলো প্রতিকূলতাৰ মাজেৰে আগুৱাই গৈ ১৯৭৮ চনত য়ুং চাং লণ্ডনলৈ যায় আৰু ইংৰাজী সাহিত্যত ডক্টৰেট ডিগ্ৰী লাভ কৰে। ইংলেণ্ডৰ বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট লাভ কৰা প্ৰথম চীনা মহিলা হিচাপে তেওঁ বিশেষ খ্যাতি অৰ্জন কৰে। এগৰাকী সাহসী আৰু শক্তিশালী লেখিকা হিচাপে পৰিচিত য়ুং চাঙে তেওঁৰ স্বামী, ইংৰাজ লেখক আৰু ইতিহাসবিদ জন হেলিডেৰ সৈতে বাৰ বছৰৰ গৱেষণাৰ অন্তত লিখি উলিয়ালে মাও জে দঙৰ জীৱনৰ অজ্ঞাত দিশসমূহ উন্মোচন কৰা এখন গ্ৰন্থ “Mao: The Unknown Story”—যাক ব্রিটিছ মিডিয়াই “বিস্ফোৰক গ্রন্থ” বুলি অভিহিত কৰিছিল। ঊনবিংশ শতিকাৰ চীনৰ সম্রাজ্ঞী চিজি(Cixi)ৰ জীৱনৰ ওপৰতো তেওঁ গৱেষণা কৰিছে। লণ্ডনৰ নটিংহাম গেটত বাস কৰিলেও য়ুং চাং তেওঁৰ ওপজাভূমিৰ শিপাৰ সৈতে অন্তৰেৰে সংপৃক্ত। চীনৰ শিল্পকলা আৰু হস্তশিল্পৰ নিদৰ্শনেৰে সজোৱা তেওঁৰ বাসভূমিয়েই সেই অনুৰাগৰ নীৰৱ সাক্ষী।
সৰুকালিতেই কলমটোক লৈ সপোন দেখা য়ুং চাঙৰ সাৱলীল আত্মকথনৰ মাজেৰে উন্মোচিত হোৱা এই সংগ্রামী কাহিনীৰ পঠনৰ অভিজ্ঞতায়ো আমাক কয় যে ধ্বংসস্তূপৰ মাজতো শিয়া মেলিব পৰাকৈ জীৱন ওজস্বী।
শৰ্মিষ্ঠা প্ৰীতম
ফোন নং:৮৬৩৮৫৯৩০৯৯


