বৰ দুখ লাগে ভোমোৰা

মূলঃ সুতপা চক্ৰবৰ্তী অনুঃ স্নেহাংকৰ

মোৰ দুখৰ কথা কোনেও নুশুনে
মানুহে হাঁহে পখীয়েও উত্তৰ নিদিয়ে

গছৰ ওচৰলৈ যাওঁ
চকুলো সিঁচি দিওঁ গছে মোক ছাঁ দিয়ে
সেউজ সেউজ পাত দিয়ে

মানুহে মোক ইতিকিং কৰে পাগল বোলে
গছে পিছে
আপোন বুলি ভাবে ফুলবোৰে সখী পাতে
বগলীও হয় সখা

তথাপিও ভোমোৰাই মোৰ বুকু দহে
চকু পানীত বুকু উটে
অকলশৰে ভাঁহে দেহা
লোতকত ওপঙে হিয়া

জোনে গিলি খায়
ময়ো গিলোঁ জোনক
চকুৰ ভিতৰত মণিয়ে হাঁহে বিকটকৈ হাঁহে
তথাপিচোন মাথোঁ ৰিঙা-ৰিঙা লাগে
উৰুঙা ভিতৰখন জয় পৰে

হেৰ’ ভোমোৰা হিয়াখন মোৰ তেনেই শূন্য

গোটে-পিতে একোজন মানুহো ফোপোলা দেখোঁ
ভৰুণ মানুহো জহি খহি যায়
ভৰুণ মানুহো জহি খহি যায়
বুকুজুৰি হুমুনিয়াহ উতলে

ভিতৰি বৰ দুখ লাগে অ’
বৰ দুখ লাগে

(সুতপা চক্ৰৱৰ্তী: এগৰাকী বিশিষ্ট বঙালী কবি। ২০২৪ চনত তেওঁৰ কাব্যসংকলন ‘দেৰাজে হলুদ ফুল, গতজন্ম‘-ৰ বাবে তেওঁ সাহিত্য অকাডেমি যুৱ পুৰস্কাৰেৰে সন্মানিত হয়। এই সন্মান লাভ কৰা তেওঁ অসমৰ প্ৰথমগৰাকী সাহিত্যিক, যিয়ে বঙালী ভাষাৰ সাহিত্য-সৃষ্টিৰ বাবে সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ অৰ্জন কৰিছে।)


ফোন: ৮৮২২৫১২৭৬১

অন্যান্য

কাৰ্যবাহী সম্পাদকৰ একাষাৰ

‘আসাম একাডেমি ফৰ কালচাৰেল ৰিলেশ্যনচ’ প্ৰতিষ্ঠাৰ অন্তৰালত থকা বহুতো কাৰণ আৰু প্ৰেৰণাৰ অন্যতম আছিল অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত আৰু সামগ্ৰিকভাৱে সকলো মানুহৰ মাজত ঐক্য আৰু সংহতিৰ ভাব জাগ্ৰত কৰা। সংস্কৃতি আৰু সাহিত্যৰ পথ অনুসৰণ কৰি ক্ৰমশ: ভাঙিবলৈ ধৰা সমাজখনক…

ভীমবৰ দেউৰী আৰু অসমৰ জাতীয় সমস্যাত এভুমুকি

ভীমবৰ দেউৰী আৰু অসমৰ জাতীয় সমস্যাত এভুমুকি

ভীমবৰ দেউৰীক অসমৰ আজিৰ প্ৰজন্মই নাজানে। ১৯০৩ চনৰ পৰা ১৯৪৭ চনলৈ মাথোঁ ৪৪টা বসন্তৰ নাতিদীৰ্ঘ তেওঁৰ জীৱনকালত তেওঁ লোৱা ভূমিকাই অসমীয়া জাতিৰ কলিজাক স্পৰ্শ কৰি গৈছিল। কিন্তু অসমীয়া মধ্যবিত্তৰ প্ৰভাৱশালী অংশই তেওঁক কোনোদিনে স্বীকৃতি দিব নেজানিলে। তেওঁৰ মৃত্যুৰ পিছত আঠটা…

বড়ো জাতীয় চেতনা জাগৰণৰ প্ৰথম স্তৰঃ এটি দৃষ্টিপাত

বড়ো জাতীয় চেতনা জাগৰণৰ প্ৰথম স্তৰঃ এটি দৃষ্টিপাত

বিংশ শতিকাৰ (১৯২০-২৯)ৰ দশকটোকেই সাধাৰণতে বড়ো চেতনা জাগৰণৰ প্ৰাৰম্ভ বুলি গণ্য কৰা হয় ৷ কাৰণ ঘটনাপূৰ্ণ এই দশকতেই বড়ো জাতিৰ ব্যাপক জাগৰণ প্ৰতিফলন কৰা বহুতো সুদূৰপ্ৰসাৰী ঐতিহাসিক মহত্ত্ব-ঘটনাৰ স্বাক্ষৰ আছে৷ বিভিন্ন লিখক-গৱেষকৰ, বিশেষকৈ বড়ো লিখক-গৱেষকৰ প্ৰয়াসত এই…