অস্থিৰতা – এক সামাজিক ব্যাধি

যোগবিদ হৰি প্ৰসাদ তালুকদাৰ

মানুহ স্বাভাৱিকতে শান্তিপ্ৰিয় জীৱ ৷ সেই শান্তি প্ৰিয় মানুহৰ সামাজিক ক্ষেত্ৰত এক অতি গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে ধৈৰ্য, স্থিৰতা আৰু চিন্তাশীলতা ৷ এই গুণবোৰে মানুহক জ্ঞানী অথবা মানবীয় গুণৰ অধিকাৰী কৰি তোলে আৰু সমাজ গঢ়াৰ শক্তি যোগায়, সেই শক্তিৰে জীৱনৰ সাফল্যৰ পথ দেখুৱাই নিজক  আগুৱাই লৈ যায় ৷ কিন্তু আজিৰ যান্ত্ৰিক যুগত মানুহৰ তেনে গুণবোৰ যেন ক্ৰমে হ্ৰাস পাবলৈ ধৰিছে ৷ যিখন  সমাজ মাত্ৰ কেই দশক আগলৈকে ধীৰ, স্থিৰ, শান্ত আৰু গুৰুগম্ভীৰ আছিল, সেই সমাজখনক যেন  আজি অস্থিৰতাৰ জালে আবৰি ধৰিছে ৷ আজিৰ মানুহৰ জীৱনটোক এক অজান ভাঙোনমুখী শক্তিয়ে এনে ধৰণে দৌৰাবলৈ ধৰিছে – যেন তৎক্ষণাত সকলো লাভ কৰিবই  লাগিব, ৰ’বলৈ বা অপেক্ষা কৰিবলৈ কৰোঁ হাতত সময় নাই ৷ কামটো কৰাৰ আগতেই ফলাফল লাগিব, দক্ষতাৰে কামটো কৰাতকৈ ফলাফলৰ পিছত দৌৰিহে মানুহ ভাগৰুৱা হোৱা দেখা গৈছে ৷ আনহাতে ফলাফল যদি ভবা ধৰণে নহয় তেতিয়া মানুহে অস্বাভাৱিক আচৰণ কৰে আৰু অস্থিৰ হৈ পৰে ৷ ফলত  অপেক্ষা আৰু সহনশীলতা  মূল্যহীন হৈ পৰে ৷ এই অৱস্থা কেৱল ব্যক্তিগত স্তৰত নহয়, সামগ্ৰিক ভাবে সমাজব্যৱস্থাতো এক ভয়ংকৰ আসক্তিৰ সামাজিক  ব্যাধি হৈ পৰিছে ৷
অস্থিৰতাৰ বৈজ্ঞানিক বিশ্লেষণ
‘অস্থিৰতা’ শব্দটোৱে মানসিক অৱস্থাৰ এটা নিৰ্দিষ্ট ৰূপক বুজায়৷ তলত উল্লেখ কৰা ধৰণে মনোবৈজ্ঞানিক সকলে এইকেইটা ধাপত বিশ্লেষণ কৰিছে –
১৷ উত্তেজনা আৰু স্নায়ুতন্ত্ৰৰ সক্ৰিয়তা – মানুহৰ মগজুৰ sympathetic nervous system (যি দেহক ‘fight or flight’ অৱস্থাত ৰাখে) অনিয়মিতভাৱে সক্ৰিয় হৈ পৰে ৷ ফলত মানুহৰ হৃদস্পন্দন বৃদ্ধি পায়, মন এটা নিৰ্দিষ্ট বিষয়ত কেন্দ্ৰীভূত হৈ থাকিব নোৱাৰে ৷
২৷ ড’পামিনৰ আধিক্য– আধুনিক বৈজ্ঞানিক গবেষণাৰ মতে, তৎক্ষণাত আনন্দৰ প্ৰৱণতা (instant gratification) ড’পামিন নামৰ ৰাসায়নিক পদাৰ্থৰ সৈতে জড়িত৷ মানুহে যেতিয়া দ্ৰুত ফলাফল পায়, তেতিয়া বেছিকৈ ড’পামিন নিঃসৰণ হয়, আৰু তাৰ ফলত সেই অনুভৱ পুনৰ পোৱাৰ লালসা বৃদ্ধি পায় ৷
৩৷ ধাৰাবাহিক চাপ আৰু উদ্বেগ– যেতিয়া অস্থিৰতা নিয়ন্ত্ৰণৰ বাহিৰলৈ যায়, মানুহ উদ্বেগত ভুগে, যি এক ধৰণৰ মানসিক অসামঞ্জস্য ৰূপত দেখা পোৱা যায় ৷
অস্থিৰতাৰ কাৰণসমূহঃ
অস্থিৰতা মাত্ৰ কোনো এটা কাৰণৰ ফল নহয়; ই এটা বহু-পৰ্যায়ৰ সমস্যা৷ কেইটামান মুখ্য কাৰণ হ’ল –

১. তথ্যৰ অতিপ্ৰবাহ (Information Overload) – সামাজিক মাধ্যম, সংবাদ মাধ্যম আৰু অনলাইন জগতৰ অতিৰিক্ত তথ্যৰ বন্যাই মগজুক স্থিৰতাহীন কৰি তোলে ৷
২. তৎক্ষণাত ফলাফলৰ সংস্কৃতি – টেকন’লজিয়ে সকলো কাম সহজ কৰি তুলিছে৷ ফলত মানুহে যিকোনো কামৰ ফল তৎক্ষণাত বিচাৰে৷
৩. প্ৰতিযোগিতামূলক সমাজ – প্ৰতিযোগিতাৰ চাপে মানুহে নিজৰ সাফল্যক আনৰ সৈতে তুলনা কৰি সদায় দৌৰিবলৈ বাধ্য হয়৷
৪. ধৈৰ্য্য শিক্ষাৰ অভাৱ – ঘৰৰ পৰা বিদ্যালয়লৈকে শিশুসকলক ধৈৰ্য্যৰ মূল্য বুজোৱা শিক্ষা কমকৈ দেখা পোৱা যায় ৷
৫. অস্বাস্থ্যকৰ জীৱনশৈলী – অনিদ্ৰা, অস্বাস্থ্যকৰ আহাৰ, ক্ৰিয়াহীনতা আদিয়ে মানসিক স্থিৰতা নষ্ট কৰে ৷

অস্থিৰতাৰ লক্ষণ

  • মানুহৰ জীৱনত অস্থিৰতা ভিন্ন ৰূপত  প্ৰকাশ পোৱা দেখা যায় ৷ কেইটামান সাধাৰণ লক্ষণ হ’ল –
  • একেটা কামত অধিক সময় মনোযোগ ৰাখিব নোৱাৰা ৷
  • যিকোনো সৰু বিলম্বত ক্ষুব্ধ বা বিৰক্ত হোৱা ৷
  • নিৰন্তৰ মন পৰিৱৰ্তন আৰু অনিশ্চয়তা ৷
  • চিন্তাশীল সিদ্ধান্ত লোৱাৰ অক্ষমতা ৷
  • শাৰীৰিকভাৱে অধৈৰ্য্য – মুখমণ্ডলৰ নমনীয়তা হ্ৰাস পোৱা ৷
  • খাদ্যাভ্যাসৰ পৰিবৰ্তন ৷
  • নিদ্ৰাহীনতা আৰু মানসিক অশান্তি ইত্যাদি ৷
  • অস্থিৰতাৰ ফলত হব পৰা  শাৰীৰিক আৰু মানসিক ক্ষতি…

অস্থিৰতাৰ প্ৰভাৱ কেৱল মানসিক স্তৰত সীমাবদ্ধ নহয়; ই দেহকো গভীৰভাৱে প্ৰভাৱিত কৰে ৷

শাৰীৰিক ক্ষতি –

এই সমস্যাৰ প্ৰভাৱত ৰক্তচাপ আৰু হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পোৱা দেখা যায় ৷ তাৰ লগতে অনিদ্ৰা আৰু ক্লান্তি , মূৰৰ বিষ, কষ্ঠোব্ধতাৰোগ, পাচনতন্ত্ৰৰ অসুবিধা, অনবৰতে কিবা নহয় কিবা দৈহিক সমস্যা, ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পোৱা দেখা যায় ৷
মানসিক ক্ষতি
অনিয়ন্ত্ৰিত ভাৱে বিষণ্ণতা আৰু উদ্বেগ বৃদ্ধি পোৱাৰ ফলত আত্মবিশ্বাস হ্ৰাস পায় আৰু যিকোনো সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা কমি যায়, স্মৃতিশক্তি আৰু ধৈৰ্য্য শক্তি কমি যোৱাৰ ফলত ই সামাজিক জীৱনতো প্ৰত্যক্ষ বা পৰোক্ষ ভাৱে  আঘাত কৰে ৷

পাৰিবাৰিক ক্ষেত্ৰত –
নিজৰ ঘৰখনৰ সদস্যসকলৰ মাজত সহনশীলতা কমে, বিভিন্নজনৰ লগত যোগাযোগ বা সম্পৰ্ক স্থাপনত ভাঙোন আহে, ফলত  পৰিয়ালৰ একতা হ্ৰাস পায়৷ সৰু সৰু কাৰণত বিবাদ সৃষ্টি হয় ৷
সামাজিক ক্ষেত্ৰত –
অস্থিৰতাত আক্ৰান্ত মানুহৰ মাজত সহানুভূতি, সহিষ্ণুতা আৰু সহযোগিতা কমে; ফলত সামাজিক ক্ষেত্ৰত সম্পৰ্ক বিঘ্নিত হয়৷ মানুহে আনৰ সমস্যা বুজিবলৈ বা অপেক্ষা কৰিবলৈ আগ্ৰহী নহয়৷ যাৰ ফলত  সমাজৰ ব্যৱধান বৃদ্ধি পায় আৰু এক অনিশ্চিত, আত্মকেন্দ্ৰিক সমাজ গঠিত হোৱাৰ বাবে অৰিহণা যোগায় ৷

অস্থিৰতা নিয়ন্ত্ৰণৰ উপায়…
অস্থিৰতাৰ পৰা মুক্তি অসম্ভৱ নহয় বা ই কোনো দুৰাৰোগ্য ৰোগ নহয় বা এই সমস্যৰ ফলত কোনো ব্যক্তিৰ তাৎক্ষণিক মৃত্যু নহয় ৷ ব্যক্তিগত প্ৰচেষ্টাৰ লগতে পৰিয়ালৰ সদস্যসকলে সচেতন পদক্ষেপ আৰু সুন্দৰ জীৱন শৈলী গ্ৰহণ কৰিলে মানুহে নিজৰ জীৱনত পুনৰ স্থিৰতা আনিব পাৰে৷ সৰু সৰু কামৰ সৈতে একাত্ম হোৱাৰ লগতে ৰাতি সোনকালে শুই পুৱা সোনকালে উঠি প্ৰাতঃভ্ৰমণ কৰাৰ লগতে তলত দিয়া ধৰণে যোগ অভ্যাস কৰিব ৷

১. ধ্যান আৰু যোগাভ্যাস – নিয়মিত ধ্যান, প্ৰাণায়াম আৰু যোগাভ্যাসে মনোযোগ, ধৈৰ্য্য আৰু স্থিৰতা বৃদ্ধি কৰে ৷ ফলত দৈহিক বিসংগতি দূৰ হয় আৰু মন মগজুত বিশ্ৰামৰ লগতে শান্তি অনুভৱ হয় আৰু লাহে লাহে সেই শান্তি গভীৰৰ পৰা গভীৰ হবলৈ ধৰে ৷

২. ডিজিটেল detoxification – প্ৰতিদিনে কিছুমান সময়ৰ বাবে সামাজিক মাধ্যম আৰু ডিভাইচৰ পৰা আঁতৰি থাকিব লাগিব ৷

৩. ধৈৰ্য্যৰ অভ্যাস – সৰু সৰু কামত নিজৰ মনক অপেক্ষা কৰিবলৈ প্ৰশিক্ষণ দিব লাগিব ৷

৪. নিয়মিত জীৱনপদ্ধতি – সময়মতে খোৱা, নিদ্ৰা যোৱা  আৰু ভাল ভাল কাম কৰাৰ অভ্যাস গঢ়ি তোলা ৷

৫. প্ৰকৃতিত সময় কাটোৱা – প্ৰকৃতিৰ সৈতে সম্পৰ্ক স্থাপন কৰা ৷ প্ৰকৃতিৰ সুন্দৰ পৰিৱেশে মন শান্ত আৰু ধীৰ স্থিৰ কৰি তোলে, গতিকে প্ৰতিদিনেই প্ৰকৃতিৰ সৈতে একাত্ম হোৱা ৷

৬. প্ৰয়োজনীয় চিন্তা আৰু পৰিকল্পনা – যিকোনো কাম আৰম্ভ কৰাৰ আগতে পৰিকল্পিতভাৱে পৰিয়াল বা বন্ধু বান্ধবৰ্গৰ সৈতে কথা পাতি ললে ফলাফল গ্ৰহণযোগ্য হয় ৷ এই অভ্যাসে লাহে লাহে মন মগজুৰ পৰা অস্থিৰতা হ্ৰাস দুৰ কৰাত সহায়ক হয় ৷

৭. ৰাতিপুৱা, দুপৰীয়া আৰু গধূলি আহাৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে গ্ৰহণ কৰাৰ অভ্যাস কৰিব৷ সেই সময়ত ভাল কথা বা দিনটোৰ কামৰ খতিয়ান পৰ্যালোচনা কৰা দৰকাৰ৷ ইয়াৰ ফলত মনৰ বোজা দূৰ হয় ৷

৮. ৰাতিপুৱা আৰু গধূলি অভ্যাসৰ বাবে এখন সহজ ‘যোগ’ তালিকা প্ৰস্তুত কৰি দিয়া হ’ল ৷

ৰাতিপুৱা…..

শুই উঠি মুখ ধুই দুগিলাছ পানী খাই ল’ব ৷  তাৰ পিছত মুকলি ঠাই বা ঘৰৰ ভিতৰ হ’লেও দুৱাৰ খিৰিকী খুলি ল’ব ৷ যাতে মুক্ত বতাহ চলাচল কৰে ৷

  • যিকোনো ধ্যান আসনত বহি অলপ সময় প্ৰাৰ্থনা কৰিব৷ তাৰ পিছত তলত উল্লেখ কৰা আসনসমূহ অভ্যাস কৰক ৷
  • পদ মুদ্ৰা ১০ বাৰ
  • হস্ত মুদ্ৰা ১০ বাৰ
  • তাদা আসন ১০ বাৰ
  • কটি চক্ৰাসন ১০ বাৰ
  • সূৰ্য নমস্কাৰ ৫ বাৰ
  • পৱন মুক্তাসন ৫ বাৰ
  • ভুজঙ্গাসন ৫ বাৰ
  • কপালভাটি ১২০ বাৰ
  • সহজ প্ৰাণায়ম দুই বা ৩ মিনিট
  • অনুলম বিলম ৫ মিনিট
  • ধ্যান ১০ মিনিট ৷

বিশেষ সাৰাংশ …..
অস্থিৰতা হৈছে আধুনিক যুগৰ অন্যতম গভীৰ সামাজিক ব্যাধি ৷ যি ব্যক্তি-জীৱনক লক্ষ্যহীন কৰি তোলে আৰু সমাজৰ গাঁথনিৰ গুৰি অৰ্থাৎ শিপা ডালত আঘাত কৰে ৷ ই এক ৰোগ, যাৰ চিকিৎসা বাহিৰৰ পৰা নহয়, ভিতৰৰ পৰা আৰম্ভ হয়৷ ধৈৰ্য, চিন্তাশক্তি, ধ্যান, নৈতিক শিক্ষা আৰু সহানুভূতিৰ মাধ্যমেৰে মানুহে এই অস্থিৰতাৰ পৰা মুক্তি লাভ কৰিব পাৰে ৷
আজিৰ সমাজখন আমি পুনৰ শান্ত, স্থিৰ আৰু প্ৰত্যেকেই মানৱীয় গুণৰ অধিকাৰী হবলৈ প্ৰতিজন ব্যক্তিয়ে নিজৰ জীৱনত অস্থিৰতাৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰিব লাগিব আৰু  ইয়াৰ বাবে মূলত আমাক লাগিব সৰল জীৱন যাপন ৷ সেই সৰলতাৰে অস্থিৰতাৰ বিৰুদ্ধে যুদ্ধত জয়ী হ’ব পাৰিব ৷ এনেকৈযে আমাৰ সমাজ পুনৰ এক সুস্থ, সুসংহত আৰু আনন্দময় সমাজলৈ আগবাঢ়িব ৷
মূল সাৰাংশ
অস্থিৰতা আমাৰ সময়ৰ এক নিঃশব্দ মহামাৰী ৷ ই যিমান বেছি আগবাঢ়িছে, সিমানেই সমাজৰ শান্তি আৰু বিকাশৰ বাট আগচি ধৰিছে ৷ এতিয়া সময় আহিছে – স্থিৰতাৰ শিক্ষালয়লৈ ঘূৰি যাবলৈ ৷ নহলে আপোনাৰ চকুৰ আগতেই এই ব্যাধিয়ে ছানি ধৰিব আমাৰ সমগ্ৰ পৃথিৱী ৷

যোগবিদ হৰিপ্ৰসাদ তালুকদাৰ
ফোনঃ  ৯৪৩৫৩ ৪৩২০২

অন্যান্য

THE ESSENCE OF MANAGEMENT SYSTEM STANDARDS

The purpose of existence of any organization is to satisfy the requirements of its customers and stakeholders. Customers are anyone who receives product(s) and/or service(s). They accept product(s) and/or service(s) because they have need(s). The organization can…

From Muscat to Baku

From Muscat to Baku

Azerbaijan a country where mountains, desert and sea coexists having its borders with four countries and the sea. From cobblestone streets, fortress walls, Zoroastrian fire temples to Islamic architectures, from streets once passed by the Silk Road traders to the…