by invisionwebtech@gmail.com | Feb 26, 2026 | অনুবাদ গল্প
কাহিলিপুৱা চাৰে চাৰিটা বজাত শেষবাৰৰ বাবে টহল দি গ’ল ৰাইডিং স্কোৱাডে৷ বুলেট মটৰচাইকেলৰ ভটৰ্ ভটৰ্ শব্দ৷ ইয়াৰ শব্দত হেৰাই গ’ল কাহিলিপুৱাৰ পখীৰ কিচিৰ-মিচিৰ কলৰৱ৷ কেইটামান কুকুৰৰ উজাগৰী ৰাতিৰ হেংঅভাৰ, ঘন কুঁৱলী, কাউৰীৰ ব্যস্ততা; এইবোৰ লৈয়েই ঘাইপথ আৰু অলিগলি নিজান৷ হাড়...